আন বহুত শিশুৰ দৰে লাটুৰ চহৰৰ স্কুল বন্ধ হৈ থকাৰ বাবে পৰশ মাৰ্ডিকাৰ নামৰ ১১ বছৰীয়া শিশুটিয়েও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা বাবে ভাল পাইছে আৰু তলাবন্ধৰ সময়সীমা বৃদ্ধি হ’লে ভাল পায়।

অৱশ্যে সেইটো নহ’ল। তেওঁৰ পিতৃ ৪৫ বছৰীয়া শ্ৰীকান্তই গাড়ী চালকৰ চাকৰি হেৰুৱালে। এতিয়া তেওঁ কোনোমতে দিনমজূৰীৰ কাম যোগাৰ কৰিছে। গাড়ীচালিক হিচাপে কৰা উপাৰ্জনৰ তুলনাত দুই-তৃতীয়াংশ উপাৰ্জন কমিছে। ২৫ মাৰ্চৰ পৰা তলাবন্ধ বলবৎ হোৱা বাবে তেওঁৰ মাতৃ ৩৫ বছৰীয়া সৰিতাও ৰান্ধনীৰ কাম হেৰুৱালে।

পৰশে এতিয়া দিনটোৰ আগবেলাৰ সময়খিনি পাত-শাক মুৰত কঢ়িয়াই বেচিবলৈ যায়। সৰস্বতী আৰু লক্ষ্মী কলনি (জ্ঞান আৰু সম্পদৰ নামেৰে নামাকৰণ কৰা হৈছে) নামৰ ঠাই দুখনত দুখীয়া ছাত্ৰই এতিয়া সেৱা আগবঢ়াব লগা হৈছে। পৰশৰ ভনী ১২ বছৰীয়া শ্ৰুষ্টিয়ে ৰামনগৰ আৰু সীতাৰাম কলনিত শাক-পাচলি বিক্ৰী কৰে।

‘ৰাতি মোৰ ডিঙিৰ কি তীব্ৰ বিষ হয়, মই আপোনাক বুজাব নোৱাৰিম! মই ঘৰ গৈ পোৱাৰ পিছত মায়ে গৰম কাপোৰেৰে ডিঙিত সেক দি মালিচ কৰি দিয়ে, যাতে পিছদিনা মই আকৌ শাক-পাচলি বেছিবলৈ মুৰত লৈ যাব পাৰো।’ কণমানি পৰশে ক’লে। শ্ৰুষ্টিৰ সমস্যা বেলেগ। ‘দুপৰীয়া সময়ত সদায় মোৰ পেটত বিষ হয়, দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে মই সদায় নেমুপানী খাও। তেতিয়া অলপ আৰাম পাও,’ শ্ৰুষ্টিয়ে কয়। তলাবন্ধৰ আগলৈকে এই সৰু ল’ৰা-ছোৱালী দুটাই কেতিয়াও শাৰীৰিক পৰিশ্ৰম কৰা নাছিল। এতিয়া অতি বেয়া পৰিস্থিতিৰ মাজত সিহঁত ঘৰৰ পৰা ওলাই যাবলগা হৈছে। ভালকৈ খোৱাৰ কথা বাদেই, যেনেতেনে পেট পুৰাব পৰাকৈ অলপ উপাৰ্জন কৰিব পাৰিলেই হ’ল।

Top row: Paras Mardikar, 11, carries 4-5 kilos of vegetables on his head every morning to sell them in two colonies of Latur city. Bottom row: His sister Srusthi, 12, sells packed vegetable bundles on a different route, and carries a weighing scale and a 500-gram weight measure too
PHOTO • Ira Deulgaonkar

ওপৰৰ শাৰীতঃ পৰশ মাৰ্ডিকাৰ (১১ বছৰ)য়ে মুৰত ৪-৫ কিলোগ্ৰাম শাক-পাচলি লৈ সদায় পুৱা লাটুৰ চহৰৰ দুটা কলনিত পাচলি বিক্ৰী কৰিবলৈ ওলাই যায়। তলৰ শাৰীতঃ তেওঁৰ ভগ্নী (১২ বছৰ) শ্ৰুষ্টিয়ে টোপোলা বান্ধি থোৱা শাক-পাচলিবিলাক বিভিন্ন ৰাস্তাত বিক্ৰী কৰিবলৈ লৈছে, লগত আছে ৫০০ গ্ৰামৰ দগাসহ এখন জোখমাখৰ পাল্লা

