কিৰণে ঘৰ সৰা-মচাৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া আটাইখিনি ঘৰুৱা কাম-বন কৰে। খৰিও সংগ্ৰহ কৰে আৰু বৰ কষ্টৰে বোজা বাই ঘৰলৈ আনে, বাৰিষাৰ দিনত দূৰত্ব আৰু বাঢ়ে
বয়স তাইৰ মাত্ৰ ১১ বছৰ, অথচ উপায়হীন। তাইৰ মাক-দেউতাক বছৰি কামৰ সন্ধানত ওলাই যায় আৰু বাঁচৱাৰা জিলাৰ গাওঁখনত (নাম উহ্য ৰখা হৈছে) তাইৰ ঘৰত আন কোনো নাথাকে। তাইৰ ১৮ বছৰ বয়সীয়া ভায়েক বিকাশ (নাম সলনি কৰা হৈছে) আশে-পাশে নথকা নহয়, কিন্তু তেঁৱো যিকোনো সময়তে কামৰ বাবে প্ৰব্ৰজন কৰিবলগীয়া হ’ব পাৰে। তেওঁলোকৰ আন তিনিজন ৩ৰ পৰা ১৪ বছৰীয়া ভাই-ভনী মাক-দেউতাকহঁতৰ লগত গুজৰাটৰ বদোদৰাৰ নিৰ্মাণ ছাইটতে থাকে। সিহঁতকেইটাৰো স্কুল খতি হৈছে, কিন্তু কিৰণে স্কুললৈ যাব পাইছে বাৰু।
“মই পুৱাৰ ভাগত অলপ আহাৰ ৰান্ধো,” এইজন প্ৰতিবেদকক দিনটোত তাই কি কি কৰে, কিৰণে কৈ গৈছে। পাকঘৰ মানে এটা কোঠাৰ জুপুৰীটোৰ আধাখিনি, সুৰ্য্য ডুবিলে চালত ওলমাই থোৱা ফ্লেশ্বলাইটোৰ পোহৰেই একমাত্ৰ পোহৰৰ উৎস।
এটা চুকত মাটিৰ চৌকা এটা আছে, অতিৰিক্ত অলপ খৰি আৰু তেলৰ পুৰণি কেন এটা কাষতে থোৱা আছে। পাচলি, মচলা-পাতি আৰু আন ইটো-সিটো সামগ্ৰী পলিথিনৰ বেগত থোৱা আছে। সেইবোৰ মজিয়াতে থোৱা আছে, দুই-এটা বেৰত হাতে ঢুকি পোৱাতে ওলমাই থোৱা আছে। “স্কুলৰ পৰা আহি মই ৰাতিৰ আহাৰো ৰান্ধো। ফিৰমুৰ্গি কৌ দেখনা (তাৰপিছত কুকুৰাকেইটা চাও), তাৰপিছত শুবলৈ যাও,” কিৰণে কয়।
তাই লাজ লাজকৈ কোৱা দিনটোৰ কৰ্মসূচীখনত বহু কামেই ক’বলৈ ৰৈ গৈছে। এই ধৰক কাষতে থকা খৰি সংগ্ৰহ কৰিবলৈ পাহাৰৰ দাঁতিলৈ যোৱা, যাক স্থানীয় লোকে বিজলিয়া বা ডাৱৰা খৰা বুলি কয়। হাবিলৈ যাওতে এঘণ্টামান সময়, খৰি কাটি, সংগ্ৰহ কৰি সেয়া বোজা কৰি লোৱা, তাৰপিছত লেহুকা দেহাৰে তাই নিজতকৈ বেছি ওজনৰ খৰিৰ বোজাটো দাঙি ঘৰলৈ লৈ আহোতে আৰু এঘণ্টা – এইখিনি কথা তাইৰ ক’বলৈ ৰৈ গৈছে।
“মই পানীও আনো,” কিৰণে ঘৰখনৰ অত্যন্ত জৰুৰী কাম এটা পাহৰিছিলেই। ক’ৰপৰা? “দমকলৰ পৰা।” দমকলটো তেওঁলোকৰ চুবুৰীয়াৰ। “আমাৰ মাটিত দুটা দমকল আছে। অঞ্চলটোৰ প্ৰায় সকলোৱে, আঠঘৰ মানুহে তাৰপৰা পানী নিয়ে,” ২৫ বৰ্ষীয় আস্মিতাই কয়। “এবাৰ গ্ৰীষ্মকাল পৰিলে দমকলবোৰ শুকাই যাব, তেতিয়া মানুহে গদ্ধা (বিজলিয়া পাহাৰৰ দাঁতিত প্ৰাকৃতিকভাৱে সৃষ্ট খাল)ৰ পৰা পানী আনিবলৈ ল’ব।” গদ্ধাটো আৰু বেছি দূৰত আছে আৰু অলপ ওখত আছে। তালৈ যাবলৈ কিৰণৰ দৰে সৰু ছোৱালীৰ কষ্ট হ’ব।
চেলোৱাৰ-কামিজৰ ওপৰত বেঙুনীয়া ৰঙৰ ছুৱেটাৰ পিন্ধা কিৰণক তাইৰ আচল বয়সতকৈ বেছি যেন লাগে। কিন্তু তাই কয়, “মাম্মি-পাপা সে ৰৌজ বাত হৌতি হ্যে... ফোন পে (মা-দেউতাৰ লগত সদায় কথা পাতো, ফোনত)।” এইখিনিতে আপুনি তাইৰ যে বয়স কম ধৰিব পাৰিব।
দক্ষিণ ৰাজস্থান, বাঁচৱাৰা জিলাখন য’ত অৱস্থিত, তাৰে প্ৰায় আধাখিনি পৰিয়ালেই প্ৰব্ৰজিত। জিলাখনৰ ৯৫ শতাংশ জনসংখ্যা কিৰণৰ পৰিয়ালটোৰ দৰে ভিল আদিবাসী পৰিয়ালেৰে ভৰি আছে। বহুতেই ঘৰৰ সৰু ল’ৰা-ছোৱালীবোৰক ঘৰতে থৈ যায়, যাতে ঘৰ-বাৰী আৰু পথাৰখন চোৱাচিতা কৰিব পাৰে। এনেকৈ কুমলীয়া কান্ধত অতিপাত বোজা দি যোৱাৰ উপৰিও অকলশৰীয়াকৈ এৰি যোৱাৰ বাবে তেওঁলোকৰ ওপৰত অসৎ লোকৰ নজৰ পৰে।
জানুৱাৰীৰ আৰম্ভ হৈছে মাত্ৰ, পথাৰবোৰত মুগা বৰণৰ শুকান কপাহ গছবোৰ থিয় হৈ আছে, কপাহ চিঙিব পৰা হৈছে। শীতকালীন বন্ধ চলি থকাৰ বাবে বহু ল’ৰা-ছোৱালীয়ে মাক-দেউতাকক পথাৰৰ কামত, খৰি সংগ্ৰহ কৰি অনা আৰু গৰু-ম’হ চৰোৱা কামত সহায় কৰি দিছে।
বিকাশ এইবাৰ ঘৰতে থাকিল। কিন্তু যোৱাবছৰ তেওঁ মাক-দেউতাকৰ লগত আছিল। “মই বালি মিহলি কৰা মেচিনৰ কাম কৰিছিলো (নিৰ্মাণ ছাইটত),” কপাহ চিঙি থকাৰ মাজতে তেওঁ কয়। “আমাক এদিনৰ কামৰ বাবদ ৫০০ টকা দিছিল। কিন্তু আমি ৰাস্তাৰ কাষত থাকিবলগীয়া হৈছিল। সেই কথাটোৱে মই ভাল নাপাইছিলো।” তেওঁ দেৱালীত, স্কুল আৰম্ভ হোৱাৰ সময়ত (২০২৩) ঘৰলৈ উভতি আহিল ।
বিকাশে সোনকালেই স্নাতক ডিগ্ৰী এটা পাব বুলি আশা কৰিছে। “প্ৰথমে কামখিনি শেষ কৰি লওঁ, তাৰ পিছত পঢ়াত বহো),” তেওঁ পাৰিক কয়।
স্কুলত কি পঢ়ি ভাল পায়, সেয়া তাই আমাক পটকৰে কথাৰ মাজতে কয়, “মই হিন্দী আৰু ইংৰাজী পঢ়ি ভাল পাওঁ। সংস্কৃত আৰু গণিত মই ভাল নাপাও।”
কিৰণে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত স্কুলতে দুপৰীয়াৰ আহাৰ খাবলৈ পায়। “কিচি দিন সবজি, কিচি দিন চাৱল (কেতিয়াবা শাক-পাচলি, কেতিয়াবা ভাত),” তাই কয়। তাইৰ বাকীখিনি প্ৰয়োজনৰ বাবে ভাই-ভনীকেইটাই চেপেটা বীনৰ খেতি কৰে আৰু সেউজীয়া শাক-পাচলি কিনি আনে। চৰকাৰী ৰেচন-পাতিখিনিও থাকে।
“আমি ২৫ কিলোগ্ৰাম ঘেঁহু পাওঁ,” বিকাশে কয়। “আন সামগ্ৰী যেনে তেল, জলকীয়া, হালধি আৰু নিমখ পাও। মুগ আৰু বুটমাহো ৫০০ গ্ৰাম পাও। সেইখিনিৰে আমাৰ দুটাৰ বাবে এমাহ চলে।” কিন্তু গোটেই পৰিয়ালটোৰ বাবে সিমানখিনি পৰ্যাপ্ত নহয়।
খেতিৰ পৰা পোৱা উপাৰ্জনেৰে পৰিয়ালটোৰ খৰছ নোজোৰে। কুকুৰা আদি পালনৰ পৰা স্কুলৰ মাচুল আংশিকভাবে যোগাৰ হয় আৰু ঘৰুৱা খৰছো সামান্য আহে, কিন্তু সেইখিনি শেষ হ’লে মাক-দেউতাকে পইচা পঠিয়াবলগীয়া হয়।
মনৰেগা আঁচনিৰ অধীনত ৰাজস্থানত দিনটোৰ হাজিৰা নিৰ্ধাৰণ কৰা হৈছে ২৬৬ টকা, সেয়া কিৰণ আৰু বিকাশৰ মাক-দেউতাকে বদোদৰাত ব্যক্তিগত ঠিকাদাৰৰ পৰা পোৱা ৫০০ টকাৰ প্ৰায় আধা।
এনে বৈষম্যৰ বাবেই কুশলগড় চহৰৰ বাছ আস্থানটো সদায়েই ব্যস্ততাৰে ভৰা। তাৰপৰা দিনটোত প্ৰায় ৪০ খন বাছ যায়, প্ৰতিখনত এবাৰত ৫০ৰ পৰা ১০০ জন মানুহ যায়। পঢ়িব পাৰে: আৰ্থিক দৈন্য, প্ৰাপ্য মজুৰিৰ যুঁজত প্ৰব্ৰজিত শ্ৰমিক ।
ল’ৰা-ছোৱালীবোৰ ডাঙৰ হয় মানে তেওঁলোকে মাক-দেউতাকৰ সৈতে দিনহাজিৰা কৰিবলৈ ওলাই যোৱা হয়। এইটো কাৰণতে ৰাজস্থানত বয়সৰ লগে লগে ল’ৰা-ছোৱালীয়ে স্কুল এৰাৰ পৰিঘটনা কোনো নতুন কথা নহয়। সমাজকৰ্মী আস্মিতাই আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত এই ঘটনা সাক্ষ্যসহ প্ৰতিপন্ন কৰিছে, তেওঁ কয়, “ইয়াত প্ৰায়ভাগ ল’ৰা-ছোৱালীয়ে ৮ম বা ১০ম মানলৈহে পঢ়ে।” তেওঁ নিজেও আগতে আহমেদাবাদ আৰু ৰাজকোটলৈ প্ৰব্ৰজন কৰিছিল, কিন্তু এতিয়া পৰিয়ালৰ কপাহৰ খেতিতে কাম কৰে আৰু জনসেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু আনকো সহায় কৰি আহিছে।
দুদিন পিছত যেতিয়া পুনৰাই এই প্ৰতিবেদকে কিৰণক লগ পায়, তেওঁ আজীৱিকা ব্যুৰ’ নামে কুশলগড়ৰ জনসেৱামূলক সংস্থাই অঞ্চলটোৰ যুৱতীসকলক লৈ অনুষ্ঠিত কমিউনিটি আউটৰিচ্চ কাৰ্য্যসূচী এটাত ভাগ লৈছিল, তাত আস্মিতাও আছিল। তাত কম বয়সীয়া যুৱতীসকলক বিভিন্ন ধৰণৰ শিক্ষা, জীৱিকা আৰু ভবিষ্যত পৰিকল্পনা সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়। “তুমি যি বিচৰা সেয়াই হ’ব পাৰা,” তেওঁলোকক উপস্থিত গুৰুকেইজনে তাকেই বাৰে বাৰে কৈছে।
মিটিংখনৰ পিছত কিৰণে তাইৰ ঘৰলৈ উভতিছে। পাত্ৰ এটাত পানী কঢ়িয়াই আনি পিছবেলাৰ আহাৰ ৰান্ধিছে। তাই স্কুল কেতিয়া খুলিব, কেতিয়া লগৰীয়াবোৰক লগ পাব আৰু বন্ধৰ দিনত কৰিবলৈ আহৰি নোপোৱা কামবোৰ কৰিব – তাকে আশা পালি আছে।
অনুবাদ: পংকজ দাস