“মই নাভাবো যে মই এগৰাকী চিত্ৰশিল্পী। চিত্ৰকৰ এজনৰ যিখিনি গুণ থাকিব লাগে, সিমানখিনি মোৰ নাই। কিন্তু মই ৰং-তুলিকাৰে কাহিনী ক’বলৈ যত্ন কৰোঁ। মই নাভাবো যে মই কৰা আঁক-বাঁকবোৰ নিখুঁত। যোৱা দুই-তিনিটা বছৰত মই ভালেমান শিল্পীৰ কামবোৰ অধ্যয়ন কৰিবলৈ আৰু বুজিবলৈ যত্ন কৰিছো। তাত বাদে মোৰ একো জ্ঞান নাই। কাহিনী এটা মই ছবিৰে কওঁ। কাহিনীটো ৰঙেৰে ব্যক্ত কৰিব পাৰিলে মই সুখী অনুভৱ কৰোঁ। মই এনেকৈ ছবি আঁকিবলৈ চাও যে মই কাহিনী এটা বৰ্ণনা কৰি আছো।”

লাবনি পশ্চিমবংগৰ নাডিয়া জিলাৰ অতি ভিতৰুৱা গাওঁ ধুবুলিয়াৰ এগৰাকী শিল্পী, এগৰাকী চিত্ৰকৰ। গাওঁখনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা সেনা ছাউনি আছিল, বিমানঘাটী আছিল। মুচলিম অধ্যূষিত অঞ্চলটোৱে ব্ৰিটিছে পতা সেই সেনা ছাউনিটোৰ বাবে ভালেখিনি খেতিমাটি হেৰুৱাইছিল। পিছলৈ যেতিয়া দেশ বিভাজন হ’ল, গাওঁখনৰ ভালেখিনি মানুহ সীমান্তৰ সিপাৰে গুছি গ’ল। “কিন্তু আমি নগ’লো, আমাৰ আজোককাহঁতে যাব নিবিচাৰিলে। আমাৰ পুৰ্বপুৰুষ এই মাটিতেই মিলি গৈছে। আমিও এই মাটিতেই জহি যাম।” মাটিৰ সৈতে আমাৰ যি সম্পৰ্ক আৰু মাটিৰ গইনা লৈ যিবোৰ ঘটনা ঘটি থাকে, সেয়াই তেওঁৰ বৰ্তমানৰ চিন্তা-চেতনাক গঢ় দিছে।

চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহ গঢ়ি উঠা আৰু অনুপ্ৰেৰণাৰ স্ৰোত আছিল তেওঁৰ পিতৃ যিয়ে তেওঁক শৈশৱত চিত্ৰশিল্পৰ শিক্ষক এজনৰ ওচৰলৈ লৈ গৈছিল। তেওঁৰ পিতৃ আছিল পঢ়াশালীলৈ যোৱা প্ৰথম প্ৰজন্মৰ লোক, তেওঁলোকৰ দহগৰাকী ভাই-ভনীৰ ভিতৰত তেঁৱেই পঢ়িব পাইছিল। তৃণমূল পৰ্য্যায়ত অধিবক্তা হিচাপে কাম কৰা তেওঁৰ পিতৃয়ে খেতিয়ক আৰু শ্ৰমিকৰ বাবে সমবায় আৰম্ভ কৰিছিল যদিও তাৰ পৰা বেছি উপাৰ্জন নহৈছিল। “তেওঁ যি পইচা পাইছিল, সেইখিনিৰে মোক কিতাপ কিনি দিছিল,” লাবনিয়ে কয়। “মস্কো প্ৰেছ, ৰাডুগা পাব্লিচাৰ্ছ আদিৰ পৰা প্ৰকাশিত ভালেমান ইংৰাজী কিতাপৰ বাংলা অনুবাদ আমাৰ ঘৰলৈ আহিছিল। মই সেই কিতাপবোৰৰ ছবিবোৰ চাই বৰ ভাল পাইছিলো। তেনেকৈয়ে ছবি অঁকাৰ প্ৰতি মোৰ শৈশৱতে আগ্ৰহ জন্মিছিল।”

দেউতাকে সৰুতে পৰিচয় কৰোৱা ছবি অঁকাৰ প্ৰশিক্ষণ বেছিদিন নাথাকিল। কিন্তু ২০১৬ত যেতিয়া ভাষাই তেওঁক এৰি যাবলৈ ধৰিলে, তেতিয়া চিত্ৰশিল্পৰ প্ৰতি লাবনিৰ আগ্ৰহ বাঢ়িল। ৰাজ্যখনত মতপাৰ্থক্য, সংখ্যালঘুৰ ওপৰত স্বেচ্ছাকৃত উত্পীড়ন আৰু এনে বিদ্বেষজনিত হিংসাৰ প্ৰতি সংখ্যাগৰিষ্ঠৰ উদাসীনতা আৰু বালিত মূৰ গোজা প্ৰকৃতিৰ মনোভাৱৰ পৰিপ্ৰেক্ষিতত দেশখনত সংখ্যালঘুৰ ওপৰত উন্মত্ত জনতাৰ আক্ৰমণ আৰু হত্যাৰ ঘটনা বাঢ়ি আহিল। এই পৰিস্থিতিক লৈ কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত এম.ফিল কৰি থকা লাবনি উদ্বিগ্ন হৈ পৰিছিল যদিও সেইবিষয়ে লিখিব পৰা নাছিল।

“অসহজবোধে মোক ঘেৰি পেলাইছিল,” তেওঁ কয়। “তেতিয়ালৈ মই লিখি ভাল পাইছিলো আৰু বাংলাত কেইটামান লেখা লিখিছিলো আৰু প্ৰকাশিত হৈছিল। কিন্তু হঠাতে মনলৈ ভাব আহিছিল যে শব্দৰ নাটনি ঘটিছে। মই আটাইবোৰৰ পৰা আঁতৰি আহিব বিচাৰিছিলো। সেইখিনি সময়তে মই চিত্ৰশিল্পৰ আশ্ৰয় ল’লো। মই ৱাটাৰ কালাৰেৰে সাগৰখনক তাৰ বিভিন্ন ৰূপত আঁকিছিলো। কাগজৰ টুকুৰা এটা পালেও মই তাত আঁকিবলৈ লৈছিলো। ২০১৬-১৭ত মই সাগৰৰ ভালেমান ছবি আঁকিছিলো। এখন অশান্ত পৃথিৱীত শান্তি অন্বেষণৰ সেয়াই এক ৰাস্তা মই বিচাৰি লৈছিলো।”

লাবনি এনেকৈয়ে আজিৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী।

PHOTO • Labani Jangi
PHOTO • Labani Jangi

লাবনিয়ে চিত্ৰশিল্পৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল দেউতাকে পৰিচয় কৰাই দিয়া এজন শিক্ষকৰ পৰা, কিন্তু সেই শিক্ষা আছিল মাত্ৰ কেইদিনমানৰ

PHOTO • Labani Jangi
PHOTO • Labani Jangi

স্ব-শিক্ষিত শিল্পীগৰাকীয়ে ২০১৬-১৭ৰ পৰা ছবি আঁকিবলৈ লয় যেতিয়া দেশখন সাম্প্ৰদায়িক হিংসাৰ কবলত পৰিছিল। তেনেকৈয়ে নিজৰ মাজৰ আৰু বাহিৰৰ জগতখনৰ অশান্তিময় অৱস্থাৰ সৈতে ২৫ বৰ্ষীয় এই শিল্পীগৰাকীয়ে যুঁজিছিল

লাবনিয়ে ২০১৭ত তেওঁ সংখ্যালঘু শিক্ষাৰ্থীক প্ৰদান কৰা সন্মানীয় ইউজিচি-মৌলানা আজাদ ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ফেল’শ্বিপ (২০১৬-২০)ৰ যোগেদি যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধীনত চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত ডক্টৰেল পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰে। তেওঁ আগতেও প্ৰব্ৰজিত শ্ৰমিকৰ সৈতে কাম কৰিছিল। কিন্তু এইবাৰ ডিজাৰ্টেচনৰ অংশ হিচাপে ‘বাংলা প্ৰব্ৰজিত শ্ৰমিকৰ জীৱন আৰু পৃথিৱীখন’ প্ৰকল্পৰ যোগেদি সংখ্যালঘুৰ জীৱনক আৰু সুক্ষ্মতাৰে চোৱাৰ সুযোগ লাভ কৰিলে।

কেৰালাত নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰিবলৈ বা মুম্বাইৰ হোটেলত কাম কৰিবলৈ তেওঁলোকৰ গাঁৱৰ পৰা বহুত মানুহ যোৱা লাবনিয়ে দেখিছিল। “মোৰ খুৰাহঁতৰ লগতে তেওঁলোকৰ পৰিয়ালৰ আন আন সদস্যই, পুৰুষতকৈ মহিলা কম, এতিয়াও প্ৰব্ৰজিত শ্ৰমিক হিচাপে বংগৰ বাহিৰত কাম কৰিবলৈ যায়,” তেওঁ কয়। ধাউতি থকা বিষয়টোৰ ওপৰত ভালেখিনি গৱেষণা ফিল্ডত গৈ কৰিবলগীয়া আছিল। “কিন্তু তেতিয়াই মহামাৰী আহি পৰিল,” তেওঁ মনত পেলায়। “আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল প্ৰব্ৰজিত শ্ৰমিকসকল। তেতিয়া আৰু মোৰ গৱেষণাৰ কাম আগবঢ়াই নিয়াৰ ইচ্ছা নোহোৱা হ’ল। নিজৰ ঘৰলৈ অহাৰ সংগ্ৰামৰ লগতে স্বাস্থ্যসেৱাৰ সুবিধা, শ্মশান আৰু সমাধিস্থলীৰ সন্ধানত হাবাথুৰি খোৱা প্ৰব্ৰজিত শ্ৰমিকক মই কেনেকৈ মোৰ গৱেষণা সংক্ৰান্ত প্ৰশ্ন সোধো? তেওঁলোকৰ পৰিস্থিতিৰ পৰা মই লাভান্বিত হোৱা কথাটোৱে মোক আমনি কৰিবলৈ ধৰিলে। সেয়ে মই সময়ত ক্ষেত্রকৰ্ম সম্পন্ন কৰিব নোৱাৰিলো আৰু সিটো কাৰণতে মোৰ গৱেষণাকৰ্ম দীঘলীয়া হৈ পৰিল।”

লাবনিয়ে আকৌ তুলিকা হাতত ল’লে আৰু এইবাৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিত প্ৰব্ৰজিত শ্ৰমিকৰ জীৱন নথিবদ্ধ কৰাৰ কামত লাগিল। “সাইনাথৰ কিছুমান লেখা বাংলা দৈনিক গণশক্তিৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত হৈছিল। সাইনাথৰ লেখা আগতে পঢ়িছিলো আৰু স্মিতা বায়ে (স্মিতা খাটৰ পাৰিৰ মুখ্য অনুবাদ সম্পাদক) মোক প্ৰথমে এটা লেখা আৰু পিছত এটা কবিতাৰ বাবে ইলাষ্ট্ৰেছন কৰিবলৈ দিলে।” এনেকৈয়ে লাবনি জংগিয়ে ২০২০ত পাৰিত ফেল’শ্বিপ লাভ কৰে যাৰ অধীনত তেওঁ নিজৰ গৱেষণাৰ সময়ত লগ পোৱা প্ৰব্ৰজিত শ্ৰমিকৰ লগতে মহামাৰী আৰু লকডাউনৰ সময়ৰ কৃষক আৰু গ্ৰামীণ মহিলাৰ ছবি আঁকে।

“পাৰিত মোৰ কামত সামগ্ৰিক প্ৰত্যাহ্বান আৰু গ্ৰামাঞ্চলৰ বাসিন্দাৰ টিকি থকাৰ যি উদ্যম তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। এই যি নেৰেটিভ, তাক মই শিল্পৰ যোগেদি অন্বেষণ কৰিবলৈ যত্ন কৰোঁ। তেওঁলোকৰ জীৱনৰ জটিলতাক দৃশ্যমান ৰূপত কাগজত বোলোৱাৰ মই চেষ্টা কৰিছোঁ। মই মোৰ ইলাষ্ট্ৰেছনৰ যোগেদি গ্ৰামীণ ভাৰতৰ সাংস্কৃতিক আৰু সামাজিক বাস্তৱতাৰ যি বৈচিত্ৰ তাক সংৰক্ষণ আৰু ভাগ-বতৰাৰ দিশত অৰিহণা যোগোৱাৰ বাবে যত্ন কৰি আহিছো।”

PHOTO • Labani Jangi
PHOTO • Labani Jangi

কৃষকৰ প্ৰতিবাদ আৰু মহামাৰীৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকৰ দুখ-দুৰ্গতি তেওঁ পাৰিত শিল্পকৰ্মৰ যোগেদি তুলি ধৰিছে, যিটোৱে আমাৰ প্ৰতিবেদনসমূহত এক ন পৰিপ্ৰেক্ষ্য প্ৰদান কৰি আহিছে

PHOTO • Labani Jangi
PHOTO • Labani Jangi

২০২০ৰ পাৰি ফেল’ হিচাপে লাবনিয়ে তেওঁৰ সাহসী চিত্ৰকৰ্মৰ যোগেদি ধাৰাবাহিকভাৱে কাহিনী কৈ গৈছে

লাবনি কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়। কিন্তু তেওঁ নিজৰ শিল্পকৰ্ম ৰাজনৈতিক বুলি বিবেচনা কৰে। “মই যাদৱপুৰলৈ পঢ়িবলৈ অহাৰ পিছত বহুতো চিত্ৰশিল্প আৰু ৰাজনৈতিক পোষ্টাৰ দেখিছো। আৰু মই যি ধৰণৰ চিত্ৰ আঁকো, সেয়া মই সততে আমাৰ চাৰিওফালে ঘটা ঘটনা আৰু সেইবোৰ মোৰ চেতনাৰে যিদৰে গ্ৰহণ কৰোঁ, তাৰ ওপৰতেই নিৰ্ভৰ।” এনে এখন সমাজ য’ত হিংসা-বিদ্বেষক সততে সাধাৰণীকৰণ কৰা হয় আৰু ৰাজ্যৰ পৃষ্ঠপোষকতাত ঘটা হিংসাই বাস্তৱ সত্য, তেনে এখন সমাজত মুচলিম মহিলা হিচাপে দৈনন্দিন জীৱনক লৈয়ে তেওঁ ছবি আঁকে।

“জগতে আমাক, আমাৰ দক্ষতা, আমাৰ মেধা আৰু আমাৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিব নোখোজে,” লাবনিয়ে কয়। “আমাৰ ইতিহাসক মচি পেলাব খোজা প্ৰৱণতাৰ মাজত আমাৰ পৰিচয়ে এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। এই প্ৰৱণতা আগতেও আছিল, এতিয়াও আছে। বিশেষকৈ মুচলিম মহিলা শিল্পী হিচাপে আমাৰ শিল্পকৰ্মৰ অস্তিত্ব গৰিষ্ঠসংখ্যকে নাই বুলিয়েই ধৰে।” সঠিক পৃষ্ঠপোষক নোপোৱালৈকে। “মানুহে এনে শিল্পক ঠাই নিদিয়ে, তাৰ সৈতে জড়িত হ’ব নোখোজে, আনকি সমালোচনাও কৰিব নিবিচাৰে। সেয়ে মই মচি পেলাব খোজা প্ৰৱণতাৰ প্ৰসংগ উল্লেখ কৰিছো। এক প্ৰক্ৰিয়া যিটো শিল্প, সাহিত্য আৰু আন বহুত ক্ষেত্রত প্ৰকট,” তেওঁ কয়। কিন্তু লাবনিয়ে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে ডিজিটেল মঞ্চত নিজৰ চিত্ৰশিল্প জাহিৰ কৰাৰ চেষ্টা কৰি আহিছে।

আৰু ফেচবুকৰ জৰিয়তেই চট্টগ্ৰামৰ চিত্ৰভাষা আৰ্ট গেলাৰীয়ে তেওঁৰ সৈতে যোগাযোগ কৰে আৰু তেওঁক ২০২২ৰ ডিচেম্বৰত প্ৰথমটো একক প্ৰদৰ্শনীৰ বাবে বাংলাদেশলৈ আমন্ত্ৰণ জনোৱা হয়।

PHOTO • Courtesy: Labani Jangi
PHOTO • Courtesy: Labani Jangi

চট্টগ্ৰামৰ চিত্ৰভাষা আৰ্ট গেলাৰীত ২০২২ত লাবনিৰ চিত্ৰশিল্পৰ প্ৰথমটো একক প্ৰদৰ্শনী

PHOTO • Labani Jangi
PHOTO • Labani Jangi

দৰগাহত মহিলা পীৰক সন্মান জনোৱা প্ৰথা এতিয়া নাইকিয়া হ’ল যদিও মহিলাৰ অধিকাৰৰ যি সংগ্ৰাম সেয়া এতিয়াও জীয়াই আছে। লাবনিৰ কামৰো একেই ধাৰা

বিবিৰ দৰগাহৰ প্ৰদৰ্শনীৰ ধাৰণা শৈশৱতে তেওঁৰ মনলৈ আহিছিল, আৰু বৰ্তমান বাংলাদেশৰ পৰিস্থিতিয়ে চাইও তেওঁক সেই প্ৰদৰ্শনীৰ বাবে আগ্ৰহী কৰি তুলিছিল। সেই ঠাইতেই পুনৰ্বাৰ ৰক্ষণশীল ইছলামীয় আদৰ্শই গা কৰি উঠা তেওঁ দেখিছে। বিবি কা দৰগাহ হৈছে মহিলা পীৰসকলৰ স্মৃতিসৌধ। “আমাৰ গাওঁখনত দুটা দৰগাহ আছিল। আমি তাত মানস কৰি সুতা এডাল গাঁঠিছিলো, আমাৰ মানস পুৰণ হ’লে আমি দাৱত (ভোজন) দিছিলো। সেই ঠাইত সমন্বয় গঢ় লৈছিল।”

“কিন্তু সেই সমন্বয়ৰ ধাৰা মই নিজে চকুৰ আগত নাইকিয়া হৈ যোৱা দেখিছো। সেই ঠাইত পিছলৈ মকতব (গ্ৰন্থাগাৰ) সজা হ’ল। ৰক্ষণশীল ইছলামধৰ্মী লোক যিয়ে মাজাৰত বিশ্বাস নকৰিছিল, চুফী দৰগাহতো বিশ্বাস নাৰাখিছিল - তেওঁলোকে সেইবোৰ ভাঙিছিল নাইবা তাৰ ঠাইত মছজিদ বনাইছিল। এতিয়া কেইটামান দৰগাহহে আছে, কিন্তু আটাইবোৰ পুৰুষ পীৰে চলায়। এতিয়া এটাও বিবি কা দৰগাহ নাই, আমাৰ সাংস্কৃতিক স্মৃতিৰ পৰা তেওঁলোকৰ নামবোৰো মচি পেলোৱা হৈছে।”

কিন্তু এনে সংহৰণ বহল ভিত্তিত হৈ থকাৰ সমান্তৰালভাৱে আন এক ধাৰাও গঢ় লৈ উঠা তেওঁ প্ৰতক্ষ্য কৰিছে। যিটোৱে এই ইচ্ছা-প্ৰণোদিততভাবে স্মৃতি মোহাৰি পেলোৱা প্ৰৱণতাৰ বিৰুদ্ধে থিয় দিছে। “বাংলাদেশত যেতিয়া প্ৰদৰ্শনীৰ বাবে সময় আহি পৰিল, এফালে মাজাৰবোৰ ভাঙি পেলোৱা আৰু আনফালে নিজৰ হেৰোৱা অধিকাৰ আৰু ভূমিৰ বাবে আজিও অদম্য সাহসেৰে যুঁজি থকা মহিলাৰ কথা মোৰ মনলৈ আহিল। মাজাৰসমূহ ভাঙি পেলোৱা হ’ল যদিও প্ৰতিৰোধৰ সেই ধাৰা এতিয়াও চলি আছে। সেয়াই মই প্ৰদৰ্শনীৰ যোগেদি দেখুৱাবলৈ যত্ন কৰিলো।” সেই প্ৰদৰ্শনী হৈ গ’ল যদিও তেওঁ সেই বিষয়টোৰ ওপৰত কাম অব্যাহত ৰাখিছে।

লাবনিৰ চিত্ৰশিল্পই সাধাৰণ মানুহৰ কণ্ঠ মজবুতকৈ দাঙি ধৰিছে, বহু কবিতা, লেখা আৰু কিতাপক অনন্য মাত্ৰা প্ৰদান কৰিছে। “শিল্পী হওঁক বা লেখক, আমি সকলো ইটো-সিটোৰ সৈতে নিবিড়ভাবে জড়িত হৈ আছো। কেশৱ ভাউৱে তেওঁৰ ‘আম্বেদকাৰৰ দ্বাৰা অনুপ্ৰাণিতঃ ছালভেৰ মুক্তিৰ গীত’ শীৰ্ষক প্ৰতিবেদনত শ্বাহিৰ আত্মাৰাম চালভেক তেওঁ যিদৰে কল্পনা কৰিছিল, ঠিক তেনেদৰে ৰং-তুলিকাৰে মই তুলি ধৰিব পাৰিছো বুলি কোৱা মনত আছে। এয়া মোৰ বাবে আচৰিত হ’বলগীয়া কথা নাছিল। কিয়নো ব্যক্তি, সমাজ আৰু সাংস্কৃতিক পৰিচয়ত আমি পৃথক যদিও আমাৰ সামাজিক চেতনাবোধ একেই, আমাৰ কাহিনীৰ আত্মা একেটাই,” লাবনিয়ে কয়।

PHOTO • Courtesy: Labani Jangi
PHOTO • Courtesy: Labani Jangi
PHOTO • Courtesy: Labani Jangi
PHOTO • Courtesy: Labani Jangi

লাবনিৰ শিল্পকৰ্মই সৃষ্টিশীল লেখা আৰু বিদ্যায়তনিক গৱেষণা কৰ্মৰ বহু কিতাপৰ বেটুপাতত স্থান পাইছে, দেশে-বিদেশে সেয়া প্ৰকাশিত হৈছে

PHOTO • Courtesy: Labani Jangi
PHOTO • Labani Jangi

লাবনিৰ শিল্পকৰ্ম ২০২৪ৰ মাৰ্চত আহমেদাবাদৰ আইআইটি গান্ধীনগৰে আয়োজন কৰা কমিকচ্ এনক্লেভত প্ৰদৰ্শিত হৈছে। সোঁফালে: তেওঁ ২০২২ৰ আগষ্টত মল্লিকা চাৰাভাইয়ে পৰিচালনা কৰা থিয়েটাৰ ফ্ৰম দা ষ্ট্ৰীটচ্ শীৰ্ষক প্ৰদৰ্শনীত ভাৰতৰ লগতে ভেনিজুৱেলা, পেলেষ্টাইন আৰু লেবাননৰ শিল্পী আৰু কবিৰা সৈতে চিত্ৰশিল্প প্ৰদৰ্শন কৰিছে

উজ্জ্বল ৰং, তুলিকাৰ গভীৰ দাগ আৰু মানৱ জীৱনৰ কেঁচা ছবি লাবনিৰ চিত্ৰশিল্পৰ বৈশিষ্ট, যিয়ে ঐক্যৰ এনাজৰী দুৰ্বল কৰা প্ৰৱণতাৰ বিৰুদ্ধে, পৰিচয় আৰু সংস্কৃতিক একক ৰূপত গঢ়িব বিচৰা ধাৰাৰ বিৰুদ্ধে প্ৰতিবাদী ৰূপত ধৰা দিছে। “মই এক সৰ্বাংগসুন্দৰ ধাৰণা খেদি ফুৰো, তাৰ অতীৱ প্ৰয়োজনীয়তা মনৰ অন্তঃকৰণেৰে বিশ্বাস কৰো। হিংসাৰে আৱৰা এক পৰিস্থিতিত এখন নতুন সমাজৰ ছবি দাঙি ধৰাটোৱে মোৰ স্বাভাৱিক প্ৰৱণতা,” লাবনিয়ে কয়। “সংহৰণেই যেতিয়া ৰাজনৈতিক চিন্তাধাৰাৰ সৈতে ওতঃপ্ৰোতঃভাৱে সহাৱস্থান কৰিছে, তেনে এক পৰিৱেশত মোৰ শিল্পই প্ৰতিবাদ আৰু প্ৰতিৰোধৰ ভাষা হৈ পৰাটো অৱশ্যম্ভাৱী।”

জীৱনৰ প্ৰথম দহটা বছৰ আইতাকৰ সৈতে কটাই তেওঁ এই ভাষা শিকিছে। “মায়ে মোৰ ভাইটো আৰু মোৰ যত্ন ল’বলৈ কষ্ট পাইছিল,” লাবনিয়ে কয়। “ঘৰটো বৰ সৰু আছিল। সেয়ে তেওঁ মোক মামাহঁতৰ ফালৰ আইতাৰ ঘৰলৈ পঠিয়াই দিছিল। য’ত আইতা আৰু মাহীয়ে মোৰ দহ বছৰলৈ তুলি-তালি ডাঙৰ দীঘল কৰিছিল। তেওঁৰ ঘৰৰ কাষতে এটা পুখুৰী আছিল, য’ৰ পাৰত বহি আমি প্ৰতিদিনে আবেলি কাপোৰত ফুল তুলিছিলো।” তেওঁৰ আইতাকে বেজী-সূতাৰে কাপোৰত জটিল ফুল তুলিছিল। আইতাকৰ পৰাই হয়তো লাবনিয়ে জটিল কাহিনী কোৱাৰ সহজ উপায় শিকিছিল। কিন্তু তাৰ মাজত আশা আৰু হতাশাৰ যি ৰং, সেয়া তেওঁৰ মাকৰ পৰা আহিছে।

PHOTO • Courtesy: Labani Jangi
PHOTO • Courtesy: Labani Jangi

বাওঁফালে: মাক আৰু আব্বা (পিতৃ) লাবনিৰ জীৱনৰ গুৰুত্বপুৰ্ণ অংশ। তেওঁৰ মাজত প্ৰতিৰোধী সত্বাক তেওঁলোকেই গঢ় দিছে। সোঁফালে: জীৱনৰ প্ৰথম দহটা বছৰ কটোৱা মোমায়েকৰ ফালৰ আইতাকৰ ফটো, যাৰ সৈতে তেওঁ ফুল তোলা আৰু কাহিনী কোৱাৰ কৌশলৰ প্ৰাৰম্ভিক পাঠ পাইছিল

PHOTO • Courtesy: Labani Jangi
PHOTO • Courtesy: Labani Jangi

বাওঁফালে: লাবনিয়ে আন শিল্পীসকলৰ সৈতে লগ লাগি ল’ৰা-ছোৱালী আৰু যুৱচামৰ বাবে শিল্পকলাৰ চৰ্চাৰ হেতু উত্তৰ প্ৰদেশৰ গিৰিৰাজপুৰ গাঁৱত খন্দেৰা আৰ্ট স্পেচ নামে এক কেন্দ্ৰ গঢ়ি তুলিছে। সোঁফালে: পাঞ্জেৰি আৰ্টিষ্ট ইউনিয়নৰ তেওঁ এগৰাকী সদস্য

“সৰুতে পৰীক্ষাবোৰত খুব কম নম্বৰ পাইছিলো। গণিতত শূন্য পাইছিলো আৰু কেতিয়াবা বিজ্ঞানতো,” তেওঁ কয়। “সেইখিনি সময়ত নাজানো কিয় মায়ে মোৰ ওপৰত বিশ্বাস কৰিছিল, আনকি দেউতাৰো কেতিয়াবা সন্দেহ হৈছিল। মায়ে সদায়ে মোক সাহস দিছিল যে আগৰটো পৰীক্ষাত মই ভাল নম্বৰ পাম। তেওঁ অবিহনে মই ইমানখিনি নাপালোহেঁতেন। মায়ে বিচাৰিছিল যদিও কেতিয়াও কলেজলৈ গৈ নাপালে। তেওঁক বিয়া দিলে। সেয়ে তেওঁ মোৰ যোগেদি তেওঁৰ সপোনবোৰ পুৰণ হোৱাটো বিচাৰিছিল। মই কলকাতাৰ পৰা অহাৰ পিছত তেওঁৰ ঘৰৰ চাৰিবেৰৰ বাহিৰৰ জগতখনৰ কাহিনীবোৰ শুনিবলৈ তেওঁ অধীৰ আগ্ৰহেৰে মোৰ কাষত আহি বহে। মোৰ চকুৰে তেওঁ জগতখন চাব খোজে।”

কিন্তু জগতখন বৰ ভয়ানক, শিল্পক পণ্যৰ ৰূপত তুলি ধৰাৰ প্ৰৱণতা এই জগতত দ্ৰুতগতিত বাঢ়ি আহিছে। “মই মোৰ আৱেগিক সত্বাক ঘূণে ধৰাৰ শংকা এটা কঢ়িয়াই লৈ ফুৰো। ডাঙৰ শিল্পী হোৱাৰ আশাত মই আৱেগিকভাৱে, আমাৰ মানুহখিনি আৰু মূল্যবোধ যিয়ে মোৰ শিল্পক গঢ় দিছে, তাৰপৰা বিচ্ছিন্ন হ’ব নোখোজো। মই কষ্ট কৰোঁ, পইচাৰ বাবে, সময়ৰ বাবে। কিন্তু নিজৰ মূল্যবোধক বিক্ৰী নকৰাকৈ এইখন পৃথিৱীত বৰ্তি থকাটোৱে মোৰ বাবে আটাইতকৈ ডাঙৰ সংগ্ৰাম।”

PHOTO • Courtesy: Labani Jangi
PHOTO • Labani Jangi
PHOTO • Labani Jangi

পাঞ্জেৰি আৰ্টিষ্ট ইউনিয়নৰ সদস্য হিচাপে লাবনি সমজুৱা সাংস্কৃতি আৰু বৌদ্ধিক আলোচনাৰ সৈতে জড়িত আৰু ভাৰতৰ চাৰিঠাইত সন্মিলিতভাৱে প্ৰদৰ্শনীত ভাগ লৈছে

PHOTO • Ritayan Mukherjee

পুৰস্কাৰপ্ৰাপ্ত এইগৰাকী শিল্পীৰ আটাইতকৈ ডাঙৰ সংগ্ৰাম হৈছে ‘নিজৰ মূল্যবোধক বিক্ৰী নকৰাকৈ এইখন পৃথিৱীত বৰ্তি থকা’

প্ৰচ্ছদ আলোকচিত্ৰ: জয়ন্তী বুৰুদা
অনুবাদ: পংকজ দাস

Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das