মায়া থামিয়ে ৩০ কিলোগ্ৰাম ওজনৰ এটা চিলিণ্ডাৰ পিঠিত কঢ়িয়াই প্ৰায় ৩ কিলোমিটাৰ খোজ কাঢ়িছিল৷ সেই ওজনৰ সৈতে তেওঁ প্ৰায় ২০০টা খটখটি বগাইছিল আৰু চিলিণ্ডাৰটো দিনটোৰ প্ৰথমজন গ্ৰাহকক যোগান ধৰিছিল৷

ঘন-ঘনকৈ উশাহ লৈ ৩২ বৰ্ষীয়া মহিলাগৰাকীয়ে কয়, ‘‘এতিয়া মই সেইখন পাহাৰলৈ আৰু এটা চিলিণ্ডাৰ কঢ়িয়াই নিব লাগিব৷’’ ৮০ টকা হাজিৰা সংগ্ৰহ কৰি তেওঁ ততালিকে পৰৱৰ্তী চিলিণ্ডাৰটো যোগান ধৰিবলৈ আঁতৰি গ’ল৷ আগন্তুক ছমাহৰ বাবে তেওঁ এইদৰে এলপিজি চিলিণ্ডাৰ খোজকাঢ়ি কঢ়িয়াব লাগিব৷

‘‘গধূৰ ওজনৰ বাবে সাধাৰণতে পুৰুষকেই অগ্ৰাধিকাৰ দিয়া হয় আৰু মানুহে মহিলাৰ সৈতে দৰ-দাম অধিক কৰে’’, মায়াই এইদৰে কয়৷ এক নিৰ্দিষ্ট দূৰত্বৰ বাবে পুৰুষ কুলিয়ে ১০০ টকা উপাৰ্জন কৰাৰ বিপৰীতে সেই একে দূৰত্বৰ বাবে মহিলা এগৰাকীয়ে ৮০ টকাহে পায়৷

পশ্চিমবংগৰ এক ব্যস্ত চহৰ দাৰ্জিলিং পূব হিমালয়ত সমুদ্ৰপৃষ্ঠৰ পৰা ২,০৪২ মিটাৰ উচ্চতাত অৱস্থিত৷ পাহাৰীয়া ঠাইডোখৰত জনসাধাৰণে দৈনিক প্ৰয়োজনীয় সামগ্ৰী যেনে শাক-পাচলি, পানী, চিলিণ্ডাৰ আনকি ঘৰলৈ আচবাব কঢ়িয়াবলৈও কুলিৰ ওপৰত নিৰ্ভৰ কৰে৷ বাহনে ওখ ঠাইলৈ যাব নোৱাৰা হেতুকে চিলিণ্ডাৰ কঢ়িয়াবলৈ হয়তোবা নিজে আগবাঢ়িব লাগিব নতুবা গেছ এজেঞ্চীয়ে পঠিওৱা কুলিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব৷

Maya Thami climbs 200 stairs to deliver the day's first gas cylinder. Like other porters, she migrated from Nepal to work in Darjeeling, West Bengal
PHOTO • Rhea Chhetri
Maya Thami climbs 200 stairs to deliver the day's first gas cylinder. Like other porters, she migrated from Nepal to work in Darjeeling, West Bengal
PHOTO • Rhea Chhetri

মায়া থামিয়ে ২০০টা খটখটি বগুৱাই দিনটোৰ প্ৰথমজন গ্ৰাহকক চিলিণ্ডাৰৰ যোগান ধৰিছে৷ আনবোৰ কুলিৰ দৰে তেঁৱো নেপালৰ পৰা প্ৰব্ৰজিত হৈ পশ্চিমবংগৰ দাৰ্জিলিঙলৈ কামৰ সন্ধানত আহিছে

Left: Maya Thami rests after delivering a cylinder.
PHOTO • Rhea Chhetri
Right: Lakshmi Thami (left) and Rebika Thami (right)  each carrying a sack of potatoes weighing 60 kilos
PHOTO • Rhea Chhetri

