প্ৰায় ২৫ বছৰ ধৰি ছবি সাহাই কাগজৰ ঠোঙা সাজি আহিছে৷ ‘‘প্ৰথমে মই এখন ছুৰী-কটাৰীৰে কাগজখন তিনিভাগ কৰি লওঁ। ইয়াৰ পৰা ছটা ঠোঙা সাজিব পাৰি৷ তাৰপিছত মই ঘূৰণীয়াকৈ আঠা লগাও৷ আঠা লগোৱা হোৱাৰ পিছত কাগজখন বৰ্গাকৃতিত ভাঁজ কৰি আনটো ফালে আঠা লগাও৷ আৰু এনেদৰেই ঠোঙা এটা হৈ উঠে,’’ ছবি সাহাই ঠোঙা নিৰ্মাণৰ বিষয়ে এইদৰে কয়।
আদিত্যপুৰৰ বাসিন্দা এই ৭৫ বৰ্ষীয় বৃদ্ধাগৰাকীয়ে তেওঁৰ দুমহলীয়া কেঁচা ঘৰটোৰ বাৰাণ্ডাত সিঁচৰতি হৈ থকা এদ’ম পুৰণি বাতৰি কাকতৰ মাজত বহি নিজৰ কামৰ বৰ্ণনা দি যায়।
সেয়া ১৯৯৮ চনৰ কথা। তেওঁ যেতিয়া এই কাম আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ স্বামী আনন্দগোপাল সাহা জীৱিত আছিল৷ তেওঁৰ স্বামীয়ে গাঁৱৰ লোকসকলৰ গৰু-ছাগলী চৰাইছিল আৰু দিনে ৪০-৫০ টকা উপাৰ্জন কৰিছিল৷ শুঁড়ি সম্প্ৰদায়ৰ ছবি সাহাই কৈ যায়, ‘’অভাৱী আছিলো৷ সেয়ে স্বামীৰ উপাৰ্জনত সামান্য কিবা যোগ হওঁক বুলিয়ে এই কামটো আৰম্ভ কৰিছিলো৷’’
ওচৰ-চুবুৰীয়াৰ অব্যৱহৃত তথা পেলনীয়া বাতৰি কাকতবোৰ সংগ্ৰহ কৰি তেওঁ এই কাম আৰম্ভ কৰিছিল৷ ঘৰৰ কাষৰ গেলামালৰ দোকানৰ পৰা পোৱা কাগজৰ ঠোঙা চাই তেওঁ ঠোঙা সজাৰ কামটো নিজে শিকিছিল৷ ‘’ঠোঙা সজাৰ সামগ্ৰীখিনি সহজতেই পোৱা যায়, সেয়ে মই এই কামটো বাচি লৈছিলো আৰু এই কামটো মই ঘৰত বহিও কৰিব পাৰি, সিও এটা কাৰণ আছিল৷ প্ৰথম অৱস্থাত ঠোঙা সাজোতে সময় বেছি লাগিছিল৷ এটা ঠোঙা সাজিবলৈ মোক প্ৰায় ২৫ৰ পৰা ৩০ মিনিট সময় লাগিছিল,’’ ছবিয়ে কৈ যায়৷
‘‘মই এদিনত কেৱল এক কিলোহে [ঠোঙা] নিৰ্মাণ কৰিব পাৰিছিলো,’’ তেওঁ এইদৰে কয়।








