“বুকুখনত পাথৰ ভৰি থকা যেন লাগে। কোনোমতেহে খোজ কাঢ়ো,” মাণিক চৰ্দাৰে কয়।

২০২২ৰ নৱেম্বৰত ৫৫ বৰ্ষীয় মাণিকৰ ছিলিক'ছিচ ৰোগ ধৰা পৰিছিল, এয়া হাওঁফাওঁৰ এক দুৰাৰোগ্য ৰোগ। “আহি থকা এই নিৰ্বাচনৰ প্ৰতি মোৰ একো আগ্ৰহ নাই,” তেওঁ কয়। “মোৰ পৰিয়ালটোৰ অৱস্থাক লৈহে মই চিন্তিত।”

নৱ কুমাৰ মণ্ডলো একেই ৰোগত আক্ৰান্ত। “নিৰ্বাচননো কি, মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰি। ভোট দিয়াটো এটা ৰুটিন মাফিক কাম। ক্ষমতা যাৰেই হাতলৈ নাযাওক কিয়, আমাৰ অৱস্থা একো সলনি নহয়।”

মাণিক আৰু নৱ দুয়োজনে পশ্চিমবংগৰ মিনাখান ব্লকৰ ঝুপখালি গাঁৱৰ বাসিন্দা। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ অন্তিমটো পৰ্য্যায়ত তাত ১ জুনৰ দিনা ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ফেক্টৰিত এবছৰ বা ডেৰবছৰমান এৰি এৰি কাম কৰা দুয়োজনেই ছিলিকা যৌগ উশাহত লোৱাৰ ফলত ৰোগাক্ৰান্ত হৈ ভগ্নস্বাস্থ্যৰে জীৱন কটাবলগীয়া হৈছে, উপাৰ্জনৰো বাট তেওঁলোকৰ নাইকিয়া হৈছে। তেওঁলোকে ক্ষতিপূৰণ পোৱাৰো সম্ভাৱনা নাই। শ্ৰমিকৰ হেতা-ওপৰা লগা সেই ফেক্টৰিবোৰৰ অধিকসংখ্যকে ফেক্টৰি সঞ্চালকালয়ৰ অধীনত পঞ্জীকৃত নহয়। যিকেইটা পঞ্জীকৃত, সেইকেইটাই আকৌ শ্ৰমিকক নিযুক্তি পত্ৰ কিম্বা পৰিচয় পত্ৰ প্ৰদান নকৰে। ভালেমান ফেক্টৰি আচলতে অবৈধ বা আংশিকভাবে বৈধ আৰু তেওঁলোকৰ শ্ৰমিকসকলৰ পঞ্জীয়ন কৰা নহয়।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

মাণিক চৰকাৰ (বাওঁফালে) আৰু হাৰা পাইক (সোঁফালে) পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনাৰ ঝুপখালি গাঁৱৰ বাসিন্দা। দুয়োজনে শ্ৰমিকেৰে ঠাহ খাই থকা ফেক্টৰি এটাত কাম কৰিবলৈ আহি ছিলিকা যৌগ উশাহত লোৱাৰ ফলত ছিলিক'ছিচ ৰোগত আক্ৰান্ত হৈছে

এনে কাম বিপজ্জনক বুলি জানিও ২০০০ চনৰ পৰা ২০০৯লৈ প্ৰায় এটা দশক উত্তৰ ২৪ পৰগনা জিলাৰ মাণিক আৰু নৱ কুমাৰৰ দৰে বাসিন্দাই তেনে ফেক্টৰিতে ভাল উপাৰ্জনৰ বাবে কাম কৰিবলৈ প্ৰব্ৰজন কৰিছিল। জলবায়ু পৰিৱৰ্তন আৰু বাৰে বাৰে শস্য ভাল নোহোৱাত তেওঁলোকে নিজৰ পৰম্পৰাগত জীৱিকা খেতি এৰি আন বিকল্প বিচাৰিবলৈ বাধ্য হৈ পৰিল।

“আমি কামৰ সন্ধানত তালৈ গৈছিলো,” ঝুপখালি গাঁৱৰে আন এজন বাসিন্দা হাৰা পাইকে কয়, “আমিনো কি জানো যে আমি মৃত্যু উপত্যকালৈ গৈ আছিলো।”

