এটা হাতীয়ে নিজৰ ফান্দীক কেতিয়াও নাপাহৰে বুলি শৰৎ মৰাণে কয়। ঘন অৰণ্যৰ মাজত বনৰীয়া হাতীৰ জাকৰ মাজত থাকিলেও ফান্দীজনৰ এটা মাতত সি দৌৰি আহি ফান্দিৰ কাষ চাপিবহি বুলি তেওঁ জনায়। আজি পৰ্যন্ত তেওঁ নব্বৈটাৰো অধিক হাতীক প্ৰশিক্ষণ দিছে।
হাতীৰ প্ৰশিক্ষণৰ বাবে পিলখানা নামৰ এটা অস্থায়ী শিবিৰ তৈয়াৰ কৰা হয়, য’ত সদ্যজাত হাতী পোৱালিটোক মানুহৰ স্পৰ্শৰ সৈতে চিনাকি কৰোৱা হয়। এই কাম বহু দিনলৈকে নিতৌ কৰা হয় যেতিয়ালৈকে সি মানুহৰ স্পৰ্শ ভালদৰে বুজি নুঠে। শৰৎ মৰাণে কয় “শিকাই থাকোতে সি অকণমান দুখ পালেই বহুত দুখ পোৱাৰ নিচিনা হয়।”
দিন বাগৰাৰ লগে লগে হাতীটোৰ লগত জড়িত মানুহৰ সংখ্যাও বাঢ়ি যায়। হাতীটোৰ পিঠিত মানুহৰ সংখ্যা তেতিয়ালৈকে বঢ়াই গৈ থকা হয়, যেতিয়ালৈকে সি অসুবিধা নাপায়।
শিকাই থকাৰ অৱস্থাত শৰৎ আৰু তেওঁৰ সহযোগী সকলে হাতীটোক সুৱদী গীত গাই শুনায়। এই গীতবোৰে হাতী আৰু মানুহৰ মাজৰ বন্ধুত্বৰ এনাজৰীৰ কাহিনীবোৰ গাই যায়।





