“শিক্ষক হিচাপে মই শিকিছো মোৰ শিক্ষাৰ্থীৰ প্ৰতি আকুণ্ঠ আৰু নিস্বাৰ্থ চেনেহ আৰু সিহঁতক সকলো প্ৰকাৰে আদৰি লোৱা!”

মেধা টেংচেয়ে বৰ বিনয়েৰে, কিন্তু দৃঢ়তাৰে কথাটো দাঙি ধৰে। এগৰাকী বিশেষ শিক্ষক মেধা সাধনা গাঁৱৰ প্ৰতিস্থাপক সদস্য। তাত ৩০ জন বিভিন্ন বয়স আৰু বৌদ্ধিক সামৰ্থ্যৰ লোকক মৌলিক পাৰদৰ্শিতাৰ আদিপাঠ শিকোৱা হয়। তাৰ লগতে সংগীত, ছবি অঁকা আৰু নৃত্যও শিকোৱা হয।

সাধনা গাওঁখন আচে পুণে জিলাৰ মুলচি ব্লকত। বৌদ্ধিকভাৱে বিশেষ বয়স্কসকলৰ বাবে এই আৱাসিক প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকলক ‘বিশেষ বন্ধু’ বুলি কোৱা হয আৰু সাংবাদিক হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত মেধা তাইয়ে ১০ গৰাকী আৱাসিক শিক্ষাৰ্থীৰ আগত তেওঁৰ ভূমিকা গ্ৰুহ মাতা (গৃহমাতৃ) হিচাপে উপস্থাপন কৰে। তাৰ অৰ্থ হৈছে “এগৰাকী মাতৃ যি এগৰাকী শিক্ষকো।”

এই আত্মিকতাৰ বান্ধোন সত্যভামা আলহাতেও বুজি পায়। পুণেৰ ধয়াৰি স্কুল ফৰ হেযাৰিং ইমপেয়াৰ্ড নামে বিদ্যালয়খনৰ এই বিশেষ শিক্ষয়িত্ৰী সেইবাবে তেওঁৰ সৈতে একমত। “আমাৰ দৰে আৱাসিক স্কুলত পঢ়ুওৱা শিক্ষকসকল আচলতে এগৰাকী অভিভাৱকো, আৰু আমি আমাৰ ল’ৰা-ছোৱালীহঁতক সিহঁতৰ ঘৰখনলৈ মনত পেলাই দুখ কৰাৰ সুৰুঙা নিদিও,” নাগ পঞ্চমী উপলক্ষে কেইগৰাকীমান ছাত্ৰীক ফুগাড়ি খেল শিকাবলৈ আগবঢ়া সত্যাভামাই কয়। ধয়াৰি হৈছে এখন প্ৰাথমিক বিদ্যালয়। ৪০ গৰাকী আৱাসিক শিক্ষাৰ্থী থকা স্কুলখনত ১২ গৰাকী বিশেষজ্ঞ শিক্ষক আছে। তেওঁলোক মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী, পশ্চিমবংগ আৰু ৰাজস্থান তথা আন আন স্থানৰ পৰা তালৈ আহিছে।

Left: Medha Tengshe, founder member of Sadhana Village says all teachers should visit at least one school for special children to see what can be achieved through gentle words.
PHOTO • Urja
Right: Kanchan Yesankar says, ‘All the 30 friends here fight but they also love each other’
PHOTO • Urja

বাওঁফালে: সাধনা গাঁৱৰ প্ৰতিষ্ঠাপক সদস্য মেধা টেংচেযে কয় যে সকলো শিক্ষকেই অন্ততঃ বিশেষভাৱে সক্ষম শিক্ষাৰ্থী থকা স্কুললৈ এবাৰ হ’লেও আহিব লাগে, চাব লাগে কেনেকৈ মৰমসনা কথাৰে আকাংক্ষিত ফলাফল পাব পাৰি। সোঁফালে: কাঞ্চন যেছংকৰে কয, ‘’ইয়াৰ ৩০ জন বন্ধুৰ আটাইয়ে নিজৰ মাজতে যুঁজি থাকে, কিন্তু পৰস্পৰক আকৌ ভালো পায়

Satyabhama Alhat is a special teacher at the Dhayari School for the Hearing Impaired in Pune . She plays phugadi and other traditional games with girls and boys as they celebrate Nag Panchami. ‘A teacher at a residential school like ours is also a parent,' she says
PHOTO • Urja
Satyabhama Alhat is a special teacher at the Dhayari School for the Hearing Impaired in Pune . She plays phugadi and other traditional games with girls and boys as they celebrate Nag Panchami. ‘A teacher at a residential school like ours is also a parent,' she says
PHOTO • Urja

সত্যভামা আলহাত দয়াৰি স্কুল ফৰ দা হেয়াৰিং ইম্পেয়াৰ্ড, পুণেৰ এগৰাকী বিশেষ শিক্ষক। তেওঁ নাগ পঞ্চমী উপলক্ষে ল’ৰা-ছোৱালীবোৰক ফাগুড়ি আৰু আন পৰম্পৰাগত খেল-ধেমালী শিকাইছে। ‘’আৱাসিক স্কুলত কাম কৰা শিক্ষকসকল একো-একোগৰাকী অভিভাৱকো, তেওঁ কয়

সত্যভামাই পাৰিক কয় যে ল’ৰা-ছোৱালীৰ মাক-দেউতাকে সন্তানক ইয়ালৈ পঠিয়াবলৈ ভাল পায়, কিয়নো ইয়াত পঢ়িবলৈ কোনো মাচুল দিব নালাগে আৰু সা-সুবিধা তথা শিক্ষকৰ বিষয়ে বহুত ভাল কথা স্কুলখনৰ পৰা ওলাই যোৱা ল’ৰা-ছোৱালীৰ মুখৰ পৰা অভিভাৱকে শুনিছে। মাচুল দিব নলগীয়া, লগতে আৱাসিক স্কুল হোৱাৰ বাবে স্কুলখনলৈ সকলোৰে আগ্ৰহ কৰে - ৪ বছৰ আৰু চাৰে-চাৰি বছৰীয়া ল’ৰাইও এই স্কুলৰ নামভৰ্তি কৰাব পাৰে। কেৱল বধিৰ ল’ৰা-ছোৱালীৰ এডমিচনৰ বাবেই নহয়, “ভালকৈ শুনা পোৱা ল’ৰা-ছোৱালীৰ মাক-দেউতাকেও স্কুলখন ভাল পায় বাবে এডমিচনৰ খবৰ লয়। আমি তেওঁলোকক ওভতাই পঠিয়াবলগীযা হয়,” সত্যভামাই কয়।

শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম লোকৰ শিক্ষকক বিশেষ শিক্ষক বুলি কোৱা হয় আৰু তেওঁলোকক ব্যক্তি পৰ্য্যায়ৰ স্বকীয়তা, অক্ষমতা আৰু বিশেষ প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব ৰাখি শিক্ষাদান কৰা হয়, যাতে তেওঁলোক স্ব-নিৰ্ভৰশীল হৈ উঠিব পাৰে। ইয়াৰে বহু শিক্ষকে বিশ্বাস কৰে যে কৌশল আৰু পদ্ধতিতকৈ বিশেষ শিক্ষা অধিক গুৰুত্বপূৰ্ণ। এয়া শিক্ষক আৰু শিশুৰ মাজৰ এক বিশ্বাস আৰু আন্তৰিক বান্ধোনৰ বিষয়। ২০১৮-১৯ত, মহাৰাষ্ট্ৰত ১ম মানৰ পৰা ১০ মানলৈ নামভৰ্তি কৰোৱা বিশেষ আৱশ্যকতা থকা শিশু (চি.ডব্লিউ.এছ.এন.)ৰ সংখ্যা আছিল ৩,০০,৪৬৭ । মহাৰাষ্ট্ৰত বিশেষ আৱশ্যকতা থকা শিশুৰ বাবে স্কুলৰ সংখ্যা ১,৬০০ ।

বিশেষভাৱে সক্ষম ব্যক্তিৰ ২০১৮ৰ ৰাজ্যিক নীতি অনুযায়ী বিশেষ শিশুই শিক্ষাৰ সুবিধা পাব পৰাকৈ স্কুলে প্ৰতি অতিকমেও এজনকৈ হ’লেও বিশেষ শিক্ষক থাকিব লাগে। কিন্তু মেধা তাইৰ মতে ৯৬ খন গাওঁ থকা মুলচি ব্লকটোত ২০১৮ত কেৱল ৯ জনহে বিশেষ শিক্ষক নিযুক্তি দিয়া হৈছিল।

বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীৰ শিক্ষকে তেওঁলোকৰ ব্যক্তিগত স্বকীয়তা, অক্ষমতা আৰু বিশেষ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি পাঠদান কৰে আৰু তেওঁলোক স্বাৱলম্বী কৰি তোলাৰ চেষ্টা কৰে

ভিডিঅ'টো চাওক: বিশেষ শিক্ষাৰ্থীৰ বাবে বিশেষ শিক্ষক

*****

বিশেষ শিক্ষক এজনক বিশেষ শিক্ষণ শৈলীৰ প্ৰয়োজন হয়। এয়া সহজ কাম নহয়, “বিশেষকৈ শিক্ষাৰ্থীসকল যেতিয়া আপোনাৰ পিতৃ-মাতৃৰ বয়সৰ হয়,” ইয়াত যোৱাবছৰৰ পৰা কাম কৰি থকা ৱাৰ্ধাৰ ২৬ বছৰীয়া সমাজকৰ্মী ৰাহুল ৱাংখেড়েয়ে কয়। তেওঁৰ জ্যেষ্ঠ সহকৰ্মী কাঞ্চন যেছংকৰ (২৭)ৰো ঘৰ ৱাৰ্ধাত। তেওঁ পাঁচ বছৰ ধৰি এই বিশেষ শ্ৰেণীৰ শিক্ষাৰ্থীক শিক্ষাদান কৰি আহিছে আৰু ইয়ে তেওঁক এজন সুখী ব্যক্তি কৰি তোলাত সহায় কৰা বুলি পাৰিক কয়।

বিশ বছৰীয়া কুনাল গুজৰৰ বৌদ্ধিক স্তৰ সীমাৰেখাৱৰ্তী আৰু তেওঁৰ বাওঁহাতখন দুৰ্বল। সামূহিক কৰ্মী ৩৪ বছৰ বয়সীযা মযুৰী গাইকোৱাড আৰু তেওঁৰ সহকৰ্মীসকলে কুনালৰ লগতে আন সাতজন বিশেষ শিশুৰ বাবে পাঠদান কৰে। “তেওঁ আমাক গান গাবলৈ আৰু নেওতা পঢ়ায় আৰু ব্যায়াম কৰায়। হাত আছে কাৰাচে, মাগ আছে, মাগ আছে (হাতখন এনেকৈ ঘুৰোৱা, তাৰপিছত এনেকৈ, এনেকৈ),” পুণেৰ কাষৰীযা হাদচিৰ কালেকাৰ ৱাদিত থকা দেৱৰাই কেন্দ্ৰত নিজৰ শিক্ষকসকলৰ বিষযে তেওঁ এনেকৈ কয়।

এই শিশুসকলৰ সৈতে একাত্ম হোৱা আৰু মৰম দিয়াটো বিশেষ শিক্ষকৰ ভূমিকা পালন কৰাৰ প্ৰথম চৰ্ত, কাটকাৰি আদিবাসী শিশুৰ সৈতেও কাম কৰা আৰু পুথিভৰাল চলোৱা ময়ুৰীয়ে কয়। তেওঁ এগৰাকী খেতিয়ক আৰু সামূহিক কৰ্মী। বিশেষভাৱে সক্ষম শিশুৰ সৈতে কাম কৰাৰ বাবে তেওঁ আগ্ৰহে তেওঁক দেৱৰাই কেন্দ্ৰত শিক্ষক হিচাপে আগবাঢ়ি অহাত সহায় কৰিছিল।

সংগীতা কালেকৰৰ পুত্ৰ সোহমৰ এপিলেপ্টিক চিজাৰ আছে আৰু তেঁৱেই সোহমৰ একমাত্ৰ শিক্ষক - তেওঁক বহাৰ পৰা উঠালৈ, সকলোখিনি ময়ুৰীয়ে শিকায়। “তেওঁ এতিযা ‘আই, আই’ বুলি ক’ব পৰা হৈছে,” তেওঁ কয়। দহ বছৰীয়া সোহমে এটা চাবিৰ সৈতে খেলি আছে। চাবিটো এবাৰ মাটিত পেলায় দিযে আৰু শব্দটো শুনে।

At Sadhana Village, Rahul Wankhede (left) in a dance session with special friends. ‘We have to teach them according to their mood,’ he says. Kanchan Yesankar is a social worker and teacher and is seen here (right) in a dance session. ‘I try to use dance to get my students to be active. I also use many dance therapies,’ she says
PHOTO • Urja
At Sadhana Village, Rahul Wankhede (left) in a dance session with special friends. ‘We have to teach them according to their mood,’ he says. Kanchan Yesankar is a social worker and teacher and is seen here (right) in a dance session. ‘I try to use dance to get my students to be active. I also use many dance therapies,’ she says
PHOTO • Urja

সাধনা গাঁৱত ৰাহুল ৱাংখেড়েয়ে বিশেষ বন্ধুসকলক নাচ শিকাইছে। ‘তেওঁলোকৰ মনৰ ইচ্ছা অনুযায়ী আমি শিকাবলগীযা হয়,’ তেওঁ কয়। কাঞ্চন যেছংকৰ এগৰাকী সামাজিক কৰ্মী আৰু শিক্ষক, এতিয়া তেওঁ ছাত্ৰ-ছাত্ৰীক নাচ শিকাইছে। ‘মই মোৰ ছাত্ৰ-ছাত্ৰীক সক্ৰিয় কৰি ৰাখিবলৈ নাচিবলৈ শিকাও। নাচৰ জৰিয়তে থেৰাপি দিয়াৰো চেষ্টা কৰোঁ,’ তেওঁ কয়

Left: Sangita Kalekar's 10-year-old son Soham has severe epileptic seizures and cannot speak much, but ‘he can now say aai, aai ,’ says his mother.
PHOTO • Urja
Right: In Hadshi, Phulabai Loyare (far left) with her daughter, Nanda, Sangita Kalekar (in red) with K unal Gujar and Mayuri Gaikwad (far right)
PHOTO • Urja

বাওঁফালে: সংগীতা কালেকাৰৰ ১০ বছৰীয়া পুত্ৰ সোহমৰ গুৰুতৰ এপিলেপ্টিক চিজাৰ আছে আৰু বেছি কথা ক’ব নোৱাৰে, কিন্তু ‘তেওঁ এতিয়া আই আই বুলি ক’ব পৰা হৈছে,’ তেওঁৰ মাকে কয়। সোঁফালে: হাদছিত নিজৰ জীয়েকৰ সৈতে ফুলাবাই লয়াৰে (বাওঁফালে, একেবাৰে দূৰত), নন্দা, সংগীতা কালেকাৰ (ৰঙা পোচাক পৰিহিতা), লগত কুনাল গুজৰ আৰু ময়ুৰী গাইকোৱাড (একেবাৰে সোঁফালে)

আন এখন আৱাসিক প্ৰতিষ্ঠান ধয়াৰী স্কুল ফৰ হেযাৰিং ইমপেয়াৰ্ড, পুণেত কোনো শিশুৱে যদি শব্দ এটাও কৰিছে, তেতিয়া সেয়া কথা কোৱাৰ দিশে এটা খোজ বুলিব পাৰি। এই শব্দ আৰু অংগী-ভংগীৰ উপৰিও “তেওঁলোক নিজৰ বয়সৰ আন সাধাৰণ ল’ৰা-ছোৱালীতকৈ বিশেষ একো বেলেগ নহয়,” প্ৰতিষ্ঠানটোত যোৱা ২৪ বছৰ ধৰি কাম কৰি অহা সত্যভামা আলহাতে কয়।

এইখন সেই ৩৮ খন স্কুলৰ এখন, যিখন আৰম্ভ কৰিছিল পুণেত যোৱা ৫০ বছৰ ধৰি বিশেষ শিক্ষকসকলক প্ৰাতিষ্ঠানিক প্ৰশিক্ষণ দি অহা সুহ্ৰুদ মণ্ডল প্ৰতিষ্ঠানে। এই প্ৰতিষ্ঠানত প্ৰশিক্ষিত শিক্ষকে বি.এড. (বধিৰ) নাইবা ডিপ্ল’মা পাঠ্যক্ৰম কৰিছে আৰু বিশেষ শিক্ষক হোৱাৰ বাবে চাই-চিতি তেওঁলোকক বাচনি কৰা হয়।

চতুৰ্থ শ্ৰেণীৰ ব্লেকব’ৰ্ডখন ধুনীয়া ছবিৰে ভৰি আছে। এটা ঘৰৰ ছবি, এটা ঘোৰা, এটা কুকুৰ আৰু এটা পুখুৰী। এই শব্দকেইটা আজি মোহন কানেকাৰে তেওঁৰ ছাত্ৰ-ছাত্ৰীক শিকাব। ২১ বছৰীয়া অভিজ্ঞতা থকা ৫৪ বৰ্ষীয় প্ৰশিক্ষিত শিক্ষকগৰাকীয়ে টোটেল কমিউনিকেচন বুলি এক পদ্ধতি ব্যৱহাৰ কৰে। এই পদ্ধতিত বধিৰ ছাত্ৰ-ছাত্ৰীক শিকাবলৈ উক্তি, লিপ-ৰিডিং, সংকেত আৰু লিখনী ব্যৱহাৰ কৰে। তেওঁৰ শিক্ষাৰ্থীসকলে প্ৰতিটো সংকেত চাই বিভিন্ন সুৰ আৰু প্ৰকাশভংগীৰে শব্দটো ক’বলৈ যত্ন কৰে। তেওঁলোকৰ শব্দই কানেকাৰৰ মুখলৈ হাঁহি আনে আৰু তেওঁ প্ৰতিজন শিশুৰে উচ্চাৰণ শুদ্ধ কৰিবলৈ যত্ন কৰে।

At the Dhayari School for the Hearing Impaired, Aditi Sathe (left) using picture cards . Sunita Zine (right) is the hostel superintendent and is teaching colours and Marathi alphabets to the youngest students
PHOTO • Urja
At the Dhayari School for the Hearing Impaired, Aditi Sathe (left) using picture cards . Sunita Zine (right) is the hostel superintendent and is teaching colours and Marathi alphabets to the youngest students
PHOTO • Urja

ধয়াৰী স্কুল ফৰ হেয়াৰিং ইমপেয়াৰ্ডত আদিতি সাথে (বাওঁফালে)য়ে পিকচাৰ কাৰ্ড ব্যৱহাৰ কৰিছে। সুনীতা জীনে (সোঁফালে) হোষ্টেলৰ অধীক্ষক আৰু তেওঁ ৰঙৰ কথা পঢ়াইছে, লগতে সৰুবোৰক মাৰাঠী আখৰ লিখিবলৈ শিকাইছে

Mohan Kanekar (left) is an experienced special teacher at Dhayari School for the Hearing Impaired. He is teaching Marathi words to Class 4. ‘You have to be good at drawing if you want to teach these students,’ he says. A group of girls (right) in his class following the signs and speech of their teacher
PHOTO • Urja
Mohan Kanekar (left) is an experienced special teacher at Dhayari School for the Hearing Impaired. He is teaching Marathi words to Class 4. ‘You have to be good at drawing if you want to teach these students,’ he says. A group of girls (right) in his class following the signs and speech of their teacher
PHOTO • Urja

মোহন কানেকাৰ (বাওঁফালে) ধয়াৰী স্কুল ফৰ হেযাৰিং ইমপেয়াৰ্ডৰ এগৰাকী বিশেষ অভিজ্ঞ শিক্ষক। তেওঁ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক মাৰাঠী শব্দ শিকাইছে। ‘এই শিশুসকলক পঢ়াবলৈ হ’লে আপুনি ভাল ছবি আকিব পৰা হ’ব লাগিব,’ তেওঁ কয়। তেওঁৰ শ্ৰেণীক শিক্ষকৰ সংকেত আৰু উক্তি বুজিবলৈ কেইগৰাকীমান ছোৱালীয়ে (সোঁফালে) চেষ্টা কৰিছে

আন এক শ্ৰেণীকোঠাত আদিতি সাথেৰ নিজৰ বাক-অক্ষমতা ‘ষ্টেপ ৩’ শ্ৰেণীত সাতটা ল’ৰা-ছোৱালীক শিকোৱাত অন্তৰায় হৈ উঠা নাই। তেওঁ ১৯৯৯ৰ পৰা স্কুলখনত সহায়ক হিচাপে কাম কৰি আহিছে।

তেওঁ আৰু তেওঁৰ শিক্ষাৰ্থীসকলৰ একেটা হলঘৰৰে আনটো শ্ৰেণীকোঠাৰ পৰা ভাঁহি অহা ‘চিঞৰ-বাখৰ’ত মনযোগ ভঙা নাই। তাত সুনীতা জিনে আটাইতকৈ সৰুবোৰক পঢ়াই আছে। হোষ্টেলৰ ৪৭ বছৰ বয়সীয়া অধীক্ষকজনে ৰঙৰ কথা শিকাইছে আৰু শ্ৰেণীকোঠাত থকা শিক্ষাৰ্থীসকলে হলঘৰটোত ইফালৰ পৰা সিফাললৈ ৰং বিচাৰি ঢপলিয়াই ফুৰিছে। এটা নীলা বেগ, এখন ৰঙা শাড়ী, ক’লা চুলি, হালধীয়া ফুল… দেখা পাই সিহঁতে আনন্দত চিঞৰিছে, কিছুমান শব্দ কৰিছে, কিছুমানে কেৱল হাততালি দিছে। প্ৰশিক্ষিত শিক্ষক হিচাপে তেওঁৰ মুখৰ অভিব্যক্তিয়ে ভালেখিনি সহায় কৰে।

“আজিৰ সমাজখন এনেকৈ হিংসা আৰু আগ্ৰাসী মনোভাৱেৰে ভৰি পৰিছে যে আমি আমাৰ বুদ্ধিমত্তা আৰু সফলতাৰ ওপৰত, অনুশাসন আৰু শাস্তিৰ ওপৰত প্ৰশ্ন কৰিবলগীয়া হৈছে,” মেধা তাইয়ে কয়। প্ৰতিজন শিক্ষকে বিশেষ শিশুৰ বাবে পতা স্কুলবোৰলৈ এবাৰ হ’লেও আহিব লাগে আৰু চাব লাগে কেনেকৈ “মৰমসনা কথাৰে জগত জিনিব পাৰি।”

এই ষ্ট’ৰিটো কৰাত সহায় আগবঢ়োৱাৰ বাবে প্ৰতিবেদকে চুহৰাদ মণ্ডলৰ ড. অনুৰাধা ফাটাৰফোড়লৈ ধন্যবাদ জনাব বিচাৰিছে।

Hand prints on the wall by special friends and volunteers working at Sadhana Village
PHOTO • Urja

বেৰত সাধনা গাঁৱত বিশেষ বন্ধু আৰু স্বেচ্ছাসেৱকসকলৰ হাতৰ চাপ


Special friends sharing happy moments with their teachers
PHOTO • Urja

বিশেষ বন্ধুসকলে শিক্ষকৰ সৈতে কটোৱা এটা সুখৰ মুহূৰ্ত

A stall set up by special friends living at Sadhana Village selling rakhi and other handmade items like handbags and pouches made by them. ‘They like to make things with their hands,’ says Kanchan Yesankar, a social worker and teacher
PHOTO • Urja

সাধনা গাওঁ নিবাসী বিশেষ বন্ধুসকলে ৰাখী আৰু তেওঁলোকে নিজ হাতে সজা বেগ, পাউচ আদি বিক্ৰীৰ  বাবে বিপণি পাতিছে। ‘তেওঁলোকে নিজ হাতে সামগ্ৰী বনাই ভাল পায়,’ এগৰাকী সমাজকৰ্মী তথা শিক্ষক কাঞ্চন যেচংকৰে কয়

A special friend showing mehendi on his hands on the occasion of Nag Panchami celebrated on the fifth day of Shravan
PHOTO • Urja

এগৰাকী বিশেষ বন্ধুৱে শাওনৰ পঞ্চমদিনা উদযাপন কৰা নাগ পঞ্চমী উপলক্ষে মেহেন্দী কৰা হাত দুখন দেখুৱাইছে

Sunita Zine is a trained special teacher
PHOTO • Urja

সুনীতা এগৰাকী বিশেষভাৱে প্ৰশিক্ষিত শিক্ষয়িত্ৰী

Students learning to make signs for the Marathi alphabet
PHOTO • Urja

শিক্ষাৰ্থীসকলে মাৰাঠী শব্দৰ সাংকেতিক ভাষা শিকিছে

Mohan Kanekar teaching words using Total Communication, a method that combines speech, lip-reading, sign and writing
PHOTO • Urja

মোহন কানেকাৰে টোটেল কমিউনিকেচন পদ্ধতিৰে পঢ়াইছে, এয়া উক্তি, লিপ-ৰিডিং, সংকেত আৰু লিখনী ব্যৱহাৰ কৰা এক পদ্ধতি

Girls learning signs from their teacher Mohan Kanekar respond to each sign and try and repeat the words in different notes and tones
PHOTO • Urja

ছোৱালীবোৰে তেওঁলোকৰ শিক্ষক মোহন কানেকাৰৰ পৰা সাংকেতিক ভাষা শিকিছে, তেওঁ দেখুওৱা প্ৰতিটো সাংকেতিক ভাষাৰ ইংগিত আৰু শব্দৰ প্ৰতি সঁহাৰি দিবলৈ যত্ন কৰিছে

Children at the Dhayari School for the Hearing Impaired chat with each other. ‘Sometimes, children come up with their own sign,’ says Satyabhama Alhat, a special teacher working with the school
PHOTO • Urja

ধয়াৰী স্কুল ফৰ হেয়াৰিং ইমপেয়াৰ্ড প্ৰতিষ্ঠানত শিশুবোৰে কথা পাতিছে। ‘কেতিয়াবা শিশুহঁতে নিজা সাংকেতিক ভাষাত কথা পাতে,’ স্কুলখনত কাম কৰি থকা বিশেষ শিক্ষক সত্যভামা আলহাতে কয়

A hearing impaired child joined the hostel at the Dhayari school. Not yet five years old, he is learning the names of animals while playing with the rubber models
PHOTO • Medha Kale

ওচমানাবাদৰ এগৰাকী বধিৰ শিশু, তেওঁ ধয়াৰী স্কুলৰ আৱাসত থাকে। পাঁচ বছৰৰো কম বয়সৰ শিশুটিয়ে ৰবৰৰ মডেলবোৰৰ সৈতে খেলিছে আৰু জীৱ-জন্তুৰ নাম শিকিছে

Teachers use a blackboard for drawing and writing words. Here Aditi Sathe has drawn birds and instruments at the Dhayari school
PHOTO • Medha Kale

ছবি অঁকা আৰু শব্দ লিখাৰ বাবে শিক্ষকে এখন ব্লেকব’ৰ্ড ব্যৱহাৰ কৰে। ইয়াত অদিতি সাথেয়ে ধয়াৰী স্কুলত চৰাই আৰু সা-সঁজুলি আঁকিছে

Sudents following their teacher’s sign and learning the word kaavla (crow) through actions
PHOTO • Medha Kale

শিক্ষকে দেখুওৱা অংগী-ভংগী চাই শিক্ষাৰ্থীয়ে কাৱলা (গৰু) শব্দটো শিকিছে

A child learning to write numbers
PHOTO • Urja

এটি শিশুৱে সংখ্যা শিকিছে

Sunita Zine teaching colours to the youngest class at Dhayari school
PHOTO • Medha Kale

সুনীতা জিনে ধয়াৰী স্কুলত সৰুবোৰক ৰং শিকাইছে

Students with Bairagi, their art teacher
PHOTO • Medha Kale

ছবিৰ শিক্ষক বৈৰাগীৰ সৈতে শিশুবোৰ

A child shows a paper bunny
PHOTO • Urja

শিশু এটিয়ে কাগজৰ শহাপহু সাজি দেখুৱাইছে

At Dhayari school, art and artwork are part of the curriculum
PHOTO • Urja

ধয়াৰী স্কুলত ছবি অঁকা আৰু শিল্পকৰ্ম পাঠ্যক্ৰমৰ এক অংশ

Children from Class 1 show paper bunnies, paper boats and other artwork
PHOTO • Urja

প্ৰথম শ্ৰেণীৰ শিশুৱে কাগজৰ শহাপহু, নাও আৰু আন শিল্পকৰ্ম দেখুৱাইছে

অনুবাদ: পংকজ দাস

Medha Kale

Medha Kale is based in Pune and has worked in the field of women and health. She is the Marathi Translations Editor at the People’s Archive of Rural India.

Other stories by Medha Kale
Photos and Video : Urja

Urja is Senior Assistant Editor - Video at the People’s Archive of Rural India. A documentary filmmaker, she is interested in covering crafts, livelihoods and the environment. Urja also works with PARI's social media team.

Other stories by Urja
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das