বয়স চাগে ১০ বছৰৰ বেছি নহ’ব সিহঁতৰ। এজাজ, ইমৰান, য়াছিৰ আৰু ছামিমাহঁতে বছৰটোত কেইটামান মাহহে স্কুললৈ যোৱাৰ সুযোগ পায়। মাক-দেউতাকৰ সৈতে প্ৰব্ৰজন কৰিবলগীয়া হোৱাত সিহঁতে চাৰিমাহমানলৈকে স্কুলৰ চৌহদ নেদেখে। এনেকৈয়ে সিহঁত অংক, বিজ্ঞান আৰু সমাজ বিজ্ঞান, লগতে শব্দজ্ঞান আৰু লিখাৰ কৌশল আদিৰ আদিপাঠৰ পৰা বঞ্চিত হয় - বুনিয়াদী শিক্ষাৰ ভেঁটি গঢ়াত পিছ পৰি ৰয়।
সিহঁতৰ ১০ বছৰ হয় মানে গোটেই বিদ্যায়তনিক সময় মিলাই মুঠ এটা বছৰমানৰ শ্ৰেণী তেওঁলোকৰ খতি হয়। আনকি শ্ৰেণীকোঠাৰ প্ৰথমখন বেঞ্চত বহাজনৰ ক্ষেত্ৰতো এই ক্ষতি অপুৰণীয় হৈ পৰে।
কিন্তু এতিয়া আৰু তেনে নহয়। তেওঁলোকৰ লগত আজিকালি এজন ভ্ৰাম্যমাণ শিক্ষক আছে, নাম মহম্মদ আলী। এই ২৫ বছৰীয়া আলীয়ে কাশ্মীৰৰ লিড্ডেৰ উপত্যকাৰ খালান পৰ্বতত অস্থায়ী বসতি কৰা গুজ্জৰ সম্প্ৰদায়ৰ গোট এটাৰ লগত থাকে। পশুধনৰ বাবে চৰণীয়া পথাৰৰ সন্ধানত পৰ্বতৰ সেই অংশলৈ পশুধনসহ প্ৰব্ৰজন কৰা পৰিয়ালৰ কণ কণ ল’ৰা-ছোৱালীবোৰক জুনৰ পৰা ছেপ্টেম্বৰলৈ তেওঁ তাত থাকি এনেকৈ পাঠদান কৰা এতিয়া তিনিবছৰ হ’ল।
“মই চাগে ভাল শিক্ষক হ’ব পাৰিম,” লাজকুৰীয়া স্বভাৱৰ ছামিমা জানে তাইৰ আগত মেলি থোৱা চৰকাৰে দিয়া বহীখনত পুনৰ মনোনিৱেশ কৰাৰ আগেয়ে লাহেকৈ আমাক কয়। আলীয়ে কেতিয়াবা প্ৰয়োজনত ল’ৰা-ছোৱালীৰ কলম-বহীও নিজৰ পইচাৰে যোগান ধৰে।












