বৈশালী য়েডেয়ে তাইৰ গাঁওখনৰ বাটত খৰখেদা খোজ দিছে, মানুহক মিচিকীয়া হাঁহিৰে সম্ভাষণ জনাইছে আৰু সমৰ্থনৰ বাবে অনুৰোধ জনাইছে। ‘মি তুমচিচ্ মুলগি আহো (মই আপোনালোকৰেই জীয়ৰী),’ তাই স্থানীয় বাৰহাদী ভাষাত হাতজোৰ কৰি গঞাক কৈছে।
তাইৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি তাই সন্তোষ পাইছে কিন্তু ‘মাহয়াবাৰ লাকচ্ অছুদ্য জী’ (মোক আপোনালোকৰ প্ৰাৰ্থনা আৰু ভাৱনাত ৰাখক)বুলি কোৱা কথাষাৰ কৃষি বৈধব্যৰ চিকাৰ হোৱা মহিলাসকলৰ কথা আৰু গিৰীয়েকবোৰৰ আত্মহত্যাৰ পিছত তেঁওলোকৰ মানসিক আৰু আৰ্থিক বিপৰ্যয়ৰ ছবিখন যাতে গঞাই পাহৰি নাযায় তাৰবাবেও একধৰণৰ গোহাৰি।
মাজে-সময়ে ২৮ বৰ্ষীয় বৈশালীয়ে হাউলি বয়সস্থজনৰ আশীৰ্বাদো লৈছে। ছোৱালীবোৰৰ সৈতে হাত মিলাইছে। দমকলৰ পানী নিবলৈ গোট খোৱা মহিলাবোৰলৈ হাত জোকাৰি অভিবাদন জনাইছে। তাৰপিছত তাই ছয়-সাতখন গাড়ীৰে ৰৈ থকা মিচিলটোৰ এখনত বহিছেগৈ আৰু ৪২ ডিগ্ৰী উষ্ণতাৰ প্ৰখৰ ৰ’দত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আন এখন গাঁৱলৈ ঢাপলি মেলিছে।
পূৱ মহাৰাষ্ট্ৰৰ য়াভাটমাল-ৱাচিম সমষ্টিৰ পৰা ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বৈশালী অৱতীৰ্ণ হৈছে। প্ৰায় ১৭.৫ লাখ ভোটাৰে ১১ এপ্ৰিলৰ দিনা ভোট দিব। অমৰাৱতী জিলাৰ অচলপুৰৰ ৪৮ বৰ্ষীয় বিধায়ক ওমপ্ৰকাশ (বাচ্ছু) কাডুৰ নেতৃত্বাধীন স্থানীয় ৰাজনৈতিক দল প্ৰহৰ জনশক্তি পক্ষৰ তৰফৰ পৰা বৈশালীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। কৃষক আৰু কৃষিশ্ৰমিকৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাচ্ছুৰ দলটোৱে বিদৰ্ভত ধীৰে ধীৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
![Vaishali, the nominee of the Prahar Janshakti Paksha, a local political party, is campaigning in Yavatmal-Washim](/media/images/DSC02886.max-1400x1120.jpg)
![Vaishali, the nominee of the Prahar Janshakti Paksha, a local political party, is campaigning in Yavatmal-Washim](/media/images/DSC02880.max-1400x1120.jpg)
প্ৰহৰ জনশক্তি পক্ষ নামৰ স্থানীয় ৰাজনৈতিক দলটোৰ মনোনীত প্ৰাৰ্থী বৈশালীয়ে য়াভাটমাল-ৱাচিমত প্ৰচাৰ চলাইছে, তাতে ১১ এপ্ৰিলৰ দিনা ভোটদান হ’ব
প্ৰায় দুটা দশকত গুৰুতৰ ৰূপ ধাৰণ কৰা কৃষি সংকটৰ চিকাৰ হোৱা য়াভাটমাল হৈছে বিদৰ্ভৰ কৃষক আত্মহত্যাৰ কেন্দ্ৰস্বৰূপ। ঋণৰ বোজা বব নোৱাৰি আৰু আয় হোৰহোৰাই নামি অহাৰ লগতে গ্ৰামীণ অৰ্থনীতি স্থবিৰ হৈ পৰাৰ ফলত কঁপাহ আৰু ছয়াবিনৰ খেতি কৰা শৰো অধিক কৃষকে এই জিলাখনত আত্মহত্যা কৰিছে।
‘আজি আমি ৰালেগাঁও সাক্ষাৎ কৰিম,’ বৈশালীয়ে কয়, ‘কাইলৈ ৱাচিমলৈ ৰাওনা হ’ম।’ এয়া অসম্ভৱ, সমষ্টিটোৰ ২০০০ খন গাঁও আৰু চহৰ সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰি থোৱা কথাটোলৈ আঙুলিয়াই তাই কয়। সেয়ে বৈশালীয়ে খুব কম ঠাইতহে ৰাজহুৱাকৈ মেল পাতিছে।
২০০৯ৰ কথা, সুধাকৰ য়েডেলৈ বিয়া হোৱাৰ সময়ত বৈশালীৰ বয়স কোনোমতে ১৮ হৈছিল। গিৰীয়েক ঢুকাওতে তাই বয়স আছিল ২০। বৈশালীৰ নিজা গাঁও ডংগাৰখাৰদাৰ পৰা প্ৰায় ২০ কিলোমিটাৰমান দুৰৰ য়াভাটমালৰ কালাম্ব নামে একেখন টেহচিলৰ ভিতৰতে পৰে গিৰীয়েকৰ গাঁওখন। তাতে গিৰীয়েকে তিনি একৰ শুকান মাটিত কঁপাহ আৰু ছয়াবিনৰ খেতি কৰিছিল। ২০১১ৰ ২ অক্টোবৰৰ দিনা তেঁও আত্মহত্যা কৰে। সিদিনা বৈশালী মাকৰ ঘৰত আছিল। তাইৰ দ্বিতীয়টো সন্তান জাহ্নৱীৰ কেইদিনমান আগেয়ে জন্ম হৈছিল আৰু পুত্ৰ কুনাল ডেৰ বছৰীয়া হৈছিল মাত্ৰ। ‘বিহ খাই মোৰ গিৰীয়ে আত্মহত্যা কৰিলে বুলি খবৰ আহিল,’ তাই সুঁৱৰিলে। ‘মোৰ কথা, আমাৰ ল’ৰা-ছোৱালীহালৰ কথা তেঁও নাভাবিলে, তেনেকৈয়ে এৰি গ’ল।’ কিহৰ শোকে তেঁওক মাৰিলে সেয়া নাজানিলো, ঋণ আছিল, সেই বছৰ খেতিও অথলে গৈছিল...তাই কয়।
অন্য প্ৰতিদ্বন্দীসকল খুবেই শক্তিশালীঃ চাৰিবাৰকৈ সাসংদ হোৱা শিৱসেনাৰ ভাৱনা গাৱালি আৰু কংগ্ৰেছৰ হৈ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ উপাধ্যক্ষ মানিকৰাও থাকৰে
বৈশালীক নিৰ্বাচনী যুঁজত নমাই দলটোৱে য়াভাটমাল আৰু ৱাচিমৰ গাওঁ পঞ্চায়ত, নগৰ পঞ্চায়ত আৰু জিলা পৰিষদত খোপনি মজবুত কৰাৰ পৰিকল্পনা কৰিছে। বৈশালীয়ে পোৱা ভোটৰ সংখ্যা, কোন কোন ভোটকেন্দ্ৰৰ পৰা ভোট পাইছে তাৰে পৰাই বৈশালীক সমৰ্থন কৰা মানুহৰ আভাস পোৱা যাব আৰু কাক ক’ত স্থানীয় নিৰ্বাচনী যুঁজত নমাব সেয়া বুজা যাব।
‘মই এয়া কৰিব খোজা নাছিলো, কিন্তু যেতিয়া বাচ্চু ভাওৱে ক’লে যে কৃষকৰ আত্মহত্যাৰ ঘটনা কমা নাই আৰু নিৰ্বাচন খেলি মই কৃষকৰ সমস্যাৰ কথা দাঙি ধৰিব লাগিব, তেতিয়া মই এই সিদ্ধান্ত ল’লো’, বৈশালীয়ে কয়। ‘মই ৰাজনীতিৰ কাৰণে নহয়, সমাজকৰ্মৰ বাবেহে নিৰ্বাচন খেলিছো।‘
ৰেলী আৰু সভাত বৈশালীয়ে কৃষকক তাইক সংসদলৈ নিৰ্বাচিত কৰি পঠিয়াবলৈ আহ্বান জনাইছে যাতে তাই শস্যৰ বাবে উচিত দাম, মহিলা কৃষি শ্ৰমিকলৈ উচিত পাৰিশ্ৰামিক আৰু কৃষি বিধবা আৰু পৰিয়ালৰ কল্যাণ আদি বিষয় ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰিব পাৰে। কৃষক সম্প্ৰদায়বোৰত সুৰাসক্তিও এক সমস্যাৰ ভিতৰত পৰে বুলি বৈশালীয়ে কয়। সেয়ে তাই য়াভাটমালত সুৰা নিষেধ কৰিব বিচাৰে। মহিলাক যদি দুখ-যাতনা আৰু হিংসাৰ পৰা উদ্ধাৰ কৰিবলৈ হ’লে সুৰা নিষেধ কৰাটো অত্যন্ত জৰুৰী। জনজাতীয় সম্প্ৰদায়বোৰত পুৰুষৰ হাতত যৌন আতিশায্যৰ বলি হোৱা আৰু এলাগী হোৱা (এনে বহুতো ঘটনাৰ প্ৰতিবেদন স্থানীয়ভাৱে পোৱা গৈছে) ছোৱালীৰ পুনৰ্সংস্থাপনৰ বিষয়কো তাই বিশেষ অগ্ৰাধিকাৰ দিব বুলি তাই কয়।
অন্য প্ৰতিদ্বন্দীসকল খুবেই শক্তিশালীঃ চাৰিবাৰকৈ সাসংদ হোৱা শিৱসেনাৰ ভাৱনা গাৱালিয়ে পুনৰ্নিবাচন হোৱাটো বিচাৰিছে। কংগ্ৰেছৰ হৈ অৱতীৰ্ণ হোৱা মহাৰাষ্ট্ৰ বিধান পৰিষদৰ উপাধ্যক্ষ তথা মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন অধ্যক্ষ মানিকৰাও থাকৰেয়ে তাইৰ প্ৰমুখ প্ৰতিদ্বন্দী হৈ থিয় দিছে।
![Vaishali, the nominee of the Prahar Janshakti Paksha, a local political party, is campaigning in Yavatmal-Washim](/media/images/DSC02859.max-1400x1120.jpg)
![Omprakash (Bachchu) Kadu (right, addressing the crowd), an Independent MLA from Amravati, urged Vaishali to contest. His Paksha is gaining popularity in Vidarbha by focussing on agrarian issues](/media/images/DSC02866.max-1400x1120.jpg)
বৈশালীক নিৰ্বাচন খেলিবলৈ অমৰাৱতীৰ নিৰ্দলীয় বিধায়ক ওমপ্ৰকাশ (বাচ্ছু) কাডুৱে (সোঁফালে ভীৰক সম্বোধন কৰি থকাজন) আহ্বান জনাইছিল। কৃষি সংকটৰ ওপৰত মনোনিৱেশ কৰি তেওঁৰ প্ৰহৰ দলে বিদৰ্ভত জনপ্ৰিয়তা অৰ্জন কৰিছে
‘এই ডাঙৰ নেতাবোৰক আপোনালোকে জয়ী কৰিব আৰু সিহতে আপোনালোকক পাহৰিব,’ ডংগাৰখাৰদাত এখন্তেক ৰোৱা কাডুৱে একত্ৰ গঞাক উদ্দেশ্যী ক’লে। ‘কিন্তু আপোনালোকে যদি নিজৰ জীয়ৰীজনীক সমৰ্থন দিয়ে, তেন্তে তাই সকলো সময়তে আপোনালোকৰ কাম হৈ কাম কৰিব।’
বৈশালীয়ে পুৱাৰ ভাগত কৃষি শ্ৰমিক হিচাপে কাম কৰে। পিছবেলা ৰাজুৰ গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰত সহায়ক হিচাপে কাম কৰে আৰু সন্ধ্যা অলপ অতিৰিক্ত আয়ৰ বাবে চিলাই মেচিনত কাপোৰ চিলায়। মাহে ৭-৮ হাজাৰ টকা তাই আৰ্জে। ‘যোৱা ন বছৰে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছে,’ তাইক এতিয়া পূৰ্ণ সমৰ্থন আগবঢ়াই অহা ডাঙৰ ভায়েক সঞ্জয়ে কয়।
বৈশালীৰ শাহু-শহুৰ য়েডে পৰিয়ালটো খুবেই ডাঙৰ, ৰাজোৰত থাকে। পৰিয়ালটোত ৫০ টা ঘৰেই আছে, তাইৰ ভাই-শহুৰে কয়। বৈশালীৰ মাকৰ ঘৰখন ভূমিহীন পৰিয়ালৰ। তাইৰ পিতা মানিকৰাও ধোতে এগৰাকী ৰাজ-মিস্ত্ৰী আৰু মাতৃ চন্দ্ৰকলা এগৰাকী কৃষি শ্ৰমিক। সঞ্জয় আৰু সৰু ভায়েক বিনোদ প্ৰবাসী শ্ৰমিক। মানিকৰাওৰ ডংগাৰখাৰদাত এটা সৰু ঘৰ আছে। ঘৰটোৰ এটা ভাগত সঞ্জয়ৰ সৈতে তেওঁৰ পত্নি-পুত্ৰ থাকে আৰু আনটো ভাগত বৈশালী মাক-দেউতাক থাকে। বৈশালী আৰু তাইৰ প্ৰথম শ্ৰেণীত পঢ়ি থকা জীয়ৰীজনী ৰাজোৰত শাহুৱেক পঞ্চফুলা চেচাৰাও য়েডেৰ সৈতে থাকে।
‘বৈশালীক নিৰ্বাচনত থিয় দিয়া দেখাটো আমাৰ কাৰণে কল্পনাৰো অগোচৰ’, তাইৰ দেউতাকে কয়। ‘তাই ভাল ভোট পাব বুলি আমাৰ বিশ্বাস, খেতিয়কে তাইক ভোট দিব।’
![Vaishali with her son Kunal, and parents Manikrao and Chandrakala Dhote at their modest home in Dongarkharda, Yavatmal.](/media/images/DSC02870.max-1400x1120.jpg)
![Vaishali with her daughter Janhavi at her in-laws house in Rajur village](/media/images/IMG-20190403-WA0001.max-1400x1120.jpg)
বাওফালেঃ পুত্ৰ কুনাল, মাক-দেউতাক মানিকৰাও আৰু চন্দ্ৰকলা ধোতেৰ সৈতে য়াভাটমালৰ ডংগাৰখাৰদাত বৈশালী। সোঁফালেঃ ৰাজোৰ গাঁৱৰ শাহুৱেকৰ ঘৰত জীয়ৰী জাহ্নৱীৰ সৈতে
কিন্তু তাইৰ প্ৰাৰ্থীত্বক লৈ বহুতকে দুই নাৱত দুই ভৰি দিয়া লেখীয়া কৰিছে। ‘মোৰ আকৌ বেলেগ ধৰণৰ কথা এটাহে মনলৈ আহিছে,’ ডংগাৰখাৰদাৰ ৩০ বৰ্ষীয় চৰপঞ্চ নিচ্ছল থাকৰেয়ে কয়। আমি আৱেগৰ বশৱৰ্তী হৈ বৈশালীৰ কাৰণে প্ৰচাৰ চলাম নে বাস্তৱিক দিশলৈ চাই ৰাস্তা-ঘাট, পানীযোগান আৰু জলসিঞ্চন আদিকে ধৰি বৃহত্তৰ উন্নয়নৰ প্ৰতি চকু দিয়া উচিত? ‘কাৰণ মই নিজেই যেতিয়া মোক গাঁৱৰ মানুহে পুনৰ বাচনি কৰাৰ বাবে আহ্বান জনাম তেতিয়া গাঁৱৰ মানুহে মই কি কৰিলোঁ তাৰে খতিয়ান বিচাৰিব,’ তেওঁ কয়। য়াভাটমাল-ৱাচিম লোকসভা সমষ্টিৰ আসনখনত প্ৰভূত্ব থকা প্ৰাৰ্থীয়ে জয়ী হ’ব পাৰে বুলি দৰাচলতে তেওঁ ইংগিত দিছে। ইয়ে মহাৰাষ্ট্ৰত ছমাহ পিছত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচন আৰু তাৰ পিছে পিছে থকা উপনিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে। ‘আপুনি যদি সোঁতত উটি যায়, তেন্তে গাঁৱৰ উন্নয়নৰ কাৰণে পুঁজি পোৱাটো সহজ হৈ পৰে।’
থাকৰে বিজেপি-শিৱসেনাৰ স্থানীয় নেতাৰ সৈতে ঘনিষ্ঠ, কিন্তু বৈশালী যে তেওঁৰ নিজৰ কুনৱি জাতিৰ খাইৰে কুনবি মহিলা, যিটো জনজাতি য়াভাটমাল জিলাৰ সেই অঞ্চলত খুবেই প্ৰভাৱশালী, সেই কথা থাকৰেয়ে উলাই কৰিব পৰা নাই।
বিয়াগোম আৰু পূৰ্বধাৰণাৰে অলংকৃত নেতাৰ মাজত বৈশালী তেনেই ধনহীন আৰু শক্তিহীন। নিৰ্বাচনৰ পিছত তাই আকৌ সেই মুৰৰ ঘাম মাটিত পেলোৱা শ্ৰমিকৰ জীৱনেই কটাব লাগিব বুলি তাই কয়। সদ্যহতে তাই সমষ্টিটোৰ যিমান পাৰে সিমান মানুহক ঢুকি পোৱাৰ চেষ্টা কৰিছে। কৃষকৰ মাজৰ পৰাই কোনোবাই মাত নলগালে কৃষকৰ সমস্যাৰ কেতিয়াও সমাধান নহয়, তাই কয়। ‘কৃষক আৰু মহিলাৰ সমস্যাবোৰৰ বিষয়ে মোতকৈ বেছি কোনে জানে? মই নিৰ্বাচিত হ’লে সংসদত মই মোৰ নিজৰ মানুহখিনিৰ সমস্যা দাঙি ধৰিম।’
অনুবাদঃ পংকজ দাস