কামৰ কাৰণে কিমানখন গাঁৱলৈ গৈছে মঙলা হৰিজনে তাৰ হিচাপ দিছে। “কাঞ্চুৰ, কুৰাগুণ্ড, ক্যাতানাকেৰি…এবাৰ মই ৰট্টিহালিলৈকেও গৈছো,” কৰ্ণাটকৰ হাভেৰি জিলাৰ হিৰেকেৰুৰ তালুকত গাঁৱৰ নামবোৰ তেওঁ গণি যায়। কৃষিশ্ৰমিক হিচাপে মঙলাই আওহতীয়া গাওঁখনৰ পৰা ১৭-২০ কিলোমিটাৰ নিতৌ অহা-যোৱা কৰে।

“মই যোৱা দুবছৰ ধৰি কনানতালিলৈ গৈ আছো,” তেওঁ মোক কয়। কনানতালি আৰু মঙলাৰ গাওঁ মেনাচিনাহাল দুয়োখনেই হাভেৰিৰ ৰাণীবেন্নুৰ তালুকৰ অন্তৰ্গত। তাৰপৰা হিৰেকেৰুৰ তালুকৰ দূৰত্ব প্ৰায় ৩৫ কিলোমিটাৰ। মঙলা আৰু মেনাচিনাহালৰ তেওঁলোকৰ মাডিগা কেৰী নামে মাডিগা দলিত সম্প্ৰদায়ৰ চুবুৰীটোৰ আন মাডিগা মহিলাসকলে ৮-১০ জনীয়া গোট হৈ কামৰ বাবে বিভিন্ন ঠাইলৈ যায়।

তেওঁলোকে প্ৰত্যেকেই দিনে ১৫০ টকা উপাৰ্জন কৰে, আকৌ বছৰটোৰ কেইটামান মাহৰ কাৰণে ৯০ টকা বেছিকৈ পায় যেতিয়া তেওঁলোকে হস্ত-পৰাগযোগ ঘটোৱা কাম কৰে। এই কামটোৰ বাবে তেওঁলোক ইখনৰ পৰা সিখন জিলা ঘুৰে আৰু তেওঁলোকে যাৰ খেতিপথাৰত কাম কৰে তাৰে মালিকে অটোৰিক্সাৰে তেওঁলোকক ঘৰৰ পৰা অহা-যোৱাৰ ব্যৱস্থা কৰি দিয়ে। “অটোচালকে ৮০০ৰ পৰা ৯০০০ টকা বিচাৰে, সেইখিনি টকাৰ বাবে মালিকে (খেতিয়কে) আমাৰ পাবলগীয়াখিনিৰ পৰা ১০ টকাকৈ কাটি ৰাখে,” মঙলাই কয়। লগতে ইয়াকো কয় যে “আগতে অটোৰিক্সা নথকা দিনবোৰত তেওঁলোকে খোজকাঢ়িয়ে ইমানদূৰ বাট অহা-যোৱা কৰিছিল।”

ক্ষীণকায় চেহেৰাৰ ৩০ বছৰীয়া মঙলাক দেখিলেই বুজিব পাৰি যে তেওঁৰ ওজন তেনেই কম। তেওঁ দিনহাজিৰা কৰা গিৰীয়েক আৰু চাৰিটা সন্তানৰ সৈতে এটা কোঠাৰ সৰু জুপুৰী এটাত থাকে। জুপুৰীটোত এটা বাল্ব জ্বলি আছে, এটা চুকত পাকঘৰ কৰি ৰখা হৈছে, আনটো চুকত কাপোৰবোৰ দ’মাই থোৱা আছে। আন এটা ফালে ষ্টীলৰ এটা ভগা আলমাৰি বেৰত লগাই থোৱা আছে, মাজৰ মুকলি ঠাইখিনি ভাত খোৱা আৰু শোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। বাহিৰত ওখ শিল এচটাত তেওঁ কাপোৰ আৰু বাচন-বৰ্তন ধোৱে।

Mangala Harijan (left) and a coworker wear a plastic sheet to protect themselves from rain while hand pollinating okra plants.
PHOTO • S. Senthalir
Mangala and other women from Menashinahal village in Ranibennur taluk, working at the okra farm in Konanatali, about 12 kilometres away
PHOTO • S. Senthalir

