“এইমাত্ৰ অৰিয়েণ্টেল চামা এটাৰ মাত শুনিছো।”
মিকা ৰাই উৎফুল্লিত হৈ পৰিছে। চিৰিক চিৰিককৈ মতা চৰাইটোৰ মাত এনেকৈ একধৰণৰ সুমধুৰ সংগীত হৈ পৰে বুলি তেওঁ কয়।
কিন্তু সেই কণমানি ক’লা-বগা আৰু হালধীয়া পাখিৰ চৰাইটোক লৈ তেওঁৰ উৎসুকতাৰ সৈতে সামান্য চিন্তা মিশ্ৰিত হৈ আছে। “এইবিধ চৰাইবিধে সাধাৰণতে তলত (৯০০ মিটাৰ) বসতি কৰে, কিন্তু চৰাইবিধৰ মাত এতিয়া বেছি ওপৰত শুনিবলৈ পোৱা হৈছো (২,০০০ মিটাৰ),” যোৱা এটা দশক ধৰি অৰুণাচলৰ ইগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত পক্ষীৰ অধ্যয়ন কৰি থকা ৩০ বছৰীয়া ক্ষেত্ৰ কৰ্মীগৰাকীয়ে কয়।
অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাত যোৱা ১০ বছৰ ধৰি ক্ৰান্তীয় অৰণ্যৰ পক্ষীকূলৰ অধ্যয়ন কৰি থকা বৈজ্ঞানিক, গৱেষক আৰু ক্ষেত্ৰ কৰ্মীৰ এটা গোটৰ সৈতে এইগৰাকী স্থানীয় ব্যক্তি মিকাইও কাম কৰি আহিছে।
উজ্জ্বল ঘন নীলা আৰু ক’লা ৰঙৰ পাখি আৰু ফিচাখনত বগা আঁচ থকা চৰাই এটা হাতত লৈ থকা ড. উমেশ শ্ৰীনিবাসনে কয়, “এইটো বগা ফিচাৰ ৰবিন। সাধাৰণতে এইবিধ চৰাই ১,৮০০ মিটাৰৰ ওপৰত পোৱা নাযায়। কিন্তু যোৱা তিনি-চাৰি বছৰত ২,০০০ মিটাৰ উচ্চতাত চৰাইবিধ পোৱা গৈছে।”
পক্ষীবিদ শ্ৰীনিবাসন ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই.আই.এছ.চি.), বেংগালুৰুৰ এগৰাকী অধ্যাপক, তেঁৱেই অৰুণাচল প্ৰদেশৰ এই গোটটোক নেতৃত্ব দি আহিছে। “যোৱা ১২ বছৰত পূৱ হিমালয়ৰ পক্ষীবোৰে নিজৰ বসতিস্থল সলনি কৰিছে,” পক্ষীবিদগৰাকীয়ে কয়।






























