ষাঠি বছৰীয়া কেৱলবাই ৰাথোড়ে এটা গধুৰ দমকল বৰ কষ্ট কৰি মাৰি আছে৷ তেওঁ যিমানবাৰ দমকলটো মাৰিছে, মুখেৰে গোঁহ গোঁহ কৰি শব্দ কৰিছে। প্ৰতিবাৰ দমকলটো মাৰোতে তেওঁৰ হাতৰ শিৰাবোৰ স্পষ্ট হৈ পৰাৰ লগতে মুখৰ বলিৰেখাবোৰো গভীৰ হৈ পৰা দেখা গৈছে। কিন্তু তেওঁ ইমান কষ্ট কৰাৰ পিছতো পাত্ৰটোত নিগৰি নিগৰি কেইটোপালমানহে পানী পৰে। পানী নিবলৈ গাঁৱৰ বহু মানুহ ওচৰতে ৰৈ আছে যদিও দমকলটোৰ পৰা যিকোনো মূহুৰ্ততে পানী নোলোৱা হৈ যাব পাৰে।

প্ৰায় এঘণ্টামান পিছত সন্ধিয়া ৫ মান বজালৈকে কেৱলবাইয়ে দুটা পাত্ৰত পানী ভৰাবলৈ সক্ষম হ’ল। তেওঁৰ ৬৫ বৰ্ষীয় স্বামীয়ে ওচৰতে থকা শিল এচটাত বহি আকাশ-পাতল ভাবি আছিল। কেৱলবাইয়ে তেওঁলৈ লক্ষ্য কৰি মাৰাঠীতে ক’লে, “জালা ৰে (হৈ গ’ল)।” তেওঁৰ কথাত ৰামু থিয় হ’ল যদিও লৰচৰ নকৰাকৈ ঠাইতে ৰৈ থাকিল। কেৱলবাইয়ে এটা পাত্ৰ ৰামুৰ হাতত দিলে আৰু আনটো নিজে ল’লে। তেওঁ পাত্ৰটো নপৰাকৈ কান্ধত তুলি ল’লে আৰু ৰামুৰ আনখন হাত আনি নিজৰ কান্ধত ৰাখিলে। তাৰ পিছত দুয়োটাই ঘৰলৈ বুলি খোজ ল’লে। মই অবাক হৈ চাই থকাত কেৱলবাইয়ে ক’লে-’তেওঁ অন্ধ’।

PHOTO • Parth M.N.

‘তেওঁ চকুৰে দেখা নাপায়,’ কেৱলবাইয়ে তেওঁৰ স্বামী ৰামুক কাশীৰাম ছোমলাৰ ওপৰৰ দিশে থকা তেওঁলোকৰ ঘৰলৈ লৈ যোৱাৰ সময়ত মোক বুজালে। তেওঁ কষ্টেৰে ভৰোৱা পানীখিনি দুয়োটাই এইদৰেই কঢ়িয়াই নিয়ে আৰু আকৌ পানী নিবলৈ আহে

মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ উদগিৰ তালুকাত কাশীৰাম ছোমলা নামৰ এখন পাহাৰীয়া সৰু গাঁও আছে। আৰু তাৰে পাদদেশত অৱস্থিত ব’ৰৱেল এটাৰ ওপৰত এই দমকলটো আছে। পাহাৰ বগাই বগাই সেইখিনি পাবলৈ প্ৰায় ১৫ মিনিট সময় খোজ কাঢ়িব লাগে। একোটা পানীৰ পাত্ৰত ১২ লিটাৰ পৰ্যন্ত পানী ভৰাব পাৰি। আৰু তেনে পানী ভৰ্তি পাত্ৰ এটাৰ ওজন ১২ কিলোগ্ৰামৰ ওচৰা-ওচৰি হয়গৈ। কেৱলবাইয়ে পানী অনাৰ বাবে দিনটোত কেবাবাৰো ৰামুক লৈ সেই শিলাময় পথটোৰে অহা-যোৱা কৰে। তেওঁলোকৰ ঘৰটো পাহাৰখনৰ এটা কোণত অৱস্থিত। ঘৰত উপস্থিত হৈ তেওঁ মোক ক’লে, “আমি সাতজনীয়া সদস্যৰ এটা পৰিয়াল। মোৰ তিনিজন ল’ৰা আছে। তাৰে দুজনক বিয়া পাতি দিছো। সিহঁত গোটেইকেইটাই ৰাতিপুৱাই কাম বিচাৰি ওলাই গৈছে (কৃষি-শ্ৰমিক হিচাপে নাইবা উদগিৰ চহৰৰ নিৰ্মাণ স্থলসমূহত শ্ৰমিক হিচাপে)। সেইকাৰণে পানী অনাৰ দায়িত্ব আমাৰ দুজনৰ।”

