কোনে জানে নতুন ভেশ লৈ জৰুৰীকালীন দিন উভতি আহে
কোনে জানে স্বৈৰতন্ত্ৰই নাম সলাই গণতন্ত্ৰ হৈ আহে

বিৰোধ মানেই যেতিয়া হৈ পৰে অপৰাধ, আৰু বিৰোধীক ছলে-বলে-কৌশলে নীৰৱ হৈ থাকিবলৈ বাধ্য কৰি পেলোৱা হয়, নাইবা কাৰাৰুদ্ধ কৰি কণ্ঠ অৱৰোধ কৰি পেলোৱা হয়, তেনে এক সময়ত এনে এক শ্লোগানৰ প্ৰাসংগিকতা নিশ্চয়কৈ বাঢ়ে। এই শ্লোগান জুৰিছে ৰামলীলা মৈদানত সমবেত হোৱা কৃষক আৰু কৃষিশ্ৰমিকে – তেওঁলোকৰ হাতে হাতে ৰঙা, সেউজীয়া আৰু হালধীয়া পতাকা।

এআইকেএছ (অল ইণ্ডিয়া কিষাণ সভা), বিকেইউ (ভাৰতীয় কিষাণ ইউনিয়ন), এআইকেকেএমএছ (অল ইণ্ডিয়া কিষাণ খেত মজদুৰ সংগঠন) আৰু আন আন সংস্থাৰ কৃষিজীৱিৰে ভৰি পৰিছিল ঐতিহাসিক ৰামলীলা মৈদান। তেওঁলোক সমবেত হৈছিল সকলোকে একত্ৰ কৰা সংযুক্ত কিষাণ মৰ্চা চমুকৈ এছকেএম-য়ে ২০২৪ৰ ১৪ মাৰ্চত আয়োজন কৰা কিষাণ মজদুৰ মহা পঞ্চায়ত উপলক্ষে।

“তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পিছত চৰকাৰে কেইটামান প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেইবোৰ পূৰণ কোনোদিন নহ’ল। এতিয়া তেওঁলোকে প্ৰতিশ্ৰুতি পূৰণ কৰিবই লাগিব। ৱৰ্ণা হম লড়েংগে, ঔৰ লড়তে ৰহেংগে,” কালান গাঁৱৰ মহিলা কৃষক প্ৰেমমতিয়ে কয়। তেওঁ কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম সেৱাৰ চুক্তি আইন, ২০২০ , কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০ -ৰ প্ৰসংগত কথাখিনি কৈছিল।

“আমি তিনিবছৰ আগতে ইয়ালৈ প্ৰতিবাদ কৰিবলৈ আহিছিলো,” তেওঁ লগতে কয়। তেওঁ আহিছিল সতীৰ্থ দুগৰাকী মহিলা কৃষকৰ সৈতে। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ পৰা মহাপঞ্চায়তলৈ বুলিয়েই এই তিনি কৃষক আহিছিল। তেওঁলোক কৃষক সংস্থা ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ)ৰ তৰফৰ পৰা আহিছে। “চৰকাৰে উন্নতি কৰিছে ঠিকেই, কিন্তু কৃষকৰ ভাত মাৰি,” তেওঁ ক্ষোভেৰে কয়।

পাৰিৰ সৈতে কথা পতা প্ৰতিগৰাকী কৃষকেই ক্ষুদ্ৰ কৃষক আছিল, তেওঁলোক ৪-৫ একৰ মাটিত খেতি কৰা কৃষক। মহিলা কৃষকে খেতিপথাৰৰ প্ৰায় ৬৫ শতাংশৰো অধিক কাম কৰে, কিন্তু মাত্ৰ ১২ শতাংশ মহিলা কৃষকৰ হাততহে মাটিৰ পট্টা আছে।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে : বাওঁফালৰ পৰা সোঁফাললৈ , উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ পৰা বিকেইউ সংগঠনৰ হৈ অহা প্ৰেমমতী , কিৰণ আৰু যশোদা সোঁফালে : দিল্লীৰ ৰামলীলা মৈদানত ২০২৪ৰ ১৪ মাৰ্চৰ দিনা পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকল

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: পাঞ্জাৱৰ মহিলা কৃষক আৰু কৃষিশ্ৰমিক। সোঁফালে: ‘কিষাণ মজদুৰ একতা জিন্দাবাদ’ ধ্বনি তুলিছে পাঞ্জাৱৰ কৃষকে

কিষাণ মজদুৰ কমিছন (কেএমচি) হৈছে নেশ্যন ফৰ ফাৰ্মাৰ্চ আন্দোলনৰ এক পদক্ষেপ, মহিলাৰ সৈতে হোৱা অন্যায়ৰ বিৰুদ্ধে তেওঁলোকে কাম কৰে। নতুন দিল্লীত ২০২৪ৰ ১৯ মাৰ্চৰ হোৱা এক সংবাদমেলত তেওঁলোকে কেএমচিৰ ২০২৪ৰ এজেণ্ডাখন মুকলি কৰি কয়, “মহিলাক কৃষক হিচাপে স্বীকৃতি দিয়ক আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰক, লীজত দিয়া ভূমিৰ ৰায়তী স্বত্ব সুৰক্ষিত কৰা।” এজেণ্ডাখনত আনকি ইমানখিনিলৈকেও চিন্তা কৰা হৈছে: “কৃষি পথাৰত শিশুসেৱা আৰু শিশুৰ দিবা-আশ্ৰয়ৰ ব্যৱস্থা কৰা।”

ৰাজ্যিক আঁচনিসমূহতো মহিলা কৃষকক সামৰি লোৱা নহয়। উদাহৰণ স্বৰূপে পিএম কিষাণ সন্মান নিধিৰ কথও ধৰক, য’ত কৃষকক বছৰি ৬,০০০ টকাকৈ দিয়া হয়, কিন্তু যিটো কৃষিভূমিৰ গৰাকীকহে দিয়া হয়।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ২০২৪ৰ ৩১ জানুৱাৰীত বাজেট অধিৱেশনৰ সংসদৰ যুটীয়া বৈঠকত দিয়া অভিভাষণত কৈছে যে চৰকাৰে পিএম কিষাণ আঁচনিৰ অধীনত ২.২৫ লাখ কোটি টকা হস্তান্তৰ কৰিছে, য’ৰ ৫৪,০০০ কোটি টকা মহিলা হিতাধিকাৰীয়ে লাভ কৰিছে।

সেয়া হিচাপ কৰি চালে দেখা যায় যে পুৰুষে পোৱা প্ৰতি তিনি টকাৰ বিপৰীতে মহিলাই পাইছে এটকা। কিন্তু তাতে আৰু এটা কথা আছে যে গ্ৰামীণ ভাৰতত খেতিপথাৰত কাম কৰা প্ৰায় ৮০ শতাংশ মহিলাই অবৈতনিকভাবে খেতিপথাৰত স্বনিয়োজিত হৈ আহিছে – লিংগ বৈষম্যৰ এই দিশটো চিন্তনীয়।

মঞ্চত বক্তব্য ৰখা একমাত্ৰ মহিলা নেত্ৰী মেধা পাটেকাৰে আগতে বহুবাৰ কৃষকৰ আন্দোলনত শুনিবলৈ পোৱা শ্লোগান দোহাৰিছে, নাৰী কে সহিয়োগ বিনা হৰ সংঘৰ্ষ অধুৰা হ্যে (নাৰীৰ অংশগ্ৰহণ অবিহনে সকলো সংগ্ৰাম আধৰুৱা)।”

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: পাঞ্জাৱৰ সংগ্ৰুৰ জিলাৰ কাপিয়াল গাঁৱৰ চিন্দাৰবালা (সোঁমাজত বহি থকাগৰাকী)। সোঁফালে: ‘নাৰী কে সহিয়োগ বিনা হৰ সংঘৰ্ষ অধুৰা হ্যে (নাৰীৰ অংশগ্ৰহণ অবিহনে সকলো সংগ্ৰাম আধৰুৱা)’

মহিলাৰ অধিকাৰ আৰু কৃষক হিচাপে নিজৰ প্ৰাপ্যৰ বাবে যুঁজি থকা বহু মহিলা প্ৰতিবাদকাৰীয়ে তেওঁৰ বক্তব্যৰ প্ৰতি সমৰ্থন জনাইছিল। মহাপঞ্চায়তত তেওঁলোকৰ উপস্থিতি আছিল লক্ষণীয় - সংখ্যা আছিল একৃ-তৃতীয়াংশ। “মোদী চৰকাৰৰ সৈতে আমাৰ এই যুঁজ। তেওঁলোকে কথা দি কথা নাৰাখিলে,” পাঞ্জাৱৰ সংগ্ৰুৰ জিলাৰ কাপিয়াল গাঁৱৰ মহিলা কৃষক চিন্দাৰবালাই কয়।

“আমি তিনি-চাৰি কিলা (একৰ) খেতিমাটি থকা ক্ষুদ্ৰ খেতিয়ক। বিদ্যুতৰ মাচুল বহুত বেছি। তেওঁলোকে বিধেয়কখন (বিদ্যুতৰ সংশোধন) উঠাই লোৱা নাই,” তেওঁ কয়। দিল্লী সীমান্তৰ প্ৰতিবাদত মহিলাসকলে কৃষক আৰু শ্ৰমিক হিচাপে নিজৰ অধিকাৰ আৰু মৰ্য্যাদাৰ হকে পুৰুষৰ সমানে সমানে থিয় দিছিল।

*****

মহাপঞ্চায়ত আৰম্ভ হৈছিল পুৱা ১১ বজাত আৰু চকুৰ পচাৰতে ভালেকেইখন ৰাজ্যৰ পৰা অহা কৃষক-শ্ৰমিকেৰে মৈদান ভৰি পৰিছিল।

পাঞ্জাৱৰ পৰা অহা ভালেমান পুৰুষ কৃষকৰ ভিতৰত ভাতিন্দা জিলাৰ সৰ্দাৰ বলজিন্দৰ সিঙে পাৰিক কয়, “আমি ইয়াত কৃষক হিচাপে আমাৰ অধিকাৰৰ বাবে আহিছো। কেৱল আমাৰ বাবেই নহয়, আমাৰ সন্তান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে যুঁজিবলৈ আহিছো।”

সমাজকৰ্মী মেধা পাটেকাৰে মঞ্চৰ পৰা কয়, “ইয়াত থকা সকলোকে প্ৰণিপাত জনাইছো - কৃষক, মাছমৰীয়া, পশুপালক, বন্য উপজ সামগ্ৰী সংগ্ৰাহক, আদিবাসী, দলিত সকলোকে – যিয়ে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। আমি আমাৰ জল, জংগল আৰু জমীন বচাবই লাগিব।”

সংযুক্ত কিষাণ মৰ্চা যি কৃষক সংগঠনসমূহ লগ লাগি গঠিত হৈছে, সেইসমূহৰ ২৫ গৰাকী নেতৃবৰ্গ মঞ্চত দুটা শাৰীত বহিছে। তেওঁলোকৰ প্ৰায়ভাগ নেতৃত্বধাৰী লোকেই পুৰুষ, কেৱল তিনিগৰাকী মহিলা প্ৰথম শাৰীৰ মাজভাগত বহিছে। তেওঁলোক হৈছে বিকেইউ উগ্ৰহন, পাঞ্জাৱৰ হৰিন্দৰ বিন্দু, মধ্যপ্ৰদেশৰ কিষাণ সংঘৰ্ষ সমিতি (কেএছএছ)ৰ আৰাধনা ভাৰ্গৱ আৰু মহাৰাষ্ট্ৰৰ পৰা নেছনেল এলায়েন্স অৱ পিপলচ্ মুভমেণ্ট চমুকৈ এনএপিএম-ৰ মেধা পাটেকাৰ।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: কিষাণ মজদুৰ মহাপঞ্চায়তত সংযুক্ত কিষাণ মৰ্চা (এছকেএম) নামেৰে সংগঠিত হোৱা বিভিন্ন কৃষক আৰু শ্ৰমিকৰ সংস্থাৰ নেতৃবৃন্দ। সোঁফালে: বাওঁফালৰ পৰা সোঁফাললৈ মঞ্চত ক্ৰমে বিকেইউ উগ্ৰহন, পাঞ্জাৱৰ হৰিন্দৰ বিন্দু, মধ্যপ্ৰদেশৰ কিষাণ সংঘৰ্ষ সমিতি (কেএছএছ)ৰ আৰাধনা ভাৰ্গৱ আৰু মহাৰাষ্ট্ৰৰ পৰা নেছনেল এলায়েন্স অৱ পিপলচ্ মুভমেণ্ট চমুকৈ এনএপিএম-ৰ মেধা পাটেকাৰ

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: ফোনৰ কেমেৰাৰে বিশাল সমাবেশৰ দৃশ্য ধৰি ৰখাৰ চেষ্টা কৰিছে পাঞ্জাৱৰ এজন কৃষকে। সোঁফালে: ভাৰতীয় কিষাণ ইউনিয়নৰ কৃষক আৰু শ্ৰমিকসকল

বক্তাসকলে এছকেএম-ৰ মূল দাবীসমূহ আওৰালে। তাৰে প্ৰথমটো হ’ল নিশ্চিত আহৰণৰ লগতে সকলো শস্যৰ বাবে চি-২ + ৫০ হাৰত ন্যূনতম সমৰ্থন মূল্য চমুকৈ এমএছপি-ৰ আইনী গেৰাণ্টি। চি-২ মানে উৎপাদনৰ ব্যয় য’ত মাটিৰ ভেৰোনীয়া মূল্য, লীজত দিয়া মাটিৰ ভাৰা আৰু পৰিয়ালৰ শ্ৰমৰ মূল্য অন্তৰ্ভুক্ত কৰা হয়।

বৰ্তমান বীজ সিচাৰ ঋতুৰ আগেয়ে ২৩ বিধ শস্যৰ বাবে যি এমএছপি দিয়া হৈছে, তাত অতিৰিক্ত ৫০ শতাংশ অন্তৰ্ভুক্ত কৰা হোৱা নাই, যিটো কৃষকৰ ৰাষ্ট্ৰীয় আয়োগৰ প্ৰতিবেদনত প্ৰফেছৰ এম. এছ. স্বামীনাথনে কৈছে: “ন্যূনতম সমৰ্থন মূল্য (এমএছপি) উৎপাদনৰ গঢ় খৰছতকৈ অতিকমেও ৫০ শতাংশ অধিক হোৱা উচিত। কৃষকৰ “প্ৰকৃত ঘৰুৱা আয়” অসামৰিক সেৱকৰ সমতুল্য হোৱা উচিত।”

পাটেকাৰে ইয়াৰোপৰি বীজ উৎপাদনত ক’ৰ্পোৰেটৰ নিয়ন্ত্ৰণ, ডাঙৰ ডাঙৰ কোম্পানীয়ে আফ্ৰিকাত কৃষিৰ নিয়ন্ত্ৰণ হস্তগত কৰা আৰু আনকি মহামাৰীৰ সময়তো ধনিক শ্ৰেণীৰ আয় দোপতদোপে বঢ়া আদি বিষয়ৰ ওপৰতো আলোকপাত কৰে। পাচলিকে ধৰি সকলো শস্যৰ বাবে উচিত মূল্য পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি চৰকাৰে বিত্তীয় বোজা হ’ব বুলি নাকচ কৰিলে। “অতিকৈ ধনিক শ্ৰেণীৰ ওপৰত খুব বেছি দুই শতাংশ কৰ বহুৱালেও সকলো শস্যৰ এমএছপি চৰকাৰে নিশ্চিত কৰিব পাৰিব,” পাটেকাৰে কয়।

সামগ্ৰিকভাৱে সকলো কৃষকৰে ঋণ মাফ কৰি দিয়াৰ দীৰ্ঘদিনীয়া দাবী কেন্দ্ৰীয় চৰকাৰে তিনি কৃষি আইন বাতিল কৰাৰ পিছতে ২০২১ৰ ৯ ডিচেম্বৰত এছকেএম-ৰ সৈতে হোৱা চুক্তিৰ সময়ত পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বাস্তৱত সেয়া হৈ নুঠিল।

কৃষকৰ ঋণ বাঢ়িছে আৰু কৃষকসকল হতাশাগ্ৰস্ত হোৱাৰ প্ৰমাণ কৃষকৰ বৰ্দ্ধিত আত্মহত্যাৰ পৰা বুজিব পাৰি। ২০১৪ আৰু ২০২২ৰ সময়ছোৱাত ঋণৰ বোজা সহিব নোৱাৰি ১ লাখৰো অধিক কৃষকে আত্মহত্যা কৰিছে। স্থিৰ আৰু নিশ্চিত আয়ৰ সুনিশ্চিতকৰণ নকৰা, সাহায্য উঠাই লোৱা আৰু প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ দৰে আঁচনিৰ বেমেজালিপূৰ্ণ ৰূপায়ণ আদিয়ে তেওঁলোকক তেনে এক চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছিল।

‘কোনে জানে নতুন ভেশ লৈ জৰুৰীকালীন দিন উভতি আহে/কোনে জানে স্বৈৰতন্ত্ৰই নাম সলাই গণতন্ত্ৰ হৈ আহে’ – এনেকৈ কবিতাৰ শাৰী আওৰাই কৃষক আৰু শ্ৰমিকে ৰামলীলা মৈদান অভিমুখে অগ্ৰসৰ হৈছে

ভিডিঅ’ চাওক: কিষাণ মজদুৰ মহাপঞ্চায়ত উপলক্ষে ২০২৪ৰ ১৪ মাৰ্চত সমবেত প্ৰতিবাদীৰ শ্লোগান আৰু গীত

মহাপঞ্চায়তত বক্তৃতা দি অল ইণ্ডিয়া কিষাণ সভা (এআইকেএছ)ৰ সাধাৰণ সম্পাদক বিজু কৃষ্ণনে কয়, “যোৱা দহটা বছৰত ৪.২ লাখৰো অধিক কৃষক, কৃষিশ্ৰমিক আৰু দিনমজুৰে আত্মহত্যা কৰিছে, ইয়ে দেশখনত কৃষি সংকটৰ কথা স্পষ্ট কৰি তোলে।”

২০২২ত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰ’ (এনচিআৰবি)ৰ ভাৰতত দূৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যাৰ ঘটনাৰ প্ৰতিবেদনৰ তথ্য অনুযায়ী ১.৭ লাখ আত্মহত্যাৰ ঘটনা ঘটিছে – তাৰে ৩৩ শতাংশ (৫৬,৪০৫) আত্মহত্যা দিনমজদুৰ, কৃষি শ্ৰমিক আৰু কৃষকৰ।

তাৰ তুলনাত আকৌ ব্যক্তিগত কোম্পানীবোৰৰ দোপতদোপে উন্নতি ঘটিছে, ২০১৬ৰ পৰা ২০২১ৰ সময়ছোৱাত ২৪,৩৫০ কোটি টকা উপাৰ্জন কৰিছে। দহটা কোম্পানীয়ে (১৩ টা নিৰ্বাচিত কোম্পানীৰ ভিতৰত) চৰকাৰৰ পৰা শস্যবীমাৰ ব্যৱসায়ৰ অনুমতি লাভ কৰিছিল। তাৰ বিপৰীতে আকৌ বিয়াগোম কৰ্প’ৰেট কোম্পানীবোৰে ১৪.৫৬ লাখ কোটি টকাৰ ঋণ ৰেহাই পাইছে (২০১৫ৰ পৰা ২০২৩লৈ)।

২০২৪-২৫ৰ বিত্তীয় বাজেটত চৰকাৰে ১,১৭,৫২৮ কোটি টকা কৃষিৰ বাবে আবণ্টিত কৰিছিল। এইখিনি ৰাশিৰ ৮৩ শতাংশ আয়ৰ সমৰ্থনৰ বাবে ব্যক্তি পৰ্য্যায়ত হিতাধিকাৰীক দিয়া আঁচনিৰ নামত আবণ্টিত আছিল। উদাহৰণ স্বৰূপে ভূমি থকা খেতিয়কৰ পৰিয়ালক কিষাণ সম্মান নিধি যোজনাৰ অধীনত বছৰি ৬,০০০ টকা দিয়া হয়। কিন্তু ভাৰাত মাটি লৈ খেতি কৰা কৃষকৰ সংখ্যা মুঠ খেতিয়কৰ ৪০ শতাংশ যদিও তেওঁলোকে আয়ৰ ক্ষেত্ৰত কোনোধৰণৰ চৰকাৰী সমৰ্থন লাভ নকৰে। একেদৰে ভূমিহীন কৃষি শ্ৰমিক আৰু মহিলা কৃষকে খেতিপথাৰত কাম কৰে যদিও তেওঁলোকৰ নিজৰ নামত মাটি নাই। তেওঁলোকো এনে আঁচনিবোৰৰ পৰা বঞ্চিত হৈছে।

আকৌ এমএনৰেগাৰ যোগেদি ক্ষুদ্ৰ আৰু উপান্ত কৃষক আৰু কৃষিশ্ৰমিকসকলে পোৱা পুঁজিও কৰ্তন কৰা হৈছে। বাজেটত এনে পুঁজিৰ পৰিমাণ ২০২৩-২৪ৰ ১.৯২ শতাংশৰ পৰা ২০২৪-২৫ত ১.৮ শতাংশলৈ হ্ৰাস পাইছে।

কৃষকৰ এই সকলো সমস্যা আৰু দাবীবোৰ ৰামলীলা মৈদানৰ মঞ্চৰ পৰা ২০২৪ৰ ১৪ মাৰ্চত প্ৰতিধ্বনিত হৈছিল।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: মৃগীৰোগত ভুগি থকা খেতিয়ক এজনে ৰামলীলা মৈদানত চিকিৎসা সাহায্য লাভ কৰিছে। তেওঁলোকৰ দলটোৱে কাৰ্নালৰ পৰা আহিছে আৰু ভাগৰি পৰিছে। সোঁফালে: এখন পতাকাত লিখা আছে, ‘দমনৰ প্ৰতিটো চেষ্টাৰ উত্তৰ দিয়া হ’ব সংগ্ৰামেৰে’

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: হাৰিয়ানাৰ পৰা দীৰ্ঘযাত্ৰা শেষ কৰি সামান্য জিৰণি লোৱাৰ সময়ত কৃষকসকল। সোঁফালে: পাঞ্জাৱৰ তিনিগৰাকী জ্যেষ্ঠ কৃষকে নতুন দিল্লীৰ অট্টালিকাৰ ছাঁত ৰামলীলা মৈদানত জীৰাইছে

এই ৰামলীলা মৈদান বছৰেকীয়া ৰামায়ন আখ্যানৰ নাট প্ৰদৰ্শনৰ বাবে জনা যায়। প্ৰতিবছৰে নৱৰাত্ৰী উৎসৱত অসত্যৰ ওপৰত সত্যৰ জয় দৰ্শোৱা নাট শিল্পীসকলে তাত প্ৰদৰ্শন কৰে। কিন্তু সেয়াই এই মৈদানক ঐতিহাসিক বোলাৰ পৰ্য্যাপ্ত কাৰণ নেকি? নিশ্চয় নহয়।

ইয়াতেই সাধাৰণ জনতাই দেশৰ মুক্তিযুঁজৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ভাষণ শুনিছিল। ১৯৬৫ত ভাৰতৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে এই মৈদানৰ পৰাই জয় জৱান, জয় কিষাণ ধ্বনি দিছিল। ১৯৭৫ত জয়প্ৰকাশ নাৰায়নে ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে বিশাল ৰেলী উলিয়াইছিল। তাৰ পিছতেই ১৯৭৭ৰ সাধাৰণ নিৰ্বাচনত চৰকাৰৰ পতন ঘটিছিল। দুৰ্নীতিৰ বিৰুদ্ধে ভাৰত আন্দোলনো এই মৈদানৰ পৰাই আৰম্ভ হৈছিল। দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ২০১১ৰ এই আন্দোলনৰ পৰাই নেতা হিচাপে পৰিগণিত হৈছিল। এই প্ৰতিবেদন প্ৰকাশৰ সময়ত তেওঁক আইন বলৱৎকাৰী সঞ্চালকালয়ে ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

২০১৮ৰ ৩০ নৱেম্বৰত এইখন মৈদানতেই দেশৰ বিভিন্ন স্থানৰ পৰা কিষাণ মুক্তি মৰ্চাৰ বাবে অহা কৃষকে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটলৈ মাৰ্চ কৰি গৈছিল আৰু ২০১৪ৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে দাবী জনাইছিল। ২০১৮ত চৰকাৰে কৃষকৰ আয় ২০২২ত দুগুণ কৰাৰ আন এক প্ৰতিশ্ৰুতি দিছিল। সেই দুয়োটা প্ৰতিশ্ৰুতিয়ে অপূৰ্ণ হৈ ৰ’ল।

এই ঐতিহাসিক ৰামলীলা মৈদানতেই কিষাণ মজদুৰ মহাপঞ্চায়তৰ অধীনত কৃষক আৰু কৃষিশ্ৰমিকসকলে সংযুক্ত কিষাণ মৰ্চাৰ যোগেদি তেওঁলোকৰ দাবী পূৰণৰ বাবে অহৰহ সংগ্ৰাম চলাই গৈছে আৰু ২০২১ৰ ৯ ডিচেম্বৰত এছকেএম-ক দিয়া প্ৰতিশ্ৰুতি দেখদেখকৈ পূৰণ নকৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে।

প্ৰেমমতীৰ ভাষাত, “আমি আমাৰ তালি-টোপোলা লৈ দিল্লীলৈ ঘূৰি যাম। ধৰ্ণা পৰ বেইথ জায়েংগে। হম ৱাপচ নহী জায়েংগে জব তক মাংগে পুৰি না হৌ (প্ৰতিবাদ অব্যাহত থাকিব। দাবীসমূহ পূৰণ নোহোৱালৈকে আমি যুঁজি যামঃ।”

অনুবাদ: পংকজ দাস

Namita Waikar is a writer, translator and Managing Editor at the People's Archive of Rural India. She is the author of the novel 'The Long March', published in 2018.

Other stories by Namita Waikar
Photographs : Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a PARI Senior Fellow. He is working on a long-term project that documents the lives of pastoral and nomadic communities in India.

Other stories by Ritayan Mukherjee
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das