সাত বছৰীয়া জীয়াৰীক লৈ এজন মানুহে অশ্বধি ৱাৰিলৈ বাৰ্ষিক ধৰ্মীয় তীৰ্থযাত্ৰালৈ পদব্ৰজে ওলাইছে। তাত ৰাজ্যখনৰ বিভিন্ন স্থানৰ হাজাৰ হাজাৰ ৱাৰকৰিয়ে ৰাজ্যজুৰি প্ৰভু ভিত্থালৰ মন্দিৰ দৰ্শন কৰিবলৈ যায়। ৰাস্তাত তেওঁলোকে লাটুৰৰ এখন গাওঁ হাইছগাঁৱত ৰয়। সন্ধিয়া নাম-কীৰ্তনৰ ধ্বনিয়ে পৰিৱেশটো মায়াময় কৰি তুলিলে। সৰু ছোৱালীজনীয়ে সেই নাম-কীৰ্তনৰ শব্দ আৰু খঞ্জুৰিৰ মাত শুনি সেই অনুষ্ঠানলৈ লৈ যাবলৈ পিতাকক খাটনি ধৰিলে।

তেওঁৰ পিতৃয়ে হেহো-নেহো কৰিলে। “মানুহে আমাৰ দৰে মাহাৰ আৰু মাংগ মানুহক স্পৰ্শ নকৰে,” তেওঁ কথাটো বুজাই ক’লে। “সিহঁতে আমাক মানুহ বুলি গণ্য নকৰে। আমাক সোমাবলৈকো নিদিব।” কিন্তু তাই নাচোৰবান্দা। শেষত পিতাকে ক’লে যে এটা চৰ্তত তাইক লৈ যোৱা হ’ব। তাই দূৰৰ পৰা চাব লাগিব। ভিতৰত সোমাব নোৱাৰিব। কীৰ্তনৰ শব্দ শুনি শুনি তেওঁলোকে পাণ্ডাল পালেগৈ। তাত দেখিলে মহাৰাজে কীৰ্তন পাঠ কৰি খঞ্জুৰি বজোৱাত নিমগ্ন। সৰু ছোৱালীজনীৰ ধৈৰ্য নহ’ল, মঞ্চৰ কাষলৈ যাব বিচাৰিলে। হঠাতে তাই লৰ মাৰি মঞ্চৰ কাষ পালেগৈ।

মই এটা ভাৰুড (সামাজিক জ্ঞানপ্ৰাপ্তিৰ উদ্দেশ্যে ব্যংগ আৰু হাস্যৰসেৰে ভৰা পাৰম্পৰিক প্ৰাচীন গীত) গাবলৈ বিচাৰো, তেওঁ মঞ্চত থকা সন্তজনক লে। ইমান স্পৰ্ধা কাৰ - দৰ্শক চকিত হৈ ল। কিন্তু মহাৰাজে তেওঁক গাবলৈ দিলে। আৰু পিছৰ কেইমিনিটমান সেই কণমানিজনীয়ে হাতত থকা ধাতুৰ পাত্ৰ লৈ বজাই বজাই গাবলৈ ধৰিলে। যিটো গীত গালে সেইটো সেইজন মহাৰাজেই লিখা আৰু সুৰ দিয়া।

माझा रहाट गं साजनी
गावू चौघी जनी
माझ्या रहाटाचा कणा
मला चौघी जनी सुना

কুঁৱাত যেনেকৈ থাকে ৰছী অ মৰমী
তেনেকেয়ৈ আমি চাৰিও মিলি গাওঁ আহা একেলগে
যেনেকৈ ৰছী, তেনেকৈ মোৰ চাৰি বোৱাৰী

সেই শিশুটিৰ গীত শুনি মহাৰাজ মুগ্ধ হৈ গ’ল। তাইক ক’লে, “তোমালৈ মোৰ আশীৰ্বাদ থাকিল, সদায়। তুমি এদিন এই জগতখন পোহৰাবা।”

মীৰা উমপে পৰম্পৰাগত ভাৰুড গোৱা শুনক, ইয়াৰ ব্যংগ, ৰূপক আৰু বিভিন্ন ব্যাখ্যাৰ বাবে মুকলি এই ভাৰুড জনপ্ৰিয়

সেয়া আছিল ১৯৭৫ চন। সন্ত গীতিকাৰজন আছিল তুকদৌজি মহাৰাজ। তেওঁ গ্ৰাম গীতাৰ ওপৰত গীত ৰচনা কৰিছে, যিবোৰে গ্ৰাম্য জীৱনৰ দুখ-দুৰ্দশাৰ পৰা মুক্তিৰ বাট দেখুৱায়। সেই কণমানি ছোৱালীজনীয়ে এতিয়া ৫০ বছৰ পিছত তেওঁৰ গানেৰে শ্ৰোতাক মোহাবিষ্ট কৰে। নৌৱাৰি কপাহী শাড়ী এখন পিন্ধি, কপালত ডাঙৰ ফোট এটা লৈ বাওঁহাতে দিমাদিখন লৈ মীৰা উমপে যেতিয়া ভীম গীত গায়, তেওঁৰ সোঁহাতৰ আঙুলিকেইটাই ছন্দে ছন্দে দিমাদিত পৰে। তাতে আকৌ তেওঁৰ হাতৰ খাৰুকেইপাতেও ছন্দত নাচে। গীতে-মাতে সকলো প্ৰাণৱন্ত হৈ পৰে।

