বেলিটো লহিয়াইছে, গ্ৰীষ্মকালৰ মাৰ্চ মাহৰ এই গৰম দিনটোত অ’ৰাপানী গাঁৱৰ মানুহখিনি সৰু বগা ৰঙৰ গীৰ্জাঘৰটোৰ ভিতৰত গোট খাইছে। গৰমৰ দিন যদিও তেওঁলোকে যে নৈতিকতাৰ খাতিৰত আহিছে সেয়া নহয়, আন এক চাপত পৰিহে তেওঁলোক তাত উপস্থিত হ’বলগীয়া হৈছে

ঘূৰণীয়াকৈ বহি লোৱা লোকসকলৰ মাজত এটা সাদৃশ্য আছে - প্ৰত্যেকৰে ৰক্তচাপৰ দীৰ্ঘদিনীয়া সমস্যা আছে। কাৰোবাৰ কম, কাৰোবাৰ ৰক্তচাপ বেছি। সেয়ে তেওঁলোকে মাহত এবাৰ তাত গোট খায় আৰু ৰক্তচাপ পৰীক্ষা কৰোৱায়। দৰৱৰ বাবে অপেক্ষা কৰা সেইখিনি সময়তে তেওঁলোকে ইটো-সিটো বিভিন্ন কথা পাতে।

“ইয়াত মই সুখ-দুখৰ দু-আষাৰ কথা পাতিবলৈ মানুহ পাওঁ, সেয়ে ইয়ালৈ আহি ভাল পাওঁ,” ৰুপি বেগলে কয়, মানুহে মৰমতে তেওঁক অৱশ্যে ৰুপি বাই বুলিয়ে মাতে। যোৱা পাঁচ বছৰ ধৰি ৫৩ বৰ্ষীয় এইগৰাকী মহিলা ইয়ালৈ আহি আছে। বাইগা জনজাতীয় সম্প্ৰদায়ৰ ৰুপি বাই এগৰাকী পেট পূৰাব পৰাকৈ খেতি কৰে আৰু হাবিৰ পৰা পোৱা এনটিএফপি যেনে খৰি আৰু মহুৱা আদি সংগ্ৰহ কৰি উপৰিঞ্চি সামান্য টকা উপাৰ্জন কৰে। বাইগাসকল বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি)। অ’ৰাপানী (ঔৰাপানী বুলিও কোৱা হয়) গাওঁখন ঘাইকৈ বাইগা সম্প্ৰদায়ৰ লোক অধ্যুষিত অঞ্চল।

বিলাসপুৰ জিলাৰ কোটা খণ্ডৰ এইখন গাওঁ চত্তীশগড়ৰ অচানকমাৰ-অমৰকণ্টক জীৱমণ্ডলৰ সংৰক্ষিত অঞ্চল (চমুকৈ এ.এ.বি.আৰ.)ৰ কাষতে অৱস্থিত। “মই আগতে ঝাৰু বনোৱা বন সংগ্ৰহৰ বাবে হাবিলৈ গৈছিলো, সেই ঝাৰু মই বিক্ৰী কৰিছিলোঁ। এতিয়া আৰু বেছি দূৰলৈ খোজ কাঢ়িব নোৱাৰা হ’লো, সেয়ে ঘৰতে থাকো,” উচ্চ ৰক্তচাপৰ ফলত অকণমান কষ্টতে ভাগৰ লগাৰ কথা বুজাই ফুলচৰি লাকড়াই কয়। ষাঠি বছৰ বয়সীয়া ফুলচৰি এতিয়া ঘৰতে থাকে আৰু ঘৰৰ ছাগলীকেইটা চোৱা-চিতা কৰে আৰু দিনৰ ভাগত গৰুৰ গোবৰ সংগ্ৰহ কৰে। প্ৰায়ভাগ বাইগা লোকে জীৱিকাৰ বাবে অৰণ্যখনৰ ওপৰতে নিৰ্ভৰ কৰে।

PHOTO • Sweta Daga
PHOTO • Sweta Daga

বিলাসপুৰ জিলাৰ অ’ৰাপানী গাঁৱৰ গীৰ্জাত গোট খোৱা মানুহখিনিৰ মাজত এটা কথাত সাদৃশ্য আছে - তেওঁলোকৰ প্ৰত্যেকে দীৰ্ঘদিন ধৰি উচ্চ বা নিম্ন ৰক্তচাপৰ সমস্যাত ভূগি আছে। মাহত এবাৰ ৰক্তচাপ পৰীক্ষা কৰাবলৈ তেওঁলোক গোট খায় আৰু ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব লাগে, সেয়া শিকে। (ক’লা দোপাত্তা পৰিহীতা বেন ৰত্নকাৰ, জেএছএছৰ এগৰাকী ক্লাষ্টাৰ কোঅৰ্ডিনেটৰ)

চত্তীশগড়ত গ্ৰামাঞ্চলৰ জনসংখ্যাৰ ১৪ শতাংশৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, এয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ-৫ (এনএফএইছএছ-৫), ২০১৯-২১ৰ তথ্য। “ব্যক্তিৰ সংকোচন ৰক্তচাপ ১৪০ mmHg বা তাতোকৈ অধিক থাকিলে বা প্ৰসাৰণ চাপ ৯০ mmHg বা তাতোকৈ বেছি থাকিলে সেয়া উচ্চ ৰক্তচাপ বুলি ধৰা হয়,” এই প্ৰতিবেদনত কোৱা হৈছে।

ৰাষ্ট্ৰীয় সাস্থ্য সমীক্ষাত কোৱা হৈছে যে উচ্চ ৰক্তচাপ আগতীয়াকৈ ধৰা পেলাব পাৰিলে বিভিন্ন অ-সংক্ৰমণযোগ্য ৰোগৰ পৰা বাচিব পাৰি। ৰক্তচাপ হ্ৰাস কৰাৰ বাবে জীৱনশৈলীজনিত পৰিৱৰ্তনৰ তথ্য পৰামৰ্শদানৰ গোটৰ যোগেদি দিয়া হয়। “মেই মিটিং মে আতি হু, তোহ অলগ চীজ চিখনে কে লিয়ে মিলতা হ্যে, জেইছে, য়ৌগা, জো মেৰে ছৰীৰ কৌ মজবুত ৰখতা হ্যে (মিটিঙত মই ভাল অভ্যাসবোৰ যেনে যোগ আদি শিকো, এনেকৈ মোৰ দেহটো সুস্থ হৈ থাকে,)” ফুলচৰিয়ে কয়।

তেওঁ জন স্বাস্থ্য সহয়োগ (জে.এছ.এছ.) নামে জনসেৱামূলক স্বাস্থ্য সংস্থাটোৰ ৩১ বৰ্ষীয় জ্যেষ্ঠ স্বাস্থ্যকৰ্মী সুৰজ বাইগাই তেওঁলোকক কোৱা কথা প্ৰসংগত কৈছে। সংস্থাটোৱে প্ৰায় তিনিটা দশক ধৰি অঞ্চলটোত কাম কৰি আহিছে। সুৰজে কম বা অধিক ৰক্তচাপৰ পৰা সৃষ্টি হ’বপৰা সমস্যাবোৰৰ বিষয়ে কয় আৰু লগতে যোগ দিয়ে, “ৰক্তচাপে আমাৰ মগজুৰ স্নায়ুপ্ৰেৰকবোৰ যদি দুৰ্বল কৰাটো নিবিচাৰো, তেন্তে আমি নিয়মিত দৰৱ ল’ব লাগিব আৰু ব্যায়াম কৰিব লাগিব।”

মনোহৰ কাকা বুলি মানুহে জনা মনোহৰ উৰ্ণৱে এই গোটটোৰ মিটিঙলৈ আহি থকা ১০ বছৰ হ’ল। “মোৰ ৰক্চতাপ এতিয়া নিয়ন্ত্ৰণত আছে, কিন্তু মোৰ খং নিয়ন্ত্ৰণ কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন হ’ল।” তেওঁ লগতে কয়, “দুশ্চিন্তা কেনেকৈ এৰাই চলিব লাগে, সেয়া মই শিকিলো!”

জেএছএছ-য়ে কেৱল উচ্চ ৰক্তচাপৰেই নহয়, আন দীৰ্ঘদিনীয়া ৰোগৰো পৰামৰ্শদানৰ গোট পৰিচালনা কৰি আহিছে। ৫০ খন গাঁৱত কাম কৰি থকা এনে ৮৪ টা গোটলৈ হাজাৰৰো অধিক লোক আহে। এনে গোটৰ মিটিঙত কৰ্মব্যস্ত তৰুণচামৰো লোক আহে যদিও জ্যেষ্ঠ নাগৰিকেই ঘাইকৈ গোট খায়।

PHOTO • Sweta Daga
PHOTO • Sweta Daga

বাওঁফালে: মহাৰংগি এক্কাও এই গোটৰেই অংশ। সোঁফালে: গাওঁ স্বাস্থ্য কৰ্মী বসন্তি এক্কাই গোটৰ সদস্যসকলৰ ৰক্তচাপ পৰীক্ষা কৰে

“কোনোধৰণৰ কামত নলগা হোৱাৰ বাবে জ্যেষ্ঠসকলক এলাগী কৰা হয়। মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে, তেওঁলোক অকলশৰীয়া হৈ পৰে আৰু বহুক্ষেত্রত এনে হয় যে জীৱনৰ শেষছোৱা সময়ত তেওঁলোকৰ বিশেষ একো মৰ্য্যাদা নাথাকে,” জেএছএছ-ৰ কাৰ্য্যসূচী সমন্বয়ক মিনাল মাদংকৰে কয়।

