এটা হাতীয়ে নিজৰ ফান্দীক কেতিয়াও নাপাহৰে বুলি শৰৎ মৰাণে কয়। ঘন অৰণ্যৰ মাজত বনৰীয়া হাতীৰ জাকৰ মাজত থাকিলেও ফান্দীজনৰ এটা মাতত সি দৌৰি আহি ফান্দিৰ কাষ চাপিবহি বুলি তেওঁ জনায়। আজি পৰ্যন্ত তেওঁ নব্বৈটাৰো অধিক হাতীক প্ৰশিক্ষণ দিছে।

হাতীৰ প্ৰশিক্ষণৰ বাবে পিলখানা নামৰ এটা অস্থায়ী শিবিৰ তৈয়াৰ কৰা হয়, য’ত সদ্যজাত হাতী পোৱালিটোক মানুহৰ স্পৰ্শৰ সৈতে চিনাকি কৰোৱা হয়। এই কাম বহু দিনলৈকে নিতৌ কৰা হয় যেতিয়ালৈকে সি মানুহৰ স্পৰ্শ ভালদৰে বুজি নুঠে। শৰৎ মৰাণে কয় “শিকাই থাকোতে সি অকণমান দুখ পালেই বহুত দুখ পোৱাৰ নিচিনা হয়।”

দিন বাগৰাৰ লগে লগে হাতীটোৰ লগত জড়িত মানুহৰ সংখ্যাও বাঢ়ি যায়। হাতীটোৰ পিঠিত মানুহৰ সংখ্যা তেতিয়ালৈকে বঢ়াই গৈ থকা হয়, যেতিয়ালৈকে সি অসুবিধা নাপায়।

শিকাই থকাৰ অৱস্থাত শৰৎ আৰু তেওঁৰ সহযোগী সকলে হাতীটোক সুৱদী গীত গাই শুনায়। এই গীতবোৰে হাতী আৰু মানুহৰ মাজৰ বন্ধুত্বৰ এনাজৰীৰ কাহিনীবোৰ গাই যায়।

“পৰ্বতত ঐ আছিলি গৈ
বৰ কাক' খায়
ভৈয়ামলৈ আহিলি তই
ফান্দিৰ চেপা পায় ঐ
হলৌ ললৌ লায়
শিকাই-বুজাই লম ঐ বীৰবল
শিকি লোৱা কাম
তোৰে পিঠিত ফান্দি উঠি
চিকাৰলৈ যাম ঐ
হলৌ ললৌ লায়”

লাহে লাহে হাতীৰ গাত বান্ধি থোৱা ৰছীৰ সংখ্যা কমাই অনা হয় আৰু শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছত ৰছীৰ আটাইবোৰ বান্ধ আঁতৰাই তাক মুক্ত কৰি দিয়া হয়। এটা হাতীক শিকাবলৈ বহুত ৰছীৰ প্ৰয়োজন হয় বুলি শৰৎ মৰাণে কয়, প্ৰত্যেকডাল ৰছীৰে সুকীয়া নাম আৰু ব্যৱহাৰ আছে। সুৰীয়া গানৰ মাজেৰে মোহাৰি, হাত বুলাই মৰম কৰি ক্ৰমান্বয়ে তেওঁলোকে হাতীটোক বন্ধু কৰি লয়। এই গীতবোৰে নিজৰেই সুকীয়া মায়াজাল ৰচে। এনে বিশ্বাসকে সাৰথি কৰি লৈ ঘৰচীয়া হাতীৰ সহায়ত বনৰীয়া হাতী ধৰা হৈছিল আৰু চিকাৰলৈয়ো যোৱা হৈছিল।

শৰৎ মৰাণে বীৰবলক প্ৰশিক্ষণ দিয়া তথ্যচিত্ৰখন চাওক

ওজা প্ৰশিক্ষক শৰৎ মৰাণে তেওঁ ফান্দী হোৱাৰ কাহিনী বৰ্ণাই কয়- “মোৰ গাঁওখন অৰণ্যৰ মাজতে আছে, আৰু সেয়েহে হাতীও বহুত আছে। আমি হাতীৰ লগত সৰুৰে পৰা খেলা-ধূলা কৰা, সেয়ে মই হাতীৰ প্ৰশিক্ষণ দিয়াও তেনেকৈয়ে  শিকিলো।”

