‘‘যেতিয়া মই প্ৰথমবাৰলৈ হাংগুল দেখিছিলো, মন্ত্ৰমুগ্ধ হৈ স্থানু হৈ পৰিছিলো’’, ছাবিৰ হুছেইনে তেওঁৰ প্ৰথম হাংগুল দৰ্শনৰ কাহিনী মনত পেলায়৷ তেওঁ সেই বিশেষ প্ৰজাতিৰ হৰিণা (চাৰ্ভাচ ইলাফাচ হাংগলু) এপলক চাবলৈ সেই স্থানলৈ বাৰে বাৰে গৈছিল৷ এই বিশেষ হৰিণাবিধ কাশ্মীৰত পোৱা যায় আৰু বৰ্তমানে গুৰুতৰভাৱে বিপন্ন প্ৰজাতিৰ সমূহৰ ভিতৰত নাম অন্তৰ্ভুক্ত হৈছে৷
ছাবিৰে কয় যে প্ৰায় ২০ বছৰৰ পিছতো ১৪১ বৰ্গ কিলোমিটাৰ এলেকাৰ এই উদ্যানখনত থকা জীৱ-জন্তু, চৰাই, গছ-গছনি আৰু ফুলৰ প্ৰতি তেওঁৰ আকৰ্ষণ অকণো হ্ৰাস হোৱা নাই৷ ‘‘সেয়া আছিল হাংগুল যিয়ে উদ্যানখনৰ প্ৰতি মোৰ হেঁপাহ তীব্ৰ কৰি তুলিছিল, অৱশ্যে হিমালয়ৰ ক’লা ভালুকেও মোক গভীৰভাৱে আকৰ্ষিত কৰিছিল৷’’
উদ্যানখনৰ ভিতৰত তেওঁক ‘এনচাইক্লোপেডিয়া অব্ দাছীগাম’ বুলি আখ্যা দিয়া হৈছে৷ ‘‘মই এই পৰ্যন্ত ৪০০তকৈও অধিক উদ্ভিদৰ প্ৰজাতি, ২০০তকৈও অধিক চৰাইৰ প্ৰজাতি আৰু অঞ্চলটোৰ প্ৰায় সকলো জন্তুৰ প্ৰজাতি চিনাক্ত কৰিছো’’, পাৰিৰ সন্মুখত তেওঁ এইদৰে উল্লেখ কৰে৷ উদ্যানখনত পোৱা অন্য বন্য জীৱজন্তুৰ ভিতৰত কস্তুৰী মৃগ, হিমালয়ৰ মুগা ভালুক, হিমবাঘ আৰু সোণালী ঈগলেই অন্যতম৷


বাঁওফালেঃ ছাবিৰে দাছীগাম ৰাষ্ট্ৰীয় উদ্যানৰ অটব্য অৰণ্যৰ ভিতৰলৈ এদল পৰ্যটকক বন্যপ্ৰাণী দৰ্শনৰ বাবে লৈ গৈছে৷ সোঁফালেঃ উদ্যানখনত পৰ্যটক