এইখিনি বয়সৰ লোককেই ঘাইকৈ চিকিৎসা সাহায্যৰ প্ৰয়োজন হয়। তাৰোপৰি খাদ্য সংক্ৰান্ততো পৰামৰ্শৰ প্ৰয়োজন হয়। “নিজৰ যত্ন লোৱাৰ ক্ষেত্রত কি কৰিব লাগে, সেইবিষয়ে আমি শিকিব পাৰো। যেনে ধৰক মিলেটচ খোৱাটো ভাত খোৱাতকৈ ভাল। তাতে আকৌ দৰৱখিনিও আমি ইয়াত পাওঁ,” ৰূপা বাঘেলে কয়।

পৰামৰ্শদান পৰ্ব শেষ হোৱাৰ পিছত সকলোকে কদো মিলেটৰ পায়স দিয়া হ’ল। জেএছএছ কৰ্মচাৰীসকলে আশা কৰিছে যে মিলেটৰ এই পায়সে তেওঁলোকক অহামাহত আকৌ ইয়ালৈ ঘূৰাই আনিব। বিলাসপুৰ আৰু মুংগেলি জিলাৰ গ্ৰামাঞ্চলৰ লোকসকলৰ লীন ডায়েবেটিচ আছে আৰু ইয়াৰ কাৰণ হৈছে পৰিৱৰ্তিত খাদ্যাভাস, তাৰ লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি পোৱা ৰিফাইনড কাৰ্ব’হাইড্ৰেট যেনে বগা চাউল।

“কৃষি আৰু খাদ্যাভাসৰ পৰিৱৰ্তন ঘটিছে। এই অঞ্চলৰ লোকসকলে আগতে বিভিন্ন প্ৰজাতিৰ মিলেটৰ খেতি কৰিছিল আৰু খাইছিল, সেয়া খুবেই পুষ্টিকৰ আৰু সুস্বাস্থ্যকৰ আছিল। কিন্তু আজিকালি মানুহে কেৱল পলিচ কৰা চাউলেই খাবলৈ লৈছে”, মিনালে কয়। পৰামৰ্শদান কাৰ্য্যসূচীত উপস্থিত বহুতে কয় যে তেওঁলোকে মিলেট প্ৰায় এৰাৰ দৰেই, বেছিভাগ চাউল আৰু আটাই খোৱা হয়।

PHOTO • Sweta Daga
PHOTO • Sweta Daga

চত্তীশগড়ত গ্ৰামাঞ্চলৰ জনসংখ্যাৰ ১৪ শতাংশৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, এয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ-৫ (এনএফএইছএছ-৫), ২০১৯-২১ৰ তথ্য। জীৱনশৈলীৰ পৰিৱৰ্তন আৰু যোগাভ্যাসৰ যোগেদি ৰক্তচাপ নিয়ন্ত্ৰণ সন্দৰ্ভত পৰামৰ্শদান কৰা হৈছে

কৃষিকৰ্মৰ আগৰ আৰ্হি সলনি হৈছে। আগতে বিভিন্ন ধৰণৰ দাইল, তৈলবীজৰ খেতি কৰা হৈছিল। প্ৰ’টিন আৰু অত্যাৱশ্যকীয় ভিটামিন আদি শৰীৰে পোৱাটো নিশ্চিত হৈছিল। কিন্তু এতিয়া আৰু নাই। পুষ্টিকৰ তেলযুক্ত খাদ্যশস্য যেনে সৰিয়হ, চীনাবাদাম, তিচি আৰু তিল আদি তেওঁলোকৰ খাদ্যতালিকাৰ পৰা নাইকিয়া হৈ গ’ল।

আলোচনা পৰ্ব আৰু ৰক্তচাপ জোখা হোৱাৰ পিছত ধেমালীয়া পৰ্ব আৰম্ভ হ’ল - ষ্ট্ৰেচ্চিং ছেচন। যোগাভ্যাসৰ সময়ত বিভিন্নজনৰ কেঁকনি-গেঁথনি শুনা গ’ল, তাৰ পাছে পাছে কাণত পৰিল খিকখিক হাঁহিৰ শব্দ।

“মেচিন এটাত তেল দিলেহে সি চলি থাকে। তেনেকৈ আমি আমাৰ পেশীবোৰকো তেল দি ৰাখিব লাগে। মটৰ চাইকেল এখনৰ দৰে আমি আমাৰ ইঞ্জিনতো তেল দি থাকিব লাগে,” সুৰজে খুহুটীয়া সুৰত কোৱা কথা শুনি তেওঁলোকৰ মাজত আকৌ হাঁহিৰ ৰোল উঠিল, তেওঁলোকৰ ঘৰলৈ উভতিবৰো হ’ল।

অনুবাদ: পংকজ দাস

Sweta Daga

Sweta Daga is a Bengaluru-based writer and photographer, and a 2015 PARI fellow. She works across multimedia platforms and writes on climate change, gender and social inequality.

Other stories by Sweta Daga
Editor : PARI Desk

PARI Desk is the nerve centre of our editorial work. The team works with reporters, researchers, photographers, filmmakers and translators located across the country. The Desk supports and manages the production and publication of text, video, audio and research reports published by PARI.

Other stories by PARI Desk
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das