বাওঁফালেঃ ভেণ্ডি খেতিত হাতেৰে পৰাগযোগ ঘটোৱাৰ সময়ত বৰষুণৰ পৰা বাচিবলৈ মঙলা হৰিজন আৰু তেওঁৰ সহকৰ্মীগৰাকীয়ে প্লাষ্টিক এখন পিন্ধি কাম কৰিছে। সোঁফালেঃ ৰাণীবেন্নুৰ তালুকৰ মেনাচিনাহাল গাঁৱৰ মঙলা আৰু আন মহিলাসকলে ঘৰৰ পৰা ১২ কিলোমিটাৰ দূৰৰ ভেণ্ডিৰ খেতিপথাৰ এখনত কাম কৰিছে

“ক্ৰছিঙ (পৰাগযোগ)ৰ কামত এইবাৰহে আমি দিনে ২৪০ টকা হাজিৰা পাইছো। যোৱা বছৰলৈকে আমাক ১০ টকা কমকৈ দিয়া হৈছিল,” মঙলাই কয়। তেওঁৰ দৰে দিনমজদুৰে হাতেৰে পৰাগযোগ ঘটোৱা কাম কৰে (সেই শস্যবোৰ তাৰপিছত বীজ হিচাপে চপোৱা হয়), সেই কামক তেওঁলোকে ক্ৰছ বা ক্ৰছিং বুলি কয়।

শীত আৰু বাৰিষা কালত হস্ত-পৰাগযোগ ঘটোৱা কাম থাকিলে মঙলাই মাহত ১৫-২০ দিনৰ কাম পায়। তেওঁ বিলাহী, ভেণ্ডি আৰু লাওৰ হাইব্ৰিড প্ৰজাতিৰ বীজৰ উৎপাদনত সহায় কৰে, সেইবোৰ কৃষকে বীজৰ ব্যক্তিগত কোম্পানীৰ বাবে উৎপাদন কৰে। ভাৰতত হাইব্ৰিড পাচলিৰ বীজৰ মূল্য , যিটোৰ একেবাৰে প্ৰাৰম্ভিক পৰ্য্যায়ত ফুলৰ পৰাগযোগ ঘটোৱা কাম মঙলাই কৰে, ২,৬০০ কোটি টকা। এয়া নেশ্যনেল চীড এছ’চিয়েছন অৱ ইণ্ডিয়া (এনএছএআই)ৰ তথ্য। মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকে দেশখনৰ ভিতৰতে সৰ্বাধিক পাচলিৰ বীজ উৎপাদন কৰে। আকৌ কৰ্ণাটকৰ হাভেৰি আৰু ক’প্পাল হৈছে পাচলিৰ বীজ উৎপাদনৰ ঘাটি।

গ্ৰামীণ হাভেৰিত নিজৰ গাঁৱৰ খেতিপথাৰত কাম কৰি অৰ্জাখিনিতকৈ সামান্য বেছি মজুৰিৰ বাবে মহিলাসকল দূৰলৈ যাবলৈও ৰাজী। যেতিয়া ৰাজিয়া আলাদ্দিন শ্বেইখ চান্নাদি (২৮)য়ে চাৰিবছৰীয়া ঘৰুৱা হিংসা সহিব নোৱাৰি গিৰীয়েকৰ ঘৰ এৰি হিৰেকেৰুৰৰ কুৰাপালি গাঁৱৰ মাক-দেউতাকৰ লগত থাকিবলৈ লয়, তেতিয়াৰে পৰা তেওঁ কামৰ সন্ধানত ওলাবলগীয়া হয়, নহ’লে দুজনীকৈ জীয়াৰী থকা পৰিয়ালটোৰ পেট পুহিব কেনেকৈ?

তেওঁৰ গাঁৱত খেতিয়কসকলে মাকৈ, কপাহ, বাদাম আৰু নহৰুৰ খেতি কৰে। “আমি এদিনত মাত্ৰ ১৫০ টকা পাওঁ (খেতিৰ কাম কৰি)। সেইখিনিৰে এক লিটাৰ তেল কিনিবলৈকো নোজোৰে। সেয়ে আমি আন ঠাইলৈ কাম কৰিবলৈ যাওঁ,” ৰাজিয়াই কয়। হস্ত-পৰাগযোগ ঘটোৱা কাম কৰা গোটটোৰ সৈতে কাম কৰিবলৈ চুবুৰীয়াই কওঁতে তেওঁ বেছি চিন্তা নকৰি সেই কামত যোগ দিলে। “ঘৰত থাকি কি কৰিম। সেয়ে তেওঁৰ সৈতে মোক কামলৈ লৈ যায়। আমি তাত দিনে এই কামৰ বিনিময়ত ২৪০ টকা পাওঁ।”

Rajiya Aladdin Shekh Sannadi harvesting the crop of hand-pollinated tomatoes in Konanatali village in Haveri district
PHOTO • S. Senthalir
Rajiya Aladdin Shekh Sannadi harvesting the crop of hand-pollinated tomatoes in Konanatali village in Haveri district
PHOTO • S. Senthalir

ৰাজিয়া আলাদ্দিন শ্বেইখে হাভেৰি জিলাৰ কনানতালি গাঁৱত পৰাগযোগৰ খেতিৰ বিলাহীবোৰ চপাইছে

ওখ আৰু ক্ষীণকায় চেহেৰাৰ ৰাজিয়াক এবাৰ দেখিলে মনত ৰৈ যায়। তেওঁক ২০ বছৰ বয়সত এজন মদাহীৰ সৈতে বিয়া দিয়া হৈছিল আৰু তেওঁ গাড়াগ জিলাৰ শিৰাহাট্টি তালুকত তেওঁৰ সৈতে থাকিছিল। দৰাপক্ষই বিচৰা ধৰণে সকলোখিনি দিয়া স্বত্ত্বেও তেওঁক যৌতুকৰ কথা লৈ হাৰাশাস্তি কৰা হৈছিল। “মোৰ মা-দেউতাই চভেৰেইন সোণ (এক চভেৰেইন মানে আঠ গ্ৰাম) আৰু নগদ ৩৫ হাজাৰ টকা দিছিল। আমাৰ সম্প্ৰদায়ত বাচন-বৰ্তন আৰু কাপোৰ দিয়ে। ঘৰত একো বাকী নাছিল, তেওঁলোকে সকলো উজাৰি দিছিল,” ৰাজিয়াই কয়। “আমাৰ বিয়াৰ আগত মোৰ স্বামী এটা দূৰ্ঘটনাৰ গোচৰত অভিযুক্ত আছিল। তেওঁ মোক আইনী খৰছৰ বাবে ঘৰৰ পৰা মাহে ৫,০০০ৰ পৰা ১০,০০০ টকা অনাৰ বাবে মোক হুমকি দি থাকিছিল,” তেওঁ কয়।

বিপত্নীক বুলি দাবী কৰি ৰাজিয়াৰ গিৰীয়েকে পুনৰ্বিবাহ কৰিলে। নিজৰ জীয়াৰী দুজনীৰ পোহপালৰ দাবীৰে তেওঁ চাৰিমাহ আগতে গিৰীয়েকৰ বিৰুদ্ধে গোচৰ তৰিছিল। “তেওঁৰ নিজৰ জীয়াৰী দুজনীক এবাৰো চাবলৈ অহা নাই,” তেওঁ কয়। মহিলা আয়োগ বা মহিলা আৰু শিশু কল্যাণ বিভাগৰ পৰা যে সহায় বিচাৰিব পাৰি সেই কথা ৰাজিয়াই নাজানে। কৃষিশ্ৰমিকৰ বাবে থকা চৰকাৰী কল্যাণকামী আঁচনিৰ কথা গাঁৱৰ কোনোৱেই তেওঁক কোৱা নাই। তেওঁক কৃষক হিচাপে বিবেচনা কৰা নহয় হেতুকে কৃষকৰ বাবে থকা কোনো আঁচনিৰ সুবিধা তেওঁ নাপায়।

“স্কুলত ৰান্ধনিৰ চাকৰি এটা পালেও মই নিয়মীয়া উপাৰ্জন কৰিব পাৰিলোহেঁতেন,” ৰাজিয়াই মোক কয়। “কিন্তু চা-চিনাকি থকা সকলেহে এনে চাকৰি পায়। মই কাকো চিনি নাপাওঁ। সকলোৱে কয় যে সকলো ঠিক হৈ যাব, কিন্তু মই নিজেই সকলো কৰিবলগীয়া হৈছে। মোক কোনো সহায় কৰোঁতা নাই।”

ৰাজিয়াই যিজন খেতিয়কৰ কাৰণে কাম কৰে, সেইজনে তেওঁৰ খেতিৰ বীজবোৰ এটা ডাঙৰ বহুজাতিক কোম্পানীক বিক্ৰী কৰে, কোম্পানীটোৰ বাৰ্ষিক মুনাফা ২০০ৰ পৰা ৫০০ কোটি টকা। কিন্তু ৰাজিয়াই সেই মুনাফাৰ এক নগণ্য অংশ লাভ কৰে। “ইয়াত উৎপাদিত বীজবোৰ (হাভেৰি জিলাত) নাইজেৰিয়া, থাইলেণ্ড, পাকিস্তান, অষ্ট্ৰেলিয়া, আমেৰিকা আদিলৈ ৰপ্তানি কৰা হয়,” ৰাণীবেন্নুৰ তালুকৰ ১৩ খন গাঁৱত বীজৰ উৎপাদনৰ তত্বাৱধানৰ কাম কৰা সেই কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে কয়।

Women from Kudapali village in Haveri's Hirekerur taluk preparing to harvest the 'crossed' tomatoes in Konanatali. They are then crushed to remove the seeds.
PHOTO • S. Senthalir
Leftover pollen powder after the hand-pollination of tomato flowers
PHOTO • S. Senthalir

বাওঁফালেঃ হাভেৰিৰ হিৰেকেৰুৰ তালুকৰ কুদাপালি গাঁৱৰ মহিলাই কনানতালিত ক্ৰছ কৰা বিলাহীবোৰ তুলিছে। সেইবোৰ ফল মোহাৰি ভাঙি বীজবোৰ উলিয়াই ৰখা হয়। সোঁফালেঃ বিলাহীৰ ফুলবোৰত হাতেৰে পৰাগযোগ ঘটোৱাৰ পিছত ৰৈ যোৱা পৰাগৰেণু

মঙলাৰ দৰে প্ৰব্ৰজিত শ্ৰমিকসকল ভাৰতৰ বীজ উৎপাদনৰ কৰ্মশক্তিৰ এক অভিন্ন অংগ। এনএছএআইয়ে ধাৰ্য কৰা অনুসৰি দেশখনৰ বীজৰ উদ্যোগটোৰ মূল্য ২২,৫০০ কোটি টকা। বিশ্বৰ ভিতৰতে এয়া পঞ্চম সৰ্ববৃহৎ বীজৰ উদ্যোগ। সেই উদ্যোগটোৰ মাকৈ, বজৰা, কপাহ, পাচলি, হাইব্ৰিড চাউল, তৈলবীজ আদিকে ধৰি সংকৰ প্ৰজাতিৰ বীজৰ শ্বেয়াৰ ১০,০০০ কোটি টকা।

চৰকাৰী আঁচনিৰ সুবিধা লৈ ব্যক্তিগত খণ্ডই কেইটামান বছৰৰ ভিতৰতে দেশৰ বীজ উদ্যোগটোৰ লেখত ল’বলগীয়া অংশীদাৰ হৈ পৰিছে। লোকসভাত ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এইবছৰ মাৰ্চত দাখিল কৰা এক প্ৰতিবেদন অনুযায়ী দেশখনত ৫৪০ টা ব্যক্তিগত খণ্ডৰ বীজ কোম্পানী আছে। ইয়াৰে ৮০টাৰ গৱেষণা আৰু উন্নয়নৰ সুবিধা আছে। মন্ত্ৰালয়ৰ প্ৰতিবেদন মতে ভাৰতত বীজ উৎপাদনত ব্যক্তিগত খণ্ডৰ শ্বেয়াৰ ২০১৭-১৮ৰ ৫৭.২৮ৰ পৰা ২০২০-২১ত ৬৪.৪৬ শতাংশলৈ বৃদ্ধি পাইছে।

বিলিয়ন ডলাৰ বীজৰ উদ্যোগটোৰ বিকাশে কিন্তু হাভেৰিৰ মঙলা আৰু আন কৃষিশ্ৰমিকৰ জীৱনবোৰ চুব পৰা নাই। মঙলাৰ চুবুৰীয়া ২৮ বছৰ বয়সীয়া দীপা ডনেপ্পা পুজাৰে কয়ঃ “এক কিলো পাচলিৰ বীজৰ কাৰণে তেওঁলোকে (খেতিয়কে) ১০,০০০ৰ পৰা ২০,০০০ টকা পায়। ২০১০ত তেওঁলোকে এক কিলোত ৬,০০০ টকা পাইছিল, কিন্তু এতিয়া কিমান পায় তেওঁলোকে আমাক নক’লে। সেই একেই পাওঁ বুলি ক’লে।” তেওঁৰ দৰে শ্ৰমিকৰ মজুৰি বাঢ়িব লাগে, তেওঁ কয়। “আমাৰ দিনহাজিৰা বঢ়োৱা উচিত। আমি বহুত কষ্ট কৰো, কিন্তু আমি সঞ্চয় কৰিব নোৱাৰো, হাতত এটকাও নাবাচে,” তেওঁ কয়।

হস্ত-পৰাগযোগ ঘটোৱা কাম কৰা মহিলা শ্ৰমিকৰ ঘৰুৱা লেঠাও বহুত, দীপাই কয়। “কাম বহুত কষ্টসাধ্য। তাতে আকৌ আমি বাচন ধোও, সৰা-পোচা কৰো, ঘৰ চাফা কৰো… আমি সকলো কৰিব লাগে।”

“আমি যেতিয়া ক্ৰছিং কৰো, তেওঁলোকে (খেতিয়কে) কেৱল সময়টোহে চায়। আমাৰ অকণমান পলম হ’লেও তেওঁলোকে কয় যে ইমান পলমকৈ আহি আমি কেনেকৈ ২৪০ টকা আশা কৰিব পাৰো। সন্ধিয়া ৫.৩০ত ওলালে আমি ঘৰ আহি পাওতে ৭.৩০ বাজে,” দীপাই কয়। “তাৰপিছত আমি ঘৰ চাফা কৰো, চাহ বনাও আৰু ৰাতিৰ আহাৰ ৰান্ধো। শুবলৈ যাওঁ মানে ৰাতি বাৰ বাজে। আন ক’তো কাম নাই কাৰণে আমি তালৈ কাম কৰিবলৈ যাবলগীয়া হয়।” ফুলৰ গৰ্ভমুণ্ডলৈ চাওঁতে চাওঁতে আমাৰ চকু বিষায়, তেওঁ কয়। “ইমান সৰু, চুলি এডালৰ সমান তাৰ আকাৰ।”

A woman agricultural labourer peels the outer layer of an okra bud to expose the stigma for pollination.
PHOTO • S. Senthalir
Deepa Doneappa Pujaar (in grey shirt) ties the tomato plants to a wire while preparing to pollinate the flowers at a farm in Konanatali
PHOTO • S. Senthalir

বাওঁফালেঃ এগৰাকী কৃষি শ্ৰমিক মহিলাই ভেণ্ডিৰ মুকুলৰ আগটো মেলি লৈ পৰাগযোগ ঘটোৱাৰ কাৰণে গৰ্ভমুণ্ডটো মুকলি কৰি লৈছে। সোঁফালেঃ দীপা ডনেপ্পা পুজাৰে (ধোঁৱা বৰণীয়া) কনানতালিৰ ফাৰ্ম এখনত ফুলবোৰত পৰাগযোগ ঘটোৱাৰ সময়ত বিলাহীৰ গছডাল তাঁৰ এডালেৰে মেৰিয়াই লৈছে

হস্ত-পৰাগযোগৰ কাম বেছিদিন নাথাকে, সেয়া সেই কাম কৰা মহিলাই বছৰটোৰ বাকী সময়খিনিত কম মজুৰিৰ কাম কৰিবলগীয়া হয়। “আমি দিনে ১৫০ টকাত দিনহাজিৰা কৰিবলগীয়া হয়,” দীপাই কয়। “সেইখিনিৰে কি হয়? এক কিলো ফলৰ দামেই ১২০ টকা। আমি পাচলি, ল’ৰা-ছোৱালীহঁত আৰু আলহীৰ কাৰণে বিস্কুট আদিও কিনিবলগীয়া হয়। সান্থে (সাপ্তাহিক বজাৰখন)লৈ যাব নাপালে আমি একো কিনিব নোৱাৰো। সেয়ে আমি বুধবাৰে কামলৈ নাযাও – আমি সপ্তাহটোৰ বজাৰ কৰিবলৈ (২.৫ কিলোমিটাৰ দূৰৰ) টুম্মিনাকাট্টিৰ চান্থেলৈ যাওঁ।”

শ্ৰমিকবোৰৰ সময়সূচীবোৰৰো ঠিকনা নাই। ঋতুৰ লগত মিলাই কি শস্যৰ খেতি কৰা হৈছে সেইমতে তেওঁলোকৰ কামৰ সময় নিৰ্ধাৰণ হয়। “আমি মাকৈ খেতি চপাবলৈ গ’লে পুৱা চাৰি বজাতে উঠো আৰু পাঁচ বজাত খেতিপথাৰ পাঁওগৈ। কেতিয়াবা কেঁচা ৰাস্তা থাকিলে অটোৰিক্সা নাযায়, সেয়ে আমি খোজকাঢ়ি ম’বাইলৰ টৰ্ছ জ্বলাই যাওঁ। পিছবেলা এক বজাৰ পিছত আমি ঘৰমুৱা হওঁ।” বাদাম খেতি চপাবলৈ তেওঁলোকে ৰাতি ৩ বজাতে ওলায় আৰু দুপৰীয়া ঘৰ উভতে। “বাদাম চপোৱাৰ বাবদ আমি দিনে ২০০ টকা পাওঁ, কিন্তু এমাহৰহে কাম থাকে।” খেতিয়কবোৰে আমাক নিবলৈ কেতিয়াবা গাড়ী পঠায়। “নহ’লে যাতায়তৰ ব্যৱস্থা নিজে কৰি ল’ব কয়,” দীপাই কয়।

এই সকলো কষ্ট স্বত্ত্বেও তেওঁলোকে কৰ্মস্থলত সাধাৰণ অনাময়ৰ সুবিধাও নাপায়। “শৌচালয় নাই। আমাক কোনেও নেদেখা ঠাই আমি বিচাৰি ল’বলগীয়া হয়,” দীপাই কয়। “কামলৈ অহাৰ আগতেই সকলো লেঠা মাৰি আহিবলৈ আমাক মাটিৰ মালিকে কয়। কামৰ সময় নষ্ট হয় বুলি তেওঁলোকে ভাবে।” মাহেকীয়াৰ সময়ত ভীষণ কষ্ট হয়। “মাহেকীয়া হৈ থকা সময়ত আমি ডাঠ কাপোৰ নাইবা চেনিটেৰি পেড ব্যৱহাৰ কৰো। ঘৰ আহি পোৱাৰ আগলৈকে সেয়া সলনি কৰাৰ বাবে কোনো ঠাই নাথাকে। তেনেকৈ থিয় হৈ থাকি কষ্ট পাওঁ।”

দোষ তেওঁলোকৰ পৰিস্থিতিৰ, দীপাই ভাবে। “আমাৰ গাওঁখন বহুত পিছপৰা। কোনো ক্ষেত্ৰতে আগবঢ়া নহয়,” তেওঁ এই কথা মন কৰিছে। “নহ’লেনো আমি এনেকৈ কাম কৰিবলগীয়া হয়নে?”

অনুবাদ: পংকজ দাস

S. Senthalir

S. Senthalir is an independent journalist based in Ranibennur town of Haveri district in Karnataka, and a 2020 PARI Fellow.

Other stories by S. Senthalir
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das