অফিছৰ কৰ্মচাৰীৰ সৰু ল’ৰা-ছোৱালীৰ কাৰণে পতা চিত্ৰাংকণ প্ৰতিযোগিতাৰ বাবে তেওঁৰ কণমানি চনুৱে ছবি আকিছে, তেওঁ সহায় কৰিছে। “মোৰ সপোনৰ ভাৰত”ৰ বাবে ছবি আকি জমা দিয়াৰ আজি অন্তিম দিন। ছবি আকি শেষ হৈছিল। “মা আহাচোন, এইফালে চোৱাচোন।” জীয়েকে বাৰে বাৰে এনেকৈ মাতি নথকা হ’লে তেওঁ নাহিলহেঁতেন, ৰং-তুলিকাৰ সৈতে খেলাৰ তেওঁৰ একেবাৰেই মন নাছিল। কাম কৰাৰ চলেৰে তেওঁ আচলতে বাতৰিহে চাই আছিল। অকণমান অনিচ্ছা স্বত্ত্বেও তেওঁ জীয়েকৰ ফালে চকু ঘূৰালে।

তাইক কোলাত লোৱাৰ লগে লগে মুখত তাইৰ মিচিকীয়া হাঁহি বিয়পি পৰিল। চনুৱে ততালিকে তাই অঁকা ছবিখন দেখুৱাই ক’লে, “চোৱা মা!” আনফালে গেৰুৱা বসন পৰিহিতা মহিলা এগৰাকীৰ হিংসা-বিদ্বেষৰ বিষময় কথাবোৰ টিভিৰ পৰা উফৰি আহি তেওঁৰ কাণত পৰিছে। ধৰ্ম সংসদৰ সেই ক্লিপটো ভাইৰেল হৈ গৈছিল। অন্যমনস্ক হৈ আচলতে তেওঁ কোনটো কাম কৰি আছিল ততকে ধৰিব পৰা নাছিল- জীয়েকৰ পেইণ্টিংখন চাই আছিল নে সেই তিৰোতাগৰাকীৰ বিষময় কথাবোৰ শুনি আছিল। ইফালে পেইণ্টিখনত এক সুন্দৰ বেকড্ৰপত ছয় কি সাতজন মানুহ আছিল। পুৰুষ-মহিলা, শিশু সকলোৱে সন্ধিয়াৰ সুৰুযৰ হেঙুলীয়া আভা গাত সানি সেউজীয়া পথাৰত থিয় হৈ আছিল।

সেই ৰংৰোব মনত বিয়পিছিল নে বিভেদকামী শব্দবোৰ গাত বগুৱা বাই উঠিছিল, তেওঁ ধৰিব পৰা নাছিল। কিন্তু তেওঁ সেমেকি উঠা চকুহালেৰে সেই সৰু সৰু শুভ্ৰৰঙী মানুহখিনি চাবলৈ যত্ন কৰিছিল। সেই শুভ্ৰৰঙী মানুহখিনিৰ গাত ধৰ্মৰ চিন আছিল। কাৰোবোৰ মূৰত টুপি আছিল, কাৰোবাৰ হিজাব, কাৰোবাৰ গলত ক্ৰছ এটা ওলমি আছিল, কাৰোবাৰ কপালত অকণ সেন্দুৰ। এটাৰ মূৰত পাগুৰি আছিল। সকলোৰে মুখত হাঁহি বিৰিঙি আছিল আৰু সেই অচিনাকী মানুহকেইজনে ইজনে সিজনৰ হাতে হাত ধৰি আছিল। তাকে দেখি তেওঁৰ চকুৰ পৰা এটোপাল চকুলো সৰি পৰিল, এনেকৈ পৰিল যেন হেঙুলীয়া, সেউজীয়া আৰু বগা ৰংবোৰ সামান্য বিয়পি গ’ল…

নমিতা ৱাইকাৰে কৰা কবিতাটোৰ হিন্দী পাঠ শুনক

নমিতা ৱাইকাৰে কৰা কবিতাটোৰ ইংৰাজী পাঠ শুনক

আমি মনে মনে নাথাকিম, আমি যুঁজিম

হয় মই হিন্দু,
হিন্দু হয়, বৰ্বৰ নহয়
মই সেই হিন্দু
যিয়ে এই দেশখন নিজহাতে সাজে
হিংসাৰ বিষবাষ্প যিয়ে বিলাই নুফুৰে।
মই হিন্দু
মই মুছলমান
মই শিখ
আৰু মই খ্ৰীষ্টিয়ান।
ময়েই দেশৰ সংবিধান
দুইহাতে তুলি ধৰো
জীয়াই ৰাখো

তুমি উগ্ৰ দেশপ্ৰেমৰ কথা ক’বা,
হিন্দুত্বৰ নামত যুযুৎসু ৰূপ ল’বা
“মাৰি পেলোৱা, মাৰি পেলোৱা সিহঁতক” বুলি চিঞৰিবা
আমি হিন্দু কি মুছলমান,
শিখ কি খ্ৰীষ্টিয়ান
সকলো মিলি
থিয় দিম
হাতে হাত ধৰি

গলিয়ে গলিয়ে গডছে হৈ
তোমালোক ৰাজপথলৈ ওলাবা
আমি গান্ধীৰ দৰে শত-সহস্ৰজনে তোমাক ৰুধিম।
হিংসাৰ বুলেট আৰু বিদ্বেষৰ তুমি শ্লোগান জুৰিবা
আমি জনতাৰ গানেৰে আগুৱাম,
দেশক ভালপোৱাৰ গীত গুণগুণাম।
পথভ্ৰষ্ট হৈ তুমি বৰ্বৰতাকে আদৰ্শ মানিছা,
গেৰুৱা বস্ত্ৰৰ আঁৰ লৈ
পাশৱিকতাৰ ওচৰত শিৰ নত কৰিছা।

এই ভাৰত দেশৰ আমি জনতা
ভয়াতুৰ নহয় আমি, চিনি পাও শতৰু।
আমি জানো, হৃদয়ংগম কৰো
আমি ভগৎ সিং। আমি আছফাক।
আমি সৰোজিনী। আমি কস্তুৰবা।
আমি এই দেশৰ সংবিধান
আমি গীতা-বাইবেল-কোৰান।
আমি গুৰু গ্ৰন্থ চাহিব।
আমি এই দেশৰ ধৰ্মনিৰপেক্ষ জনতা।

শাসকীয় বৰ্গৰ তুমি পদলেহনকাৰী
নিজকে ধাৰ্মিক বুলি যহোৱা, ৰাম নাম চিঞৰি
আমি মানৱতাৰ জয়গান গাম
শান্তি আৰু ঐক্যৰ চূড়াৰ পৰা
ত্ৰিৰংগা পতাকা উৰুৱাম।

আমি যুঁজিম, প্ৰতিজন গডছেক প্ৰতিহত কৰিম।
আমি তোমালোকৰ বাট ৰুধিম।
আমি যুঁজিম। মনে মনে নাথাকিম।
আমি যুঁজিম। জয়ী হ’ম।
আমি যুঁজিম। মনে মনে নাথাকিম।


অনুবাদ: পংকজ দাস

Namita Waikar is a writer, translator and Managing Editor at the People's Archive of Rural India. She is the author of the novel 'The Long March', published in 2018.

Other stories by Namita Waikar
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das