২০০৯ৰ পৰা ২০১০লৈ মিনাখান-সন্দেশখালি ব্লকৰ বিভিন্ন গাঁৱৰ পৰা ৰেমিং মাচ উদ্যোগত ৯ৰ পৰা ৩ বছৰ কাম কৰি অহা ৩৪ গৰাকী শ্ৰমিকে অকাল মৃত্যুক সাবতি ল’বলগীয়া হৈছে।
শ্ৰমিকে কাম কৰি থকাৰ সময়ত ছিলিকা যৌগ হাওঁফাওঁৰ ক্ষুদ্ৰ বায়ুমোনাবোৰত (এলভেইলৰ) জমা হয়। লাহে লাহে এই যৌগবিধে হাওঁফাওঁৰ পেশীবোৰ টান কৰি পেলায়। ছিলিক'ছিচৰ প্ৰাথমিক লক্ষণবোৰ হৈছে কাঁহ উঠা আৰু উশাহ চুটি হোৱা, তাৰপিছত লাহে লাহে দেহৰ ওজন কমি আহে আৰু ছালৰ ৰং ক’লা পৰে। ক্ৰমান্বয়ে বুকুৰ বিষ আৰম্ভ হয় আৰু গা দুৰ্বল হ’বলৈ ধৰে। পিছৰ পৰ্যায়ত ৰোগীজনক নিয়মিত অক্সিজেন দিয়াৰ প্ৰয়োজন আহি পৰে। অক্সিজেনৰ অভাৱত হৃদযন্ত্ৰ বিকল হৈ সাধাৰণতে ছিলিক'ছিচ ৰোগীৰ মৃত্যু হয়।
ছিলিক'ছিচ অপ্ৰত্যাৱৰ্তনীয়, আক্ৰান্ত হাওঁফাওঁ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি, ই দুৰাৰোগ্য আৰু ক্ৰমান্বয়ে বাঢ়ি অহা বৃত্তিজনিত ৰোগ। ই একধৰণৰ নিউম’কনিঅ’চিচ নিৰ্দিষ্ট এক ৰূপ। বৃত্তিজনিত ৰোগ বিশেষজ্ঞ ড. কুনাল কুমাৰ দত্তই কয়, “ছিলিক’ছিচ থকা ৰোগীয়ে যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১৫ গুণ বেছি।” এই যক্ষ্মাৰোগক ছিলিক’-টিউবাৰকুলচিচ বা ছিলিক’টিক টিবি বুলি কোৱা হয়।
কিন্তু পেটৰ তাড়নাত পৰি যোৱা দুটা দশকত কামৰ সন্ধানত তালৈ পুৰুষ শ্ৰমিকৰ অবিৰত সোঁত বৈ আছে। ২০০০ চনত গোৱালদহা গাঁৱৰ পৰা ৩০-৩৫ জন শ্ৰমিক প্ৰায় ৩০০ কিলোমিটাৰ দূৰৈত থকা কুলটিস্থিত ৰেমিং মাচ উৎপাদন ইউনিটত কাম কৰিবলৈ গৈছিল। দুবছৰমান পিছত মিনাখান ব্লকৰ গোৱালদহা, দেৱীতোলা, খৰিবেৰিয়া, জয়াগ্ৰাম আদি গাঁৱত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা কৃষকসকলে বাৰাছাটৰ দত্তপুকুৰৰ এটা ইউনিটত কাম কৰিবলৈ গ’ল। যেনেকৈ সুন্দৰিখালি, সৰ্বেৰীয়া, বাটিদহ, অগৰহাতী, জেলিয়াখালি, ৰাজবাৰী আৰু ঝুপখালি গাঁৱৰ সন্দেশখালি ব্লক ১ আৰু ২ৰ কৃষকসকলেও ২০০৫-২০০৬ চনত কৰিছিল। সেই একে সময়ছোৱাতে এই ব্লকৰ শ্ৰমিকসকল জামুৰিয়াৰ এটা ৰেমিং মাচ উৎপাদন কেন্দ্ৰত কাম কৰিবলৈ গৈছিল।
“আমি বল মিল (একধৰণৰ গুড়ি কৰা সঁজুলি)ত খুন্দি কোৱাৰ্টাজাইট শিলৰ পৰা মিহি গুড়ি প্ৰস্তুত কৰোঁ আৰু ক্ৰাছাৰ মেচিনত চুজি আৰু চেনীৰ গুড়ি প্ৰস্তুত কৰোঁ,” ঝুপখালিৰ আন এগৰাকী বাসিন্দা অময় চৰ্দাৰে কয়। “আপুনি আপোনাৰ পৰা এহাত দূৰত দেখা নাপাব, ইমান ধূলিৰৰ মাজত কাম কৰিছিলো। গোটেই গাতে ধূলি পৰি থাকিছিল,” তেওঁ কয়। ২০২২ৰ নৱেম্বৰত অময়ৰ গাত ছিলিক’ছিচ ধৰা পৰিছিল, তেতিয়ালৈ তেওঁ ইতিমধ্যে দুটা বছৰ কাম কৰিছিল। এতিয়া আৰু তেওঁ গধুৰ বস্তু দঙা কাম কৰিব নোৱাৰে। “পৰিয়াল পুহিবলৈ মই কাম বিচাৰিছিলো, কিন্তু পালো বেমাৰহে,” তেওঁ কয়।
২০০৯ত আলিয়া ঘূৰ্ণীবতাহে সুন্দৰবন এলেকাৰ কৃষিভূমি বিধ্বস্ত কৰি পেলোৱাৰ পিছত প্ৰব্ৰজনৰ সোঁত আৰু তীব্ৰ হৈ পৰিল। বিশেষকৈ যুৱচামৰ মাজত ৰাজ্যৰ লগতে দেশৰ অন্য প্ৰান্তত কাম কৰিবলৈ যোৱাৰ প্ৰৱণতা বাঢ়িল।