खातो तुपात पोळी भीमा तुझ्यामुळे
डोईवरची
गेली मोळी भीमा तुझ्यामुळे
काल
माझी माय बाजारी जाऊन
जरीची
घेती चोळी भीमा तुझ्यामुळे
साखर
दुधात टाकून काजू दुधात खातो
भिकेची
गेली झोळी भीमा तुझ्यामुळे

ঘীউত ডুবাই এই ৰুটি মই খাও অ’ মোৰ ভীম,
তোমাৰ বাবেই খৰি লুৰুকিবলৈ এৰিব পাৰিলো
মা কালি গৈছিল বজাৰলৈ
আনিছিল জাৰি-ব্লাউজ, তোমাৰ কাৰণেই অ’ ভীম
তোমাৰ কাৰণেই আজি গাখীৰত চেনী আৰু কাজুবাদাম খাব পাইছো অ’ ভীম
ভীক্ষাৰ পাত্ৰৰ পৰা মুক্তি পাইছো অ’ ভীম, তোমাৰ বাবেই।

*****

মীৰাবাইৰ জন্ম কোন দিনা হৈছিল, তেওঁৰ মনত নাই। কিন্তু সেই বছৰটো আছিল ১৯৬৫। মহাৰাষ্ট্ৰৰ অন্তৰৱালি গাঁৱৰ এটা দৰিদ্ৰ মাতংগ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। ৰাজ্যখনত অনুসূচিত জাতি হিচাপে অন্তৰ্ভুক্ত মাতংগ জাতিৰ লোকসকলক জাতিৰ মৰ্যাদাৰ স্তৰৰ একেবাৰে নিম্নত ৰখা হয় আৰু অস্পৃশ্য বুলি গণ্য কৰা হয়।

তেওঁৰ পিতৃ ৱমনৰাও আৰু মাতৃ ৰেশমবাইয়ে বীড় জিলাৰ গাঁৱে গাঁৱে ভজন আৰু অভং গাই ভীক্ষা মাগি ফুৰিছিল। তেওঁলোকক দলিত সম্প্ৰদায়ৰ গুণী-জ্ঞানী আৰু গায়নৰ কলা সংৰক্ষিত কৰি অহা সন্মানীয় ‘গুৰু ঘৰানা’ৰ বুলি দলিত সম্প্ৰদায়ৰ মাজত তেওঁলোকৰ আদৰ আছিল। সেয়ে মীৰাবাইয়ে কোনোদিন স্কুললৈ নগ’লেও পিতৃ-মাতৃৰ গীতে-কথাই তেওঁ অভং, ভজন আৰু কীৰ্তন শুনি শুনি ডাঙৰ হৈছিল।

PHOTO • Vikas Sontate

মহাৰাষ্ট্ৰৰ দিমাদি আৰু খঞ্জুৰি বজোৱা অন্যতম মহিলা বাদক শ্বাহিৰ মীৰা উমপ। পাৰম্পৰিকভাবে পুৰুষে বজাই অহা এই দুবিধ বাদ্যযন্ত্ৰ বজোৱাত তেওঁ পাকৈত

পৰিয়ালটোৱে তেওঁলোকৰ আঠোটাকৈ সন্তানৰ চোৱাচিতা কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। তাৰে পাঁচজনী আছিল ছোৱালী আৰু তিনিটা ল’ৰা। তাৰে মাজত ডাঙৰজনী আছিল মীৰাবাই। তাই সাত বছৰ বয়সৰ পৰাই মাক-দেউতাকৰ সৈতে গীত গাবলৈ ওলাই গৈছিল। ৱমনৰাওৱে একতাৰি বজাইছিল, তেওঁৰ সৰুজনা ভাই ভাউৰাওৱে দিমাদি। “মোৰ পিতাই আৰু খুৰাদেৱে একেলগে গীত গাই ভীক্ষা মাগিছিল,” কেনেকৈ গীত গাবলৈ আৰম্ভ কৰিলে, সেই কাহিনী প্ৰসংগত তেওঁ কয়। “এদিনাখন তেওঁলোকে পোৱা ভীক্ষাখিনিক লৈ কাজিয়া লাগিল। কাজিয়া এনে এটা পৰ্য্যায় পালে যে তেওঁলোকে বেলেগ হোৱাৰ সিদ্ধান্ত ল’লে।”

সিদিনাৰ পৰা তেওঁৰ খুৰাক বুলদানালৈ গুছি গ’ল আৰু তাই দেউতাকক গীত গোৱাত সংগ দিবলৈ ধৰিলে। তাই দেউতাকৰ পিছফালে থাকি গাবলৈ ধৰিলে। সেই কুমলীয়া মাতেৰে তাই বহু ভক্তিমূলক গীত এটাৰ পিছত আনটো শিকি পেলালে। “পিতাই জানিছিল যে এদিন মই গায়িকা হ’ম,” তেওঁ কয়।

পিছলৈ তেওঁ গৰু-ম’হ চৰোৱাৰ মাজতে তেওঁ দিমাদি বজাই গোৱা আৰম্ভ কৰিলে। “মই সৰু থাকোতে ধাতুৰ পাত্ৰই আছিল মোৰ বাদ্যযন্ত্ৰ। পানী আনোতে মোৰ আঙুলিকেইটাই কলহত বোলাইছিলো। সেয়া অভিৰুচিৰ পৰিৱৰ্তে অভ্যাসত পৰিণত হ’ল। গোটেই জীৱনটো মই এয়াই শিকিলো, স্কুললৈ নগ’লো,” মীৰাবাইয়ে কয়।

ওচৰতে নিয়মীয়া ভজন গোৱা লোকসকল গোট খাইছিল। তাতে মীৰাবাইয়ে যোগ দিলে আৰু তেওঁলোকৰ লগতে ভজন গাবলৈ আৰম্ভ কৰিলে।

राम नाही सीतेच्या तोलाचा
राम बाई हलक्या दिलाचा

ইমানেই অগভীৰ ৰামৰ হৃদয়
যে সীতাৰ সমান হ’ব নোৱাৰিলে

“মই কেতিয়াও স্কুললৈ যোৱা নাছিলো কিন্তু ৪০ খন ৰামায়ণ মোৰ কণ্ঠস্থ আছিল,” তেওঁ কয়। “শ্ৰৱণ কুমাৰৰ কাহিনী, মহাভাৰতৰ পাণ্ডৱৰ কাহিনী, কবীৰৰ শ শ দোহা আদি মোৰ মুখতে আছে।” ৰামায়ণখন তেওঁ শিলৰ ৰেখাৰে লিখা কাহিনী বুলি বিবেচনা নকৰে। তেওঁৰ মতে ৰামায়ণখন হৈছে মানুহ জীৱন্ত অভিজ্ঞতা, সংস্কৃতি, পৰ্য্যবেক্ষণ আৰু বিশ্ব দৰ্শনৰ দৃষ্টিৰে গঢ়ি উঠা এক মহাকাব্য। ঐতিহাসিক বিপৰ্য্যয় আৰু প্ৰত্যাহ্বান, তাৰ লগতে সন্মুখীন হোৱা সামাজিক বাধাৰ অভিজ্ঞতাই প্ৰতিবাৰে এই কাব্যসমূহক ন ৰূপত ঢালিছে। চৰিত্ৰসমূহ একেই আছে, কিন্তু সলনি হৈছে তাৰ প্ৰক্ষেপ আৰু বৰ্ণনা, ঘটিছে অনেকৰ সংমিশ্ৰণ।

মীৰাবাইয়ে সেই ৰামায়ণকে তেওঁৰ সামাজিক স্থিতি আৰু মৰ্য্যাদাৰ ভিত্তিত উপস্থাপন কৰিছে। হিন্দু উচ্চ জাতিৰ লোকৰ ৰামায়ণতকৈ এইখন পৃথক। তেওঁ যিখন ৰামায়ণৰ কথা কৈছে, সেইখন এগৰাকী দলিত মহিলাক কেন্দ্ৰ কৰি ৰচিত। ৰামে সীতাক কিয় অকলে এৰি গুছি গৈছিল? তেওঁ কিয় শম্বুকক হত্যা কৰিছিল? কিয় বালিক মাৰিছিল? সেই মহিলাগৰীকয়ে তেনে প্ৰশ্নবোৰ কাহিনীৰ মাজত কয় আৰু মহাকাব্যখনৰ জনপ্ৰিয় কাহিনীবোৰ যুক্তিযুক্ত ধৰণে উপস্থাপন কৰে। “এই কাহিনীবোৰ উপস্থাপনত মই হাস্যৰসো আনো,” তেওঁ কয়।

PHOTO • Ramdas Unhale
PHOTO • Labani Jangi

বাওঁফালে: কবি তুকদৌজি মহাৰাজে তেওঁক সৰুকালিতে গীত শুনি মুগ্ধ হৈ দিয়া খঞ্জুৰিখনৰ সৈতে মীৰা উমপ। তেতিয়া তেওঁৰ বয়স সাত বছৰমান হ’ব। সোঁফালে: দিমাদিৰ ব্যাখ্যা, কাঠ আৰু চামৰাৰে বনোৱা এইবিধ বাদ্য মীৰাবাইয়ে বজায়। দিমাদিৰ দৰে খঞ্জুৰিৰো দাঁতিত অতিৰিক্ত ধাতুৰ পাত বা ঘুংগুৰু থাকে। দেৱ-দেৱীৰ কাহিনী কওঁতে লোকশিল্পীয়ে এই বাদ্য ব্যৱহাৰ কৰে, নাম-কীৰ্তনত এই বাদ্য অপৰিহায্য

সংগীতৰ সুক্ষ্ম বোধ, গায়কি আৰু উপস্থাপনৰ তেওঁৰ যি শৈলী, তাৰে তেওঁ নিজেই এক ধাৰাৰ সৃষ্টি কৰিছে। বিদৰ্ভ আৰু মাৰাঠৱাড়া অঞ্চলত সহস্ৰ অনুগামী থকা এগৰাকী কবি আৰু সমাজ সংস্কাৰক তুকদৌজি মহাৰাজৰ শৈলীৰ দ্বাৰা অনুপ্ৰাণিত মীৰাবাইয়ে সংগীতৰ জগতত উচ্চস্থান অধিকাৰ কৰিছে।

তুকদৌজি মহাৰাজে তেওঁৰ কীৰ্তন পাঠত খঞ্জুৰি বজাইছিল। তেওঁৰ শিষ্য সত্যপাল চিনচোলিকৰে সপ্ত-খঞ্জুৰি বজাইছিল য’ত সাতটা পৃথক খঞ্জুৰিয়ে পৃথক স্বৰ আৰু শব্দৰ সৃষ্টি কৰে। চাংলিৰ দেৱানন্দ মালি আৰু সাতাৰাৰ হালাৰি গাজাভাৰেয়ে একেই বাদ্য বজাইছিল। কিন্তু মীৰাবাই উমপেই একমাত্ৰ সংগীতকাৰ যিয়ে অতিশয় কুশলতাৰে খঞ্জুৰি বজাব পাৰে।

লাটুৰৰ শ্বাহিৰ ৰত্নকৰ কুলকাৰ্নিয়ে গীত লিখিছিল আৰু ডাফ (শ্বাহিৰে ব্যৱহাৰ কৰি অহা পৰম্পৰাগত বাদ্যযন্ত্ৰ) বজাইছিল। তেওঁ মীৰাবাইয়ে ইমান নিপুণতাৰে খঞ্জুৰি বজোৱা আৰু সুৰীয়া কণ্ঠেৰে গীত গোৱা শুনিছিল। তেওঁ মীৰাবাইক শ্বাহিৰি (সমাজ জ্ঞানবোধ আৰু সংস্কাৰমূলক গীত) গোৱাত উৎসাহ যোগোৱাৰ আৰু সহায় কৰাৰ সিদ্ধান্ত লয়। তেতিয়া মীৰাবাইৰ বয়স ২০ বছৰ। তেনেকৈয়ে তেওঁ শ্বাহিৰিৰ জগতখনৰ প্ৰৱেশ কৰে আৰু বীড়ৰ চৰকাৰী অনুষ্ঠানবোৰত গীত গোৱা আৰম্ভ কৰে।

“ধৰ্মীয় পুথিবোৰ মোৰ মুখস্থ আছিল। কথা, সপ্তহ, ৰামায়ণ, মহাভাৰত, সত্যবন আৰু সাৱিত্ৰীৰ কাহিনী আদি, মহাদেৱ আৰু পুৰাণৰ সকলো গীত আৰু কাহিনী মোৰ কণ্ঠস্থ,” তেওঁ কয়। “ৰাজ্যখনৰ চুকে-কোণে মই সেইবোৰ শ্ৰোতাৰ আগত পাঠ কৰিছো, গাইছো। কিন্তু ই কেতিয়াও মোক সন্তুষ্টি কিম্বা প্ৰাপ্তিৰ চেতনালৈ উদ্বোধিত কৰিব পৰা নাছিল। এই গীত শুনা শ্ৰোতাকো ই কোনো বাট দেখুৱাব পৰা নাছিল।”

সেয়া আছিল বুদ্ধ, ফুলে, চাহু, আম্বেদকাৰ, তুকদৌজি মহাৰাজ আৰু গাদগে বাবা যিয়ে সমাজৰ নিম্নবৰ্গৰ বহুজন সমাজৰ সামাজিক লাঞ্চনা-বঞ্চনাৰ অভিজ্ঞতা আৰু যন্ত্ৰণাৰ কথা কৈছিল, যাৰ কথাই মীৰাবাইৰ হৃদয় চুইছিল। “বিজয়কুমাৰ গাৱাইয়ে মোক প্ৰথমটো ভীমগীত শিকাইছিল, সেইটো গীত আছিল ৱমনদাদা কাৰ্দকৰ প্ৰথমটো গীত, যিটো মঞ্চত মই উপস্থাপন কৰিছিলো,” মীৰাবাইয়ে কয়।

पाणी वाढ गं माय, पाणी वाढ गं
लयी नाही मागत भर माझं इवलंसं गाडगं
पाणी वाढ गं माय, पाणी वाढ गं

পানী দিয়া হে সখি, পানী
বেছি নালাগে, অকণমানেই দিয়া,
মোৰ এই মাটিৰ পাত্ৰটো ভৰক,
সিমানেই দিয়া সখি, সিমানেই দিয়া

“সেই দিন ধৰি মই সকলো পুথি-পাজিৰ গীত এৰি ভীমগীত গাবলৈ ল’লো।” ১৯৯১ৰ পৰা বাবাচাহেবৰ জন্ম শতিবাৰ্ষিকীৰ বছৰটোৰ পৰা তেওঁ নিজকে ভীম গীত গোৱাত উৎসৰ্গিত কৰিলে, ভীম গীত যিয়ে বাবাচাহেবৰ বাৰ্তা তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাই সমাজলৈ বুলি আগবঢ়াই নিয়া হয়। “মানুহে ভাল পাব ধৰিলে আৰু উৎসাহেৰে সঁহাৰি জনাবলৈ ধৰিলে,” শ্বাহিৰ মীৰাবাইয়ে কয়।

মীৰা উমপে গোৱা ভীম গীত শুনক

শ্বাহিৰ শব্দটো আহিছে শ্বায়ৰ বা শ্বাইৰ শব্দৰ পৰা। মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলত শ্বাহিৰসকলে পোৱাড়া শাসকসকলৰ স্তুতিত গীত লিখিছিল। আত্মাৰাম চালভেয়ে খঞ্জুৰিৰে, দাদু চালভেয়ে হাৰমনিয়ামেৰে আৰু কাদুবাই খাৰাতে একতাৰীৰে গীত গাই দলিতৰ মাজত নৱচেতনাৰ উন্মেষ ঘটাইছিল। মীৰাবাইয়ে তেওঁৰ দিমাদিখনৰ সৈতে মহাৰাষ্ট্ৰৰ সেই কেইগৰাকীমান শ্বাহিৰৰ মাজত চামিল হৈছিল। দিমাদিখনক তেতিয়ালৈকে যুদ্ধৰ বাদ্যযন্ত্ৰ হিচাপে বিবেচনা কৰি অহা হৈছিল, পুৰুষেই দিমাদি বজাইছিল। মীৰাবাইয়ে দিমাদিৰে তেনে বহুতৰ মাজৰ এটা পৰম্পৰা ভাঙিছিল।

মীৰাবাইৰ গীত আৰু বাদ্যৰ এক সুকীয়া যাদু আছে। তেওঁ আঙুলিৰে দিমাদিখনৰ বিভিন্ন স্থানত আঘাত কৰি কীৰ্তন, ভজন আৰু পোৱাড়াৰ বাবে আৱশ্যক হোৱা ভিন্ন স্বৰ সৃষ্টি কৰে। তেওঁৰ গীত লাহে লাহে খৰ গতি ধৰে, মাতত নিভাজ থলুৱা মাটিৰ কেঁচা গোন্ধ আৰু মেজাজত এক সাহসী সত্বা। গীত-বাদ্যৰ প্ৰতি তেওঁৰ উৎসৰ্গিত জীৱনে দিমাদি আৰু খঞ্জুৰিক আজিৰ তাৰিখতো জীয়াই ৰাখিছে।

মহাৰাষ্ট্ৰৰ বহু কবিয়ে প্ৰয়োগ কৰা ভাৰুড লোকশিল্পৰ শৈলী ব্যৱহাৰ কৰা কেইগৰাকীমান মহিলা শ্বাহিৰৰ মাজত তেঁৱো এগৰাকী। দুই প্ৰকাৰৰ ভাৰুড আছে - ভজনী ভাৰুড যিটো ধৰ্ম আৰু আধ্যাত্মিকতাৰ ওপৰত আধাৰিত আৰু আন প্ৰকাৰটো হৈছে সংগী ভাৰুড য’ত পুৰুষে মহিলাৰ পোচাকত মঞ্চত পৰিৱেশন কৰে। সাধাৰণতে পুৰুষসকলেই সামাজিক নাইবা ঐতিহাসিক কাহিনীৰ আধাৰত পোৱাড়া পৰিৱেশন কৰে, লগতে ভাৰুডো পৰিৱেশন কৰে। কিন্তু মীৰাবাইয়ে এই ক্ষেত্রতো পৰম্পৰাৰ সংস্কাৰ ঘটাই একেই উৎসাহ-উদ্দীপনাৰে ভাৰুড আৰু পোৱাড়া পৰিৱেশন কৰিবলৈ লয়। দৰাচলতে তেওঁৰ গীত-মাত পৰিৱেশন সেই সময়ৰ পুৰুষ পৰিৱেশকতকৈ অধিক জনপ্ৰিয় হৈ পৰে।

দিমাদি বজাই গীত গাই, নাটক দৰ্শাই শ্ৰোতাক মনোৰঞ্জন দিয়াতেই মীৰাবাই সন্তুষ্ট নহয়, সেই গীত-মাতে সমাজলৈ বাৰ্তা কঢ়িয়াই নিয়ক, সেয়া অহৰহ তেওঁৰ চেতনাত বিদ্যমান।

*****

এই দেশত কলাক কোন জাতৰ মানুহে সৃষ্টি কৰিছে, তাৰ সৈতে ওতঃপ্ৰোতঃভাৱে জৰিত আৰু তাৰ ভিত্তিতেই তাৰ স্থান আৰু মান নিৰ্ধাৰণ কৰা হয়। অনা-দলিত, অনা-বহুজন লোকে এই বাদ্যযন্ত্ৰসমূহৰ স্বৰলিপি সৃষ্টি আৰু অনুসৰণ কৰিব পাৰিলেহেঁতেননে? আৰু যদি বহিৰাগত এজনে পাৰিলেওহেঁতেন, দিমাদি কিম্বা চাম্বাল বা জুমবাৰুক এটা বজাবলৈ চেষ্টা কৰিলেই বাৰু, কিন্তু এই বাদ্যযন্ত্ৰবোৰ বজোৱাৰ কোনো লিখিত ব্যাকৰণ নাই।

মুম্বাই বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ শিক্ষাৰ্থীয়ে খঞ্জুৰি আৰু দিমাদি বজাবলৈ শিকি আছে। জনজাত শিল্পী কৃষ্ণা মুছালে আৰু বিজয় চৱনে এই ঘাতবাদ্যৰ বাবে স্বৰলিপি সৃষ্টি কৰিছে। কিন্তু এনেক্ষেত্রত ভালেখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি বিশ্ববিদ্যালয়খনৰ লোক কলা একাডেমিৰ সঞ্চালক চন্দনশিৱেয়ে কয়।

PHOTO • Medha Kale
PHOTO • Ramdas Unhale

বাওঁফালে: মুম্বাইৰ ললিত কলা একাডেমিৰ লোক কলা একাডেমিৰ সঞ্চালক গণেশ চন্দনশিৱে। তেওঁ কয় যে দিমাদি কিম্বা চাম্বালৰ নিজা কোনো সংগীত বিজ্ঞান নাই। ‘কোনেও এই বাদ্যৰ বাবে স্বৰলিপি লিখা নাই, কোনো বিজ্ঞান নাই যিয়ে ইয়াক ধ্ৰুপদী সংগীতৰ শাৰীত থিয় কৰাব পাৰে,’ তেওঁ কয়। সোঁফালে: মীৰাবাইয়ে বাদ্যযন্ত্ৰবিধ বজোৱাৰ কৌশল নিজে চাই আৰু অভ্যাসেৰে আয়ত্ব কৰিছে, তাৰ কোনো বিজ্ঞান, স্বৰলিপি কিম্বা নিজা সাংগীতিক নিয়ম নাই

“ধ্ৰুপদী বাদ্যৰ দৰে আপুনি দিমাদি নাইবা চাম্বাল কিম্বা খঞ্জুৰি বজোৱা শিকাব নোৱাৰে,” তেওঁ কয়। “তবলাৰ স্বৰলিপিবোৰ টুকি ৰাখি এজনে শিকাব পাৰে, কিন্ত একেই স্বৰলিপিৰে দিমাদি কিম্বা চাম্বাল শিকাব নোৱাৰে। কিন্তু এই বাদ্যযন্ত্ৰবোৰৰ কোনো নিজা স্বৰলিপিৰ লিখিত ইতিহাস নাই। ধ্ৰুপদী সংগীতৰ মৰ্য্যাদা পাবলৈ এনে বাদ্যযন্ত্ৰৰ ক্ষেত্রত কোনোৱে কোনো বিজ্ঞান ৰচনা কৰি থৈ যোৱা নাই,” তেওঁ কয়।

কোনো বিজ্ঞান অবিহনেই মীৰাবাইয়ে দিমাদি আৰু খঞ্জুৰি শিকিছে। তেওঁ কেতিয়াও দিমাদি বা খঞ্জুৰি বজাওতে ধা কিম্বা তা-ৰ কথা ভবা নাই। কিন্তু তেওঁ যিদৰে বজায়, সেয়া কোনো ধ্ৰুপদী সংগীতৰ ছন্দতকৈ কম নহয়। বাদ্যবিধেই তেওঁৰ নিজৰ। সেয়ে তেওঁ যিদৰে দিমাদি বজাব পাৰে, সেয়া কোনো লোককলা একাডেমিৰ মানুহে বজাই দেখুৱাব নোৱাৰে।

বহুজন সম্প্ৰদায়ৰ জাতিবোৰ মধ্যবিত্তত প্ৰৱেশ কৰা হেতুকে তেওঁলোকৰ নিজা কলাসুলভ পৰম্পৰাগত প্ৰকাশভংগী লোপ পাইছে। আন চহৰলৈ কামৰ সন্ধানত নাইবা শিক্ষাৰ বাবে ওলাই যোৱাৰ ফলত তেওঁলোকে নিজৰ পৰম্পৰাগত কলা আৰু জীৱিকাৰ পৰা আঁতৰি আহিছে। এই কলাসমূহ সেয়ে নথিবদ্ধ কৰাৰ অতিকৈ প্ৰয়োজন আহি পৰিছে। এই কলাসমুহৰ নিজা ঐতিহাসিক আৰু ভৌগোলিক প্ৰসংগ আছে। ইয়ে কেতবোৰ প্ৰশ্নৰ সমিধান আমাক দিব পাৰে। উদাহৰণ স্বৰূপে  জাত-পাতৰ সংঘৰ্ষকে ধৰি অনান্য সংগ্ৰামত তেওঁলোকৰ অভিব্যক্তি ফুটি উঠে। আৰু সেই অভিব্যক্তি কিদৰে, কি ৰূপত ফুটি উঠে? বিশ্ববিদ্যালয় কিম্বা শৈক্ষিক অনুষ্ঠানে এইবোৰ দিশ কোনো কাৰণতে বিবেচনা কৰি চোৱা নাই।

প্ৰতিটো জাতিৰে নিজস্ব লোককলা আৰু বৈচিত্ৰতা আছে। তেওঁলোকৰ পৰম্পৰা আৰু লোকসংস্কৃৰি ভাণ্ডাৰৰ গৱেষণাৰ বাবে নিৰ্ধাৰিত গৱেষণা কেন্দ্ৰ থকা উচিত। এয়া অৱশ্যে কোনো অ-ব্ৰাহ্মণ আন্দোলনৰ ওপৰত ভিত্তিত নহয়। কিন্তু মীৰাবাইয়ে এই দৃশ্য সলনি কৰিব বিচাৰে। “মই এনে এটা অনুষ্ঠান আৰম্ভ কৰিব বিচাৰো য’ত নৱপ্ৰজন্মই খঞ্জুৰি, একতাৰি আৰু ধোলাকি বজোৱা শিকিব,” তেওঁ কয়।

তেওঁ ৰাজ্যিক পৰ্য্যায়ত এইক্ষেত্রত কোনো সাহায্য পোৱা নাই। তেওঁ চৰকাৰলৈ আবেদন কৰিছেনে কেতিয়াবা? “মই লিখিব-পঢ়িব পাৰো জানো? চৰকাৰী অনুষ্ঠান আদিত গ’লে মই বিষয়ববীয়াক অনুৰোধ জনাওঁ। এই সপোন পুৰোৱাত সহায় কৰাতো বিচাৰো। কিন্তু চৰকাৰে দুখীয়াৰ গীত-বাদ্যক গুৰুত্ব দিয়ে জানো?”

PHOTO • Labani Jangi
PHOTO • Labani Jangi

ডাফ, শ্বাহিৰসকলে পোৱাড়া (স্তুতিগীত) গোৱাৰ সময়ত ব্যৱহাৰ কৰা এবিধ ঘাতবাদ্য, লগত টুনটুনে - গোন্ধালিসকলে (সম্প্ৰদায়) ভৱানী আই (তুলজা ভৱানী)ৰ আশীৰ্বাদ বিচাৰি বজোৱা এবিধ বাদ্যযন্ত্ৰ। সোঁফালে: দক্কালৱাৰ সম্প্ৰদায়ে সৃষ্টি কৰা এবিধ বাদ্য কিংৰি। আন এবিধ কিংৰি, য’ত তিনিটা ৰিজ’নেটৰ থাকে আৰু টিউন কৰা আৰু বজোৱাৰ বাবে এটা কাঠৰ পিকক থাকে

PHOTO • Labani Jangi
PHOTO • Labani Jangi

বাওঁফালে: গোন্ধালসকলে দেৱীপূজাত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰ চাম্বাল। এটা ফালে কাঠৰ খোলা থাকে, ওপৰত চামৰা। এইবিধ বাদ্যযন্ত্ৰ দুডাল মাৰিৰে বজোৱা হয়, মাৰিৰ আগটো ভাঁজলগা। গোন্ধালিসকলে এই বাদ্যযন্ত্ৰ বজায়। সোঁফালে: হালগি এবিধ মাংগ সম্প্ৰদায়ৰ লোকে উচৱ-পাৰ্বণত বজোৱা এবিধ বাদ্যযন্ত্ৰ। মন্দিৰ আৰু দৰগাহতো এই বাদ্যযন্ত্ৰ বজোৱা হয়

*****

ৰাজ্য চৰকাৰে মীৰাবাইক অৱশ্যে আহ্বান জনোৱা এতিয়ালৈ নাই। মীৰাবাইৰ শ্বাহিৰি আৰু গীতে বৃহত্তৰ জনতাক আকৰ্ষিত কৰে, সেয়ে চৰকাৰে সেই সুবিধা গ্ৰহণ কৰি বিভিন্ন সজাগতামূলক অনুষ্ঠান আৰু অভিযানত তেওঁক নিযুক্তি কৰি আহিছে। এনে অনুষ্ঠানত তেওঁ প্ৰায়ে সৰু সৰু ধেমেলীয়া নাটৰ যোগেদি স্বাস্থ্য, নিচাসক্তি দূৰীকৰণ, যৌতুক প্ৰথা আৰু মন নিবাৰণৰ বাৰ্তা প্ৰেৰণ কৰা কাম কৰি আহিছে।

बाई दारुड्या भेटलाय नवरा
माझं नशीब फुटलंय गं
चोळी अंगात नाही माझ्या
लुगडं फाटलंय गं

মোৰ গিৰিটো মদাহী
পোৰা কপাল মোৰ
পিন্ধিবলৈ ৰিহা নাই,
চাদৰখনো গৈছে ফাটি।

তেওঁৰ নিচাসক্তি বিৰোধী অভিযানৰ কাৰ্য্যসূচীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা ব্যচানমুক্তি সেৱা বঁটা লাভ কৰিছে। তেওঁক আকাশবাণী কেন্দ্ৰ আৰু দূৰদৰ্শনেও গীত পৰিৱেশনৰ বাবে মাতিছে।

*****

কিন্তু সকলো ভাল কামৰ পিছতো মীৰাবাইৰ জীৱনটো কষ্টকৰ। “মোৰ ঘৰ নাছিল আৰু সহায় কৰিবলৈ কোনো নাছিল,” শেহতীয়া দুৰ্ভাগ্যজনক পৰিস্থিতিৰ বৰ্ণনা দি তেওঁ কয়। “লকডাউনৰ সময়ত (২০২০) মোৰ ঘৰটো বিদ্যুৎস্পৃষ্ট হৈ জ্বলি যায়। আমি ৰাস্তাত থাকিবলগীয়া হ’ল। আম্বেদকাৰৰ অনুগামীয়ে মোক এইটো ঘৰ সজাত সহায় কৰি দিলে,” তেওঁ নতুন ঘৰটোৰ টিনৰ বেৰ আৰু চালিখনলৈ দেখুৱাই কয়।

PHOTO • Ramdas Unhale
PHOTO • Ramdas Unhale

এগৰাকী লোকশিল্পী শ্বাহিৰ মীৰা উমপে বহু প্ৰশংসা আৰু বঁটা বুটলিছে যদিও তেওঁৰ জীৱনটো সংগ্ৰামেৰে ভৰা। চিকালথানা, ছত্ৰপতি চম্ভাজী নগৰৰ তেওঁৰ সৰুকৈ টিনৰ চালি দিয়া ঘৰটো

বিভিন্ন বঁটা যেনে আন্নাভাউ চাথে, বাল গন্ধৰ্ব আৰু লক্ষ্মীবাই কোলহাপুৰকাৰ বঁটা আৰু ভূয়সী প্ৰশংসা বোটলা এই শিল্পীগৰাকীৰ এনে দুৰ্দশা। মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ সাংস্কৃতিক অৰিহণাৰ বাবে ৰাজ্যিক বঁটা প্ৰদান কৰিছে। এই বঁটাবোৰ তেওঁৰ বেৰত সজোৱা আছে।

“এইবোৰে আপোনাৰ চকুহে শুৱাব, মই কৈছো আপোনাক,” মীৰাবাইৰ চকুকেইটা সেমেকি উঠে। “এইবোৰ চাই পেট নভৰে। ক’ৰনাৰ সময়ত আমি ভোকত মৰিবলগীয়া অৱস্থা আছিল। সেই সময়ত এই প্ৰশংসাপত্ৰই পুৰিবলগীয়া হৈছিল। ভোক এই বঁটাবোৰতকৈ বেছি শক্তিশালী।”

স্বীকৃতি পাওঁক কি নাপাওক, মীৰাবাইয়ে তেওঁৰ শিল্পচৰ্য্যা আগবঢ়াই নিছে। মানৱতা, মানুহৰ প্ৰতি ভালপোৱা আৰু অনুকম্পাৰ বাটেৰে তেওঁ কিবদন্তি সংস্কাৰকে লেখি থৈ যোৱাৰ দৰে একে বাট কাটি আগবাঢ়িছে। সাম্প্ৰদায়িক আৰু বিভেদকামী শক্তিৰ বিৰুদ্ধেও তেওঁ নিজৰ শিল্প আৰু কণ্ঠ ব্যৱহাৰ কৰি আহিছে। “মই মোৰ শিল্পৰ বজাৰলৈ নিব নোখোজো। ৰাইজে সন্মান দিলে সেয়া শিল্প, অন্যথা ই অৰ্থহীন।”

মই কেতিয়াও মোৰ শিল্পক তৰল হ’বলৈ দিয়া নাই। যোৱা দুকুৰি বছৰত মই দেশৰ বিভিন্ন ঠাইত ভ্ৰমিছো। কবীৰ, তুকাৰাম, তুকদৌজি মহাৰাজ আৰু ফুলে-আম্বেদকাৰৰ বাৰ্তা বিলাই ফুৰিছো। সেই বৰণীয় ব্যক্তিসবৰ গীত আৰু গাথা মোৰ কলা-প্ৰদৰ্শনৰ যোগেদি জীয়াই ৰখাৰ চেষ্টা কৰিছো।

“গাত শেষ বিন্দু তেজ থকা পৰ্যন্ত মই ভীম গীত গাই যাম। সেয়াই মোৰ জীৱনৰ শেষ হ’ব, তেনেকৈয়ে জীৱনৰ পৰম সত্যত উপনীত হৈ সন্তোষ পাম।”

এই ভিডিঅ’টো ‘ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দ্য আৰ্টছে তেওঁলোকৰ আৰ্কাইভ এণ্ড মিউজিয়ামছ প্ৰগ্ৰেমৰ অধীনত পিপলছ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ সহযোগত ৰূপায়ণ কৰা প্ৰকল্প ‘Influential Shahirs, Narratives from Marathwada’ শীৰ্ষক সংকলনৰ অংশ। গইটে-ইনষ্টিটিউট/মেক্স মুলাৰ ভৱন নতুন দিল্লীৰ আংশিক সহায়ত এই কাম সম্ভৱ হৈছে।

অনুবাদ: পংকজ দাস

Keshav Waghmare

Keshav Waghmare is a writer and researcher based in Pune, Maharashtra. He is a founder member of the Dalit Adivasi Adhikar Andolan (DAAA), formed in 2012, and has been documenting the Marathwada communities for several years.

Other stories by Keshav Waghmare
Editor : Medha Kale

Medha Kale is based in Pune and has worked in the field of women and health. She is the Translations Editor, Marathi, at the People’s Archive of Rural India.

Other stories by Medha Kale
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Illustrations : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das