জয়ালক্ষ্মাম্মাই কাম পোৱা দিনবোৰত ১২ ঘণ্টাজোৰা কঠোৰ পৰিশ্ৰম কৰে। কিন্তু তাৰ পিছতো জেইলৰ কয়দী এটাক এবাৰত দিয়া চাউলৰ চাৰিভাগৰ এভাগ পৰিমাণৰ চাউলহে তেওঁ পায়। দৰাচলতে তেওঁ গড় হিচাপত গোটেই দিনটোত যিমানখিনি চাউল পায়, সেয়া এজন কাৰাবন্দীৰ এসাজ ভাততকৈও বহুখিনি কম।

জয়ালক্ষ্মাম্মা আচলতে কোনো জেইলৰ কয়দী নহয়, তেওঁ এগৰাকী প্ৰান্তীয় খেতিয়কহে। তেওঁৰ ঘৰ মাণ্ডিয়া জিলাৰ হুলুংগনাহালি গাঁৱত আৰু তেওঁৰ স্বামী এইচ. এম. কৃষ্ণাই চাৰি বছৰৰ আগতে আত্মহত্যা কৰিছিল। মৃত্যুৰ সময়ত কৃষ্ণাৰ বয়স আছিল ৪৫ বছৰ। কৰ্ণাটকৰ এই জিলাখন ২০০৩ চনত কৃষকৰ আত্মহত্যাৰ ঘটনাৰ প্ৰভাৱত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হিচাপে পৰিগণিত হৈছিল। মাণ্ডিয়া জিলাত জয়ালক্ষ্মাম্মাই বি.পি.এল. (দৰিদ্ৰ সীমাৰেখাৰ তলৰ) কাৰ্ডৰ জৰিয়তে এমাহত মাথো ৪ কিলোগ্ৰাম চাউল আৰু ১ কিলোগ্ৰাম আটা পায়। এই চাৰি কে.জি. চাউল ৰাজ্য চৰকাৰে তেওঁৰ দৰে কৃষকক ৰাজসাহায্য হিচাপে দিয়ে। কিন্তু বৰ্তমানৰ বজাৰ মূল্যৰ দৰত ইয়াতকৈ অধিক চাউল কিনিব পৰা ক্ষমতাও তেওঁৰ নাই। জয়ালক্ষ্মাম্মা হ’ল ভাৰতবৰ্ষৰ এক লাখতকৈ অধিক স্বামীহাৰা মহিলাৰ ভিতৰৰ এগৰাকী, যাৰ কৃষক স্বামীয়ে যোৱা ১৪ বছৰৰ ভিতৰত দেশত উৎপন্ন হোৱা কৃষি সংকটৰ বাবে আত্মহত্যাৰ দৰে চৰম পন্থা হাতত ল’বলগীয়া হৈছে।

ভাৰতীয় ছাত্ৰ ফেডাৰেছনৰ ৰাজ্যিক উপ-সভাপতি তথা একেখন জিলাৰে কৃষক পৰিয়ালৰ এজন সদস্য টি. যশৱন্তই ক’লে, “এমাহত চাৰি কিলোগ্ৰাম চাউল পোৱা মানে দিনে মাত্ৰ ১৩৫ গ্ৰামহে খৰচ কৰিব পাৰে। আনকি এজন বিচাৰাধীন ব্যক্তি বা অপৰাধীয়েও ইয়াতকৈ বেছি চাউল লাভ কৰে। তাতোকৈ ডাঙৰ কথা সিহঁতে ৰন্ধা ভাত খাবলৈ পায়। ইয়াৰ পৰিৱৰ্তে তেওঁক চাৰি কিলো চাউলহে দিয়া হয়। তাৰোপৰি ৰাজ্যৰ জেইলৰ কয়দীসকলৰ খাদ্যাভাসতো ভিন্নতা থকা দেখা যায়, সেইমতে তেওঁলোকে “ভাতৰ থালি”, “ৰাগীৰ থালি” (মিলেট বা একধৰণৰ চাউল) বা “চাপাতি বা ৰুটিৰ থালি” গ্ৰহণ কৰিব পাৰে।” বেংগালুৰুৰ জেইলৰ বিষয়াসকলে ‘দ্য হিন্দু’ কাকতখনক জনোৱা মতে, ‘যিসকল কঠোৰ কাৰাদণ্ড লাভ কৰা কয়দীয়ে ভাত খায়, তেওঁলোকক প্ৰতি সাজত ৭১০ গ্ৰাম ৰন্ধা ভাত দিয়া হয়৷ আৰু যিয়ে ভাতৰ পৰিৱৰ্তে অন্য খাদ্য খাবলৈ পছন্দ কৰে, তেওঁলোককো আনকি ২৯০ গ্ৰাম পৰিমাণৰ ভাত দিয়া হয়৷ তাৰোপৰি বিচাৰাধীন বা কম শাস্তি পোৱা অপৰাধীকো (যিসকলে ভাত খায়) প্ৰতি সাজত ৫০৫ গ্ৰাম ভাত খাবলৈ দিয়া হয়৷’

কঠোৰ দণ্ড লাভ কৰা অপৰাধীসমূহে দিনে ৮ ঘণ্টা পৰিশ্ৰম কৰিবলগীয়া হোৱাৰ বিপৰীতে জয়ালক্ষ্মাম্মাই ১২ ঘণ্টা বা তাতকৈও অধিক সময় কাম কৰিব লাগে৷ যশৱন্ত ডাঙৰীয়াই আমাক এইখিনিতে কথা এটা যোগ দিয়ে, “কিন্তু তেওঁ যদি দিনে তিনিসাজ আহাৰ খায়, তেতিয়া প্ৰতিসাজত তেওঁৰ ভাগত পৰিব মাথো ৪৫ গ্ৰাম চাউলহে”৷ পিছে সেইবোৰ অংক কৰিবলৈ তেওঁৰ সময় নাই৷ তেওঁৰ ছোৱালীজনীয়ে বৰ্তমান বেংগালুৰুৰ কাপোৰৰ উদ্যোগ এটাত পেটে-ভাতে খাবপৰাকৈ মজদুৰি কৰি আছে৷ তেওঁৰ গাঁৱত আমি উপস্থিত হওঁতে জয়ালক্ষ্মাম্মাই আমাৰ আগত ক’লে, “তাই বছৰেকত অতি বেছি ৫০০ টকা আমালৈ পঠিয়াব পাৰে।” সেইবাবেই হয়তো তেওঁ আৰু তেওঁৰ ল’ৰাটো ঘৰতে থাকে৷ তেওঁলোক দুয়োজনৰে বিপিএল কাৰ্ড দুখন মিলাই প্ৰতিদিনৰ হিচাপত লাভ কৰা চাউলৰ পৰিমাণ হ’ল ২৭০ গ্ৰাম৷ এই পৰিমাণ আনকি জেইলত ’ৰাগী খাদ্য’ খোৱা কয়দীতকৈও কম কাৰণ সিহঁতেও ২৯০ গ্ৰাম বা তাতকৈ অধিক ভাত খাবলৈ পায়৷

PHOTO • P. Sainath

জয়ালক্ষ্মাম্মাৰ স্বামী কৃষ্ণাই আত্মহত্যা কৰাৰ আগতে তেওঁলোকৰ ভাগৰ মাটিৰ পৰিমাণ আছিল ০.৪ একৰ আৰু প্ৰায় ২ একৰ মাটি লীজত দিয়া আছিল৷ তেওঁ ক’লে, “প্ৰথমতে আমি শাক-পাচলিৰ খেতি কৰিছিলো যদিও পিছলৈ ৰেছমৰ খেতি কৰিবলৈ লৈছিলো৷ কাৰণ শাক-পাচলিৰ দৰ তেনেই সামান্য আছিল। আনকি এবাৰ আমি এক কিলো বিলাহীত এটকা পোৱাৰো উদাহৰণ আছে৷ আৰু খেতি কৰাৰ সময়ত পানীৰ নামত ছমাহত প্ৰায় ৯০০০ টকা আমাৰ খৰচ হৈছিল (এঘণ্টাত ৭০ টকা হিচাপত)৷ তেওঁৰ মৃত্যুৰ পিছত আমাৰ পশুধনো ইতিমধ্যে আমি বিক্ৰী কৰি দিছিলো” এতিয়া তেওঁলোকৰ হাতত মুঠেই ০.৪ একৰ মাটিহে বাকী ৰৈছে। কৃষ্ণাৰ মৃত্যুৰ পিছত লাভ কৰা ক্ষতিপুৰণৰ ধনসমূহো আগৰ ঋণ পৰিশোধ কৰোতেই শেষ হোৱা যেন লাগিছে৷ তেওঁ পুনৰাই ক’লে, “মোৰ ল’ৰা নন্দীপাই লোকৰ ছাগলী চৰায় যদিও সেই কামত সদায় পইচা পোৱা নাযায়৷ তাৰ বিপৰীতে জীৱ-জন্তুৰ পোৱালি থাকিলে মালিকে আমাৰ লগত ভাগ-বতোৱাৰা কৰি ল’ব বিচাৰে৷ আনকি এনে অফ চিজনত কাম কৰি মই নিজে প্ৰতি দিনে ৩৫ টকাহে উপাৰ্জন কৰিব পাৰো।”

“মই বিচাৰিছিলো যে নন্দীপাই পঢ়া-শুনা কৰিব৷ কিন্তু সি হতাশাত ভুগি আছিল। তিনি বছৰ আগতে বাৰ বছৰীয়া নন্দীপাই বেংগালুৰুলৈ পলাই গৈ তাৰে এখন হোটেলত কাম কৰিব লৈছিল। তাতে এদিন হোটেলৰ মালিকৰ মাৰ খাই ষ্টেচনলৈ গুচি যায় আৰু ট্ৰেইন ভূল কৰি মুম্বাই পায়গৈ। কিছুদিন পিছত তাক ঘৰলৈ উভতাই লৈ আহিলো।”

“বিধৱাসকলৰ জীৱনবোৰ অত্যন্ত সংঘাতপূৰ্ণ। কিন্তু কৃষি-সংকটেৰে জৰ্জৰিতসকলৰ অৱস্থা তাতকৈও বেয়া। কাৰণ স্বামীৰ মৃত্যুৰ পাছত তেওঁৰ বিধৱাগৰাকীৰ মূৰলৈ শাহু-শহুৰ, ল’ৰা-ছোৱালীৰ লগতে খেতি-বাতিৰো দায়িত্ব আহি পৰে। অথচ তেওঁৰ নিজৰেই কোনো অৰ্থনৈতিক নিৰাপত্তা নাথাকে। স্বামীয়ে আত্মহনন কৰি নিজে এইবোৰৰ পৰা ঠিকেই মুক্তি পায়, কিন্তু বিধৱা ঘৈণীয়েকজনীক গললৈকে ধাৰত পোত খুৱাই থৈ যায়। যাৰ ফলত জীৱনৰ বাকী কালছোৱা তাইৰ সেই ধাৰ মাৰোতেই যায়,” কৰ্ণাটক ৰাজ্য ৰিয়ুথু সংঘৰ পুট্টনাইয়াহ মহিলা শাখাৰ সভানেত্ৰী সুনন্দা জয়াৰামে আমাৰ আগত এনেদৰে কয়।

বিদৰহোসহল্লী গাঁৱৰ বাসিন্দা ছিক্কতয়ম্মাৰৰ বৰ্তমানৰ স্থিতিয়ে একে কাহিনীকে দৰ্শায়। তেওঁৰ স্বামী হনুমেগৌড়া ২০০৩ বৰ্ষত ৩৮ বছৰ বয়সতে আত্মঘাটী হয়। ছিক্কতয়ম্মাৰই খেদবিহীনভাবে ক’লে, “আমাৰ ভাগ্যত এতিয়া আগৰ ধাৰসমূহেই ৰৈছেগৈ। আমি উপাৰ্জন কৰা ধনেৰে ঋণদাঁতাসকলৰ সুতো আনকি পৰিশোধ কৰিবলৈকে নুকুলায়।” তেওঁৰ তিনিওটা সন্তানক পঢ়ুৱাবলৈ যথেষ্ট কষ্ট কৰে যদিও সিহঁতে হয়তো পঢ়া আধাতেও সামৰিবলগীয়া হ’ব পাৰে। তেওঁ পুনৰাই ক’লে, “মোৰ ছোৱালী কেইজনীয়েও শিক্ষা সমাপ্ত কৰাটো মই বিচাৰো। কিন্তু পিছলৈ সিহঁতক বিয়া দিয়াৰ সময়লৈকে ভালেখিনি ধনৰ প্ৰয়োজন হ’ব আমাক।”

তেওঁৰ শ্ৰুতি নামৰ ছোৱালীজনীয়ে মেট্ৰিকৰ দেওনা পাৰ কৰিছে আৰু আনগৰাকী ছোৱালী ভাৰতীয়ে প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বৰ্ষত পঢ়ি আছে। একমাত্ৰ ল’ৰা হনুমেশে অষ্টম শ্ৰেণীত পঢ়ি আছে। ছিক্কতয়ম্মাৰ সৈতে তেওঁৰ মৃত স্বামীৰ মাতৃ আৰু কেইগৰাকীমান আত্মীয়-স্বজনো থাকে। এই সকলোবোৰ মানুহক পোহপাল দিয়াৰ দায়িত্ব কেৱল তেওঁৰ। “নিজৰ বুলিবলৈ আমাৰ হাতত মাত্ৰ ১.৫ একৰ পৰিমাণৰ মাটিহে আছে (তাৰে এটা অংশত তাই আমৰ খেতি কৰে)। গতিকে পাৰিলে ময়ো দিনে ৩০ টকা হাজিৰাৰ মজদুৰি কৰো। মোৰ হাতত থকা বিপিএলৰ কাৰ্ডখন কৰ্তৃপক্ষই নতুন এখন দিম বুলি লৈ গৈছিল।” “কিন্তু সেইখন আজিলৈ ঘূৰি নাহিল আৰু তাৰ পৰিৱৰ্তে নতুন এখন এপিএল (দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ) কাৰ্ড এখনহে তাইৰ হাতত তুলি দিয়া হ’ল,” যশৱন্ত ডাঙৰীয়াই আমাক কয়।

PHOTO • P. Sainath

ধাৰৰ মেটমেটীয়া ভাৰ

হুলিগেৰেপুৰা গাঁৱত বাস কৰা চেনাম্মা আৰু তেওঁৰ পৰিয়ালটোৱে চাৰি বছৰৰ আগতে নিজৰ প্ৰাণ কাঢ়ি লোৱা তেওঁৰ স্বামী কাডেগৌড়াই (৬০ বছৰ) এৰি থৈ যোৱা প্ৰায় ২ লাখৰো অধিক ধাৰত পোত গৈ আছে। তেওঁৰ পুত্ৰ সিধিৰাজে আমাক ক’লে, “কুঁহিয়াৰৰ ব্যৱসায় বেয়া হোৱাত দেউতাৰ মনটো ভাঙি পেলালে।” তাতে চেনাম্মাই যোগ দি’লে, “আমাৰ ভাগত কেৱল তিনি একৰহে মাটি আছে। সেইখিনিত খেতি কৰি জীৱিকা অৰ্জন কৰাটো যথেষ্ট কষ্টকৰ হৈ পৰিছে আমাৰ বাবে।’ কিন্তু তথাপি তেওঁ আৰু তেওঁৰ ল’ৰা কেইটাই তেনেদৰেই জীয়াই থকাৰ সংগ্ৰাম কৰি আছে। এইবছৰ তেওঁলোকে আনকি ধানখেতি কৰাৰো পৰিকল্পনা কৰি আছে।

থোৰেচেট্টাহাল্লিৰ যশৱন্তৰ পিতৃৰ নাম থাম্মান্না যিয়ে কেবাদশকো ধৰি কৃষিকৰ্মৰ লগতে জড়িত। এই সম্পৰ্কে তেওঁ আমাক ক’লে, “বৰ্তমান দেখা দিয়া কৃষি সংকট লাহে লাহে গভীৰৰ পৰা গভীৰতম হৈ পৰিছে। সৰহভাগ বেঁতৰ উৎপাদকে আনকি উৎপাদনৰ সময়ত খৰচ হোৱা টকাখিনিয়ে খেতি কৰি পোৱা নাই। খৰচৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাইছে, সেই পৰিমাণে কিন্তু আয় বৃদ্ধি হোৱা নাই। ইয়াৰ উপৰিও গাঁৱত যোৱা মাহত পানীৰ বাবে ৪০ টা মান ব’ৰৱেল খন্দা হৈছিল যদিও তাৰে কেৱল এটাৰ পৰাহে পানী ওলাইছিল। সেইবাবে মানুহবোৰো নিৰাশাত ভাগি পৰিছে। আপোনালোকে বহু কৃষিভুমি এইখিনি সময়তো অব্যৱহৃত হৈ থকা দেখা পাব।”

এই গাঁৱসমূহত আত্মসহায়ক গোট নাই নেকি? জয়ালক্ষ্মাম্মাই তেতিয়া ক’লে, “মই প্ৰাৰম্ভিক ধনখিনি আদায় দিছো যদিও গোটতো এতিয়ালৈকে আৰম্ভ হোৱা নাই। কিন্তু মই সপ্তাহত ২৫ টকাকৈ আৰু বছৰেকত ২৪ শতাংশ সুত দিব নোৱাৰিম।” কে.আৰ.আৰ.এছ.ৰ নেতা কে.এছ. পুট্টান্নিয়াৰ মতে, “আত্মসহায়ক গোটৰ আৰম্ভণি কৰাতো অতি ভাল কথা। কিন্তু ছিক্কতয়ম্মাৰ দৰে মহিলাই সিমানখিনি পইচা তাতে দিয়াৰ কথা ভাবিব নোৱাৰে। আনহাতে কিছু কিছু ক্ষেত্ৰত এই গোটবোৰ ধনদাঁতাও হৈ পৰিছে। পৰিতাপৰ কথা যে চৰকাৰে প্ৰথমাৱস্থাত আত্মহত্যা কৰা কৃষকসকলৰ বিধৱা পত্নী আৰু অনাথ শিশুসকলক কিছু ক্ষতিপুৰণ দি সহায় কৰিছিল যদিও এতিয়ালৈকে বিশেষ কোনো যোজনা বনোৱা নাই। তাৎপৰ্যমূলকভাবে চৰকাৰৰ এই বিষয়ে ভাবিবলৈ সময়ো নাই চাগৈ?”

শ্ৰীমতী জয়াৰামে আমাক ক’লে, “আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে এই সকলোবোৰ কৃষক মহিলাই সদায় নিজৰ জীৱিকা নিজেই আৰ্জন কৰি আহিছে আৰু আগলৈও কৰি থাকিব। তথাপিও কিন্তু তেওঁলোকৰ নামত নিজাকৈ কোনো মাটিও নাই আৰু সুৰক্ষাও নাই। আনকি কৃষিকাৰ্যৰ সময়তো তেওঁলোকক পুৰুষতকৈ কমেই মজুৰি দিয়া হয়। কৃষক স্বামীয়ে আত্মহত্যা কৰাৰ পিছত তেওঁলোকৰ বিধৱা পত্নীসকলৰ মূৰত আকাশী সৰগ ভাঙি পৰে। কাৰণ স্বামীয়ে আগতে লোৱা ধাৰৰ বোজা তেওঁলোকৰ বহন কৰিবলগীয়া হয়। তাৰ উপৰিও তেওঁলোকৰ আন এটা দায়িত্ব আছে – জীয়ৰীহঁতৰ বিয়া। মুঠৰ ওপৰত তেওঁলোকৰ ওপৰত দায়িত্বৰ অন্তহীন ভাৰ।” কিন্তু মাণ্ডিয়া জিলাৰ এই তিনিওগৰাকী বিধৱা মহিলা বা তেওঁলোকৰ দৰে অন্য সকলো মহিলাই যথেষ্ট সাহসিকতাৰে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰি আছে। আৰু নিজৰ পৰিয়ালক পোহপাল দিবলৈ, মৰ্য্যাদা অক্ষুণ্ণ ৰাখি জীৱন এটা নিৰ্বাহ কৰিবলৈ পথাৰত মূৰৰ ঘাম মাটিত পেলাই খেতি কৰিছে।

এই প্ৰতিবেদনৰ মূল সংস্কৰণটো দা হিন্দুত ২০০৭ৰ ২৯ মে’ত প্ৰকাশিত হৈছিল ( http://www.hindu.com/2007/05/29/stories/2007052902231100.htm )

অনুবাদ : ডেইটী

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Deity

Deity is a translator and writer from Guwahati. She wants to live like a free bird.

Other stories by Deity