এবছৰ আগতে, ২০১৭ৰ মে’ত সাৰিকা আৰু দয়ানন্দ সতপুতে অনিচ্ছা স্বত্বেও নিজৰ ঘৰ স্থানান্তৰিত কৰিলে, ‘নিৰাপত্তাহীনতা আৰু ভয়ৰ বাবেই এই সিদ্ধান্ত লোৱা হ’ল,’ ৪৪ বছৰীয়া দয়ানন্দই কয়।

মাৰাঠাৱাড়াৰ লাটুৰ জিলাত থকা তেওঁলোকৰ গাওঁ মোগাৰ্গাৰ দলিত সম্প্ৰদায়ৰ লোকসকলে ২০১৭ৰ ৩০ এপ্ৰিলত আম্বেদকাৰ জয়ন্তী উদযাপন কৰিছিল। ‘প্ৰতিবছৰে আমি বাবা চাহেবৰ জন্মবাৰ্ষিকী (১৪ এপ্ৰিলত)ৰ কেইদিনমান পিছত সেই দিৱস উপলক্ষে কাৰ্যসূচী হাতত লওঁ,’ দয়ানন্দই কয়।

মোগাৰ্গা গাঁৱৰ জনসংখ্যা প্ৰায় ২৬০০। অধিকাংশ মাৰাঠা, আৰু প্ৰায় ৪০০ দলিত। তেওঁলোকৰ বেছিভাগ মাহাৰ আৰু মাটাং সম্প্ৰদায়ৰ। মাৰাঠাসকল গাওঁখনৰ মাজভাগত বাস কৰে, দলিতসকল গাওঁখনৰ উপকণ্ঠ অঞ্চলত বাস কৰে। কেইঘৰমান দলিতৰ নিজৰ সৰু একোডোখৰ মাটি আছে, বেছিসংখ্যক দলিতে মাৰাঠা খেতিয়কৰ পথাৰত শ্ৰমিক হিচাপে কাম কৰে। মাৰাঠা খেতিয়কসকলে জোৱাৰ, টুৰ আৰু ছয়াবিনৰ খেতি কৰে। খেতিৰ কাম নাপালে শ্ৰমিক হিচাপে কাঠমিস্ত্ৰী আৰু কুলি হিচাপে কিলাৰি চহৰত কাম কৰে। তেওঁলোকৰ গাঁৱৰ পৰা চহৰখন ১০ কিলোমিটাৰ দূৰত।

যোৱা বছৰৰ অনুষ্ঠানৰ পিছতে পৰিস্থিতি ভয়াৱহ হৈ পৰে। ‘আম্বেদকাৰ জয়ন্তী উদযাপনৰ পিছদিনা গাওঁসভাৰ মিটিং এখন পঞ্চায়তে আহ্বান জনায়। কিছুমান মানুহ আমাৰ ঘৰলৈ বলপূৰ্বক সোমাই আহি আমাক ভাবুকি দিলে আৰু মিটিঙত থাকিবলৈ ক’লে। পিছদিনা পুৱা যেতিয়া আমি ১৫ জনমান গাওঁসভালৈ গ’লো, তেতিয়া তেওঁলোকে ‘জয় ভৱানী, জয় শিৱাজী’ শ্লোগান দি আমাক প্ৰৰোচিত কৰিলে।’ দয়ানন্দই ক’লে। সপ্তদশ শতিকাৰ মাৰাঠা শাসক ছত্ৰপতি শিৱাজীৰ এই শ্লোগানেৰে গুণানুকীৰ্তন কৰা হয়।

India Nagar Colony in Latur town
PHOTO • Parth M.N.

দলিত বিৰোধী ’নিষিদ্ধকৰণে’ সতপুতেসকলক লাটুৰৰ ইন্দিৰা নগৰলৈ স্থানান্তৰ হ’বলৈ বাধ্য কৰালে

ড. আম্বেদকাৰৰ জন্মজয়ন্তী উদযাপনত আগভাগ লোৱা আৰু জড়িত হোৱা দয়ানন্দ আৰু আন কেইজনমানক ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ কোৱা হ’ল। ‘আমি ক’লো এই অনুষ্ঠান পালন কৰাৰ আমাৰ অধিকাৰ আছে, তদুপৰি আমি পালন কৰি আহিছো,’ দয়ানন্দই উত্তৰ দিলে। ‘কাজিয়াৰ সূত্ৰপাত হ’ল আৰু আমাৰ মানুহ কেইবাজনো বেয়াকৈ আহত হ’ল। সিহঁতে আগতেই লোহাৰ ৰড, লাঠি, শিল-ইটা আনি আমাক মাৰিবলৈ সাজু হৈ আছিল।’

‘ইয়াৰ পিছত গাওঁসভাই সাংঘাতিক অন্যায় কৰিবলৈ আৰম্ভ কৰিলে। সংখ্যাগৰিষ্ঠ সম্প্ৰদায় হিচাপে সিহঁতৰ অটো ৰিক্সাচালকে আমাক উঠিবলৈ নিদিয়া হ’ল, দোকানীয়ে আমাক বস্তু বিক্ৰী নকৰা হ’ল। আমাৰ ল’ৰা-ছোৱালীৰ বাবে দৰকাৰী খোৱাবস্তুও আমি ক্ৰয় কৰিব নোৱাৰা হ’লো,’ সাৰিকাই কৈ গ’ল। গাওঁখনৰ সকলো দলিত পৰিয়ালৰ ওপৰত এই নিষিদ্ধকৰণৰ ফলত প্ৰভাৱ পৰিল।

কিলাৰী আৰক্ষী থানাত দলিত আৰু মাৰাঠা, উভয় পক্ষই কৰা মোগাৰ্গা গোচৰৰ দায়িত্বত থকা আৰক্ষী পৰিদৰ্শক মোহন ভোচালে এই ঘটনা ঘটা বুলি নিশ্চিত কৰে। কিন্তু তেওঁ ক’লে, ‘এতিয়া শান্তি ঘুৰি আহিছে। যোৱা বছৰ অক্টোবৰত আমি একেলগে দীপাৱলী উদযাপন কৰিছিলো। ভাওবীজত ভ্ৰাতৃয়ে ভগ্নীক এটা উপহাৰ দিয়ে, মাৰাঠা আৰু দলিতসকলৰ মাজত শান্তিৰ পণ আৰু উপহাৰ আদান-প্ৰদান হ’ল।’

কিন্তু দয়ানন্দ আৰু সাৰিকা এনেধৰণে জাপি দিয়া শান্তিক লৈ সন্দিহান হৈ পৰিল। ‘কোনোবা এজনে আনজনক ‘জয় ভীম’ বুলি কওঁতে দীপাৱলীৰ আগতে দুয়োটা সম্প্ৰদায়ৰ মাজত আকৌ সংকটৰ সৃষ্টি হ’ল,’ দয়ানন্দই ক’লে। ভীমৰাও আম্বেদকাৰ নামেৰে দলিত সম্প্ৰদায়ৰ শুভেচ্ছা জ্ঞাপন কৰা হৈছিল। ‘জয় ভীম বুলি কওঁতেই যদি পৰিস্থিতি অগ্নিগৰ্ভা হৈ পৰিব পাৰে, তেন্তে এনে শান্তিপূৰ্ণ অৱস্থাক কেনেকৈ বিশ্বাস কৰিব?’

মহাৰাষ্ট্ৰত গভীৰভাৱে শিপাই থকা জাত-পাতৰ সংঘাতেই মোগাৰ্গা গাঁৱত বৰ্ণ-সংঘৰ্ষৰ সৃষ্টি কৰিলে। ২০১৬ত নাবালিকা ছাত্ৰী এগৰাকীক ধৰ্ষণ কৰাৰ পিছৰ পৰা দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘাত গভীৰ হৈ পৰিছিল। নাবালিকাগৰাকীক ধৰ্ষণ কৰি টুকুৰা-টুকুৰ কৰি কাটি হত্যা কৰা হৈছিল। আহমেদনগৰ জিলাৰ কোপাৰ্ডি গাঁৱত ঘটনাটো ঘটিছিল। নাবালিকাগৰাকী মাৰাঠা সম্প্ৰদায়ৰ আছিল। তিনিজন অভিযুক্তক অপৰাধী সাব্যস্ত কৰি বিশেষ আদালতে মৃত্যুদণ্ডৰ ৰায় দিছিল। ২০১৭ৰ নৱেম্বৰত এই ঘটনাৰ বাবে অপৰাধী সাব্যস্ত কৰা আটাইকেইজন দলিত আছিল।

এই জঘন্য অপৰাধৰ ঘটনাই মাৰাঠা সম্প্ৰদায়ৰ মাজত জুই জ্বলালে। গোটেই মহাৰাষ্ট্ৰত বহুতো মাৰাঠা মৰ্চা গঢ়ি উঠিল। ২০১৭ৰ ৯ আগস্তত প্ৰায় ৩ লাখ মাৰাঠা লোকে মুম্বাইত প্ৰতিবাদ জনালে। এই প্ৰতিবাদী সমদলত আন কিছুমান দাবী তুলি ধৰা হ’ল, কিন্তু কোপাৰ্ডিৰ অপৰাধীক শাস্তি প্ৰদান আছিল মূল দাবী।

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি নিৰ্যাতনৰ সুৰক্ষা আইন (১৯৮৯) বাতিল কৰিবলৈ বা সংশোধন কৰিবলৈ এই প্ৰতিবাদে কণ্ঠ বলিষ্ঠ কৰিলে। উচ্চ বৰ্ণৰ বহু মহলে আগৰে পৰা কৈ আহিছিল যে আইনখন দলিতৰ দ্বাৰা অপব্যৱহৃত হৈছে।

উৎপীড়নৰ গোচৰ বিনামূলীয়াকৈ লোৱা লাটুৰৰ আইনজীৱি তথা মাৰাঠা ক্ৰান্তি মৰ্চাৰ উদয় গোৱাৰে মোগাৰ্গাৰ গাওঁসভাত দলিতসকলক আক্ৰমণ কৰাৰ ঘটনাক নিন্দা কৰিছে। কিন্তু তেওঁ কয় যে নিপীড়ন আইনৰ অপব্যৱহাৰৰ প্ৰতিক্ৰিয়া হ’ল গাঁৱত আৰোপ কৰা নিষিদ্ধকৰণ। তেওঁ কয়, ‘যিসকলে দলিত আৰু মাৰাঠাসকলৰ বিবাদ মীমাংসা কৰিবলৈ ওলাইছিল, তেওঁলোকৰ বিৰুদ্ধে অত্যাচাৰ কৰাৰ গোচৰ দিয়া হৈছে।’ তেওঁ লগতে কয়, ‘যিহেতু এই ঘটনা সত্য, সেয়ে দোষী মাৰাঠীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা আমি বিচাৰো। গোচৰটো যদি ভুৱা হয়, তেন্তে অভিযুক্তই ক্ষতিপূৰণ পাব লাগিব।’

Kavita Kamble sitting outside the doorway of her house
PHOTO • Parth M.N.
Buddha Nagar in Latur
PHOTO • Parth M.N.

বৈষম্যৰ লগত কৃষিক্ষেত্ৰৰ সংকট একাকাৰ হোৱাৰ ফলত কবিতা কাম্বলেৰ দৰে পৰিয়ালে নিজৰ গাঁৱৰ পৰা লাটুৰৰ বুদ্ধ নগৰলৈ যাবলগা হৈছে

মোগাৰ্গা গাঁৱত দুয়োটা সম্প্ৰদায়ৰ মাজত উত্তেজনাই এনে পৰ্যায় পাইছে যে আতংকিত সাৰিকাই তেওঁৰ ১২ বছৰীয়া আৰু ১১ বছৰীয়া দুই কন্যাক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ দিয়া নাই। ‘সৰু বস্তু এটা কিনিবৰ হ’লেও আমি গাঁৱৰ বাহিৰলৈ খোজ কাঢ়ি ওলাই যাব লগা হয়। উচ্চ ৰক্তচাপৰ বাবে মোৰ শহুৰৰ ঔষধৰ প্ৰয়োজন হয়, তেতিয়াও গাঁৱৰ ফাৰ্মাচীয়ে তেওঁক ঔষধ নিদিয়ে। তেওঁ পাঁচ কিলোমিটাৰ দূৰ খোজ কাঢ়ি গৈ (গাঁৱৰ পৰা দূৰত থকা ঔষধৰ দোকানৰ পৰা) ক্ৰয় কৰিবলগা হয়। আমাক দিন মজুৰীৰ কাৰণে নিবিচৰা হ’ল। জীয়াই থকা অতি কঠিন হৈ পৰিছে।’

গোটেই সম্প্ৰদায়টোৱে এমাহৰো বেছি সময়ত এই পৰিস্থিতিৰ মুখামুখি হ’বলগা হ’ল বুলি সাৰিকাই ক’লে। ২০১৭ৰ মে’ মাহৰ শেষৰফালে তেওঁ আৰু স্বামী দয়ানন্দই বয়বস্তু বান্ধিলে আৰু জীয়ৰীহঁতক লগত লৈ লাটুৰ চহৰৰ ইন্দিৰা নগৰ কলনীলৈ স্থানান্তৰ হ’ল। লাটুৰৰ এখন স্কুলত ছোৱালী দুজনীৰ নামভৰ্তি কৰিলে। ‘আমাৰ নিজৰ মাটি নাই, আনৰ পথাৰত দিনহাজিৰা কৰো, য’তে সুবিধা পাও, ত’তে কৰো। কিন্তু ইয়াত দৈনন্দিন খৰছ যথেষ্ট বেছি হৈছে,’ দয়ানন্দই ক’লে।

তাৰ পিছৰ পৰা প্ৰতিদিনে পুৱা দুয়ো পতি-পত্নীয়ে কাম বিচাৰি ঘৰৰ পৰা চহৰৰ ইফালে-সিফালে ঘুৰি ফুৰে। গাঁৱতকৈ ইয়াত বৰ কঠিনভাৱে চলিব লগা হৈছে। ‘দৈনিক ৩০০ টকাৰ মজুৰীৰ মই সপ্তাহত তিনিদিন কাম পাওঁ (দিনহাজিৰা বা কুলিৰ কাম)। আমি ১৫০০ টকা ঘৰভাড়া দিব লাগে। কিন্তু পৰিয়ালৰ বাবে ইয়াত নিৰাপত্তাৰ অভাৱত ভূগিব নালাগে,’ দয়ানন্দই ক’লে।

নগৰ বা চহৰলৈ ব্যাপক সংখ্যাক দলিত লোকৰ প্ৰব্ৰজনৰ আঁৰত সতপুতে পৰিয়ালৰ দৰে ঘটনা জৰিত হৈ আছে। কৃষি সংকটে যিকোনো সম্প্ৰদায়ৰ ব্যাপক সংখ্যক লোকক নিজৰ গাঁৱৰ পৰা অপসাৰিত কৰিছে যদিও দলিতৰ প্ৰব্ৰজনৰ সৈতে তাৰ এক পাৰ্থক্য আছে বুলি ক’লে দলিত-আদিবাসী অধিকাৰ মঞ্চৰ পুণেৰ পৰা কাম কৰা আইনৰ অধ্যাপক নীতিশ নৱসাগৰে। ‘দলিত আৰু আন সম্প্ৰদায়ৰ লোকৰ প্ৰব্ৰজনৰ মাজত সাধাৰণতে থকা পাৰ্থক্য এয়ে যে আন সম্প্ৰদায়ৰ লোকৰ নিজৰ মাটি থাকে, সেয়ে গাওঁ এৰি যাবলৈ আন সম্প্ৰদায়ৰ লোকক বেছি সময় লাগ। দলিতসকলে মন গ’লেই প্ৰব্ৰজিত হ’ব পাৰে। উভতি নিজৰ গাঁৱলৈ যাবলৈ বিশেষ একো নাথাকে। বহুক্ষেত্ৰত বয়সস্থ সকলে আগৰ ঠাইলৈ থাকি যায়।

২০১১ৰ কৃষি জনগণনাই স্পষ্টভাৱ তুলি ধৰিছে যে ভাৰতৰ দলিতসকলৰ দখলত কিমান সামান্য ভূ-সম্পদ আছে। দেশৰ মুঠ কৃষিভূমি ১৩৮,৩৪৮,৪৬১ হেক্টৰৰ স্বত্বাধাকিৰীৰৰ ভিতৰত অনুসূচীত জাতিৰ স্বত্বাধিকাৰ থকা মাটিৰ পৰিমাণ ১৭,০৯৯,১৯০ হেক্টৰ বা ১২.৩৬ শতাংশ। মালিকানাধীন ১৫১,৫৯১,৮৫৪ হেক্টৰ মুঠ কৃষিভূমিৰ ভিতৰত দলিত সম্প্ৰদায়ৰ মালিকানাধীন কৃষিভূমিৰ পৰিমাণ ১৩,৭২১,০৩৪ শতাংশ, অৰ্থাৎ ৮.৬ শতাংশ।

Keshav Kamble sitting on a chair in a room
PHOTO • Parth M.N.
Lata Satpute at the doorway of a house
PHOTO • Parth M.N.

বুদ্ধনগৰৰ কেশৱ কাম্বলেয়ে (বাওঁফালে) দলিতৰ সংখ্য়া বৃদ্ধি হৈছে বুলি কয়। লতা সতপুতে (সোঁফালে) তেওঁলোকৰ সম্প্ৰদায়ৰ ওপৰত চলা দৈনন্দিন নিৰ্মম অত্যাচাৰৰ কথা কয়

প্ৰব্ৰজিত দলিত সম্প্ৰদায়ে বৰ্দ্ধিত কৃষি সংকট আৰু সামাজিক বৈষম্য, এই দুয়োটাৰে বলি হ’বলগীয়া হৈছে। এইবুলি কয় মুম্বাইস্থিত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্সৰ স্কুল অৱ ছ’চিয়েল ৱৰ্কৰ প্ৰশাসনিক অধ্যক্ষ মনীষ ঝায়ে। ‘গাঁৱত তেওঁলোকক কৰা শোষণ বা বৈষম্যই তেওঁলোকৰ মনত হেয়জ্ঞান হোৱা বা বৰ্জিত হোৱাৰ ভাৱ সৃষ্টি কৰে,’ তেওঁ কয়। ‘তাতোকৈ ডাঙৰ কথা, দলিতসকলৰ নিজা মাটি নাই। তাতে আকৌ খৰাং পৰিলে অথবা কৃষি সংকটৰ সময়ত দিন মজদুৰ হিচাপেও কাম নোপোৱা হয়।’

লাটুৰৰ বুদ্ধ নগৰত, ইয়াত কেৱল দলিতসকল থাকে বুলি ৫৭ বছৰীয়া কেশৱ কাম্বলেয়ে কয়। তেওঁ কয়, প্ৰতি বছৰে দলিতৰ জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ‘বৰ্তমান ইয়াত ২০ হাজাৰৰো অধিক মানুহ থাকে। কিছুমান কেই দশকমানৰ আগতেই ইয়ালৈ আহিছে, কিছুমান একেবাৰে শেহতীয়াভাৱে আহিছে,’ তেওঁ কয়। গোটেই কলনীৰ প্ৰায় সকলো লোকেই দৈনিক মজদুৰ। কবিতা আৰু বালাজী কাম্বলে লাটুৰৰ পৰা ইয়ালৈ পাঁচ বছৰ আগতে আহিছিল। ‘আমি কুলি হিচাপে, নিৰ্মাণ শ্ৰমিক হিচাপে, য’ত যি পোৱা যায়, সেই কামকে কৰো। গাঁৱত যাৰ মাটি আছে, সিহঁতে আমাক কাম কৰিবলৈ দিব নে নিদিয়ে, সিদ্ধান্ত লয়। কিয় আমি আনৰ দয়াৰ ওপৰত জীয়াই থাকিব লাগে?’ কবিতাই কয়।

মোগাৰ্গাৰ প্ৰসংগলৈ আহো। এবছৰৰ পিছতো বৰ্ণ বিবাদ চলি আছে বুলি যোগীতাই কয়। তেওঁ দয়ানন্দৰ ভাতৃ অৱন্তৰ পত্নি। যোগীতাই স্বামী আৰু তেওঁৰ পিতৃ-মাতৃৰ সৈতে মোগাৰ্গতে আছে। যোগীতাই কয়, ‘তেওঁ বুঢ়া হৈছে, গোটেই জীৱন ইয়াতে কটোৱাৰ পিছত এই গাওঁ এৰি আন ঠাইলৈ যাব নিবিচাৰে। মোৰ স্বামীয়ে বেছিভাগ সময়ত আমাৰ গাঁৱৰ বাহিৰত দিন মজুৰৰ কাম কৰে। আমি গাঁৱত আগৰ দৰ কাম নাপাও, অলপহে কাম পাওঁ। আমাক এতিয়াও ভাল চকুৰে চোৱা নহয়, সেয়ে আমিও আওকাণ কৰি চলো,’ যোগীতাই কয়।

অনুসূচীত জাতি নিপীড়ন প্ৰতিৰোধ আইনৰ অধীনত সকলো পঞ্জীয়ন নহ’লেও জিলা সমাজ কল্যাণ বিভাগৰ মতে, ২০১৬ৰ এপ্ৰিলৰ পৰা লাটুৰত মোগাৰ্গাৰ নিচিনা বৰ্ণসংঘাতৰ ঘটনা কমেও ৯০ টা ঘটিছে। এনে ঘটনাৰ ভিতৰত ৩৫ বছৰীয়া লতা সতপুতে দৈনন্দিন মুখামুখী হোৱা ঘটনা ধৰা নাই। লতাই মাজে-সময়ে পথাৰত কাম কৰে, স্বামীয়ে লাটুৰ চহৰত দিন মজুৰী কৰে, লাটুৰলৈ তেওঁলোকৰ গাঁৱৰ পৰা ৬ কিলোমিটাৰ দূৰ হয়। তেওঁলোকৰ গাওঁ ৱাৰাৱান্তিৰ পৰা পানীৰ বাবে অতিৰিক্ত তিনি কিলোমিটাৰ খোজ কাঢ়িব লাগে (গাঁৱৰ বাহিৰত থকা এটা কুঁৱালৈ), অথচ এটা ৰাজহুৱা কুঁৱা তেওঁলোকৰ ঘৰৰ একেবাৰে কাষতে আছে। ‘কিন্তু এই কুঁৱাটোত আমাক কাপোৰ ধুবলৈ বা পানী ল’বলৈ নিদিয়ে,’ তেওঁ কয়। সাংবাদিকৰ লগত কথা পাতি থকা কোনো প্ৰতিবেশীয়ে দেখিছে নেকি চাই থাকিবলৈ নিজৰ জীয়েকক দায়িত্ব দি তেওঁ কৈ যায়, ‘মন্দিৰত সোমোৱাটো দূৰৰে কথা, আমাক আনকি মন্দিৰৰ আগেৰে খোজ কাঢ়ি যাবলৈও অনুমতি নিদিয়ে।’

অনুবাদঃ পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das