২ এপ্ৰিলৰ পৰা পৰশ আৰু শ্ৰুষ্টিয়ে পুৱা ৮ বজাৰ পৰা ১১ বজাৰ সময়খিনিত লাটুৰৰ নিৰ্ধাৰিত কেইটামান পথত ঘৰৰে খেতি কৰা শাক-পাচলি বিক্ৰী কৰি আহিছে। সিহঁত দুয়োটাই মুৰত ৪-৫ কিলোগ্ৰামৰ বোজা লৈ প্ৰায় তিনি কিলোমিটাৰ ঘূৰিব লাগে। শ্ৰুষ্টিৰ বেছি অসুবিধা হয়, কাৰণ তাই শাক-পাচলিৰ উপৰি দগা-পাল্লাও জুখিব কাৰণে লগত লৈ যাব লাগে। পৰশে মাকে মুঠি মুঠিকৈ বান্ধি দিয়া শাক বেচিবলৈ নিয়ে আৰু মুঠিৰ দাম মাকে ঠিক কৰি দিয়ে। সিহঁতে যি সময়ত শাক-পাচলি বেচিবলৈ ওলাই যায়, সেই সময়ত লাটুৰৰ গড় উত্তাপ ২৭ৰ পৰা ৩০ ডিগ্ৰী চেলচিয়াছ হয়।

সিহঁতে শাক-পাচলিবিলাক ক’ৰপৰা পায়? শ্ৰুষ্টিয়ে পুৱা ৮ বজাৰ আগতে কাম আৰম্ভ কৰে। ‘সদায় পুৱা ৬ বজাত মই গোলাইলৈ (লাটুৰৰ প্ৰধান শাক-পাচলিৰ বজাৰ, ঘৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰত অৱস্থিত) যাওঁ।’ তাই পিতৃ অথবা সিহঁতৰ ২৩ বছৰীয়া প্ৰতিবেশী গোবিন্দ চৱনৰ লগত যায়। গোবিন্দই ৰাজ্যিক আৰক্ষী পৰীক্ষাৰ বাবে পঢ়ি আছে। গোবিন্দৰ স্কুটাৰত গোলাইলৈ যায় আৰু উভতি আহে (অনা-নিয়া কৰাৰ বাবদ গোবিন্দই পইচা নলয়, পেট্ৰলৰ দামো নলয়)। মাকে বস্তুবিলাক ঠিক-ঠাক কৰি দিয়ে।

‘আমি কি বেচিম, নিজে ঠিক কৰিব নোৱাৰো। দেউতা বা গোবিন্দ দাদাই যি ঠিক কৰি দিয়ে আমি সেই শাক-পাচলিকে বিক্ৰী কৰো। আমি প্ৰতিদিনে ৩৫০-৪০০ টকাৰ শাক-পাচলি বস্তাৰ বেগত বজাৰৰ পৰা কিনি আনো,’ শ্ৰুষ্টিয়ে ক’লে। ‘আমি দুয়োটাই খুব বেছি ১০০ টকা লাভ কৰিব পাৰো।’

সিহঁতৰ পিতৃ শ্ৰীকান্তই গাড়ী চলাই দিনে ৭০০-৮০০ টকা উপাৰ্জন কৰিছিল আৰু প্ৰতি মাহে কমেও ২০ দিন কাম পাইছিল। কাম কৰি থকা সময়ত তেওঁ খাদ্যও খাবলৈ পাইছিল। কিন্তু তলাবন্ধৰ লগে লগে গাড়ী চলোৱা কাম নোহোৱা হ’ল। শ্ৰীকান্তই এতিয়া লক্ষ্মী কলনিৰ অ’ল্ড আউছা ৰোডত চকীদাৰ কাম কৰিছে, সেই পথটোতে এতিয়া পৰশে শাক বেচিবলৈ আৰম্ভ কৰিছে। এই কামৰ পৰা শ্ৰীকান্তই মাহে মাত্ৰ ৫০০০ টকা উপাৰ্জন কৰে। গাড়ীচালক হিচাপে কৰা উপাৰ্জনৰ তুলনাত এই পৰিমাণ প্ৰায় ৭০ শতাংশ কম।

শ্ৰীকান্তই চকীদাৰৰ কাম কৰা ঠাইৰ ওচৰৰ এটা ঘৰলৈ পৰিয়ালটোৱে তলাবন্ধ আৰম্ভ হোৱাৰ সময়তে ঘৰ সলনি কৰে। ঘৰটোৰ ভাড়া ২৫০০ টকা, অৰ্থাৎ উপাৰ্জনৰ ৫০ শতাংশ ভাড়াত যায়। তেওঁলোকে আগতে থকা ঘৰটোৰ ভাড়া আছিল ২০০০ টকা মাত্ৰ।

শ্ৰুষ্টি আৰু পৰশ¸ কোনোজনেই তলাবন্ধৰ আগত কেতিয়াও কল্পনা কৰা নাছিল যে সিহঁত দুজন এনেদৰে শ্ৰমিক হৈ পৰিব¸ দুয়োজনেই আগৰে পৰা অধ্যৱসায়ী শিক্ষাৰ্থী

ভিডিঅ’ চাব পাৰেঃ লাটুৰত তলাবন্ধৰ বোজা শিশুৰ কান্ধত

তলাবন্ধ আৰম্ভ হোৱাৰ আগলৈকে সিহঁতৰ মাতৃ সৰিতাই স্থানীয় ‘চাই মেচ’ত ৰান্ধনীৰ কাম কৰিছিল। মাহে ৫০০০ টকা ৰেচন পাইছিল। ‘মোৰ মাই পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈ আৰু সন্ধিয়া ৫ বজাৰ পৰা ৰাতি ১১ বজালৈ মেছত কাম কৰিছিল। পুৱা কামলৈ ওলাই যোৱাৰ আগতে মাই আমাৰ কাৰণে ৰান্ধি থৈ যায়,’ শ্ৰুষ্টিয়ে কয়। এতিয়া সৰিতাৰ কোনো উপাৰ্জন নাই আৰু এতিয়া ঘৰৰ কাম কৰাৰ লগতে সিহঁত দুটাই বিক্ৰী কৰা শাক-পাচলিবিলাক ঠিক-ঠাক কৰি দিয়ে।

তলাবন্ধৰ আগতে ল’ৰা-ছোৱালী দুটাই কেতিয়াও ভবা নাছিল যে সিহঁতে এনেকুৱা পৰিশ্ৰম কৰিবলগীয়া হ’ব। দুয়োটা সম্ভাৱনাময় শিক্ষাৰ্থী আছিল। চতুৰ্থ শ্ৰেণীৰ প্ৰথম পৰীক্ষাত পৰশে গড়ে ৯৫ শতাংশ নম্বৰ পাইছিল আৰু শ্ৰুষ্টিয়ে ৫ম শ্ৰেণীৰ পৰীক্ষাত গড়ে ৮৪ শতাংশ নম্বৰ পাইছিল। ‘মই আই.এ.এছ. বিষয়া হ’ব বিচাৰো,’ পৰশে কয়। ‘মই ডাক্তৰ (চিকিৎসক) হ’ব বিচাৰো,’ শ্ৰুষ্টিয়ে কয়। সিহঁতে পঢ়ি থকা ছত্ৰপতি শিৱাজী প্ৰাথমিক বিদ্যালয় হ’ল চৰকাৰী সাহায্যপ্ৰাপ্ত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান- সিহঁত দুয়োটাক মাচুল দিয়াৰ পৰা ৰেহাই দিয়া হৈছে।

মই পৰশ আৰু শ্ৰুষ্টিৰ সৈতে কথা পতাৰ সময়ত ‘মানুহৰ বাবে কোৱাৰেইণ্টাইৰ দিনবোৰ আনন্দময় কৰি তুলিবলৈ’ দূৰদৰ্শন আৰ্কাইভে কিছুমান পুৰণি গান বজাবলৈ আৰম্ভ কৰিছিল। ১৯৫৪ৰ হিন্দী চলচ্চিত্ৰ ‘বুট পলিচ’ৰ এটা গানে মোৰ মনযোগ আকৰ্ষণ কৰিছিল’:


“O nanhe munne bachhe

tere muthhi mein kya hai

muthhi mein hai takadir hamari,

Humne kismath ko bas mein kiya hai.”

অ’ কণমানিহঁত

হাতৰ মুঠিত কি আছে তোমালোকৰ?

আমাৰ হাতৰ মুঠিত আমাৰ ভাগ্য,

আমি ভাগ্যক জয় কৰিছো।’


শ্ৰুষ্টি আৰু পৰশৰ ক্ষেত্ৰতো এয়ে হ’ব পাৰিলেহেঁতেন।

অনুবাদঃ পংকজ দাস

Ira Deulgaonkar

Ira Deulgaonkar is a 2020 PARI intern. She is a Bachelor of Economics student at Symbiosis School of Economics, Pune.

Other stories by Ira Deulgaonkar
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das