চকুৰে যিমান দূৰলৈকে দেখে, তালৈকে ৰূপালী পেগুৱে কেৱল পানীয়েই দেখিছে। এইবছৰ বাঢ়নী পানী এতিয়াও কমা নাই। সোৱণশিৰি নদীখনৰ পৰা ৰূপালী পেগুৰ ঘৰ এক কিলোমিটাৰ মাত্ৰ। সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ এখন ঘাই উপনৈ। বিশাল ব্ৰহ্মপুত্ৰই বছৰি অসমৰ বিশাল অঞ্চল জলমগ্ন কৰি পেলায়।

সকলোতে পানী আছে যদিও খোৱাপানী বিচাৰি তেওঁলোকে হাবাথুৰি খাবলগীয়া হয়, তেওঁ কয়। অসমৰ লখিমপুৰ জিলাৰ বৰডুবি মালোৱাল নামে ৰূপালীৰ নিজ গাওঁখনৰ খোৱাপানী প্ৰদূষিত। “আমাৰ আৰু চুবুৰীয়া গাওঁবোৰৰ প্ৰায়ভাগ দমকলেই এতিয়া পানীৰ তলত,” ৰূপালীয়ে কয়।

ৰাস্তাৰ কাষৰ দমকলটোৰ পৰা পানী আনিবলৈ তেওঁ নাও এখন লৈ যায়। তিনিটা কলহ লৈ তেওঁ নাও চলাই ৰাস্তালৈ যায়। সেই ৰাস্তাটোও আংশিকভাৱে জলমগ্ন। বানৰ পানীৰে বুৰাই পেলোৱা গাওঁখনৰ মাজেৰে তেওঁ বাঁহৰ দীঘল বঠা এডাল লৈ ধীৰে ধীৰে আগবাঢ়িছে। “মণি, আহা!” ৰূপালীয়ে গেৰি মাৰি তেওঁৰ চুবুৰীয়া এগৰাকীক মাতিছে। তেওঁ প্ৰায়ে ৰূপালীৰ লগত যায়। লগৰীয়াজনীয়ে তেওঁক কলহত পানী ভৰোৱাত সহায় কৰে।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: ৰূপালীৰ ঘৰ বছৰি বানেধোৱা লখিমপুৰ জিলাত। সোঁফালে: গাঁৱৰ আন বাসিন্দাৰ দৰে তেওঁলোকো বানাক্ৰান্ত অঞ্চলত সাধাৰণতে নিৰ্মিত চাংঘৰত থাকে

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: ৰূপালীৰ গাওঁখন ব্ৰহ্মপুত্ৰৰ উপনৈ সোৱণশিৰিৰ নিচেই কাষত। গাওঁখন যেতিয়া বানৰ পানীয়ে বুৰাই পেলায়, তেতিয়া তেওঁ নাও এখনেৰে ইঠাইৰ পৰা সিঠাইলৈ যায়। সোঁফালে: পৰিষ্কাৰ পানীৰ আনিবলৈ তেওঁ নাও লৈ ৰাস্তাৰ কাষৰ দমকল এটালৈ বুলি ওলাইছে

দমকলটো অলপমান সময় চলোৱাৰ পিছত অৱশেষত পৰিষ্কাৰ পানী ওলাবলৈ ধৰিলে। “যোৱা তিনিদিন ধৰি বৰষুণ হোৱা নাই, সেয়ে আমি পানী আনিবলৈ যাব পাৰিছো,” ৰূপালীয়ে সেমেকা হাঁহি এটা মাৰি কয়। এনেকৈ পানী কঢ়িয়াই অনা কামটো পৰে মহিলাৰ ভাগত। এই কামৰ বোজা নদীখন ওফন্দি আহিলে বাঢ়ি যায়।

দমকলটোৱে নিৰাশ কৰিলে “আমি পানী উতলাই খাও,” ৩৬ বৰ্ষীয় ৰূপালীয়ে ঘৰটো আগুৰি থকা ঘোলা পানীলৈ আঙুলিয়াই কয়।

অঞ্চলটোৰ আন বাসিন্দাৰ দৰে ৰূপালীও বানাক্ৰান্ত অঞ্চলত পৰম্পৰাগতভাৱে নিৰ্মিত বান প্ৰতিৰোধী চাংঘৰত থাকে। স্থানীয়ভাৱে নিৰ্মিত এই ঘৰবোৰ খুঁটা দি মাটিৰ পৰা অলপ ওপৰত কাঠ-বাঁহ আদিৰে মজিয়া সাজি বনোৱা হয়। ওখ কৰি এইকাৰণেই বনোৱা হয় যাতে বাঢ়নী পানীয়ে ঘৰটোৰ মজিয়াখন ঢুকি নাপায়। ৰূপালীৰ ঘৰৰ বাৰান্দাখনত তেওঁৰ হাঁহকেইটাই পাখি জোকাৰিছে, পেকপেক কৰিছে।

নিত্যকৰ্ম কৰিবলৈকো নাওখন ৰূপালীৰ কামত আহে। শৌচাগাৰ এটা আগতে আছিল যদিও এতিয়া সিটোও পানীৰ তলত। “দূৰলৈ যাবলগীয়া হয়, নৈখনৰ ফালে,” ৰূপালীয়ে কয়। তালৈ যোৱা হয় পূৱে ধলফাঁট নৌদিওতেই।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: চাৰিওফালে পানী আছে, কিন্তু খোৱাপানী বিচাৰি সদায় হাবাথুৰি খাবলগীয়া অৱস্থা

কেৱল দৈনন্দিন জীৱনতে এনেকৈ বানপানীৰ প্ৰভাৱ নপৰে, অঞ্চলটোত বাস কৰা বৃহত্তৰ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ জীৱিকাও বানে ক্ষতিগ্ৰস্ত কৰি আহিছে। “আমাৰ ১২ বিঘা খেতিমাটি আছিল, তাত আমি ধানখেতি কৰিছিলো। কিন্তু এইবছৰ আমাৰ খেতিখন পানীৰ তলত, সকলো নষ্ট হৈ গ’ল,” ৰূপালীয়ে কয়। খেতিমাটিৰ এটা অংশ ইতিমধ্যে নদীখনে লৈ গ’ল। “বাঢ়নী পানী কমিলেহে গম পোৱা যাব, কিমান মাটি এইবাৰ নদীয়ে নিলে,” তেওঁ কয়।

অসমত অনুসূচিত জনজাতি হিচাপে সূচীবদ্ধ মিচিং সম্প্ৰদায়ৰ কৃষিয়েই পৰম্পৰগাত জীৱিকা। কিন্তু খেতিৰ পৰা নিৰাশ হৈ বহুতেই জীৱিকাৰ সন্ধানত বাহিৰলৈ ওলাই আহিছে। ২০২০ৰ এই অধ্যয়ন অনুযায়ী লখিমপুৰ জিলাৰ পৰা প্ৰব্ৰজনৰ হাৰ ২৯ শতাংশ, এয়া ৰাষ্ট্ৰীয় গঢ়তকৈ তিনিগুণৰো অধিক। ৰূপালীৰ গিৰীয়েক মানুচে হায়দৰাবাদলৈ প্ৰহৰীৰ কাম কৰিবলৈ গৈছে, ঘৰখনৰ লগতে এহাল ল’ৰা-ছোৱালীৰ দায়িত্ব দি গৈছে পত্নী ৰূপালীক। মানুচে মাহে ১৫,০০০ টকা পায় আৰু তাৰপৰা ঘৰলৈ ৮,০০০-১০,০০০ টকা পঠিয়ায়।

ৰূপালীয়ে কয় যে বছৰটোৰ ছমাহ তেওঁলোকৰ ঘৰ পানীৰ মাজতে থাকে, সেয়ে কাম পোৱাটো বৰ টান হৈ পৰে। “যোৱাবছৰ আমি চৰকাৰৰ পৰা কিছু সাহায্য পাইছিলো - তিৰ্পাল, ৰচদ-পাতি আদি। কিন্তু এইবছৰ একো পোৱা নাই। পইচা থাকিলে আমি এই ঠাই এৰি গ’লোহেঁতেন,” হুমুনিয়াহ কাঢ়ি ৰূপালীয়ে কয়।

অনুবাদ: পংকজ দাস

Ashwini Kumar Shukla

Ashwini Kumar Shukla is a freelance journalist based in Jharkhand and a graduate of the Indian Institute of Mass Communication (2018-2019), New Delhi. He is a PARI-MMF fellow for 2023.

Other stories by Ashwini Kumar Shukla
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das