এটা হাতীক শিকাই বুজাই লোৱাটো এক দলগত অভিপ্ৰায়। “দলটোৰ মুৰব্বী মানে মই হ’লো ফান্দি, তাৰ পিছত মোৰ সহকাৰী কেইজনক কোৱা হয় লোহতিয়া, মাউত আৰু ঘাঁচি। ইমান ডাঙৰ জন্তুটোক বশ কৰিবলৈ অতিকমেও পাঁচজন মানুহৰ দৰকাৰ হয়। লগতে তাৰ বাবে আমি খাদ্যৰো যোগাৰ কৰিবলগীয়া হয়। গাঁৱৰ মানুহে সহায় কৰি আমাক উদ্ধাৰ কৰেহি,” শৰতে কয়।

শৰৎ মৰাণ উজনি অসমৰ তিনিচুকীয়া জিলাৰ তৰাণি গাঁৱৰ বাসিন্দা। গাঁওখন উজনি দিহিং সংৰক্ষিত বনাঞ্চলেৰে দুয়োপাৰে আৱৰা। মৰাণ জনগোষ্ঠীৰ মাজত হাতী প্ৰশিক্ষণ দিয়া প্ৰথা বহু শতিকা জুৰি প্ৰচলিত হৈ আহিছে। এটা সময় আছিল যেতিয়া মৰাণসকলে বনৰীয়া হাতী ধৰি, শিকাই ঘৰচীয়া কৰিছিল লগতে যুদ্ধলৈও সাজু কৰি তুলিছিল। মৰাণ জনগোষ্ঠী উজনি অসমৰ কেইখনমান জিলা আৰু অৰুণাচলৰ সীমান্তৱৰ্তী ঠাইত বসবাস কৰা এটা সাতামপুৰুষীয়া জনগোষ্ঠী।

সময় সলনি হ’ল, এতিয়া বনৰীয়া হাতী ধৰাটো আইন মতে দণ্ডনীয়। কিন্তু ঘৰচীয়া সৰু হাতীবোৰক কৰ্ম উপযোগী কৰি তুলিবলৈ, মানুহৰ স্পৰ্শ চিনিবলৈ আৰু আদেশ বুজিবলৈ এতিয়াও প্ৰশিক্ষণৰ প্ৰয়োজন হয়। এই কামৰ বাবে শৰৎ আৰু তেওঁৰ দলক প্রায় ১ লাখ টকালৈকে মাননী যঁচা হয়। এই কাম সম্পাদন কৰিবলৈ ১ৰ পৰা ৩ মাহ পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়।

PHOTO • Pranshu Protim Bora
PHOTO • Pranshu Protim Bora

বাওঁফালে: অস্থায়ী শিবিৰ পিলখানাত প্ৰশিক্ষণৰত অৱস্থাত থকা বীৰবল। সোঁফালে: স্কুল শেষ হোৱাৰ লগে লগে কণ কণ ল’ৰা-ছোৱালীয়ে বীৰবলক চাবলৈ আহে। বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমে উজ্জল মৰাণ, দণ্ড দহোটীয়া, সুবাসী দহোটীয়া, হিৰুমণি মৰাণ, ফিৰুমণি মৰাণ, লখিমণি মৰাণ আৰু ৰসী মৰাণ

PHOTO • Pranshu Protim Bora

মৰাণ জনগোষ্ঠীৰ মাজত হাতী ধৰা প্ৰথা সাতাপুৰুষীয়া। বীৰবলক ভালেকেইজন লোকে চোৱাচিতা কৰে: (বাওঁফালৰ পৰা সোঁফাললৈ) দিকম মৰাণ, সুসেন, মৰাণ, শৰৎ মৰাণ আৰু জীতেন মৰাণ

হাতী শিকোৱা শিবিৰটো গাঁৱৰ মানুহৰ বাবে আকর্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। জীয়া ভগৱান বুলি গণ্য কৰা হাতীটোৰ আশীৰ্বাদ ল’বলৈ বহু মানুহৰ আগমন ঘটে। আনকি মানুহে ফান্দিজনকো গোসাঁইৰ ৰূপ বুলিয়েই গণ্য কৰে আৰু সেইকেইদিন তেওঁ অন্য ঠাইলৈ যাব নোৱাৰে, আনকি নিজৰ ঘৰলৈও যাব নোৱাৰে। তেওঁলোকে আনে ৰন্ধা খাদ্য খাব নোৱাৰে, যিহেতু তেওঁলোকৰ চুৱা লাগি থকা বুলি গণ্য কৰা হয়। গতিকে হাতী চাবলৈ অহা ল'ৰা-ছোৱালীকেইটাৰ হাততে নিজৰ পৰিয়ালৰ বাবে টকা-পইচা দি পঠিয়ায়।

এই তথ্যচিত্ৰ খনৰ দৃশ্যগ্ৰহণ মাঘ বিহুৰ সময়ৰ। খেতি চপোৱাৰ সময়ৰ আনন্দময় সময়বোৰ কোমোৰাৰে জুইত পোৰা হাঁহ ৰান্ধি উদযাপিত কৰা হয়। শৰৎ মৰাণে কয়, “আমি এক গুলিত দুই চিকাৰ কৰাৰ দৰে হৈছে। ইয়াতে হাতী শিকোৱাও হৈছে লগতে মাঘ বিহুৰ ভোজ খোৱাও হৈছে। আজি বিহুৰ শেষৰ দিন বুলি জুইত পোৰা হাঁহৰ মাংস কোমোৰাৰ সৈতে ৰান্ধি সকলোৱে লগে-ভাগে এসাজ খাইছো।”

যদিও পৰিৱেশ উৎসৱমুখৰ, তথাপিও মনৰ মাজত তেওঁ শংকা কঢ়িয়াই লৈ ফুৰে যে নতুন প্ৰজন্মই তেওঁৰ বৃত্তি ল’বলৈ ইচ্ছুক হ’ব নে নহয়। তেওঁ গাঁওখনৰ নতুন প্ৰজন্মক অনুপ্ৰেৰণা দিয়ে যে সিহঁত আহক, প্ৰশিক্ষণ দিবলৈ শিকক আৰু বহু প্ৰজন্ম ধৰি চলি অহা এই পৰম্পৰাটো জীৱিত কৰি ৰাখক। তেওঁ কয়, “মোৰ শৰীৰত এতিয়া বল-শক্তি কমি আহিছে। মই গাঁৱৰ ল’ৰাবোৰক কওঁ, সিহঁতে আহি শিকিব লাগে। মোৰ মনত হিংসা ভাব নাই। মই ভাবো সকলোৱে শিকক, সকলোৱে কথাবোৰ জানক আৰু এনেকৈয়ে আমাৰ মৰাণ সমাজৰ পৰম্পৰাগত জ্ঞান নতুন প্ৰজন্মই আগবঢ়াই লৈ যাওক।

প্ৰতিবেদকে কিৰণ মৰাণ আৰু হৈমন্তী শইকীয়াক এই ভিডিঅ’ ষ্ট’ৰি অনুবাদত কৰা অমূল্য সহায়ৰ বাবে কৃতজ্ঞতা যাঁচিব বিচাৰিছে।

Himanshu Chutia Saikia

Himanshu Chutia Saikia is an independent documentary filmmaker, music producer, photographer and student activist based in Jorhat, Assam. He is a 2021 PARI Fellow.

Other stories by Himanshu Chutia Saikia
Photographs : Pranshu Protim Bora

Pranshu Protim Bora is a cinematographer and photographer based in Mumbai. From Jorhat, Assam he is keen to explore the folk traditions of the north east of India.

Other stories by Pranshu Protim Bora
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David