অঞ্জলিয়ে সদায় তুলসীক আম্মা বুলিয়েই মাতিছিল। গৌৰৱৰ আভা বিয়পাই হাঁহি মাৰি তেওঁ কয়। পিন্ধনত গুলপীয়া ৰঙৰ এখন পৰিপাটিকৈ পিন্ধা শাড়ী আৰু মূৰত খোপা। তুলসী এগৰাকী ৰূপান্তৰিত মহিলা আৰু নবছৰীয়া ছোৱালী অঞ্জলিৰ মাক।

বিশ বছৰ বয়সৰ দেওনা পাৰ হোৱাৰ সময়ত তুলসীয়ে নিজকে কাৰ্তিগা বুলি পৰিচয় দিবলৈ ভাল পাইছিল। কিন্তু বিষয়া এগৰাকীয়ে ৰেচন কাৰ্ডত তেওঁৰ নামটো তুলসী লিখি থ’লে - তুলসী নামটো পুৰুষ-মহিলা সকলোৰে ক্ষেত্ৰত খাটে। তেঁৱো সেই নামটোকে আঁকোৱালি ল’লে আৰু এতিয়া দুয়োটা নামেই তেওঁৰ।

তামিলনাডুৰ তিৰুপৰুৰ তালুকৰ দাৰ্গাছ নামে ইৰুলাৰ চুবুৰী এটাৰ সৰু খেৰীঘৰ এটাত জীয়েক অঞ্জলিৰ সৈতে তুলসী থাকে। অঞ্জলি পানীকেঁচুৱা হৈ থকা অৱস্থাতে তুলসীৰ পত্নীয়ে তেওঁক এৰি যায় আৰু তেতিয়াৰে পৰা অকলেই তেওঁ অঞ্জলিৰ চোৱা-চিতা কৰি আহিছে। দম্পতিহালে ২০১৬ৰ ঘূৰ্ণীবতাহত তেওঁলোকৰ প্ৰথমটো সন্তান ছবছৰ বয়সত হেৰুৱাইছিল।

এতিয়া দুকুৰি বয়সৰ তুলসী ভালেকেইবছৰ ধৰি তিৰুনাংগাই (ৰূপান্তৰিত মহিলাৰ তামিল নাম) পৰিয়ালৰ অংশ। কোলাত বহি থকা অঞ্জলিলৈ চেনেহেৰে চাই তেওঁ কয়, “তাইৰ হাতত গাখীৰৰ বটল এটা দি আমাৰ (তিৰুনাংগাই) মিটিংবোৰলৈ মই লৈ যাওঁ।”

PHOTO • Smitha Tumuluru
PHOTO • Smitha Tumuluru

বাওঁফালে: জীয়েকৰ অঞ্জলিৰ সৈতে তুলসী, তামিলনাডুৰ তিৰুপৰুৰ তালুকৰ ইৰুলাৰ চুবুৰী দাৰ্গাছৰ নিজ ঘৰত। সোঁফালে: কণমানি অঞ্জলিক লৈ থকা অৱস্থাত তুলসীৰ এখন ফটো

PHOTO • Smitha Tumuluru
PHOTO • Smitha Tumuluru

বাওঁফালে: ক’ভিডত তেনমঝি (নীলা শাড়ী পৰিহিতা) ঢুকোৱাৰ আগতে তুলসীৰ সৈতে তেনমঝিয়ে গান গাইছিল

অঞ্জলিৰ চাৰি বছৰ বয়সতে তুলসীয়ে নিজকে মাতৃ হিচাপে তাইৰ আগত পৰিচয় দিবলৈ মতা মানুহে পিন্ধা গেঞ্জীৰ পৰিৱৰ্তে কেৱল শাড়ী পিন্ধিবলৈ লৈছিল। ৫০ বৰ্ষীয় তিৰুনাংগাই মহিলা কুমুদিৰ পৰামৰ্শমতে তেওঁ শাড়ী পিন্ধিবলৈ লৈছিল যাক তেওঁ আয়া (আইতা) বুলি মানে।

নিজৰ পৰিচয় মহিলা হিচাপে জগতৰ আগত দাঙি ধৰি থিয় দিয়াৰ সময়ত তেওঁৰ অনুভৱ আছিল এনেকুৱা, “ বিলমবাৰামাৱে বন্দতে (মই মুক্ত হৈ পৰিছিলো)।”

এই পৰিৱৰ্তনৰ দিনটো উদযাপন কৰিবলৈ তুলসীয়ে তিৰুৱল্লুৰ জিলাৰ বেদায়ুৰৰ সম্পৰ্কীয় চল্লিশ বৰ্ষীয় ৰবিৰ সৈতে বিয়াৰ নিয়মখিনি কৰে। তামিলনাডুত ৰূপান্তৰিত মহিলাই এনেকৈ বিয়া হোৱাটো এক প্ৰতীকি দস্তুৰ। ৰবিৰ পৰিয়াল, তেওঁৰ পত্নী আৰু দুই কিশোৰী কন্যাই তুলসীক আশীৰ্বাদ স্বৰূপেই আদৰি লৈছে। “মোৰ স্বামীকে ধৰি সকলোৱে তেখেতক আম্মা বুলি মাতো। তেখেত আমাৰ বাবে দেৱীসদৃশ,” গীতাই কয়।

তুলসীয়ে দাৰ্গাছতে থাকে আৰু উৎসৱ-পাৰ্বণত তেওঁৰ নতুন পৰিয়ালটোক দেখা কৰে।

তেওঁ শাড়ী পিন্ধা দিনধৰি তেওঁৰ সাতগৰাকী ভাই-ভনীয়ে তেওঁক আম্মা বা শক্তি (দেৱী) বুলি মাতিবলৈ লয়। দেৱী (আম্মান আৰুল)ৰ কৃপাত তেওঁৰ এই পৰিৱৰ্তন ঘটিছে বুলি তেওঁলোকে বিশ্বাস কৰে।

PHOTO • Smitha Tumuluru
PHOTO • Smitha Tumuluru

বাওঁফালে: নিজকে ৰূপান্তৰিত নাৰী হিচাপে পৰিচয় দি শাড়ী পিন্ধাৰ পিছত তুলসীয়ে ৰবিৰ সৈতে প্ৰতীকি বিয়াত বহে। সোঁফালে: ৰবিৰ পত্নী গীতাই তুলসীৰ খোপাত ফুল গুজিছে, অঞ্জলি, ৰবি আৰু ৰবিৰ জীয়ৰীয়ে চাই ৰৈছে

PHOTO • Smitha Tumuluru
PHOTO • Smitha Tumuluru

অঞ্জলীৰ সৈতে তুলসী আৰু ৰবি (বাওঁফালে)। তুলসীৰ পৰিয়ালে তেওঁক এক আশীৰ্বাদ বুলি মানে। ‘এনে লাগে যেন আম্মান (দেৱী) আমাৰ ঘৰলৈ আহিছে,’ তেওঁৰ প্ৰয়াত মাতৃ চেন্দামাৰাইয়ে কৈছিল

ইৰুলা সম্প্ৰদায়ৰ সকলোৱে তেওঁৰ লিংগৰ বিষয়ে জানিছিল আৰু সেয়ে সেয়া গোপন কৰি ৰাখিবলগীয়া হোৱা নাছিল, তুলসীয়ে কয়। “মোৰ পত্নীয়েও মোৰ বিষয়ে বিয়াৰ আগতেই জানিছিল,” তুলসীয়ে কয়। “মই কেনেকৈ থাকিম, কি পিন্ধিম, কোনেও সেয়া ধৰি-বান্ধি দিয়া নাছিল। মই কুদুমি বন্ধাৰ দিনাও কোনোৱে একো উচিত-অনুচিত কথা কোৱা নাছিল, শাড়ী পিন্ধিবলৈ লওঁতেও কোনোৱে একো কোৱা নাছিল,” তেওঁ কয়।

তুলসীৰ বন্ধু পুংগবনমে মনত পেলায় যেতিয়া তেওঁৰ বান্ধবীবোৰে তুলসীয়ে কিয় ছোৱালীৰ দৰে আচৰণ দেখুৱায় বুলি প্ৰশ্ন কৰিছিল। “আমাৰ গাওঁখনে আমাৰ পৃথিৱী আছিল। কাকো তেনে দেখা নাছিলো (তুলসীৰ দৰে)। এনে মানুহো থাকিব পাৰে বুলি আমি মানি লৈছিলো,” কোনেও তুলসীক কিম্বা অঞ্জলিক কেতিয়াও অসন্মান কৰা বা জোকোৱাৰ প্ৰশ্নই নুঠে বুলি তেওঁ কয়।

সত্তৰটা দশক অতিক্ৰম কৰিবলৈ লোৱা তেওঁৰ পিতৃ-মাতৃ সেন্তামাৰাই আৰু গোপালে তেওঁক এতিয়া তেনেকৈয়ে গ্ৰহণ কৰি লৈছে। সৰুকালিৰ পৰাই তুলসীৰ সংবেদনশীল প্ৰকৃতিলৈ চাই তেওঁলোকে তেতিয়াই সিদ্ধান্ত লৈছিল, “ অৱন মানাসা পুনপাৰুতা কুড়াধু (আমি তেওঁৰ মনত আঘাত দিব নালাগিব)।”

“বৰ ভাল লাগে (যে তুলসীয়ে শাড়ী পিন্ধে)। এনে লাগে যেন আমাৰ ঘৰলৈ আম্মান দেৱী আহিছে,” চেন্দামাৰাইয়ে হাত দুখন যোৰ কৰি চকু মুদি মৌন প্ৰাৰ্থনা কৰাৰ ভংগীৰে কয়। তুলসীক দেৱীৰ ৰূপত চোৱা পৰিয়ালটোৰ চিন্তাধাৰাক চেন্দামাৰাইৰ কথাইয়ে প্ৰতিফলিত কৰে। ২০২৩ৰ শেষৰফালে চেন্দামাৰাই ঢুকায়।

প্ৰতিমাহে তুলসীয়ে তেওঁৰ তিৰুনাংগাই সম্প্ৰদায়ৰ সৈতে বিলুপ্পুৰম জিলাৰ মন্দিৰৰ চহৰ মেলমালায়ানুৰ সাক্ষাৎ কৰিবলৈ যায় আৰু ভক্তগণক আশীৰ্বাদ দিয়ে। “তিৰুনাংগাইৰ আশীৰ্বাদ ফলে বুলি মানুহে বিশ্বাস কৰে। মই কেতিয়াও মানুহক শাও দিয়া নাই, কেৱল আশীৰ্বাদ দিও আৰু বিনিময়ত যি দিয়ে তাকে লওঁ,” তেওঁ কয়। এনেকৈ শাড়ী পিন্ধাৰ পিছৰেপৰা তেওঁৰ আশীৰ্বাদ আৰু বেছি ফলিবলৈ ধৰিছে বুলি তেওঁ কয়, আনকি পৰিয়াল এটাক আশীৰ্বাদ দিবলৈ তেওঁ কেৰালালৈকেও গৈছে।

PHOTO • Smitha Tumuluru
PHOTO • Smitha Tumuluru

বাওঁফালে: মেলমালায়ানুৰ মন্দিৰৰ উৎসৱৰ বাবে তুলসী সাজু হৈছে। সোঁফালে: তিৰুনাংগাই পৰিয়ালে উৎসৱ উদযাপনৰ বাবে গোটাই থোৱা খৰাহিবোৰ। মানুহক আশীৰ্বাদ দিবলৈ ৰূপান্তৰিত মহিলাসকল মন্দিৰৰ আগত গোট খায়

PHOTO • Smitha Tumuluru
PHOTO • Smitha Tumuluru

বাওঁফালে: তিৰুনাংগাই পৰিয়াল আৰু তেওঁৰ বৰ্দ্ধিত পৰিয়াল ৰবিৰ সৈতে তুলসী, ২০২৩ৰ ফেব্ৰুৱাৰীৰ মেলমালায়ানুৰ মন্দিৰ উৎসৱত। সোঁফালে: তুলসীয়ে এগৰাকী ভক্তক আশীৰ্বাদ দিছে। ‘কেতিয়াও মানুহক শাও দিয়া নাই, কেৱল তেওঁলোকক আশীৰ্বাদ দি আহিছো আৰু বিনিময়ত যি দিছে সেয়া গ্ৰহণ কৰিছো,’ তেওঁ কয়

ভেষজ নিৰাময়ৰ তেওঁ দিয়া দিহাৰে এটা সময়ত তেওঁ কিছু উপাৰ্জন কৰিব পাৰিছিল যদিও এতিয়া সেই আয় টুটি আহিছে। “বহু মানুহক মই আৰোগ্য কৰিছো। কিন্তু এতিয়া তেওঁলোকে ম’বাইলতে চাই নিজে চিকিৎসা কৰে! এটা সময়ত মই বছৰেকত ৫০,০০০ টকা পৰ্য্য়ন্ত (টকা) উপাৰ্জন কৰিছিলো। লাহে লাহে ৪০, তাৰপিছত ৩০ আৰু এতিয়া কমি কমি বছৰত ২০ হাজাৰ হৈছেগৈ,” কৈ তেওঁ হুমুনিয়াহ কাঢ়ে। ক’ভিডৰ দিনকেইটা বৰ কষ্টকৰ আছিল বুলি তেওঁ কয়।

ইৰুলাৰ সম্প্ৰদায়ৰ দেৱী কান্নিয়াম্মাৰ মন্দিৰ এটাৰ ব্যৱস্থাপনাৰ কামৰ লগতে তুলসীয়ে পাঁচ বছৰ আগতে নুৰ নাল ভেলাই (এমজিএনৰেগা)ৰ কাম কৰিবলৈ লৈছিল। তেওঁ দাৰ্গাছৰ আন মহিলাৰ সৈতে খেতিপথাৰত কাম কৰে আৰু দিনে ২৪০ টকা উপাৰ্জন কৰে। মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গাঁৱৰ পৰিয়ালে ন্যূনতম ১০০ দিনৰ কাম পাব লাগে।

অঞ্জলিক কাঞ্চিপুৰম জিলাৰ চৰকাৰী আবাসিক বিদ্যালয় এখনত নামভৰ্তি কৰোৱা হৈছে। তুলসীয়ে কয় যে তাইৰ শিক্ষা সকলোতকৈ আগত। “তাইৰ পঢ়া-শুনাৰ বাবে মই যিমানখিনি পাৰো কৰি গৈছো। ক’ভিডৰ সময়ত তাই হোষ্টেলত থাকিব বিচৰা নাছিল। সেয়ে মোৰ লগতে ৰাখিলো। কিন্তু তাইক পঢ়াবলৈ কোনো নাছিল,” তেওঁ কয়। কেৱল দ্বিতীয় শ্ৰেণীলৈ পঢ়া তুলসীয়ে ২০২৩ৰ আৰম্ভণিৰ ভাগত যিদিনা অঞ্জলিক স্কুলত নাম লগাই দিবলৈ গৈছিল, সিদিনা স্কুল কৰ্তৃপক্ষই তেওঁক প্ৰথমগৰাকী ৰূপান্তৰিত অভিভাৱক হিচাপে সন্মানিত কৰিছিল।

তুলসীৰ তিৰুনাংগাই সুহৃদ কেইজনমানে জেণ্ডাৰ এফাৰ্মেচন চাৰ্জাৰী কৰাৰ সিদ্ধান্ত লৈছে, তেওঁ কয়, কিন্তু “মই যেনে, তেনেকৈয়ে সকলোৱে মোক গ্ৰহণ কৰি লৈছে, এই বয়সত চাৰ্জাৰিৰ প্ৰয়োজন কি আছে?”

কিন্তু তেওঁলোক গোট খালে প্ৰায়ে এইটো বিষয়ত আলোচনা হয় আৰু তেঁৱো তেনে এক শল্যচিকিৎসা কৰোৱাৰ কথা চিন্তা কৰে, আকৌ তাৰ পাৰ্শ্চক্ৰিয়াৰ কথা ভাবি সংকোচবোধো কৰে, “গৰমৰ দিনত চাৰ্জাৰী কৰালে ভাল হ’ব। সোনকালে শুকাব।”

PHOTO • Smitha Tumuluru
PHOTO • Smitha Tumuluru

বাওঁফালে: তুলসীয়ে বনৌষধিৰে নিৰাময়ৰ বিধানো দিয়ে। দৰৱত দিবলৈ তেওঁ ঘৰৰ চৌপাশে বনৌষধি বিচাৰিছে। সোঁফালে: তুলসী আৰু অঞ্জলি, মালেমালায়ানুৰ মন্দিৰত

PHOTO • Smitha Tumuluru
PHOTO • Smitha Tumuluru

‘ইয়াত যে মই আটাইতকৈ বেছি সুখী হৈ পৰো!’ মন্দিৰ উৎসৱৰ সময়ত মাজে মাজে এপাক নাচি-বাগি তেওঁ কয়

শল্যচিকিৎসা আৰু তাৰপিছত হস্পিতালত ভৰ্তি হৈ থাকিব লাগিলে প্ৰায় ৫০,০০০ টকা খৰছ হয়। তেওঁ তামিলনাডু চৰকাৰে ব্যৱস্থা কৰা বিনামূলীয়া জেণ্ডাৰ এফাৰ্মিং চাৰ্জাৰীৰ সুবিধা গ্ৰহণ কৰিব বিচাৰে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিবা সহায়ৰ আশাও তেওঁ কৰিছে।

২০২৩ৰ ফেব্ৰুৱাৰীত তুলসীয়ে চেন্দামাৰাই আৰু অঞ্জলিৰ সৈতে মেলমালায়ানুৰ মন্দিৰত উদযাপিত হোৱা জনপ্ৰিয় উৎসৱ মাচানা কোল্লাই (মায়ানা কোল্লাই বুলিও জনা যায়)ত অংশগ্ৰহণৰ বাবে গৈছিল।

মাকৰ হাতত ধৰি অঞ্জলিয়ে মন্দিৰৰ ভিৰলগা বাটত দেও দি দি পুৰণি বন্ধুবোৰক লগ ধৰিছে। ৰবি আৰু গীতাও পৰিয়ালসহ আহিছে। তুলসীৰ তিৰুনাংগাই পৰিয়াল, তেওঁৰ গুৰু, ভনী আৰু কেবাগৰাকী আন লোকে তেওঁলোকক সংগ দিছে।

তুলসীয়ে কঁপালত ৰঙা বেলিটো যেন সেন্দুৰৰ ডাঙৰ ফোট এটা লৈ খোপাত দীঘল ৱিগ এটা পিন্ধি সকলোৰে লগত হাঁহি-ধেমালীৰে কথা পাতিছে। “ইয়াত যে মই আটাইতকৈ বেছি সুখী হৈ পৰো!” তেওঁ মাজে মাজে নাচি-বাগি গৈ থকাৰ মাজতে কয়।

“অঞ্জলিক সোধক, তাইৰ কিমানজনী মাক আছে,” পৰিয়ালৰ উৎসৱটোত তুলসীয়ে মোক কৈছিল।

মই সুধিলত, অঞ্জলিয়ে প্ৰথমে মিচিকিয়াই হাঁহিলে আৰু তুলসী আৰু গীতালৈ আঙুলিয়াই দি টপৰাই উত্তৰ দিলে, “দুজনী”।

অনুবাদ: পংকজ দাস

Smitha Tumuluru

Smitha Tumuluru is a documentary photographer based in Bengaluru. Her prior work on development projects in Tamil Nadu informs her reporting and documenting of rural lives.

Other stories by Smitha Tumuluru
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

Other stories by Sanviti Iyer
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das