‘‘এই আটাইবোৰ এডাল সূতাত আৰম্ভ হৈ এডাল সূতাত শেষ হয়’’, এটা শেতা হাঁহিৰে ৰেখা বেনে এইদৰে কয়৷ তেওঁ গুজৰাটৰ মোটা টিম্বলা গাঁৱৰ ঘৰটোত তাঁতশালত একক ইকাতেৰে পটোল বৈ আছে৷ ‘‘প্ৰথমে আমি ববিনত এডাল সূতা ভৰাও আৰু শেষত ৰঙীণ সূতা সেই ববিনটোত ভৰাও’’, পটোলা প্ৰস্তুতিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে ৰেখা বেনে এইদৰে বৰ্ণনা কৰে৷

ৰেখা বেন বাস কৰা সুৰেন্দ্ৰনগৰ জিলাৰ বনকৰবাসৰ বহু লোক এই প্ৰসিদ্ধ পটোলা খ্যাত ৰেচম শাড়ী প্ৰস্ততিৰ বিভিন্ন পৰ্যায়ৰ সৈতে জড়িত৷ কিন্তু ৪০ৰ দেওনা পাৰ কৰা ৰেখা বেন লিম্বড়ি তালুকাৰ একমাত্ৰ দলিত পটোলা শিপিনী যিয়ে একক আৰু দ্বৈত ইকাত পটোলা বব পাৰে৷ (পঢ়কঃ জাকি উঠে, জাকি নামে, ৰেখাবেনৰ জীৱনটোৰ দৰে )৷

সুৰেন্দ্ৰনগৰৰ পটোলাক ‘ঝালাৱাড়ি’ পটোলা বুলি জনা যায়৷ পটনত নিৰ্মিত পটোলাতকৈ ই সস্তা৷ একক ইকাত পটোলাৰ বাবে প্ৰসিদ্ধ জালৱাড়ৰ বনকৰ (শিপিনী)সকলে এতিয়া দ্বৈত ইকাতো নিৰ্মাণ কৰা আৰম্ভ কৰিছে৷ “একক ইকাত কৰিলে ডিজাইনটো কেৱল কাপোৰৰ পথালিফালৰ সূতাত থাকে। ডাবল ইকাতত আকৌ দীঘে-বাণিয়ে দুয়োফালে ডিজাইন থাকে,” দুই ধৰণৰ পটোলাৰ পাৰ্থক্য দৰ্শাই ৰেখা বেনে এইদৰে কয়।

এই ডিজাইনটো যথেষ্ট জটিল৷ ৰেখা বেনে পুনৰাই সমগ্ৰ প্ৰক্ৰিয়াটো বুজাবলৈ চেষ্টা কৰে৷ ‘‘এটা একক ইকাত পটোলাত ৩৫০০ দীঘ সূতা থাকে আৰু ১৩৭৫০ বাণি সূতা থাকে৷ আনহাতে দ্বৈত ইকাতত ২২২০ দীঘ সূতা থাকে আৰু ৯৮৭০ বাণি সূতা থাকে’’, মাকোত বাণি সূতাৰ সৈতে ববিনটো ভৰাই তেওঁ এইদৰে কয়৷

'It all begins with a single thread and ends with a single thread,' says Rekha Ben Vaghela, the only Dalit woman patola maker in Limbdi taluka of Gujarat. She is explaining the process that begins with the hank of silk yarn and finishes with the last thread going into the 252- inch long patola saree. Work involving over six months of labour
PHOTO • Umesh Solanki

এয়া এডাল সূতাত আৰম্ভ হৈ এডাল সূতাত শেষ হয় ’, গুজৰাটৰ লিম্বড়ি তালুকাৰ একমাত্ৰ দলিত পটোলা শিপিনী ৰেখা বেন বাঘেলাই এইদৰে কয়৷ ৰেচম সূতাৰে আৰম্ভ হোৱা কামটো ২৫২ ইঞ্চি দীঘল পটোলা শাড়ীত গৈ শেষ হোৱা পৰ্যায়সমূহৰ বিষয়ে তেওঁ বৰ্ণনা কৰে৷ এই বয়ন কৰ্মত প্ৰায় ছমাহৰ কঠোৰ পৰিশ্ৰমৰ আৱশ্যক হয়

ববিনৰ দৃশ্যই মোৰ চকুৰ সন্মুখত ৫৫ বৰ্ষীয় গংগা বেন পাৰমাৰৰ প্ৰতিচ্ছবি মনত পেলাইছে৷ “আমি প্ৰথমে এটা ডাঙৰ কাঠৰ স্পুলত সূতাৰ গছাটো লও আৰু তাৰ পিছত তাৰ পৰা যঁতৰৰ সহায়ত ববিনলৈ নিও৷ যঁতৰ অবিহনে ববিনত সূতা ভৰাব নোৱাৰি,” লিম্বড়িৰ ঘাঘৰেটিয়া গাঁৱত থকা ঘৰত বহি কাম কৰি থকা অৱস্থাত তেওঁ এইদৰে কয়৷

‘‘কি ভাবা আছে?’’ ৰেখা বেনৰ মাতত মই যেন পুনৰ বাস্তৱৰ পৃথিৱীখনলৈ ঘূৰি আহিলো৷ আমি আলোচনা কৰি আছিলো পটোলা সূতাৰ জটিল প্ৰক্ৰিয়াসমূহৰ কথা৷ ‘‘লিখা’’, মোৰ নোটবুকখনলৈ চাই তেওঁ মোক নিৰ্দেশ দিলে৷ কাপোৰ বোৱাৰ কাম কিছু সময়লৈ স্থগিত ৰাখি তেওঁ মোক সমগ্ৰ প্ৰক্ৰিয়াটো অনুধাৱন কৰাবলৈ প্ৰয়াস কৰিলে৷

মই প্ৰক্ৰিয়াবোৰ নোটবুকত লিখিলো, একুৰিমান পৰ্যায় য’ত বিভিন্ন শিপিনীৰ যথেষ্ট পৰিশ্ৰম অন্তৰ্ভুক্ত হৈ আছে৷ এই আটাইবোৰ প্ৰক্ৰিয়া ৰেচম সূতাৰ গছা এটাৰ পৰা আৰম্ভ হয় আৰু ছমাহৰ দীঘল পৰিশ্ৰম জোৰা ২৫২ ইঞ্চিৰ দীঘল পটোলা শাড়ীত সমাপ্ত হয়৷

‘‘এটা সামান্য ভুলে পটোলুখন নষ্ট কৰি পেলাব পাৰে’’, তেওঁ ধীৰে ধীৰে কয়৷

Fifty-five-year-old Gangaben Parmar of Ghaghretia village takes the silk thread from the hank onto a big wooden spool, and from there with the help of a spinning wheel she carries the thread onto a bobbin. 'I have been working for thirty years. I have some difficulty in vision these days. But if I sit here all day long I can wind 20 or 25 bobbins in a day'
PHOTO • Umesh Solanki

ঘাঘৰোটিয়া গাঁৱৰ ৫৫ বৰ্ষীয় গংগাবেন পাৰমাৰে এটা কাঠৰ স্পুলৰ পৰা সূতাৰ গছাটো উলিয়াই যঁতৰৰ সহায়ত ববিনত সূতা ভৰায়৷ মই ত্ৰিশ বছৰ ধৰি এই কাম কৰি আহিছো৷ চকুৰ সমস্যাইও দেখা দিছে৷ কিন্তু মই দিনটোত ২০ৰ পৰা ২৫টা ববিনৰ কাম সম্পূৰ্ণ কৰিব পাৰো

Gautam Bhai Vaghela of Mota Timbla stretches the yarn threads from the bobbins on the big wooden frame with pegs known as aada as a way to prepare the paati (the cluster of threads) for the next step
PHOTO • Umesh Solanki

মোটা টিম্বলাৰ গৌতম ভাই বাঘেলাই সূতাবোৰ ববিনৰ পৰা এডাল ডাঙৰ কাঠৰ মাৰিত মেৰিয়া ইয়াত আডা বুলি কোৱা হয়৷ ইয়াৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ৰ বাবে পাটি প্ৰস্তুত কৰা হয়

PHOTO • Umesh Solanki

ডিজাইনটো চিহ্নিত কৰাৰ পূৰ্বে উপযুক্ত ক্লাষ্টাৰ গঠন কৰিবলৈ ৰেচমৰ সূতাবোৰ আদাৰ ওপৰেৰে প্ৰসাৰিত কৰা হয়

PHOTO • Umesh Solanki

নানা টিম্বলা গাঁৱৰ ৩০ বছৰীয়া অশোক পাৰমাৰে পৃথক কৰা সূতাৰ ক্লাষ্টাৰবোৰ আন এটা ফ্ৰেমলৈ স্থানান্তৰ কৰে , সেইবোৰত প্ৰথমে কয়লাৰে চিন দিয়া হয় আৰু তাৰ পিছত কাগজত থকা ডিজাইন অনুসৰি বান্ধি দিয়া হয়

PHOTO • Umesh Solanki

কাটাৰিয়া গাঁৱৰ ৩৬ বছৰীয়া কিশোৰ মানজী ভাই গোহিলে ফ্ৰেমত সূতাখিনি ভৰাই গাঁঠি প্ৰস্তুত কৰিছে৷ ইয়াত ক্লাষ্টাৰ্ড ৰেচমৰ সূতাবোৰ কপাহৰ সূতাৰ সৈতে বন্ধা , পটোলা নিৰ্মাণত ব্যৱহ এক প্ৰতিৰোধ - ৰং পদ্ধতি অন্তৰ্ভুক্ত থাকে৷ গোট খোৱা ৰেচমৰ সূতাবোৰ কপাহৰ সূতাৰ সৈতে বান্ধি ৰখা , পাটোলা নিৰ্মাণত ব্যৱহৃত এক প্ৰতিৰোধ - ৰং পদ্ধতি৷ ৰং প্ৰক্ৰিয়াৰ সময়ত ৰং বোৰে যাতে বান্ধি থোৱা সূতাৰ অংশত প্ৰৱেশ নকৰে তাৰ বাবে বিশেষ গুৰুত্ব দিয়া হয়

PHOTO • Umesh Solanki

২৫ বৰ্ষীয় মহেন্দ্ৰ বাঘেলাই দ্বিতীয় পৰ্যায়ৰ ৰঙৰ বাবে পূৰ্বৰ ৰঙীন সূতাৰ বান্ধি থোৱা ক্লাষ্টাৰবোৰ কঢ়িয়ায়৷ ডিজাইন আৰু পটোলাত ব্যৱহৃত ৰঙৰ ওপৰত নিৰ্ভৰ কৰি পটোল নিৰ্মাণ প্ৰক্ৰিয়াত সূতাবোৰ ৰং কৰা , বন্ধা আৰু ৰং কৰাৰ প্ৰক্ৰিয়াবোৰৰ একাধিকবাৰ পুনৰাবৃত্তি কৰা হয়

PHOTO • Umesh Solanki

মহেন্দ্ৰ বাঘেলাই ইতিমধ্যে বান্ধি থোৱা আৰু কৰা সূতাখিনি হাইড্ৰ (ছডিয়াম হাইড্ৰ ছালফাইট) সৈতে মিহলি কৰা উতলা পানীত তিয়াই আছে৷ যেতিয়া পূৰ্বৰ ৰঙীন সূতাত নতুন ৰং প্ৰয়োগ কৰিব লগা হয় , হাইড্ৰ সৈতে উতলোৱা পানীত সূতাৰ ক্লাষ্টাৰবোৰ তিয়াই পূৰ্বৰ ৰংটো আঁতৰাব বা পাতল কৰিব লাগিব ,’ ৰেখা বেনে এইদৰে কয়

PHOTO • Umesh Solanki

ৰং প্ৰয়োগ কৰাৰ সময়ত আপুনি সাৱধান হোৱাটো আৱশ্যক যাতে ৰং গাঁঠিত প্ৰৱেশ নকৰে ,’ মহেন্দ্ৰ বাঘেলাই ৰঙৰ দ্বিতীয়টো প্ৰলেপৰ বাবে সূতাখিনি ষ্টিমি ঙৰ বাবে বাল্টিত ডুবাই এইদৰে বুজাই কয়। এজন অভিজ্ঞ কৰ্মীয়ে জানে যে গাঁঠিত ৰং কেতিয়া প্ৰৱেশ কৰে , কেতিয়া দ্ৰৱণটো লৰচৰ কৰিব লাগে , সূতাখিনি কিমান সময় পানীত তিয়াব লাগে ,’ তেওঁ এইদৰে কয়

PHOTO • Umesh Solanki

মহেন্দ্ৰই এতিয়া ৰঙীন সূতাখিনি ঠাণ্ডা পানীত তিয়াই ধুই দিয়ে পটোল একক ৰেচমৰ সূতাত বহু ৰং থাকে আৰু এই ৰংবোৰৰ বাবেই ডিজাইনটো দেখাত ধুনীয়া৷ ৰঙৰ সংমিশ্ৰণ অতিশয় গুৰুত্বপূৰ্ণ৷ চকুত পৰা ধৰণৰ লাগে ,’ শিপিনি বিক্ৰম ভাই পাৰমাৰে এইদৰে কয়

PHOTO • Umesh Solanki

ৰং কৰাৰ পিছত ৰঙীন সূতাখিনি পানীৰ পৰা উলিয়াই শুকুৱাই লোৱা হয়৷ কাটাৰিয়া গাঁৱৰ জগদীশ ৰঘু ভাই গোহিলে ৰং কৰা সূতাখিনি পুনৰ সৰু কাঠৰ ফ্ৰেম এটাত মেৰিয়াই লৈ কপাহৰ টুকুৰা বা গাঁঠিবোৰ আঁতৰাই পেলায়

PHOTO • Umesh Solanki

মোটা টিম্বলাৰ ৭৫ বৰ্ষীয় বালি বেন বাঘেলাই এটা সৰু বেজী ব্যৱহাৰ কৰি গাঁঠিবোৰ খোলে৷ আৰ্হিৰ জটিলতাৰ ওপৰত নিৰ্ভৰ কৰি একক পটোল প্ৰস্তুত কৰাৰ বাবে বন্ধা , ৰং দিয়া আৰু গাঁঠি খোলা প্ৰক্ৰিয়াসমূহ একাধিকবাৰ পুনৰাবৃত্তি কৰিব লাগে

PHOTO • Umesh Solanki

যছু বেন বাঘেলাই ডিজাইন সম্পূৰ্ণ হোৱা বাণি সূতাখিনি এটা কাঠৰ স্পুলত বয়

PHOTO • Umesh Solanki

কাটাৰিয়াৰ ৫৮ বৰ্ষীয় শান্তু বেন ৰঘু ভাই গোহিলে এটা ডাঙৰ কাঠৰ স্পুলত সাজু হৈ থকা বাণি সূতাখিনি মেৰিয়ায়

PHOTO • Umesh Solanki

কাটাৰিয়াৰ ৫৬ বৰ্ষীয় হীৰা বেন গোহিলে ববিনত সূতা ভৰোৱাৰ বাবে স্পুলৰ পৰা ৰঙীন সূতাখিনি লয়৷ পটোলা প্ৰস্তুত কৰোঁতে সাজু ববিনবোৰ মাকোত ভৰোৱা হয়

PHOTO • Umesh Solanki

মোটা টিম্বলাৰ শিপিনীসকলে সূতাখিনি ৰঙীন হোৱাৰ পিছত বাতি কাঢ়ে। দ্বৈত ইকাত পটোলাত দীঘ আৰু বাণি সূতা দুয়োটাই ৰঙীন আৰু তাত এটা ডিজাইন থাকে৷ সেয়েহে , সূতাখিনি আৰ্হিৰ সৈতে সাজু হোৱাৰ পিছত ইয়াক পথৰ সিপাৰে ৰখা দুটা মেৰুৰ মাজত প্ৰসাৰিত কৰা হয়

PHOTO • Umesh Solanki

মোটা টিম্বলাৰ শিপিনীসকলে প্ৰসাৰিত দীঘ সূতা শক্তিশালী কৰিবলৈ মা ড় দিয়ে

PHOTO • Umesh Solanki

মোটা টিম্বলাৰ বসৰাম ভাই সোলাংকিয়ে পুৰণি সূতাৰ মূৰত নতুন মাড়যুক্ত সূতাবোৰ সংযোগ কৰে৷ ৰেচমৰ সূতাবোৰ সংযোগ কৰিবলৈ ছাঁই ব্যৱহাৰ কৰা হয় ’, তেওঁ এইদৰে কয়

PHOTO • Umesh Solanki

পুঞ্জা ভাই বাঘেলাই ৰঙীন সূতাৰে ডাঙৰ বীমটো তাঁতশালত ৰাখি দীঘ সূতা লগায়

PHOTO • Umesh Solanki

৫০ বৰ্ষীয় প্ৰবীণ ভাই গোহিল আৰু ৪৫ বৰ্ষীয় প্ৰেমিলা বেন গোহিলে কাটাৰিয়া গাঁৱত একক ইকাত পটোলা বৈ আছে৷ কেৱল চেগুণ কাঠৰে প্ৰস্তুত একোখন তাঁতশালৰ মূল্য ৩৫ - ৪০ হাজাৰ টকালৈকে দাম আৰু প্ৰতি গৰাকী শিপিনীয়ে কিন্তু এই ব্যয় বহন কৰিব নোৱাৰে

PHOTO • Umesh Solanki

কাটাৰিয়াৰ দলিত সমাজত পটোলাৰ শিল্পকলাৰ পৰিচয় দাঙি ধৰা প্ৰাৰম্ভিক শিপিনিসকলৰ ভিতৰত অন্যতম দানা ভাই দুলেৰা

PHOTO • Umesh Solanki

অশোক বাঘেলাই একক ইকাত পটোলা বৈ আছে

PHOTO • Umesh Solanki

মোটা টিম্বলাৰ ভাৱেশ কুমাৰ সোলাংকিয়ে দ্বৈত ইকাত বৈ আছে

PHOTO • Umesh Solanki

দ্বৈত ইকাতত দীঘ আৰু বাণি দুয়োটাৰে এটা ডিজাইন থাকে , আনহাতে একক ইকাত পটোলাত কেৱল বাণিৰ সূতাৰ ডিজাইন থাকে

PHOTO • Umesh Solanki

জটিল দ্বৈত ইকাত বয়নৰ বাবে পৰিচিত পটোলা , হাতেৰে বোৱা ৰেচমৰ কাপোৰ সমগ্ৰ বিশ্বতে জনপ্ৰিয়


অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Umesh Solanki

Umesh Solanki is an Ahmedabad-based photographer, reporter, documentary filmmaker, novelist and poet. He has three published collections of poetry, one novel-in-verse, a novel and a collection of creative non-fiction to his credit.

Other stories by Umesh Solanki
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder