নাম: বজেসিংহ পাৰগি। জন্ম: ১৯৬৩ । গাওঁ: ইতাৱা। জিলা: দাহোদ, গুজৰাট। সম্প্ৰদায়: আদিবাসী পঞ্চমহলি ভিল। পৰিয়ালৰ সদস্যসমূহ: পিতৃ চিচকা ভাই। মাতৃ চতুৰা বেন। পাঁচগৰাকী ভাই-ভনীৰ মাজত বজেসিংহ ডাঙৰজন। পৰিয়ালৰ জীৱিকা: কৃষিশ্ৰম।
এক দৰিদ্ৰ আদিবাসী পৰিয়ালত জন্ম লোৱাটোৰ বিৱৰণ কবিজনাৰ ভাষাত এনেধৰণৰ: ‘মাতৃৰ অন্ধকাৰ গৰ্ভ,’ ‘নিঃসংগতাৰ মৰিচীকা।’ ‘ঘামেৰে ভৰ্তি এটা কুঁৱা,’ কেতিয়াবা আকৌ হতাশাৰ ৰংসনা ভোক, কেতিয়াবা আকৌ জোনাকী পৰুৱাৰ ক্ষীণ পোহৰেৰে তেওঁ আদিবাসী জীৱনটোক শব্দৰে তুলি ধৰিছে।
মাটিৰ হৈ লগা যুঁজ এখনত এটা গুলি তেতিয়াৰ ডেকা কবিৰ মুখ আৰু গল ফালি ওলাই গৈছিল। সেই আঘাতে তেওঁৰ কণ্ঠ প্ৰায় বিকল কৰি তোলে। সাত বছৰ চিকিৎসা কৰালে, চৌধ্যবাৰকৈ চাৰ্জাৰিও হ’ল, কিন্তু তেওঁ ধাৰতহে পোত গ’ল, কণ্ঠ ঘূৰি নাহিল। এয়া আছিল তেওঁৰ বাবে মোক্ষম আঘাত। যিটো সম্প্ৰদায়ৰ হৈ মাত মাতিবলৈ তেওঁ এটা কণ্ঠ পাইছিল, যিটো সম্প্ৰদায়ৰ কথা শুনিবলৈ কোনো নাছিল, সিটো সম্প্ৰদায়ত জন্ম হোৱা কবিয়ে নিজৰ মাতটোৱে হেৰুৱালে। অৱশ্যে তেওঁ থমকি নৰ’ল। তেওঁ দীৰ্ঘদিন ধৰি গুজৰাটী সাহিত্যৰ আৰ্হি-পাঠক হিচাপে কাম কৰি আহিছে। তেওঁৰ নিজৰ লিখনীয়ে অৱশ্যে প্ৰাপ্য স্বীকৃতি এতিয়ালৈ পোৱা নাই।
পঞ্চমহলি ভিলি ভাষাত বজেসিংহই নিজৰ মনৰ দ্বিধাগ্ৰস্ত অৱস্থাক লৈ লিখা কবিতাটোৰ অসমীয়া অনুবাদ:


