ওচৰতে থকা এপাৰ্টমেণ্টবিলাকৰ পৰা সমিতাৰ ঘৰলৈ কাপোৰৰ টোপোলাবিলাক অনা-নিয়া বন্ধ হৈ পৰিল। ৱাড়া চহৰৰ অশোকবন এপাৰ্টমেণ্টৰ চৌহদত থকা পৰিয়ালবিলাকৰ নানা ধৰণৰ কাপোৰ দুমাহৰ আগলৈকে সদায় পুৱা সমিতাই নিয়মীয়াকৈ লৈ আহিছিল। এই চহৰৰে ভানুশালি পাৰাত থকা নিজৰ ঘৰলৈ প্ৰায় দুই কিলোমিটাৰ দূৰ বাট সমিতাই কাপোৰবিলাক মূৰত বা হাতত লৈ আহে। ঘৰত কাপোৰবিলাক ইস্ত্ৰী কৰি ভালকৈ ভাঁজ দি জাপি একেদিনাই সন্ধিয়া পুনৰ সেই পৰিয়ালবিলাকক গতাই দিয়ে।
তলাবন্ধ আৰম্ভ হোৱাৰ পৰা মই একেবাৰে কাম নোপোৱা হ’লো, ৩২ বছৰীয়া সমিতা ম’ৰেই ইস্ত্ৰী কৰিবলগীয়া কাপোৰবিলাক দেখুৱাই কয়। ২৪ মাৰ্চত তলাবন্ধ ঘোষণা কৰাৰ সময়লৈকে দৈনিক কমেও চাৰিঘৰৰ কাপোৰ ইস্ত্ৰীৰ কাম পাইছিল। এতিয়া সপ্তাহত এটা বা দুটা কাম পাবলৈ ধৰিছে। দৈনিক ১৫০-২০০ টকাৰ উপাৰ্জন গুছি এপ্ৰিল মাহত সপ্তাহত ১০০ টকা হৈছে, কামিজ বা লংপেণ্ট আদিৰ ক্ষেত্ৰত একোটাত পাঁচ টকা আৰু শাড়ী ইস্ত্ৰী কৰিলে এখনত ৩০ টকাকৈ লৈছিল। ‘এই সামান্য উপাৰ্জনেৰে মই কেনেকৈ জীয়াই থাকিম?’ তেওঁ কয়।
সমিতাৰ স্বামী ৪৮ বছৰীয়া সন্তোষে অটোৰিক্সা চলাইছিল। কিন্তু এদিন ৱাড়াৰ ওচৰতে টেম্পো চলাই গৈ থাকোতে কোনোবাই শিলগুটি মাৰি দিয়াৰ ফলত ২০০৫ চনত তেওঁ এটা চকুৰ দৃষ্টিশক্তি হেৰুৱায়। ‘মই কাপোৰ ইস্ত্ৰী কৰি পত্নীক সহায় কৰি দিও, কাৰণ মই কৰিবপৰা আন কাম নাই। প্ৰতিদিনে কমেও চাৰি ঘণ্টাকৈ কাপোৰ ইস্ত্ৰী কৰিবলৈ থিয় হৈ থকাৰ ফলত মোৰ ভৰিৰ বিষ হয়,’ তেওঁ কয়।
১৫ বছৰ ধৰি সন্তোষ আৰু সমিতাই কাপোৰ ইস্ত্ৰী কৰি আহিছে। ‘তেওঁৰ দুৰ্ঘটনাৰ পিছত আমাক খাবলৈ আৰু ল’ৰাদুটাক স্কুললৈ পঠাবলৈ টকা লাগে, তেতিয়া মই এইটো আৰম্ভ কৰিলো। কিন্তু এই তলাবন্ধ আমাৰ বাবে অতি বেয়া,’ সমিতাই কয়। যোৱা কেইটামান সপ্তাহত পৰিয়ালটোৰ সামান্য সাঁচতীয়া টকাকেইটাও শেষ হ’ল আৰু খাদ্যসামগ্ৰী কিনিবলৈ আৰু মাহে কমেও ৯০০ টকাৰ বিদ্যুতৰ মাচুল দিবলৈ সম্পৰ্কীয় লোকৰ পৰা ৪০০০ টকা ধাৰে ল’বলগা হৈছে।






