কৃষ্ণা গাৱাড়ে সোনকালে বুজন হৈছিল। তেওঁৰ বয়সৰ প্ৰায়ভাগ ল’ৰা-ছোৱালীয়ে স্কুল যোৱাৰ সময়ত তেওঁ খেতিপথাৰত দিনে ২০০ টকাকৈ হাড়ভঙা শ্ৰম কৰিছিল। সমনীয়াই গাঁৱত ক্ৰিকেট খেলাৰ সময়ত তেওঁ দিনহাজিৰাৰ কাম বিচাৰি কনষ্ট্ৰাকছন ছাইটবোৰত পৰ দি ৰৈছিল। পাঁচ বছৰ আগতে ১৩ বছৰ বয়সত, তেওঁতকৈ তিনিবছৰে সৰু নিজ ভায়েককে ধৰি ছজনীয়া পৰিয়ালটোৰ দায়িত্ব তেওঁৰ মূৰপাতি ল’বলগীয়া হৈছিল।

তেওঁৰ দেউতাক প্ৰভাকৰে মানসিকভাৱে অক্ষম কাৰণে কাম কৰিব নোৱাৰে, আকৌ মাকৰ সঘনাই বেমাৰ হৈ থাকে, মহাৰাষ্ট্ৰৰ বীড় জিলাৰ নবগান ৰাজুৰি গাঁৱৰ নিজ ঘৰত কৃষ্ণাৰ ককা ৮০ বছৰীয়া ৰঘুনাথ গাৱাড়ে কয়। “মই আৰু মোৰ পত্নীয়ে এই বৃদ্ধ বয়সত কাম কৰিব নোৱাৰো। সেয়ে মোৰ নাতিল’ৰা দুটাই কম বয়সতে সকলো দায়িত্ব ল’বলগীয়া হৈছিল। সিহঁত দুটাৰ আয়েৰে পৰিয়ালটো যোৱা ৪-৫ বছৰে চলি আহিছে,” তেওঁ কয়।

গাৱাড়েসকল ধনগাৰ সম্প্ৰদায়ৰ, পৰম্পৰাগত পশুপালক গোট। এতিয়া মহাৰাষ্ট্ৰৰ বিমুক্ত জাতি আৰু যাযাবৰ জনজাতি শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হৈছে। পৰিয়ালটোৰ নৱগান ৰাজুৰিত অকণমান খেতিমাটি আছে, এক একৰতকৈও কম। তাতে তেওঁলোকে জোৱাৰ আৰু বাজৰা খেতি কৰে। সেইখিনিৰে ঘৰখনত খাবলৈ কোনোমতে জোৰে।

কৃষ্ণা আৰু মহেশৰ আয় মাহত ৬০০০ৰ পৰা ৮০০০ মান হৈছিল, সেইখিনিৰে পৰিয়ালটো কোনোমতে চলিব পাৰিছিল। কিন্তু ক’ভিড-১৯য়ে পৰিয়ালটোক আৰ্থিকভাৱে দুৰ্বল কৰি তোলে। ২০২০ৰ মাৰ্চৰ লকডাউনৰ পিছৰে পৰা উপাৰ্জন নাইকিয়া হৈ পৰে, দুই ভায়েক ঘৰতে বহি থাকিবলগীয়া হয়।

''সমাজকৰ্মী আৰু চৰকাৰে দিয়া বিনামূলীয়া ৰেচনৰে আমি বাচি থাকিলো,’’ কৃষ্ণা আৰু মহেশৰ আইতাক সুন্দৰবাঈয়ে কয়। ''কিন্তু ঘৰত এটা ফুটা কড়িও নাছিল। আমি তেল, শাক-পাচলি একো কিনিব পৰা নাছিলো। লকডাউনৰ প্ৰথম তিনিটা মাহত আমাৰ পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হৈছিল।’’

২০২০ৰ জুনত লকডাউন সামান্য শিথিল কৰি দিয়া হয় আৰু দোকান-পোহাৰ সামান্য খুলিবলৈ লয় যদিও বীড় জিলাত দিন হাজিৰাৰ কাম পোৱাটো তেতিয়াও কঠিন আছিল। ''সেয়ে মহেশে পুণেলৈ যোৱালৈ সিদ্ধান্ত ল’লে,’’ ৰঘুনাথে কয়। কিন্তু ঘৰলৈ পইছা পঠিয়াব পৰাকৈ পৰ্য্যাপ্ত কাম পোৱা নাছিল। ''কৃষ্ণাই পৰিয়ালটোৰ চোৱাচিতা কৰাৰ কাৰণে ঘৰতে থাকিল আৰু বীড়ত কাম বিচাৰিব ল’লে।’’

কিন্তু সেই সিদ্ধান্তই যে প্ৰাণঘাতী হ’ব, সেয়া পিছতহে উপলব্ধি হ’ল।

Left: Krishna's grandparents, Raghunath and Sundarbai Gawade. Right: His father, Prabhakar Gawade. They did not think his anxiety would get worse
PHOTO • Parth M.N.
Left: Krishna's grandparents, Raghunath and Sundarbai Gawade. Right: His father, Prabhakar Gawade. They did not think his anxiety would get worse
PHOTO • Parth M.N.

বাওঁফালেঃ কৃষ্ণাৰ ককা-আইতা, ৰঘুনাথ আৰু সুন্দৰবাঈ গাৱাড়ে। সোঁফালেঃ তেওঁৰ দেউতাক, প্ৰভাকৰ গাৱাড়ে। তেওঁৰ যে উদ্বিগ্নতা এনেকৈ বাঢ়ি যাব পাৰে, তেওঁলোকে ভবা নাছিল

কৃষ্ণাই ঘৰৰ দায়িত্ব পালনত যথেষ্ট কষ্ট মূৰপাতি ল’বলগীয়া হৈছিল। এই কষ্টই ১৭ বছৰ বয়সীয়া ল’ৰাটো মানসিক স্বাস্থ্যৰ অৱনতি ঘটাইছিল, তেওঁৰ উদ্বিগ্নতা আৰু হতাশা পৰিয়ালৰ চকুত পৰাকৈ বাঢ়ি আহিছিল। ''সেই সময়ত কাম একেবাৰেই নোহোৱা হৈছিল,’’ ৰঘুনাথে কয়। ''সি খিংখিঙীয়া হৈ পৰিছিল। ভাত খালে নে নাই সুধিলেও সি গেঙেৰি মাৰি উত্তৰ দিছিল। মানুহৰ সৈতে তেওঁ কথা পাতিবলৈ এৰিছিল আৰু কাম নাথাকিলে বেছিভাগ সময় শুই কটাইছিল।’’

কিন্তু এনে এক কৰুণ পৰিণতি যে দেখিবলৈ পাব, পৰিয়ালটোৱে সেয়া ভাবিবপৰা নাছিল। যোৱাবছৰ জুলাইৰ তৃতীয়টো সপ্তাহৰ এদিনাখন আবেলি সুন্দৰবাঈ কৃষ্ণাৰ কোঠালৈ গৈ দেখে যে কৃষ্ণাৰ নিথৰ দেহটো চিলিং ফেনত ওলমি আছে।

''মহেশ থাকোতে সি কিছু সাহ পাইছিল,’’ সুন্দৰবাঈয়ে কয়। ''তাৰ লগত ঘৰখন ধৰা কোনোবা এজন থকা যেন অনুভৱ কৰিছিল। কিন্তু মহেশ পুণেলৈ যোৱাৰ পিছত বোধকৰো সি অকলশৰীয়া অনুভৱ কৰিবলৈ ল’লে, গোটেই ঘৰখনৰ বোজা অকলে বব লাগিব যেন ভাবি ল’লে। কিন্ত অনিয়মীয়া আয়ৰ কাৰণে সেই দায়িত্বও ভালদৰে পালন কৰিব নোৱাৰা যেন অনুভৱ কৰিলে।’’

কৃষ্ণাৰ মৃত্যুৰ পিছত মহেশ (২১) ঘৰলৈ আহিল। তেওঁ বীড় জিলাত দিনহাজিৰাৰ কাম পালে কৰিবলৈ বুলি উভতি আহিল। পৰিয়ালটো চলোৱাৰ সমস্ত দায়িত্ব এতিয়া তেওঁৰ ওপৰত।

২০২০ৰ মাৰ্চৰ পৰা অতিমাৰীয়ে কৃষ্ণাৰ দৰে পৰিয়ালবোৰক দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিউ ৰিচাৰ্ছ চেণ্টাৰ ৰ ২০২১ৰ মাৰ্চৰ প্ৰতিবেদনত কোৱা হৈছেঃ ''ক’ভিড-১৯ মন্দাৱস্থাৰ কাৰণে ভাৰতত দুখীয়া লোকৰ সংখ্যা (প্ৰতিদিনে ২ ডলাৰ বা তাতোকৈ কম আয়ৰ লোক) ৫ কোটি ৫০ লাখলৈ বৃদ্ধি পাইছে।’’ এই মন্দাৱস্থাই ইতিমধ্যে খৰাং আৰু ধাৰত জুৰুলা হোৱা দীৰ্ঘদিন ধৰি শামুকীয়া গতিৰে আগবঢ়া গ্ৰামীণ অৰ্থনীতিৰ জিলাখনৰ জীৱিকা তচনচ কৰি পেলাইছে।

ডাঙৰবোৰে আৰ্থিক বোজা বহন কৰোঁতে হোৱা দুখ-কষ্টই শিশু আৰু কিশোৰৰো ক্ষতি কৰিছে। মহাৰাষ্ট্ৰৰ শিশুৰ অধিকাৰৰ ৰাজ্যিক আয়োগৰ প্ৰাক্তন সদস্য আৰু শিশু অধিকাৰ কৰ্মী সন্তোষ চিণ্ডেয়ে কয় যে ক’ৰনাকালৰ সংকটে শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে। ''বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ শিশুৱে পৰিয়ালক উপাৰ্জনত সহায় কৰিবলগীয়া হৈছে। কম বয়সতে এনে দায়িত্ব চম্ভালাটো শিশুৰ বাবে তেনেই কঠিন,’’ তেওঁ কয়। ''দুবেলা দুসাজৰ কাৰণে আপোনাৰ পৰিয়ালৰ সকলোৱে সংগ্ৰাম কৰিবলগীয়া পৰিস্থিতিত মানসিক স্বাস্থ্যৰ আলোচনা কৰাৰ অৱকাশ নাথাকে।’’

যেতিয়া শিশুহঁতৰো কৰিবলৈ কাম নাথাকে, তেতিয়া ঘৰৰ টকা-পইছাৰ নাটনি, কষ্ট আৰু চাপযুক্ত পৰিৱেশত পৰি ডাঙৰবোৰৰ মাজত লগা কাজিয়াই তেওঁলোকক অশান্তি দিয়ে। ''ইয়ে শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়,’’ চিণ্ডেয়ে কয়। ''ক’ভিডৰ আগলৈকে ল’ৰা-ছোৱালীবোৰে ওলাই গৈ মুকলিত খেলিব পাৰিছিল। ইখনৰ পৰা সিখন গাওঁ ঘূৰিব পাৰিছিল। স্কুলবোৰ এতিয়া বন্ধ। সেয়ে ঘৰুৱা পৰিৱেশ প্ৰতিকূল হ’লেও তাৰ পৰা পলায়ন কৰাৰ কোনো উপায় নাই।’’

Left: Sanjana Birajdar left home to escape the stressful atmosphere. Right: Her mother, Mangal. "I can see why my daughter fled"
PHOTO • Parth M.N.
Left: Sanjana Birajdar left home to escape the stressful atmosphere. Right: Her mother, Mangal. "I can see why my daughter fled"
PHOTO • Parth M.N.

বাওঁফালেঃ ঘৰৰ কষ্টকৰ পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ চঞ্জনা বিৰাজদাৰে ঘৰ এৰিছে। সোঁফালেঃ তেওঁৰ মাক মঙলাই কয়, ''মোৰ ছোৱালীজনীয়ে কিয় ঘৰ এৰি গৈছে মই বুজি পাওঁ’’

কিন্তু ১৪ বছৰ বয়সীয়া চঞ্জনা পলাই যোৱা নাছিল। ২০২১ৰ জুনত তেওঁ বীড়ৰ পাৰ্লি চহৰৰ এটা কোঠালীৰ ঘৰটোৰ পৰা ওলাই গৈ ২২০ কিলোমিটাৰ দূৰৰ ঔৰংগাবাদত থিতাপি লৈছিল। চঞ্জনাই তেওঁৰ ভাই-ভনীহাল, সামৰ্থ আৰু স্বপ্না (ক্ৰমে ১১ আৰু ৯ বছৰ বয়স)ক লগত লৈ যায়। ''মই থাকিব নোৱাৰা হৈ পৰিছিলো, সেই ঘৰটোৰ পৰা কোনোমতে ওলাব বিচাৰিছিলো,’’ বিনয়ী ভাৱত তেওঁ কয়।

চঞ্জনাৰ মাক মঙল এগৰাকী ঘৰুৱা বন কৰা মহিলা, তেওঁ পাঁচ ঘৰ মানুহৰ তাত কাম কৰি মাহে ২,৫০০ টকা উপাৰ্জন কৰে। তেওঁৰ দেউতাক ৰাম টেম্পো ড্ৰাইভাৰ আছিল। ''লকডাউনৰ পাছত তেওঁ কামটো হেৰুৱালে,’’ মঙলে কয়। তাৰোপৰি পৰিয়ালটোৰ কোনো নিজা খেতিমাটি নাই। ''মোৰ ভাইটোও আমাৰ লগতে থাকে। তেৱো এতিয়া কৰ্মহীন হৈ বহি আছে। জীয়াই থাকিবলৈ কষ্ট হৈছে,’’ তেওঁ কয়।

চঞ্জনাই ঘৰ এৰাৰ সময়ত মঙল (৩৫) আৰু ৰামে (৪০) সদায় পইছাক লৈ কাজিয়া কৰিছিল। তেওঁলোকৰ কাজিয়াই শেষত মাৰপিটৰ ৰূপ লৈছিল। ''কেতিয়াবা খাবলৈ ঘৰত একো নাথাকিছিল আৰু আমি পানী খাই বিচনাত পৰিছিলো,’’ মঙলে কয়। ''হতাশা আৰু খঙত থাকিলে মানুহে কেতিয়াবা ল’ৰা-ছোৱালীৰ ওপৰতো খং জাৰে। মই জানিছিলো, ঘৰত মোৰ ল’ৰা-ছোৱালীকেইটাৰ বাবে পৰিৱেশ একেবাৰে ভাল নাছিল,’’ মঙলে স্বীকাৰ কৰে।

মঙলৰ ভায়েকৰ আচৰণৰ কাৰণে পৰিৱেশ বেয়া হৈছিল, কাম বিচাৰি নাপাই তেওঁ মদৰ আশ্ৰয় লৈছিল। ''তেওঁ বৰকৈ মদ খোৱা হ’ল, ঘৰলৈ প্ৰায়ে মদ খাই ঢলং-ঢপং কৰি আহে আৰু মোক মাৰ-পিট কৰে,’’ মঙলে কয়। ''তেওঁ গধুৰ বাচন লৈ মোৰ মূৰতে মাৰিছিল। বৰকৈ আঘাত পাইছিলো আৰু সেইবোৰ চিন গাত থাকি গৈছে। তেওঁক ভালকৈ খাবলৈ নিদিও বুলি তেওঁ মোক গালি পাৰিছিল। ঘৰত খাবলৈ একো নাথাকিছিল, কেনেকৈ ভাতসাজ যোগাৰ কৰিলোহেঁতেন বাৰু?’’

দুৰ্ব্যৱহাৰ কৰা ভায়েকটোৰ কথা কৈ মঙলে কয় যে তেওঁক যে মাৰ-পিট কৰা ল’ৰা-ছোৱালীকেইটাই দেখিব, তালৈ তেওঁৰ ভ্ৰুক্ষেপকে নাছিল। ''সিহঁতৰ আগতে মোক মাৰিছিল। এতিয়া তেওঁ মদ খাই ঘৰ সোমাই নাটক কৰিলে সিহঁত বাহিৰলৈ ওলাই যায়,’’ তেওঁ কয়। ''কিন্তু সিহঁতে সকলো শুনা পায়, বুজি পায়। মোৰ ছোৱালীজনী কিয় গুছি গ’ল মই বুজি পাওঁ।’’

ঘৰত উশাহ-নিশাহ বন্ধ হৈ যোৱা যেন অনুভৱ কৰিছিল বুলি চঞ্জনাই কয়, সেয়ে ঘৰ এৰি যোৱাটোৱে একমাত্ৰ উপায় হিচাপে বাচি লৈছিল। পাৰ্লিত ভাই-ভনী দুটাৰ লগত ৰেলত উঠাৰ পিছত আগন্তুক পৰিকল্পনা কি, তেওঁ ভবা নাছিল। তেওঁলোকে টিকট নোহোৱাকৈয়ে ৰেলত উঠি দিছিল আৰু ক’লৈ যাব একো ঠিৰাং কৰা নাছিল। ''ঔৰংগাবাদত কিয় নামি দিলো মই নাজানো,’’ তেওঁ কয়। ''আমি ৰেলখনতে (ঔৰংগাবাদত) কিছু সময় বহিলো। ৰেলৱে পুলিচে আমাক দেখি শিশুৰ হোষ্টেল এটাত ভৰ্ত্তি কৰাই দিলে,’’ তেওঁ কয়।

Mangal with three of her four children: the eldest, Sagar (left), Sanjana and Sapna (front). Loss of work has put the family under strain
PHOTO • Parth M.N.

চাৰিটা সন্তানৰ তিনিটাৰ সৈতে মঙলঃ ডাঙৰজনী, সাগৰ (বাওঁফালে), চঞ্জনা আৰু স্বপ্না (সন্মুখৰ ফালে)। কাম নোপোৱা হোৱাৰ ফলত পৰিয়ালটো আৰ্থিকভাৱে ভাগি পৰিছে

তেওঁলোকৰ তিনিজনে ২০২১ৰ আগষ্টৰ শেষৰটো সপ্তাহলৈকে হোষ্টেলতে আছিল। চঞ্জনাই শেষত হোষ্টেল কৰ্তৃপক্ষক জনালে যে তেওঁলোকৰ ঘৰ পাৰ্লিত। স্থানীয় সমাজকৰ্মীৰ সহযোগত ঔৰংগাবাদ আৰু বীড় জিলাৰ শিশু কল্যাণ কমিটিয়ে শিশুকেইটাক অভিভাৱকৰ সৈতে লগ লগাই দিবলৈ সক্ষম হ’ল।

তেওঁলোক ঘৰলৈ আহিল ঠিকেই, কিন্তু একো সলনি নহ’ল।

চঞ্জনাই এতিয়া স্কুল খোলালৈ অপেক্ষা কৰিছে। ''মই স্কুললৈ গৈ ভাল পাওঁ। বন্ধুবোৰলৈ মনত পৰে,’’ ডাঙৰ হ’লে আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা কিশোৰীগৰাকীয়ে কয়। ''স্কুল খোলা থাকিলে মই এনেকৈ পলাই নগ’লোহেঁতেন,’’ তাই কয়।

উদ্বিগ্নতাত ভোগা মহাৰাষ্ট্ৰৰ হাজাৰ হাজাৰ শিশুই অতিমাৰীৰ পৰিণাম ভুগিছে। বীড়ৰ পৰা প্ৰকাশিত মাৰাঠী দৈনিক প্ৰজাপত্ৰ কাকতখনৰ ২০২১ৰ ৮ আগষ্টৰ এক প্ৰতিবেদন মতে এই বছৰটোৰ প্ৰথম সাতটা মাহত ১৮ বছৰ অনুৰ্দ্ধ ২৫ গৰাকীয়ে আত্মহত্যা কৰিছে।

''শিশুৱে মনোৰঞ্জনৰ বাবে একো নাপালে বা মনটো গঠনাত্মক কামত লগাব নাপালে মনত এক বৃহৎ ৰিক্ত অৱস্থাৰ সৃষ্টি হয়। একেখিনি সময়তে তেওঁলোকে নিজৰ জীৱনশৈলীৰ পতনো দেখে আৰু তাৰো ভূক্তভোগী হয়। এনেদৰেই তেওঁলোকৰ মনত হতাশাই বাহ লয়,’’ সামূহিক মানসিক স্বাস্থ্য বিষয়ত কাম কৰি অহা থানেস্থিত কল্যাণকামী সংস্থা ইনষ্টিটিউট অৱ চাইক’লজিকেল হেলথৰ প্ৰতিস্থাপক মনোৰোগ বিশেষজ্ঞ ডা. আনন্দ নাড়কাৰণিয়ে বুজাই কয়।

Rameshwar Thomre at his shop, from where his son went missing
PHOTO • Parth M.N.

নিজৰ দোকানত ৰামেশ্বৰ থ’মৰে, এইখন দোকানৰ পৰাই তেওঁৰ ল’ৰাটো নিৰুদ্দেশ হৈছিল

সমগ্ৰ মহাৰাষ্ট্ৰত শিশুৱে অতিমাৰীৰ কুপ্ৰভাৱৰ সৈতে যুঁজিছে। বীড়ৰ পৰা প্ৰকাশিত মাৰাঠী দৈনিক প্ৰজাপত্ৰ কাকতখনৰ ২০২১ৰ ৮ আগষ্টৰ এক প্ৰতিবেদন মতে এই বছৰটোৰ প্ৰথম সাতটা মাহত ১৮ বছৰ অনুৰ্দ্ধ ২৫ গৰাকীয়ে আত্মহত্যা কৰিছে

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰে পৰা শিশু আৰু কিশোৰ শ্ৰেণীৰ মাজত হতাশা বাঢ়িছে। ''ইয়াক 'আবৃত হতাশা’ বুলি কোৱা হয়,’’ তেওঁ কয়। ''এই হতাশাত ভোগাজনৰ ক্ষেত্ৰত বয়স্কজনৰ দৰে লক্ষণ দেখা নাযায়। বহু সময়ত পৰিয়ালৰ লোকেও ভুকে নাপায়। আৱেগিকভাৱে ভাগি পৰাৰ লক্ষণবোৰ তেওঁলোকে চিনাক্ত কৰিব নোৱাৰে আৰু কিশোৰ-কিশোৰীয়ে সেয়া প্ৰকাশ কৰাত অসমৰ্থ। এনেদৰে হতাশা অলক্ষিতে বাঢ়ি যায়, চিনাক্তকৰণ আৰু চিকিৎসাও নহয়।’’

নিজৰ ল’ৰাটোৰ হৈছেনো কি সেয়া ৰামেশ্বৰ থ’মৰেও লক্ষ্য কৰা নাছিল।

ৰামেশ্বৰৰ ১৫ বছৰ বয়সীয়া ল’ৰা অভিস্কাৰ ২০২১ৰ ২৮ ফেব্ৰুৱাৰীত বীড়ৰ মাজালগাওঁ তালুকৰ (মাজলেগাওঁ বুলিও কোৱা হয়) নিজ গাওঁ দিনদ্ৰুৰৰ পৰা নিৰুদ্দেশ হয়। এসপ্তাহ পাছত অভিস্কাৰৰ শৱ তেওঁৰ স্কুলত উদ্ধাৰ হয়। ''কোনো একো কৰা নাই বুলি পুলিচে নিশ্চিত কৰিছিল,’’ ৰামেশ্বৰে কয়। ''স্কুল বন্ধ আছিল। কিন্তু দুৱাৰৰ তলত ফাঁক আছিল। সেই ফাঁকেৰে তেওঁ সোমাই তাতে তেওঁ চিপজৰী লয়।’’

স্কুল বন্ধ থকা হেতুকে মৃতদেহটো দেখা পোৱাৰ আগলৈকে ওলমি আছিল। ''আমি সকলোতে তেওঁক বিচাৰিছিলো। কিন্তু পোৱা নাছিলো,’’ দেউতাকে কয়। ''স্কুলখনৰ কাষৰে মুকলি পথাৰত ল’ৰা কেইজনমানে ক্ৰিকেট খেলি আছিল। বলটো খিৰিকীৰে কোঠাটোত সোমোৱাত দৰ্জাখনৰ তলেৰে ভূমুকিয়াই চাওঁতে ল’ৰা এজনে তেওঁক দেখা পায়।’’

কিহে তেওঁৰ পুতেকক এনেদৰে আপোনঘাতি কৰাবলৈ বাধ্য কৰালে সেই কথা ৰামেশ্বৰে ভাবি নাপায়। ''সি একোৱে নকৈছিল। ভায়েকৰ সৈতে মিলি থাকিছিল, এতিয়া সিওঁ আমাৰ দৰে ভাবি নাপায়, কি হ’ল,’’ তেওঁ কয়। ''সি নিৰুদ্দেশ হ’বৰ দিনা আমাৰ দোকানখনৰ শ্বাটাৰ খুলিছিল আৰু দুপৰীয়াৰ আহাৰ খাই উভতিব বুলি মোক কৈছিল। সি কেতিয়াও উভতি নাহিল।’’

ৰামেশ্বৰে সৰু কৃষি সেৱা কেন্দ্ৰ এটা চলায়। কৃষি সেৱা কেন্দ্ৰ মানে তাত বীজ, সাৰ, কীটনাশক আৰু আন কৃষিপণ্য বিক্ৰী কৰা হয়। ''লকডাউনত আনবোৰৰ দৰে আমিও একেই দুৰৱস্থাৰ সন্মুখীন হৈছিলো,’’ তেওঁ কয়। ''সেয়াই কাৰণ আছিল নেকি মোৰ সন্দেহ হয়। মই সঁচাকৈয়ে নাজানো। মই যদি জানিলোহেঁতেন।’’

এই প্ৰতিবেদন প্ৰতিবেদকজনে পুলিটজাৰ চেণ্টাৰৰ স্বতন্ত্ৰ সাংবাদিকতাৰ অনুদানেৰে কৰা ধাৰাবাহিক প্ৰতিবেদনৰ এক অংশ।

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das