01-Salihan 2003-PS-When 'Salihan' took on the Raj.jpg

ইংৰাজে চালিহানৰ পিতৃক গুলিওৱাৰ সেই অতীতৰ কথা পাতি থাকোতে তেওঁৰ স্মৃতি সজীৱ হৈ ক্ষোভ উপজিছিল


অইন আদিবাসী মহিলাৰ সৈতে তেওঁ পথাৰত কাম কৰি আছিল যেতিয়া গাঁৱৰে কোনোবা ছোৱালী এজনীয়ে উধাতু খাই আহি চিঞৰিছিলঃ "সিহতে গাওঁবোৰত আক্ৰমণ কৰিছে, তোৰ দেউতাৰক অত্যাচাৰ কৰিছে। আমাৰ ঘৰবোৰ জ্বলাই দিছে।"

ইয়াত সিহত মানে বুজাইছিল অস্ত্ৰেৰে সুসজ্জিত ইংৰাজ পুলিচ, যিয়ে ব্ৰিটিছ শাসন মানি নোলোৱা গাওঁ এখনত অত্যাচাৰ আৰম্ভ কৰি দিছিল। বহুতৰে গাওঁবোৰ ধুলিস্যাত কৰি দিয়া হৈছিল, জ্বলাই দিয়া হৈছিল আৰু শস্যবোৰ লুট-পাত কৰা হৈছিল। বিদ্ৰোহীসকলক এনেদৰেই ইংৰাজে শাস্তি দিছিল।

সবৰ জনজাতিৰ মহিলা ডিমাথি ডেই সবৰে ৪০ গৰাকীমান মহিলাক লগত লৈ চালিহাৰ ওচৰলৈ ঢপলিয়াই আহিছিল। "মোৰ পিতা তেজেৰে লুতুৰি-পুতুৰি হৈ মাটীত পৰি আছিল," বয়োবৃদ্ধ মুক্তিযুঁজাৰু গৰাকীয়ে কৈ গৈছিল। "তেওঁৰ ভৰিত গুলি লাগিছিল"।

সেই স্মৃতিয়ে পাহৰণিত ডুব গৈ থকা মনটোক সজীব কৰি তোলে। "মই খঙত দিক-বিদিক হেৰুৱাই সেই বিষয়াজনক লাঠিৰে মৰিয়াইছিলো। আমি খেতিপথাৰ বা হাবিলৈ যাওতে লাঠি লৈ গৈছিলো। বনৰীয়া জীৱ-জন্তুৱে আক্ৰমণৰ পৰা ৰক্ষা পৰাৰ বাবে আমি লাঠি কঢ়িয়াই ফুৰিবলগা হৈছিল।"

তেওঁ যেতিয়া লাঠিৰে বিষয়াজনক মৰিয়ালে, লগে লগে অইন ৪০ গৰাকী মহিলাও সাহস পাই আক্ৰমণকাৰী পুলিচৰ ওপৰত জপিয়াই পৰে। "মই সেই বদমাশকেইটাক ৰাস্তাত পিছে পিছে খেদিছিলো," হাঁহিমিশ্ৰিত খঙেৰে তাই ক'বলৈ ধৰিলে। "মাজে মাজে ভুকুও পৰিছিল তাৰ পিঠিত। সি কেৱল দৌৰিছিল। "গোটেই গাওঁখনতে দৌৰাই দৌৰাই তেওঁক পিটিছিল। তাৰপিছতে তেওঁ পিতাকক লৈ দুৰলৈ আঁতৰি গৈছিল। তেওঁক পিছত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছলৈ তেওঁ আন এটা আন্দোলনৰ নেতৃত্ব দিছিল। সেই অঞ্চলটোত ইংৰাজবিৰোধী মেল-মিটিঙৰ অন্যতম আয়োজক আছিল কাৰ্তিক সবৰ।

জন্মৰ পিছতে নোৱাপাৰা জিলাখনৰ গাওঁখনৰ নামটোৰ কাৰণতে ডিমেথি ডেই সবৰক চালিহান বুলি জনা গৈছিল। ইংৰাজ বিষয়া এজনৰ ওপৰত লাঠিৰে আক্ৰমণ কৰাৰ বাবে উৰিষ্যাৰ মুক্তিযুঁজাৰু এজন উৎফুল্লিত হৈ পৰিছিল। তেওঁৰ ভীতিহীনতাৰ বিষয়টো চৰ্চাৰ বিষয় আছিল, এতিয়াও। অৱশ্যে তেওঁৰ বাবে সেয়া কোনো ব্যতিক্ৰমী ধৰণৰ কাম নাছিল, সেইবুলি তাই বিশ্বাস কৰে। সেই লৈ তেওঁ কথাত ৰহণো সনা নাছিল। "সিহতে আমাৰ ঘৰবোৰ ভাঙি দিছিল, আমাৰ শস্য নষ্ট কৰিছিল। আৰু সিহতে মোৰ পিতাৰ ওপৰত আক্ৰমণ কৰিছিল। মই সিহতৰ বিৰুদ্ধে যুঁজ দিব লগা হৈছিল।"

চনটো আছিল ১৯৩০ আৰু তেওঁৰ বয়স তেতিয়া আছিল প্ৰায় ১৬ বছৰ। বিদ্ৰোহৰ সূচনা হোৱা এলেকাবোৰত ইংৰাজ শাসকে মুক্তিযুঁজাৰুৰ মেল-মিটিংবোৰ তচনচ কৰাৰ বাবে উঠি-পৰি লাগিছিল। ইংৰাজ আৰু তেওঁলোকৰ পুলিচৰ কাৰ্যকলাপৰ বিৰুদ্ধে ডিমাথিয়ে সাজোৰে থিয় দিয়া ঘটনাটোকে চালিহা বিদ্ৰোহ আৰু গুলিবৰ্ষণ বুলি জনা যায়।

ডিমাথিক আমি লগ পোৱাৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ। তেওঁৰ মুখাবয়ৱত আত্মবিশ্বাস আৰু সৌন্দৰ্য ফুটি উঠিছিল। তেওঁ দুৰ্বল হৈ আহিছিল আৰু দৃষ্টিশক্তিও ক্ষীণ হৈ আহিছিল। কিন্তু গাভৰু কালত তাই নিশ্চয়কৈ দীৰ্ঘকায়, আৰু দীঘলীয়া চুলিৰে শক্তিৱন্ত আছিল। তাইৰ দীঘল বাহুত লাঠি চলোৱাৰ শক্তি নিহিত আছিল। সেই বিষয়াজনৰ নিশ্চয়কৈ বেয়া দিন চলিছিল। তেওঁ দৌৰাটোৱে বোধকৰো সঠিক সিদ্ধান্ত আছিল।

তেওঁৰ সেই অতুলনীয় সাহসৰ কোনো স্বীকৃতি এতিয়াও পোৱা নাই আৰু মই যেতিয়া তেওঁক লগ পাইছিলো, তেতিয়া তেওঁৰ গাঁৱৰ সৰহভাগেই 'চালিহান'ক পাহৰি পেলাইছিল। তাই বাৰগঢ় জিলাৰ দৰিদ্ৰতাৰ গৰাহত পৰা এটা জীৱন কটাই আছিল। তেওঁৰ সাহসিকতাৰ প্ৰমাণ হিচাপে তাইৰ হাতত সম্পত্তি স্বৰূপে আছিল এখন চৰকাৰী বহুৰঙী প্ৰমাণপত্ৰ। সেইখনতো তেওঁতকৈ পিতৃৰ কথাৰেহে ভৰি আছিল, তাই কৰা সাহসিক প্ৰত্যাক্ৰমণৰ কথাৰ তাতে কোনো উল্লেখ নাছিল। তাই কোনো পেঞ্চন পোৱা নাছিল, পোৱা নাছিল কোনো কেন্দ্ৰীয় অথবা উৰিষ্যা চৰকাৰৰ তৰফৰ পৰা সাহায্য।

তেওঁ মনত পেলাব পৰা নাছিল- কিন্তু এটা কথা আছিল যিটোৱে তাইৰ মনটো সচকিত কৰি তুলিছিল। সেয়া আছিল তেওঁৰ পিতৃ কাৰ্তিক সবৰৰ গাত গুলি লগাৰ কথা। মই সেই কথাটোৰ প্ৰসংগ উলিয়াওতে তেওঁ সেই ঘটনাটো চাটকৰে মনলৈ আহিছিল। খঙেৰে ভৰি পৰা মনটোৰে তেওঁ কৈছিল যে সেয়া যেন এইমাত্ৰ ঘটিছে তেনেকুৱা অনুভৱ হয় তেওঁৰ। ইয়ে অইন স্মৃতিবোৰো আঁজুৰি বৰ্তমানলৈ লৈ আহিছিল।


02-Salihan 1002-PS-When 'Salihan' took on the Raj.jpg

চালিহানে আমালৈ চাই মিচিকিয়াই হাঁহিছিল, সেয়া আছিল অনন্য, কিন্তু তেওঁ ভাগৰুৱা হৈ পৰিছে


“মোৰ ডাঙৰ ভনী ভান ডেই আৰু গংগা তেলেন আৰু সাখা তোৰেন (একে জনজাতিৰে দুগৰাকী মহিলা)- তেওঁলোককো আটক কৰা হৈছিল। তেওঁলোক আটায়ে ঢুকাল। পিতৃয়ে দুবছৰ ৰায়পুৰ জেলত কাৰাবাস খাটিছিল।”

এসময়ত ইংৰাজৰ সৈতে সহযোগীতা আগবঢ়োৱা জমীদাৰবোৰেই এতিয়া গিজগিজাই আছে তেওঁ বাস কৰা অঞ্চলটোত। চালিহান আৰু তাইৰ দৰে বহুতে কৰা যুঁজখনৰ পৰা সেই সামন্তবাদীসকল লাভান্বিত হৈছে। এফালে সম্পত্তিৰ পাহাৰৰ বিপৰীতে বঞ্চনাৰ ছবি প্ৰস্ফুটিত হোৱা দেখা গৈছে।

চালিহানে আমালৈ চাই মিচিকিয়াই হাঁহিছিল, সেয়া আছিল অনন্য, কিন্তু তেওঁ ভাগৰুৱা হৈ পৰিছে। তেওঁ তিনিপুত্ৰ ব্ৰিষ্ণু ভই, অংকুৰ ভই আৰু আকুৰা ভইৰ নামবোৰ মনত পেলাবলৈ চেষ্টা কৰিছে। আমি বিদায় জনাই তেওঁক এৰোতে তেওঁ আমালৈ বিদায় বেলাৰ হাত জোকাৰিছিল। ডিমাথি ডেই সবৰ 'চালিহান'ৰ মুখৰপৰা তেতিয়াও হাঁহিটো আঁতৰা নাছিল।


আমি ২০০২ চনত লগ পোৱাৰ এবছৰমান পিছতে 'চালিহান' ঢুকাইছিল।

ডিমাথি সবৰ ‘চালিহান’ৰ বাবে

সিহতে তোমাৰ কাহিনী নকয় চালিহান

আৰু আমিও তোমাক পেজ থ্ৰীত নেদেখো

সেয়াটো ৰঙীন সামগ্ৰীৰ বাবেহে,

মেদবহুলতাৰ শল্যচিকিত্সা কৰোৱাসকলৰ বাবে,

বাকী উদ্যোগৰ অধিনায়কবোৰৰ বাবে

প্ৰাইম টাইমবোৰো তোমাৰ বাবে নহয়, চালিহান

এয়া সঁচা, আৰু এয়া কোনো ধেমালী নহয়,

যিসকলে হত্যা আৰু আঘাত কৰে

যিয়ে জ্বলাই দিয়ে আৰু দোষ জাপি দিয়ে

আৰু সাধু-সন্তৰ দৰে সম্প্ৰীতিৰ কথা কয়

ইংৰাজে তোমাৰ গাওঁখন জ্বলাই দিছিল, চালিহান

বহুতো লোকে বন্দুক আনিছিল

তেওঁলোক ৰেলগাড়ীৰে আহিছিল

আনিছিল সন্ত্ৰাস আৰু অত্যাচাৰ

নিজৰ বিবেকেই হেৰুৱাইছিল সিহতে

সিহতে তাতে সকলোবোৰ জ্বলাই দিছিল, চালিহান

ধন আৰু শস্যবোৰ লুটি নিয়াৰ পিছত

ইংৰাজ শাসনৰ গুণ্ডাবাহিনী

সিহতে নৃশংস আক্ৰমণ চলাইছিল

কিন্তু তুমি সমস্ত শক্তিৰে সিহতৰ প্ৰত্যুত্তৰ দিছিলা

তুমি সিহতক ৰাস্তাৰ পৰা নমাই খেদিছিলা

বন্দুকধাৰী সেইজনৰ তুমি মুখামুখি হৈছিলা

চালিহানত এতিয়াও সিহতে সেই কাহিনী কয়

তুমি দিয়া সেই যুঁজখন

আৰু তুমি জয় হৈছিলা

তোমাৰ আত্মীয় তোমাৰ চকুৰ আগতে তেজেৰে ৰাঙলী হৈ আছিল

তোমাৰ পিতা, তেওঁৰ ভৰিত গুলি লাগিছিল

তথাপিও তুমি দৃঢ়তাৰে থিয় দিছিলা,

আৰু ইংৰাজক খেদিহে উশাহ লৈছিলা

আৰু তুমি তাতে যুঁজ দিব গৈছিলা, ভিক্ষা খুজিবলৈ নহয়

তুমি সেই বিষয়াজনক পিটিছিলা, চালিহান

আৰু তেওঁ ভুঁ পোৱাৰ আগতে তেওঁক চোঁচৰাই নিছিলা

আৰু তেওঁ যেতিয়া গম পাইছিল

তেওঁ লেঙেৰাইছিল আৰু লুকাইছিল

১৬ বছৰ বসয়ৰ তোমাৰ পৰা প্ৰাণে বাচিবৰ বাবে

ইংৰাজৰ বিৰুদ্ধে চল্লিশগৰাকীয়ে যুঁজ দিছিল, চালিহান

আৰু সিহত আছিল শক্তিশালী আৰু ধুনীয়াও

কিন্তু এতিয়া তুমি শোতোৰা পৰি গৈছা আৰু ৰুপালী বৰণ ধৰিছা

তোমাৰ শৰীৰ দুৰ্বল হৈ গৈছে

কিন্তু তোমাৰ চকুত এতিয়াও সেই তিৰবিৰণি আছে আৰু সেয়াই তুমি

যিসকলে ইংৰাজক সমৰ্থন কৰিছিল, চালিহান,

সিহতৰ হাততেই তোমাৰ সৰু গাওঁখনৰ শাসনৰ বাঘজৰী

আৰু সিহতে শিলৰ মন্দিৰ সাজে

কিন্তু সিহত কেতিয়াও সফল নহয়

আমাৰ স্বাধীনতা আমাৰ পৰা আঁজুৰি ল'বলৈ

তুমি এনেদৰেই মৰিছিলা, যেনেদৰে জীয়াইছিলা, চালিহান

ভোকত, খাবলৈ একো নাইকিয়া

ইতিসাহৰ ৰঙবোৰত

তোমাৰ স্মৃতি ক্ৰমে উৱলিছে,

যেনেদৰে ৰায়পুৰ জেলৰ ৰোষ্টাৰ শ্বীট

মই তোমাৰ হৃদয়খন দেখিছো, চালিহান

ইয়াৰ পিছত কি সফলতা মই নেদেখিম

যদিওবা যুঁজখন

তোমাৰ নিজৰ বাবে নাছিল

সেয়া আছিল যাতে অইনবোৰো মুক্ত হ'ব পাৰে

আমাৰ ল'ৰা-ছোৱালীবোৰে তোমাক জনা উচিত, চালিহান

কিন্তু প্ৰসিদ্ধিৰ বাবে তুমি কি দাবী কৰিব পাৰা?

তুমি কেতিয়াও ৰেম্পত খোজ দিয়া নাছিলা

তুমি গৰ্বৰে কোনো মুকুট পিন্ধা নাছিল

পেপচী বা কোকৰ সৈতে তোমাৰ নাম তুমি সাঙোৰা নাই

মোৰ সৈতে কথা পাতা, চালিহান

কেতিয়াও শেষ নোহোৱা এঘণ্টাৰ বাবে, যেনেদৰে তুমি বিচৰা

এই ভাড়াতীয়জন, আমি যেতিয়া এৰাএৰি হ'ম,

লিখিব খোজে

ভাৰতৰ অধিনায়কবোৰৰ ৰোমাঞ্চৰ ওপৰত নহয়

তোমাৰ হৃদয়ৰ কথা


এই ধাৰাবাহিকত আৰু আছেঃ

পানীমাৰাৰ পদাতিকমুক্তিযুঁজাৰুসকল - ১

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল-২

লক্ষ্মী পাণ্ডাৰ অন্তিম যুঁজখন

অহিংসাৰ নটা দশক

শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

গোদাবৰীঃ আৰু পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

কাল্লিছেৰীঃ চুমুকণৰ সন্ধানত

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম


অনুবাদকঃ  ৰশ্মি ৰেখা দাস

Translated by: Rashmi Rekha Das

P. Sainath is Founder Editor of the People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath