য়েলাপ্পানৰ খঙো উঠিছে আৰু বিবুদ্ধিতো পৰিছে।

“আমি উপকূলীয়, মাছমৰীয়া সম্প্ৰদায়ৰ নহয়। (গতিকে) কিয় আমাক চেম্বানন্দ মাৰাৱাৰ বা গোচাংগি বুলি চিনাক্ত কৰা হৈছে?”

“আমি শোলাগা সম্প্ৰদায়ৰ,” ৮২ বৰ্ষীয় বৃদ্ধজনে দাবীৰ সুৰত কয়। “প্ৰমাণ বিচাৰে (চৰকাৰে)। আমি ইয়াতেই জীয়াই আছো। সেয়াই পৰ্য্যাপ্ত প্ৰমাণ নহয়নে? আধাৰা আন্তে আধাৰা য়েলিন্দা তাৰলি আধাৰা ? (প্ৰমাণ! প্ৰমাণ! সেয়াই সিহঁতক লাগে)।”

তামিলনাডুৰ মাদুৰাই জিলাৰ চাকিমংগলম গাঁৱৰ বাসিন্দা য়েল্লাপানৰ সম্প্ৰদায়টোৱে ৰাস্তাত ঘুৰি-ফুৰি নিজৰ পিঠিত চাবুক মৰা খেল দেখুৱায় আৰু তেওঁলোকক চাটাই সম্প্ৰদায়ৰ বুলি কোৱা হয়। কিন্তু লোকপিয়লত তেওঁলোকক চেম্বানন্দ মাৰৱাৰ বুলি চিহ্নিত কৰি আটাইতকৈ পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ কৰা হৈছে।

“সমীক্ষা কৰাসকল (লোকপিয়লৰ) ইয়ালৈ আহে, আমাক প্ৰশ্ন সোধে আৰু তেওঁলোকে যি সূচীত ৰাখিব খোজে তাতেই অন্তৰ্ভুক্ত কৰে,” তেওঁ কয়।

য়েল্লাপান সেই ১৫ কোটি ভাৰতীয়ৰ মাজৰ এজন, যাক লোকপিয়লত ভুলকৈ চিনাক্ত কৰা হৈছে। ইয়াৰে বহু সম্প্ৰদায়ক এসময়ত ‘বংশগত অপৰাধী’ বুলি অপৰাধী জনজাতি আইন, ১৮৭১ৰ আধাৰত তালিকাভুক্ত কৰা হৈছিল, সেয়া আছিল ব্ৰিটিছৰ শাসনকালৰ কথা। এই আইন ১৯৫২ত বাতিল কৰি তেনে সম্প্ৰদায়বোৰক ডি-নটিফাইড ট্ৰাইবচ্ চমুকৈ ডি.এন.টি. বা যাযাবৰ সম্প্ৰদায় (এন.টি.) বুলি তালিকাভুক্ত কৰা হয়।

নেচনেল কমিচন ফৰ ডিনটিপাইড নমেডিক এণ্ড চেমি নমেডিক ট্ৰাইবচৰ দ্বাৰা ২০১৭ত জাৰি কৰা চৰকাৰী প্ৰতিবেদনত কোৱা হৈছে, “আটাইতকৈ বেছি আধৰুৱা আৰু অপৰ্য্যাপ্ত। তেওঁলোকক সামাজিক পদানুক্ৰমৰ আটাইতকৈ তলত ৰখা হয় আৰু ঔপনিৱেশিক শাসনকালত গঢ় লৈ উঠা বদ্ধমূল ধাৰণাৰ মুখামুখি হ’ব লগা হয়।”

Yellappan, part of the Sholaga community
PHOTO • Pragati K.B.
lives in Sakkimangalam village in Madurai district of Tamil Nadu
PHOTO • Pragati K.B.

শোলাগা সম্প্ৰদায়ৰ য়েল্লাপান (বাওঁফালে) তামিলনাডুৰ মাদুৰাই জিলাৰ চাক্কিমংগলম গাঁৱত (সোঁফালে) বাস কৰে

পিছলৈ ইয়াৰে কিছুমান গোটক অনুসূচিত জনজাতি (এছ.টি.), অনুসূচিত জাতি (এছ.চি.) আৰু অনান্য পিছপৰা শ্ৰেণী (ও.বি.চি.) হিচাপে অন্তৰ্ভুক্ত কৰা হয়। কিন্তু ২৬৯ টা সম্প্ৰদায়ক এতিয়াও কোনো শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা নাই, ২০১৭ৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে। ইয়ে তেওঁলোকৰ শিক্ষা, নিয়োগ, মাটিৰ আবণ্টন, ৰাজনৈতিক অংশগ্ৰহণ আদি ক্ষেত্ৰত সংৰক্ষণৰ যি সামাজিক কল্যাণমূলক সুবিধা আছে, সেইবোৰৰ পৰা বঞ্চিত কৰি ৰাখিছে।

এই সম্প্ৰদায়ৰ লোকসকল হৈছে ৰাস্তাত প্ৰদৰ্শন কৰা লোক যেনে য়েল্লাপান, চাৰ্কাছৰ খেলুৱৈ, দৈৱজ্ঞ, সাপৰ ওজা, মনোহাৰী সামগ্ৰী বিক্ৰেতা, বেজ, ৰছীত খোজকঢ়া খেল দেখুওৱা আৰু ষাঁড়গৰুৰ শিঙত ধৰি নচুওৱা লোক। তেওঁলোকৰ জীৱনটোত প্ৰব্ৰজন কৰি ফুৰে আৰু জীৱিকাৰ কোনো স্থায়ীত্ব নাই। তেওঁলোক এতিয়াও যাযাবৰ আৰু প্ৰতিদিনে নতুন গ্ৰাহকৰ ওপৰতে তেওঁলোকৰ আয় নিৰ্ভৰ কৰে। কিন্তু ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে তেওঁলোকে এক নিৰ্দিষ্ট বাসস্থানলৈ সময়ে সময়ে ঘূৰি আহে।

তামিলনাডুত পেৰুমল মাট্টুকৰণ, ডম্মাৰা, গুডুগুডুপাণ্ডী আৰু শোলাগা সম্প্ৰদায়ক এছ.চি., এছ.টি. বা এম.বি.চি. হিচাপে তালিকাভুক্ত কৰি থোৱা আছে। তেওঁলোকৰ নিজা নিৰ্দিষ্ট পৰিচয়ৰ প্ৰতি গুৰুত্ব নিদি তেওঁলোকক আদিয়ান, কাট্টুনায়াকন আৰু চেম্বানন্দ মাৰৱাৰ সম্প্ৰদায়সকলৰ সৈতে একলগ কৰা হৈছে। আন বহুততে, যদিহে হিচাপ কৰা যায়, বিভিন্ন ৰাজ্যত ভুলকৈ শ্ৰেণীভুক্ত কৰা হৈছে।

“সংৰক্ষণৰ সুবিধা অবিহনে আমাৰ ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা আৰু চাকৰিৰ ক্ষেত্ৰত আনৰ সৈতে ফেৰ মাৰিব নোৱাৰে। কোনো সহায় নোহোৱাকৈ আনৰ সৈতে (ডি.এন.টি.ত নপৰা আৰু এন.টি.সকলৰ) সমানে আগবঢ়াৰ আশা কৰাটো অন্যায়,” পেৰুমল মাট্টুকৰণ সম্প্ৰদায়ৰ সদস্য পাণ্ডীয়ে কয়। সুসজ্জিত ষাঁড়গৰু লৈ ঘৰে ঘৰে গৈ পোৱা দানেৰে তেওঁলোক চলে। সম্প্ৰদায়টোক বুম বুম মাট্টুকৰণ বুলিও সম্প্ৰদায়টোক জনা যায় আৰু তেওঁলোকে ভক্তিমূলক গীত গাই দান-দক্ষিণাৰে চলে। ২০১৬ত তেওঁলোকক অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তেওঁলোকক আদিয়ান সম্প্ৰদায়ত ৰখা হৈছিল। তেওঁলোকে ইয়াক লৈ সুখী নহয় আৰু পেৰুমল মাট্টুকৰণ নামেৰে শ্ৰেণীবদ্ধ হোৱাটো বিচাৰে।

পাণ্ডীয়ে কথা কৈয়েই আছে, তেনেতে তেওঁৰ ল’ৰা ধৰ্মাদৰাই সুসজ্জিত ষাঁড়গৰু এটাক পঘা লগাই উভতিছে। তেওঁৰ কান্ধত আছে তেওঁ সংগ্ৰহ কৰা দানৰ মোনা আৰু কিলাকুটিৰ ভাঁজত আছে এখন কিতাপ ‘প্ৰেক্টিকেল ৰেকৰ্ড বুক।’

His father, Pandi, with the decorated bull
PHOTO • Pragati K.B.
Dharmadorai is a student of Class 10 in akkimangalam Government High School in Madurai.
PHOTO • Pragati K.B.

ধৰ্মাদৰাই (সোঁফালে) মাদুৰাইৰ চাক্কিমংগলম চৰকাৰী হাইস্কুলৰ ১০ম শ্ৰেণীৰ ছাত্ৰ সুসজ্জিত ষাঁড়গৰুটোৰ সৈতে তেওঁৰ দেউতাক পাণ্ডি (বাওঁফালে)

ধৰ্মদৰাই মাদুৰাইৰ চাক্কিমংগলম চৰকাৰী হাইস্কুলৰ ১০ম শ্ৰেণীৰ ছাত্ৰ। তেওঁ ডাঙৰ হ’লে জিলা উপায়ুক্ত হ’ব বিচাৰে, সেয়ে তেওঁ স্কুললৈ গৈ থাকিব লাগিব। স্কুলৰ সাতখন কিতাপ কিনিবলগীয়া হোৱাত দেউতাক পাণ্ডীৰ পৰা তেওঁ ৫০০ টকা পাইছিল যদিও সেইখিনি টকা সাতখন কিতাপৰ বাবে পৰ্য্যাপ্ত নাছিল, সেয়ে তেওঁ নিজেই তাৰ ব্যৱস্থা ল’লে।

“মই ষাঁড়গৰুটো লৈ ৫ কিলোমিটাৰ গৈ ২০০ টকা পালো। সেইখিনি পইচাৰে কিতাপখন আনিছো,” তেওঁ সন্তুষ্টিৰ ভাবত কয়।

তামিলনাডুত ডি.এন.টি. সম্প্ৰদায়ৰ লোকৰ সংখ্যা সৰ্বাধিক - ৬৮ । আকৌ এন.টি.ৰ ফালৰ পৰা এইখন ৰাজ্য আছে দ্বিতীয় স্থানত। সেয়ে পাণ্ডীয়ে মনতে চিন্তা কৰে যে ধৰ্মদৰাইয়ে শিক্ষা লাভ কৰাৰ সম্ভাৱনা খুব ক্ষীণ। “আমি বহুতৰে সৈতে ফেৰ মাৰিবলগীয়া হৈছে,” তেওঁ এছ.টি. মৰ্য্যাদা থকাসকলৰ কথা উল্লেখ কৰি কয়। তামিলনাডুত শিক্ষা আৰু নিয়োগত পিছপৰা শ্ৰেণী (বি.চি.), আটাইতকৈ পিছপৰা শ্ৰেণী (এম.বি.চি.), বনিয়াৰ, ডি.এন.টি., এছ.চি. আৰু এছ.টি.সকলক ৬৯ শতাংশ সংৰক্ষণ দিয়া হয়।

*****

“গাঁৱত যদি কিবা হেৰাইছে আৰু আমি সেই বাটে গৈ আছো, তেতিয়া আমাকেই প্ৰথমে দোষ দিয়া হ’ব। হাঁহ-কুকুৰা, সোণ-গহণা, কাপোৰ-কানি আদি যিকোনো বস্তু চুৰিৰ ক্ষেত্ৰত আমাকেই দোষী সাব্যস্ত কৰা হয়, মাৰ-পিট আৰু অপমান কৰা হয়,” মহাৰাজাই কয়।

PHOTO • Pragati K.B.
His wife, Gouri performing stunts with fire
PHOTO • Pragati K.B.

বাওঁফালে : ডম্মাৰ সম্প্ৰদায়ৰ ৰাস্তাৰ চাৰ্কাছ দেখুওৱা মহাৰাজাই তেওঁৰ কাৰাভানখনত বস্তুবোৰ সামৰিছে সোঁফালে : তেওঁৰ পত্নী গৌৰীয়ে জুইৰে খেল দেখুৱাইছে

৩০ বছৰ বয়সীয়া আৰ. মহাৰাজা ডম্মাৰ সম্প্ৰদায়ৰ, তেওঁলোকে ৰাস্তাত চাৰ্কাচ দেখুৱায়। তেওঁ শিৱসাগৰ জিলাৰ মানামাদুৰাইত তেওঁৰ পৰিয়ালৰ সৈতে বান্দি (অস্থায়ী কাৰাভান) এখনত থাকে। তেওঁলোকৰ চুবুৰীটোত ২৪ টা পৰিয়াল থাকে আৰু মহাৰাজাৰ ঘৰ হৈছে তিনিচকীয়া বাহনখন। সেইখনতেই তেওঁৰ বস্তু-বাহিনীবোৰ থাকে, দম্পতিহালো থাকে। তেওঁলোকৰ ঘৰখনৰ আৰু কামৰ সকলো সামগ্ৰী - তুলি, গাৰু, কেৰাচিনৰ ষ্টোভ আৰু মেগাফোন, অডিঅ’ কেছেট প্লেয়াৰ, ৰড আৰু ৰিং আদি যি তেওঁলোকে প্ৰদৰ্শনীৰ সময়ত ব্যৱহাৰ কৰে, সকলোবোৰ তেওঁলোকৰ লগত লৈ ফুৰে।

“মই আৰু মোৰ পত্নী (গৌৰী) পুৱাৰ ভাগতে বান্দিখন লৈ ওলাই যাও। আমি তিৰুপাথুৰলৈ যাও, সেইখন ইয়াৰ পৰা পোৱা প্ৰথমখন গাওঁ। তাত থালাইভাৰ (গাওঁবুঢ়া)ৰ পৰা আমাৰ শিবিৰটো গাঁৱৰ বাহিৰত লগোৱাৰ অনুমতি লও আৰু গাঁৱৰ মানুহৰ বাবে প্ৰদৰ্শনী পাতো। আমাৰ লাউডস্পীকাৰ আৰু মাইক্ৰ’ফোনৰ বাবে বিদ্যুতৰ সংযোগৰ বাবেও অনুৰোধ জনাও।”

অনুমতি পালে তেওঁলোকে গাওঁখনলৈ গৈ তেওঁলোকৰ প্ৰদৰ্শনীৰ বিষয়ে ঘোষণা কৰে আৰু সন্ধিয়া ৪ বজাৰ পৰা এঘণ্টাৰ চাৰ্কাছেৰে কাৰ্য্যসূচী আৰম্ভ হয়। তাৰ পিছে পিছে আহে বাণীবদ্ধ সংগীতৰ তালে তালে কৰা ফ্ৰীষ্টাইল নৃত্য। প্ৰদৰ্শনী শেষ হ’লে দৰ্শকৰ পৰা তেওঁলোকে বৰঙনি বিচাৰে।

ডমাৰসকলক ঔপনিৱেশিক কালত অপৰাধী জনজাতি হিচাপে তালিকাবদ্ধ কৰা হৈছিল। ডিনটিফাই কৰিলেও “তেওঁলোক সদায়ে শংকাত জীয়াই থাকে। পুলিচৰ অত্যাচাৰ আৰু মব লিঞ্চিঙৰ ঘটনা প্ৰায়েই হৈ থাকে,” টি.ই.এন.টি. (দা এমপ্লইমেণ্ট চেণ্টাৰ ফৰ নমেডচ্ এণ্ড ট্ৰাইবচ্) ছচাইটিৰ সচিব আৰ. মহেশ্বৰীয়ে কয়। মাদুৰাইৰ বেচৰকাৰী সংস্থাটোৱে সম্প্ৰদায়বোৰৰ অধিকাৰৰ হকে কাম কৰে।

তেওঁ কয় যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ নিবাৰণ) আইনে এছ.চি. আৰু এছ.টি.ক বৈষম্য আৰু হিংসাৰ পৰা আইনী সুৰক্ষা দিয়ে যদিও এনে কোনো আইনী আৰু সাংবিধানিক সুবিধা ডি.এন.টি. আৰু এন.টি.সকলৰ বাবে নাই, যদিওবা বিভিন্ন আয়োগ আৰু প্ৰতিবেদনে তেনে এক ব্যৱস্থাৰ বাবে  পৰামৰ্শ দি আহিছে।

Kili Josyam uses a parrot to tell fortunes.
PHOTO • Pragati K.B.
People from Narikuruvar community selling trinkets near the Meenakshi Amman temple in Madurai
PHOTO • Pragati K.B.

বাওঁফালে : কিলি জযয়ামে ভাটৌ এটাৰে ভবিষ্যত কয় সোঁফালে : মাৰিকুৰুৱাৰ সম্প্ৰদায়ৰ লোকে মাদুৰাইৰ মীনাক্ষী অম্মা মন্দিৰৰ কাষত মনোহাৰী সামগ্ৰী বিক্ৰী কৰে

ডম্মাৰ প্ৰদৰ্শনকাৰীসকলে কেতিয়াবা এবছৰৰ মূৰতহে ঘৰলৈ আহে, মহাৰাজাই কয়। “যদি বৰষুণ দিয়ে নাইবা পুলিচে আমাৰ কামত বাধা দিয়ে, সিদিনা আমাৰ উপাৰ্জন নহয়,” গৌৰীয়ে কয়। দ্বিতীয় দিনা তেওঁলোকে কাষৰ গাওঁখনলৈ যায় আৰু একেই কাম কৰে।

তেওঁলোকৰ ৭ বছৰীয়া পুত্ৰ মণিমাৰানৰ আনুষ্ঠানিক শিক্ষা এক সামূহিক চেষ্টাৰ ফল। “এবছৰ মোৰ ভাইটোৰ পৰিয়ালটো ঘৰত থাকে আৰু ল’ৰা-ছোৱালীহঁতৰ পঢ়া-শুনা চায়, কেতিয়াবা মোৰ খুৰাই দায়িত্ব লয় (সিহঁতৰ),” তেওঁ কয়।

*****

দিন ভাল হ’লে ৰুক্মিণীৰ চমৎকাৰ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শনৰ পৰা ভাল পইচা আহে। তেওঁ নিজৰ চুলিৰে ডাঙৰ গধুৰ বস্তু দাঙে, তেওঁৰ আৰু আন এজন মানুহৰ মাজত ৰড এডাল ভাঁজ কৰে। আজি তেওঁ নিজৰ পাঁচটা ষ্টাণ্ট দৰ্শকক দেখুৱাইছে, বেটন ঘূৰোৱা, স্পিন কৰা আদি বিভিন্ন।

৩৭ বছৰ বয়সীয়া ডম্মাৰ বা ৰাস্তাৰ চাৰ্কাচ দেখুওৱা সম্প্ৰদায়ৰ ৰুক্মিণী তামিলনাডুৰ শিৱগংগা জিলাৰ মানামাদুৰাইৰ বাসিন্দা।

আমাক প্ৰায়েই লোকে অশোভনীয় মন্তব্যৰে হাৰাশাস্তি কৰে। “আমি প্ৰদৰ্শনীৰ সময়ত মেকআপ কৰো আৰু ৰংচঙীয়া কাপোৰ পিন্ধো আৰু তাকেই মানুহে আমাক ভুল ভাবি লয়। আমাক বেয়া স্পৰ্শ কৰে, শ্ৰুতিকটু সুহুৰি মাৰে আৰু আমাৰ দাম-দৰ কৰিবলৈ চায়।”

পুলিচেও সহায় নকৰে। তেওঁলোকে যাৰ বিৰুদ্ধে অভিযোগ কৰে, তেওঁলোক ক্ষুণ্ণ হৈ পৰে আৰু তেওঁ কয়, “তেওঁলোকে আমাৰ বিৰুদ্ধে চুৰিৰ অভিযোগ দিয়ে আৰু সেইটোৰ ওপৰতহে পুলিচ সক্ৰিয় হয় আৰু আমাক লকআপত ভৰাই পিটে।”

সেয়া ২০২২ৰ কথা, যেতিয়া এই এন.টি. সম্প্ৰদায়টো, যাক স্থানীয়ভাবে কালাইকুটাদিগাল বোলা হয়, তেওঁলোকক অনুসূচিত জাতি (এছ.চি.)ৰ অন্তৰ্ভুক্ত কৰা হৈছে।

Rukmini, from the Dommara settlement in Manamadurai, draws the crowds with her fire stunts, baton twirling, spinning and more
PHOTO • Pragati K.B.

মনমাদুৰাইৰ ডম্মাৰা বসতিস্থলৰ ৰুক্মিনীয়ে জুইৰ খেল , বেটনৰ খেল আৰু স্পিনিং আদিৰে দৰ্শকক আকৰ্ষিত কৰে

পুৰ্বৰ ডি.এন.টি. আৰু এন.টি. হিচাপে ৰুক্মিনীৰ অনুভৱ ভিন্ন নহয়। অপৰাধী জনজাতি আইনখন বাতিল কৰা হয় যদিও কিছুমান ৰাজ্যই অভ্যাসগত অপৰাধী আইন প্ৰণয়ন কৰি একে ধৰণৰ পঞ্জীকৰণ আৰু নিৰীক্ষণৰ বিধি অনুসৰণ কৰে। পাৰ্থক্য মাত্ৰ এতিয়া গোটেই জাতিটোক লক্ষ্য কৰি নলৈ ব্যক্তিক লক্ষ্য কৰি লোৱা হয়।

