সুকুমাৰ বিশ্বাস কোনো সাধাৰণ নাৰিকল বিক্ৰেতা নহয়। সংগীতৰ প্ৰতি তেওঁৰ সাংঘাতিক ৰাপ আছে, পিয়াহত আতুৰ হৈ পৰা গ্ৰাহকৰ হাতত ডাবৰ পানী তুলি দিওতে তেওঁৰ সেই অনুৰাগী সুৰ কণ্ঠৰে নিগৰে। সেইকাৰণে তেওঁ কয়, “নোখোৱাকৈ থাকিব পাৰিম, কিন্তু নোগোৱাকৈ, ওহো, একেবাৰে নোৱাৰো।” শান্তিপুৰৰ লংকাপাৰা এলেকাত তেওঁক মানুহে ডাবদাদু (নাৰিকল ককা) বুলি জানে।
সত্তৰৰ দেওনা গৰকা মানুহজনে প্ৰথমে ডাব এটা আপোনালৈ ষ্ট্ৰ এডালৰ সৈতে আপোনালৈ আগবঢ়াই দিব, পি খোৱা হোৱাৰ পিছত তেওঁ নাৰিকলৰ ভিতৰৰ কোমল সাহখিনি আপোনাক এৰুৱাই দিব আৰু এই গোটেই সময়ছোৱাত তেওঁ লোকগীত গাই থাকিব। তেওঁ লাল ফকিৰ, শ্বাহ আব্দুল কৰিম, ভবা খ্যাপা আৰু আন বহুতৰ গান গাই মতলীয়া হৈ থাকে। তেওঁ এই গীতবোৰৰ মাজত জীৱনৰ অৰ্থ বিচাৰি পায় আৰু পাৰিৰ বাবে এটা গীত গাই শুনায়, “সত্য কি নিজে জানিলে, সেই সত্যৰ ওচৰ চাপিব পাৰি। সত্যৰ অন্বেষণ কৰিবলৈ হ’লে আমি প্ৰথমে নিজৰ অন্তৰত সততাক ঠাই দিব লাগিব। অসাধু এই মনটো সততাৰে ধুই পেলাব পাৰিলে আমি আনক ভাল পাব পাৰিম।”
তেওঁ ইখন ঠাইৰ পৰা সিখনলৈ তেওঁৰ তোলিখন (ট্ৰাইচাইকেলত জোৰা দি লোৱা এখন ভান) লৈ যোৱাৰ সময়তো তেওঁ গান গাই যায়। তেওঁৰ গীতেই তেওঁৰ উপস্থিতি জাহিৰ কৰে। মানুহে ডাবৰ পানী খাবলৈ পাব বুলি গম পাই যায়।
“কিছুমান মানুহ আকৌ নাৰিকল কিনিবলৈ নাহে, আহে গান শুনিবলৈ। তেওঁলোকে একো নিকিনে। বেছি বিক্ৰীৰ মই আশাও নকৰো। যিমানখিনি হয়, সিমানেৰেই মই সুখী,” গ্ৰাহকক ডাব নাৰিকল আগবঢ়াই দি থকাৰ সময়তে তেওঁ কয়।




