" চুৰু চুৰু মে এক নং বনানে মে আধি কল্লাক লগতি থী মেৰি ],’’ বুঢ়া আঙুলিটোৰে হাতৰ বাকী আঙুলিকেইটাৰ কটা অংশ চুই চুই চালনি তৈয়াৰ কৰাৰ অভিজ্ঞতাৰ বিষয়ে এইদৰে কৈ গৈছে মহম্মদ ভাইয়ে। কাম কৰোতে এতিয়াও তেওঁৰ আঙুলি কাটিব পাৰে, কিন্তু সময় আৰু অভিজ্ঞতাৰ বলত এতিয়া সেয়া সহজ হৈ পৰিছে। তেওঁ হিন্দীতে কথাবোৰ কৈ গৈছে যদিও সেই ভাষা কিছু সুকীয়া। গুজৰাটী শব্দ মিহলি এনে হিন্দী গুজৰাটৰ মুছলমানসকলৰ মাজত প্ৰচলিত। " এক মহিনা তকলিফ পড়ি মেৰে কো। অব এক নং পাঞ্চ মিনিট মে বন জাতা হে (আগতে বহুত কষ্ট হৈছিল। এখন চালনি বই শেষ কৰোতে এমাহ লাগি গৈছিল, আজিকালি পাঁচ মিনিটতে হৈ যায়),” হাঁহি মাৰি তেওঁ কয়।

আমি আহমেদাবাদৰ কুটৱি বিল্ডিঙৰ এটা ১০×১০ আকাৰৰ কোঠাত বহি আছো। ইয়াতেই ৪৩ বছৰীয়া মহম্মদ চাড়নাৱাড়া আৰু তেওঁৰ ৭৬ বছৰীয়া মাতৃ ৰুকৈয়া মজহুসেনি বাস কৰে। তেওঁলোকে আহমেদাবাদৰ কাৰুপুৰ ষ্টেচনৰ ওচৰত দাউদি ভোৰা ৰোজা নামৰ চালৰ দুমহলীয়া ভৱনটোত থকা ২৪ টা ঘৰৰ এটাত বাস কৰে, য'ত মুছলমান শ্ৰমিক শ্ৰেণী বাস কৰে। অত্যাধুনিক ৰেল ষ্টেচনটো পাৰ হ’লেই পোৱা যায় পুৰণি আহমেদাবাদ চহৰ।

হৰেক-ৰকমৰ খাদ্য সামগ্ৰীৰ দোকানেৰে ভৰি থকা অঞ্চলটোৰ ৰাস্তাবোৰেৰে কোলাহল, মাজে মাজে অশ্লীল গালি-গালাজ শুনি শুনি ধীৰ গতিৰ বাহনবোৰৰ কাষে কাষে আগবাঢ়ি গৈ থাকিলে আৰু একাধিক পথ-উপপথ পোৱা যায়। এটা পথ বেকাকৈ গৈছে, এটা গৈছে সোঁফালে, এটা বাওঁফালে, এটা গৈছে পোনে পোনে আৰু এটা আনটো পথত গৈ লগ লাগিছে। এই পথটোৰে গৈ থাকিলেই দাউদি ভোৰা ৰোজাৰ ভোৰা ট্ৰাষ্টৰ মালিকানাধীন, মুঠ ১১০ টা পৰিয়ালে বাস কৰা কুটৱি ভৱনটো পোৱা যায়।

সপ্তাহত তিনিদিন মহম্মদ ভাইয়ে ঠেলাগাড়ীখনৰ সৈতে খোজকাঢ়ি ইয়াৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত থকা চহৰখন ঘূৰি ফুৰে। তেওঁ পুৱা ছয় বজাত যাত্ৰা আৰম্ভ কৰে। মহম্মদৰ মাতৃ ৰুকৈয়াই নিজৰ স্বামীলৈ মনত পেলাই শাড়ীৰ আচলেৰে মুখ মচি মচি কয়, "দেউতাকে যে কি কি ঠাইলৈ যোৱা নাছিল। একেবাৰে সবৰমতী নদীৰ সিটো মূৰ পাইছিল। গোটেই দিনটো ঘূৰি ঘূৰি একেবাৰে নিশা ৯ -১০ বজাতহে ঘৰ সোমাইছিল।’’ ২০২৩ চনৰ ফেব্ৰুৱাৰীত তেওঁৰ স্বামী আব্বা মজহুসেনিৰ মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স আছিল ৭৯ বছৰ।

