ক’ভিড-১৯ৰ ভেকচিন ল’বলৈ পানামিকৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত শাৰী পাতি থকা প্ৰায় এশমান মানুহ দেখিছিলো। সেয়া আছিল ১১ আগষ্ট। এয়া ভাৰতৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ স্বাস্থ্যকেন্দ্ৰৰ সাধাৰণ দৃশ্যৰ দৰেই বুলি আপোনাৰ মনলৈ ভাৱ আহিব পাৰে, কিন্তু সেয়া কোনো কাৰণতে নহয়। লেহৰ পানামিক ব্লকৰ আটাইতকৈ ওখ পইণ্টটো সাগৰপৃষ্ঠৰ পৰা ১৯,০৯১ ফুট ওপৰত। একেটা নামৰে মূল গাওঁখন তাতকৈ কেইহাজাৰমান ফুট তলত, ১১,০০০ ফুট উচ্চতাত অৱস্থিত। তথাপি এইটো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো আটাইতকৈ উচ্চতাত থকা ছিটাকৰণ কেন্দ্ৰবোৰৰ মাজৰ এটা।
ক’ভিড-১৯ ভেকচিন আনি লাডাখ স্বায়ত্ব শাসিত অঞ্চলৰ বিভিন্ন স্থানত মজুত কৰাটোৱে ডাঙৰ কাম। তাৰপিছত আকৌ দূৰ-দূৰণিৰ পৰা বাট বাই সেই কেন্দ্ৰবোৰলৈ যোৱাৰ প্ৰত্যাহ্বান আছেই।
কিন্তু অসাধাৰণ উচ্চতাৰ বাদেও এই স্বাস্থ্যকেন্দ্ৰটো আৰু এটা কাৰণত বিশেষ বুলি ক’ব লাগিব। ছিয়াচেন গ্লেচিয়াৰৰ কাষতে থকা এই স্বাস্থ্যকেন্দ্ৰটোৰ আন এক অভিলেখো আছে। সেয়া হৈছে এটা দিনতে অঞ্চলটোৰ ২৫০ গৰাকী সেনাৰ টিকাকৰণ। তাতে আকৌ যোগাযোগৰ অৱস্থা তেনেই শোচনীয় আৰু ইণ্টাৰনেট বুলিবলৈ কেৱল নামটোহে থকা লাডাখৰ আন ভালেকেইটা কেন্দ্ৰৰ দৰে পানামিক স্বাস্থ্যকেন্দ্ৰটোৱেও টিকাকৰণ অভিযান সফলতাৰে ৰূপায়ণ কৰিছে।
কিন্তু লেহ চহৰৰ পৰা ১৪০ কিলোমিটাৰ দূৰৰ এইটো স্বাস্থ্যকেন্দ্ৰ ইণ্টাৰনেট নোহোৱাকৈ কেনেকৈ চলে? ক’ল্ড চেইন চলোৱা চেৰিং আংচকৰ কথা শুনি সেয়া সহজ যেনেই লাগে - “তেনেই সহজ! আমি ধৈৰ্য্য ধৰি এই কাম কৰো। আমি ভালেকেইঘণ্টা ধৰি কাম কৰো আৰু অৱশেষত সকলো ঠিকে-ঠাকে হৈ যায়।” আন ঠাইত এক মিনিটতে হৈ যোৱা কামটোৰ বাবে তেওঁলোকে কেবাঘণ্টালৈ যুঁজি থাকিবলগীয়া হয়। আকৌ টিকাকৰণৰ বাবে শাৰী পাতিবলৈ লগা সময়ৰ কথা আছেই।























