মীৰাটৰ এটা কেৰম ব’ৰ্ড কাৰখানাত পাঁচজন কাৰিকৰে পাঁচদিন একেৰাহে আঠ ঘণ্টাকৈ কাম কৰি ৪০ খন ব’ৰ্ড সাজু কৰি তোলে। কাৰখানাটোৰ প্ৰতিগৰাকী কাৰিকৰে কেৰম ব’ৰ্ডৰ ষ্ট্ৰাইকাৰ আৰু গুটিবোৰে ভালকৈ খেলা কৰিবলৈ কি কৰিব লাগে সেয়া সম্পূৰ্ণকৈ জানে। কেৰম হৈছে এনে এক খেল য’ত সৰ্বাধিক চাৰিজন খেলুৱৈয়ে একেলগে খেলিব পাৰে। বিপৰীতে এই কাৰখানাটোত এখন ব’ৰ্ড সম্পূৰ্ণ কৰি তুলিবলৈ আছে ৫ জনকৈ কাৰিকৰ। নিজে এদিনো কেৰম খেলি নাপালেও লাখ লাখ লোকে যাতে কেৰম খেলাৰ আনন্দ ল’ব পাৰে তাৰ বাবে তেওঁলোকে এনেকৈ কাম কৰি গৈছে।

“মই ১৯৮১ চনৰে পৰা কেৰম ব’ৰ্ড প্ৰস্তুত কৰি আহিছো, কিন্তু আজিলৈ নিজাকৈ মোৰ এখনো কেৰম ব’ৰ্ড নাই। খেলিবলৈ আমাৰ আজৰি সময় বুলিবলৈ কিবা আছে জানো?” এইদৰে কয় ৬২ বছৰীয়া মদন পালে। আমি কথা পাতি থকা সময়তো মদন আৰু তেওঁৰ সহযোগী কাৰিকৰসকলে পূৰাদমে খৈৰা গছৰ কটা টুকুৰাবোৰ সজাই থোৱাত ব্যস্ত হৈ আছে। এই টুকুৰাবোৰৰ দৈৰ্ঘ্য ৩২ অথবা ৩৬ ইঞ্চিমানৰ হ’ব আৰু কাৰিকৰসকলে সেয়া কাৰাখানাৰ দেৱালত বাহিৰফালে আউজাই থৈছে।

“মই ৮.৪৫ বজাত কাৰাখানা পাই যাও আৰু ৯ বজাৰ পৰা কাম আৰম্ভ কৰো। ঘৰ পোৱালৈকে সন্ধিয়া ৭-৭.৩০ বাজি যায়গৈ,” মদন পালে কয়। উত্তৰ প্ৰদেশৰ মীৰাট চহৰৰ সুৰজ কুণ্ড স্পৰ্টছ কল’নীৰ কেৰম ব’ৰ্ড প্ৰস্তুত কৰা এই ক্ষুদ্ৰ কাৰখানাটোত এনেদৰেই চলে কাম।

মদনে মীৰাট জিলাৰ পুত্থা গাঁৱৰ পৰা ১৬ কিলোমিটাৰ নিলগৰ কাৰাখানালৈ পুৱা ৭ বজাতেই বাইচাইকেল লৈ ওলাই আহে আৰু প্ৰতিদিনে সাত ঘণ্টাকৈ কাম কৰে।

কিছু সময় পূৰ্বে এখন বস্তু কঢ়িওৱা মেজিক গাড়ীয়ে মীৰাট চহৰৰ তাৰাপুৰি আৰু ইছলামাবাদ নামৰ ঠাইকেইখনত থকা কাঠফলা মিলৰ পৰা এই টুকুৰাবোৰ আনি দি গৈছে।

“এই টুকুৰাবোৰেৰে কেৰম ব’ৰ্ডৰ বাহিৰফালৰ ফ্ৰেম তৈয়াৰ কৰা হ’ব। কিন্তু তাৰ আগতে এইবোৰ ৪-৬ মাহলৈকে ৰ’দত ভালকৈ শুকুৱাব লাগিব। ৰ’দ আৰু বতাহত শুকালে এইবোৰ ব্যৱহাৰৰ উপযোগী হ’ব আৰু ভেঁকুৰ প্ৰতিৰোধী হৈ পৰিব,” মদনে কয়।

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

বাওঁফালে: কৰণে প্ৰতিটো টুকুৰা ভালকৈ পৰীক্ষা কৰে আৰু যিবোৰ বেয়া হৈছে সেইবোৰ ঘূৰাই দিবলৈ পৃথক কৰে। সোঁফালে: মদন (বগা চাৰ্ট) আৰু কৰণে (নীলা চাৰ্ট) ২,৪০০ দাণ্ডা কাৰখানাৰ বাহিৰত থৈছে

বিগত প্ৰায় ১০ বছৰ ধৰি কাৰখানাটোত কাম কৰি থকা ৩২ বছৰীয়া কৰণে এই টুকুৰাবোৰ ভালকৈ চোৱাৰ পিছত ব্যৱহাৰৰ অনুপযোগী যেন লগাবোৰ ওভতাই দিবলৈ একাষৰীয়া কৰে। “এইবোৰ শুকুওৱাৰ পিছত আকৌ কাঠফলা মিললৈ পঠিয়াই দিয়া হ’ব। তাতে টুকুৰাবোৰ আৰু অলপকৈ কাটি তলফালটো হেলনীয়া কৰা হ’ব,” তেওঁ কয়।

“ইয়াৰ পিছৰ পৰ্যায়ত প্লাইব’ৰ্ডৰ কাম আহে। প্লাইব’ৰ্ড ফ্ৰেমৰ প্ৰায় ২ চেণ্টিমিটাৰ তলত থাকে। ফ্ৰেমত খেলুৱৈসলকলে হাত আৰু তলুৱা মিলাই লয়। ফ্ৰেমটোৱে বাউণ্ডেৰীৰো কাম কৰে আৰু কেৰমৰ গুটিবোৰ ব’ৰ্ডৰ পৰা উফৰি নপৰাকৈ ইফালে-সিফালে গতি কৰিব পাৰে,” কৰণে ব্যাখ্যা কৰে। তেওঁ আৰু কয়, “কেৰম ব’ৰ্ড প্ৰস্তুত কৰাতো ইমান কঠিনো নহয়, কিন্তু গুটিবোৰ সহজতে পিছলি যোৱা কৰাতো ইমানো সহজ নহয়।”

কাৰখানাটোৰ গৰাকী ৬৭ বৰ্ষীয় সুনীল শৰ্মাই কয়, “সাধাৰণতে কেৰম ব’ৰ্ডৰ পৃষ্ঠভাগৰ আকাৰ ২৯ x ২৯ ইঞ্চি হয়, আৰু ফ্ৰেমসহ ধৰিলে সেয়া হয়গৈ ৩২ x ৩২ ইঞ্চি। এই জোখৰ কেৰম ব’ৰ্ডেই বিভিন্ন প্ৰতিযোগিতাবোৰত ব্যৱহাৰ কৰা হয়। কিন্তু আমি অৰ্ডাৰ অনুযায়ী শিশুসকলৰ উপযোগীকৈ ২০ x ২০ ইঞ্চিৰ ব’ৰ্ডৰ লগতে একেবাৰে ৪৮ x ৪৮ ইঞ্চিৰ ব’ৰ্ডো প্ৰস্তুত কৰো।” তেওঁ আৰু কয় যে কেৰম ব’ৰ্ড প্ৰস্তুত কৰিবলৈ চাৰিটা বিশেষ উপাদানৰ প্ৰয়োজন হয়। তেওঁ কয়, “আমাক চাৰিটা উপাদান লাগে। সেয়া হৈছে খৈৰা কাঠৰ ফ্ৰেম, প্লাইব’ৰ্ড, তলফালে লগাবলৈ চেগুণ বা ইউকেলিপ্টাছ কাঠ আৰু গুটিৰ বাবে কাপোৰৰ পকেট। এই সকলোবোৰ স্থানীয়ভাৱে সংগ্ৰহ কৰা হয়।” অৱশ্যে যোগানকৰ্তাই দুই-এপদ সামগ্ৰী আন ৰাজ্যৰ পৰাও সংগ্ৰহ কৰাৰ থল নথকা নহয়।

তেওঁ আৰু কয়, “১৯৮৭ চনত গংগা বীৰ আৰু ছৰ্দাৰ জিতেন্দৰ সিং নামৰ দুগৰাকী কেৰম ব’ৰ্ড তৈয়াৰত পাকৈত লোকে মোক এই গোটেই বিদ্যা শিকাইছিল। তাৰ আগলৈকে আমি বেডমিণ্টন ৰেকেট আৰু ক্ৰিকেট বেট তৈয়াৰ কৰিছিলো।”

শৰ্মাই কাৰাখানাটোৰ সমুখতে থকা এটা কোঠাৰ কাৰ্যালয়টোৰ পৰা খোজকাঢ়ি কাৰিকৰসকলে কাঠৰ টুকুৰাবোৰ সজাই থোৱা ঠাইলৈ ওলাই আহি কামবোৰ দেখুৱাই কয়, “আমি সাধাৰণতে এবাৰত ৩০-৪০খন কেৰম ব’ৰ্ড প্ৰস্তুত কৰো আৰু ইয়াৰ বাবে ৪-৫ দিনৰ সময় লাগে। এতিয়া দিল্লীৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ পৰা বিদেশলৈ ৰপ্তানিৰ বাবে আমি ২৪০ খন ব’ৰ্ডৰ অৰ্ডাৰ লাভ কৰিছো। আজিলৈকে আমি ১৬০ খনৰ কাম শেষ কৰি সাজু কৰিব পাৰিছো।”

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

বাওঁফালে: সম্পূৰ্ণ হোৱা কেৰম ব’ৰ্ড লৈ কাৰখানাৰ স্বত্বাধিকাৰী সুনীল শৰ্মা, সোঁফালে: উৎপাদনৰ বিভিন্ন পৰ্যায়ত কেৰম ব’ৰ্ড

২০২২ চনৰ পৰা ভাৰতীয় কেৰম ব’ৰ্ড বিশ্বৰ ৭৫খন দেশলৈ ৰপ্তানি হৈ আহিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ ৰপ্তানি-আমদানি সম্পৰ্কীয় তথ্য অনুযায়ী ২০২২ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ জানুৱাৰী পৰ্যন্ত হোৱা কেৰম ব’ৰ্ডৰ ৰপ্তানিৰ মূল্যৰ পৰিমাণ হৈছে প্ৰায় ৩৯ কোটি। ইয়াৰে সৰহসংখ্যাকেই হৈছে আমেৰিকা, ছৌদি আৰৱ, আৰৱ এমিৰেটছ, গ্ৰেট ব্ৰিটেইন, কানাডা, অষ্ট্ৰেলিয়া, য়েমেন, নেপাল, বেলজিয়াম, নেদাৰলেণ্ডছ আৰু কাটাৰৰ পৰা অহা অৰ্ডাৰ।

এই ৰপ্তানিৰ পৰা হোৱা উপাৰ্জন লাভ কৰা হৈছে ১০ লাখখন কেৰম ব’ৰ্ডৰ পৰা। ইয়াৰ ভিতৰত ভাৰত মহাসাগৰৰ দ্বীপপুঞ্জ কম’ৰ’ছ আৰু মায়োট্টেৰ লগতে প্ৰশান্ত মহাসাগৰৰ ফিজি দ্বীপপুঞ্জ আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ জামাইকা, ছেইণ্ট ভিনচেণ্টৰ পৰা লাভ কৰা অৰ্ডাৰো আছে।

সৰ্বাধিক কেৰম ব’ৰ্ড আমদানি কৰা দেশখন হৈছে ইউএই। ইয়াৰ পিছতে আছে নেপাল, মালয়েছিয়া, ছৌদি আৰৱ আৰু য়েমেন। অৱশ্যে ঘৰুৱাভাৱে হোৱা বিক্ৰীৰ কোনো তথ্য পাবলৈ নাই। যদিহে সেই তথ্য থাকিলহেতেন তেন্তে সেয়া খুবেই আকৰ্ষণীয় হৈ পৰাতো নিশ্চিত আছিল।

“ক’ভিড-১৯ৰ সময়ত আমি বহুত অৰ্ডাৰ লাভ কৰিছিলো, কাৰণ সকলোৱে ঘৰত আৱদ্ধ হৈ আছিল। গতিকে মানুহে সময় কটাবলৈ বিচাৰিছিল। আমি আন এটা কথাও লক্ষ্য কৰিছো যে ৰমজানৰ সময়ত পাৰস্য উপসাগৰীয় দেশসমূহৰ পৰা অহা অৰ্ডাৰৰ পৰিমাণো বৃদ্ধি পায়,” সুনীল শৰ্মাই কয়।

শৰ্মাই আৰু কয়, “মই নিজেও বহুত কেৰম খেলিছো। আজৰি সময় কটোৱাৰ ক্ষেত্ৰত এই খেলবিধ খুবেই জনপ্ৰিয়।” কিন্তু বুলি কৈ তেওঁ আকৌ কয়, “বহু ঘৰুৱা কেৰম টুৰ্ণামেণ্ট আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কেৰম টুৰ্ণামেণ্ট অনুষ্ঠিত হয়। পিছে বাকী খেলবোৰৰ দৰে এই খেলৰ ইমান প্ৰচাৰ নহয়।”

PHOTO • Shruti Sharma

কেৰম ব’ৰ্ডৰ কাৰখানাৰ ভিতৰৰ দৃশ্য

‘আমি সাধাৰণতে এবাৰত ৩০-৪০খন কেৰম ব’ৰ্ড প্ৰস্তুত কৰো আৰু ইয়াৰ বাবে ৪-৫ দিনৰ সময় লাগে। এতিয়া দিল্লীৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ পৰা বিদেশলৈ ৰপ্তানিৰ বাবে আমি ২৪০ খন ব’ৰ্ডৰ অৰ্ডাৰ লাভ কৰিছো। আজিলৈকে আমি ১৬০ খনৰ কাম শেষ কৰি সাজু কৰিব পাৰিছো,’ সুনীল শৰ্মাই কয়

ভাৰতত কেৰম সম্পৰ্কীয় আনুষ্ঠানিক কাম-কাজবোৰ সৰ্বভাৰতীয় কেৰম ফেডাৰেশ্যন চমুকৈ এআইচিএফে ইয়াৰ অধীনস্থ ৰাজ্য আৰু জিলাৰ সংস্থাসমূহৰ জৰিয়তে চোৱা-চিতা কৰে। চেন্নাইস্থিত ১৯৫৬ চনত প্ৰতিষ্ঠা কৰা এআইচিএফ আন্তঃৰাষ্ট্ৰীয় কেৰম ফেডাৰেশ্যন আৰু এছিয়ান কেৰম ফেডাৰেশ্যনৰ স্বীকৃতিপ্ৰাপ্ত সংস্থা। এআইচিএফে সকলোধৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটোক সাজু কৰে আৰু উক্ত প্ৰতিযোগিতাসমূহত ভাৰতক প্ৰতিনিধিত্ব কৰে।

যদিও আন খেলসমূহৰ দৰে কেৰমৰ ক্ষেত্ৰত বিশ্ব ৰেংকিং সম্পূৰ্ণৰূপে পদ্ধতিগত আৰু স্পষ্ট নহয় তথাপি কিন্তু কেৰম খেলা শীৰ্ষস্থানীয় দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। মহিলা কেৰমত বর্তমান ভাৰতৰ ৰশ্মিকুমাৰীয়ে বিশ্ব চেম্পিয়ন হিচাপে বহুলভাৱে স্বীকৃতি লাভ কৰিছে৷ আনহাতে পুৰুষৰ কেৰমত চেন্নাইৰ ৬৮ বছৰীয়া এ মাৰিয়া ইৰুদয়ামে দুবাৰকৈ বিশ্ব কেৰম চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগতে ৯বাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খ্যাতি অৰ্জন কৰিছে। কেৰমৰ বাবে অৰ্জুন বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় ক্ৰীড়াবিদগৰাকীয়েই হৈছে ইৰুদয়াম। সেয়া আছিল ১৯৯৬ চনৰ কথা। উল্লেখ্য যে, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়।

*****

কাৰখানাৰ মজিয়াত বহি লোৱা কৰণৰ ঠিক কাষতে পৰি আছে চাৰিটা কাঠৰ টুকুৰা, যিবোৰৰ প্ৰতিটো টুকুৰা তেওঁ পৰ্যায়ক্ৰমে ভৰিৰ তলত ধৰি তাৰ হেলনীয়া মূৰবোৰ বান্ধি বৰ্গাকৃতিৰ এটা ফ্ৰেম তৈয়াৰ কৰে। তেওঁ চাৰিটা চুক লগ লগাবলৈ বিশেষ গজালত হাতুৰীৰে কোব মাৰে। কৰণে কয়, “সাধাৰণ গজালতকৈ এই বিশেষ গজালে চুককেইটা ভালকৈ সংযোগ কৰে।”

ফ্ৰেমটো হৈ উঠাৰ পিছত ৫০ বছৰীয়া অমৰজিৎ সিঙে ৰেটি এপাটৰ সহায়ত কোণ আৰু কাষবোৰ মিহি কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয়, “আগতে মই গাখীৰৰ ব্যৱসায় কৰিছিলো। কিন্তু লাভ নোহোৱাত তিনিবছৰ পূৰ্বে এই কেৰম ব’ৰ্ডৰ কামত লাগিছো।”