বাওঁফালেঃ চিলিণ্ডাৰ যোগান ধৰাৰ পিছত মায়াই বিশ্ৰাম লৈছে৷ সোঁফালেঃ লক্ষ্মী থামি (বাওঁফালে) আৰু ৰেবিকা থামিয়ে (সোঁফালে) ৬০ কিলোগ্ৰামৰ আলুৰ বস্তা কঢ়িয়াইছে

মায়া থামিয়ে দাৰ্জিলিঙত ১২ বছৰ ধৰি কুলিৰ কাম কৰি আহিছে৷ তেওঁৰ দৰে দাৰ্জিলিঙৰ অধিকাংশ মহিলা কুলি নেপালৰ পৰা প্ৰব্ৰজিত হৈ আহিছে আৰু তেওঁলোক থামি সম্প্ৰদায়ৰ (পশ্চিমবংগত অন্যান্য পিছপৰা জাতি হিচাপে তালিকাভুক্ত) অন্তৰ্ভুক্ত৷ তেওঁলোকে নামলো নামে ৰছীৰে বন্ধা ডোকোত (বাঁহৰ বাস্কেট) শাক-পাচলি, চিলিণ্ডাৰ আৰু পানীৰ কেন কঢ়িয়ায়৷

‘‘বিয়াৰ পিছত মূৰত দায়িত্বৰ বোজা বাঢ়ি অহাৰ বাবে মই মুগলানলৈ [ভাৰত] আহিলো’’, মায়াই এইদৰে কয়৷ নেপালত মায়া আৰু তেওঁৰ স্বামী বৌধেয়ে ২ কঠা (০.০৬ একৰ) মাটিত ধান, গম আৰু আলুৰ খেতি কৰিছিল; সৰু সৰু দোকানত দৈনিক হাজিৰা কৰ্মী হিচাপেও কাম কৰিছিল৷ ২০২১ চনত দম্পত্তিহালে নেপাল সীমান্তৰ কেইঘণ্টমানৰ নাতিদূৰৈত অৱস্থিত দাৰ্জিলিঙলৈ গুচি আহে৷

মায়াই গেছ এজেঞ্চীৰ পৰা চিলিণ্ডাৰ গ্ৰাহকৰ ঘৰে ঘৰে যোগান ধৰে৷ ‘‘মই সাধাৰণতে পুৱা ৭ বজাত কামৰ ঠাইত উপস্থিত হও আৰু চিলিণ্ডাৰ যোগানৰ কাম কৰো’’, তেওঁ কয়৷ তেওঁ দিনটোত প্ৰায় চাৰিৰ পৰা পাঁচটা চিলিণ্ডাৰ যোগান ধৰে৷ পিঠিত দুটাকৈ চিলিণ্ডাৰ কঢ়িয়াই কঠোৰ হাড়ভগা শ্ৰমৰ অন্তত তেওঁ দিনটোত ৫০০ টকা উপাৰ্জন কৰে৷ ‘‘নিকপকপীয়া নামলোৰ বাবে মোৰ মূৰৰ চুলি সৰিছে আৰু দেহতো বিহে আগুৰি ধৰিছে’’, ঘনাই ৰক্তচাপ সলনি হোৱাৰ বিষয়েও উল্লেখ কৰি মায়াই এইদৰে কয়৷

মায়াই ঘৰে ঘৰে চিলিণ্ডাৰৰ যোগান ধৰে৷ তেওঁ দিনটোত প্ৰায় চাৰিৰ পৰা পাঁচটা চিলিণ্ডাৰ যোগান ধৰে৷ কঠোৰ হাড়ভগা শ্ৰমৰ অন্তত তেওঁ দিনটোত ৫০০ টকা উপাৰ্জন কৰে

ভিডিঅ’ চাওকঃ দাৰ্জিলিঙৰ কুলিসকল

শাক-পাচলি কঢ়িওৱা কুলিসকল চিলিণ্ডাৰ কঢ়িওৱা কুলিসকলতকৈ পৃথক হয়৷ তেওঁলোকে বৃহস্পতিবাৰে বজাৰ বন্ধ থকা দিনৰ বাদে বাকী প্ৰত্যেকদিন চ’ক বজাৰত সন্ধিয়া ৮ বজালৈ অপেক্ষা কৰে৷ ‘‘আমাৰ শাক-পাচলিখিনি গ্ৰাহকক বিক্ৰী কৰাৰ পিছত কাষতে থকা কুলি এজন মাতো আৰু বাকী চুক্তি গ্ৰাহক আৰু তেওঁলোকৰ মাজত হয়’’, বিহাৰৰ দোকানী মনোজ গুপ্তাই এইদৰে কয়৷

‘‘নাছাকেম বকচু ভাণ্ডা ভাণ্ডা ৭০ কেজি ভাৰী বকনে বানি ভাইছাকিয় [৭০ কিলোগ্ৰামৰ সামগ্ৰী কঢ়িয়াই কঢ়িয়াই মোৰ অভ্যাস হৈ গৈছে],’’ এখন হোটেলত ৭০ কিলো ওজনৰ শাক-পাচলি যোগান ধৰি ৪১ বৰ্ষীয়া মহিলা কুলি মনকুমাৰী থামিয়ে এইদৰে কয়৷ ‘‘যদি মই তেওঁলোকক কামটো কৰিব নোৱাৰো বুলি কওঁ তেন্তে তেওঁলোকে এই কামটো অন্যক দিব, মোৰ ৮০ টকাৰ লোকচান হ’ব৷’’

‘‘সাধাৰণতে আমি ১৫-২০ মিনিট পাহাৰ বগাবলগীয়া হয়৷ কাৰণ হোটেলবোৰ চ’ক বাজাৰৰ ওপৰত অৱস্থিত৷ আমি ১০ মিনিটৰ দূৰৈৰ হোটেলৰ বাবে ৬০ৰ পৰা ৮০ টকা পাওঁ আৰু তাতোকৈ দূৰৈৰ হোটেলৰ বাবে ১০০ৰ পৰা ১৫০ টকা পাওঁ,’’ আন এগৰাকী শাক-পাচলি কঢ়িওৱা কুলি ধনকুমাৰী থামিয়ে এইদৰে কয়৷

মহিলাসকলে বৈষ্যমৰ বলি হ’বলগীয়া হয় বুলি অনুভৱ কৰে ধনকুমাৰী থামিয়ে৷ ‘‘কেটা লে মাটাই চাকচা এষ্টো কাম টা হেইনা ৰাইচাও বাইনি৷ খাই এটা টা বেছি লেডীজ হাৰু নাই চা ভাৰী বংকে [সাধাৰণতে ‘পুৰুষে এই কাম কৰিব পাৰে৷’ কিন্তু কথাটো তেনেধৰণৰ নহয়৷ ইয়াৰে অধিকাংশ কুলিয়েই হ’ল মহিলা]৷’’ ১৫ বছৰ পূৰ্বে মদৰ নিচাত প্ৰাণ হেৰুৱাই গিৰিয়েকৰ পিছত তেওঁ এই কামত ধৰিছে৷

Left: Dhankumari Thami (blue jacket), Manbahadur Thami and Manmaya Thami (red sweater) rest in Chowk Bazaar between deliveries.
PHOTO • Rhea Chhetri
Right: Asti Thami filling water in cans that she will later deliver to customers
PHOTO • Rhea Chhetri

বাওঁফালেঃ চ’ক বাজাৰত সামগ্ৰী যোগান ধৰাৰ পিছত সামান্য বিশ্ৰাম লৈছে ধনকুমাৰী থামি (নীলা জেকেট), মনবাহাদুৰ থামি আৰু মনমায়া থামিয়ে (ৰঙা জেকেট)৷ সোঁফালেঃ অষ্টি থামি পানীৰ পাত্ৰত পানী ধৰিছে, পিছত তেওঁ এয়া গ্ৰাহকক যোগান ধৰিব

Asti Thami (left) and Jungey Thami (right) carrying water cans for delivery
PHOTO • Rhea Chhetri
Asti Thami (left) and Jungey Thami (right) carrying water cans for delivery
PHOTO • Rhea Chhetri

অষ্টি থামি (বাওঁফালে) আৰু জুংগে থামিয়ে (সোঁফালে) পানীৰ পাত্ৰ কঢ়িয়াইছে

পানী কঢ়িওৱা কামটো অধিক কঠিন, এইদৰে কয় অষ্টি থামি আৰু জুংগে থামিয়ে৷ তেওঁলোক পন্দম চাহ বাগিচাৰ এহাল দম্পত্তি আৰু ঘৰে ঘৰে পানী যোগানৰ কাম কৰে৷ দাৰ্জিলিঙৰ কিছুমান এলেকাত পানীৰ অভাৱ হোৱা বাবে নিতৌ তেওঁলোকে এই কাম কৰিবলৈ পায়৷

‘‘মই আৰু মোৰ স্বামীয়ে পুৱা ৬ বজাত প্ৰতিদিনে পন্দমৰ পৰা পানী সংগ্ৰহ কৰো৷ আমি পাত্ৰবোৰত পানী ধৰি ঘৰে ঘৰে যোগান ধৰো’’, অষ্টিয়ে এইদৰে কয়৷ পন্দমত থকা তেওঁলোকৰ ভাড়া ঘৰটো পানী সংগ্ৰহস্থলীৰ পৰা ২ কিলোমিটাৰ দূৰৈত অৱস্থিত৷

জুংগেয়ে এবাৰ তেওঁলোকে মাংসৰ বেপাৰত হাত দিয়া বুলি উল্লেখ কৰিছিল৷ কিন্তু ক’ভিডৰ বাবে তেওঁলোকৰ ব্যৱসায় নচলিল৷ দম্পত্তিহালে পুনৰ কুলিৰ কামত নিয়োজিত হ’ল৷

*****

'Until [my children] Bhawana and Bhawin finish studying, I will carry cylinders,' says Maya Thami
PHOTO • Rhea Chhetri

‘ভাৱনা আৰু ভাৱিনে [মোৰ সন্তান] অধ্যয়ন শেষ নকৰালৈ মই চিলিণ্ডাৰ কঢ়িয়াম’. মায়া থামিয়ে কয়

মায়া থামিৰ স্বামী বৌধে থামি দ্বিতীয় প্ৰজন্মৰ প্ৰব্ৰজনকাৰী৷ তেওঁৰ পিতৃ-মাতৃয়েও কুলি হিচাপে কাম কৰিছিল, দাৰ্জিলিঙৰ হোটেলে হোটেলে শাক-পাচলিৰ যোগান ধৰিছিল৷ মায়া আৰু বৌধেয়ে মাহে ২,৫০০ টকাৰ ভাড়াত চ’ক বাজাৰৰ পৰা ৫০ মিনিটৰ দূৰত গৌশালাৰ কাষত এটা ঘৰত বাস কৰে৷

এই পৰিয়ালটোৰ সৈতে আন বহুকেইটা কুলিৰ পৰিয়ালে এই অঞ্চলটোত ভাড়া কোঠা ল’বলৈ পচন্দ কৰে কিয়নো ঠাইডোখৰত সীমিত সুবিধাৰ বিকল্প উপলব্ধ আছে৷

মায়া আৰু বৌধেৰ সন্তান ভাৱনা আৰু ভাৱিনে এতিয়াও বিদ্যালয়ত পঢ়ি আছে; সিহঁতৰ শিক্ষাই হ’ল মায়াৰ প্ৰথম অগ্ৰাধিকাৰঃ ‘‘ভাৱনা ৰা ভাৱিন পাৰিঞ্জল মো মেৰো নামলো লে চিলিণ্ডাৰ বোকচু [ভাৱনা আৰু ভাৱিনে অধ্যয়ন শেষ নকৰালৈ মইনামলোৰে চিলিণ্ডাৰ কঢ়িয়াম]৷’’

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Student Reporter : Rhea Chhetri

Rhea Chhetri recently completed her Master's in Mass Communication and Journalism from Amity University, Noida. She is from Darjeeling and wrote this story during an internship with PARI in 2023.

Other stories by Rhea Chhetri
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

Other stories by Sanviti Iyer
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder