“এই পেছা নাইকিয়া হৈ গ’লে আন ৰাজ্যলৈ যোৱাৰ বাদে উপায় নাথাকিব,” অসমৰ দৰং জিলাৰ ন-মাটি গাঁৱত বাঁহৰ খাচা বনোৱা কাম কৰা মাজেদা বেগমে খাচাটোৰ তলিখনত দৈ বই থকাৰ মাজতে কয়।
২৫ বৰ্ষীয় এইগৰাকী বাঁহশিল্পীয়ে দিনহাজিৰা কৰি অকলেই তেওঁৰ ১০ বছৰীয়া পুত্ৰ আৰু ৰুগীয়া মাতৃক পোহপাল দি আহিছে। “মই এদিনত ৪০ টা খাচা বনাব পাৰো, কিন্তু এতিয়া কেৱল ২০ টাহে বই উলিয়াও,” স্থানীয় মিঞা ভাষাত তেওঁ কয়। মাজেদাই ২০ টা খাচাৰ বিনিময়ত ১৬০ টকা পায়, সেয়া চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ন্যূনতম ২৪১.৯২ টকাতকৈ কম (ন্যূনতম মজুৰি আইন, ১৯৪৮ৰ ২০১৬ বৰ্ষৰ প্ৰতিবেদন)।
পাচলিৰ পাইকাৰী বজাৰত চাহিদা কমি অহাৰ লগতে বাঁহৰ দাম বৃদ্ধি পোৱাৰ ফলত বাঁহৰ খাচাৰ বিক্ৰী হ্ৰাস পাইছে। দৰং জিলাত পাচলিৰ ডাঙৰ দুখন পাইকাৰী বজাৰ আছে। এখন বেচিমাৰী আৰু আনখন বালুগাওঁ। তাৰপৰাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল, আনকি দিল্লীলৈকো পাচলি ৰপ্তানি কৰা হয়।
অন্য ৰাজ্যলৈ কাম বিচাৰি যাবলগীয়া হোৱাৰ যি ভয়, সেয়া অমূলক নহয়। “ভাল উপাৰ্জনৰ আশাত ইতিমধ্যে ৮০ৰ পৰা ১০০ টা পৰিয়ালে অসম এৰিছে,” স্থানীয় মাদ্ৰাছাখনৰ গাতে লাগি থকা ৱাৰ্ড এ-ৰ আশে-পাশে থকা মানুহ কেইঘৰমানলৈ দেখুৱাই ৩৯ বৰ্ষীয় হানিফ আলিয়ে আমাক কয়। এসময়ত বাঁহৰ কাম কৰা প্ৰায় ১৫০ টা পৰিয়াল আছিল, কিন্তু ভাল উপাৰ্জনৰ মুখ নেদেখি তেওঁলোকে কেৰালা আৰু কৰ্ণাটক আদি ৰাজ্যলৈ কফিৰ খেতিত কাম কৰিবলৈ প্ৰব্ৰজন কৰাত ভালেমান ঘৰ এতিয়া উদং।