কাঠফলা মেচিনত কটাৰ পিছত ফ্ৰেমৰ উপৰিভাগত সৰু সৰু টুকুৰা ৰৈ যায়। অমৰজিতে চক মাটি আৰু কাঠত লগোৱা মভিকল নামে এবিধ আঠাৰ মিশ্ৰণ লোহে কি পট্টি (চেপেটা লোৰ পাত এখন)ৰে গোটেই ফ্ৰেমৰ উপৰিভাগত লগাবলৈ আৰম্ভ কৰে।

“এইদৰে কৰাৰ পিছত অসমান কাঠৰ পৃষ্ঠৰ ফাঁকবোৰ নাইকিয়া হৈ পৰে, আৰু কাঠৰ টুকুৰাবোৰো সমান কৰি পেলায়,” তেওঁ বুজাই দিয়ে আৰু লগতে কয়, “এই মিশ্ৰণটোক ‘বৰুদে কি মৰম্মত’ বুলি কোৱা হয়।” মিশ্ৰণখিনি শুকাই গ’লে প্লাইব’ৰ্ডৰ উপৰিভাগত ক’লা মৰম্মতৰ প্ৰলেপ দিয়া হয়।

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

কৰণে চাৰিটা টুকুৰা লৈ হেলনীয়া মূৰবোৰ (বাওঁফালে) বান্ধি বৰ্গক্ষেত্ৰৰ ফ্ৰেম এটা তৈয়াৰ কৰে আৰু তাৰ পিছত তেওঁ হাতুৰীৰে কোবাই চাৰিটা চুক একেলগ কৰে (সোঁফালে)

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

ফ্ৰেমটো ঠিক হৈ গ’লেই অমৰজিত সিঙে ফাইলাৰ ব্যৱহাৰ কৰি কাষবোৰ (বাওঁফালে) মিহি কৰে। তাৰ পিছত, তেওঁ চক মাটি আৰু মভিকল, কাঠৰ আঠা (সোঁফালে)ৰ মৰম্মত (পেষ্ট) লগোৱা কাম কৰে

ইয়াৰ পিছত ব’ৰ্ডৰ ভিতৰফালে ফ্ৰেমৰ কাষত সোনকালে শুকাই যোৱা, জল প্ৰতিৰোধী ক’লা ডিউকো পেইণ্টৰ প্ৰলেপ দিয়া হয় আৰু শুকাই যোৱাত চিৰিচ-কাগজৰ সহায়ত নিমজ কৰা হয়। “ফ্ৰেমৰ এই অংশটোত এবাৰ প্লাইব’ৰ্ড লগোৱাৰ পিছত একো কৰিব পৰা নাযায়, সেয়ে এই কাম আগতীয়াকৈ কৰা হয়,” অমৰজিতে কয়।

৫৫ বছৰীয়া ধৰম পালে কয়, “আমি ইয়াত ৫জন কাৰিকৰ আছো আৰু আটাইকেইজনেই সকলো কামত পাকৈত।” ধৰম পালে যোৱা ৩৫ বছৰ ধৰি এই কাৰখানাটোত কাম কৰি আহিছে।

“যেতিয়াই আমি অৰ্ডাৰ লাভ কৰো তেতিয়া সংখ্যা যিমানেই নহওক কিয় প্ৰথমে আমি প্লাইব’ৰ্ডখিনি সাজু কৰি লও,” মদন আৰু কৰণে সাজু কৰি থোৱা প্লাইব’ৰ্ড ফ্ৰেমত লগাবলৈ যো-জা কৰি থকাৰ সময়তে ধৰমে কয়। তেওঁ বুজাই দিয়ে, “আমি প্লাইব’ৰ্ডৰ ছিদ্ৰবোৰ নাইকিয়া কৰিবলৈ গোটেই পৃষ্ঠত এটা ছিলাৰ লগাই দিওঁ যিয়ে ইয়াক পানীৰ পৰাও ৰক্ষা কৰে। ইয়াৰ পিছত আমি চিৰিচ-কাগজেৰে মসৃণ কৰি লওঁ।”

“প্লাইব’ৰ্ডবোৰ অতি ৰুক্ষ হয়। কিন্তু ভাল কেৰম ব’ৰ্ড মানেই হ’ল মিহি আৰু নিমজ প্লাইব’ৰ্ড। যিমানেই মসৃণ হয় কেৰমৰ গুটিবোৰ সিমান সহজতে গতি কৰিব পাৰে,” শৰ্মাই তৰ্জনী আঙুলি আৰু মূৰেৰে কেৰম খেলাৰ দৰে কৰি কয়। তেওঁ লগতে কয়, “আমি আমৰ অথবা মাকাই গছৰ পৰা তৈয়াৰ কৰা প্লাইব’ৰ্ড ব্যৱহাৰ কৰো। সেয়া স্থানীয় ব্যৱসায়ীয়ে কলকাতাৰ পৰা ক্ৰয় কৰে।”

“যেতিয়া আমি ১৯৮৭ চনত এই কাম আৰম্ভ কৰিছিলোঁ, তেতিয়া কেৰম ব’ৰ্ডৰ প্লাইব’ৰ্ডখনত থকা চিহ্নবোৰ হাতেৰে ৰং কৰি কৰা হৈছিল। কামটো আছিল জটিল আৰু বহুত সময় লাগিছিল। তেতিয়া শিল্পী এগৰাকীও কাৰিকৰ দলটোৰ গুৰুত্বপূৰ্ণ সদস্য আছিল,” সুনীলে মনত পেলাই কয়। “কিন্তু আজি আমি সেয়া স্ক্ৰীণ প্ৰিন্টিঙৰ সহায়ত কৰো,” কাৰাখানাৰ এটা ফালে থকা বৰ্গক্ষেত্ৰৰ পৰ্দাবোৰৰ ফালে আঙুলিয়াই তেওঁ কয়। ইয়াৰ অৰ্থ এইটোও যে যোৱা তিনি-চাৰি দশকত বেছিভাগ ক্ৰীড়া সঁজুলি উদ্যোগৰ দৰেই ইয়াতো শিল্পীৰ প্ৰয়োজনীয়তা নাইকিয়া হৈ পৰিছে।

স্ক্ৰীণ প্ৰিন্টিঙত ৰংখিনি নিৰ্দিষ্ট আৰু প্ৰয়োজনীয় ঠাইখিনিৰেহে পাৰ হৈ যায়। “আমি প্ৰতিবাৰতে দুখন বেলেগ বেলেগ স্ক্ৰীণ ব্যৱহাৰ কৰো। প্ৰথমটো ৰঙা চিহ্নৰ বাবে, আৰু দ্বিতীয়টো ক’লাৰ বাবে,” ধৰম পালে কয়। বৰ্তমানৰ ২৪০খন কেৰম ব’ৰ্ডৰ অৰ্ডাৰৰ বাবে ইতিমধ্যে সকলো প্লাইব’ৰ্ডতে চিহ্ন অংকন কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

বাওঁফালে: ধৰম, মদন আৰু কৰণে ইতিমধ্যে স্ক্ৰীণ প্ৰিণ্টিং কৰা প্লাইব’ৰ্ডৰ পৃষ্ঠভাগ উলিয়াই আনে যিবোৰ ফ্ৰেমত স্থাপন কৰা হ’ব, সোঁফালে: বিভিন্ন আকাৰৰ কেৰম ব’ৰ্ডৰ বাবে স্ক্ৰীণ

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

বাওঁফালে: ষ্টীলৰ পাত্ৰ আৰু গিলাচ য’ত শ্ৰমিকসকলে চাহ খায়, সোঁফালে: ৰাজেন্দৰ আৰু অমৰজিতে কাৰখানাৰ মজিয়াত কিছু ঠাই পৰিষ্কাৰ কৰি পাতল কম্বল এখন পাৰি লৈ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত ১২-১৫ মিনিট শুই দিয়ে

লাহেকৈ দুপৰীয়া ১ বাজিছে আৰু এয়া হৈছে কাৰিকৰসকলৰ খোৱাৰ সময়। “খোৱাৰ বাবে এঘণ্টাৰ ব্ৰেক থাকে। কিন্তু তেওঁলোকে ১.৩০ বজাতে কামত লাগিব। সোনকালে কামত লাগিলে তেওঁলোকে আধাঘণ্টা আগতেই সন্ধিয়া ৫.৩০ বজাত ঘৰলৈ যাব পাৰিব,” মালিক সুনীল শৰ্মাই কয়।

কাৰিকৰসকলে ঘৰৰ পৰা খোৱাবস্তু লৈ আহে আৰু কাৰখানা চৌহদতে শুকান কাঠৰ টুকুৰাবোৰৰ মাজত অপৰিষ্কাৰ নলা এটাৰ কাষতেই বহি লৈ ততাতৈয়াকৈ খাই শেষ কৰে। ৫০ বৰ্ষীয় ৰাজিন্দৰ কুমাৰ আৰু অমৰজিতে কাৰখানাৰ মজিয়াত কিছু ঠাই মুকলি কৰি লৈ তাতেই এখন পাতল ব্লেংকেট পাৰি ১২-১৫ মিনিটৰ বাবে শুই পৰে। চকুৰ পতা জাপ খোৱাৰ পূৰ্বেই তেওঁলোকৰ উঠিবৰে হয়।

“পিঠিখনক অলপ আৰাম দিলো,” অমৰজিতে কয়। তাৰ পিছত ওচৰৰ দোকান এখনৰ পৰা এটা ষ্টীলৰ কেটলিত গাখীৰ চাহ আনি সেয়া নিজৰ নিজৰ কাপত লৈ খাবলৈ লয়। চাহ খাই হোৱাৰ লগে লগে আটাইয়ে আকৌ কামত ধৰে।

প্লাইব’ৰ্ডৰ কাম হৈ উঠাৰ পিছৰ কামটো হৈছে প্ৰতিখন ব’ৰ্ডতে পিছফালে চকড়ি বা কাঠৰ বাটাম লগোৱা। যোৱা ২০ বছৰ ধৰি ইয়াত কাম কৰি থকা ৰাজেন্দৰে কথাটো বুজাই দি কয়, “চকড়ি হৈছে প্লাইব’ৰ্ডৰ পিছফালে চকৰি আকৃতিত লগোৱা কাঠৰ বাটাম। চেগুণ অথবা ইউকেলিপ্টাছ কাঠৰ টুকুৰা উলম্ব আৰু আনুভূমিক ৰেখাৰ আৰ্হিৰে মিহি গজালৰ লগতে আঠাৰ সহায়ত সাৱধানেৰে লগোৱা হয়।”

তেওঁ আৰু কয়, “ইচ কাম সে পেহলে ম্যে দীৱাৰো কি পুটাই কৰতা থা (ইয়াৰ আগতে মই দেৱালত ৰং দিয়া কাম কৰিছিলো)।”

“আমি কেশৰগঞ্জৰ মেহতাব চিনেমা অঞ্চলত থকা মুছলমান কাৰিকৰসকলৰ পৰা চকড়ি কিনি আনো। মীৰাটত তেওঁলোকেই একমাত্ৰ ভাল চকড়ি তৈয়াৰ কৰে,” সুনীল শৰ্মাই কয়।

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

বাওঁফালে: ৰাজেন্দৰ আৰু মদনে ডাঠ ব্ৰাছ ব্যৱহাৰ কৰি ৪০ টা চকড়িত ফেভিকল লগায়, সোঁফালে: কৰণৰ দায়িত্ব চকড়ি তুলি লৈ সেইবোৰত প্লাইব’ৰ্ড পেষ্ট কৰা

অলপ আগতে শুই থকা ঠাইতে মদনৰ বিপৰীতে বহি আছে ৰাজেন্দৰ। ইহঁতৰ মাজত ৪০ টা চকড়িৰ দম আছে য’ত তেওঁলোকে ডাঠ ব্ৰাছেৰে ইটোৰ পিছত সিটোকৈ ফেভিকল লগায়। আটাইতকৈ কম বয়সীয়া কাৰিকৰ কৰণে এটাৰ পিছত এটাকৈ চকড়ি তুলি লৈ সেইবোৰ প্লাইব’ৰ্ডত লগোৱা কামৰ দায়িত্বত আছে।

“আমি সাধাৰণতে এই চকড়ি লগোৱা কামটো কামৰ শেষৰ দিনা কৰো। আমি এখন প্লাইব’ৰ্ডৰ ওপৰত আন এখন প্লাইব’ৰ্ড থও আৰু তাৰে ওপৰত ওজন থকা কিবা সামগ্ৰী গোটেই ৰাতিটোৰ বাবে তুলি দিও যাতে ভালকৈ লাগি ধৰে,” কৰণে কয়।

এতিয়া সন্ধিয়া সময় ৫ বাজি ১৫ মিনিট হৈছে। কাৰিকৰসকলে যিমান পাৰে সিমান সোনকালে কামখিনি শেষ কৰিবলৈ চেষ্টা চলাইছে। “কাইলৈ পুৱাৰ ভিতৰত আমি ফ্ৰেমত প্লাইব’ৰ্ড লগোৱা কাম শেষ কৰিম,” কৰণে কয়। তেওঁ আৰু কয়, “মোৰ দেউতায়ো আন এটা এনেকুৱা কাৰখানাত কাৰিকৰৰ কাম কৰে। তেওঁ ক্ৰিকেট বেট আৰু ষ্টাম্প তৈয়াৰ কৰে।”

*****

পিছদিনা পুৱা ৯ বজাত পুনৰ কাম আৰম্ভ হৈছে। চাহ খাই উঠাৰ পিছত ৰাজেন্দৰ, মদন, কৰণ আৰু ধৰমে কাৰখানাত নিজৰ নিজৰ কাম কৰিবলৈ বহি লৈছে। অমৰজিতে বাহিৰত ফ্ৰেমৰ ওখোৰা-মোখোৰাবোৰ নাইকিয়া কৰাত লাগিছে।

কৰণ আৰু ধৰমে চকড়িযুক্ত প্লাইব’ৰ্ড ৰং কৰা ফ্ৰেমত এটা এটাকৈ লগাই গৈছে। তেওঁলোক দুয়োজনেই চকড়ি আৰু ব’ৰ্ডৰ নিৰ্দিষ্ট কৰি থোৱা ঠাইত হাতুৰীৰে গজাল মৰা কামো কৰি গৈছে।

“এখন ব’ৰ্ড ফ্ৰেমত লগাবলৈ অতিকমেও ৪ ডজন সৰু মিহি গজালৰ প্ৰয়োজন,” ধৰমে কয়। আচৰিত ধৰণে দুয়োজনে ১৪০ ছেকেণ্ডৰ ভিতৰতে ৪৮টা গজালেৰে সেই কাম সম্পূৰ্ণ কৰি মদনে কাম কৰি থকা ঠাইৰ ওচৰত থকা খুঁটাটোত ব’ৰ্ডবোৰ আউজাই থৈ দিয়ে।

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

কৰণ আৰু ধৰমে জোৰা লগোৱা, পুৰোৱা আৰু ৰং কৰা ফ্ৰেমত প্লাইব’ৰ্ড আৰু চকড়ি লগাইছে

আজি মদন কেৰম ব’ৰ্ডৰ চাৰিটা মূৰত গুটি সোমোৱা পকেট কটাৰ দায়িত্বত আছে। স্কুলৰ জ্যামিতি বাকচত থকা কম্পাছ ব্যৱহাৰ কৰিবলৈ যি কৌশল ব্যৱহাৰ কৰা হয় সেই ধৰণৰে পকেট কাটাৰ ৪ চেণ্টিমিটাৰত ব্যাসৰ জোখ কৰি লোৱা হৈছে।

“মই পৰিয়ালৰ একমাত্ৰ সদস্য যিয়ে নেকি ক্ৰীড়া সামগ্ৰীৰ কৰিকৰ হিচাপে কাম কৰো। মোৰ তিনিটা ল’ৰা আছে। এজনে দোকান চলায়, এজন দৰ্জী আৰু এজন ড্ৰাইভাৰ,” কাটাৰৰ ব্লেডবোৰ টিপি একেলগে ইয়াৰ হেণ্ডেল ঘূৰাই দিবলৈ ব’ৰ্ডখনৰ ওপৰেৰে বেঁকা হৈ মদনে কয়। পকেট কটা শেষ কৰিবলৈ ছয়ৰ পৰা আঠ কিলোগ্ৰামৰ ব’ৰ্ড এখন এঠাইৰ পৰা আন ঠাইলৈ তুলি লোৱা, ঘূৰোৱা আদি কামো কৰিবলগীয়া হয়। এই কামবোৰক বাদ দি চাৰিটা পকেট কাটিবলৈ তেওঁক লাগে মাত্ৰ ৫৫ ছেকেণ্ড সময়।

পকেটবোৰ কাটি লোৱাৰ পিছত তেওঁ প্ৰতিখন ব’ৰ্ড ৰাজেন্দৰৰ টেবুলৰ কাষত ৰাখে। ৰাজেন্দৰে দ্বিতীয়বাৰৰ বাবে ফ্ৰেমত মৰম্মত পেষ্টৰ তৰপ এটা লগায়। যেতিয়া তেওঁ মৰম্মত ভালকৈ লগাবলৈ ব’ৰ্ডখনৰ তললৈ চায়, তেতিয়া তেওঁ মোক প্লাইব’ৰ্ডৰ মাজভাগলৈ চাবলৈ কৈ কয়, “চাওক, ব’ৰ্ডখনত মোৰ আঙুলিবোৰ আইনাৰ দৰে প্ৰতিফলিত হৈছে।’

মালিক শৰ্মাই কয়, “এই পৰ্যায়ত ব’ৰ্ডখন দেখাত সাজু হৈছে, কিন্তু খেলিব পৰা হ’বলৈ এতিয়াও বহু কাম বাকী আছে। আজিৰ বাবে আমাৰ লক্ষ্য হৈছে ৪০টা ফ্ৰেমৰ সকলোবোৰতে এটা স্তৰৰ মৰম্মত শেষ কৰা। আমি কাইলৈ ​​পুৱা ফ্ৰেমৰ শেষ পৰ্যায়ৰ কামখিনি কৰিম।”

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

কেৰম ব’ৰ্ডৰ চাৰিটা প্ৰান্তত থকা পকেট কাটি উলিওৱাৰ দায়িত্ব মদনৰ, পকেট কাটাৰৰ ব্যাস চাৰি চেণ্টিমিটাৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

]বাওঁফালে: ৰাজেন্দৰে ফ্ৰেমত প্ৰলেপ লগাইছে, ‘চাওক, ব’ৰ্ডখনে মোৰ আঙুলিবোৰ আইনা এখনৰ দৰে প্ৰতিফলিত কৰিছে,’ তেওঁ কয়। সোঁফালে: পিছদিনা পুৱা কাৰিকৰসকলে কাৰখানা চৌহদৰ বাহিৰত কাম কৰিছে

পিছদিনা পুৱা পাঁচজন কাৰিকৰৰ ভিতৰত চাৰিজনে বাহিৰতে কাম কৰিবলৈ লয়। মদন ভিতৰতে থাকে। “যিহেতু সকলোৱে সকলো কাম কৰে, গতিকে ইয়াত কাম ভেদে মজুৰিৰ কোনো কথাই নাই। কাৰিকৰসকলক নিজা নিজা দক্ষতালৈ চাই মজুৰি দিয়া হয়,” শৰ্মাই কয়।

মজুৰি ভিন ভিন হোৱা সন্দৰ্ভত পাৰি নিশ্চিত হ’ব পৰা নাই – ক্ৰীড়া সঁজুলি উদ্যোগটোত এই লৈ কোনো পৰিসংখ্যাও পাবলৈ নাই। কিন্তু দেখা যায় যে য’ত এটা ভুলে গোটেই কামটোৱে আধৰুৱা কৰি পেলাব পাৰে, তেনে কামতো এই অতি দক্ষ শিল্পীসকলে মাহে ১৩ হাজাৰ টকাতকৈ অধিক উপাৰ্জন কৰা নাই। এই উদ্যোগৰ অধিকাংশই মাহে প্ৰায় ১২,৬৬১ টকা অৰ্থাৎ দক্ষ শ্ৰমিকৰ নূন্যতম মজুৰিতকৈয়ো কমকৈ উপাৰ্জন কৰে। এই খণ্ডৰ কিছুমান শ্ৰমিকে অদক্ষ শ্ৰমিকৰ বাবে নিৰ্ধাৰিত নূন্যতম মজুৰিতকৈয়ো কমকৈ উপাৰ্জন কৰাৰো সম্ভাৱনা নথকা নহয়।

ধৰম আৰু কৰণ গলিটোৰ এটা মূৰত আছে। ধৰমে কয়, “আমি ফ্ৰেমবোৰত তিনিটা ৰাউণ্ড মৰম্মত লগাইছো আৰু তাৰ পিছত আমি সেয়া মসৃণ কৰিম। মোৰ হাতৰ মাজেৰে কিমান ব’ৰ্ড পাৰ হৈছে তাৰ হিচাপ নাই। কিন্তু মোৰ কেতিয়াও খেলিবলৈ মন যোৱা নাই। বহু বছৰৰ আগতে মাত্ৰ এবাৰ নে দুবাৰহে যেতিয়া মালিক ছাৰে ব’ৰ্ড এখন দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত এনেয়ে পাতিছিল তেতিয়া এপাক খেলি চাইছিলো।”

প্ৰথম টেবুলত থকা ৰাজেন্দৰে ধৰম আৰু কৰণে মসৃণ কৰা ফ্ৰেমবোৰত এষ্টাৰ (বেছ কোটিং) লগাইছে। “এইটো মাৰম্মট, ক’লা ৰং আৰু আঠাৰ মিশ্ৰণ। আঠাৰ বাবে এই প্ৰলেপ ফ্ৰেমত লাগি থাকিব,” তেওঁ কয়। ইয়াত ব্যৱহাৰ কৰা আঠা হৈছে এক প্ৰাকৃতিক আঠা যিটো কছাইখানা আৰু চামৰাৰ দোকানত পোৱা পশুধনৰ অখাদ্য অংশ প্ৰক্ৰিয়াকৰণ কৰি পোৱা যায়।

এঠা লগোৱাৰ পিছত অমৰজিতে চিৰিচ-কাগজ ব্যৱহাৰ কৰি ফ্ৰেমবোৰ নিমজ কৰে। অমৰজিতে কয়, “আমি আকৌ ফ্ৰেমবোৰত ক’লা ডিউকো ৰং লগাম আৰু শুকুৱাৰ পিছত সেইবোৰ সুন্দ্ৰাৰে বাৰ্নিচ কৰা হ’ব।” সুন্দ্ৰা হৈছে গছৰ বাকলিৰ পৰা পোৱা ৰেজিন যি নেকি বাৰ্নিচ হিচাপে কাম কৰে।

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

বাওঁফালে: প্ৰথম টেবুলত থকা ৰাজেন্দৰে ধৰম আৰু কৰণে মসৃণ কৰা ফ্ৰেমবোৰত এষ্টাৰ (বেছ কোটিং) লগাই আছে, সোঁফালে: ইয়াৰ পিছত অমৰজিতে পুনৰ চিৰিচ-কাগজ ব্যৱহাৰ কৰি ফ্ৰেমবোৰ মসৃণ কৰি ফ্ৰেমবোৰত ডিউক পেইণ্টৰ আন এটা তৰপ লগাইছে

PHOTO • Shruti Sharma
PHOTO • Shruti Sharma

বাওঁফালে: ৰং কৰা ফ্ৰেমবোৰ ৰ’দত শুকুৱাই লোৱাৰ পিছত মদনে প্লাইব’ৰ্ডৰ চকড়িৰ ফালে পকেট সংলগ্ন কৰে। চাৰিটা কাটি লোৱা বৃত্তৰ চাৰিটা ফালে চাৰিটা পিনৰ মাত্ৰ আধাহে হাতুৰীৰে কোবাই দিয়ে আৰু পকেটবোৰ টানি চিলাইৰ মাজৰ ফুটাবোৰ পিনবোৰৰ ওপৰত ঠিক কৰি দিয়ে আৰু তাৰ পিছত সম্পূৰ্ণৰূপে হাতুৰীৰে কোবাই দিয়ে, সোঁফালে: ধৰমে শেষবাৰৰ বাবে পৰীক্ষা কৰে আৰু কপাহী কাপোৰৰ সৰু টুকুৰাৰে ব’ৰ্ডবোৰ মচি দিয়ে

প্ৰতিখন কেৰম ব’ৰ্ড ৰ’দত শুকোৱাৰ লগে লগে মদনে প্লাইব’ৰ্ডৰ চকড়ি থকাৰ ফালে কাপোৰৰ পকেটবোৰ লগাবলৈ কাৰখানাৰ ভিতৰত ৰৈ থাকে। চাৰিটা কাটি লোৱা বৃত্তৰ প্ৰতিটোৰ চাৰিওফালে চাৰিটা গল্ডেন বুলেটিন ব’ৰ্ড পিনৰ মাত্ৰ আধাহে হাতুৰীৰে কোবাই দিয়ে। পকেটবোৰ টানি তেওঁ চিলাইৰ মাজৰ ফুটাবোৰ পিনবোৰৰ ওপৰত ঠিক কৰি দিয়ে আৰু তাৰ পিছত সম্পূৰ্ণৰূপে হাতুৰীৰে সোমাই দিয়ে।

মালিক শৰ্মাই কয়, “বিশেষ কাপোৰৰ এই পকেটবোৰ মলিয়না ফটাক আৰু তেজগড়ী অঞ্চলৰ মহিলাসকলে নিজ হাতেৰে তৈয়াৰ কৰে। ১২ ডজন অৰ্থাৎ ১৪৪টা পকেটৰ দাম এশ টকা। অৰ্থাৎ মহিলাসকলে প্ৰতিটো পকেটৰ বাবে ৬৯ পইচাকৈ পায়।”

কেৰমৰ ব’ৰ্ডবোৰ এতিয়া সম্পূৰ্ণকৈ সাজু হৈছে। ধৰমে কপাহী কাপোৰৰ সৰু টুকুৰাৰে ব’ৰ্ডবোৰ মচি শেষবাৰৰ বাবে ভালকৈ পৰীক্ষা কৰে। অমৰজিতে প্ৰতিখন ব’ৰ্ড পেক কৰি এটা ডাঙৰ প্লাষ্টিকৰ বেগত ভৰাই থয়। সুনীল শৰ্মাই কয়, “আমি প্লাষ্টিকৰ বেগটোৰ ভিতৰত কেৰমৰ গুটি আৰু কেৰম পাউদাৰৰ বাকচ এটাও ৰাখো। গুটিবোৰ বৰোদাৰ পৰা অনা হয় আৰু পাউদাৰ স্থানীয়ভাৱে পোৱা যায়।”

তাৰ পিছত খেলাৰ বাবে সাজু ব’ৰ্ডবোৰ কাৰ্ডব’ৰ্ডৰ বাকচত ভৰাই এখনৰ পিছত এখনকৈ ৰখা হয়। পিছদিনা ​​পুৱা যেতিয়া কাৰিকৰসকল কামলৈ উভতিব, তেতিয়া তেওঁলোকে বৰ্তমানৰ অৰ্ডাৰৰ বাবে ৪০খন ব’ৰ্ডৰ শেষৰটো থুপ সাজু কৰিব আৰু অহা পাঁচ দিনৰ বাবে পুনৰ একে ধৰণে কাম কৰি যাব। ইয়াৰ পিছত ব’ৰ্ডবোৰ দিল্লীলৈ পাৰ্চেল কৰি তাৰ পিছত বিদেশলৈ প্ৰেৰণ কৰা হ’ব। কাহানিও খেলি নাপালেও বা খেলিবলৈ আহৰি নাপালেও তেওঁলোকৰ সুনিপুণ হাতৰ পৰশ পোৱা কেৰম ব’ৰ্ডত দেশে-বিদেশে অগণন লোকৰ বহুতেই আগশাৰীৰ প্ৰতিযোগিতাত ভাগ ল’ব আৰু বহুতেই হয়তো কেৱল টাইম পাছ কৰিব।

এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এমএমএফ)ৰ পৰা প্ৰাপ্ত এক ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Shruti Sharma

Shruti Sharma is a MMF-PARI fellow (2022-23). She is working towards a PhD on the social history of sports goods manufacturing in India, at the Centre for Studies in Social Sciences, Calcutta.

Other stories by Shruti Sharma

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari