“আমাৰ ব্যৱসায় ইতিমধ্যে বেয়া হৈ আছিল,” দিল্ৰীৰ উত্তম নগৰ অঞ্চলৰ কুমাৰ জগমোহনে কয়। কাঠ আৰু কাঠৰ গুড়িৰে চলা অগ্নিশালবোৰ বন্ধ কৰিবলৈ ৰাজ্যিক কৰ্তৃপক্ষই এবছৰ আগতে জাৰী কৰা এক নিৰ্দেশনাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ এই কথা কয়। “এইটো কাৰণতে কিছুমান কুমাৰে কম সংখ্যক সামগ্ৰী প্ৰস্তুত কৰিছে, কিছুমান কেৱল বিক্ৰেতা হৈ পৰিছে আৰু কিছুমানে এই কাম এৰিয়ে দিছে। এতিয়া আকৌ এই মহামাৰী আৰু লকডাউনে এই ব্যৱসায়ৰ বতৰ পৰা সময়তে (মাৰ্চৰ পৰা জুলাইলৈ) আহি আমাক মাধমাৰ শোধাইছে।”
জগমোহনৰ (প্ৰচ্ছদ আলোকচিত্ৰখনত)ৰ বয়স ৪৮ বছৰ। তেওঁ যোৱা তিনিটা দশক ধৰি কুমাৰৰ কাম কৰিছে। “ভাল কথা এটা শুনিছিলো যে মানুহে ফ্ৰীজৰ পানী খাবলৈ এৰি মটকা (কলহ)ৰ পানী খাবলৈ লৈছে, সেয়ে মটকাৰ চাহিদা বাঢ়িছে (ক’ভিড-১৯ক লৈ উদ্বিগ্ন হৈ পৰাৰ ফলত)। কিন্তু লকডাউনত আমাৰ হাতত মাটি নথকাত আমি বেছি সামগ্ৰী সাজু ৰাখিব নোৱাৰিলো।” সাধাৰণতে এজন কুমাৰে ২-৩ দিনত পৰিয়ালৰ সহায় লৈ ১৫০ৰ পৰা ২০০ মটকা বনাব পাৰে।
এতিয়া কলনিটোৰ ৰাস্তাৰ কাষত আপুনি কেৱল মাটিৰ দম পাব। কিন্তু এটা সময়ত কুমাৰৰ কলনিবোৰত কুমাৰৰ চকা আৰু পাত্ৰৰ শব্দ শুনিবলৈ পালেহেঁতেন। চোতালত আৰু কৰ্মস্থলীৰ মুকলি ঠাইত শ শ পাত্ৰ, চাকি, মূৰ্তি আৰু অনান্য সামগ্ৰী শুকাবলৈ থৈ দিয়া দেখিলেহেঁতেন। শুকোৱাৰ পিছত ভাতীত দিয়াৰ আগতে তাত গেৰুৱা ৰং (টেৰাকোটা সামগ্ৰীত প্ৰাকৃতিক ৰং দিবলৈ ৰঙামাটিৰ তৰলৰ লেপ দিয়া হয়) দিয়া হয়। ভাতীবোৰ হৈছে পাৰম্পৰকিভাৱে নিৰ্মিত মাটিৰ অগ্নিশাল, সাধাৰণতে ঘৰৰ ছাদত থাকে। বাহিৰত বিভিন্ন সামগ্ৰী দৰ্শক আৰু ক্ৰেতাৰ কাৰণে সুন্দৰকৈ সজাই ৰখা হয়।
ওচৰৰে প্ৰজাপতি চুবুৰী বা কুম্ভাৰ গ্ৰাম হৈছে প্ৰায় ৪০০ৰ পৰা ৫০০ পৰিয়ালৰ ঘৰ, চুবুৰীটোৰ প্ৰধান হৰকিষাণ প্ৰজাপতিয়ে কয়। “উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা অহা বহু সহায়ক আৰু কুমাৰ ইয়াত কাম নথকাত ঘৰলৈ উভতি গৈছে,” ৬৩ বছৰ বয়সীয়া প্ৰজাপতিয়ে কয়, তেওঁ ১৯৯০ত ৰাষ্ট্ৰীয় বঁটা আৰু ২০১২ত চৰকাৰৰ শিল্পীগুৰু বঁটা লাভ কৰিছিল।










