কেবামাহো ভীষণ গৰমৰ দিনবোৰ পাৰ হোৱাৰ পাছত শীতকাল নামি আহিছে। মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলৰ বাসিন্দা দামিনীয়ে (নাম সলনি কৰা হৈছে) দিনটোৰ বিৰামৰ পিছত নাইট চিফটৰ ডিউটিৰ বাবে সাজু হৈছে। “মই পি.এছ.অ.’ (আৰক্ষী থানা বিষয়া) হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ লগতে লগতে অস্ত্ৰ আৰু ৱাকি-টকি ইচ্যু কৰাৰ দায়িত্বত আছিলোঁ,” তেওঁ কয়।

কৰ্মস্থলীত উপস্থিত হোৱাৰ পিছত ষ্টেছন হাউছ অফিছাৰ ওৰফে আৰক্ষী পৰিদৰ্শক (এছ.এইছ.অ’./পি.আই.)য়ে তেওঁৰ চৰকাৰী বাসগৃহৰ পৰা তেওঁৰ ৱাকি-টকিৰ বাবে চাৰ্জ কৰি থোৱা বেটাৰীকেইটা আনিবলৈ নিৰ্দেশ দিলে। মাজনিশা এনেকৈ ঘৰৰ পৰা কিবা সামগ্ৰী আনিবলৈ দিয়াটো প্ৰটকলত নপৰে যদিও সেয়াই আছিল অঘোষিত নিয়ম। “বিষয়াবোৰে প্ৰায়ে সঁজুলি-পাতি ঘৰলৈ লৈ যায়…আৰু আমি জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশ মানি চলিব লাগে,” দামিনীয়ে বুজাই কয়।

তেতিয়া ৰাতি ডেৰ বাজিছে, দামিনীয়ে খোজকাঢ়ি পি.আই.জনৰ ঘৰলৈ গ’ল।

তাত তিনিগৰাকী মানুহ বহি আছিল: পি.আই.জন, এগৰাকী সমাজকৰ্মী আৰু এজন থানা কৰ্মচাৰী (সৰু-সুৰা অৰ্ধ-চৰকাৰী কামৰ বাবে থানাই নিয়োগ কৰা স্বেচ্চাসেৱক)। “মই তেওঁলোকৰ ফালে নাচাই ৱাক-টকিৰ বেটাৰী থৈ দিয়া মেজখনলৈ আগবাঢ়িলো,” দামিনীয়ে ২০১৭ৰ নৱেম্বৰৰ সেই নিশাটোৰ কথা কওতে অসহজবোধ কৰে। তেনেতে তাই দুৱাৰৰ খিলি মাৰি দিয়া শুনা পায়। “মই তাৰ পৰা ওলাই আহিব বিচাৰিছিলো। গাৰ সমস্ত বল দি ওলাই আহিবলৈ চেষ্টা কৰিছিলো। কিন্তু দুজনে মোৰ হাতত বৰ জোৰকৈ ধৰি আছিল আৰু মোক বিচনাখনত দলিয়াই দিছিল আৰু…ইজনৰ পিছত সিজনে মোক ধৰ্ষণ কৰিছিল।”

নিশা প্ৰায় আঢ়ৈমান বজাত চকুপানীৰে বাট নেদেখা হোৱা দামিনী কোনোমতে ঘৰটোৰ পৰা থৰক-বৰককৈ খোজ দি ওলাই আহিল, নিজৰ বাইকখনত উঠিল আৰু ঘৰলৈ উভতিল। “মোৰ গা-মন জঠৰ হৈ গৈছিল। বিভিন্ন চিন্তাই মোক হেঁচা মাৰি ধৰিছিল…মোৰ কেৰিয়াৰৰ কথা, মই জীৱনত কি লক্ষ্য সাধিবলৈ আগবাঢ়িছিলোঁ। কিন্তু এতিয়া এয়া কি হৈ গ’ল?” তেওঁ কয়।

PHOTO • Jyoti Shinoli

মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলটোৱে গভীৰ জলসংকটৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আহিছে, কৃষিকাৰ্যৰ পৰা নিয়মিত আয় অহাৰ কোনো ভৰসা নাই, সেয়ে আৰক্ষীৰ চাকৰি আদিৰ দৰে চৰকাৰী চাকৰিৰ প্ৰতি যুৱচামৰ আগ্ৰহ আছে

*****

দামিনীৰ যিমানদূৰ মনত পৰে, তেওঁ এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়া হ’ব বিচাৰিছিল। তেওঁৰ ইংৰাজী, শিক্ষা আৰু আইন, এই তিনিওটা বিষয়ৰে স্নাতক ডিগ্ৰীয়ে তেওঁৰ সেই উচ্চাকাংক্ষা তথা কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ। “মই সদায়েই পঢ়া-শুনাত আগত থাকিছিলো…ভাৰতীয় আৰক্ষী সেৱাত এগৰাকী কনিষ্টবল হিচাপে সোমাই তাৰপিছত আৰক্ষী পৰিদৰ্শকৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা ভাবিছিলো,” তেওঁ কয়।

২০০৭ত দামিনীয়ে আৰক্ষী জোৱান হিচাপে চাকৰিত সোমাল। প্ৰথম কেইটামান বছৰ তেওঁ যান-বাহন বিভাগত আৰু মাৰাঠৱাড়াৰ আৰক্ষী থানাবোৰত কনিষ্টবল হিচাপে কাম কৰিলে। “প্ৰতিটো কে’চতে মই মোৰ দক্ষতা বঢ়াবলৈ চেষ্টা কৰাৰ লগতে চিনিয়ৰিটি পাবলৈ কঠোৰ পৰিশ্ৰম কৰিছিলোঁ,” দামিনীয়ে মনত পেলায়। কিন্তু তেওঁৰ অশেষ কষ্ট আৰু অভিজ্ঞতা সত্ত্বেও পুৰুষৰ আধিপত্য থকা আৰক্ষী থানাবোৰৰ পৰিবেশে তাইক হতাশ কৰিছিল।

“পুৰুষ সহকৰ্মীবোৰে প্ৰায়ে আওপকীয়াকৈ ঠাট্টা-মস্কৰা কৰিছিল। বিশেষকৈ জাত-পাত আৰু লিংগক লৈ,” দলিত সম্প্ৰদায়ৰ দামিনীয়ে কয়। “এবাৰ এজন কৰ্মচাৰীয়ে মোক কৈছিল, ‘তুমহী জৰ  সাহেবাঞ্চ্যা মৰ্জীপ্ৰমাণে ৰাহিলাত তাৰ তুমহালা ডিউটি ৱাগাৰে কমি লাগেল। পেইচে পান দেউ তুমহালা’ (তুমি যদি ছাৰে কোৱাৰ দৰে কাম নকৰা, তোমাৰ ডিউটি কমিব আৰু তাৰবাবে শাস্তিও পাবা)।” সেইজন আছিল থানাৰ কৰ্মচাৰী যিজনৰ বিৰুদ্ধে তেওঁক ধৰ্ষণৰ অভিযোগ আছে। অফিছত অৰ্ধ-চৰকাৰী কাম কৰাৰ উপৰিও দামিনীয়ে কয় যে তেওঁ পুলিচৰ হৈ ৱচুলি সংগ্ৰহৰ লগতে পি.আই.জনৰ ঘৰলৈ বা হোটেল বা লজলৈ যৌন কৰ্মী আৰু মহিলা কনিষ্টবলক “লৈ অনা” কাম কৰিছিল।

“আমি অভিযোগ দিব বিচাৰিলেও আমাৰ ওপৰত থকাসকলো পুৰুষ। তেওঁলোকে আমাৰ কথা আওকাণ কৰি চলে,” দামিনীয়ে কয়। মহিলা জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰো নাৰীবিদ্বেষ আৰু নিৰ্যাতনৰ সৈতে পৰিচিতি নথকা নহয়। মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা আয়ুক্ত হিচাপে নাম থকা ভাৰতীয় আৰক্ষী সেৱা (আই.পি.এছ.)ৰ প্ৰাক্তন বিষয়া ড. মীৰান চদ্ধা ব’ৰৱংকাৰে ভাৰতত মহিলা আৰক্ষী বিষয়া-কৰ্মচাৰীৰ বাবে কৰ্ম-পৰিৱেশ সদায়ে অসুৰক্ষিত বুলি কৈছে। “কৰ্মস্থলত যৌন আতিশয্য এক বাস্তৱ সত্য। কনিষ্টবলজাতীয় পদত থকা মহিলাই এনে আতিশয্যৰ বেছিকৈ সন্মুখীন হয়, আনকি জ্যেষ্ঠ মহিলা বিষযাও বাচি নাযায়। ময়ো এনে ঘটনাৰ সন্মুখীন হৈছো,” তেওঁ কয়।

কৰ্মক্ষেত্রত মহিলাক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা দিয়াৰ লগতে এই বিষয়ত কৰ্মচাৰীৰ মাজত সজাগতা বাধ্যতামূলক কৰাৰ উদ্দেশ্যে ২০১৩ত কৰ্মক্ষেত্রত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইনখন বলবৎ কৰা হয়। “আৰক্ষী থানাবোৰ এই আইনৰ অধীনত পৰে আৰু আইনখন অনুপালন কৰাটো বাধ্যতামূলক। এছ.এইছ.অ’. বা পি.আই.জন এইক্ষেত্রত নিয়োগকৰ্তা আৰু আইনখন মানি চলাটো নিশ্চিত কৰা তেওঁৰ দায়িত্ব,” বেংগালুৰুৰ অলটাৰ্নেটিভ ল ফ’ৰামৰ এগৰাকী অধিবক্তা পূৰ্ণ ৰবিশংকৰে কয়। কৰ্মস্থানত এনেক্ষেত্রত আইনখনে এখন অভ্যন্তৰিণ অভিযোগ কমিটি (আই.চি.চি.) গঠন কৰাটো বাধ্যতামূলক কৰি দিছে যিখনে কৰ্মক্ষেত্রত আতিশয্যৰ অভিযোগ বিচাৰ কৰিব, দামিনীৰ ক্ষেত্রত পি.আই.জনকে ধৰি।  কিন্তু ড. ব’ৰৱংকাৰে কথাবোৰ চিন্তা কৰিবলৈ বাধ্য কৰাইছে, তেওঁ কৈছে, “আইচিচি কেৱল কাগজে-পত্ৰইহে আছে।”

চেণ্টাৰ ফৰ দা ষ্টাডি অৱ ডেভলপিং ছ’চাইটিজ (চিএছডিএছ)ৰ লোকনীতি - প্ৰগ্ৰাম ফৰ কম্পেৰেটিভ ডেম’ক্ৰেচিয়ে পৰিচালনা কৰা ‘ ষ্টেটাচ অৱ পলিচিং ইন ইণ্ডিয়া ’ শীৰ্ষক ২০১৯ৰ এক সমীক্ষাত মহাৰাষ্ট্ৰকে ধৰি ২১ খন ৰাজ্যৰ ১০৫ টা স্থানত ১১,৮৩৪ গৰাকী আৰক্ষী কৰ্মচাৰীৰ সাক্ষাৎকাৰ লোৱা হৈছিল। সেই সমীক্ষাত সাক্ষাৎকাৰ লোৱা প্ৰায় এক-চতুৰ্থাংশ (২৪ শতাংশ) মহিলা আৰক্ষী কৰ্মচাৰীয়ে তেওঁলোকৰ কৰ্মস্থানত বা ক্ষেত্রাধিকাৰত এনে কমিটি নাই বুলি কয়। মহিলা আৰক্ষীয়ে কি পৰ্য্যায়ত নিৰ্যাতনৰ সন্মুখীন হয়, সেয়া নিৰ্ধাৰণ কৰাটো সেয়ে কঠিন কাম হৈ পৰে।

“আমাক এইখন আইনৰ কথা কেতিয়াও কোৱা হোৱা নাছিল। তেনে কোনো কমিটিও নাছিল,” দামিনীয়ে কয়।

২০১৪ৰ পিছৰেপৰা নেচনেল ক্ৰাইম ৰেকৰ্ডচ ব্যুৰো (এনচিআৰবি)য়ে কৰ্মক্ষেত্রত বা কৰ্মস্থানৰ চৌহদত মহিলাৰ যৌন নিৰ্যাতন সম্পৰ্কে আইনখনৰ ‘মহিলাৰ শ্লীলতা হানিৰ উদ্দেশ্যৰে নিৰ্যাতন’ শ্ৰেণী ( সংশোধিত ভাৰতীয় দণ্ডবিধি সেৱাৰ অনুচ্ছেদ ৩৫৪ যিটো নতুন ভাৰতীয় ন্যায় সংহিতা বা বি.এন.এছ.ৰ ৭৪ নং অনুচ্ছেদৰ সমতুল্য)ৰ অধীনত তথ্য সংগ্ৰহ কৰি আছে। ২০২২ত নেচনেল ক্ৰাইম ৰেকৰ্ডচ্ ব্যুৰোয়ে ভাৰতত এই শ্ৰেণীত ৪২২ গৰাকী ভুক্তভোগীৰ গোচৰ নথিবদ্ধ কৰিছে, তাৰে ৪৬ টা গোচৰ মহাৰাষ্ট্ৰৰ, যিটো বাস্তবিক সংখ্যাতকৈ কম যেন অনুমেয়।

*****

২০১৭ৰ নৱেম্বৰৰ সেইদিনা ৰাতি যেতিয়া দামিনীয়ে ঘৰ আহি পাইছিল, তেওঁক বিভিন্ন প্ৰশ্নই জুমুৰি দি ধৰিছিল। মুখ খুলিলে কি পৰিণতি হ’ব, কৰ্মস্থানত কেনেকৈ সেইকেইজন অভিযুক্ত ধৰ্ষণকাৰীৰ মুখ চাই  থাকিব - ইত্যাদি এশ-এবুৰি চিন্তাত তাইৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিছিল। “মনলৈ ভাব আহিছিল যে সেয়া (ধৰ্ষণ) এনেকুৱা আছিল নেকি মই মোৰ জ্যেষ্ঠ বিষয়াৰ যৌন অভিপ্ৰায়মূলক আচৰণবোৰৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবেই মোৰ এনে অৱস্থা হ’ল…এতিয়া মই কি পদক্ষেপ লোৱা উচিত হ’ব,” দামিনীয়ে মনত পেলায়। চাৰি-পাঁচদিন পিছত দামিনীয়ে কৰ্মস্থানলৈ যোৱাৰ সাহস গোটালে যদিও ঘটনাৰ বিষয়ে কাকো একো নোকোৱাৰ সিদ্ধান্ত ল’লে। “মই বৰ অশান্তিত আছিলো। কি কি পদক্ষেপ ল’ব লাগিছিল (যেনে সময়ত মেডিকেল পৰীক্ষা কৰোৱা আদি) জানিছিলোঁ, কিন্তু…মই নাজানো,” দামিনীয়ে সংকোচ কৰিছিল।

কিন্তু এসপ্তাহ পিছত তেওঁ মাৰাঠৱাড়াৰ জিলা এখনৰ আৰক্ষী অধীক্ষক (এছপি)ক সাক্ষাৎ কৰি এখন লিখিত অভিযোগ দাখিল কৰে। এছপিজনে তেওঁক এফ.আই.আৰ. দাখিল কৰিবলৈ কোৱা নাছিল। তাৰ পৰিৱৰ্তে দামিনীয়ে যি ভয় খাইছিল, সেয়াই হ’বলৈ ধৰিলে। তেওঁ অভিযোগ দাখিল কৰাৰ পৰিণাম ভুগিবলৈ ধৰে। “এছপিজনে তেওঁক তেওঁৰ থানাৰ পৰা চাৰ্ভিচ ৰেক’ৰ্ড আনিবলৈ কয়। অভিযুক্ত পি.আই.জনে উল্লেখ কৰিছিল যে মোৰ চৰিত্ৰ ভাল নহয় আৰু মই কৰ্মক্ষেত্রত ৰুচি-বিগৰ্হিত কামত জৰিত আছিলোঁ,” দামিনীয়ে কয়।

কিছুদিন পিছত দামিনীয়ে এছপিগৰাকীলৈ দ্বিতীয়খন অভিযোগ পত্ৰ লিখিলে যদিও কোনো সঁহাৰি নাপালে। “এনেকুৱা এটা দিন নাছিল যে মই উৰ্ধতন কৰ্তৃপক্ষক লগ কৰাৰ চেষ্টা কৰা নাই। একে সময়তে মই মোৰ কৰ্তব্যও পালন কৰি আছিলো,” তেওঁ মনত পেলায়। “তাৰপিছত মই জানিব পাৰিলো যে ধৰ্ষণৰ ফলত মই অন্তঃসত্বা হৈছো।”

তাৰ পৰৱৰ্তী মাহত তেওঁ এছপিজনলৈ ডাকযোগে আৰু হোৱাটচআপ যোগে চাৰি পৃষ্ঠাৰ এখন অভিযোগপত্ৰ লিখি পঠিয়ালে। অভিযোগ অনুযায়ী ধৰ্ষণৰ দুমাহ পাছত, ২০১৮ৰ জানুৱাৰীত প্ৰাথমিক তদন্তৰ নিৰ্দেশ ওলাল। “এগৰাকী মহিলা সহকাৰী আৰক্ষী অধীক্ষক (এ.এছ.পি.)ক তদন্তৰ দায়িত্ব দিয়া হ’ল। মই মোৰ গৰ্ভধাৰণৰ ৰিপ’ৰ্ট বিষয়াগৰাকীক দিলো যদিও তেওঁ সেই ৰিপ’ৰ্ট তেওঁৰ প্ৰতিবেদনত গাঁথি নিদিলে। এ.এছ.পি.গৰাকীয়ে এইবুলি প্ৰতিবেদন দিলে যে যৌন নিৰ্যাতনৰ ঘটনা ঘটা নাছিল আৰু তদন্ত চলি থকালৈ মোক ২০১৯ৰ জুনত চাকৰিৰ পৰা নিলম্বিত কৰা হ’ল, ” দামিনীয়ে কয়।

PHOTO • Priyanka Borar

‘অভিযোগ দিব বিচাৰিলেও আমাৰ ওপৰত থকা ছিনিয়ৰবোৰ পুৰুষেই থাকে। তেওঁলোকে আমাৰ কথাত কাণ নিদিয়ে,’ দামিনীয়ে কয়

এইখিনি সময়ত দামিনীয়ে পৰিয়ালৰো সহযোগ পোৱা নাছিল। ২০১৬ত, ঘটনাৰ এবছৰ আগত তেওঁৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটে। চাৰিজনী ভনী আৰু এজন ভায়েক থকা দামিনীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবল পিতৃ আৰু গৃহিণী মাক তাইৰ সমৰ্থনত থিয় দিব বুলি তেওঁ ভাবিছিল যদিও সেয়া নহ’ল। “অভিযুক্তসকলৰ এজনে মোৰ দেউতাক আহি লগাইছিল…কৈছিল যে মই থানাত দেহাৰ বেপাৰ কৰোঁ…যে মই এগৰাকী ফাল্টু ছোৱালী…সেয়ে মই তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি ঝামেলাত পৰিব নালাগে,” তেওঁ কয়। তেওঁৰ দেউতাকে তেতিয়াৰে পৰা তেওঁৰ সৈতে কথা পতাই এৰিলে। এই কথাত তেওঁ মৰ্মাহত হৈছিল। “বিশ্বাস কৰিবলৈ টান পাইছিলো। কিন্তু মই সেয়া উপেক্ষা কৰি চলিলো। আৰুনো কি কৰিম?”

ঘটনা আৰু বেয়াৰ ফালে ঢাল খালে যেতিয়া দামিনীয়ে অনুভৱ কৰিলে যে তেওঁৰ ওপৰত সকলো সময়তে কোনোবাই চকু ৰাখিছে। “বিশেষকৈ সেই কৰ্মচাৰীজনে সকলো সময়তে মোক অনুসৰণ কৰিছিল। মই সতৰ্ক হৈ আছিলো। ভালদৰে শুব পৰা নাছিলো, খাব পৰা নাছিলো। দেহ-মন অতিকৈ ভাগৰুৱা হৈ পৰিছিল।”

কিন্তু তেওঁ লাগি থাকিল। ২০১৮ৰ ফেব্ৰুৱাৰীত তেওঁ জিলাখনৰ এখন তালুকত থকা ন্যায়িক দণ্ডাধীশ প্ৰথম শ্ৰেণী (জে.এম.এফ.চি.) আদালতৰ কাষ চাপে। চৰকাৰী বিষয়াৰ বিৰুদ্ধে আইনী সাহায্য বিচৰাৰ বাবে জ্যেষ্ঠ বিষয়াৰ পৰা অনুমতি নোপোৱা হেতুকে তেওঁৰ গোচৰটো খাৰিজ কৰা হয় (বৰ্তমানে সংশোধিত ফৌজদাৰী কাৰ্যবিধিৰ ১৯৭ নং অনুচ্ছেদ অনুযায়ী, যিটো নতুন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা মানে বি.এন.এছ.এছ.ৰ ২১৮ নং অনুচ্ছেদৰ সমতুল্য)। এসপ্তাহ পিচত তেওঁ পুনৰাই আন এখন দৰ্খাস্ত দাখিল কৰাত অতিৰিক্ত জিলা খণ্ড বিচাৰপীঠে অৱশেষত আৰক্ষী থানাক এফ.আই.আৰ. লিখিবলৈ ক’লে।

“তিনিমাহ হতাশা আৰু ভগ্নস্বাস্থ্যৰে কটোৱাৰ পিছত আদালতে মোক সাহস দিলে,” দামিনীয়ে কয়। কিন্তু সেয়া ক্ষন্তেকীয় প্ৰমাণিত হ’ল। এফ.আই.আৰ. দাখিল কৰাৰ দুটা দিন পিছত ঘটনাস্থলী, অৰ্থাৎ পি.আই.জনৰ বাসগৃহত অনুসন্ধান চলোৱা হ’ল। কিন্তু কোনো প্ৰমাণ পোৱা নগ’ল, নোপোৱাটোৱেই স্বাভাৱিক, কিয়নো পি.আই.জনৰ ঘৰলৈ দামিনী যোৱাৰ তেতিয়ালৈ তিনিমাহ সময় পাৰ হৈ গৈছিল। কাকো গ্ৰেপ্তাৰ কৰা নহ’ল।

সেইটো মাহতে দামিনীৰ গৰ্ভপাত হ’ল আৰু তেওঁ সন্তানটো হেৰুৱালে।

*****

২০১৯ৰ জুলাইত হোৱা শুনানিৰ পিছত এতিয়া পাঁচটা বছৰ পাৰ হৈ গ’ল। নিলম্বনৰ সময়ছোৱাত তেওঁ ঘটনাটো আৰক্ষী মহাপৰিদৰ্শকক জনোৱাৰ চেষ্টা কৰিছিল যদিও তেওঁক সাক্ষাতৰ অনুমতি দিয়া নহ’ল। এদিনাখন তেওঁ মহাপৰিদৰ্শকজনৰ গাড়ীৰ আগত ভেটা দিলে আৰু ঘটনাটো বৰ্ণাই কোৱাৰ চেষ্টা কৰিছিল। “মই তেওঁক অনুৰোধ জনাইছিলোঁ, মোৰ ওপৰত হোৱা অন্যায়ৰ কথাবোৰ কৈছিলো। তাৰপিছত তেওঁ মোৰ ওপৰত থকা নিলম্বনৰ নিৰ্দেশ উঠাই লোৱাৰ নিৰ্দেশ দিয়ে,” দামিনীয়ে কয়। তেওঁ ২০২০ৰ আগষ্টত পুনৰাই আৰক্ষীত যোগদান কৰে।

এতিয়া তেওঁ মাৰাঠৱাড়াৰ ভিতৰুৱা ঠাই এখনত থাকে। তাত মানুহ একেবাৰে সেৰেঙা, কেইখনমান পথাৰ আৰু দুই-এঘৰ মানুহ দূৰে দূৰে আছে। তাৰে মাজতে অকলশৰীয়াকৈ এটা ঘৰত তেওঁ থাকে।

PHOTO • Jyoti Shinoli

যিমানদূৰ মনত পৰে, নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত মাৰাঠৱাড়া অঞ্চলটোৰ বাসিন্দা দামিনীয়ে এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষযা হ’ব খুজিছিল

“মই ইয়াত নিৰাপদ অনুভৱ কৰোঁ। কেইগৰাকীমান খেতিয়কৰ বাদে ইয়ালৈ কোনো নাহে।” দ্বিতীয় বিবাহৰ পিছত হোৱা ছমহীয়া কন্যা সন্তানটোক নিচুকাই তেওঁ কয়। “মই আগতে সকলো সময়তে উদ্বিগ্ন হৈ থাকিছিলো, কিন্তু তাইৰ জন্মৰ পিছত কিছু সুস্থিৰ হৈছো।” তেওঁৰ গিৰীয়েকে বহুত যত্ন লয়। কন্যা সন্তানটিৰ জন্মৰ পিছত দেউতাকৰ লগতো তেওঁৰ সম্পৰ্ক কিছু ভাললৈ আহিছে।

তেওঁক যিখন থানাত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল, সেইখন আৰক্ষী থানাত তেওঁ এতিয়া কাম নকৰে। তাৰ পৰিৱৰ্তে তেওঁ একেখন জিলাৰে আন এখন আৰক্ষী থানাত হেড কনিষ্টবলৰ দায়িত্বত আছে। তেওঁৰ দুগৰাকী সমকৰ্মী আৰু ঘনিষ্ঠ বন্ধুৱেহে জানে যে তেওঁ যৌন নিৰ্যাতনৰ পৰা বাচি আহি জীৱন নিৰ্বাহ কৰি আছে। তেওঁৰ কৰ্মস্থানত, বৰ্তমানৰ নাইবা আগৰ কোনোৱে নাজানে তেওঁ বৰ্তমান ক’ত থাকে। তথাপিও তেওঁ নিৰাপদ অনুভৱ নকৰে।

“মই বাহিৰত থাকিলে আৰু আৰক্ষীৰ পোছাকত নাথাকিলে মুখখন ঢাকি লওঁ। অকলে বাহিৰলৈ ওলাই নাযাও। সদায় সতৰ্কতা অৱলম্বন কৰোঁ। সিহঁত আহি মোৰ ঘৰ পাব নালাগে,” দামিনীয়ে কয়।

এয়া কোনো মনত সোমাই থকা সংশয়ৰ ভাৱ নহয়।

দামিনীয়ে কয় যে অভিযুক্ত কৰ্মচাৰীজনে তেওঁৰ নতুন কৰ্মক্ষেত্রলৈ আৰু তেওঁ মোতায়েন হৈ থকা আৰক্ষীৰ চেকপইণ্টলৈ প্ৰায়ে আহে আৰু তাইক মাৰধৰ কৰে। “এবাৰ মোৰ গোচৰটো জিলা আদালতত চলাৰ দিনা মোক বাছ আস্থানতে তেওঁ মাৰধৰ কৰিছিল।” নতুনকৈ মাতৃত্ব লাভ কৰা দামিনীয়ে নিজৰ জীয়ৰীজনীৰ নিৰাপত্তাক লৈ চিন্তিত। “সিহঁতে যদি তাইক কিবা কৰে?” কেঁচুৱাটো বুকুত টানকৈ সাবতি ধৰি তেওঁ নিজকে নিজে প্ৰশ্ন কৰে।

এই প্ৰতিবেদকে ২০২৪ৰ মে’ত দামিনীক দেখা কৰিছিল। মাৰাঠৱাড়াৰ ভীষণ গৰম সত্ত্বেও, সাতটা বছৰে ন্যায়ৰ বাবে যুঁজি থকা আৰু কিবা ক’লেই ক্ষতি হোৱাৰ ভাবুকি সত্ত্বেও তেওঁৰ মনটো সাহসেৰে ভৰি আছিল, তেওঁক দৃঢ়প্ৰতিজ্ঞ দেখা গৈছিল। “মই আটাইকেইজন অভিযুক্ত জেললৈ যোৱাটো বিচাৰো। মালা লড়ায়াচ্চ আহে (মই যুঁজি বিচাৰোঁ)।”

এই প্ৰতিবেদন ভাৰতত যৌন আৰু লিংগভিত্তিক হিংসা (এছজিবিভি)ৰ পৰা উদ্ধাৰ হোৱাজনে লাভ কৰিবলগীয়া সেৱা-সুবিধাৰ ক্ষেত্রত আহি পৰা সামাজিক, আনুষ্ঠানিক আৰু ভিত্তিগত বাধাসমূহৰ ওপৰত আলোকপাতেৰে দেশৰ বিভিন্ন প্ৰান্ত সামৰি কৰা ৰিপ’ৰ্টিঙৰ এক অংশ।

পৰিচয় গোপনীয় কৰি ৰাখিবলৈ ভুক্তভোগী তথা পৰিয়ালৰ সদস্যৰ নাম সলনি কৰা হৈছে।

অনুবাদ: পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Editor : Pallavi Prasad

Pallavi Prasad is a Mumbai-based independent journalist, a Young India Fellow and a graduate in English Literature from Lady Shri Ram College. She writes on gender, culture and health.

Other stories by Pallavi Prasad
Series Editor : Anubha Bhonsle

Anubha Bhonsle is a 2015 PARI fellow, an independent journalist, an ICFJ Knight Fellow, and the author of 'Mother, Where’s My Country?', a book about the troubled history of Manipur and the impact of the Armed Forces Special Powers Act.

Other stories by Anubha Bhonsle
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das