“মই কেবাবাৰো ১০৮ (এম্বুলেন্স সেৱা)লৈ ফোন লগোৱাৰ চেষ্টা কৰিলো। ফোন লাইন ব্যস্ত আছিল, মাজে মাজে আনৰিচ্চেবল হৈ আছিল।” তেওঁৰ পত্নীৰ জৰায়ুৰ সংক্ৰমণ হৈছিল আৰু দৰৱ সেৱন কৰি থকা সত্ত্বেও গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। ৰাতি হৈ আহে মানে তেওঁৰ বিষ বাঢ়িছিল। গণেশ পাহাৰীয়াই চিকিৎসা সাহায্য বিচাৰি হাবাথুৰি খাইছিল।

“শেষত গৈ মই স্থানীয় মন্ত্ৰীজনৰ সহায়কৰ ওচৰত সহায়ৰ বাবে হাত পাতিলো। তেওঁ (নিৰ্বাচনী) প্ৰচাৰ অভিযানৰ সময়ত আমাক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল,” গণেশে মনত পেলায়। সহায়কজনে বেলেগত আছো বুলি কৈ ফোন থ’লে। “তেওঁ আমাক সহায় কৰাৰ পৰা বিৰত থাকিল।”

অতিকৈ উৎকণ্ঠিত হৈ পৰা গণেশে কয়, “এম্বুলেন্স এখন থকা হ’লে মই তেওঁক বোকাৰো বা ৰাঁচীৰ ভাল হস্পিতাল এখনলৈ লৈ যাব পাৰিলোহেঁতেন।” তাৰ পৰিৱৰ্তে তেওঁ তেওঁৰ পত্নীক কাষৰে ব্যক্তিগত হস্পিতাল এখনলৈ নিবলগীয়া হ’ল আৰু সম্পৰ্কীয়ৰ পৰা ৬০,০০০ টকাৰ ধাৰ ল’বলগীয়া হ’ল।

“নিৰ্বাচনৰ সময়ত তেওঁলোকে কি কি যে নকয় – এনেকুৱা কৰি দিম, তেনেকুৱা হৈ যাব...মাত্ৰ আমাক ভোট দি জয়ী কৰক। কিন্তু পিছত দেখিব আপুনি তেওঁলোকক সাক্ষাৎ কৰিবলৈ গ’লে তেওঁলোকৰ হাতত সময়ে নাথাকে,” ৪২ বৰ্ষীয় গাওঁবুঢ়াজনে কয়। তেওঁ কয় যে মৌলিক সা-সুবিধাখিনিৰ পৰাও তেওঁলোকৰ পাহাৰীয়া সম্প্ৰদায় লোকসকল চৰকাৰৰ দ্বাৰা উপেক্ষিত।

পাকুৰ জিলাৰ হিৰনপুৰ ব্লকৰ সৰু এটা চুবুৰী ধনগড়া। তাতেই বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি) পাহাৰীয়া জনজাতিৰ ৫০ ঘৰ মানুহ আছে। গাওঁখন পাবলৈ আপুনি শোচনীয় ৰাস্তাৰে আঠ কিলোমিটাৰ যাব লাগিব, তেতিয়া ৰাজমহল পৰ্বতশ্ৰেণীৰ দাঁতিত থকা আওহতীয়া ঠাইখন পাব।

“আমাৰ চৰকাৰী স্কুলখনৰ অৱস্থা অতিকৈ বেয়া। আমি নতুন এখন বিচাৰিছিলো, কিন্তু ক’ত পাম?” গণেশে সোধে। আমাৰ সম্প্ৰদায়ৰ প্ৰায়ভাগ শিশুৱেই স্কুলত নামভৰ্তি কৰা নাই আৰু সেয়ে ৰাজ্য চৰকাৰৰ মধ্যাহ্ন  ভোজনো নাপায়।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: গণেশ পাহাৰীয়া ধনগড়া গাওঁখনৰ গাওঁবুঢ়া। তেওঁ কয় যে নেতাবোৰে ভোট বিচাৰি প্ৰতিশ্ৰুতি দিয়ে ঠিকেই, কিন্তু সেয়া পুৰণ কৰাৰ সময়ত ব্যৰ্থ হয়। সোঁফালে: ২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত গাঁৱৰ মানুহখিনিক পকী ৰাস্তা এটাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও মাহৰ পিছত মাহ পাৰ হ’ল, একো কৰা হোৱা নাই

তেওঁলোকে নিজৰ গাওঁখনৰ পৰা দ্বিতীয়খন গাঁৱলৈ ৰাস্তা এটাও বিচাৰিছে। “ৰাস্তাটো আপুনি নিজেই চাওকচোন,” সৰু শিল দিয়া কেঁচা ৰাস্তাটোলৈ আঙুলিয়াই গণেশে কয়। তেওঁ কয় যে তেওঁৰ তাত কেৱল এটাই দমকল আছে আৰু মহিলাসকলে পানী বুৰাবলৈ নিজৰ শাৰী পাতি থাকিবলগীয়া হয়। “আমাৰ দাবীসমূহ পুৰণ কৰা হ’ব বুলি আমাক তেতিয়া প্ৰতিশ্ৰুতি দিয়া হৈছিল। ভোট পোৱাৰ পিছত সকলোৱে পাহৰি যায়!” গণেশে কয়।

৪২ বৰ্ষীয় লোকজন হিৰানপুৰ ব্লকৰ ধনগড়া গাঁৱৰ গাওঁবুঢ়া। তেওঁ কয় যে ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত নেতাবোৰে ঝাৰখণ্ডৰ চাওতাল পৰগনা অঞ্চলটোত প্ৰচাৰ চলাইছিল, কিন্তু সম্প্ৰদায়টোৰ বাবে একো নকৰিলে।

ঝাৰখণ্ডৰ ৮১ খন আসনৰ বাবে বিধানসভা নিৰ্বাচন দুটা পৰ্য্যায়ত হ’ব। তাৰে প্ৰথমটো ১৩ নৱেম্বৰত আৰু দ্বিতীয়টো পৰ্য্যায়ত ২০ নৱেম্বৰত পাকুৰ জিলাত ভোটদান অনুষ্ঠিত হ’ব। এই নিৰ্বাচনী যুঁজ হ’ব শাসকীয় দল মুক্তি মৰ্চাৰ ইণ্ডিয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ এনডিএৰ মাজত।

এই গাওঁখন লিট্টিপাৰা সমষ্টিৰ অন্তৰ্গত। ২০১৯ত ঝাৰখণ্ড মুক্তি মৰ্চাৰ দীনেশ উইলিয়াম মাৰান্দিয়ে ৬৬,৬৭৫ টা ভোট পাই জয়ী হৈছিল, তেওঁৰ পিছে পিছে আছিল ৫২,৭৭২ টা ভোটেৰে বিজেপিৰ ডেনিয়েল কিছকু। এইবাৰ জেএমএমৰ প্ৰাৰ্থী হৈছে হেমলাল মুৰ্মু, তাৰ বিপৰীতে বিজেপিয়ে থিয় কৰাইছে বাবুবধন মুৰ্মুক।

অতীতত বহুত প্ৰতিশ্ৰুতি দিয়া হ’ল। “২০২২ত গ্ৰাম পৰিষদৰ সভাত প্ৰাৰ্থীবোৰে প্ৰতিশ্ৰুতি দিছিল যে গাওঁখনত বিয়াৰ বাবে তেওঁ ৰন্ধা-বঢ়াৰ সামগ্ৰীখিনি দিব,” তাৰে এগৰাকী বাসিন্দা মীনা পাহাৰিনে কয়। এবাৰ কি দিলে, তাৰ পিছত আৰু খবৰ নাই।

তেওঁ কয় যে লোকসভা নিৰ্বাচনৰ বাবে “তেওঁলোকে আমাক এহাজাৰ টকা দি গায়েব হৈ গ’ল। হেমন্ত আহিছিল (জেজেএম পাৰ্টিৰ কৰ্মী), প্ৰতিগৰাকী মহিলা আৰু পুৰুষক ১,০০০ টকাকৈ দিলে, নিৰ্বাচন জিকিল আৰু এতিয়া তেওঁ অফিছত বহি উপভোগ কৰিছে।”

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: মীনা পাহাৰিয়াই দিনে ১০-১২ কিলোমিটাৰ খোজকাঢ়ি গৈ খৰি আৰু চিৰতা সংগ্ৰহ কৰি সেয়া বিক্ৰী কৰে। সোঁফালে: সৌৰশক্তি চালিত দমকল এটাৰ পৰা মহিলাসকলে পানী নিয়ে

ঝাৰখণ্ডৰ চাওতাল পৰগনা অঞ্চলটো ৩২ টা জনগোষ্ঠীৰ ঘৰ। পাহাৰীয়াসকলৰ দৰে আন পিভিটিজি জনজাতিসমূহ হৈছে – অসুৰ, বিৰহ’ৰ, বিৰ্জিয়া, ক’ৰৱা, মাল পাহাৰীয়া, পাহাৰীয়া, সুৰ্য্য পাহাৰীয়া আৰু সৱৰ। ২০১৩ৰ এই প্ৰতিবেদন অনুসৰি ঝাৰখণ্ডত পিভিটিজিৰ অন্তৰ্গত লোকৰ সংখ্যা প্ৰায় চাৰি লাখৰো অধিক, পাহাৰীয়া লোকৰ সংখ্যা তাৰে প্ৰায় পাঁচ শতাংশ বুলি ঠাঁৱৰ কৰা হৈছে।

তেওঁলোকৰ সংখ্যা কম আৰু সৰু সৰু দূৰে দূৰে থকা গাঁৱত বিভক্ত। সাক্ষৰতাৰ হাৰ কম, আৰ্থিক দিশৰ পৰা নানা প্ৰত্যাহ্বানেৰে ভৰা আৰু পুৰণিকলীয়া প্ৰযুক্তিৰ ওপৰতে কৃষিৰ বাবে নিৰ্ভৰশীল। যোৱা কেইটামান দশকত তেওঁলোকৰ বিশেষ একো সলনি হোৱা নাই। পঢ়ক: যন্ত্ৰণাৰ পাহাৰ , পি. সাইনাথৰ ‘এভ্ৰিবডী লাভছ এ গুড ড্ৰট’ৰ সংক্ষিপ্ত কিয়দংশ।

“গাওঁ মে জ্যাদাতৰ লোগ মজদুৰি হি কৰতা হ্যে, চাৰ্ভিচ ম্যে তৌ নহি হ্যে। ঔৰ য়হা ধান কা খেত ভি নহী হ্যে। খালি পহাৰ পহাৰ হ্যে (গাঁৱত প্ৰায়ভাগ লোকে দিনহাজিৰা কৰে, ইয়াত কাৰো চৰকাৰী চাকৰি নাই। ইয়াত ধানখেতিও নাই। সকলোতে কেৱল পাহাৰ পাহাৰ,” গণেশে পাৰিক কয়। মহিলাসকলে হাবিলৈ খৰি আৰু চিৰতা [Swertia] আনিবলৈ যায়, সেয়া তেওঁলোকে বজাৰত বিক্ৰী কৰে।

পাহাৰীয়া জনজাতিৰ লোকসকল ঝাৰখণ্ডৰ চাওতাল পৰগনা অঞ্চলৰ আটাইতকৈ পুৰণি বাসিন্দা। তেওঁলোক তিনিটা শাখাত বিভক্ত: সুৰ্য্য পাহাৰীয়া, মাল পাহাৰীয়া আৰু কুমাৰভাগ পাহাৰীয়া। তেওঁলোক কেবাশতিকাজুৰি ৰাজমহল পৰ্বতাঞ্চলত বাস কৰি আহিছে।

ঐতিহাসিক তথ্য অনুযায়ী তেওঁলোক মাল্লি জনগোষ্ঠীৰ, খ্ৰীষ্টপূৰ্ব ৩০২ত চন্দ্ৰগুপ্ত মৌৰ্য্যৰ শাসনকালত ভাৰতলৈ অহা গ্ৰীচৰ কূটনীতিবিদ আৰু ইতিহাসবিদ মেগান্থানীজে এই কথা উল্লেখ কৰা বুলি এইখন জাৰ্নেলত আছে। তেওঁলোকৰ ইতিহাস চাওতাল আৰু ব্ৰিটিছ শাসকৰ সৈতে সংঘৰ্ষৰে ভৰা, তেওঁলোকক পাহাৰৰ ভৈয়ামৰ পৰা খেদি পাহাৰৰ দাঁতিত আশ্ৰয় ল’বলৈ বাধ্য কৰা হৈছিল বুলি কোৱা হয়। তেওঁলোকক চোৰ-ডকাইত নাম দিয়া হৈছিল।

“পাহাৰীয়াসকল তেনেকৈয়ে বাহ্যিক সমাজ-সংস্কৃতিৰ পৰা নিজকে একাষৰীয়া কৰি আনে। অতীতত চাওতাল আৰু ব্ৰিটিছৰ সৈতে হোৱা সংগ্ৰামৰ আঘাত এতিয়াও ভালদৰে শুকোৱা নাই,” ঝাৰখণ্ডৰ ডুমকাৰ চিড’-কান’ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক ড. কুমাৰ ৰাকেশে এনেদৰ এই প্ৰতিবেদনত লিখিছে।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: মীনাৰ ঘৰৰ বাহিৰতে খৰিৰ বোজাবোৰ। সেয়া ৰন্ধা-বঢ়াত লাগে আৰু অলপ বিক্ৰীও কৰা হয়। সোঁফালে: চিৰতা হাবিৰ পৰা সংগ্ৰহ কৰি আনি সেয়া শুকুৱাই কাষৰে বজাৰত ২০ টকা কিলো দৰত বিক্ৰী কৰা হয়

*****

শীতকালৰ পাতল ৰ’দৰ উম লৈ খেল-ধেমালীত ব্যস্ত ল’ৰা-ছোৱালীৰ হাঁহি-খিকিন্দালি, ছাগলীৰ মাত আৰু মাজে মাজে দুই এটা কুকুৰাৰ মাত ধনগড়া গাঁৱৰ পৰা শুনা গৈছে।

মীনা পাহাৰীন স্থানীয় মালতো ভাষাতে আন মহিলাসকলৰ লগত বাহিৰত কথা পাতি আছে। “আমি জগবেচিচ। আপুনি জানে নেকি তাৰ অৰ্থ কি?” এই প্ৰতিবেদকক তেওঁ সোধে। “তাৰ অৰ্থ হৈছে এই পাহাৰ আৰু হাবি-বননিয়ে আমাৰ ঘৰ,” তেওঁ বুজাই কয়।

আন মহিলাৰ সৈতে তেওঁ সদায় পুৱা ৮ৰ পৰা ৯ বজাৰ ভিতৰত হাবিলৈ যায়। আবেলি উভতি আহে। “হাবিত চিৰতা পোৱা যায়। আমি গোটেই দিনটো সেয়া সংগ্ৰহ কৰো। তাৰ পিছত তাক শুকুৱাই বিক্ৰী কৰিবলৈ নিও,” তেওঁ নিজৰ কেঁচা ঘৰটোৰ চালত শুকুৱাই থোৱা ঠানিবোৰলৈ আঙুলিয়াই কয়।

“কেতিয়াবা আমি এদিনত দুই কিলো পাও, কেতিয়াবা তিনিকিলো, কেতিয়াবা ভাগ্য ভাল থাকিলে পাঁচ কিলোও পাও। বৰ কষ্টৰ কাম,” তেওঁ কয়। এক কিলোগ্ৰাম চিৰতা বজাৰত ২০ টকা দৰত বিক্ৰী হয়। চিৰতাৰ ভালেমান ঔষধি গুণ আছে, মানুহে চিৰতা সিজাই তাৰ নিৰ্য্যাস খায়। “শিশুৰ পৰা লৈ বয়সীয়াল লোকলৈ সকলোৱে খাব পাৰেষ পেটৰ কাৰণে ভাল,” মীনাই কয়।

চিৰতাৰ উপৰিও মীনাই হাবিৰ পৰা খৰি সংগ্ৰহ কৰে, তাৰবাবে তেওঁ ১০-১২ কিলোমিটাৰ প্ৰতিদিনে খোজকাঢ়ে। “বোজাবোৰ গধুৰ আৰু প্ৰতিটো বোজা ১০০ টকাত বিক্ৰী হয়,” তেওঁ কয়। শুকান চিৰতাৰ বোজা এটাত ১৫-২০ কিলোগ্ৰাম ওজন হয়, কিন্তু চিৰতাখিনি ভিজি থাকিলে ওজন ২৫-৩০ কিলো পৰ্য্যন্ত হ’ব পাৰে।

চৰকাৰী প্ৰতিশ্ৰুতি কেতিয়াও পুৰণ নোহোৱা বুলি গণেশে কোৱা কথাটোত মীনাই হয়ভৰ দিয়ে। “আগতে কোনেও আমাৰ ওচৰলৈ অহা নাছিল। কিন্তু যোৱা কেইটামান বছৰত মানুহ আহিবলৈ লৈছে,” তেওঁ কয়। “কেবাজনো মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী সলনি হ’ল, কিন্তু আমাৰ অৱস্থা একেই থাকিল। আমি পাইছো মাত্ৰ বিদ্যুৎশক্তি আৰু ৰেচন,” তেওঁ কয়।

“ঝাৰখণ্ডৰ আদিবাসী লোকসকল ঘাইকৈ বিস্থাপিতকৰণ আৰু মাটি-বাৰীৰ পৰা বঞ্চিত হৈ আহিছে। মূলধাৰাৰ উন্নয়ন কাৰ্য্যসূচীসমূহে অঞ্চলটোৰ জনজাতীয় লোকসকলৰ সমাজ-সংস্কৃতিৰ সুকীয়া বৈশিষ্টৰ সৈতে খাপ খোৱাকৈ কাৰ্য্যসূচী হাতত লোৱাত অপাৰগ হৈছে আৰু ‘এজোৰ জোতাই সকলোলৈ’ বোলা কথাষাৰকে সাৰ কৰি চলিছে,” এয়া ৰাজ্যখনৰ আদিবাসীসকলৰ জীৱিকাৰ ওপৰত প্ৰকাশিত ২০২১ৰ প্ৰতিবেদনৰ কথা।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

পাহাৰীয়া আদিবাসীসকল সৰু সৰু গোটত সিঁচৰতি হৈ থকাটোৱে তেওঁলোকৰ বিচ্ছিন্ন অৱস্থাৰ আন এক কাৰণ, আৰ্থিক দিশৰ পৰাও তেওঁলোক নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। সোঁফালে: ধনগড়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়খন। গাওঁবাসীয়ে কয় যে নেতাবোৰে বছৰৰ পিছত বছৰ নতুন এখন স্কুলৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি পুৰণ কৰা নাই

“কাম নায়েই! একেবাৰেই নাই। আমি আটায়ে বাহিৰলৈ কাম বিচাৰি যাবলগীয়া হয়,” মীনাই ২৫০ৰ পৰা ৩০ লোক বাহিৰলৈ প্ৰব্ৰজন কৰা প্ৰসংগত কয়। “বাহিৰলৈ কাম বিচাৰি ওলাই যোৱাটোতো সমস্যা আছে, প্ৰায় তিনিৰ পৰা চাৰিদিন লাগে। ইয়াতেই কাম পোৱা হ’লে কিবা টানে-বিপদে ঘৰলৈ সোনকালে উভতিব পাৰিলোহেঁতেন।”

পাহাৰীয়া সম্প্ৰদায়ে পৰিয়ালে প্ৰতি ডাকিয়া যোজনাৰ অধীনত ঘৰৰ দুৱাৰমুখতে ৩৫ কিলোগ্ৰাম ৰেচন পাব লাগে। কিন্তু মীনাই কয় যে তেওঁৰ ১২ জনীয়া পৰিয়ালটোৰ বাবে সিমানখিনি পৰ্য্যাপ্ত নহয়। “সৰু পৰিয়াল এটাই চলিব পাৰিব। কিন্তু আমাৰ সিমানখিনি ৰেচনেৰে ১০ দিনো নচলে,” তেওঁ কয়।

গাওঁখনৰ অৱস্থাক লৈ তেওঁ কয় যে কোনেও দুখীয়াৰ দুখ নেদেখে। “আমাৰ ইয়াত এখন অংগনবাদীও নাই,” মীনাই আঙুলিয়াই দি কয়। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অনুযায়ী ছমাহৰ পৰা ছবছৰীয়া শিশুৱে আৰু গৰ্ভৱতী মাতৃয়ে অংগনবাদীৰ পৰা পুষ্টিকাৰ পৰিপূৰক খাদ্য পাব লাগে।

মীনাই কঁকালখনমানলৈ হাতখন দাঙি উচ্চতা দৰ্শাই কয়, “আন গাঁৱত ইমান ওখ ল’ৰা-ছোৱালীবোৰে পুষ্টিকাৰক খাদ্য যেনে চাতুগুড়ি, বুটমাহ, ভাত আৰু মচুৰ দাইল আদি পায়... কিন্তু আমি সেয়া একো নাপাও।” “কেৱল পলিঅ’ টোপালহে পাও,” তেওঁ কয়। “দুখন গাঁৱৰ মাজত এখন অংগনবাদী আছে। কিন্তু তেওঁলোকৰ পৰা আমি একো নাপাও।”

ইফালে গণেশৰ পত্নীৰ দৰৱৰ ধাৰখিনি শুজিবলৈ আছেই – ৬০,০০০ টকা মূল আৰু অতিৰিক্ত সুত। “কা কহে কেইছে, দেংগে, অব কিছি চে লিয়ে হ্যে তৌ দেনা হ্যে...(কেনেকৈ ধাৰ শুজিম নাজানো, কিন্তু শুজিবতো লাগিবই। ধাৰ কৰিছো যেতিয়া ধাৰ মাৰিব লাগিব),” তেওঁ এই প্ৰতিবেদকক কয়।

এইবাৰ নিৰ্বাচনত ভোটদান কৰাৰ আগেয়ে মীনাই দৃঢ়প্ৰতিজ্ঞ হৈ লৈছে, “কাৰো পৰা একো নলওঁ। আমি আগতে যাক ভোট দি আহিছো, তাক নিদিও। আমাক যিয়ে আচলতে সহায় কৰিব, তাকহে ভোট দিম।”

অনুবাদ: পংকজ দাস

Ashwini Kumar Shukla

Ashwini Kumar Shukla is a freelance journalist based in Jharkhand and a graduate of the Indian Institute of Mass Communication (2018-2019), New Delhi. He is a PARI-MMF fellow for 2023.

Other stories by Ashwini Kumar Shukla
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das