২০২১ চনৰ মে’ত যেতিয়া তেওঁৰ পত্নীয়ে স্বাভাৱিকভাৱে উশাহ-নিশাহ লোৱাত কষ্ট পাইছিল, ৰাজেন্দ্ৰ প্ৰসাদে পত্নীক উত্তৰ প্রদেশৰ অতি ভিতৰুৱা গাঁওখনৰ আটাইতকৈ ওচৰতে থকা চহৰখনৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাবলৈ বাধ্য হৈছিল। অৱশ্যে প্রথমে তেওঁৰ মনলৈ আহিছিল ওচৰতে থকা আন এখন চিকিৎসালয়ৰ কথা, যিখন ওচৰ হোৱা স্বত্তেও আছিল সীমাৰ সিপাৰে, নেপালত।

“সীমান্তৰ ইটো পাৰে চিকিৎসা গ্ৰহণ কৰাটো আমাৰ বাবে তেনেই সাধাৰণ কথা, গাঁৱৰ বহুতো লোকে কেইবাবছৰ ধৰি এই কাম কৰি আহিছে৷ আপাত দৃষ্টিত অসাধাৰণ যেন লগা কথাবোৰ ৰাজেন্দ্ৰই (৩৭) কৈ গৈছিল। নেপালস্থিত হাস্পতালখন ৰাজেন্দ্ৰৰ গাঁও বাংকাটিৰ পৰা মাত্ৰ

১৫ কিঃমিঃ দূৰত্বত আছে৷ বাংকাটি গাঁওখন উত্তৰ প্ৰদেশৰ আটাইতকৈ ডাঙৰ জিলা লখিমপুৰ খেৰি (খেৰি নামেৰেও জনা যায়)ৰ অন্তভুৰ্ক্ত, যিখন নেপাল সীমান্তৰ গাতে লাগি আছে৷

১৯৫০ চনত শান্তি আৰু বন্ধুত্ব চুক্তি স্বাক্ষৰিত হোৱাৰে পৰা ভাৰত আৰু নেপালৰ মাজৰ মুকলি সীমান্ত নীতিয়ে ভাৰত আৰু নেপালৰ নাগৰিকসকলক দুয়োটা অঞ্চলৰ মাজত মুক্তভাৱে চলাচল কৰিবলৈ অনুমতি দিছে। ই তেওঁলোকক বাণিজ্যত জড়িত হ'বলৈ, সম্পত্তি আহৰণ কৰিবলৈ আৰু কামত নিযুক্ত হ'বলৈ দিয়ে। বাংকাটিৰ বাসিন্দাসকলক মুকলি সীমান্তই নেপালত সস্তা আৰু উন্নত স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম কৰিছে।

কিন্তু ক’ভিড-১৯য়ে বিধি পথালি দিলে।

যেতিয়া ৰাজেন্দ্ৰৰ ৩৫ বছৰীয়া পত্নী গীতা দেৱীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, সেই সময়ত ভাৰতত ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌ তুংগত উঠিছিল ৷ তেওঁলোকৰ সীমান্তৰ হাস্পতালখনলৈ যোৱাৰ ৰাস্তাও বন্ধ হৈ পৰিল, কাৰণ ২০২০ৰ ২৩ মাৰ্চৰ পৰা ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বাবে নেপালে ভাৰতৰ সীমাৰ সৈতে লাগি থকা পাঁচখন ৰাজ্যৰ ১,৮৫০ কিঃমিঃ জোৰা সীমান্ত অঞ্চল ছীল কৰি দিয়ে।

ৰাজেন্দ্ৰৰ পৰিয়ালটো ইয়াৰ বাবে অপূৰণীয় ক্ষতিৰ সন্মুখীন হ’ল।

Rajendra Prasad in his farmland in Bankati, located on the border with Nepal. He wonders if his wife would have lived had the border not been sealed due to Covid-19 and they could have gone to the hospital there
PHOTO • Parth M.N.
Rajendra Prasad in his farmland in Bankati, located on the border with Nepal. He wonders if his wife would have lived had the border not been sealed due to Covid-19 and they could have gone to the hospital there
PHOTO • Parth M.N.

নেপালৰ সীমান্তত অৱস্থিত বাংকাটিৰ নিজ খেতিপথাৰত ৰাজেন্দ্ৰ প্ৰসাদ। যদি ক’ভিড-১৯ৰ বাবে সীমান্ত বন্ধ কৰা নহ'লহেঁতেন আৰু তেওঁলোকে তাত থকা চিকিৎসালয়লৈ যাব পাৰিলেহেঁতেন তেন্তে তেওঁৰ পত্নী জীয়াই থাকিলহেঁতেন নে, এই প্ৰশ্নই তেওঁৰ মনটো বাৰে বাৰে ভাৰাক্ৰান্ত কৰে

ৰাজেন্দ্ৰই গীতাক বাংকাটিৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা পালিয়া চহৰলৈ লৈ যায়, আৰু তেওঁলোকৰ গাওঁখন অৱস্থিত খণ্ডটোৰ মুখ্য কাৰ্যালয়লৈ লৈ যায়। তেওঁ কয়, "[পালিয়ালৈ] ৰাস্তাটো ভয়ানক, সেয়েহে তালৈ যাবলৈ অধিক সময় লাগে।" "চহৰখনৰ ৰাজহুৱা চিকিৎসালয়খন ভাল নহয়, সেয়েহে আমি ব্যক্তিগত চিকিৎসালয়লৈ যাব লগা হৈছিল।" ৰাজেন্দ্ৰই গীতাক পালিয়ালৈ লৈ যোৱাৰ বাবে ২০০০ টকাত এখন বাহন ভাড়া লৈছিল কিয়নো বাংকটিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত (পিএইচচি) গুৰুতৰ ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ প্রয়োজন হোৱা সা-সুবিধা নাছিল।

যদিও গীতাৰ ক’ভিডৰ লক্ষণ আছিল –  কাহ আৰু চৰ্দি আৰু তাৰ পিছত উশাহ-নিশাহ লোৱাত অসুবিধা – চহৰৰ চিকিৎসালয়ত তাইৰ নিগেটিভ ওলাইছিল; কিন্তু তাই নিউমোনিয়াত আক্ৰান্ত বুলি ধৰা পৰিছিল। ৰাজেন্দ্ৰই কয়, "তাইৰ উশাহ-নিশাহত পোৱা কষ্ট অব্যাহত আছিল। তেতিয়া পালিয়াত অক্সিজেনৰ অভাৱ হৈছিল। "মই নিজে কেইটামান চিলিণ্ডাৰৰ ব্যৱস্থা কৰিছিলো, কিন্তু সেয়া পৰ্যাপ্ত নাছিল। ভৰ্তি হোৱাৰ ছয় দিন পিছত তাইৰ মৃত্যু হয়।"

এক একৰ মাটিও নথকা এজন সৰু খেতিয়ক ৰাজেন্দ্ৰৰ বাৰ্ষিক উপাৰ্জন স্থিৰ নহয়, আৰু ১.৫ লাখ টকাৰ অধিক নহয়। গীতাৰ চিকিৎসাৰ বাবে তেওঁ ব্যক্তিগতভাৱে ক্ৰয় কৰা অক্সিজেন চিলিণ্ডাৰসহ মুঠ প্ৰায় ৫০,০০০ টকা ব্যয় কৰিছিল। "মই মোৰ চাউল বেচা ব্যৱসায়ীজনৰ পৰা টকা ধাৰলৈ আনিছিলো। মই তেওঁক মোৰ খেতিৰ পৰা শস্যৰে পৰিশোধ কৰিম," তেওঁ কয়। "মই ঋণৰ বাবে অনুশোচনা নকৰোঁ, কিন্তু তাই সঠিক চিকিৎসা লাভৰ পৰা বঞ্চিত হ’ল, সেই কথাটোতহে মই দুঃখিত" - দুটা সন্তানৰ দেউতাক ৰাজেন্দ্ৰই কয়। "মই এতিয়া মোৰ কিশোৰ সন্তানক নিজে চোৱাচিতা কৰি আছোঁ।"

গীতাৰ মৃত্যু হোৱাৰ এবছৰেই হ’বৰ হ’লহি৷ ৰাজেন্দ্ৰই আজিও আশ্বৰ্য প্ৰকাশ কৰে যে নেপালৰ সেই হাস্পতালখনলৈ লৈ যাব পৰাহেঁতেন, কথাবোৰ হয়তো আজি বেলেগ হ’ল হয়।...“কিন্তু মই কোনো ৰিস্ক ল’ব খোজা নাছিলো। আমাৰ হাতত সময়ো বেছি নাছিল। সেয়ে নেপাললৈ নিয়াৰ সলনি মই পালিয়াতে কোনো হাস্পতালৰ সন্ধান কৰিলো। নাজানো আৰু সেয়া শুদ্ধ আছিলনে নাই৷”

Jai Bahadur Rana, the pradhan of Bankati, is among the village's many residents who seek treatment at Seti Zonal Hospital in Nepal. "The doctors and facilities at Seti are far better," he says
PHOTO • Parth M.N.

নেপালৰ চেতি জোনেল চিকিৎসালয়ত চিকিৎসা বিচৰা গাওঁখনৰ বহুতো বাসিন্দাৰ ভিতৰত বাংকাটিৰ প্ৰধান জয় বাহাদুৰ ৰাণা অন্যতম। তেওঁ কয়, 'চেটিৰ চিকিৎসক আৰু সুবিধাবোৰ বহুগুণে উন্নত'

নেপালৰ ধনগঢ়ি জিলাৰ চেতি জোনেল চিকিৎসালয়ত বাংকাটিৰ ২১৪ টা পৰিয়ালৰ প্ৰায় সকলোৱে চিকিৎসা লাভ কৰিছে। বাংকাটিৰ ৪২ বছৰীয়া প্ৰধান জয় বাহাদুৰ ৰাণাও  তেওঁলোকৰ ভিতৰত আছে।

ৰাণাই কয়, ৬-৭ বছৰৰ পূৰ্বে যক্ষ্মা ৰোগত আক্ৰান্ত হওঁতে তেওঁ চিকিৎসা গ্ৰহণৰ বাবে হাস্পতালখনলৈ এতিয়ালৈকে পাঁচবাৰ গৈছে। “তাত ছমাহজোৰা চিকিৎসা চলিছিল, “ৰাণাই কয়। “সেই সময়ত সীমান্তত কোনো ধৰণৰ তালাচী চলা নাছিল৷ মই কোনো সমস্যা নোহোৱাকৈ চিকিৎসা গ্ৰহণ কৰিব পাৰিছিলো।”

ৰাণাই তেওঁৰ গাঁৱৰ মানুহে চেতি জোনেল চিকিৎসালয়লৈ যাব বিচৰাৰ কিছুমান কাৰণ বৰ্ণনা কৰিছে। "পালিয়ালৈ যোৱা পথটো দুধৱা ৰিজাৰ্ভৰ মাজেৰে যায়, পথটো নিৰাপদ নহয়। তাত বহুতো বন্য জন্তু আছে," তেওঁ কয়।"আৰু আমি পালিয়া পোৱাৰ পাছতো বিকল্পবোৰ কি? ব্যক্তিগত চিকিৎসালয়ত থকাৰ সামৰ্থ্য আমাৰ নাই। খেৰীৰ ৰাজহুৱা চিকিৎসালয়খনত কোনো সুবিধা নাই। ইয়াৰ তুলনাত চেটিৰ চিকিৎসক আৰু সুবিধাবোৰ বহুগুণে ভাল।"

তেওঁ নেপালত তেওঁৰ অভিজ্ঞতা মৰমেৰে মনত ৰাখিছে। "ইয়াত [ভাৰতত] ৰাজহুৱা চিকিৎসালয়ত, চিকিৎসা আৰু বিচনা বিনামূলীয়া, কিন্তু চিকিৎসকে সদায়ে আপুনি বাহিৰৰ [দৰৱৰ দোকানৰ] পৰা ক্ৰয় কৰিব লগা ঔষধ লিখে। ইয়াৰ বাবে যথেষ্ট টকা খৰছ হয়”, নেপালত এনে নহয়, তেওঁ কয়। "তাত তেওঁলোকে বাহিৰৰ পৰা কিনিবলগীয়া ঔষধ তেতিয়াহে লিখে যেতিয়া চিকিৎসালয়ত সেই ঔষধ উপলব্ধ নহয়। মোৰ চিকিৎসাৰ বাবে প্রায় কোনো ধন খৰচ নোহোৱাৰ নিচিনাই। মই সৌভাগ্যৱান যে মোৰ মাৰ্চ ২০২০ৰ পিছত যক্ষ্মা ধৰা নাছিল। মই খেৰী বা লক্ষ্ণৌত [প্ৰায় ২০০ কিলোমিটাৰ দূৰত] এখন চিকিৎসালয় বিচাৰিব লগা হ'লহেঁতেন। আনকি সীমান্ত মুকলি হোৱাৰ পাছতো কথাবোৰ একেই নহয়।"

নেপালে ২০২১ চনৰ ছেপ্টেম্বৰৰ শেষ সপ্তাহত ভাৰতৰ পৰা নেপাললৈ মানুহৰ চলাচলৰ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছিল। অৱশ্যে প্ৰস্থানৰ ৭২ ঘণ্টাৰ ভিতৰত পোৱা এক ক’ভিড নিগেটিভ ৰিৰ্পট আৰু এখন অনলাইনত পূৰণ কৰা আন্তৰ্জাতিক ভ্ৰমণকাৰী প্ৰপত্ৰৰ মুদ্ৰিত প্ৰতিলিপি এতিয়া দাখিল কৰিব লাগিব

নতুন ব্যৱস্থাটোৱে বাংকাটিৰ বাসিন্দাসকলক চিকিৎসাৰ সুবিধাৰ বাবে নিজ দেশলৈ উভতিবলৈ বাধ্য কৰিছে।

Mansarovar outside her house in Kajariya. In January, she walked through the forest with her infant son to reach Geta Eye Hospital across the border. "No hospital in our district is as good as Geta for eye care," she says
PHOTO • Parth M.N.

কাজাৰিয়াত তাইৰ ঘৰৰ বাহিৰত মানসৰোবৰ। জানুৱাৰী মাহত তাই তাইৰ কেঁচুৱা ল’ৰাটোৰ সৈতে অৰণ্যৰ মাজেৰে গৈ সীমান্তৰ সিপাৰে থকা গেটা আই হস্পিতালত উপস্থিত হৈছিল। তাই কয়, 'আমাৰ জিলাৰ কোনো চিকিৎসালয় চকুৰ যত্নৰ বাবে গেটাৰ দৰে ভাল নহয়'

ৰাণাই কয়, "এতিয়া [গৌৰীফাণ্টাত) সীমান্তত বহুতো প্ৰশ্নৰ উত্তৰ দিব লাগিব।" তেওঁ কয়, "তেওঁলোকে আপোনাৰ গাঁৱৰ নাম, আপোনাৰ পৰিচয় পত্র, আপোনাৰ ভ্ৰমণৰ কাৰণ আদি বিচাৰে।" "যদিও তেওঁলোকে বেছিভাগেই আমাক পাৰ হ'বলৈ দিয়ে, তথাপিও গাৰ্ডৰ প্ৰশ্নৰ উত্তৰ দিয়াটো গাওঁবাসীৰ ভয়লগা ধৰণৰ হ’ব পাৰে। গতিকে এতিয়া বেছিভাগ মানুহে সীমাৰ সিপাৰলৈ যায় [যদিহে] যদি একেবাৰে নগ’লেই নহয়।"

সীমা পাৰ হোৱাৰ তেনে এটা এৰাব নোৱাৰা কাৰণ হৈছে নেপালৰ কাইলালি জিলাৰ গেটা আই হস্পিটেল।

২০২২ চনৰ জানুৱাৰী মাহৰ মাজভাগত ২৩ বছৰীয়া মানসৰোবৰে খেৰী জিলাৰ কাজাৰিয়া নামৰ গাওঁখনৰ অৰণ্যৰ মাজেৰে খোজ কাঢ়ি ২০ কিলোমিটাৰ দূৰত অৱস্থিত চকু চিকিৎসালয়ত উপস্থিত হৈছিল। তাই তাইৰ কেঁচুৱা ল’ৰাটোক তাত থকা চিকিৎসকসকলক দেখুৱাবলৈ তাইৰ লগত লৈ গৈছিল। তেওঁ কয়, "আমাৰ জিলা বা আনকি ৰাজ্যৰ কোনো চিকিৎসালয় চকুৰ যত্নৰ বাবে গেটাৰ দৰে ভাল নহয়। আৰু মই মোৰ ল’ৰাটোৰ ক্ষেত্ৰত ৰিস্ক ল'ব নিবিচাৰিছিলো।"

২০২১ৰ এপ্ৰিলত জন্মগ্ৰহণ কৰা তাইৰ পুত্ৰই তাৰ চকুত এটা সমস্যাৰ সৈতে যুঁজি আছিল – চকুটোৰ পৰা অস্বাভাৱিকভাৱে পানী ওলাই আছিল আৰু কিবাকিবি নিৰ্গত হৈ আছিল। মানসৰোবৰে তাক সীমা পাৰ কৰি নিয়ালৈকে পানী আদি নিগৰিয়ে আছিল। তাই কয়, "সৌভাগ্যক্ৰমে, কোনেও মোক সীমান্তত বাধা দিয়া নাছিল।" "মোৰ ল'ৰা দুসপ্তাহৰ ভিতৰত ভাল হৈ গৈছিল। যেতিয়া চকুৰ পৰা কিবা বৈ থকাটো বন্ধ হৈছিল, মই পুনৰ চিকিৎসালয়লৈ উভতি গৈছিলো। ডাক্তৰে মোৰ পুত্ৰৰ মূৰত হাত ৰাখিছিল আৰু মোক এই বিষয়ে আৰু চিন্তা নকৰিবলৈ কৈছিল। গোটেই চিকিৎসাৰ বাবে মোৰ ৫০০ টকাহে খৰচ হৈছিল।"

–য'ত সংখ্যাগৰিষ্ঠ লোক উত্তৰ প্ৰদেশৰ অনুসূচীত জনজাতি থাৰু সম্প্ৰদায়ৰ সংখ্যাগৰিষ্ঠতা থকা খেৰীৰ সীমান্তৱৰ্তী গাওঁবোৰৰ লোকসকলৰ বাবে  সন্মানজনক চিকিৎসাৰ সমানে সমানে সুলভ চিকিৎসাও গুৰুত্বপূৰ্ণ।

বাংকাটিৰ পৰা প্ৰায় সাত কিলোমিটাৰ দূৰত্বত থকা কাজাৰিয়াত ২০ বছৰীয়া চিমালী ৰাণাই জানে যে এখন চিকিৎসালয়ত আত্মসন্মানত আঘাত লাগিলে কেনে অনুভৱ হয়। "আপুনি অসহায়। আপুনি একো ক'ব নোৱাৰে কিয়নো আপোনাক অপমান কৰা ব্যক্তিজনেই আপোনাৰ চিকিৎসা কৰিব লাগিব," পালিয়াৰ এখন চিকিৎসালয়ত হোৱা অভিজ্ঞতা বৰ্ণনা কৰি তাই কয়।

Shimali had no choice but to get their newborn son treated at a private hospital in Kheri's Palia town.
PHOTO • Parth M.N.
Shimali and Ramkumar (right) outside their home in Kajariya. They had no choice but to get their newborn son treated at a private hospital in Kheri's Palia town. "It is not my fault that you are poor," said a doctor there, after the hospital wanted them to pay more
PHOTO • Parth M.N.

চিমালী আৰু ৰামকুমাৰ (সোঁফালে) কাজাৰিয়াত তেওঁলোকৰ ঘৰৰ বাহিৰত। তেওঁলোকৰ নৱজাতক পুত্ৰক খেৰীৰ পালিয়া চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাই দিয়াৰ বাহিৰে তেওঁলোকৰ কোনো উপায় নাছিল। চিকিৎসালয়খনে তেওঁলোকক অধিক ধন দাবী কৰি পিছত তাত থকা এজন চিকিৎসকে কয়, 'আপুনি দৰিদ্ৰ হোৱাটো মোৰ দোষ নহয়'

তাইৰ পুত্ৰ, যাক তাই ২০২১ চনৰ নৱেম্বৰত জন্ম দিছিল, সি হাঁওফাঁওৰ সমস্যাৰ সৈতে জন্ম হৈছিল। তাই কয়, "সি [ভালদৰে] উশাহ ল'ব নোৱাৰিছিল আৰু স্থানীয় পিএইচচিয়ে আমাক পালিয়ালৈ যাবলৈ কৈছিল কিয়নো তেওঁলোকে এই বিষয়ে কি কৰিব লাগে নাজানিছিল।" "আমি এখন ব্যক্তিগত চিকিৎসালয়লৈ গৈছিলো আৰু এক ভয়ংকৰ অভিজ্ঞতা লাভ কৰিছিলো।"

চিকিৎসকসকলে আৰোগ্য হোৱাৰ পিছতো তেওঁলোকৰ ল’ৰাক হস্পিতালৰ পৰা ঘৰলৈ পঠাবলৈ অনিচ্ছুক আছিল, তেওঁৰ স্বামী ২০ বছৰীয়া ৰামকুমাৰে কয়। তেওঁ কয়, "তেওঁলোকে অধিক ধন সৰকাব বিচাৰিছিল।"আমি দৰিদ্ৰ কৃষক, নিজা মাটি নাই বুলিবই পাৰি [এক একৰতকৈ কম]। আমি তেওঁলোকক কৈছিলো যে আমি আৰু বহন কৰিব নোৱাৰো। তাত থকা চিকিৎসকজনে আমাক গালি পাৰি কৈছিল, 'আপুনি দৰিদ্ৰ হোৱাটো মোৰ দোষ নহয়'। তাৰ আগতে তেওঁলোকে আগতীয়াকৈ টকা দিব নোৱাৰাৰ বাবে আমাক অপমান কৰিছিল।"

তেওঁলোকে সন্মুখীন হোৱা বৈষম্য অস্বাভাৱিক নহয়। ২০২১ চনৰ নৱেম্বৰত অক্সফাম ইণ্ডিয়াই প্ৰকাশ কৰা ৰোগীৰ অধিকাৰৰ এক জৰীপ প্ৰতিবেদনত দেখা গৈছে যে উত্তৰ প্ৰদেশৰ ৪৭২ জন লোকৰ ভিতৰত ৫২.৪৪ শতাংশই অৰ্থনৈতিক স্থিতিৰ ভিত্তিত বৈষম্যমূলক আচৰণৰ সন্মুখীন হৈছে। প্ৰায় ১৪.৩৪ শতাংশই তেওঁলোকৰ ধৰ্মৰ বাবে আৰু আৰু ১৮.৬৮ শতাংশই জাতিৰ ভিত্তিত বৈষম্যমূলক আচৰণৰ মুখামুখি হৈছিল।

চিমালী আৰু ৰামকুমাৰৰ বাবে এনে অপ্ৰীতিকৰ অভিজ্ঞতা এসপ্তাহ ধৰি চলিছিল, যেতিয়ালৈকে পৰিয়ালটোৱে হস্পিতালৰ পৰা ঘৰলৈ আহিবলৈ জোৰ দিয়া নাছিল। তেতিয়ালৈকে ৰামকুমাৰে চিকিৎসাৰ বিল পৰিশোধ কৰিবলৈ তেওঁৰ আত্মীয়সকলৰ পৰা ৫০,০০০ টকা ধাৰলৈ লৈছিল। "আনকি যেতিয়া মোৰ ল’ৰাক হস্পিতালৰ পৰা ঘৰলৈ পঠিওৱা হৈছিল, চিকিৎসকে কৈছিল, 'যদি তেওঁৰ কিবা হয়, তেন্তে সেয়া আমাৰ দায়িত্ব নহয়'।

নেপালত মানসৰোবৰৰ অভিজ্ঞতা ঠিক বিপৰীত আছিল। তাই গেটা আই হস্পিটেলৰ পৰা সকাহ পাই আৰু আশ্বস্ত হৈ ওলাই আহিছিল। তাই কয়, "চিকিৎসকসকল সন্মানীয়। "যদি আপুনি নেপালী বুজি নাপায়, তেওঁলোকে আপোনাৰ সৈতে হিন্দীত জড়িত হ'বলৈ চেষ্টা কৰিব, আনকি তেওঁলোকে সাবলীলভাবে ক’ব নোৱাৰিলেও। তেওঁলোকে আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিব। ভাৰতত দৰিদ্ৰ লোকসকলক চিকিৎসকে ঘৃণাৰে ব্যৱহাৰ কৰে। এইটোৱেই এই দেশৰ আটাইতকৈ ডাঙৰ সমস্যা।"

পাৰ্থ এম.এন.-য়ে ঠাকুৰ ফেমিলি ফাউণ্ডেচনৰ পৰা এক স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতাৰ ওপৰত ৰিপ ৰ্টিং কৰে ঠাকুৰ ফেমিলি ফাউণ্ডেচনে এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত কোনো সম্পাদকীয় হস্তক্ষেপ প্ৰয়োগ কৰা নাই।

অনুবাদ: দেৱাংগ পল্লৱ শইকীয়া

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Devanga Pallav Saikia

Devanga Pallav Saikia is a post-graduate in English Literature. Having a deep interest in creative writing he writes short stories and essays in both Assamese and English. Till date he has published two books of short stories in Assamese.

Other stories by Devanga Pallav Saikia