“মহকুমা দণ্ডাধীশগৰাকী জুনত আহি কৈছিল, ‘এইখন আপোনালোক এই ঠাই এৰি যোৱাৰ বাবে নটিচ।’”
বাবুলাল আদিবাসীয়ে নিজ গাওঁ গাডৰালৈ যোৱা বাটটোতে থকা ডাঙৰ বট গছজোপাৰ ফালে আঙুলিয়াই দিয়ে। তাতেই গাঁৱৰ মানুহখিনিয়ে বহি আলোচনা-বিলোচনা কৰে আৰু তাতেই এতিয়া তেওঁলোকৰ গাঁৱৰ মানুহখিনিৰ ভৱিষ্যত সলনি হ’বলগীয়া সময় সমাগত।
মধ্যপ্ৰদেশৰ পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (পিটিআৰ)ৰ আশে-পাশে থকা ২২ খন গাঁৱৰ হাজাৰ হাজাৰ বাসিন্দাক তেওঁলোকৰ ঘৰ-বাৰী নদীবান্ধ আৰু নদী সংযোগী প্ৰকল্প এটাৰ বাবে এৰি যাবলৈ কোৱা হৈছে। পাৰিপাৰ্শ্বিক অনুমতিৰ চুড়ান্ত প্ৰমাণপত্ৰ ২০১৭তে আহিছিল আৰু ৰাষ্ট্ৰীয় উদ্যাখনত গছ কটা আৰম্ভ হৈছিল। কিন্তু আসন্ন উচ্ছেদৰ ভাবুকি খুব কম সময়ৰ ভিতৰতে সঘন হৈ আহিবলৈ ধৰিলে।
দুটা দশক ধৰি পৰ্য্যায়ক্ৰমতে থকা প্ৰকল্পটোত কেন আৰু বেটৱা নদীদুখন জোৰা লগাবলৈ ২১৮ কিলোমিটাৰৰ খাল খন্দাৰ বাবদ প্ৰকল্পৰ অধীনত ( প্ৰথমটো পৰ্য্যায়ত ) ৪৪,৬০৫ কোটি টকাৰ প্ৰকল্প ধাৰ্য্য কৰা হৈছিল।
প্ৰকল্পটোক সৰ্বত্ৰে সমালোচনা কৰা হৈছে। “প্ৰকল্পটোৰ হকে ক’বলৈ একো যুক্তি নাই, জলবিজ্ঞান সম্পৰ্কীয় দিশৰ পৰাও ন্যায্যতা নাই,” ৩৫ বছৰ ধৰি জলবিজ্ঞান ক্ষেত্রখনৰ সৈতে জৰিত বিজ্ঞানী হিমাংশু থক্কৰে কয়। “প্ৰথম কথাটো হৈছে কেন নদীত পৰ্য্যাপ্ত পানী নাই। কোনোধৰণৰ বিশ্বাসযোগ্য মূল্যাংকন বা বস্তুনিষ্ঠ অধ্যয়ন কৰা হোৱা নাই, কেৱল লোৱা হৈছে আগতীয়া কেতবোৰ সিদ্ধান্ত,” তেওঁ যোগ দিয়ে।
থক্কৰ চাউথ এছিয়া নেটৱৰ্ক অন ডেমচ, ৰিভাৰ্ছ এণ্ড পিপল (এছএএনডিআৰপি) সংস্থাটোৰ সমন্বয়ক। নদী সংযোজনৰ বাবে জলসম্পদ মন্ত্ৰালয় (এতিয়া জলশক্তি মন্ত্ৰালয়)য়ে ২০০৪ত স্থাপন কৰা বিশেষজ্ঞ কমিটিৰ তেওঁ এগৰাকী সদস্য আছিল। তেওঁ কয় যে প্ৰকল্পটোৰ ভিত্তিটোৱেই আচৰিত হ’বলগীয়া: “নদী সংযোগী প্ৰকল্পটোৱে বৃহৎ পাৰিপাৰ্শ্বিক প্ৰভাৱ পেলোৱাৰ লগতে তাৰ পৰিণামস্বৰূপে অৰণ্য, নদী, জৈৱবৈচিত্ৰৰ ওপৰত সামাজিক প্ৰভাৱ পেলাব আৰু ইয়াৰ লগতে বুন্দেলখণ্ডলৈকে আৰু তাতোকৈ বেছি ঠাই সামৰি মানুহক জুৰুলা কৰিব।”
বান্ধটোৰ ৭৭ মিটাৰ ওখ জলাশয়টোৱে ১৪ খন গাওঁ বুৰাই পেলাব। বাঘৰ মূল বসতিস্থলো জলমগ্ন হ’ব, অতিশয় গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী ক’ৰিডৰ বন্ধ কৰি পেলাব আৰু সেই কাৰণতে বাবুলালৰ গাওঁখনকে ধৰি আঠখন গাওঁ ৰাজ্য চৰকাৰে ক্ষতিপূৰণ হিচাপে বন বিভাগক দিছে।
এইবোৰ একো নোহোৱা-নোপোজা কথা নহয়। গ্ৰামীণ ভাৰতত, বিশেষকৈ আদিবাসীসকলক চিতাবাঘ, বাঘ , নৱীকৰণযোগ্য শক্তি, বান্ধ আৰু খনি আদি বিভিন্ন কাৰণত সময়ে সময়ে বিস্থাপিত কৰি অহা হৈছে।
ব্যাঘ্ৰ প্ৰকল্পৰ বিস্ময়কৰ সফলতাৰ এয়া ৫১তম বছৰ - ৩,৬৮২ টা বাঘ (২০২২ৰ ব্যাঘ্ৰ গণনা অনুসৰি) এতিয়া আছে, যিটো সংখ্যা ভাৰতৰ খিলঞ্জীয়া অৰণ্য নিবাসী সম্প্ৰদায়বোৰৰ ক্ষতিৰ বিনিময়ত হাচিল কৰা হৈছে। তাতে আকৌ আগৰেপৰা এই সম্প্ৰদায়বোৰ দেশৰ আটাইতকৈ বঞ্চিত নাগৰিক।
১৯৭৩ত ভাৰতত নখন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আছিল। এতিয়া আছে ৫৩ খন। ১৯৭২ৰ পৰা প্ৰতিবছৰে আমি বসতিস্থল দিয়া এটাকৈ বাঘৰ বিপৰীতে আমি গড়ে ১৫০ জন অৰণ্য নিবাসী লোকক বিস্থাপিত কৰি আহিছো। তাকো এয়া সঠিক লেখ নহয়, চৰজমিন সমীক্ষাই ইয়াতকৈও অধিক সংখ্যা পোহৰলৈ আনিব পাৰে।
ইয়াতেই শেষ হোৱা নাই - ২০২৪ৰ ১৯ জুনত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধীকৰণ (এনটিচিএ)য়ে অগ্ৰাধিকাৰৰ ভিত্তিত ৫৯১ খন গাঁৱৰ পৰা লাখৰ ঘাইত লোকক বিস্থাপিত কৰাৰ বাবে পত্ৰ জাৰী কৰিছিল।
পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত ৭৯ টা বাঘ আছে আৰু বান্ধে গভীৰ অৰণ্যৰ এক বৃহৎ অংশ ডুবাই পেলোৱাৰ পিছত সিহঁতকো ঠাই দিব লাগিব। গাডৰাত থকা বাবুলালৰ মাটি-বাৰী বাঘৰ বাবে এৰি যাব লাগিব।
কেনে এক পৰিকল্পনা! বন বিভাগক ‘ক্ষতিপূৰণ’ দিয়া হৈছে, নিজৰ ঘৰ-বাৰী হেৰুওৱা গাওঁবাসীলৈ একো নাই।
“আমি এই ঠাইখনত বনানিকৰণ কৰিম,” পান্না বনাঞ্চলৰ উপ-বনাঞ্চলিক বিষয়া অঞ্জনা টিৰ্কিয়ে কয়। “আমাৰ কাম হৈছে ইয়াক ঘাঁহনিলৈ পৰিৱৰ্তন কৰা আৰু বন্যপ্ৰাণী ব্যৱস্থাপনা কৰা,” প্ৰকল্পটোৰ কৃষি-পৰিস্থিতিতান্ত্ৰিক দিশটোৰ ওপৰত মন্তব্য কৰাৰ পৰা বিৰত থকা বিষয়াগৰাকীয়ে কয়।
গোপনীয়তাৰ চৰ্ত ৰাখি বিষয়াসকলে কয় যে পানীত জলমগ্ন হৈ পৰিবলগীয়া ৬০ বৰ্গকিলোমিটাৰজোৰা ঘন অৰণ্য আৰু জৈৱবৈচিত্ৰৰে ভৰা বনাঞ্চলৰ ক্ষতিপূৰণ হিচাপে তেওঁলোকে খুব বেছি গছ ৰোপন কৰিব পাৰে। এয়া ঘটিবলৈ গৈ আছে ইউনেস্ক’ৱে ৱৰ্ল্ড নেটৱৰ্ক অৱ বায়’স্ফিয়েৰ ৰিজাৰ্ভৰ তালিকাত পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলটো অন্তৰ্ভুক্ত কৰাৰ দুটা বছৰ পিছতেই। প্ৰাকৃতিক অৰণ্য এখনৰ পৰা ৪৬ লাখ গছ (২০১৭ৰ বন উপদেষ্টা কমিটিৰ বৈঠকত কৰা মূল্যায়ন অনুসৰি) কাটি পেলোৱাৰ জলবৈজ্ঞানিক প্ৰভাৱ কি হ’ব পাৰে, সেয়া কেতিয়াও মূল্যায়ন কৰা হোৱা নাই।
বাঘেই কেৱল একমাত্ৰ অসহায় বাসিন্দা নহয়। প্ৰস্তাৱিত বান্ধৰ কেইকিলোমিটাৰমান নামনিত আছে ভাৰতৰ তিনিখন মাত্ৰ ঘৰিয়াল অভয়াৰণ্যৰ ভিতৰৰ এখন। তাৰোপৰি সেই অঞ্চলটো আইইউচিএন ৰঙা তালিকাত থকা অতিশয় বিপন্ন চৰাই ভাৰতীয় শগুণৰ বাহ সজাৰ বাবে গুৰুত্বপূৰ্ণ স্থান। তাৰোপৰি বহু সৰ্বভোজী আৰু মাংসভোজী প্ৰাণীয়ে নিজৰ বাসস্থান হেৰুৱাব।
পৰিয়ালটো চলিব পৰাৰ জোখাৰে কেইবিঘামান খেতিমাটি থকা বাবুলাল এজন ক্ষুদ্ৰ খেতিয়ক। তেওঁ বৰ্ষানিৰ্ভৰ খেতি কৰে। “কোনো তাৰিখ দিয়া হোৱা নাছিল বাবে আমি অলপ মাকৈৰ খেতি কৰিম বুলি ভাবিছিলো, নিজে খাব পৰাৰ জোখাৰে।” তেওঁৰ দৰে শ শ খেতিয়কে পথাৰবোৰ চহ কৰি সাজু কৰাৰ সময়তে বনবিষয়াসকল আহি ওলাল। “তেওঁলোকে আমাক কাম বন্ধ কৰিবলৈ ক’লে। তেওঁলোকে আমাক ভাবুকি দিলে, ‘এতিয়াই ট্ৰেক্টৰ আনি গোটেই পথাৰ মহতিয়াই পেলাম, যদিহে কথা নুশুনা।’”
নিজৰ উচন পৰি থকা মাটিখিনি দেখুৱাই খঙতে তেওঁ ভোৰভোৰাই ক’লে, “আমি আঁতৰি যাব পৰাকৈ তেওঁলোকে আমাক সম্পূৰ্ণ ক্ষতিপূৰণো নিদিয়ে, আকৌ ইয়াত খেতি-খোলা কৰি খাই জীয়াই থাকিবলৈও নিদিয়ে। আমি চৰকাৰক কৈছো, আমাৰ গাওঁখন যেতিয়ালৈ আছে, তেতিয়ালৈ আমাক আমাৰ পথাৰত খেতি কৰিবলৈ দিয়ক…নহ’লে আমি কি কৰি খাম?”
পূৰ্বপুৰুষৰ থল হেৰুওৱাৰ যি ক্ষতি, সেয়া আছেই। হতাশাৰ চাপ স্পষ্ট হৈ পৰা স্বামী প্ৰসাদ পৰোহৰে পাৰিক কয় যে তেওঁলোকৰ পৰিয়ালটো গাডৰাত ৩০০ বছৰৰো অধিক কাল ধৰি বাস কৰি আহিছে। “আমি খেতি কৰি খাইছিলো, গোটেই বছৰটো বনজ সম্পদ যেনে মহুৱা-তেন্দু আদি সংগ্ৰহ কৰিছিলো… এতিয়া আমি ক’ৰপৰা সেইবোৰ পাম? ক’ত গৈ মৰিম? ক’ত ডুবি মৰিম…কোনে জানে?” আহি থকা প্ৰজন্মকেইটাৰ অৰণ্যৰ লগত সম্পৰ্ক একেবাৰেই চিগি যাব বুলি আশীবছৰীয়া বৃদ্ধ লোকজন চিন্তিত।
*****
এই নদী সংযোগী প্ৰকল্পটো হৈছে চৰকাৰে ‘উন্নয়ন’ৰ বাবে ভূমি দখল কৰাৰ শেহতীয়া উদাহৰণ।
২০২৩ৰ অক্টোবৰত যেতিয়া কেন-বেতৱা নদী সংযোগী প্ৰকল্প (কেবিআৰএলপি)ৰ চুড়ান্ত আবণ্টন আহিল, তেতিয়াৰ বিজেপিৰ দখলত থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বৰ হৰ্ষোল্লাষেৰে সেই প্ৰকল্প আদৰিছিল। “বুন্দেলখণ্ডৰ মানুহৰ বাবে এয়া এক সৌভাগ্যৰ দিন, তেওঁলোক অতদিনে পিছপৰি আছিল,” তেওঁ কৈছিল। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হ’বলগীয়া হাজাৰ হাজাৰ খেতিয়ক, পশুপালক, অৰণ্য নিবাসী আৰু তেওঁলোকৰ পৰিয়ালৰ কথা তেওঁ ক’তো উল্লেখ কৰা নাছিল। তেওঁ ইয়াকো চোৱা নাছিল যে পাৰিপাৰ্শ্বিক অনুমতি এইটো ভিত্তিতে দিয়া হৈছিল যে শক্তি উৎপাদন পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ বাহিৰত হ’ব, কিন্তু এতিয়া সেয়া বনাঞ্চলৰ ভিতৰতেই স্থাপন কৰা হ’ব।
অগভীৰ নদী অৱবাহিকাক গভীৰ অৱবাহিকাৰ সৈতে সংযোজিত কৰাৰ ধাৰণাৰ জন্ম ১৯৭০ৰ দশকতে হৈছিল আৰু তেনেকৈয়ে জন্ম হৈছিল ৰাষ্ট্ৰীয় জল উন্নয়ন সংস্থা (এনডব্লিউডিএ)ৰ। এই সংস্থাই দেশৰ বিভিন্ন নদীৰ মাজত ৩০ টা সংযোগী খালেৰে যোগ দি খালৰ বিশাল মালা গঢ়াৰ সম্ভাৱনীয়তা অধ্যয়ন কৰিবলৈ লৈছিল।
কেন নদীখনৰ উৎপত্তিস্থল মধ্যভাৰতৰ কাইমুৰ পৰ্বতত আৰু ই গংগা অৱবাহিকাৰ এক অংশ - উত্তৰ প্ৰদেশৰ বান্দা জিলাত যমুনাৰ সৈতে ই মিলিছেহি। ৪২৭ কিলোমিটাৰ যাত্ৰাপথত নদীখন পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ মাজেৰে পাৰ হৈ আহিছে। উদ্যানৰ ভিতৰতে থকা ধোদান গাওঁখনতে বান্ধ নিৰ্মাণ কৰা হ’ব।
কেনৰ একেবাৰে পশ্চিমে বৈ গৈছে বেতৱা। কেবিএলআৰপি-য়ে কেনৰ ‘অতিৰিক্ত’ পানী লৈ সেয়া পানীৰ ‘ঘাটি’ থকা বেতৱালৈ পঠিয়াব। দুয়োখন নদী সংযোগ কৰিলে আৰ্থিকভাৱে পিছপৰা অঞ্চল আৰু ভোটবেংক হিচাপে বিবেচিত হৈ অহা বুন্দেলখণ্ডৰ ৩৪৩,০০ হেক্টৰ পানীৰ অভাৱ ঘটা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিবপৰা যাব বুলি আশা কৰা হৈছে। কিন্তু বৈজ্ঞানিকসকলে কয় যে প্ৰকল্পটোৱে দৰাচলতে বুন্দেলখণ্ড এলেকাৰ পৰা পানী বেতৱা অৱবাহিকাৰ উজনিৰ ভাগত, বুন্দেলখণ্ডৰ বাহিৰত ৰপ্তানিৰ সুবিধা কৰি দিব।
কেন নদীখনত যে অতিৰেক পানী থকা বুলি ধাৰণা এটা প্ৰচলিত হৈছে, সেই ধাৰণাক প্ৰশ্ন কৰা উচিত, ড. নাচিকেত কেলকাৰে কয়। যিখন নদীত ইতিমধ্যে থকা তিনিটাকৈ বান্ধ - বৰিয়াৰপুৰ বান্ধ, গংগাউ বান্ধ আৰু পাৱাইত এটা - সেই বান্ধকেইটা জলসিঞ্চনৰ বাবে হোৱা উচিত। “মই বান্দা আৰু তাৰ আশে-পাশে থকা ঠাই আৰু কেন নদীৰ কাষৰ গাওঁবোৰ নিয়মীয়াকৈ সাক্ষাৎ কৰোঁতে জানিব পাৰিলো যে জলসিঞ্চনৰ পানী তাত উপলব্ধ নহয়,” ৱাইল্ডলাইফ কনজাৰ্ভেচন ট্ৰাষ্টৰ পৰিস্থিতিতন্ত্ৰবিদ গৰাকীয়ে কয়।
এছএএনডিআৰপিৰ গৱেষকসকলে ২০১৭ত নদীখনৰ সমগ্ৰ বিস্তৃতি চাই এক প্ৰতিবেদনত লিখিছিল, “…কেন নদীখন এতিয়া এখন চিৰপ্ৰৱাহী নদী হৈ থকা নাই…বেছিভাগ অংশতে নদীখনত সোঁত নাই আৰু পানী নাই।”
কেন নদীখনতেই পানীৰ অভাৱ আছে, সেইখন নদীয়ে বেতৱা নদীক পানী দিয়াৰ ফলত নিজ অৱবাহিকাত পানীৰ অভাৱ ঘটিব। পান্নাৰ এই অঞ্চলটোত জীৱনটো কটোৱা নীলেশ তিৱাৰীয়ে একেটা কথাকে কৈছে। তেওঁ কয় যে বান্ধটোক লৈ মানুহৰ মাজত যথেষ্ট ক্ষোভ আছে আৰু ই মধ্যপ্ৰদেশখনখনক বঞ্চিত কৰিব আৰু আনফালে চুবুৰীয়া উত্তৰ প্ৰদেশৰ লাভ হোৱাৰ সম্ভাৱনা আছে।
“বান্ধটোৰ ফলত লাখৰ ঘাইত গছৰ লগতে জীৱ-জন্তু পানীত বুৰি মৰিব। মানুহে (অৰণ্য নিবাসীসকলে) স্বতন্ত্ৰতা হেৰুৱাব। তেওঁলোক বেঘৰ (গৃহহাৰা) হৈ পৰিব। মানুহবোৰৰ মনত ক্ষোভ আছে, কিন্তু ৰাজ্য চৰকাৰে এইবোৰ দিশত গুৰুত্ব দিয়া নাই,” তিৱাৰীয়ে কয়।
“ক’ৰবাত তেওঁলোকে (ৰাজ্য চৰকাৰে) ৰাষ্ট্ৰীয় উদ্যান পাতিছে, ক’ৰবাত এইখন নদীৰ ওপৰত বান্ধ দিছে আৰু তাতে আকৌ …মানুহক বিস্থাপিত কৰিছে, আঁতৰাই পঠিয়াইছে…” ২০১৫ত পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ বাবে উমৰাৱনত নিজৰ ঘৰ-বাৰী এৰি আহিবলগীয়া হোৱা জনকা বাইয়ে কয়।
গোন্দ আদিবাসী লোক অধ্যুষিত উমৰাৱনৰ বাসিন্দা পঞ্চাশ বৰ্ষীয় জনকা বাইয়ে যথোচিত ক্ষতিপূৰণৰ বাবে যুঁজি থকাৰ এটা দশক হ’ল। “ৰাজ্য চৰকাৰে আমাৰ ভবিষ্যতক লৈ, আমাৰ সতি-সন্ততিৰ ভৱিষ্যতক লৈ চিন্তিত নহয়। তেওঁলোকে আমাক মুৰ্খ সাজিছে,” বাঘৰ বাবে চৰকাৰে লোৱা মাটিখিনিত এতিয়া এখন ৰিচ’ৰ্ট হ’ব, সেই কথা আঙুলিয়াই দি তেওঁ কয়।
*****
২০১৪ৰ ডিচেম্বৰত কেন-বেতৱা নদী সংযোগৰ প্ৰকল্পৰ কথা ঘোষণা কৰা হৈছিল যিটো আচলতে ৰাজহুৱা শুনানিৰ যোগেদি হ’ব লাগিছিল।
স্থানীয় লোকে কয় যে কোনো ৰাজহুৱা শুনানি হোৱা নাছিল, কেৱল উচ্ছেদৰ জাননী আহিছিল আৰু দিয়া হৈছিল মৌখিক প্ৰতিশ্ৰুতি। এয়া ভূমি অধিগ্ৰহণ, পুনৰ্সংস্থাপন আৰু পুনৰ্বসনত ন্যায্য ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ আইন , ২০১৩ (এলএআৰআৰএ)ৰ দেখ দেখ উলংঘা। আইনখনত বাধ্যতামূলক বুলি কোৱা হৈছে এইকথা: “ভূমি অধিগ্ৰহণ চৰকাৰী পত্ৰিকাত, স্থানীয় বাতৰিকাকতত, স্থানীয় ভাষাত প্ৰাংসগিক চৰকাৰী ছাইটত ঘোষণা কৰা উচিত।” এবাৰ সূচনা জাৰী কৰাৰ পিছত গ্ৰামসভাক এই উদ্দেশ্যে বৈঠক এখন আয়োজন কৰি জনাব লাগে।
“চৰকাৰে গাওঁবাসীক আইনখনত কোৱা ধৰণে জাননী দিয়া নাছিল। আমি ভালেকেইবাৰ সুধিছিলো, ‘আপোনালোকে কোনখন আইনৰ অধীনত এয়া কৰি আছে, আমাক কওক’,” সমাজকৰ্মী অমিত ভাটনাগৰে আঙুলিয়াই দিয়ে। এইবছৰ জুন মাহত তেওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গাওঁসভাৰ চহী থকা নথিৰ প্ৰমাণ বিচাৰি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছিল। তেওঁলোকক লাঠীচালনা কৰি খেদি পঠিওৱা হৈছিল।
“কওক আপোনালোকে কোনখন গাওঁসভাৰ মিটিং পাতিছে, নোৱাৰে ক’ব, কাৰণ আপোনালোকে পতা নাই,” আম আদমী পাৰ্টিৰ ভাটনাগৰে কয়। “দ্বিতীয়তে এই আঁচনিখন, আইনে কোৱাৰ দৰে মানুহৰ সন্মতি থাকিব লাগিব, যিটো তেওঁলোকৰ নাই। তৃতীয়তে তেওঁলোকক যদি পঠিওৱা হয়, ক’লৈ পঠিয়াব? এই সম্পৰ্কত আপোনালোকে একো কোৱা নাই, কোনো নটিচ কিম্বা তথ্য দিয়া নাই।”
কেৱল এলএআৰআৰএ-খনেই উপেক্ষা কৰা হোৱা নাই, ৰাজ্যিক বিষয়াবোৰে ৰাজহুৱা মঞ্চতো ভালেমান প্ৰতিশ্ৰুতি দিছিল। ধোদানৰ বাসিন্দা গুৰুদেৱ মিশ্ৰাই কয় যে সকলোৱে প্ৰৱঞ্চিত অনুভৱ কৰিছে। “বিষয়াসকলে কয়, ‘আপোনাক মাটিৰ বিনিময়ত মাটি দিম, পকীঘৰ দিম, নিয়োগৰ ব্যৱস্থা কৰি দিম। ঘৰৰ মৰমৰ জীয়ৰীজনীৰ বিয়া দিয়াৰ দৰেই পঠিয়াম’।”
গাঁৱৰ এখন অনানুষ্ঠানিক মেলত প্ৰাক্তন সৰপঞ্চজনে পাৰিৰ সৈতে কথা পাতিছে। “চৰকাৰে আমাক যিহৰ প্ৰতিশ্ৰুতি দিছে, জিলা উপায়ুক্তই (চতৰপুৰৰ), মুখ্যমন্ত্ৰী, প্ৰকল্পৰ (কেবিআৰএলপি)ৰ বিষয়াবৰ্গ আহোতে যি যি কথা দিছিল, সেয়াই আমি বিচাৰিছো,” তেওঁ কয়। “কিন্তু তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবোৰৰ এটাও ৰখা নাই।”
পিটিআৰ-ৰ পূৱ অংশত, গাডৰাত পৰিস্থিতিৰ কোনো ব্যতিক্ৰম নাই। “উপায়ুক্তই (পান্নাৰ) কৈছিল যে আপোনালোক যেনেকৈ আছে আপোনালোকৰ পুনৰ্সংস্থাপন কৰা হ’ব। আপোনালোকৰ সুবিধামতেই কৰা হ’ব। আমি এইখন গাওঁ আপোনালোকৰ বাবে গঢ়ি তুলিম,” অশীতিপৰ পৰোহৰে কয়। “তেওঁলোকে একোৱেই নকৰিলে আৰু আমাক এতিয়া এই ঠাই এৰি যাবলৈ কোৱা হৈছে।”
ক্ষতিপূৰণৰ পৰিমাণ কিমান সেয়াও স্পষ্ট নহয় আৰু বিভিন্ন পৰিমাণৰ কথা আলোচনা হৈ আছে। ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকীক ১২ৰ পৰা ২০ লাখ টকা দিয়াৰ কথা মানুহৰ মুখত শুনিব পোৱা গৈছে। মানুহে প্ৰশ্ন কৰিছে: “সেয়া ব্যক্তিয়ে প্ৰতি নে পৰিয়ালে প্ৰতি? যিবোৰ পৰিয়ালৰ মুৰব্বী মহিলা, তেওঁলোকৰ ক্ষেত্রত কি কৰা হ’ব? তেওঁলোকে মাটিৰ বাবদ আমাক পৃথকে ক্ষতিপূৰণ দিব নে? আমাৰ পশুধনৰ কি কৰিব? আমাক একো কথাই স্পষ্টকৈ কোৱা হোৱা নাই।”
ৰাজ্য চৰকাৰে ক্ষতিপূৰণৰ ক্ষেত্রত কি কাৰ্য্যপন্থা হাতত লৈছে, সেই সম্পৰ্কত মিছা মতাৰ লগতে স্বচ্ছতা নৰখাৰ ফলত পাৰিয়ে সাক্ষাৎ কৰা প্ৰতিখন গাঁৱৰেই মানুহে নাজানে তেওঁলোকে সমিধান বিচাৰি কাৰ ওচৰলৈ যাব, কেতিয়া যাব, তেওঁলোকৰ নিজৰ লগতে গৰু-ম’হ, ঘৰ-মাটিৰ ক্ষতিৰ বাবদ কিমান পৰিমাণৰ বা কি হাৰত ক্ষতিপূৰণ লাভ কৰিব। ২২ খন গাঁৱৰ মানুহে এনেকৈ দোদুল্যমান অৱস্থাতে দিন নিৰ্বাহ কৰি আছে।
বান্ধৰ পানীয়ে এসময়ত বুৰাই পেলবলগীয়া ধোদান গাঁৱত নিজৰ ঘৰৰ বাহিৰত বহি চিন্তিত অৱস্থাত থকা কৈলাশ আদিবাসীয়ে তেওঁ মাটিখিনিৰ মালিকীস্বত্ব দৰ্শাবলৈ পুৰণি ৰচিদ আৰু চৰকাৰী নথি-পত্ৰ উলিয়াই আনি দেখুৱায়। “সিহঁতে কয় যে মোৰ মাটিৰ পট্টা নাই। কিন্তু মোৰ হাতত এই ৰচিদখিনি আছে। মোৰ দেউতা, ককা আৰু আজোককা ইয়াতেই আছিল…তেওঁলোকৰ আছিল এই মাটি। মোৰ হাতত আটাইবোৰ ৰচিদ আছে।”
বন অধিকাৰ আইন অনুসৰি আদিবাসী বা অৰণ্য নিবাসী জনগোষ্ঠীৰ লোকক “যিকোনো স্থানীয় কৰ্তৃপক্ষ বা কোনো ৰাজ্য চৰকাৰে বনাঞ্চলৰ মাটিৰ পট্টা বা লীজ বা ভূমিদানৰ নথিৰ পৰিৱৰ্তন কৰি তাৰ বৈধ স্বত্ব প্ৰদান কৰিব পাৰে।”
কিন্তু কৈলাশৰ নথি-পত্ৰ ‘পৰ্য্যাপ্ত নহয়’ বুলি কৈ ক্ষতিপূৰণ দিয়াত অস্বীকাৰ কৰা হৈছে। “আমাৰ এই ঘৰ আৰু মাটিত আমাৰ অধিকাৰ আছে নে নাই, আমি ভালদৰে নাজানো। আমি ক্ষতিপূৰণ পাম নে নাই, সেই কথাও আমাক কোৱা হোৱা নাই। তেওঁলোকে আমাক খেদি পঠিয়াব বিচাৰে। কোনেও আমাৰ কথা নুশুনে।”
বান্ধৰ আৱদ্ধ পানীয়ে ১৪ খন গাওঁ জলমগ্ন কৰি পেলাব আৰু আন আঠখন গাওঁ চৰকাৰে বন বিভাগক ক্ষতিপূৰণ হিচাপে গতাইছে
চুবুৰীয়া গাওঁ পালক’হাত যুগল আদিবাসীয়ে ব্যক্তিগতভাৱে কথাখিনি ক’ব বিচাৰে। “পটৱাৰি (মুখিয়াল)জনে কয় যে আপোনাৰ পট্টাৰ তথ্য আমাৰ হাতত নাই,” আমি গাওঁখনৰ বৈঠককেন্দ্ৰৰ পৰা আঁতৰি আহো মানে তেওঁ কয়। “গাওঁখনৰ আধাখিনি মানুহে কিছু ক্ষতিপূৰণ পাইছে আৰু বাকীখিনিয়ে পোৱা নাই।” বাৰ্ষিক প্ৰব্ৰজনৰ সময় সমাগত, কিন্তু তেওঁ যাবলৈ ভয় কৰিছে, জানোচা পাবলগীয়া ক্ষতিপূৰণ নাপায়। তেতিয়া তেওঁ সন্তানকেইটাৰ ভৱিষ্যত সংকটত পৰিব।
“সৰু থাকোতে মই সেই মাটিত খেতি কৰিছিলো আৰু হাবিলৈ গৈছিলো,” তেওঁ মনত পেলায়। কিন্তু যোৱা ২৫ টা বছৰত গোটেই হাবিখন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চললৈ ৰূপান্তৰ কৰাৰ ফলত হাবিত সোমোৱাটো নিষিদ্ধ কৰা হৈছে, ফলত আদিবাসী লোকে উপায়ন্তৰ হৈ দিনহাজিৰাৰ কামৰ বাবে প্ৰব্ৰজন কৰিবলগীয়া হৈছে।
গাওঁখনৰ বিস্থাপিত হ’বলগীয়া মহিলাখিনিও উচিত ক্ষতিপূৰণৰ কথাক লৈ আঁকোৰগোঁজ। “(প্ৰধানমন্ত্ৰী) মোদীয়ে সদায় ‘মহিলাৰ বাবে এইখন আঁচনি, সেইখন আঁচনি কৰি থাকে।’ আমাক সেইবোৰ নালাগে। আমাক আমাৰ অধিকাৰ লাগে,” ৰবিদাস সম্প্ৰদায়ৰ (দলিত) পালখোৱাৰ খেতিয়ক চুন্নি বাইয়ে কয়।
“কিয় কেৱল পুৰুষে পেকেজ (ক্ষতিপূৰণ) পাব পাৰে, মহিলাই কিয় একো নাপাব? কিহৰ ভিত্তিত চৰকাৰে এই আইন আনিছে?” এক পুত্ৰ আৰু দুই জীয়ৰীৰ মাতৃ এইগৰাকী মহিলাই কয়। “গিৰীয়েকৰ সৈতে কাজিয়া লাগিলে মহিলা এজনীয়ে অকলে যদি ল’ৰা-ছোৱালীকেইটাক চাবলগীয়া হয়, কেনেকৈ চাব? এই নতুন কথাবোৰো চৰকাৰে বিবেচনা কৰা উচিত আছিল…কাৰণ মহিলা এগৰাকীয়েও ভোট দিয়ে।”
*****
“জল, জীৱন, জংগল ঔৰ জানৱৰ (জল, জীৱন, জংগল আৰু জীৱ-জন্তু) - এইবোৰৰ বাবে আমি যুঁজি আছো,” তাৰে মানুহে পাৰিক কয়।
ধোদানৰ গুলাব বাইয়ে আমাক তেওঁৰ বহল চোতালখন দেখুৱাই কয় যে তেওঁ কেৱল ঘৰটোৰহে ক্ষতিপূৰণ পাব, কিয়নো ঘৰৰ বেৰৰ আওতাত চোতালখন আৰু পাকঘৰটো নাহে। ষাঠি বছৰীয়া গুলাব বাইয়ে পিছ হোঁহকি অহা নাই। “আদিবাসীসকলে (মোৰ দৰে) শাসন (প্ৰশাসন)ৰ পৰা একো পোৱা নাই। মই ইয়াৰ পৰা ভূপাললৈকে (ৰাজ্যখনৰ ৰাজধানী) যুঁজি যাম। মোৰ গাত বল আছে। আগতে গৈছো তালৈ। ভয় কৰিবলৈ নাই। আন্দোলনৰ বাবে মই সাজু।”
কেবিআৰএলপি-ৰ বিৰুদ্ধে প্ৰতিবাদৰ উকমুকনি দেখা পোৱা গৈছিল ২০১৭ত গাঁৱৰ মেলে-মিটিঙে। ২০২১ৰ ৩১ জানুৱাৰীত এই প্ৰতিবাদে গতি লয় আৰু এলএআৰআৰএ অৱমাননা কৰাৰ প্ৰতিবাদত প্ৰায় ৩০০ৰো অধিক মানুহ চতৰপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গোট খায়। তিনিখন জল সত্যাগ্ৰহ আন্দোলনৰ প্ৰথমখন হয় ২০২৩ৰ গণতন্ত্ৰ দিৱসৰ দিনা। এই জল সত্যাগ্ৰহত (পানী সংক্ৰান্ত কাৰণত ৰাইজে কৰা প্ৰতিবাদ) পিটিআৰ-ৰ ফলত নিজৰ সাংবিধানিক অধিকাৰ খৰ্ব হোৱাৰ ক্ষোভ ব্যক্ত কৰি ১৪ খন গাঁৱৰ পৰা সহস্ৰাধিক লোকে ভাগ লয়।
তেওঁলোকৰ ক্ষোভৰ তাপ গৈ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় পাইছেগৈ, যিগৰাকীয়ে যোৱাবছৰ বান্ধটো উন্মোচন কৰিবলৈ ধোদানলৈ নাহিল, কিন্তু এইজন প্ৰতিবেদকে কথাখিনিৰ সত্যাসত্য বিচাৰ কৰিব নোৱাৰিলে।
২০২৩ৰ আগষ্টতে নিবিদা প্ৰক্ৰিয়া আৰম্ভ হোৱা প্ৰকল্পটোক বিতৰ্কই ঘেৰি ধৰিছে। নিবিদা আহ্বান কৰা স্বত্বেও কোনো আগবাঢ়ি অহা নাই। সেয়ে ছমাহলৈ নিবিদা দাখিলৰ সময়সীমা বঢ়োৱা হৈছে।
ৰাজ্য চৰকাৰে ক্ষতিপূৰণৰ ক্ষেত্রত কি কাৰ্য্যপন্থা হাতত লৈছে, সেই সম্পৰ্কত মিছা মতাৰ লগতে স্বচ্ছতা নৰখাৰ ফলত পাৰিয়ে সাক্ষাৎ কৰা প্ৰতিখন গাঁৱৰেই মানুহে নাজানে তেওঁলোকে সমিধান বিচাৰি কাৰ ওচৰলৈ যাব, কেতিয়া যাব, তেওঁলোকৰ নিজৰ লগতে গৰু-ম’হ, ঘৰ-মাটিৰ ক্ষতিৰ বাবদ কিমান পৰিমাণৰ বা কি হাৰত ক্ষতিপূৰণ লাভ কৰিব
*****
“কেন্দ্ৰীয় ভাৰতত খুব কম মানুহে জলবায়ু পৰিৱৰ্তন সম্পৰ্কে কথা পাতে, কিন্তু ইয়াত আমি অতিবৃষ্টিৰ লগতে খৰাং বতৰৰ ঘটনা বাঢ়ি অহা দেখিছো, যি দুয়োটাই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ চিন,” পৰিস্থিতিতন্ত্ৰবিদ কেলকাৰে কয়। “কেন্দ্ৰীয় ভাৰতৰ প্ৰায়ভাগ নদীতেই জলবায়ু পৰিৱৰ্তনৰ ফলত সোঁতৰ ত্বৰণ ঘটিছে, কিন্তু সেয়া বেছিদিন নিটিকে। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে উদ্বৃত্ত পানীৰ ধাৰণা গঢ় লৈ উঠিছে যদিও বৰ্তমানৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত এয়া দেখ দেখ কথা যে তেনে পৰিকল্পনা নিটিকে।”
তেওঁ এই লৈ সতৰ্ক কৰি দিয়ে যে এনে হ্ৰস্বম্যাদী পৰিৱৰ্তনক ভৰসা কৰি যদি নদী সংযোগ কৰা হয়, অঞ্চলটোৱে ভৱিষ্যতে গুৰুতৰ খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বাঢ়িব।
থক্কৰে আৰু এটা দিশত সতৰ্ক কৰি দিব খোজে যে প্ৰাকৃতিক অৰণ্যৰ ইমান ডাঙৰ অঞ্চল এটা ধ্বংস কৰাটো জলবিজ্ঞানৰ দিশৰ পৰাও সমস্যাজনক। ই এক ভয়ংকৰ ভুল বুলি তেওঁ কয়। “উচ্চতম ন্যায়ালয়ৰ চেন্ট্ৰেল এমপাৱাৰ্ড কমিটিয়ে এই বিষয়ত আলোকপাত কৰিছে, কিন্তু সেই প্ৰতিবেদন সৰ্বোচ্চ ন্যায়ালয়খনে বিবেচনা কৰা নাই।”
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি), মুম্বাইয়ে ২০২৩ত নদী সংযোগ বিষয়ত নেচাৰ কমিউনিকেচনত প্ৰকাশ কৰা এক গৱেষণাপত্ৰতো সতৰ্ক কৰি দিছে: “সংযোগী পথেৰে বোৱাই অনা পানী অধিককৈ জলসিঞ্চনত ব্যৱহাৰ হ’লে ছেপ্টেম্বৰ মাহত ইতিমধ্যে জল সংকটত ভূগি থকা অঞ্চলবোৰত গড় বৃষ্টিপাত ১২ শতাংশলৈ কমিব...ছেপ্টেম্বৰত এনেকৈ জলকণাৰ পতন কমাৰ ফলত বাৰিষাৰ পিছৰ অৱস্থা অধিক শুষ্ক হৈ পৰিব পাৰে, যিয়ে দেশখনত পানীৰ সংকট বঢ়াব আৰু নদী সংযোগ ব্যৱস্থাক অচল কৰি তুলিব।”
প্ৰকল্পটো যিটো সংস্থাৰ অধীনত আছে, ৰাষ্ট্ৰীয় জল উন্নয়ন সংস্থা (এনডব্লিউডিএ) – এই সংস্থাই যি তথ্য ব্যৱহাৰ কৰিছে সেয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহাই দি বিজ্ঞানীসকলৰ সৈতে ভাগ-বতৰা কৰা হোৱা নাই, হিমাংশু থক্কৰে কয়।
২০১৫ত যেতিয়া বান্ধটোৰ সম্ভাৱনীয়তা দেখি থক্কৰ আৰু এছএএনডিআৰপিৰ আনসকলে পাৰিপাৰ্শ্বিক মূল্যায়ন কমিটি (ইএচি)লৈ ভালেকেইখন পত্ৰ লিখিছে। ‘কেন-বেতৱা নদীসংযোগ প্ৰকল্পৰ ক্ৰুটিপূৰ্ণ পাৰিপাৰ্শ্বিক প্ৰভাৱ মূল্যায়ন আৰু ৰাজহুৱা শুনানিৰ উলংঘা’ শীৰ্ষক এনে এখন পত্ৰত কোৱা হৈছে, “প্ৰকল্পটোৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ মূল্যায়নেই ভুল, আধৰুৱা আৰু ৰাজহুৱা শুনানিৰ ক্ষেত্ৰত বহুখিনি নিয়ম উলংঘা কৰা হৈছে। এনে অপৰ্য্যাপ্ত অধ্যয়নেৰে প্ৰকল্পটোক অনুমতি দিয়াটো কেৱল ভুলেই নহয়, আইনী দিশৰ পৰাও অগ্ৰহণীয়।”
এইখিনি সময়তে প্ৰায় ১৫ৰ পৰা ২০ লাখ গছ কটা হৈছে। ক্ষতিপূৰণৰ কোনো স্পষ্টতা নথকাকৈয়ে উচ্ছেদৰ ভাবুকি আহি আছে। খেতি বন্ধ। খেতিয়কে উপায় নাপাই দিনহাজিৰাৰ বাবে বাহিৰলৈ কাম কৰিবলৈ ওলাই যোৱা মানে ক্ষতিপূৰণৰ নামত পাবলগীয়া দুপইচা হাতত নপৰাৰ আশংকা।
চুন্নি বাইয়ে এই আটাইখিনি সাঙুৰি কৈছে: “আমি সৰ্বস্ব হেৰুৱাইছো। সিহঁতে সকলো নিছে। সিহঁতে আমাক সহায় কৰা উচিত আছিল। কিন্তু সিহঁতে তাৰ পৰিৱৰ্তে কয়, ‘এয়া পেকেজ, ফৰ্মখনত চহী কৰক, পইচা লওক আৰু আঁতৰি যাওক।’”
অনুবাদ: পংকজ দাস