বাঁওফালেঃ দাছীগাম উদ্যানত অ’ক্ গছৰ তলত মাইকী হৰিণৰ এটা দল৷ সোঁফালেঃ মাৰ্ছৰ হ্ৰদৰ পৰা উদ্যানখনৰ মাজেৰে বৈ যোৱা দগৱন নদী, ই অৰণ্যখনৰ পানীৰ উৎসও
দাছীগাম ৰাষ্ট্ৰীয় উদ্যানত ছাবিৰে প্ৰকৃতিবিদ হিচাপে জীৱন আৰম্ভ কৰা নাছিল, প্ৰকৃততে তেওঁ উদ্যানখনত পৰ্যটকক বেটাৰীচালিত গাড়ীৰে উদ্যান দৰ্শনৰ কামহে কৰিছিল৷ সময় যোৱাৰ লগে উদ্যানখনৰ সন্দৰ্ভত তেওঁৰ অভিজ্ঞতাও বৃদ্ধি হ’ল, জ্ঞানো বাঢ়িল৷ তাৰ পিছত তেওঁ গাইড হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে৷ সেই তেতিয়াৰে পৰা তেওঁ থমকি ৰোৱা নাই৷ ২০০৬ চনত তেওঁ ৰাজ্যিক বন্যপ্ৰাণী বিভাগত কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰে৷
প্ৰথমে জাংস্কাৰ পৰ্বতমালাত হাংগুলৰ সংখ্যা বহুত আছিল। কিন্তু ২০০৯ চনৰ ভাৰতীয় বন্যপ্ৰাণী সংস্থাৰ প্ৰতিবেদন ত প্ৰকাশ পোৱা মতে হৰিণবিধৰ চিকাৰ, চোৰাং সৰবৰাহ আৰু প্ৰাকৃতিক কাৰণত ১৯৪৭ চনৰ আনুমানিক হিচাপ ২,০০০ৰ পৰা উদ্বেগজনকভাৱে হ্ৰাস পাই এতিয়া ১৭০-২০০ টাহে আছে৷ প্ৰতিবেদনত এই হৰিণবিধ দাছীগাম ৰাষ্ট্ৰীয় উদ্যান আৰু কাশ্মীৰ উপত্যকাৰ কিছু সংখ্যক অভয়াৰণ্যত পোৱা যায় বুলি উল্লেখ কৰা হৈছে৷
ছাবিৰ উদ্যানখনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৈত শ্ৰীনগৰৰ নিছাতত বাস কৰে৷ পিতৃ-মাতৃ, পত্নী- দুই পুত্ৰৰ সৈতে তেওঁৰ ছয়জনীয়া সংসাৰ৷ তেওঁ পুৱাৰ পৰা সন্ধিয়ালৈ উদ্যানখনতে থাকে আৰু পৰ্যটক তথা বন্যপ্ৰাণী প্ৰেমীসকলক সংগ দিয়ে৷ ‘‘যদি আপুনি দাছীগাম উদ্যান ভ্ৰমণ কৰিবলৈ বিচাৰিছে তেন্তে দিনৰ যিকোনো সময়তে আহিব পাৰে, কিন্তু যদিহে বন্যপ্ৰাণী চাবলৈ বিচাৰিছে, তেন্তে আপুনি হয়তো দোকমোকালিতে বা বেলি ডুবাৰ পিছতহে আহিব লাগিব,’’ পাৰিক তেওঁ এনেদৰে কয়৷

উদ্যানত এটা প্ৰাপ্তবয়স্ক মাইকী হৰিণা

নদীখনলৈ কাশ্মীৰি হাংগুল আহে

উদ্যানত হিমালয়ৰ ক’লা ভালুক দেখা গৈছে


বাঁওফালেঃ হিমালয়ৰ ধোঁৱাবৰণীয়া বান্দৰ৷ সোঁফালেঃ দাছীগাম ৰাষ্ট্ৰীয় উদ্যানৰ এডাল গছত এটা হালধীয়া ডিঙিৰ মাৰ্টেন (নোমাল ছালেৰে এবিধ সৰু স্তন্যপ্ৰাণী প্ৰাণী)

ছাবিৰে পৰ্যটকসকলক উদ্যানৰ চৰাইবোৰ দেখুৱাইছে


বাঁওফালেঃ এটা মাখিখোৱা (ইণ্ডিয়ান পেৰেডাইজ ফ্লাই কেচ্চাৰ)৷ সোঁফালেঃ এটা বালিমাহী চৰাই (গ্ৰে’ ৱেগটেইল)


সোঁফালেঃ লং টেইলড্ শ্ৰাইক (এৰাখাঁতী জাতীয় এবিধ চৰাই)৷ সোঁফালে- ভেৰিগেটেড লাফিং থ্ৰাছ (এজাতি সৰু গীত গোৱা চৰাই)
অনুবাদক: মনোৰঞ্জন মজুমদাৰ