পৰিয়ালটোৰ নিজাকৈ খেতিৰ মাটিও নাই আৰু পশুধনো নাই। তেওঁলোকৰ ল’ৰা-বোৱাৰীয়ে দিন হাজিৰা কৰি যি দুপইচা লাভ কৰে, তাৰ পৰায়ে ঘৰখন চলি আছে। এইবাৰ ৰামুয়ে মাত দিলে, “আমি দিনে ১২-১৫ লিটাৰৰ দহটামান পাত্ৰত পানী আনিবলৈ চেষ্টা কৰো। সেয়া আনিবলৈ আমি দুয়ো দিনটোত পাঁচবাৰ এনেদৰে অহা-যোৱা কৰিব লাগে। আমাক পানীৰ প্ৰয়োজন হয় ৰন্ধা-বঢ়া কৰিবলৈ, বাচন-বৰ্তন ধুবলৈ, গা ধোৱা আদিৰ দৰে দৈনন্দিক কামবোৰৰ কাৰণেহে। খেতি-বাতি কৰা আৰু গাই-গৰু থকা মানুহবোৰে আমাতকৈও বেছি কষ্ট কৰিব লাগে।”

বাওঁফালে: ৬০ বছৰীয়া কেৱলবাইয়ে পানী ভৰোৱাৰ আগতে পাত্ৰবোৰ ধুইছে। সোঁফালে: কেৱলবাইয়ে দমকল মাৰি পানী উলিয়াই আছে আৰু তেওঁৰ স্বামী ৰামু কাষত বহি আছে

মই ৰাতিপুৱা ১১.৩০ মান বজাত ৪০ বৰ্ষীয় মহিলা শ্বালুবাই চৱনক তেওঁৰ ঘৰত লগ পাইছো। কিন্তু তেওঁ ৰাতিপুৱা শুই উঠাৰে পৰা এইখিনি সময়লৈকে প্ৰায় পাঁচ ঘণ্টা সময় ধৰি পানীয়েই কঢ়িয়াই আছে। তেওঁ বাঞ্জাৰা নামৰ এটা অনুসুচিত জনগোষ্ঠীৰ অৰ্ন্তগত মহিলা। শ্বালুবাইৰ পৰিয়ালত সদস্য আছে পাঁচজন আৰু তেওঁলোকৰ দুই একৰ খেতিৰ মাটিও আছে। তেওঁ মোৰ আগত ক’লে, “আমাৰ উপাৰ্জনৰ মূল উৎস হ’ল গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহ। আমি দুটা ষাঁড় গৰু, তিনিজনী গাই আৰু চাৰিটা ম’হ পুহিছো। ইহঁতক প্ৰতিপালন কৰাৰ বাবে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। সেইকাৰণে দিনে আমাক ২০টাতকৈও অধিক পাত্ৰত পানী লাগে।”

কাশীৰাম ছোমলাৰ পাহাৰখনৰ বেঁকা পথটোৰ একেবাৰে নিলগতে শ্বালুবাইহঁতৰ ঘৰ। দমকলটো পাবলৈ তেওঁ কিছুদূৰ তললৈ নামি আহিব লাগে। ঘৰৰ বাহিৰৰ ফালে কাপোৰ ধুই থাকোতে তেওঁ কিছু সময় চিন্তা কৰি মোক ক’লে, “গ্ৰীষ্ম কালিৰ আৰম্ভণিতে ইয়াতে দুটা দমকল আছিল। কিন্তু এটা ভাঙি যোৱা বাবে গাওঁখনৰ সকলোবোৰ মানুহে (প্ৰায় ৪০০ জনসংখ্যা) এইটোৰ পৰাই পানী নিয়ে। আনকি মে’ মাহৰ প্ৰখৰ গৰমতো পানী খাই উঠাৰ পিছত মই এক অপৰাধবোধত ভোগো। কলেক্টৰজনে টেংকাৰেৰে পানী যোগান ধৰে যদিও টেংকাৰ সদায় নাহে। সেইকাৰণে আমি তেওঁৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকিব নোৱাৰো।”

সেইবাবে ৰাতিপুৱা কাউৰী-কুকুৰ নৌ-উঠোতেই দমকলৰ ওচৰত শাৰী শাৰী পাত্ৰ দেখা যায়। শ্বালুবাইয়েও সদায় ৰাতিপুৱা ৪ বজাৰ পৰাই পানী আনিবলৈ হাতত চাৰিটা পাত্ৰ লৈ একেটা শাৰীতে থিয় হয়। তেওঁ মোক পুনৰ ক’লে, “বেলি উঠিলে যেতিয়া তাপমান ৪০ ডিগ্ৰী চেলছিয়াচ হয়, সেই সময়ত এই কাম কৰা যথেষ্ট কষ্টদায়ক। তথাপি যেন এই শাৰীৰ কোনোদিন শেষ নাই। মই ৰাতিপুৱা ১২ ৰ পৰা ১৫ টা পাত্ৰ ভৰ্তি কৰি পানী আনো আৰু সন্ধিয়া ৪ বজাৰ পৰা ৭ বজাৰ ভিতৰত ৫-৮ টা পাত্ৰত লৈ আহো। মোৰ পানী ভৰোৱাৰ পাল অহালৈকে তাতে তিনি ঘণ্টামান সময় অন্ততঃ ৰ’ব লাগে। তাৰ উপৰি অহা-যোৱাৰ নামতো দুঘণ্টা মান সময় গুচি যায়। বৰ্তমান ৯ টা বাজি গ’ল, অথচ এতিয়ালৈকে মই ঘৰৰ কোনো কামত হাত দিব পৰা নাই।”

শ্বালুবাইৰ দিনটোৰ তিনিভাগৰ এভাগ সময় যায় পানী আনোতে, আৰু বাকীখিনি সময় যায় ঘৰুৱা কাম কৰাত, পৰিয়ালৰ মানুহৰ যত্ন লোৱাত

শ্বালুবাইয়ে ৰাতিপুৱা ৫ ঘণ্টা আৰু সন্ধিয়া ৩ ঘণ্টা সময় খৰচ কৰে কেৱল পৰিয়ালৰ মানুহৰ বাবে পানী কঢ়িয়াওতেই। এয়া আচলতে অস্বাভাৱিকো নহয়। কাৰণ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এখন প্ৰতিবেদনত পোৱা গৈছে যে গ্ৰামাঞ্চলৰ মহিলাসকলৰ দিনটোৰ ৬ ৰ পৰা ৯ ঘণ্টা সময় পাৰ হয় কেৱল পানী অনা-নিয়া কৰোতেই। তাতকৈ যদি ৮ ঘণ্টা সময় তেওঁ কৃষি শ্ৰমিকৰ কাম কৰে, তেন্তে দিনে ২০০ টকা উপাৰ্জন কৰিব পাৰিলেহেতেন। এনেকৈ হিচাপ কৰিলে গ্ৰীষ্মকালৰ তিনিটা মাহ- মাৰ্চৰ পৰা মে’লৈ শ্বালুবাইয়ে প্ৰায় ১৮,০০০ মান টকাৰ উপাৰ্জন হেৰুৱায়।

গ্ৰামাঞ্চলৰ মহিলা আৰু ছোৱালীসমূহৰ এনে নিৰৱচ্ছিন্ন কষ্টই বহু সময় খৰচ কৰা বাবে আয়ৰ পৰিমাণো কমি যায়। ইমান কষ্ট কৰিব লগাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰো যথেষ্ট ক্ষতি হয়। সৰু সৰু ছোৱালীসমূহৰ আধাতে শিক্ষা সামৰিবলগীয়া হয়। মহিলাসকলে পানী অনা কামৰ উপৰিও খেতি-পথাৰটো কাম কৰিবলগীয়া হয়। কিন্তু তাৰ বিপৰীতে ঘৰৰ পুৰুষসকলৰ এনেকুৱা এটা কষ্টকৰ কামত কোনো অৱদানেই নাথাকে। ৰাষ্ট্ৰীয় নমুনা জৰীপৰ (এনএছএছঅ’ ৬৯তম ৰাউণ্ড, ২০১২) পৰা লাভ কৰা এটা তথ্য অনুসৰি গ্ৰামাঞ্চলৰ ৮৪.১ শতাংশ মহিলাই পানী কঢ়িওৱাৰ কামতো কৰাৰ বিপৰীতে কেৱল ১৪.১ শতাংশ পুৰুষহে এই কাম কৰে।

বাওঁফালে: পানী আৰু ঘাঁহৰ অভাৱত শ্বালুবাইৰ ঘৰৰ পশুধনবোৰক ক্ষতি কৰিছে। সোঁফালে: চোতালত থকা সৰু টেংকিটো শুকাই গৈছে

শ্বালুবাইৰ গিৰিয়েক ৰাজাৰামেও ঘৈণীয়েকে কষ্ট কৰি কঢ়িয়াই অনা পানী ব্যৱহাৰ কৰিয়েই পথাৰত কাম কৰিবলৈ যায়। শ্বালুবাইয়ে ক’লে, “এইবছৰ মই অন্তত আঠ ঘণ্টাৰ সময় ব্যয় কৰি শেষত পানী আনিব পাৰিছো। যোৱাবছৰ মই ঘণ্টা ঘণ্টা ধৰি খোজ কাঢ়ি পানী আনিব যাওঁ, কিন্তু পানী নাথাকেই, ইমান বেয়া অৱস্থা যে শুদা বাল্টি লৈ উভতিব লাগে। এবাৰ মই গাই-গৰু কেইটাৰ বাবে ঘাঁহ আনিবলৈ প্ৰায় ২০ কি.মি. খোজ কাঢ়িছো।”

এনেদৰে দুবাৰ দুবাৰ পানী আনিব যাবলগীয়া হোৱাত শ্বালুবাইয়ে দিনটোত অকণমানো আহৰিয়েই নাপায়। তাৰ মাজতে তেওঁ আমাক ক’লে,’মোৰ দুটা ল’ৰাই স্কুলত পঢ়ি আছে। মই সিহঁতৰ বাবে ৰান্ধি-বাঢ়ি খুৱাই-ধুৱাই পঠিয়াব লাগে। কিন্তু সিহঁতৰ উপৰিও পৰিয়ালৰ বাকী কেইজন সদস্যৰ বাবেও মইয়েই ৰান্ধিব লাগে, কাপোৰ-কানি, বাচন-বৰ্তনো সকলো ধুব লাগে আৰু ঘৰৰ বাকী যিমান কাম আছে সকলো কৰিব লাগে।

ভিডিঅ’টো চাব: ‘পানী আনিবলৈ শাৰী পাতিবলৈ মই ৰাতিপুৱা ৪ বজাতে ঘৰৰ পৰা ওলাও’ শ্বালুবাইয়ে তেওঁৰ দিনটো কেনেদৰে আৰম্ভ হয় তাকে বৰ্ণনা কৰিছে

উদগিৰৰ পৰা প্ৰায় ১৫০ কি.মি. আঁতৰত থকা ওছমানাবাদ জিলাত তকৱিকি নামৰ আন এখন গাঁও আছে। গাঁওখনৰ প্ৰয়াগবাই দোলাৰে নামৰ মহিলা গৰাকীও একে সমস্যাৰেই জৰ্জৰিত।

প্ৰায় ৭০ বছৰ গৰকা দোলাৰে নামৰ মহিলা গৰাকী দলিত সম্প্ৰদায়ৰ। যিটোৰ বাবে তেওঁ গোটেই জীৱনজোৰা বিভিন্ন বৈষম্যৰ সন্মুখীন হ’বলগীয়া হৈছে। খেতি-পথাৰৰ মাজেৰে পানী লৈ অহাৰ পথত তেওঁ ক্ষোভেৰে আমাক ক’লে, “মই দলিত সম্প্ৰদায়ৰ হোৱা কাৰণে মানুহে মোক পানী অনাত সদায় বাধা দি আহিছে। সেইকাৰণে মই সদায় নিৰ্দিষ্ট শাৰীটোৰ একেবাৰে শেষৰ ফালে থাকিব লাগে। গাঁৱখনত এতিয়াও এনে এটা কুঁৱা আছে যিটোৰ পৰা মোক পানী আনিব যাব নিদিয়ে।”

পৰিয়ালটো পোহপাল দিবলৈ দৈনিক হাজিৰা কৰাৰ পৰা আদি কৰি পানী অনালৈকে সকলো কাম একমাত্ৰ দোলাৰেই কৰিব লাগে। সেই সময়ত তাপমানে ৪৫ ডিগ্ৰী চেলছিয়াচৰ ওচৰা-ওচৰি হৈছিল গৈ। ৰ’দৰ পৰা ৰক্ষা পাবলৈ তেওঁ শাৰীখনেৰে মূৰটোত মেৰিয়াই লৈ আমাক ক’লে, “আমাৰ কোনো ল’ৰা-ছোৱালী নাই। মোৰ স্বামী শাৰীৰিক ভাবে অক্ষম বাবে খোজ কাঢ়িবও নোৱাৰে। গতিকে তেওঁ শ্ৰমিকৰ দৰে কষ্টকৰ কামো কৰিব নোৱাৰে।”

ডোলাৰেই সপ্তাহৰ তিনিটা দিনেই পানী আনিবলৈ যায় যাতে পৰৱৰ্তী সাত দিনলৈ জমা কৰি ৰাখিব পাৰে। তেওঁ ক’লে, “আমাক প্ৰায় ৩০ ৰ পৰা ৩৫ টা পানীৰ পাত্ৰ এসপ্তাহৰ কাৰণে লাগে। পানী আনিবলৈ মই ঘৰৰ পৰা এক কি.মি. আঁতৰত থকা ব্যক্তিগত কুঁৱা এটালৈ যাব লাগে। এই বয়সত মোক এটা এনেকুৱা পাত্ৰত পানী আনিবলৈ আধা ঘণ্টা সময় লাগে।”

সপ্তাহটোৰ বাকীকেইটা দিন দোলাৰেই কৃষি-শ্ৰমিক হিচাপে কাম কৰে। তেওঁৰ বয়স হোৱা বাবে এদিনত মাত্ৰ ১০০ টকাহে উপাৰ্জন কৰিব পাৰে। যি কেইদিন পানী আনিবলৈ যায় সেইকেইটা দিন হাজিৰা কৰিবও যাব নোৱাৰে। তেতিয়া তেওঁ মোক ক’লে, “এতিয়া বাৰু আমি দুয়োটাই যেনে-তেনে চলি আছো। কিন্তু মই কাম কৰিব নোৱাৰা হ’লে কি হ’ব?”

ভিডিঅ’টো চাব: ‘মই তাইৰ কান্ধত হাতখন ৰাখো আৰু খোজ কাঢ়ো। এইখিনি বৰ বেয়া সময়। মই কি কৰিব পাৰো নো?’ ৰামুৱে দমকলটোলৈ পানী অনা-নিয়া কৰা যাত্ৰাটোৰ বিষয়ে কৈছে

মহাৰাষ্ট্ৰৰ আঠখন জিলাক সামৰি মাৰাঠৱাড়া অঞ্চল গঠন কৰা হৈছে। সেই অঞ্চলৰ অন্য গাঁওবোৰৰ নিচিনা তকৱিকি নামৰ গাঁওখনতো গ্ৰীষ্মকালি কুঁৱা, পুখুৰী, হ্ৰদ আৰু বান্ধসমূহৰ পৰা পানী শুকাই যায়। এই সময়খিনিত আতংকগ্ৰস্ত কৃষকসকলে পানীৰ উৎস বিচাৰি আনকি ঠায়ে ঠায়ে কুঁৱাবোৰ খান্দিও পেলায়। তেওঁলোকৰ মাজত যিজনে খান্দি সঠিক ঠাইডোখৰ উলিয়াব পাৰে, তেওঁতকৈ সৌভাগ্যশালী ব্যক্তি আৰু কোনো নহ’ব। নিজাকৈ পানীৰ উৎস থাকিলে আনকি কিবা লাভজনক ব্যৱসায়ো আৰম্ভ কৰিব পাৰে।

মাৰাঠৱাড়া অঞ্চলৰ বহু মানুহে পানীৰ এনেকুৱা আকালৰ সময়ত ১২-১৫ লিটাৰৰ একোটা পাত্ৰ ২ ৰ পৰা ৪ টকা মূল্যত বিক্ৰী কৰে। দোলাৰেই তেনে এটা পাত্ৰ ২ টকা দৰত কিনি আনে। মাজতে এবাৰ ক’লে, “এই হিচাপত এসপ্তাহত ৭০ টকাৰ পানী আমি কিনিব লাগে।” এই দৰ তেওঁৰ সাত দিনৰ উপাৰ্জনতকৈ এক চতুৰ্থাংশ কম। পানীৰ সমস্যা যদি ইয়াতকৈও বেছি হয়, তেন্তে দোলাৰেই ইয়াতকৈও বেছি মূল্য দিব লগা হ’ব পাৰে।

তকৱিকিৰ পৰা ২৫০ কি.মি. উত্তৰে থকা ঔৰংগাবাদৰ ১৬টা বিয়েৰৰ কাৰখানা আৰু মদৰ ভাতীত প্ৰতি দিনে ৩ নিযুত লিটাৰ পানীৰ যোগান ধৰা হয়। তাকো এক লিটাৰ পানীৰ দাম লোৱা হয় মাত্ৰ ৪ পইচা। মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমৰ বিষয়াসকলৰ মতে বিয়েৰৰ কাৰখানাসমূহত ৪২ টকা দৰত পানী দিয়া হয়। কিন্তু সেই দাম যে প্ৰতি এহেজাৰ লিটাৰ পানীৰ বাবদ লোৱা হয় সেয়া তেওঁলোকে কেতিয়াও স্পষ্টকৈ নকয়।

ডোলাৰেই তেনে এহেজাৰ লিটাৰ পানী কিনিবলৈ তাতকৈ তিনিগুণ অধিক পইচা দিব লাগিলহেঁতেন। আৰু পানী অনাৰ বাবেও প্ৰায় ৩৫ ঘণ্টা সময় খোজ কাঢ়িব লাগিব।

বাওঁফালে: কাশীৰাম ছোমলাৰ দমকলটোৰ পাৰত প্ৰতি দিনে বহু মানুহে পানী অনাৰ বাবে এইদৰেই গোট খায়। সোঁফালে: এগৰাকী যুৱতীয়ে দমকলৰ পৰা পানী ওলোৱা বন্ধ হ’ব বুলিয়ে লেতেৰা পানীয়ে বাল্টিটোত ভৰাব ধৰিছে

২০১৬ চনৰ এপ্ৰিল মাহত হোৱা ভয়ংকৰ খৰাঙৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ৰ ঔৰংগাবাদৰ বিচাৰপীঠে মদৰ ভাতীসমূহৰ পৰা ৫০ শতাংশ পানী কৰ্তনৰ নিৰ্দেশ দিয়ে। কাৰণ সেই ভাতীসমূহত প্ৰায় ৫.২০৭ নিযুত মি.লি. পানী দিনে ব্যৱহাৰ হয়। মহামান্য বিচাৰপীঠে ৰায় দিয়া মতে, “যিসময়ত মানুহে খোৱা পানীৰ বাবে হাহাকাৰ কৰি আছে, তেনেকুৱা সময়ত এই মদৰ ভাতীসমূহক ইমান পানী অবাবত খৰচ কৰিব দিয়াতো সম্পূৰ্ণ অমানৱীয়।”

এইফালে কাশীৰাম ছোমলাত কেৱলবাইয়ে দুটা পাত্ৰৰ পৰা ড্ৰাম এটাত পানীখিনি জমা কৰে। তেওঁৰ ওচৰতে থকা খেতি-পথাৰবোৰত এতিয়া একো নাই যদিও দমকলটোৰ ওচৰত অন্য দিনৰ দৰে মানুহৰ ভিৰ দেখা গৈছে। তেওঁ ৰামুৰ হাতখনত ধৰি খালী পাত্ৰ দুটা লৈ পুনৰ এবাৰ পানী অনাৰ বাবে পাহাৰ বগাবলৈ আৰম্ভ কৰিলে।

আলোকচিত্ৰসমূহ: পাৰ্থ এম.এন.

অনুবাদ: ডেইটী

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Deity

Deity is a translator and writer from Guwahati. She wants to live like a free bird.

Other stories by Deity