সাধাৰণ আকাৰৰ এখন পছমী আলোৱানৰ সূতা কটা কামটো ফহমীদাক এমাহ পৰ্য্যন্ত লাগে। চাংথাংগী ছাগলীৰ পৰা পোৱা কোমল ঊণ বৰ সাৱধানতাৰে পৃথক কৰা কামটো বৰ কষ্টকৰ। প্ৰায় ৫০ বছৰ এই কৰ্মৰ লগত জড়িত শিল্পীগৰাকীয়ে কয় যে গোটেই মাহটোৰ কষ্টৰ বিনিময়ত তেওঁলোকে কোনোমতে ১,০০০ টকা পায়। “কাম নিয়মিত চলি থাকিলে খুব বেছি মই দিনে ৬০ টকা উপাৰ্জন কৰিব পাৰো,” তেওঁ বুজোৱাৰ দৰে কথাখিনি কয়।

পছমী আলোৱান এখন যি মহঙা দৰত বিক্ৰী হয়, তাৰে এক নগণ্য অংশহে সূতা কটা মহিলাই পায়। এনে এখন আলোৱান ৮ হাজাৰৰ পৰা প্ৰায় ১ লাখ টকা পৰ্য্যন্ত দামত বিক্ৰী হয়, বেজীৰে কিমান সুক্ষ্ম আৰু সুন্দৰ ফুল তোলা হয়, তাৰে ওপৰত নিৰ্ভৰ কৰি দাম নিৰ্ধাৰিত হয়।

আগতে পছমী সূতা কটা কামটো মহিলাসকলে ঘৰুৱা কাম-বনৰ মাজতে কৰিছিল। ইমান কম পইচা পায় কাৰণে আজিকালি ফহমীদাৰ দৰে সূতা কটা মহিলাৰ সংখ্যা তেনেই তাকৰ হৈ পৰিছে।

পছমী সূতা কটা শ্ৰীনগৰৰ আন এগৰাকী মহিলা ফিৰদৌছা; বিয়া হোৱাৰ পিছত তেওঁ পৰিয়ালৰ কাম-কাজত ব্যস্ত হৈ পৰা কাৰণে সেই কাম এৰিলে। সৰুকালিৰ কথা মনত পেলাই তেওঁ কয়, “পৰিয়ালৰ ডাঙৰবোৰে আগতে আমাক সূতা কাটিবলৈ জোৰ কৰিছিল, কৈছিল যে এনেই মেল মাৰি থকাতকৈ এই কামে আমাৰ মনবোৰ বান্ধি ৰাখিব।” তেওঁৰ দুই কিশোৰী কন্যাই সূতা নাকাটে, আচলতে সিহঁত দুটাই স্কুলৰ পৰা আহি ঘৰুৱা কম-বন কৰি পঢ়া-শুনাৰ মাজত আন একোৰে বাবে সুৰুঙা নাপায়। তাৰোপৰি সেই কামটোত পইচাও কম।

বোৱা-কটাৰ কাম কাশ্মীৰৰ সংস্কৃতিৰ এটা অংশ, নাৰ্দু (পদুমৰ ঠাৰি) আৰু সূতা কটাৰ মাজত তুলনা কৰি ফিৰদৌছাই কয়, “আগতে তিৰোতাবোৰে কোনে কিমান লাহী পদুমৰ পাহিৰ দৰে মহুৰা ফুৰাব পাৰে, তাকে লৈ ইজনে আনজনৰ লগত ফেৰ মাৰিছিল।”

Fahmeeda Bano usually takes a month to spin enough thread for a regular-sized pashmina shawl
PHOTO • Muzamil Bhat

এখন সাধাৰণ আকাৰৰ পছমী আলোৱানৰ জোখাৰে সূতা কাটিবলৈ ফহমীদা বানোক এমাহ সময় লাগে

Fahmeeda's mother-in-law, Khatija combines two threads together to make it more durable
PHOTO • Muzamil Bhat

ফহমীদাৰ শাহুৱেক খাটিজাই দুডাল সূতা লগ লগাই সূতা কাটে

সূতা কটাৰ তুলনাত পছমী কাপোৰ বোৱা কামটোত পইচা বেছি, সেয়া সাধাৰণতে পুৰুষে কৰে। তেওঁলোকে বেছি পইচাৰ বাবে মাজে মাজে সেই কাম এৰি আন কামতো ধৰে। জম্মু আৰু কাশ্মীৰত এজন কৌশলবিহীন শ্ৰমিকে দিনে ৩১১ টকা মজুৰি লাভ কৰে, মধ্যমীয়া কৌশলৰ শ্ৰমিকে ৪০০ আৰু কৌশলী শ্ৰমিকে ৪৮০ টকা লাভ কৰে, এয়া ২০২২ৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ এখন মজুৰি সম্পৰ্কীয় সূচনাত কোৱা হৈছে।

সাধাৰণ আলোৱান এখনত ১৪০ গ্ৰাম পছমী সূতা লাগে। ওখ পৰ্বতৰ চাংথাংগী ছাগলী (Capra hirecus)ৰ পৰা পোৱা কেঁচা পছমী ঊণৰ পৰা ১০ গ্ৰাম সূতা মহুৰাত ফুৰাবলৈ ফহমীদাক দুদিন সময় লাগে।

ফহমীদাই তেওঁৰ শাহুৱেক খাটিজাৰ পৰা পছমী সূতা কটাৰ কৌশল শিকিছিল। ফহমীদাই জম্মু-কাশ্মীৰ স্বায়ত্ব শাসিত ৰাজ্যখনৰ ৰাজধানী শ্ৰীনগৰৰ কোহ-এ-মাৰনৰ এমহলীয়া ঘৰটোত পৰিয়ালবৰ্গৰ সৈতে থাকে।

খাটিজাই তেওঁৰ ১০ বাই ১০ ফুটৰ কোঠাটোত বহি যঁতৰত সূতা কাটি আছে। এটা কোঠা পাকঘৰ আৰু আনটো পছমী সূতাৰ কাপোৰ বোৱা কাৰখানা, তাতেই পৰিয়ালৰ পুৰুষসকলে কাম কৰে, বাকীকেইটা শোৱনি কোঠা।

৭০ বৰ্ষীয় জ্যেষ্ঠ শিল্পীগৰাকীয়ে কেইদিনমান আগতে ১০ গ্ৰাম পছমী ঊণ কিনি আনিছিল, কিন্তু চকুৰে মণিবলৈ অসুবিধা পাই থকা কাৰণে এতিয়ালৈ তাৰ পৰা সূতা কাটি উলিওৱা হোৱা নাই। ১০ বছৰ আগতে তেওঁৰ চকুৰ  পৰা ছানি আঁতৰোৱা হৈছিল যদিও এতিয়া ইমান সূক্ষ্ম কাম কৰিবলৈ কষ্ট পায়।

ফহমীদা আৰু খাটিজাৰ দৰে সূতা কটা মহিলাই প্ৰথমে কাৰ্ডিং কৰি সূতাখিনি চাফা কৰি লয়। কাৰ্ডিং মানে তেওঁলোকে সূতাখিনি ফণিয়াই চিজিল কৰি লয় যাতে সূতাবোৰত জঁট লাগি নাথাকে। তাৰপিছত তেওঁলোকে সেয়া ঘাঁহজাতীয় উদ্ভিদৰ ঠানি মেৰিয়াই বনোৱা টাকুৰিত ফুৰায়।

Left: Wool is pulled through a wooden comb to ensure the fibres are untangled and aligned.
PHOTO • Muzamil Bhat
Right: It is then spun on a spindle made of dried grass stems
PHOTO • Muzamil Bhat

বাওঁফালে: কাঠৰ ফণি এখনেৰে ফণিয়াই ঊণবোৰৰ জঁট ভাঙি লোৱা হয়। সোঁফালে: তাৰপিছত শুকান গছৰ ঠানিৰ টাকুৰি বনাই তাত সূতা কটা হয়

সূতা কটা কামটো বৰ সুক্ষ্মভাৱে কৰিবলগীয়া কাম, সময়ো অধিক লাগে। “দুডাল সূতা লগ লগাই এডাল কৰা হয়, যাতে সূতাডাল টান হয়। এটা টাকুৰিত দুডাল সূতা একেলগে মেৰিয়াই ফুৰোৱা হয় আৰু শেষত গাঠি দিয়া হয়,” খালিদা বেগমে কয়। তেওঁ শ্ৰীনগৰৰ চাফা কাডাল এলেকাৰ এগৰাকী পাকৈত শিল্পী আৰু বিগত ২৫ বছৰ ধৰি এই কাম কৰি আহিছে।

“মই এবাৰত এটা পুৰি (১০ গ্ৰাম পছমী ঊণ)ত ১৪০-১৬০ টা গাঠি মাৰো,” তেওঁ কয়। ইমানখিনি কৌশল আৰু সময়ৰ প্ৰয়োজন হোৱা এই কামত খালিদা বেগমে অৱশ্যে এটা গাঠিত এটকাহে পায়।

পছমী সূতাৰ দাম নিৰ্ভৰ কৰে তাৰ আকাৰৰ সূতাৰ ওপৰত - সূতা যিমানেই মোটা, সিমানেই দাম বাঢ়ে। পাতল সূতাত বেছি গাঠি মাৰিবলগীয়া হয় আৰু মোটা সূতাত কম।

“প্ৰতিটো গাঠিত প্ৰায় ৯-১১ ডাল পছমী সূতা থাকে আৰু সেয়া ৮ৰ পৰা ১১ ইঞ্চি দীঘল থাকে, সেয়া ৮ আঙুলৰ সমান দীঘল। আঙুলিৰে হিচাপ কৰি মহিলাই গাঠি মাৰে,” ইণ্টিজাৰ আহমদ বাবাই কয়। ৫৫ বৰ্ষীয় পছমী সূতাৰ ব্যৱসায়ীজনে শৈশৱৰ পৰা এই কামত জড়িত। হাতেকৰা প্ৰতিটো গাঠিত ১ৰ পৰা ১.৫০ টকা পোৱা যায়, সেয়া বেপাৰীজনীৰ ওপৰতো নিৰ্ভৰ কৰে।

“মহিলা এগৰাকীয়ে এবাৰত ১০ গ্ৰাম পছমী ঊণৰ কাম (সূতা বনোৱা) কাম কৰিব পাৰে, আমাৰ ঘৰুৱা কাম-বনো থাকে। এদিনত এটা পুৰি শেষ কৰাটো অসম্ভৱেই বুলিব পাৰি,” প্ৰতিটো গাঠিত ১.৫০ টকা পোৱা ৰুকছানা বানোয়ে কয়।

Left: 'I don’t think people will be doing hand-spinning of pashmina in the future,' says Ruksana
PHOTO • Muzamil Bhat
Right:  Knots in a pashmina hand-spun thread
PHOTO • Muzamil Bhat

বাওঁফালে: ‘বেছিদিন নাই, এটা সময়ত মানুহে পছমী সূতা কটা কাম হাতেৰে নকৰিব,’ ৰুকছানাই কয়। সোঁফালে: হাতেৰে কটা পছমী সূতাৰ এটা থূপ

৪০ বৰ্ষীয় ৰুকছানাই কয় যে তেওঁ এই কামটোৰ পৰা দিনে খুব বেছি ২০ টকা পায়। তেওঁ গিৰীয়েক, জীয়েক আৰু বিধবা ননদ এগৰাকীৰ সৈতে নাৱা কাদালৰ আৰামপোৰা এলেকাত থাকে। “১০ গ্ৰাম পছমী সূতা তিনি দিনত কাটি মই এবাৰ ১২০ টকা পাইছিলো; পুৱাৰ পৰা আবেলিলৈকে কাম কৰিছিলো, কেৱল চাহ আৰু ভাত খাবলৈ উঠিছিলো,” তেওঁ কয়। সাধাৰণতে ১০ গ্ৰাম সূতা কাটিবলৈ কমেও ৫-৬ দিন লাগে।

খাটিজাই কয় যে পছমী কাপোৰ বোৱাটো এতিয়া আৰু লাভৰ কাম হৈ থকা নাই। “কেবাদিনো কাম কৰি দেখো যে হাতলৈ এটা টকাও অহা নাই,” অৱশ্যে তেওঁ পুৰণি দিনৰ কথা মনত পেলাই কয়, “পঞ্চাশ বছৰ আগতে ৩০-৫০ টকা উপাৰ্জন কৰাটো ঠিকেই আছিল।”

*****

হাতেৰে পছমী সূতা কটা কামটোত পোৱা নিচেই সামান্য মজুৰিৰ কাৰণ হৈছে আজিকালি গ্ৰাহকে পছমী শ্বালৰ বেছি দাম দি কিনিব নোখোজে। পছমী কাপোৰৰ ব্যৱসায়ী নুৰ-উল-হুদাই কয়, “হাতে বোৱা পছমী শ্বালখনতকৈ মেচিনত বোৱা শ্বাল এখন যদি মানুহে ৫,০০০ টকাতে পায়, কিয় বাৰু কোনোবাই বেছিকৈ পইচা দিবলৈ ইচ্ছা কৰিব?”

“হাতে বোৱা পছমী সূতাৰ শ্বালৰ খুব কম গ্ৰাহক আছে। ১০০ জনৰ (গ্ৰাহকৰ) কেৱল দুজনমানেহে হাতেবোৱা পছমী সূতাৰ শ্বাল বিচাৰে,” শ্ৰীনগৰৰ বাদামৱাৰি এলেকাৰ চিনাৰ হেণ্ডিক্ৰাফ্টচ্ নামে শ্ব’ৰুমৰ গৰাকী ৫০ বৰ্ষীয় নুৰ-উল-হুদাই কয়।

২০০৫ চনৰ পৰা কাশ্মীৰি পছমী কাপোৰৰ ভৌগোলিক সূচাংক (জি.আই.) টেগ আছে। হাতেৰে বোৱা বা মেচিনত বোৱাৰ পিছত শেষত যদি হাতেৰে ব’ই ফাইনেল টাচ্চ দিয়া হৈছে, তেতিয়া সেই পছমী কাপোৰে জি.আই. টেগ পোৱাৰ যোগ্য, এয়া বস্ত্ৰশিল্পীৰ এটা পঞ্জীকৃত নিকায় আৰু চৰকাৰী ৱেবছাইটৰ তথ্য।

Combined threads must be twisted again on a spinning wheel so that they don't get separated
PHOTO • Muzamil Bhat

জোৰা লগোৱা সূতাবোৰ আকৌ এবাৰ চেৰেকীত ফুৰোৱা হয় যাতে সেয়া পৃথক হৈ নাযায়

Khatija getting the spinning wheel ready to combine the threads
PHOTO • Muzamil Bhat

খাটিজাই সূতাবোৰ জোৰা লগাবলৈ চেৰেকী সাজু কৰিছে

আব্দুল মানান বাবাই চহৰখনত পছমী কাপোৰৰ শতিকা পুৰণি ব্যৱসায় চলাই আহিছে আৰু তেওঁৰ হাতত ২৫০ খন জি.আই. টেগ থকা পছমী শ্বাল আছে, সৰহকৈ আছে বুলিয়েই ক’ব লাগিব। শ্বালখনত থকা ৰাবাৰ ষ্টাম্পটোৱে কয় যে সেয়া বিশুদ্ধ পছমী সূতাৰ বোৱা আৰু হস্তনিৰ্মিত। কিন্তু মানুহে মেচিনত বনোৱা কাপোৰেই বিচাৰে। “শিপিনীয়ে পছমী সূতাৰ কাপোৰ বব নোখোজে, কিয়নো হাতেকটা সূতাবোৰ বৰ খহটা আৰু দুৰ্বল। মেচিনৰ সূতাবোৰ মিহি আৰু টান, ব’বলৈ সহজ।”

সৰু বেপাৰীয়ে হাতে কটা সূতাতকৈ মেচিনত কটা সূতাক বেছি গুৰুত্ব দিয়ে। “আমি যদি ১,০০০ খন পছমী শ্বালৰ অৰ্ডাৰ পাও, হাতে কটা সূতাৰে সেই অৰ্ডাৰ সময়ত দিয়াটো কেনেকৈ সম্ভৱ, ১০ গ্ৰাম পছমী সূতা কাটোতে যদি ৩-৫ দিন লাগে?”

মানানৰ পিতৃ ৬০ বৰ্ষীয় আব্দুল হামিদ বাবাই কয় যে হাতেবোৱা পছমী সূতাৰ সেই পূৰ্বৰ আকৰ্ষণ নাই। তেওঁ কয় যে সূতা কটা শিল্প আছিল হজৰত মীৰ ছৈয়দ আলি হামদানি নামৰ এগৰাকী ছুফী সন্তই দিয়া এক উপহাৰ। ৬০০ বছৰ আগতে সেইজনা সন্তই কাশ্মীৰলৈ এই শিল্প আনিছিল।

হামিদে মনত পেলায় কেনেকৈ তেওঁৰ ককাদেউতাকহঁতে ঘোৰাত উঠি চুবুৰীয়া লাদাখলৈ কেঁচা পছমী ঊণ আনিবলৈ গৈছিল। “তেতিয়া সকলো বিশুদ্ধ আছিল, তেতিয়া আমাৰ কাৰণে ৪০০-৫০০ মহিলাই পছমী সূতা কটা কাম কৰিছিল, এতিয়া কেৱল ৪০ গৰাকীমানেহে কৰে, খাই লৈ জীয়াই থাকিব লাগিব কাৰণেহে তেওঁলোকে এই কাম এৰি দিয়া নাই।”

অনুবাদ: পংকজ দাস

Muzamil Bhat

Muzamil Bhat is a Srinagar-based freelance photojournalist and filmmaker, and was a PARI Fellow in 2022.

Other stories by Muzamil Bhat
Editor : Punam Thakur

Punam Thakur is a Delhi-based freelance journalist with experience in reporting and editing.

Other stories by Punam Thakur
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das