ৰেমিং মাচ ইউনিটবোৰত শ্ৰমিকে সকলো সময়তে ছিলিকা যৌগ উশাহত লৈ থাকিবলগীয়া হয়।

ইণ্ডাক্সন ফাৰ্নেচ, য’ত ধাতুৰ পেলনীয়া সামগ্ৰী, অ-ধাতু খনিজ পদাৰ্থ গলোৱা, লেডল আৰু ক্ৰেডল ট্ৰান্সফাৰ কাৰ আৰু তীখা উপাদনত ব্যৱহাৰ কৰা হয়, তাৰবাবে ৰেমিং মাচ মূল উপাদান। এয়া সহজে গলাব নোৱাৰা ৰিফ্ৰেক্টৰি সামগ্ৰী যেনে ফায়াৰ ব্ৰিকচ আদি নিৰ্মাণতো ব্যৱহাৰ কৰা হয়।

এই ফেক্টৰিবোৰত শ্ৰমিকসকল নিৰন্তৰ ছিলিকা যৌগৰ ধূলিৰ মাজতে কাম কৰে। “মই ছাইটৰ কাষতে ৰাতি শুইছিলো। টোপনিতো ছিলিকা মোৰ উশাহত সোমাইছিল,” তেনে এটা ইউনিটত ১৫ মাহ কাম কৰা হাৰাই কয়। সুৰক্ষামূলক পোচাক-পাতি নথকা মানেই কম সময়তে ছিলিক'ছিচ হাওঁফাওঁত গৈ জমা হোৱা।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: ২০০১ৰ পৰা ২০০২লৈ উত্তৰ ২৪ পৰগনাৰ বহু কৃষকে জলবায়ু পৰিৱৰ্তনৰ কবলত পৰি আৰু খেতি কৰি লাভৰ মুখ নেদেখি প্ৰব্ৰজন কৰিছিল। ২০০৯ৰ আলিয়া ঘূৰ্ণিবতাহৰ পিছত আৰু বহুতেই ঘৰ এৰি কামৰ সন্ধানত ওলাই গৈছিল। বহু প্ৰব্ৰজিত শ্ৰমিকে কোৱাৰ্টাজাইট ভঙা আৰু গুড়ি কৰা কাম কৰিছিল। সোঁফালে: ছিলিক'ছিচ এবিধ দুৰাৰোগ্য ৰোগ। ঘৰৰ মূল উপাৰ্জনকাৰী সদস্যজন যদি বেমাৰত পৰে, নাইবা মৃত্যু ঘটে, তেতিয়া ইতিমধ্যে মানসিক আঘাত আৰু শোকস্তব্ধ পৰিয়ালৰ মহিলাৰ ওপৰতে ঘৰখনৰ সমস্ত দায়িত্ব আহি পৰে

২০০৯ৰ পৰা ২০১০লৈ মিনাখান-সন্দেশখালি ব্লকৰ বিভিন্ন গাঁৱৰ পৰা ৰেমিং মাচ উদ্যোগত ৯ৰ পৰা ৩ বছৰ কাম কৰি অহা ৩৪ গৰাকী শ্ৰমিকে অকাল মৃত্যুক সাবতি ল’বলগীয়া হৈছে।

শ্ৰমিকে কাম কৰি থকাৰ সময়ত ছিলিকা যৌগ হাওঁফাওঁৰ ক্ষুদ্ৰ বায়ুমোনাবোৰত (এলভেইলৰ) জমা হয়। লাহে লাহে এই যৌগবিধে হাওঁফাওঁৰ পেশীবোৰ টান কৰি পেলায়। ছিলিক'ছিচৰ প্ৰাথমিক লক্ষণবোৰ হৈছে কাঁহ উঠা আৰু উশাহ চুটি হোৱা, তাৰপিছত লাহে লাহে দেহৰ ওজন কমি আহে আৰু ছালৰ ৰং ক’লা পৰে। ক্ৰমান্বয়ে বুকুৰ বিষ আৰম্ভ হয় আৰু গা দুৰ্বল হ’বলৈ ধৰে। পিছৰ পৰ্যায়ত ৰোগীজনক নিয়মিত অক্সিজেন দিয়াৰ প্ৰয়োজন আহি পৰে। অক্সিজেনৰ অভাৱত হৃদযন্ত্ৰ বিকল হৈ সাধাৰণতে ছিলিক'ছিচ ৰোগীৰ মৃত্যু হয়।

ছিলিক'ছিচ অপ্ৰত্যাৱৰ্তনীয়, আক্ৰান্ত হাওঁফাওঁ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি, ই দুৰাৰোগ্য আৰু ক্ৰমান্বয়ে বাঢ়ি অহা বৃত্তিজনিত ৰোগ। ই একধৰণৰ নিউম’কনিঅ’চিচ নিৰ্দিষ্ট এক ৰূপ। বৃত্তিজনিত ৰোগ বিশেষজ্ঞ ড. কুনাল কুমাৰ দত্তই কয়, “ছিলিক’ছিচ থকা ৰোগীয়ে যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১৫ গুণ বেছি।” এই যক্ষ্মাৰোগক ছিলিক’-টিউবাৰকুলচিচ বা ছিলিক’টিক টিবি বুলি কোৱা হয়।

কিন্তু পেটৰ তাড়নাত পৰি যোৱা দুটা দশকত কামৰ সন্ধানত তালৈ পুৰুষ শ্ৰমিকৰ অবিৰত সোঁত বৈ আছে। ২০০০ চনত গোৱালদহা গাঁৱৰ পৰা ৩০-৩৫ জন শ্ৰমিক প্ৰায় ৩০০ কিলোমিটাৰ দূৰৈত থকা কুলটিস্থিত ৰেমিং মাচ উৎপাদন ইউনিটত কাম কৰিবলৈ গৈছিল। দুবছৰমান পিছত মিনাখান ব্লকৰ গোৱালদহা, দেৱীতোলা, খৰিবেৰিয়া, জয়াগ্ৰাম আদি গাঁৱত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা কৃষকসকলে বাৰাছাটৰ দত্তপুকুৰৰ এটা ইউনিটত কাম কৰিবলৈ গ’ল। যেনেকৈ সুন্দৰিখালি, সৰ্বেৰীয়া, বাটিদহ, অগৰহাতী, জেলিয়াখালি, ৰাজবাৰী আৰু ঝুপখালি গাঁৱৰ সন্দেশখালি ব্লক ১ আৰু ২ৰ কৃষকসকলেও ২০০৫-২০০৬ চনত কৰিছিল। সেই একে সময়ছোৱাতে এই ব্লকৰ শ্ৰমিকসকল জামুৰিয়াৰ এটা ৰেমিং মাচ উৎপাদন কেন্দ্ৰত কাম কৰিবলৈ গৈছিল।

“আমি বল মিল (একধৰণৰ গুড়ি কৰা সঁজুলি)ত খুন্দি কোৱাৰ্টাজাইট শিলৰ পৰা মিহি গুড়ি প্ৰস্তুত কৰোঁ আৰু ক্ৰাছাৰ মেচিনত চুজি আৰু চেনীৰ গুড়ি প্ৰস্তুত কৰোঁ,” ঝুপখালিৰ আন এগৰাকী বাসিন্দা অময় চৰ্দাৰে কয়। “আপুনি আপোনাৰ পৰা এহাত দূৰত দেখা নাপাব, ইমান ধূলিৰৰ মাজত কাম কৰিছিলো। গোটেই গাতে ধূলি পৰি থাকিছিল,” তেওঁ কয়। ২০২২ৰ নৱেম্বৰত অময়ৰ গাত ছিলিক’ছিচ ধৰা পৰিছিল, তেতিয়ালৈ তেওঁ ইতিমধ্যে দুটা বছৰ কাম কৰিছিল। এতিয়া আৰু তেওঁ গধুৰ বস্তু দঙা কাম কৰিব নোৱাৰে। “পৰিয়াল পুহিবলৈ মই কাম বিচাৰিছিলো, কিন্তু পালো বেমাৰহে,” তেওঁ কয়।

২০০৯ত আলিয়া ঘূৰ্ণীবতাহে সুন্দৰবন এলেকাৰ কৃষিভূমি বিধ্বস্ত কৰি পেলোৱাৰ পিছত প্ৰব্ৰজনৰ সোঁত আৰু তীব্ৰ হৈ পৰিল। বিশেষকৈ যুৱচামৰ মাজত ৰাজ্যৰ লগতে দেশৰ অন্য প্ৰান্তত কাম কৰিবলৈ যোৱাৰ প্ৰৱণতা বাঢ়িল।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: দুবছৰ ফেক্টৰিত কাম কৰাৰ পিছত অময় চৰ্দাৰৰ দেহত ছিলিক’ছিচ ৰোগ ধৰা পৰিল। ‘মই পৰিয়াল পুহিবলৈ কাম বিচাৰিছিলো, পালো পিছে বেমাৰহে,’ তেওঁ কয়। সোঁফালে: এজন উচ্চাকাংক্ষী কীৰ্তন গায়ক মহানন্দ চৰ্দাৰে ছিলিক’ছিচ ৰোগ ধৰা পৰাৰ পিছত একেলেথাৰিয়ে বেছিসময় গাব নোৱাৰে

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: সন্দেশখালি আৰু মিনাখান ব্লকৰ ভালেমান ছিলিক’ছিচ ৰোগীক নিয়মিত অক্সিজেন চাপ’ৰ্ট লগা হয়। সোঁফালে: এজন টেকনিচিয়ানে এক্স-ৰে ইমেজ চাইছে। ছিলিক’ছিচ এবিধ ক্ৰমান্বয়ে বাঢ়ি অহা ৰোগ যিটো সময়ে সময়ে কৰা এক্স-ৰেৰ যোগেদি নিৰীক্ষণ কৰা হয়

মহানন্দ চৰ্দাৰে গায়ক হ’ব খুজিছিল, কিন্তু আলিয়া ঘূৰ্ণীবতাহৰ পিছত তেওঁ জামুৰিয়াৰ ৰেমিং মাচ ফেক্টৰি এটাত কাম কৰিবলৈ যায় য’ত তেওঁৰ ছিলিক’ছিচ ৰোগ হয়। “এতিয়াও মই কীৰ্তন কৰোঁ, কিন্তু উশাহ লোৱাত সমস্যা থকাৰ বাবে একেলেথাৰিয়ে বেছি সময় গাই থাকিব নোৱাৰো,” ঝুপখালিৰ বাসিন্দাগৰাকীয়ে কয়। ছিলিক’ছিচ ধৰা পৰাৰ পিছত মহানন্দই চেন্নাইত নিৰ্মাণ ছাইট এটাত কাম কৰিবলৈ যায়। কিন্তু তাত গৈ তেওঁ এটা দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ২০২৩ৰ মে’ত তেওঁ ঘূৰি আহিবলৈ বাধ্য হৈ পৰে।

সন্দেশখালি আৰু মিনাখান ব্লকৰ বহু ৰোগীয়ে হস্পিতালৰ পৰা ওলাই অহাৰ পিছত বহি থাকিব নোৱাৰে, ৰাজ্যখনৰ লগতে দেশৰ আন অংশত কাম কৰিবলৈ ওলাই যাব, লগতে ৰোগবিধৰ সৈতে যুঁজ চলি থাকিব।

*****

প্ৰাৰম্ভিক অৱস্থাত এই ৰোগ ধৰা পেলাব পাৰিলে ৰোগবিধৰ ব্যৱস্থাপনা কৰিবলৈ উজু হয়। ভাৰতীয় চিকিসা গৱেষণা পৰিষদ - বৃত্তিগত স্বাস্থ্যৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সঞ্চালক ডা. কমলেশ চৰকাৰে কয়, “সফলতাৰে ৰোগবিধ ব্যৱস্থাপনা আৰু ৰোগবিধ বাঢ়ি অহা প্ৰক্ৰিয়া ৰোধ কৰিবলৈ ৰোগবিধ প্ৰাৰম্ভিক অৱস্থাত ধৰা পেলোৱা জৰুৰী। আমাৰ আঙুলিৰ টিপটোৰ পৰা এটোপাল তেজ লৈ তাত ক্লাৰা চেল প্ৰ’টিন ১৬ (চিচি ১৬)ৰ পৰিমাণ ধৰা পেলাই ছিলিক’ছিচকে ধৰি হাওঁফাওঁৰ বিভিন্ন ৰোগৰ নিৰ্ণয় কৰিব পাৰি।” স্বাস্থ্যৱান দেহত চিচি ১৬ৰ পৰিমাণ প্ৰতি মিলিলিটাৰত ১৬ নেন’গ্ৰাম থাকিব লাগে, কিন্তু ছিলিক’ছিচ ৰোগীৰ ক্ষেত্রত এই পৰিমাণ ৰোগবিধ বাঢ়ি অহাৰ সমান্তৰালভাৱে কমি আহে, শেষত গৈ শূন্য হয়গৈ।

“নিয়মিত নাইবা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ছিলিকাৰ ধূলি উশাহত ল’বলগীয়া হোৱা উদ্যোগসমূহৰ শ্ৰমিকৰ বাবে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চিচি ১৬ৰ পৰীক্ষা কৰোৱাটো বাধ্যতামূলক কৰা এখন আইন চৰকাৰে আনিব লাগে। ইয়ে ছিলিক’ছিচ ৰোগ প্ৰাৰম্ভিক অৱস্থাত ধৰা পেলোৱাটো নিশ্চিত কৰিব,” ডা. চৰকাৰে লগতে কয়।

“আশে-পাশে কোনো হস্পিতাল নাই,” ৰবীন্দ্ৰ হালদাৰে কয়, ২০১৯ত তেওঁৰ গাত ছিলিক’ছিচ ধৰা পৰিছিল। নিকটৱৰ্তী খণ্ড চিকিৎসালয়খন আছে খুলনাত। তালৈ যাবলৈ ঝুপখালিৰ ৰবীন্দ্ৰই দুখন নাও ধৰিব লাগে। “সৰ্বেৰিয়াত শ্ৰমজীৱি হস্পিতাল আছে, কিন্তু তাত পৰ্য্যাপ্ত সুবিধা নাই। বেমাৰ-আজাৰ হ’লে আমি কলকাতালৈ যাব লাগে। এম্বুলেন্সত ১,৫০০ৰ পৰা ২,০০০ (টকা) খৰছ হয়।”

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: ঝুপখালিৰ আন এজন বাসিন্দা ৰবীন্দ্ৰ হালদাৰে কয় যে নিকটৱৰ্তী খণ্ড চিকিৎসালয়খনলৈ যাবলৈ তেওঁ দুখন নাও সলাব লাগে। সোঁফালে: গোৱালদহা গাঁৱৰ বাসিন্দা ছফিক মোল্লাক নিয়মিত অক্সিজেন চাপ’ৰ্ট লাগে

গোৱালদহাৰ নিজ ঘৰত ৫০ বৰ্ষীয় মহম্মদ ছফিক মোল্লাই শয্যাশায়ী হৈ থকাৰ দুটা বছৰ হ’ল, তেওঁৰ শ্বাস-প্ৰশ্বাসৰ গুৰুতৰ সমস্যাত ভুগি আছে। “ওজন ২০ কিলো কমিছে, নিয়মিত অক্সিজেন চাপ’ৰ্ট লাগে। ৰোজা ৰাখিব নোৱাৰো,” তেওঁ কয়। “পৰিয়ালক লৈ চিন্তিত হওঁ। মই মৰি গ’লে সিহঁতৰ কি হ’ব?”

২০২১ৰ ফেব্ৰুৱাৰীত পৰিয়ালটোৱে ৰাজ্য চৰকাৰৰ পৰা ২ লাখ টকাৰ সাহায্য লাভ কৰে। “সমিত কুমাৰ কাৰে আমাৰ হৈ গোচৰ তৰিছিল,” ছফিকৰ পত্নী তচলিমা বিবিয়ে কয়। কিন্তু সেই পইচা ততালিকে খৰছ হৈ গ’ল। “ঘৰটোৰ মেৰামতি আৰু আমাৰ ডাঙৰজনী ছোৱালীৰ বিয়াত পইচা খৰছ হৈ গ’ল,” তচলিমাই বুজাই কয়।

অকুপেচনেল ছেফটি এণ্ড হেলথ্ এছচিয়েচন অৱ ঝাৰখণ্ড (OSAJ India)ৰ সমিত কুমাৰ কাৰে যোৱা দুটা বছৰ ধৰি ঝাৰখণ্ড আৰু পশ্চিমবংগৰ ছিলিক’ছিচ ৰোগীৰ অধিকাৰৰ হৈ যুঁজি আছে। তেওঁ ৰোগীৰ সামাজিক সুৰক্ষা আৰু আৰ্থিক ক্ষতিপূৰণৰ বাবে অভিযোগ দাখিল কৰি আহিছে।

OSAJয়ে পশ্চিমবংগত ছিলিক’ছিচ হৈ মৃত্যু ঘটা ২৩ জন শ্ৰমিকৰ পৰিয়ালক ২০১৯ৰ পৰা ২০২৩লৈ ৪ লাখ টকাৰ ক্ষতিপূৰণ আৰু ছিলিক’ছিচ ৰোগাক্ৰান্ত শ্ৰমিকে ২ লাখকৈ ক্ষতিপূৰণ পোৱাত সহায় কৰিছে। তাৰোপৰি পেঞ্চন আৰু কল্যাণমূলক আঁচনিৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ১০ কোটি টকা আবণ্টন কৰিছে।

“ফেক্টৰি আইন, ১৯৪৮ অনুযায়ী ৰেমিং মাচ আৰু ছিলিকা পাউডাৰ প্ৰস্তুত কৰা ফেক্টৰিবোৰত বিদ্যুতৰ সংযোগসহ ১০ গৰাকী শ্ৰমিকে কাম কৰে হেতুকে সংগঠিত উদ্যোগ হিচাপে স্বীকৃতি দিছে। সেয়ে ফেক্টি সম্পৰ্কিত সকলো আইন-কানুন সেই ফেক্টৰিৰ ক্ষেত্ৰত খাটে,” সমিতে কয়। ফেক্টৰিবোৰ কৰ্মচাৰী ৰাজ্য বীমা আইন, ১৯৪৮ আৰু ৱৰ্কমেন (কৰ্মচাৰী)ৰ ক্ষতিপূৰণ আইন, ১৯২৩ৰ আওতাত পৰে। ফেক্টৰি আইনৰ সূচনাত অন্তৰ্ভুক্ত ৰোগ হিচাপে কোনো ডাক্তৰে ৰোগী এগৰাকীৰ গাত ছিলিক’ছিচ ৰোগ ধৰা পৰিলে ফেক্টৰিসমূহৰ মুখ্য পৰিদৰ্শকক জনাব লাগে।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

অনিতা মণ্ডল (বাওঁফালে) আৰু ভাৰতী হালদাৰ (সোঁফালে) দুয়োজনেই ছিলিক’ছিচত নিজৰ স্বামীক হেৰুৱাইছে। প্ৰায়ভাগ ৰেমিং মাচ ইউনিটেই অবৈধ নাইবা অৰ্ধ-বৈধ য’ত শ্ৰমিকৰ পঞ্জীয়ন নাই

কলকাতাত ২০২৪ৰ ৩১ মাৰ্চত OSHAJয়ে আয়োজন কৰা কৰ্মশালাত বিশেষজ্ঞৰ দল এটাই এই কথা কয় যে সাধাৰণতে মানুহে বিশ্বাস কৰাৰ দৰে ছিলিক’ছিচ কেৱল দীৰ্ঘদিন ধৰি ছিলিকা যৌগ থকা পৰিৱেশত থকাৰ ফলতে নহয়, কম সময়ৰ বাবে তেনে পৰিৱেশত থাকিলেও এই দুৰাৰোগ্য ৰোগবিধ হ’ব পাৰে। ৰেমিং মাচ উদ্যোগত কাম কৰা উত্তৰ ২৪ পৰগনা জিলাৰ ছিলিক’ছিচ ৰোগী ইয়াৰ উদাহৰণ। যিকোনো পৰিমাণৰ সময়ৰ বাবে উন্মুক্ত হোৱাটোৱে ধূলিকণাৰ চাৰিওফালে ফিব্ৰ’ৱাচ কলাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়ে অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ প্ৰৱাহত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ফলত ভুক্তভোগীজনৰ উশাহ-নিশাহত সমস্যা আহি পৰে।

কাৰে কয় যে ছিলিক’ছিচ এনে এবিধ বৃত্তিজনিত ৰোগ, যিটোৰ বাবে ৰাজ্যই শ্ৰমিকজনক ক্ষতিপূৰণ দিব লাগে। কিন্তু প্ৰায়ভাগ ৰোগীয়ে পঞ্জীকৃত নহয়। ছিলিক’ছিচ ৰোগত আক্ৰান্ত শ্ৰমিক থকা ফেক্টৰি চিনাক্ত কৰাটো চৰকাৰৰ দায়িত্ব। সাহায্য আৰু পুনৰ্সংস্থাপন নীতি (অনুচ্ছেদ ১১.৪)ত উল্লেখ থকা অনুসৰি পশ্চিমবংগ চৰকাৰে কৈছে যে শ্ৰমিকে যে বিধি যিয়ে নহওঁক, শ্ৰমিকে নিয়োগকৰ্তাৰ পৰা ক্ষতিপূৰণ বিচাৰিব পাৰে।

কিন্তু বাস্তৱ পৰিস্থিতি ভিন্ন, কাৰে কয়। “মই ভালেকেইবাৰ দেখিছো যে প্ৰশাসনে মৃত্যুৰ প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ ছিলিক’ছিচ বুলি উল্লেখ নকৰে,” তেওঁ কয়। আনফালে আকৌ বেমাৰত পৰা দেখিলে ফেক্টৰিয়ে তেনে শ্ৰমিকক খেদি পঠিযায়।

২০১৭ৰ মে’ত ছিলিক’ছিচ ৰোগত অনিতা মণ্ডলৰ স্বামী সুৱৰ্ণৰ মৃত্যু ঘটোতে কলকাতাৰ নিল ৰতন চিৰকাৰ হস্পিতালে জাৰী কৰা মৃত্যুৰ প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ হিচাপে “লিভাৰ চিৰ’চিচ আৰু পযুদৰ্য্যাৰ সংক্ৰমণ” (পেটৰ অভ্যন্তৰীণ আৱৰণৰ সংক্ৰমণ, পেৰিটনিটিচ) বুলি লিখিছিল। সুৱৰ্ণই জামুৰিয়াৰ ৰেমিং মাচ ফেক্টৰিত কাম কৰিছিল।

“মোৰ স্বামীৰ কেতিয়াও যকৃতৰ ৰোগ নাছিল,” অনিতাই কয়। “তেওঁৰ ছিলিক’ছিচ ধৰা পৰিছিল।” ঝুপখালিৰ বাসিন্দা অনিতাই কৃষিশ্ৰমিক হিচাপে কাম কৰে আৰু তেওঁৰ সন্তানটি প্ৰব্ৰজিত শ্ৰমিক হৈ পৰিছে। তেওঁ ঘাইকৈ কলকাতাৰ নিৰ্মাণ ছাইট আৰু ডায়মণ্ড হাৰ্বাৰত কাম কৰে। “তেওঁলোকে মৃত্যুৰ প্ৰমাণপত্ৰত কি লিখিলে মই একো জনা নাছিলো। সেই সময়ত মই বিধ্বস্ত হৈ পৰিছিলো। আইনৰ ভাষা মই বাৰু কেনেকৈ বুজি পালোহেঁতেন? মই গাঁৱৰ এগৰাকী গৃহিণীহে,” অনিতাই কয়।

তেওঁলোক দুজনৰ আয় মিলাই অনিতা আৰু তেওঁৰ পুত্ৰই জীয়েকৰ শিক্ষাৰ খৰছ উলিয়াইছে। তেওঁ নিৰ্বাচনক লৈ উদাসীন। “যোৱা সাতটা বছৰত দুটাকৈ নিৰ্বাচন গ’ল। কিন্তু আমাৰ অৱস্থা তেনেই শোচনীয়। কওঁকচোন, কি গুৰুত্ব দিম মই?” তেওঁ কয়।

অনুবাদ: পংকজ দাস

Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a PARI Senior Fellow. He is working on a long-term project that documents the lives of pastoral and nomadic communities in India.

Other stories by Ritayan Mukherjee
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das