সম্প্ৰদায়টোৱে অস্থায়ী তম্বু, কাৰাভান আৰু ইটা-মচলা মৰা ঘৰ সাজি বাস কৰে। একেটা সম্প্ৰদায়ৰে ৰুক্মিনীৰ চুবুৰীয়া চেলভি (৬৬) চাৰ্কাছৰ এগৰাকী পাৰফৰ্মাৰ। তেওঁ যৌন আতিশয্যৰ বলি হৈছে। “গাঁৱৰ মানুহে ৰাতি আমাৰ তম্বুত সোমাই শুবলৈ আহে। সেয়ে আমি লেতেৰাকৈ থাকি সিহঁতক আঁতৰাই ৰাখিবলৈ চাও। চুলি ফণিয়াই নাৰাখো, গা নোধোও আৰু চাফা কাপোৰ পিন্ধি নাথাকো। তথাপি বদমাচ মানুহবোৰে পিছ নেৰে,” দুজনী ছোৱালী আৰু দুটা ল’ৰাৰ মাকজনীয়ে কয়।

“আমাক ভ্ৰমণকালত আপুনি চিনিয়ে নাপাব। ইমান লেতেৰাকৈ থাকো আমি,” চেলভিৰ গিৰীয়েক ৰত্তিনমে যোগ দিয়ে।

সম্প্ৰদায়টোৰ এগৰাকী যুৱতী ১৯ বছৰীয়া টায়াম্মাই চান্নাতিপুৰুকুলমৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছে। তেওঁলোকৰ সম্প্ৰদায়টোৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰা তেৱেই প্ৰথমগৰাকী শিক্ষাৰ্থী।

কিন্তু কলেজত “কম্পিউটাৰ পঢ়া”ৰ তেওঁৰ ইচ্ছাত মাক–দেউতাকে সন্মতি দিয়াৰ সম্ভাৱনা ক্ষীণ।

“আমাৰ দৰে সম্প্ৰদায়ৰ ছোৱালীৰ বাবে কলেজ নিৰাপদ নহয়। সিহঁতে অত্যাচাৰ কৰে আৰু হীন দৃষ্টিৰে চায়, ‘চাৰ্কাছ পুদাৰ্ভা ইভা’ (চাৰ্কাছ কৰা লোক) বুলি ইতিকিং কৰে। কলেজত আৰু হাৰাশাস্তি হ’ব।” আৰু আগলৈ ভাবি তেওঁৰ মাক লচমিয়ে যোগ দিয়ে, “তাতে আকৌ কোন কলেজে তাইক এডমিচন দিব? কলেজত ছিট পালেও আমি কেনেকৈ পঢ়া-শুনাৰ খৰছ ক’ৰপৰা দিম?”

Families in the Sannathipudukulam settlement
PHOTO • Pragati K.B.
take turns fetching drinking water in a wheel barrow (right) every morning
PHOTO • Pragati K.B.

চান্নাতিপুৰুকুলাম বসতিস্থলৰ পৰিয়ালবোৰে (বাওঁফালে) ঠেলা এখনত (সোঁফালে) প্ৰতিদিনে পুৱা পানী আনিবলৈ পাল পাতি যায়

সেয়ে এই সম্প্ৰদায়ৰ ছোৱালীবোৰক কম বয়সতে বিয়া দিয়া হয়, টি.ই.এন.টি.ৰ মহেশ্বৰীয়ে কয়। “কিবা খেলিমেলি হ’লে (যৌন আতিশয্য, ধৰ্ষণ আৰু গৰ্ভধাৰণ) সম্প্ৰদায়টোৱে নিজেই তাইক একাষৰীয়া কৰিব আৰু বিয়াৰ সম্ভাৱনা নাথাকিব,” চেলভিয়ে কথাখিনি স্পষ্ট কৰি কয়।

তেনে সম্প্ৰদায়ৰ মহিলাৰ বাবে সমস্যা দুইধৰণৰ। তেওঁলোকে কেৱল তেওঁলোকৰ জাতিটোৰ বিৰুদ্ধে বৈষম্যৰ চিকাৰ হোৱাৰ উপৰিও লিংগবৈষম্যৰো চিকাৰ হয়।

*****

“মোক ১৬ বছৰ বয়সতে বিয়া দিছিল। লিখা-পঢ়া নাজানো। মানুহক ভাগ্যৰ কথা কৈ মই জীৱিকা উপাৰ্জন কৰো। কিন্তু এই কাম মোৰ প্ৰজন্মৰ সৈতে শেষ হ’ব,” তিনিটা সন্তানৰ মাতৃ ২৮ বছৰ বয়সীয়া হামচাভাল্লিয়ে কয়। “সেয়ে মই মোৰ আটাইকেইটা ল’ৰা-ছোৱালীকে স্কুললৈ পঠিয়াইছো।”

গুডুগুডুপাণ্ডী সম্প্ৰদায়টোৰ মহিলা হামচাভাল্লিয়ে মাদুৰাইৰ বিভিন্ন গাঁৱলৈ গৈ মানুহৰ ভাগ্য চায়। এদিনত তেওঁ ৫৫ ঘৰ মানুহ সাক্ষাৎ কৰে, কেন্দ্ৰীয় তামিলনাডুৰ ৪০ ডিগ্ৰী পৰ্য্যন্ত তাপ সহি ১০ কিলোমিটাৰ পৰ্য্যন্ত খোজকাঢ়ে। ২০০৯ত তেওঁলোকৰ বসতিস্থলৰ লোকসকলক অনুসূচিত জনজাতি কাট্টুনায়াকন হিচাপে তালিকাভুক্ত কৰা হৈছিল।

“আমি কিছু খাদ্য আৰু খাদ্যশস্য পাও। কিছুমানে আমাক এটকা বা দুটকা দিয়ে,” মাদুৰাই জিলাৰ ৬০ ঘৰমান মানুহৰ বসতিস্থল তিৰুপাৰানকুন্দ্ৰম চহৰৰ এক বসতিস্থল জে.জে. নগৰৰ নিজ ঘৰত তেওঁ কয়।

Hamsavalli with her son
PHOTO • Pragati K.B.
in the Gugudupandi settlement
PHOTO • Pragati K.B.

পুত্ৰ (বাওঁফালে)ৰ সৈতে গুডুগুডুপাণ্ডী বসতিস্থলত (সোঁফালে) হামচাভাল্লি

গুডুগুডুপাণ্ডীৰ এই বসতিস্থলত বিদ্যুতৰ সংযোগ নাই, অনাময়ৰ সুবিধা নাই। ঠাইখন হাবি-জংঘলেৰে ভৰা কাৰণে সাপে কামোৰাৰ ঘটনা প্ৰায়ে হয়। “কুণ্ডলী পকাই থাকিও মোৰ কঁকালৰ সমান ওখলৈ ফণা মেলা সাপ আছে,” হামচাভাল্লিয়ে হাতেৰে দেখুৱাই কয়। বৰষুণ দিলে তম্বুবোৰৰ চালিৰে পানী সৰকে, সেয়ে পৰিয়ালটোৱে সেয়ে এন.জি.অ. এটাই নিৰ্মাণ কৰি দিয়া ‘অধ্যয়ন কেন্দ্ৰ’ৰ চালিখনৰ তলত থাকেগৈ।

কিন্তু তেওঁৰ যিখিনি উপাৰ্জন, সিমানখিনিৰে তেওঁ ১১, ৯ আৰু ৫ বছৰীয়া সন্তান তিনিটাৰ চোৱাচিতা কৰা সম্ভৱ নহয়। “মোৰ ল’ৰা-ছোৱালীকেইটা সদায়েই বেমাৰত পৰে। ডাক্তৰে কয়, ‘ভাল খাদ্য খোৱা, সৰু ল’ৰা-ছোৱালীক শক্তি আৰু ৰোগ প্ৰতিৰোধৰ বাবে পুষ্টিৰ প্ৰয়োজন।’ মই কেৱল সিহঁতক চাউল আৰু ৰচমেৰে বনোৱা লুথুৰীহে খুৱাব পাৰো।”

সেয়ে হয়তো তেওঁ জোৰ দি কয়, “মোৰ এই কাম মোৰ প্ৰজন্মৰ সৈতে শেষ হোৱা উচিত।”

এই সম্প্ৰদায়বোৰৰ অভিজ্ঞতাৰ কথা দোহাৰি বি. আৰি বাবুৱে কয়, “সম্প্ৰদায়ৰ প্ৰমাণপত্ৰবোৰ কেৱল শ্ৰেণী-চিনাক্তকৰণৰ কাগজ নহয়, কিন্তু সেয়া মানৱ অধিকাৰ সাব্যস্ত কৰাৰ এক আহিলা।” বাবু মাদুৰাইৰ আমেৰিকান কলেজৰ এগৰাকী সহযোগী অধ্যাপক।

“বহুদশকজুৰি অন্যায়ৰ বলি হোৱা তেওঁলোকৰ সামাজিক ন্যায় আৰু ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ বাবে এই প্ৰমাণপত্ৰবোৰ এটা উপায়,” অধ্যাপক বাবুৱে কয়। তেওঁ বাফুন নামে এটা নন-প্ৰফিট য়ুটুব চেনেল চলায় যিটোৱে মহামাৰী আৰু লকডাউনৰ সময়ত তামিলনাডুৰ উপান্ত শ্ৰেণীয়ে সন্মুখীন হোৱা কষ্ট নথিভুক্ত কৰিছে।

*****

“৬০ বছৰত মই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত (তামিলনাডুৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন, ২০২১) ভোট দিব পাৰিছিলো,” চান্নাতিপুৰুকুলামৰ নিজৰ ঘৰত ভোটাৰ পৰিচয় পত্ৰখন দেখুৱাই আৰ. সুপ্ৰমণিয়ে গৌৰৱেৰে কয়। এন.জি.অ.ৰ সহায়ত তেওঁ আন চৰকাৰী নথি যেনে আধাৰ আদি তেওঁলোকে লাভ কৰিছে।

“মই সিমান শিক্ষিত নহওঁ। সেয়ে আন কাম কৰি জীৱিকা আৰ্জিব নোৱাৰো। চৰকাৰে আমাক বৃত্তিমূলক শিক্ষা আৰু ঋণ দিব লাগে। তেনেকৈ আমি স্বনিয়োজিত হ’ব পাৰিম,” তেওঁ কয়।

২০২২ৰ ১৫ ফেব্ৰুৱাৰীত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে ডি.এন.টি.সকলৰ বাবে এক আৰ্থিক সবলীকৰণৰ আঁচনি (এছ.ই.ই.ডি.) মুকলি কৰে। “২.৫ লাখ টকাৰ কম বছৰি আয় থকা পৰিয়াল, যিয়ে এনে কোনো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ সুবিধা লাভ কৰা নাই” তেনে পৰিয়ালক সহায় কৰা এই আঁচনিৰ লক্ষ্য।

A palm-reader in front of the Murugan temple in Madurai .
PHOTO • Pragati K.B.
A group of people from the Chaatai or whip-lashing community performing in front of the Tirupparankundram Murugan temple in Madurai
PHOTO • Pragati K.B.

বাওঁফালে : মাদুৰাইৰ মুৰুগানত হাতৰ ৰেখা পঢ়া এগৰাকী লোক সোঁফালে : মাদুৰাইৰ তিৰুপ্পাৰানকুন্দ্ৰম মুৰুগান মন্দিৰত এগৰাকী চাটাই বা চাবুকেৰে নিজকে কোবোৱা সম্প্ৰদায়ৰ এজন লোকে প্ৰদৰ্শন কৰিছে

প্ৰেছ বিজ্ঞপ্তিখনত এই সম্প্ৰদায়বোৰৰ প্ৰতি হোৱা অন্যায়ৰ কথা স্বীকাৰ কৰা হৈছে আৰু “৫ বছৰত, ২০২১-২২ৰ পৰা ২০২৫-২৬ বিত্তবৰ্ষত ২০০ কোটি টকা” ব্যয় কৰা হ’ব বুলি কোৱা হৈছে। গণনা প্ৰক্ৰিয়া শেষ হোৱা নাই হেতুকে এতিয়ালৈ এই সম্প্ৰদায়ৰ কোনো লোকে এতিয়ালৈ এই আঁচনিৰ সুবিধা পোৱা নাই।

“আমাক এছ.চি. আৰু এছ.টি.সকলৰ দৰে সুকীয়া সাংবিধানিক মৰ্য্যাদা দিব লাগিব। আমাক ৰাজ্য চৰকাৰে যে অৱহেলা কৰা নাই, তাৰে এয়া প্ৰথম চিন হ’ব,” সুপ্ৰমণিয়ে কয়। ভালদৰে জনগণনা কৰাৰ পিছতহে তেওঁলোকক চিনাক্ত কৰাটো সম্ভৱ হ’ব বুলি তেওঁ কয়।

এই ষ্ট ’ৰিটো এছিয়া পেচিফিক ফৰাম অন ৱ’মেন, ল এণ্ড ডেভলপমেণ্ট (এ.পি.ডব্লিউ.এল.ডি.) মিডিয়া ফেল’শ্বিপৰ অধীনত কৰা হৈছে

অনুবাদ: পংকজ দাস

Pragati K.B.

Pragati K.B. is an independent journalist. She is pursuing a master’s in Social Anthropology at the University of Oxford, UK.

Other stories by Pragati K.B.
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das