কাহিনীৰ পটপৰিৱৰ্তন দেখি হয়তো কাফকাৰ দৰে লোকৰো ঈৰ্ষা হ’লহেঁতেন৷ ৭ মে’ত দিল্লীত ৰাজ্যসভাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শৰদ পাৱাৰে ঘোষণা কৰিলে যে জানুৱাৰীৰ পৰা এই পৰ্যন্ত বিদৰ্ভত ছয়গৰাকী কৃষকে আত্মহত্যা কৰিছে৷ সেইদিনাই মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী অশোক চৱনে আত্মহত্যা কৰা কৃষকৰ সংখ্যা ৩৪৩জন বুলি জনালে৷ কৃষিমন্ত্ৰী পাৱাৰে উল্লেখ কৰা সংখ্যাতকৈ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা সংখ্যা ৫৭গুণ অধিক আছিল৷ সংসদত উত্থাপিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাৱাৰে এই উত্তৰ লিখিতভাৱে প্ৰদান কৰিছিল আৰু এই দুয়োখন প্ৰতিবেদনেই প্ৰেছ ট্ৰাষ্ট অব্ ইণ্ডিয়াই (পিটিআই) সবিস্তাৰে প্ৰকাশ কৰিছিল৷

আপোনালোক হয়তো বিভ্ৰান্ত হৈছে৷ এইবাৰ চাওকঃ পাঁচ দিন পূৰ্বে ৰাজ্যিক কৃষিমন্ত্ৰী কে.ভি. থমাচে বিদৰ্ভত জানুৱাৰীৰ পৰা আত্মহত্যা কৰা কৃষকৰ সংখ্যা ২৩গৰাকী বুলি কৈছিল৷ ৰাজ্যসভাৰ সদন অনুষ্ঠিত হোৱা সেই একেটা সপ্তাহৰেই ঘটনা এইটো৷ মন্ত্ৰী থমাচ মহাশয়ে তেওঁৰ প্ৰতিবেদনৰ উৎস ‘মহাৰাষ্ট্ৰ চৰকাৰ’ বুলি উল্লেখ কৰিছিল য’ত সেই চৰকাৰৰ মুৰব্বী অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সংখ্যা ৩৪৩ বুলি উল্লেখ কৰিছিল৷ ঠিক ইয়াৰ মাজতে মন্ত্ৰী পাৱাৰে চাৰি মাহত ‘কেৱল ছয়জন’ বুলি উল্লেখ কৰাৰ পূৰ্বে বিদৰ্ভত চৰকাৰৰ বসন্ত ৰাও নায়ক ফাৰ্মাৰ্ছ ছেল্ফ ৰিলায়েঞ্চ মিছনে কেৱল জানুৱাৰী মাহতেই এই সংখ্যা ৬২ বুলি প্ৰকাশ কৰিছিল৷

আচৰিত কথা এয়েই যে আটাইবোৰ প্ৰতিবেদনৰ উৎস চৰকাৰী সূত্ৰ হোৱাৰ পিছতো এই সংখ্যাত ৫,৫০০ শতাংশৰ বিশাল পাৰ্থক্য পৰিলক্ষিত হৈছে (চৱনৰ তথ্য পাৱাৰৰ তথ্যতকৈ কেইবাগুণো অধিক)৷ কিন্তু ই ইয়াতেই শেষ হোৱা নাই৷ এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাজ্যিক সদনৰ সত্ৰত মহাৰাষ্ট্ৰৰ ৰাজহ মন্ত্ৰী নাৰায়ণ ৰাণেয়ে ২০০৬ চনৰ পৰা বিদৰ্ভত আত্মহত্যা কৰা কৃষকৰ সংখ্যা ৫,৫৭৪ জন বুলি উল্লেখ কৰিছিল৷ কিন্তু সংসদত এই সংখ্যা কেৱল ছয় বুলি কোৱাৰ বিপৰীতে মন্ত্ৰী ৰাণেৰ তথ্য অনুসৰি সমগ্ৰ ৰাজ্যখনতেই ২০০৬ চনৰ পৰা আত্মহত্যা কৰা কৃষকৰ সংখ্যা ৭,৭৮৬ বুলি কোৱা হৈছিল৷ এই তথ্য মন্ত্ৰী পাৱাৰে প্ৰকাশ কৰা বিগত তিনি বৰ্ষত মুঠ ৩,৪৫০জন কৃষকে আত্মহত্যা কৰা নতুন তথ্যৰ দুগুণতকৈও অধিক হোৱা দেখা গৈছে৷

PHOTO • V. Sudershan

২০০৮ চনৰ ৩১ জানুৱাৰীৰ এই ছবিখনত পঞ্জাৱৰ কৃষকসকলৰ পৰিয়ালৰ সদস্যসকলৰ নেতৃত্বত লোকৰাজ সংগঠনৰ সদস্যসকলে আত্মহত্যা কৰা কৃষকৰ কেন্দ্ৰীয় আৰু পঞ্জাৱ চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে

তিনি বছৰত সমগ্ৰ দেশত মাত্ৰ ৩,৪৫০ জন কৃষকে আত্মহত্যা কৰিছে? সংখ্যাটো আচহুৱা নহয় নে? ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰ’ৰ মতে বিগত তিনি বছৰত আত্মহত্যা কৰা কৃষকৰ সংখ্যা প্ৰায় ৫০,০০০জন৷ এয়া ২০০৬, ২০০৭ আৰু ২০০৮ (উপলব্ধ শেহতীয়া তিনি বছৰৰ তথ্য অনুসৰি) বৰ্ষৰ তথ্য৷ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উপলব্ধ তথ্যৰ বাবে এনআৰচিবি-য়েই হ’ল একমাত্ৰ বিশ্বাসযোগ্য উৎস৷ ই প্ৰকাশ কৰা তথ্য অনুসৰি আমি দেখিবলৈ পাওঁ যে ১৯৯৭ চনৰ পৰা ২০০৮ চনলৈ প্ৰায় ২ লক্ষ কৃষকে আত্মহত্যা কৰিছে৷ তেন্তে সদনৰ মজিয়াত কি সংখ্যা প্ৰকাশ কৰা হৈছে? ব্যুৰ’ৰ তথ্য আৰু সদনৰ তথ্যৰ মাজত ইমান তফাৎ কিয়? আৰু এই সংখ্যা মহাৰাষ্ট্ৰতেই সৰ্বাধিক কিয়?

কাৰণ মহাৰাষ্ট্ৰৰ পৰিসংখ্যা সমগ্ৰ দেশৰ ভিতৰতে দুৰ্ভাগ্যজনক৷ এই ৰাজ্যখনত ১৯৯৭ চনৰ পৰা ৪১,৪০৪ জন কৃষকে আত্মহত্যা কৰিছে৷ ইয়াৰে ১২,৪৯৩ জনে ২০০৬ৰ পৰা ২০০৮ৰ ভিতৰত আত্মহত্যা কৰিছে৷ সেয়ে অন্য ৰাজ্যৰ তুলনাত ইয়াত আত্মহত্যা কৰা কৃষকৰ সংখ্যা অধিক হোৱা হেতুকে উদ্বেগো যথেষ্ট বৃদ্ধি হৈছে৷

কৃষকৰ সমস্যাসমূহ কাৰোৰে বাবে কেতিয়াও অগ্ৰাধিকাৰৰ বিষয় নাছিল৷ ২০০৬ চনত প্ৰধানমন্ত্ৰীয়ে বিদৰ্ভ পৰিদৰ্শন নকৰালৈ ৰাজ্যখনৰ শীৰ্ষ পৰ্যায়ৰ মন্ত্ৰীসকলে এই দুৰ্যোগপীড়িত গাঁওসমূহ কেতিয়াও ভ্ৰমণ কৰা নাছিল৷ আনকি আত্মহত্যাপীড়িত পৰিয়ালৰো খবৰ ল’বলৈ কাৰো আহৰি নাছিল৷ জনসাধাৰণে কি ভাবে, তাৰ প্ৰতি তেওঁলোকৰ অকণো ভ্ৰূক্ষেপ নাছিল৷ ভ্ৰূক্ষেপ যদিহে আছিল, তেন্তে সেয়া আছিল নতুন দিল্লীত বহি থকা হাইকমাণ্ডসকলৰ উদ্বেগৰ প্ৰতিহে৷ আত্মহত্যা কৰা কৃষকৰ সংখ্যা বৃদ্ধি হোৱাত ওপৰৰ পৰা তলব অহাৰ পৰিপ্ৰেক্ষিততহে তেওঁলোকে সেই বিষয়ক লৈ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ লৈছিল।

পোন প্ৰথমে ইয়াৰ অৰ্থ আছিল কৃষক আত্মহত্যাৰ কাৰকবোৰ চিহ্নিত কৰাৰ অসম্ভৱ সূচক সংলগ্ন কৰা৷ ২০০৫ চনৰ জুনৰ আগভাগত আমি দিগম্বৰ আগোছেৰ আত্মহত্যাৰ খবৰ ল’বলৈ যোৱাৰ সময়ত যাভাতমলৰ মালৱাগড়ৰ লোকসকলে ইতিকিং কৰিছিল৷ আগোছেৰ পৰিয়ালৰ লোকে কৈছিল, ‘‘আমি এতিয়া আত্মহত্যাও শান্তিত কৰিব নোৱাৰা হ’লোনে?’’ ‘‘প্ৰপত্ৰবোৰ আমি নপঢ়াকৈয়ে বিষয়াসকলে আমাৰ বাবে প্ৰস্তুত কৰে’’৷ আন এজনে কৈছিল, ‘‘অনুসন্ধান তালিকাখনত প্ৰায় ৪০টামান ধাৰা আছে৷ এই আটাইবোৰ প্ৰযোজ্য হ’ব লাগিব৷’’ সংক্ষেপে ক’বলৈ গ’লে, যদি আপুনি আত্মহত্যা কৰিছে, তেন্তে ভালদৰে কৰক৷ প্ৰপত্ৰখনত থকা ধাৰা অনুসৰি যাতে আত্মহত্যা কৰা হয়৷ তেতিয়াহে আপুনি অনুকম্পামূলক ক্ষতিপূৰণ ধনৰ বাবে ‘যোগ্য’ হ’ব৷’’

আত্মহত্যা কৰা বহু কৃষকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছিল, কিয়নো ধাৰা অনুসৰি তেওঁলোক কৃষক নাছিল৷ চৰকাৰী সূত্ৰমতে তেওঁলোকৰ নামত কোনো ভূমি নাছিল৷ এই নিয়মমতে বহু মহিলা কৃষকৰ আত্মহত্যাৰ পৰিণাম ব্যৰ্থ হৈ পৰিছিল৷ ঠিক সেইদৰে বহু জ্যেষ্ঠ সন্তান যাৰ পিতৃৰ নামত কৃষি ভূমি আছে, তেওঁলোকো এই তালিকাৰ পৰা বাদ পৰিছিল৷ আনহাতে তালিকাৰ পৰা বহু দলিত আৰু আদিবাসী কৃষকৰ নামো বাদ পৰিছিল, কিয়নো কৃষিভূমিৰ কাগজত তেওঁলোকৰ নামবোৰ স্পষ্টভাৱে উল্লেখ নাছিল৷

আৰু এতিয়াও এই সংখ্যা বৃদ্ধি হৈ গৈয়েই আছে৷ বিষয়টোক লৈ কৰা ৰিপ’ৰ্টিঙে য’ত আঘাত হানিব লাগে, তাতেই হানিছিল - দিল্লীত খলকনি উঠিছিল। আত্মহত্যাজনিত সংখ্যাবোৰ কেনেদৰে হ্ৰাস কৰিব পাৰি, সেয়া সকলোৰে বাবে মুৰৰ কামোৰণি হৈ পৰিছিল। গতিকে আত্মহত্যাৰ সংখ্যা কিদৰে কমোৱা যাওক? এইক্ষেত্ৰত উচ্চাভিলাসী আমোলাসকলে নতুনকৈ এটা শ্ৰেণী সৃষ্টি কৰিবলৈ আগবাঢ়ি আহিল৷ ‘যোগ্য’ আৰু ‘অযোগ্য’ আত্মহত্যা৷ কেৱল পূৰ্বৰ সকলকহে ‘‘কৃষিজনিত আত্মহত্যা’’ বুলি গণ্য কৰা হ’ব৷ ২০০৬ চনত এক চৰকাৰী নথিয়ে এই নীতি নিৰ্ধাৰণ কৰিছিল৷

বহুকেইটা স্তম্ভৰ সৈতে নতুনকৈ এখন তালিকা সৃষ্টি কৰা হ’ল৷ ইয়াৰ জৰিয়তে সংখ্যাসমূহ হ্ৰাস হৈছিল৷ কেনেকৈ? মুঠ আত্মহত্যা কৰা কৃষকৰ সংখ্যাত এটা নতুন শ্ৰেণী যোগ দিয়া হৈছিলঃ ‘‘পৰিয়ালৰ লোকৰ আত্মহত্যা’’৷ ইয়াৰ অৰ্থ হ’ল কৃষকজনৰ পৰিয়ালৰ লোকে যদি আত্মহত্যা কৰে, তেন্তে সেয়া কৃষিজনিত আত্মহত্যা বুলি গণ্য কৰা নহ’ব৷ পৰৱৰ্তী পৰ্যায়ত ‘‘অনুসন্ধান কৰা গোচৰ’’ শীৰ্ষক আন এক স্তম্ভ তালিকাখনত সংযোজিত কৰা হৈছিল৷ অন্তিম পৰ্যায়ত যিখন তালিকা প্ৰস্তুত হৈ ওলাইছিল, সেইখনৰ নাম দিয়া হৈছিল- ‘‘যোগ্য আত্মহত্যা’’৷ ইয়াৰ জৰিয়তে চৰকাৰে প্ৰদান কৰা অনুকম্পামূলক ধনৰ পৰিমাণো হ্ৰাস পাইছিল৷ সেয়ে ২০০৫ চনত আত্মহত্যা কৰা কৃষকৰ সংখ্যা ২,৪২৫ৰ পৰা গৈ ২৭৩লৈ হ্ৰাস পাইছিল৷ (মুঠ সংখ্যাৰ ১২ শতাংশতকৈও কম)৷ আৰু এই কাটি অনা এছোৱা সংখ্যাই গৈ চৰকাৰী সংখ্যা হৈ পৰিছিল৷ এনেদৰেই কৃষকৰ আত্মহত্যাৰ সংখ্যা ‘কমি অহা’ দৰ্শোৱা হৈছিল।

তাৰ পিছতে আহিল ‘‘অযোগ্য আত্মহত্যা’ৰ ঘটনাসমূহ৷ ইয়াৰ অৰ্থ এইটো নাছিল যে মানুহজন অৰ্ধমৃত হৈছিল অথবা তেওঁ আত্মহত্যা কৰা নাছিল৷ ইয়াৰ অৰ্থ আছিল চৰকাৰে ব্যক্তিজনৰ মৃত্যু ঋণৰ বোজা আৰু হতাশাত হোৱা বুলি গ্ৰহণ কৰা নাছিল৷ (যদিওবা আত্মহত্যাস্থলীত ব্যক্তিজনে লিখি থৈ যোৱা টোকা উদ্ধাৰ হৈছিল)৷ সমস্যা জৰ্জৰিত জিলাসমূহত একোখন কমিটী স্থাপন কৰা হৈছিল আৰু সেই কমিটীৰ কাম আছিল আত্মহত্যাবোৰ ‘যোগ্য’ নে ‘অযোগ্য’ পৰীক্ষা কৰা৷ এই কমিটীকেইখন ক্ৰমে উন্মাদ হৈ পৰিল আৰু প্ৰতিমাহে আত্মহত্যাৰ ঘটনাসমূহ ‘অযোগ্য’ বুলি ঘোষণা কৰিবলৈ ধৰিলে৷ আত্মহত্যা কৰা পৰিয়ালৰ লোকসমূহৰ মাজত যাতে কম সংখ্যক লোকেহে চৰকাৰী অনুকম্পামূলক ক্ষতিপূৰণ লাভ কৰে, সেয়াই হৈ পৰিল তেওঁলোকৰ লক্ষ্য৷

আৰু সেই উন্মাদনা এতিয়াও অব্যাহত আছে৷ ৰাজ্যিক বিধানসভাত উত্থাপিত প্ৰশ্নৰ বিপৰীতে শ্ৰী ৰাণেৰ উত্তৰত বিগত চাৰিটা বছৰত সহস্ৰাধিক ‘অযোগ্য আত্মহত্যাকাৰী’ৰ তালিকা প্ৰদৰ্শিত হৈছে৷

ফলস্বৰূপে এনচিআৰবিৰ তথ্যত এতিয়াও আসোঁৱাহ থাকি গ’ল৷ সেইবোৰৰ সমাধানৰ পথ তেওঁলোকৰ হাতত নাই৷ নিশ্চিতভাৱে সময়ৰ সৈতে এনচিআৰবিৰ তথ্যও তৃণমূল পৰ্যায়ত দুৰ্নীতিৰ পাকচক্ৰত সোমাই পৰিব৷ কিন্তু ৰাজনীতিত সেয়াই গুৰুত্বপূৰ্ণ৷ ইয়াৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হ’ল এনচিআৰবিৰ তথ্যক আওকাণ কৰা৷ সেয়ে সদনত মন্ত্ৰীৰ লিখিত উত্তৰত ইয়াৰ কোনো উল্লেখ নাই৷ আপুনি অতীতৰ পৰাই এই পৰিৱৰ্তনসমূহ প্ৰত্যক্ষ কৰিব পাৰে৷

তেওঁ ২০০৭ চনত যি তথ্য উল্লেখ কৰিছিল, ঠিক সেই তথ্যই এনচিআৰবিৰ তথ্যত মজুত আছিল যে ১৯৯৭ চনৰ পৰা ২০০৫ চনলৈ আত্মহত্যা কৰা কৃষকৰ সংখ্যা আছিল প্ৰায় ১.৫ লাখ৷ ৰাজ্যসভাত (৩০ নৱেম্বৰ, ২০০৭) প্ৰশ্ন নং ২৩৮ৰ উত্তৰ দি পাৱাৰ ডাঙৰীয়াই কৈছিল যে তেওঁ প্ৰকাশ কৰা তথ্য দুসপ্তাহ পূৰ্বে দি হিন্দু কাকতত (নৱেম্বৰ ১২-১৭) প্ৰতিবেদিত তথ্যৰ সৈতে একে৷ আনহাতে দি হিন্দুৰ প্ৰতিবেদন মাদ্ৰাছ ইনষ্টিটিউট অব্ ডেভেলপমেণ্ট ষ্টাডীজৰ সৈতে অধ্যাপক কে. নাগৰাজে কৃষক আত্মহত্যাৰ ওপৰত কৰা চৰকাৰী তথ্যৰ বিস্তৃত অধ্যয়নৰ ভিত্তিত প্ৰকাশিত হৈছিল৷ তেওঁ বিশ্লেষণ কৰা তথ্য এনচিআৰবিৰ পৰা পোৱা হৈছিল৷ তেওঁলোকে প্ৰতিবছৰে প্ৰকাশ কৰা দুৰ্ঘটনাজনিত মৃত্যু আৰু ভাৰতত আত্মহত্যাৰ ঘটনা (এডিএছআই) শীৰ্ষক প্ৰতিবেদনত সেই তথ্য প্ৰকাশ পাইছিল৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অংশ এনচিআৰবি হৈছে এনে একমাত্ৰ সংস্থা যিয়ে সমগ্ৰ দেশতে সকলো শ্ৰেণীৰ আত্মহত্যাৰ তথ্য লাভ কৰে৷

ড০ নাগৰাজৰ অধ্যয়ন অনুসৰি দি হিন্দুৱে এনচিআৰবিৰ প্ৰতিবেদনক ভিত্তি কৰি প্ৰতি বছৰে কৃষক আত্মহত্যাৰ সংখ্যা আপডেট কৰে৷ (এই আটাইবোৰ প্ৰতিবেদন তেওঁলোকৰ ৱেবছাইটত উপলব্ধ৷ উদাহৰণস্বৰূপে ‘‘স্ব নিয়োজিত (খেতি/কৃষি)’’ শাখাত ২০০৮ চনৰ তথ্য মতে সেই বৰ্ষত আত্মহত্যা কৰা কৃষকৰ সংখ্যা হ’ল ১৬,১৯৬জন৷ এই প্ৰতিবেদন চাওক)৷ কিন্তু এই মে’ত ৰাজ্যসভাত পাৱাৰ ডাঙৰীয়াই এই সংখ্যা ১,২৩৭জন বুলি উল্লেখ কৰিছিল৷ (এই তথ্যৰ বিষয়ে কোনো উল্লেখ নাই৷ অন্ততঃ পিটিআইৰ প্ৰতিবেদনত নাই)৷ লক্ষণীয়ভাৱে আজি পৰ্যন্ত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে কেতিয়াও এনআৰচিবি-ভিত্তিক ড০ নাগৰাজ আৰু দি হিন্দুৰ প্ৰতিবেদনৰ বিৰোধিতা কৰা নাই৷ তেওঁলোকে নিজেই নিজৰ মতত বিৰোধিতা কৰাত ব্যস্ত হৈ পৰিছে৷

সাধাৰণভাৱে চাবলৈ গ’লে চৰকাৰে দৰিদ্ৰ সংখ্যা নিৰ্ধাৰণ কৰাৰ দৰেই এই কাম সম্পাদনা কৰি আছে৷ যিদৰে তেওঁলোকে বিপিএল, এপিএল, ৰেচন কাৰ্ড আদিৰ সংখ্যা নিৰ্ধাৰণ কৰে৷ কৃষকৰ আত্মহত্যাৰ ঘটনাৰ সৈতে প্ৰকৃত মানৱ মৃত্যুৰ ঘটনা জড়িত হৈ আছে৷ কৃষকসকলৰ দুৰ্দশাৰ প্ৰতি জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা আক্ৰোশৰ চাপে দুৰ্নীতিৰ পৰিমাণ অধিক বৃদ্ধি কৰিছে৷

২০১১ চনৰ জনগণনাই এই ছবিখনৰ এক ভয় লগা পৰিদৃশ্য ফুটাই তুলিছে৷ ইয়াৰ জৰিয়তে প্ৰতিখন ৰাজ্যত প্ৰকৃততে কিমান কৃষক আছে সেয়া জানিব পৰা হৈছে৷ মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত ২০০১ চনৰ তুলনাত কৃষকৰ সংখ্যা চকুত লগা ধৰণে হ্ৰাস পাইছে৷ (২০০১ চনৰ জনগণনা প্ৰতিবেদনত ১৯৯১ চনৰ পৰা ৮০ লাখ লোকে কৃষিকাৰ্য ত্যাগ কৰাৰ তথ্য প্ৰকাশ পাইছে)৷ আজি পৰ্যন্ত আটাইবোৰ কৃষক আত্মহত্যাৰ ঘটনা (প্ৰতি ১,০০,০০০ কৃষকৰ মাজত আত্মহত্যা) ড০ নাগৰাজে ২০০১ চনৰ প্ৰতিবেদনৰ ভিত্তিত কৰা তথ্যৰ ওপৰত আধাৰিত৷ উদাহৰণস্বৰূপে, মহাৰাষ্ট্ৰৰ এফএছআৰ হ’ল ২৯.৯৷ যেতিয়া কৃষকৰ নতুন জনগণনাৰ প্ৰতিবেদন প্ৰকাশ হ’ব - তেতিয়ালৈ এই সংখ্যা অৰ্থাৎ আত্মহত্যাৰ পৰিঘটনা হয়তো অধিক বৃদ্ধি পাব৷ কিন্তু দুৰ্নীতি তেতিয়াও সৰ্বত্ৰ নিৰ্বিকাৰচিত্তে বিৰাজমান হৈ থাকিব৷

এই প্ৰৱন্ধটো দি হিন্দুত প্ৰকাশিত হৈছিল - http://www.thehindu.com/opinion/lead/article428367.ece

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder