মই ভাগৰি পৰিছো। মোৰ দেহ আৰু মন দুয়োটাই গধুৰ হৈ পৰিছে। মোৰ চকুৰ পলক চৌপাশৰ নিপীড়িত লোকৰ মৃত্যুৰ শোকে গধুৰ কৰি পেলাইছে। ভালেকেইখন প্ৰতিবেদনৰ কাম আছে যদিও পেলাই থৈচো, আগবাঢ়িব পৰা নাই। হাত-ভৰি জঠৰ হৈ পৰে। এই প্ৰতিবেদন লিখিবলৈ আৰম্ভ কৰাৰ সময়তে চৰকাৰে চেন্নাইৰ অনাগাপুথুৰত দলিতসকলৰ ঘৰ ভাঙিছে। মই আৰু বেছি অসাৰ অনুভৱ কৰিছো।
২০২৩ৰ ৭ অক্টোবৰত তামিলনাডুৰ হছুৰত ফটকাৰ গুদামত জুই লাগি শ্ৰমিকৰ মৃত্যু হোৱাৰ কথা মই পাহৰিব পৰা নাই। এতিয়ালৈ ২২ জন লোকৰ মৃত্যুৰ কাহিনী মই লিখিছো। এই আঠজন ছাত্ৰ আছিল ১৭ৰ পৰা ২১ বছৰ বয়সৰ। ফটকা ৰখা গুদামত তেওঁলোকে কাম কৰিছিল। একেখন চহৰৰে ভাল বন্ধু আছিল আটাইকেইজন শিক্ষাৰ্থী।
ফটোগ্ৰাফী শিকিবলৈ আৰম্ভ কৰাৰ পৰাই ফটকাৰ কাৰখানা, গুদাম, দোকানত কাম কৰা শ্ৰমিকসকলৰ প্ৰতি মোৰ কৌতুহল আছিল। বহুদিন ধৰি চেষ্টা কৰি আহিছিলো যদিও অনুমতি পোৱা নাছলো। প্ৰতিবাৰেই মোক কোৱা হ’ল যে গুদামবোৰৰ পৰা কেতিয়াও অনুমতি পোৱা নাযায়। ফটো তোলাটো বাদেই, ভিতৰলৈ সোমোৱাটোও কঠিন আছিল।
দেৱালীত মা-দেউতাই কেতিয়াও মোক নতুন কাপোৰ কিম্বা ফটকা কিনি দিয়া নাছিল, দৰাচলতে সামৰ্থ্য নাছিল। মোৰ দেউতাৰ ভায়েকে আমাক নতুন কাপোৰ কিনি দিছিল৷ আমি সদায় দেৱালী উদযাপন কৰিবলৈ মামাহঁতৰ ঘৰলৈ গৈছিলো৷ মামাই আমাক ফটকা কিনি দিছিল আৰু খুৰাহঁতৰ ল’ৰা-ছোৱালীকে ধৰি সকলোৱে ফটকা ফুটাইছিলো।
ফটকা ফুটোৱাত ইমান আগ্ৰহো নাছিল অৱশ্যে। ডাঙৰ হৈ অহাৰ লগে লগে মই ফটকা ফুটোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলো। দেৱালীকে ধৰি আন উৎসৱবোৰো পালন এৰিছিলো। হাতত কেমেৰা তুলি লোৱাৰ পিছতহে মই সৰ্বাহাৰাৰ জীৱনবোৰ জুকিয়াই চাবলৈ ধৰিলো।
ফটোগ্ৰাফীৰ যোগেদি মই বহু কথা শিকিলো। প্ৰতি বছৰে দেৱালীৰ সময়ত ফটকাৰ গুদামত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা সংঘটিত হৈছিল। এনে এখন ঠাইত মই থাকিছিলো যে এই ঘটনাবোৰৰ প্ৰতি মই বেছি গুৰুত্ব দিয়া নাছিলো।





















