‘ক’ৰণাভাইৰাছ আৰম্ভ হোৱাৰ পৰা ‘কচিয়া’ (মধ্যস্থতাকাৰী)য়ে আমাৰ গাঁৱলৈ অহা বন্ধ কৰিলে। পাচি কিনিবলৈ শেষবাৰৰ বাবে কচিয়া অহা এতিয়া তিনি সপ্তাহ হৈ গ’ল। আমি এপদ বস্তুও বিক্ৰী কৰিব পৰা নাই, কোনো বস্তু কিনিবলৈ আমাৰ হাতত টকা নাই।’ যমুনা বাই মাণ্ডৱিয়ে কয়।

ৰাজ্যখনৰ ধামতাৰি জিলাৰ নাগ্ৰি ব্লকৰ কাউহাবাহৰা গাঁৱৰ বাসিন্দা তথা চাৰিটা সন্তানৰ মাতৃ যমুনা বাঈ এগৰাকী বিধবা। চত্তীশগড়ত বিশেষভাৱে বিপন্ন জনজাতীয় গোষ্ঠীৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তালিকাভূক্ত কৰা কামাৰ আদিবাসী ৪০ বছৰীয়া যমুনা বাঈ। এই ক্ষুদ্ৰ গাওঁখনত তেওঁৰ দৰে আন ৩৬ টা কামাৰ পৰিয়াল আছে। সকলোৱে তেওঁৰ দৰে হাবিৰ পৰা বাঁহ-বেত সংগ্ৰহ কৰে আৰু পাচি তৈয়াৰ কৰে।

যমুনা বাঈ তথা আন পাচি তৈয়াৰ কৰা লোকৰ বাবে তেওঁ কোৱা কচিয়া অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে মধ্যস্থতাকাৰী বা ব্যৱসায়ী, পাচি ক্ৰয় কৰিবলৈ তেওঁ প্ৰতি সপ্তাহত গাঁৱলৈ আহে, তাৰ পিছত কচিয়াই সেইবিলাক নগৰৰ বজাৰত খুচুৰা বিক্ৰি কৰে বা গাঁৱৰ হাটত বিক্ৰি কৰে।

এতিয়া কচিয়াসকলক নেদেখা এমাহ হ’ব, ক’ভিড-১৯ তলাবন্ধৰ বাবে তেওঁলোক অহা বাদ দিলে।

যমুনাৰ চাৰিটা সন্তান- ১২ বছৰীয়া লালেশ্বৰী, ৫ম শ্ৰেণীলৈ পঢ়াৰ পিছত তাই স্কুল এৰিলে, ৮ বছৰীয়া তুলেশ্বৰী, ৬ বছৰীয়া লীলা আৰু ৪ বছৰীয়া লক্ষ্মী। চাৰি বছৰৰ আগতে চাৰিটা সন্তানৰ সৈতে কঠোৰ জীৱন সংগ্ৰামৰ মাজত যমুনা বাঈক এৰি তেওঁৰ স্বামী সীয়াৰাম ডায়েৰিয়াত পৰি মৃত্যুক সাৱতি লৈছিল। তেতিয়া সীয়াৰামৰ বয়স মাত্ৰ ৪০ বছৰ আছিল। তলাবন্ধৰ ফলত কেৱল পাচি বিক্ৰীতে বাধাৰ সৃষ্টি হোৱা নাই, উপাৰ্জনৰ আন উৎসও বন্ধ হৈ পৰিছে।

এইখন হাবিত মহুৱা ফুলাৰ (ইয়াৰ পৰা স্থানীয়ভাৱে এবিধ সুৰা প্ৰস্তুত কৰা হ’ব) সময়, কঠিন দিনবোৰত আদিবাসীসকলৰ বাবে ই উপাৰ্জনৰ এটা উৎস।

Top row: Samara Bai and others from the Kamar community depend on forest produce like wild mushrooms and  taramind. Bottom left: The families of Kauhabahra earn much of their a living by weaving baskets; even children try their hand at it
PHOTO • Purusottam Thakur

ওপৰত বাওঁফালেঃ কাউহাবাহৰা গাঁৱত, চামাৰি বাঈ (মাটিত বহি) আৰু যমুনা বাঈ। ওপৰৰ সোঁফালেঃ পিছ চোতালত চামাৰি বায়ে মহুৱা ফুলবিলাক ৰ’দত শুকাবলৈ দিছে। তলতঃ তলাবন্ধ আৰম্ভ হোৱাৰ পৰা যমুনা বায়ে এটাও পাচি বিক্ৰী কৰিব পৰা নাই

‘ক’ৰণাৰ কাৰণে দোকান-বজাৰ আৰু গাঁৱৰ সাপ্তাহিক হাট বন্ধ হৈ আছে। সেই কাৰণে আমি মহুৱা ফুল (ভাল দামত) বিক্ৰী কৰিব পৰা নাই। সেই বাবে টকা পোৱা নাই আৰু আমি একো বস্তু কিনিব পৰা নাই,’ যমুনা বায়ে কয়।

চত্তীশগড় চৰকাৰে বিধবাক দিয়া ৩৫০ টকাৰ বিধবা পেঞ্চন যমুনা বায়ে পাব লাগে। কিন্তু সেই আঁচনিত যমুনা বাঈৰ নাম অন্তৰ্ভূক্ত হোৱা নাই আৰু সেই কাৰণে তেওঁ বিধবা পেঞ্চন পোৱা নাই।

সমগ্ৰ ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে দুমাহলৈ সম্পূৰ্ণ বিনামূলীয়া চাউল আৰু ৰেচন দিয়াৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিবলৈ চত্তীশগড় চৰকাৰে গুৰুত্ব সহকাৰে প্ৰচেষ্টা চলাইছে। তেওঁলোকে আগতীয়াকৈ ৭০ কিলোগ্ৰাম (প্ৰতি মাহৰ বাবে ৩৫ কিলোগ্ৰামকৈ) বিনামূলীয়া চাউল পাইছে। প্ৰতি মাহৰ বাবে ২ পেকেটকৈ চাৰি পেকেট নিমখ বিনামূলীয়াকৈ পাইছে। বিপিএল পৰিয়ালে ইয়াৰ উপৰি সুলভ মূল্যত (প্ৰতি কিলোত ১৭ টকাকৈ) চেনী পাইছে, কিন্তু ইয়াৰ বাবে পইছা দিব লাগিব। কিন্তু যমুনা বাঈহঁতৰ দৰে হাতলৈ পইছা নহা পৰিয়ালবোৰে চেনী কিনিবলৈ পইছা ক’ত পাব?

উপাৰ্জন একেবাৰে বন্ধ হৈ পৰিছে আৰু আন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ টকা নাই। চৰকাৰে দিয়া বস্তুৰ ভিতৰত শাক-পাচলি অন্তৰ্ভূক্ত কৰা নাই। কিছুমান দুখীয়া পৰিয়ালৰ ৰেচন কাৰ্ড নাই। তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হ’ল, ফলত এই আওহতীয়া গাওঁখনত বাস কৰা সকলো কামাৰ পৰিয়ালৰ বাবে দিনবোৰ অধিক সমস্যাবহুল হৈ পৰিল।

কাঠ আৰু মাটিৰ টাইলেৰে তৈয়াৰ কৰা ঘৰটোত সম্পৰ্কীয় লোকৰ সৈতে একেলগে যমুনা বাঈ আৰু তেওঁৰ পৰিয়াল থাকে। ঘৰটোৰ পিছফালৰ অংশত যমুনা বাঈ থাকে (তেওঁৰ ৰেচন কাৰ্ড আছে)।

‘পাচি তৈয়াৰ কৰি আৰু হাবিৰ বস্তু আনি আমি আমাৰ নিজৰ জীৱিকা উপাৰ্জন কৰো।’ যমুনাৰ শাহু চামাৰি বায়ে কয়। ‘কিন্তু কৰ’ণা ভাইৰাছৰ বাবে বন বিভাগৰ মানুহে আমাক হাবিত সোমাবলৈ দিয়া নাই। কিন্তু মোৰ স্বামীয়ে মহুৱা ফুল আৰু খৰি আনিবলৈ হাবিত নোসোমোৱা নহয়।’

Left: Sunaram Kunjam sits alone in his mud home; he too is not receiving an old age pension. Right: Ghasiram Netam with his daughter and son; his wife was gathering mahua flowers from the forest – they are being forced to sell the mahua at very low rates
PHOTO • Purusottam Thakur

ওপৰৰ শাৰীতঃ বনৰীয়া কাঠফুলা আৰু তেতেলীৰ দৰে হাবিৰ বস্তুৰ ওপৰত নিৰ্ভৰ কৰি চলা কামাৰ সম্প্ৰদায়ৰ আন লোকৰ সৈতে চামাৰি বাঈ। তলত বাওঁফালেঃ কাউহাবাহৰা গাঁৱৰ পৰিয়ালসমূহে পাচি তৈয়াৰ কৰি জীৱিকাৰ অধিকাংশ উপাৰ্জন কৰে, আনকি শিশুসকলেও এই কাম কৰাৰ চেষ্টা কৰে

‘মহুৱা যদি প্ৰতিদিনে সময় মতে সংগ্ৰহ কৰা নহয়, তেন্তে আন জীৱজন্তুৱে খাই পেলাব বা বেয়া হৈ যাব আৰু এনেয়ে নষ্ট হ’ব,’ চামাৰি বায়ে কয়। মহুৱা আদিবাসীসকলৰ বাবে বাণিজ্যিক কৃষি পণ্যস্বৰূপ আৰু সাপ্তাহিক হাটত বিক্ৰি কৰা হয়। মহুৱাৰ পৰা আদিবাসীসকলে পোৱা টকা আৰু পাচি বিক্ৰী কৰি পোৱা টকাৰে তেওঁলোকে নিজৰ বাবে সামগ্ৰী ক্ৰয় কৰে।

‘কচিয়া একেবাৰে শেষবাৰৰ বাবে আহোতে মই তেওঁক পাচি বিক্ৰী কৰি ৩০০ টকা পাইছিলো। সেই টকাৰে তেল, মছলা, চাবোন আৰু আন বস্তু ক্ৰয় কৰিছিলো। তাৰ পিছত কৰ’ণাভাইৰাছ আহিল, আমি ক্ৰয় কৰিবলগীয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দুগুণ হ’ল,’ চামাৰি বায়ে কয়।

যমুনা বাঈৰ স্বামী সীয়াৰামকে ধৰি চামাৰি বাঈৰ চাৰিটা সন্তানৰে মৃত্যু হৈছে। এই কথা আমাক কৈ তেওঁৰ বৰ আবেগিক হৈ পৰে। তেওঁৰ বয়স এতিয়া ৬৫ বছৰৰ বেছি আৰু ৩৫০ টকাৰ বৃদ্ধ পেঞ্চন পোৱা উচিত। কিন্তু তেওঁৰ নাম তালিকত পঞ্জীভুক্ত হোৱা নাই, সেইকাৰণে বৃদ্ধপেঞ্চন পোৱা নাই।

জনগণনা ২০১১ (১০২৫ৰ সুস্থ লিংগ অনুপাতৰ সৈতে)ৰ মতে ভাৰতত কামাৰ আদিবাসী মুঠ জনসংখ্যা ২৬,৫৩০ জন। তেওঁলোকৰ যথেষ্ট লোক, প্ৰায় ৮০০০ প্ৰতিবেশী ওড়িশাত আছে। যি কি নহওঁক, এই ৰাজ্যত তেওঁলোকক আদিবাসী হিচাপে স্বীকৃতি দিয়া নাই, কেৱল পিভিটিজি বুলি প্ৰত্যায়িত কৰিছে।

Left: Sunaram Kunjam sits alone in his mud home; he too is not receiving an old age pension.
PHOTO • Purusottam Thakur
Ghasiram Netam with his daughter and son; his wife was gathering mahua flowers from the forest – they are being forced to sell the mahua at very low rates
PHOTO • Purusottam Thakur

বাওঁফালেঃ মাটিৰ ঘৰত সুনাৰাম কুঞ্জন অকলে বহি আছে। তেঁৱো বৃদ্ধ পেঞ্চন পোৱা নাই। সোঁফালেঃ নিজৰ ল’ৰা-ছোৱালীহালৰ সৈতে ঘাচিৰাম নেতাম, তেওঁৰ পত্নীয়ে অৰণ্যৰ পৰা মহুৱা ফুল গোটাইছে, কিন্তু তেওঁলোকে অতি কম দামতে মহুৱা ফুলবিলাক বিক্ৰী কৰিবলৈ বাধ্য হৈছে

কাউহাবাহৰাৰ কথালৈ আহো। আন এজন বৃদ্ধলোক সুনাৰাম কুঞ্জনে কৈছে তেওঁ বৃদ্ধ পেঞ্চন পোৱা নাই, তেওঁৰ বয়স ৬৫ বছৰৰ বেছি হ’ব। ‘মই বুঢ়া হৈছো আৰু দুৰ্বলো, অলপো কাম কৰিব নোৱাৰো। মই ল’ৰাটোৰ পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰো।’ মাটিৰ ঘৰত বহি তেওঁ আমাক ক’লে। ‘মোৰ ল’ৰাই পথাৰত দৈনিক কৃষি মজদুৰ হিচাপে কাম কৰে। কিন্তু এতিয়া কাম পোৱা নাই। সেই কাৰণে আজি মই আৰু মোৰ বোৱাৰী, আমি দুয়ো হাবিৰ পৰা মহুৱা ফুল আনিবলৈ গ’লো।’

মহুৱা ফুলবিলাক একেবাৰে সামান্য দামতে বিক্ৰী কৰিবলৈ আদিবাসীসকলক বাধ্য কৰোৱা হৈছে, এয়া অভাৱৰ বিক্ৰী। ‘এতিয়া আমাৰ পাচি কিনিবলৈ ওচৰৰ গাঁৱৰ মানুহৰ টকা নাই। সেইকাৰণে আমি পাচি সজা কামত হাত দিব পৰা নাই।’ ৩৫ বছৰীয়া ঘাচিৰাম নেটামে কয়। ‘মোৰ পত্নী আৰু মই, আমি দুয়ো মহুৱা গোটাইছো। সাপ্তাহিক হাট যেতিয়াৰ পৰা বন্ধ হৈ পৰিল, তাৰ পিছৰ পৰা মই কমেও ৯ কিলোগ্ৰাম মহুৱা ওচৰৰ এখন দোকানত প্ৰতি কিলোগ্ৰামত ২৩ টকা দামত বিক্ৰী কৰিছো। হাটত বিক্ৰী কৰিবপৰা হ’লে প্ৰতি কিলোগ্ৰামত কমেও ৩০ টকাকৈ পোৱা গ’লহেঁতেন।’

ঘাচিৰামৰ পাঁচটা সন্তান আছে, তাৰে এজনী মায়াৱতী। তাই পঞ্চম শ্ৰেণীৰ পৰা স্কুল এৰিলে। তেঁৱো তাই পঢ়ি থকা বিচৰা নাছিল, ‘মই বহুত চেষ্টা কৰিও জনজাতীয় ছাত্ৰৰ ব’ৰ্ডিং স্কুলত তাইৰ নামভৰ্তি কৰিব নোৱাৰিলো। সেইবাবে তাই পঢ়া বন্ধ কৰিবলগীয়া হ’ল,’ তেওঁ কয়। জাতিৰ প্ৰমাণপত্ৰ দিব নোৱাৰাৰ বাবে পিছৰ কেইটায়ো নামভৰ্তিৰ সুযোগ নাপালে।

বহুতো সামাজিক সেৱা আৰু সমাজ কল্যাণৰ আঁচনিৰ বাহিৰত ৰৈ যোৱা গাওঁবাসীসকল পুষ্টিহীনতা আৰু দাৰিদ্ৰ্যৰ পংকিলতাত পোত গৈ থকাৰ মাজতে অহা বিশ্ব মহামাৰীৰ সংক্ৰমণৰ বাবে সহজ লক্ষ্য হৈ পৰিব পাৰে। তলাবন্ধই তেওঁলোকৰ জীৱিকাৰ শৃংখল চিগি পেলালে, তথাপিও ইয়াৰ একাংশই সামান্ জীৱিকা উপাৰ্জনৰ আশাত মহুৱা ফুল বিচাৰি হাবিলৈ গৈছে।

অনুবাদঃ পংকজ দাস

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Purusottam Thakur

Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker. At present, he is working with the Azim Premji Foundation and writing stories for social change.

Other stories by Purusottam Thakur