Mohamad Charnawala.
PHOTO • Umesh Solanki
His mother Ruqaiya Moiz Charnawala
PHOTO • Umesh Solanki

বাওঁফালে: মহম্মদ চাড়নাৱাড়া। সোঁফালে: তেওঁৰ মাক ৰুকৈয়া মজ চাড়নাৱাড়া

Left: Sieves and mesh to be placed in the sieves are all over his kitchen floor.
PHOTO • Umesh Solanki
Right: Mohamad bhai, checking his work
PHOTO • Umesh Solanki

বাওঁফালে: চালনি তৈয়াৰ কৰা সামগ্ৰীবোৰ তেওঁৰ পাকঘৰৰ মজিয়াত থোৱা আছে। সোঁফালে: কামত ব্যস্ত মহম্মদ ভাই

মহম্মদ ভাইয়ে এতিয়া যি কাৰুকাৰ্য জানে সেয়া সম্পূৰ্ণকৈ দেউতাকৰ পৰা শিকা নহয়। তেওঁ কয়, "এই কাম কৰিবলৈ মই সাহস কৰিছিলো আৰু সেয়া হৈ উঠিছিল। তেওঁ ঘৰত চালনি তৈয়াৰ কৰাৰ সময়ত মই চাই আছিলো। কিন্তু যেতিয়া তেওঁ জীয়াই আছিল, তেতিয়া মই এবাৰলৈয়ো এই কামত হাত দিয়া নাছিলো। মই ভাবো, মই চাই চাই শিকি গৈছিলো।’’ তেওঁৰ দেউতাকে মোমায়েকৰ চাহৰ দোকানত কাম কৰিছিল, কিন্তু কিবা কথাক লৈ কাজিয়া হোৱাত চালনি বোৱা কামত হাত দিছিল। "১৯৭৪ চনৰে পৰা যেতিয়া আমি সৰছপুৰলৈ গৈছিলো তেতিয়াৰে পৰা দেউতাই ঠেলাগাড়ী লৈ কামলৈ ওলাই গৈছিল আৰু জীয়াই থকালৈকে তাকেই কৰি গৈছিল," পুৰণি দিনবোৰ সুঁৱৰি মহম্মদ ভাইয়ে কয়।

এই কাম আৰম্ভ কৰা মহম্মদ ভাইৰ বেছিদিন হোৱা নাই। দেউতাকৰ মৃত্যুৰ পাঁচ মাহৰ পিছৰে পৰা তেওঁ এই কামত হাত দিয়ে। সপ্তাহত তিনিদিন তেওঁ এই কামটো কৰে। তেওঁ কয়, "আন দিনবোৰত মই ডাঙৰ কাৰখানাত ব্যৱহৃত ডিজেল, পেট্ৰ'ল, গেছৰ ভাল্ভত ৰং দিয়া কাম কৰো। মই পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭.৩০ বজালৈ কাম কৰো আৰু তাৰ মাজতে খাবলৈ আধা ঘণ্টা পাও। এই কামটোত মই দিনে ৪০০ টকা পাওঁ।’’ চালনি মেৰামতিৰ কামৰ পৰা বেছি টকা নোপোৱাৰ কথা উল্লেখ কৰি তেওঁ আৰু কয়, "কেতিয়াবা ১০০ টকা পাও, কেতিয়াবা ৫০০ টকা, কেতিয়াবা আকৌ এটকাও নাপাও। মুঠতে একো ঠিক নাই।"

তেন্তে সপ্তাহটোৰ আটাইকেইদিনেই তেওঁ ভাল্ভত ৰং দিয়াৰ কামটো কিয় নকৰেনো?

