আম্বাপানীৰ বাসিন্দাই লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা ৰাজনৈতিক দলৰ প্ৰতিনিধিক আদৰিবলৈ ভালেই পাব। ঘৰতে খুন্দা গোমধানৰ ভাখৰি খুৱাব পালে, গছত ওলমি স্ফুৰ্তি কৰি ফুৰা ল’ৰাবোৰে চিঙি অনা মিঠা চাৰলি কেইটামান হাতত গুজি দিব পাৰিলে তেওঁলোকে বৰ সুখ পালেহেঁতেন।
কিন্তু কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়েই তেওঁলোকৰ চুবুৰীটো সাক্ষাৎ কৰিবলৈ অহা নাই, এটা-দুটা বছৰ নহয়, গোবৰ-মাটি লেপি কেঁচা ঘৰ বনোৱা দিন ধৰি, যোৱা পাঁচটা দশকত কোনোৱেই ইয়ালৈ অহা নাই। সাতপুৰা পাহাৰৰ শিলাময়, ওখোৰা-মোখোৰা এঢলীয়া ঠাইত অৱস্থিত চুবুৰীটো গাড়ী-ঘোঁৰা চলিবপৰা ৰাস্তাৰ পৰা ১৩ কিলোমিটাৰ ওপৰত, পাহাৰত।
আম্বাপানীৰ জনসংখ্যা ৮১৮ (২০১১ৰ লোকপিয়ল অনুসৰি)। তালৈ যাবপৰা কোনো ৰাস্তা নাই, বিদ্যুতৰ সুবিধা নাই, পানীৰ ব্যৱস্থা নাই, ম’বাইল ফোনৰ নেটৱৰ্ক নাই। সুলভ মূল্যৰ দোকান কিম্বা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ অথবা অংগনবাদী কেন্দ্ৰ একোৱেই নাই। তাত থকা ১২০ ঘৰ মানুহৰ বংশ মধ্যপ্ৰদেশৰ চাৰিৰ পৰা পাঁচোটা ফৈদৰ, তাৰপৰা খুব বেছি ৩০ কিলোমিটাৰ দূৰৰ।
ম’বাইল ফোনৰ নেটৱৰ্কে ঢুকি নোপোৱা ঠাইখনত টিভি নাই, স্মাৰ্টফোনো নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনোবাই মংগলসূত্ৰ চুৰ কৰাক লৈ কৰা সতৰ্কবাণীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছে সংবিধান ৰক্ষাৰ শ্লোগান, আনকি ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত হোৱা কোৰ্হালেও চুব পৰা নাই আম্বাপানীৰ ভোটাৰক।
“এটা ৰাস্তা,” নিৰ্বাচনৰ ভাল প্ৰতিশ্ৰুতি কি হ’ব পাৰে, তাকেই উংগ্যা গুৰ্জা পাৱাৰাই কৈছে। ৫৬ বৰ্ষীয় উংগ্যা চুবুৰীটোৰ আটাইতকৈ পুৰণি বাসিন্দা। এটা দশক আগতে তেওঁ কিছু টকা সঞ্চয় কৰি ঘৰৰ বাবে ষ্টীলৰ আলমাৰী এটা কিনিছিল। ৭৫ কিলোৰ সেই আলমাৰীটো চাৰিজন মানুহে কঢ়িয়াই আনিছিল, “ষ্টেটচ্চাৰৰ নিচিনাকৈ।”
খেতিৰ সামগ্ৰীখিনি তললৈ দুচকীয়াত বোজাই কৰি ১৩ কিলোমিটাৰ তললৈ এঢলীয়া বোকাময় ৰাস্তাৰে মহৰালে বজাৰলৈ লৈ যোৱা হয়। পাহাৰৰ কেঁকুৰিবোৰেৰে কেতিয়াবা পাহাৰ বগাব লাগে, কেতিয়াবা নামিব লাগে। ৰাস্তাত আকৌ অ’ত-তত পৰি থকা শিল, পাহাৰীয়া নিজৰা আছেই।
“আনহাতে ৰাস্তা হ’লে আকৌ অবৈধভাবে গছ-কাঠৰ বেপাৰ বঢ়াৰ কথাটোও চিন্তা কৰিব লাগিব,” উংগ্যাই হাঁহি মাৰি কয়।



















