মধ্য ভাৰতৰ খাৰগোনে চহৰখনত সেয়া আছিল এপ্ৰিল মাহৰ এটা উষ্ম দিন। চহৰখনৰ ব্যস্ততাপূৰ্ণ পুৱাটোৰ ছন্দত ব্যাঘাত হানি হুমহুমাই সোমাই আহিল কেইখনমান বুলড’জাৰ। মধ্য প্ৰদেশৰ চান্দনি চ’কৰ এই ব্যস্ত জনবহুল এলেকাটো নিমিষতে নিস্তব্ধ হৈ পৰিল, কেৱল শুনা গ’ল আগবাঢ়ি অহা সেই দৈত্যকায় মেচিনৰ শব্দ। সৰু সৰু দোকান আৰু ঘৰবোৰৰ পৰা ভয়াৰ্ত মানুহবোৰ বাহিৰলৈ ওলাই আহিল।

৩৫ বৰ্ষীয় ৱাচিম আহমেদে সন্ত্ৰাসিত চকুৰে চাই ৰ’ল, বুলড’জাৰখনৰ গধুৰ দৈত্যকায় ষ্টীলৰ ব্লেডখনে তেওঁৰ দোকান আৰু ভিতৰত থকা মূল্যৱান সামগ্ৰী এফালৰ পৰা ভাঙি-মোহাৰি নিলে। “মই মোৰ যিখিনি সাচতীয়া ধন আছিল, আটাইখিনি দোকানত খটুৱাইছিলো,” তেওঁ কয়।

চৰকাৰৰ নিৰ্দেশত অহা বুলড’জাৰবোৰে ১১ এপ্ৰিলৰ দিনা কেৱল তেওঁৰ দোকানখনেই ভাঙি পেলোৱা নাছিল, লগতে খাৰগোনেৰ মুছলমান সম্প্ৰদায় অধ্যুষিত এই বৃহৎ এলেকাটোৰ প্ৰায় ৫০ খন দোকান ধূলিস্যাৎ কৰি পেলাইছিল। ৰাম নৱমী উৎসৱৰ সময়ত “সংঘৰ্ষকাৰী”য়ে শিলাবৰ্ষণ কৰাৰ পোটক তুলিবলৈ মধ্যপ্ৰদেশ চৰকাৰে ব্যক্তিগত সম্পত্তি নষ্ট কৰাৰ এই পন্থা হাতত লৈছিল।

কিন্তু ৱাচিমে শিল দলিওৱাৰ কথাটো সত্য বুলি মানিবলৈ টান। তেওঁৰ দুয়োখন হাত কটা, আনকি চাহ খাবলৈও তেওঁক আনে সহায় কৰি দিব লাগে, শিল দাঙি দলিওৱাটো দূৰৰে কথা।

“সিদিনাৰ ঘটনাটোৰ লগত মোৰ লেনা-দেনা একো নাছিল,” ৱাচিমে কয়।

২০০৫ত দুয়োখন হাতত দুৰ্ঘটনা এটাত হেৰুওৱাৰ আগত তেওঁ এজন ৰং মিস্ত্ৰী আছিল। “এদিন কাম কৰি থাকোতে বিদ্যুৎপৃষ্ঠ হওঁ আৰু ডাক্তৰে মোৰ দুয়োখন হাত কাটি বিচ্ছিন্ন কৰি পেলাবলগীয়া হয়। অতিশয় বেয়া পৰিস্থিতিৰ মাজেৰে পাৰ হৈ শেষত উপায় এটা বিচাৰি পাইছিলো (এই দোকানখন পাতি),” নিজৰ অৱস্থাক লৈ তেওঁ দুখ কৰি সময় কটোৱা নাছিল বুলি গৌৰৱ কৰা ৱাচিমে কয়।

Left: Wasim Ahmed lost both hands in an accident in 2005.
PHOTO • Parth M.N.
Right: Wasim’s son Aleem helping him drink chai at his house in Khargone
PHOTO • Parth M.N.

বাওঁফালে: ২০০৫ৰ এটা দুৰ্ঘটনাত ৱাচিম আহমেদে দুয়োখন হাত হেৰুৱাইছিল। সোঁফালে: ৱাচিমৰ পুত্ৰ আলীমে তেওঁক চাহ খুওৱাই দিছে, খাৰগোনেৰ নিজ ঘৰত

ৱাচিমৰ দোকানত গ্ৰাহকে শাক-পাচলি, ষ্টেচনেৰী বস্তু আদি যি লাগে নিজে লয়। “তেওঁলোকে বস্তু কিনি পইচা মোৰ পকেটত বা দেৰাজত থৈ যায়,” তেওঁ কয়। “এনেকেয়ৈ মই যোৱা ডেৰটা দশকে জীৱিকা নিৰ্বাহ কৰি আহিছো।”

সেই একেটা দিনতে ৭৩ বৰ্ষীয় মহম্মদ ৰফিকে খাৰগোনেৰ চান্দনি চ’ক এলেকাত থকা তেওঁৰ চাৰিখন দোকানৰ তিনিখন চকুৰ আগতে ধূলিস্যাৎ হৈ যোৱা অসহায় হৈ চায় ৰয়, তেওঁৰ ২৫ লাখ টকাৰ লোকচান হয়। “মই কাকূতি-মিনতি কৰিছিলো, তেওঁলোকৰ ভৰিত ধৰিছিলো,” ৰফিকে মনত পেলায়। “তেওঁলোকে (পৌৰনিগম কৰ্তৃপক্ষই) আমাক আনকি নিৰ্দেশৰ একো কাগজো দেখুওৱা নাছিল। মোৰ দোকানৰ সকলো কাগজ বৈধ আছিল। কিন্তু তেওঁলোকৰনো কি আহে যায়।”

ৱাচিম আৰু ৰফিকৰ দৰে আন ষ্টেচনেৰী দোকান, চিপচ্, চিগাৰেট, চকলেট, শীতল পানীয় আৰু এনে বিভিন্ন সামগ্ৰী বিক্ৰী কৰা দোকানবোৰ ঢাঁহি-মোহাৰি পেলোৱা কাৰবাৰটো আছিল ৰাজ্য চৰকাৰে সংঘৰ্ষৰ সময়ত হোৱা ক্ষতি পুনৰোদ্ধাৰৰ বাবে হাতত লোৱা এক শাস্তিমূলক পদক্ষেপ। পিছত জিলা প্ৰশাসনে কয় যে ভাঙি পেলোৱা দোকানবোৰ “অবৈধ” আছিল। কিন্তু মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই সাংবাদিকক কয়, “যিবোৰ ঘৰৰ মানুহে শিল দলিয়াইছিল, সেই ঘৰবোৰকে ভাঙি শিলৰ দ’ম বনাই পেলাম।”

Mohammad Rafique surveying the damage done to his shop in Khargone’s Chandni Chowk by bulldozers
PHOTO • Parth M.N.

খাৰগোনেৰ চান্দনি চ’ক এলেকাত ক্ষতিগ্ৰস্ত হোৱা নিজৰ দোকানৰ ধ্বংসাৱশেষ চাই ৰৈছে মহম্মদ ৰফিকে

বুলড’জাৰ চলাৰ আগতে, সংঘৰ্ষৰ সময়তো বহুতে ঘৰ হেৰুৱাইছিল, যেনে মুখতিয়াৰ খান। তেওঁৰ ঘৰটো হিন্দু ধৰ্মালম্বী লোক অধ্যুষিত সঞ্জয় নগৰ এলেকাত আছিল। পৌৰনিগমৰ এগৰাকী চাফাই কৰ্মচাৰীগৰাকী হিংসাত্মক ঘটনাৰ সময়ত ঘটনাস্থলীত কৰ্তব্যৰত আছিল। “তেনেতে বন্ধু এজনৰ ফোন আহিল, পৰিয়ালটোক ততালিকে নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে তেওঁ উধাতু খাই ক’লে,” তেওঁ কয়।

এই খবৰটোৱে তেওঁলোকৰ প্ৰাণ বচালে, কিয়নো মুখতিয়াৰৰ ঘৰ সঞ্জয় নগৰৰ হিন্দু ধৰ্মালম্বী লোক অধ্যুষিত এলেকাত আছিল। সৌভাগ্যক্ৰমে তেওঁ সময়ত গৈ পালে আৰু পৰিয়ালটোক মুছলমান লোকৰ বসতি থকা এলেকাৰ ভনীয়েকৰ ঘৰলৈ লৈ গ’ল।

ঘূৰি আহি তেওঁ দেখিছিল, তেওঁৰ ঘৰটো ইতিমধ্যে ছাঁইত পৰিণত হৈছে। “একো বাকী নাছিল,” তেওঁ মনত পেলায়।

মুখতিয়াৰে সেই অঞ্চলটোত যোৱা ৪৪ বছৰে বসবাস কৰি আহিছে। “আমাৰ এটা সৰু জুপুৰি ঘৰ আছিল। যোৱা ১৫ বছৰে পইচা সাঁচি শেষত ২০১৬ত সেই ঘৰটো বনাইছিলো। গোটেই জীৱনটো তাতেই কটালো, সকলোৰে লগত মোৰ ভাল সম্পৰ্ক আছিল,” তেওঁ দুখ কৰি কয়।

ঘৰটো ছাঁই হৈ যোৱাৰ পিছত এতিয়া মুখতিয়াৰে খাৰগোনেত ৫,০০০ টকা দি ভাৰাত থাকে, সেয়া তেওঁৰ দৰমহাৰ এক-তৃতীয়াংশ। তেওঁ নতুন বাচন-বৰ্তন, নতুন কাপোৰ আনকি আচবাবো কিনিবলগীয়া হ’ল, ঘৰটোৰ লগতে সেইবোৰৰো চিন-চাব নোহোৱা হৈ গৈছিল।

“মোৰ জীৱনটো ধ্বংস কৰাৰ আগত তেওঁলোকে এবাৰো নাভাবিলে। হিন্দু আৰু মুছলমানৰ মাজত যোৱা ৪-৫ বছৰত উত্তেজনা বৃদ্ধি পাইছে। ইমান বেয়া পৰিস্থিতি কেতিয়াও হোৱা নাছিল। আজিকালি পৰিস্থিতি সদায়ে স্পৰ্শকাতৰ হৈ থাকে।”

Mukhtiyar lost his home during the communal riots in Khargone
PHOTO • Parth M.N.

খাৰগোনেত গোষ্ঠীগত সংঘৰ্ষৰ সময়ত মুখতিয়াৰে তেওঁ ঘৰ হেৰুৱাইছিল

মুখতিয়াৰে ১.৭৬ লাখ টকা ক্ষতিপূৰণ পাবলগীয়া আছে। এয়া তেওঁৰ লোকচানৰ সামান্য এটা অংশহে। কিন্তু এই ষ্ট’ৰিটো প্ৰকাশ হোৱাৰ সময়লৈকে তেওঁ ক্ষতিপূৰণ পোৱা নাই। পইচা সোনকালে যে তেওঁ পাব, সেয়াও তেওঁ আশা কৰা নাই।

“মোক ক্ষতিপূৰণ লাগে, মোৰ ঘৰটো ভাঙি পেলোৱাৰ বাবে, আৰু ন্যায়ো লাগে,” তেওঁ কয়। “সংঘৰ্ষকাৰীয়ে যি কৰিলে, প্ৰশাসনেও দুদিন পিছত তাকেই কৰিলে।”

ভালেমান বিজেপি শাসিত ৰাজ্যই যোৱা দুই-তিনি বছৰত “বুলড’জাৰ ন্যায়”ৰ প্ৰচলন কৰা পৰিলক্ষিত হৈছে। মধ্য প্ৰদেশৰ উপৰিও উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত অভিযুক্ত মানুহৰ দোকান-পোহাৰ বুলড’জাৰেৰে ভাঙি পেলোৱা হৈছে। অভিযুক্তজন দোষী নহ’বও পাৰে। কিন্তু প্ৰায়ভাগ ঘটনাত দেখা গৈছে যে কেৱল মুছলমানৰ দোকান-ঘৰ ভঙা গৈছে।

খাৰগোনেত ৰাজ্য চৰকাৰৰ নিৰ্দেশত বুলড’জাৰে কেৱল মুছলমানৰ ঘৰ-দোকানহে ভাঙিলে, পিপলচ্ ইউনিয়ন অৱ চিভিল লিবাৰ্টিজ (পি.ইউ.চি.এল.)ৰ এক প্ৰতিবেদনত এই তথ্য পোৱা গৈছে। প্ৰতিবেদনখনে ৰাজ্যসমূহৰ বুলড’জাৰ অভিযানৰ তথ্যবোৰ চালিজাৰি চোৱা হৈছে।

“সংঘৰ্ষত দুয়োটা সম্প্ৰদায়ে ক্ষতিগ্ৰস্ত হৈছিল যদিও প্ৰশাসনে কেৱল মুছলমানৰ সম্পত্তিহে ধ্বংস কৰিছে,” প্ৰতিবেদনত কোৱা হৈছে। “কোনো নটিচ দিয়া হোৱা নাছিল, বয়-বস্তু উলিওৱাৰ বাবেও সময় দিয়া হোৱা নাছিল। ডেমোলিচনৰ দায়িত্বত থকা জিলা বিষয়াৰ নিৰ্দেশত কেৱল বুলড’জাৰ চলি গৈছিল।”

*****

এটা উৰাবাতৰিৰ পৰা এই সকলোবোৰৰ সূত্ৰপাত হৈছিল। ২০২২ৰ ১০ এপ্ৰিলত, ৰাম নৱমী উৎসৱ চলি থকাৰ সময়ত উৰাবাতৰি চলিল যে খাৰগোনেৰ কাষত তালাব চ’কৰ কাষত হিন্দু লোকৰ শোভাযাত্ৰা পুলিচে ৰখাই থৈছে। সামাজিক গণমাধ্যমে এই উৰাবাতৰিত আৰু বিয়পাই পেলালে আৰু ক্ষণিকতে এঠাইত মানুহৰ ভীৰ লাগিল। সকলোৱে শ্লোগান দি পৰিৱেশটো উত্তেজনাময় কৰি তুলিলে আৰু ভীৰটো সেই স্থানলৈ আগবাঢ়িল।

Rafique in front of his now destroyed shop in Khargone. A PUCL report says, 'even though both communities were affected by the violence, all the properties destroyed by the administration belonged to Muslims'.
PHOTO • Parth M.N.

খাৰগোনেৰ ধ্বংসস্তুপত পৰিণত হোৱা নিজৰ ঘৰটোৰ স্থানত ৰফিক। পি.এই.চি.এল. প্ৰতিবেদনত কোৱা হৈছে, ‘সংঘৰ্ষত দুয়োটা সম্প্ৰদায়েই ক্ষতিগ্ৰস্ত হৈছিল যদিও প্ৰশাসনে কেৱল মুছলমানৰ সম্পত্তিহে ধ্বংস কৰিলে’

সেই সময়তে ওচৰৰ মছজিদৰ পৰা ওলাই অহা লোকসকল এই ভীৰৰ মুখামুখি হয়। তেওঁলোকক দেখি সেই ভীৰটো হিংস্ৰ হৈ পৰে আৰু শিল দলিয়ায়। এনেকৈ চহৰখনৰ আন প্ৰান্তলৈকো হিংসা বিয়পে য’ত চৰম হিন্দুবাদী গোটে মুছলমান লোকৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰক লক্ষ্য কৰি লয়।

পৰিস্থিতি আৰু বিষম হৈ পৰে যেতিয়া চিএনএন নিউজ-18ৰ এংকৰ অমন চোপ্ৰাই খাৰগোনেৰ ওপৰত তৰ্ক অনুষ্ঠান এটাৰ আয়োজন কৰে, যিটো অনুষ্ঠানৰ নাম আছিল, “ হিন্দু ৰাম নৱমী মনায়ে , ‘ৰফিক’ পত্থৰ বৰ্ছায়ে ” অসমীয়াত অনুবাদ কৰিলে এনে হ’ব, “হিন্দুৱে ৰাম নৱমী পালিব, কিন্তু ‘ৰফিক’য়ে শিল বৰষাব।”

চোপ্ৰাই পোনপটীয়াকৈ মহম্মদ ৰফিকৰ কথা কৈছিল, নে তেওঁ এটা সচৰাচৰ প্ৰচলিত মুছলমান নাম লৈছিল, সেই কথা অস্পষ্ট। কিন্তু এই টিভি অনুষ্ঠানটোৰ প্ৰভাৱ ৰফিক আৰু তেওঁৰ পৰিয়ালটোৰ ওপৰত আছিল বজ্ৰপাতস্বৰূপ, “মই ভালেকেইদিনলৈ শুব পৰা নাছিলো। এইটো বয়সত ইমান মানসিক চাপ সহ্য কৰিব নোৱাৰি,” তেওঁ কয়।

ৰফিকৰ দোকানখন ভঙাৰ ডেৰ বছৰ পাৰ হ’ল। কিন্তু চোপ্ৰাৰ টিভি অনুষ্ঠানটোৰ স্ক্ৰীণৰ এটা প্ৰিণ্ট আউট তেওঁৰ হাতত আছে। সেইখন যিমানবাৰ চায়, তেওঁ মনত দুখ পায়।

হিন্দু সম্প্ৰদায়ৰ লোকে চোপ্ৰাৰ সেই অনুষ্ঠানটোৰ পিছত কেবাদিনলৈ তেওঁৰ দোকানৰ পৰা শীতল পানীয় আৰু গাখীৰ আদি কিনা নাছিল। চৰম হিন্দুবাদী লোকে মুছলমানক অৰ্থনৈতিকভাৱে অৱৰোধৰো আহ্বান জনাইছিল। সেই টিভি শ্ব’টোৱে পৰিস্থিতিৰ আৰু অৱনতি ঘটালে। “তুমি নিজে এগৰাকী সাংবাদিক। তুমি বুজি পাবা,” ৰফিকে কয়, “সাংবাদিক এজনে এনে কৰিব লাগেনে বাৰু?”

The rubble after the demolition ordered by the Khargone Municipal Corporation
PHOTO • Parth M.N.

খাৰগোনে পৌৰনিগমে ডেম’লিচন চলোৱাৰ পিছত ৰৈ যোৱা ধ্বংসাৱশেষ

নিজৰ পেছাটোক লৈ লাজ পোৱাৰ বাদে মই আন একো অনুভৱ কৰিব নোৱাৰিলো, উত্তৰো দিব নোৱাৰিলো। “তোমাক মই অসুবিধাত পেলাব বিচৰা নাই। তুমি এজন ভাল ল’ৰা যেনেই লাগিছে,” তেওঁ হাঁহি মাৰি দোকানৰ পৰা শীতল পানীয় এটা আগবঢ়াই কয়। “এতিয়া মোৰ এখন দোকান আছে আৰু ল’ৰাকেইটাই পেটৰ ভাত মোকলোৱাৰ ৰাস্তা বিচাৰি লৈছে। বহুতেই পেটে-ভাতে খাই থাকিবলগীয়া হৈছে।”

দোকানখন পুনৰাই সাজু কৰিবলৈ ৱাচিমৰ হাতত ধন নাই। দোকানখন ভাঙি পেলোৱাৰ পিছৰ ডেৰটা বছৰ তেওঁৰ উপাৰ্জনৰ বাট নাইকিয়া হৈ পৰিছে। খাৰগোনেৰ পৌৰনিগমে তেওঁক সহায় কৰিম বুলি কৈছে ঠিকেই, কিন্তু “সহায় কৰিম বুলি কৈছেহে, সেয়া নামতহে, কামত একো নাই।”

“হাতদুখন নথকা মানুহে কৰি খাবলৈ কাম আছেনো কিমান,” তেওঁ প্ৰশ্নসূচক ভংগীৰে কয়।

ৱাচিমৰ দোকানখন প্ৰশাসনে ভাঙি পেলোৱাৰ পিছত খাৰগোনেতে আন এখন সৰু দোকান চলোৱা তেওঁৰ ডাঙৰজন ভায়েকে তেওঁৰ পোহপালৰ দায়িত্ব লৈছে। “মই মোৰ দুই সন্তানক চৰকাৰী স্কুলত ভৰ্তি কৰাইছো,” তেওঁ কয়। “তৃতীয়টো সন্তান দুবছৰীয়া হৈছে। তাকো চৰকাৰী স্কুলত দিব লাগিব। মোৰ সন্তানকেইটাৰ ভৱিষ্যত এতিয়া অন্ধকাৰাচ্ছন্ন হৈ পৰিছে। ভৱিষ্যতৰ সৈতে আপোচ কৰি চলিবলগীয়া হৈছে।”

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das