''ব্যৱসায় কৰি থাকিলে লাভ হোৱাৰ আশা কৰিব পাৰি। আনহাতে চাকৰি হৈছে পুৱা কামলৈ ওলাই গৈ সন্ধিয়ালৈ ঘৰলৈ উভতি অহা।’’ একে সময়তে তেওঁৰ কথাত শুনা গৈছে হতাশা আৰু আশা উভয়ৰে সুৰ।

"মই সপ্তম শ্ৰেণীলৈকে পঢ়িছিলো। অষ্টম শ্ৰেণীত নামভৰ্তি কৰিছিলো যদিও তেতিয়াই সাম্প্ৰদায়িক সংঘৰ্ষ সূত্ৰপাত হৈছিল। তাৰপিছত আৰু স্কুললৈ যোৱা নহ’ল। তেতিয়াৰ পৰা কাম কৰিবলৈ ল’লো। এখন দোকানত ষ্টোভ মেৰামতি কৰি দিনে ৫ টকাকৈ পাইছিলো। পিছলৈ কেৰাচিনৰ পাম্পো তৈয়াৰ কৰিছিলো আৰু লোহা জালাইৰ কামো কৰিছিলো। মুঠতে বহুত কিবাকিবিয়েই কৰিছো," তেওঁ কয়। চালনি মেৰামতি আৰু নিজে বয় উলিওৱা হৈছে তেওঁৰ শেহতীয়া কাম।

আহমেদাবাদ আৰু বাকী চহৰত বহুতো চালনী মেৰামতি কৰা লোক আছে। কিন্তু মহম্মদ ভাইৰ দৰে, কোনেও ঘৰে ঘৰে গৈ মেৰামতি নকৰে। "প্ৰথমে কেৱল মোৰ দেউতাই এইটো কৰিছিল, আৰু এতিয়া মই কৰিছো। মই নাজানো মেৰামতি কৰিবলৈ আন কোনোৱে এনেকৈ ঠেলা ঠেলি ঠেলি ঘূৰি ফুৰে নে নুফুৰে। মই তেনেকুৱা কাৰো বিষয়ে শুনা নাই। মই কাকো দেখাও নাই। এনেকৈ ঘূৰি ফুৰা ময়েই একমাত্ৰ," তেওঁ কয়।

তেওঁৰ ঠেলাগাড়ীখনত আছে বিভিন্ন আকাৰৰ লোৰ জালৰ নুৰা, পুৰণি চালনি, বটালি, বিশেষ গজাল, এপাত প্লাছ, ডাঙৰ কেঁচি, কেইটামান হাতুৰী, আৰু প্ৰায় তিনি ফুট দীঘল ৰেললাইনৰ টুকুৰা। কেতিয়াবা কুৰ্তা-পায়জামা, কেতিয়াবা পেণ্ট-চাৰ্ট আৰু জোতা পিন্ধি, মুখ মচিবলৈ কান্ধত টাৱেল এখন ওলমাই লৈ, তেওঁ তেওঁৰ ১০০ কিলোগ্ৰাম ওজনৰ ঠেলাগাড়ীখন ঠেলি চহৰৰ গলিবোৰৰ মাজে মাজে ঘূৰি ফুৰে।

Mohamad bhai pushing his repairing cart through lanes in Saraspur
PHOTO • Umesh Solanki
Mohamad bhai pushing his repairing cart through lanes in Saraspur
PHOTO • Umesh Solanki

মহম্মদ ভাইয়ে তেওঁৰ ঠেলাগাড়ীখন লৈ সৰছপুৰৰ মাজেৰে আগবাঢ়িছে

এখন চালনি তৈয়াৰ কৰা মানেই একাধিকবাৰ বজাৰলৈ আহ-যাহ কৰিবলগীয়া হোৱা। মহম্মদ ভাইয়ে প্ৰথমে বজাৰৰ পৰা টিনৰ শ্বীট ক্ৰয় কৰাৰ পিছত প্ৰয়োজনীয় দৈৰ্ঘ্য আৰু প্ৰস্থ অনুসৰি সেইবোৰ কাটে। তাৰ পিছত কাটি লোৱা শ্বীটবোৰ ভাজ দিবলৈ বজাৰত থকা এটা 'প্ৰেছ'লৈ লৈ যায় আৰু ঘূৰণীয়াকৈ মেৰিয়াব পৰা টুকুৰা প্ৰস্তুত হৈ উঠে। তেওঁ যাক 'প্ৰেছ' বুলি কয় সেয়া হৈছে এখন সৰু দোকান, য'ত লোৰ শ্বীটবোৰ কটা হয় আৰু প্ৰয়োজন মতে ভাজ আদি দিয়া হয়।

ঘৰত তেওঁ সেই জোখমতে কাটি লোৱা লোৰ বাৰ দুটা বিশেষ গজালেৰে সংযোগ কৰে আৰু পুনৰ বজাৰলৈ যায়। এইবাৰ তেওঁ "কৌৰ-কন্দৰু" কামৰ বাবে যাবলগীয়া হয়। এয়া হৈছে এক প্ৰক্ৰিয়া য'ত তেওঁলোকে চালনি তৈয়াৰৰ বাবে প্ৰয়োজনীয় ফ্ৰেম বা আৰ্হি প্ৰস্তুত কৰে। ঘৰলৈ উভতি আহি তেওঁ ঘূৰণীয়া ফ্ৰেমত লোৰ জালিকা আৰু বিশেষ গজাল লগোৱা কামত লাগে।

"পপকৰ্ণ, মুড়ি, বুট বা চানা ভজা আৰু তামোলৰ চুপাৰি তৈয়াৰ কৰিবলৈ ডাঙৰ ছিদ্ৰযুক্ত চালনি ব্যৱহাৰ কৰা হয়। আমি ডাঙৰ ছিদ্ৰৰ এই চালনিখনক ৫ নম্বৰী বুলি কও। বাকীবোৰ ঘেঁহু, চাউল, জোৱাৰ আৰু অন্যান্য শস্য চালিবলৈ ব্যৱহৃত হয়,’’ মোৰ সন্মুখত এখন ডাঙৰ চালনি ধৰি মহম্মদ ভাইয়ে কয়। "এখন নতুন চালনি ৭০ টকাত বিক্ৰী কৰো। পুৰণি চালনি মেৰামতি কৰিলে ৪০-৪৫ টকা লও। দামটো জালিকাৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে।’’

তেওঁ জনোৱা মতে চালনিখন ভাল নে বেয়া সেয়া চিনাক্ত কৰিবলৈ ইয়াৰ আকাৰ আৰু জালিকাৰ গুণাগুণ চোৱা হয়। তেওঁ আৰু কয়, "এইবোৰ বিভিন্ন আকাৰত পোৱা যায় – ১০', ১২', ১৩', ১৫' বা ১৬' ব্যাসৰ, আৰু সকলোতে বিভিন্ন প্ৰকাৰৰ জালিকা থাকে।"

''৩০ মিটাৰ দৈৰ্ঘ্যৰ তাৰৰ জালিকাৰ এটা বাণ্ডিলৰ দাম ৪০০০ টকা। সাধাৰণ চালনিবোৰ মই ১০ৰ পৰা ৪০ টকা দামত বিক্ৰী কৰো। ১২ নম্বৰী চালনিখন গ্ৰাহক লৈ ৭০-৮০ টকাত বিক্ৰী কৰো। কিছুমান গ্ৰাহকে মোক ৯০-১০০ টকাও দিবলৈ কুণ্ঠাবোধ নকৰে।’’

তেওঁ কেঁচা সামগ্ৰীৰ বাবে প্ৰতিমাহে ৩৫,০০০ টকা খৰছ কৰে। ইয়াৰ পৰা তেওঁৰ ৬-৭ হাজাৰ টকা মাহিলি উপাৰ্জন হয়। খৰছ আৰু কষ্টৰ তুলনাত লাভ তেনেই কম বুলি আক্ষেপ কৰি তেওঁ কয়, ''ঘৰত আমি দুজনেই মানুহ। তথাপিও দিনটোত যিখিনি পাও সেই আটাইখিনি খৰছেই হয়।’’ তাৰ মাজতে তেওঁ হঠাৎ হাঁহি মাৰি কৈ উঠে, ''দেওবাৰে মই ক’লৈকো কাম কৰিবলৈ নাযাও। অন্তত এটা দিনত মানুহে আৰাম কৰিব লাগে।’’

Mohamad bhai with his a door-to-door repairing service cart on the Anil Starch road in Bapunagar, Ahmedabad
PHOTO • Umesh Solanki

মহম্মদ ভাইয়ে আহমেদাবাদৰ বাপু নগৰৰ অনিল ষ্টাৰ্ক ৰোডত এইদৰে ঠেলাগাড়ী ঠেলি ঠেলি চালনি বিক্ৰী কৰি ফুৰিছে

'First it was only my father and now it is me. I do not know of anyone else who runs a repair servicing cart,' he says
PHOTO • Umesh Solanki

'প্ৰথমে মোৰ দেউতাই এই কাম কৰিছিল আৰু এতিয়া মই,' তেওঁৰ মতে এই কাম কৰা অঞ্চলটোত তেওঁৰ বাদে দ্বিতীয়জন নাই

He walks from his home for about 30 kilometres, pushing his wooden cart across the city, every three days a week
PHOTO • Umesh Solanki

সপ্তাহত তিনিদিন তেওঁ চহৰখনৰ মাজেৰে প্ৰায় ৩০ কিলোমিটাৰ খোজকাঢ়ি কাঠৰ ঠেলাগাড়ীখন লৈ চালনি বেচি ফুৰে

Mohamad bhai earns litte from repairing sieves. 'Some days I bring 100 rupees, some days I may bring 500 rupees, someday there will be nothing at all. Nothing is fixed'
PHOTO • Umesh Solanki

মহম্মদ ভাইয়ে এই কামৰ পৰা খুব কম উপাৰ্জন কৰে। 'কেতিয়াবা ১০০ টকা পাও, কেতিয়াবা ৫০০ টকা আৰু কেতিয়াবা এটকাও নাপাও। একো ঠিক নাথাকে'

What Mohamad bhai makes from repairing sieves can depend from customer to customer.  'For No. 12 I may charge rupees 70 or 80, it all depends on the customer. There are those who are willing to give me 90 or 100 also'
PHOTO • Umesh Solanki

চালনিৰ দাম গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে। 'সাধাৰণ চালনিবোৰ মই ১০ৰ পৰা ৪০ টকা দামত বিক্ৰী কৰো। ১২ নম্বৰী চালনিখন গ্ৰাহক লৈ ৭০-৮০ টকাত বিক্ৰী কৰো। কিছুমান গ্ৰাহকে মোক ৯০-১০০ টকাও দিবলৈ কুণ্ঠাবোধ নকৰে’

Seventy-five-year-old Shabbir H. Dahodwala in the press, folding and pressing the tin sheets
PHOTO • Umesh Solanki

‘প্ৰেছ’ত টিনৰ শ্বীটত ভাজ দিয়াত ব্যস্ত ৬৫ বছৰীয়া ছব্বিৰ এইছ. দাহুদৱালা

Mohamad bhai Charnawala, 'I don’t go to work anywhere on a Sunday. One day I rest'
PHOTO • Umesh Solanki

'দেওবাৰে মই ক’লৈকো কাম কৰিবলৈ নাযাও। অন্তত এটা দিনত মানুহে আৰাম কৰিব লাগে,’ মহম্মদ ভাইয়ে কয়

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Umesh Solanki

Umesh Solanki is an Ahmedabad-based photographer, documentary filmmaker and writer, with a master’s in Journalism. He loves a nomadic existence. He has three published collections of poetry, one novel-in-verse, a novel and a collection of creative non-fiction to his credit.

Other stories by Umesh Solanki
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari