তিনি বন্ধুই চাউথ দিল্লীৰ কোনো এখন বাৰত বিশ্বকাপৰ মেচ এখন চাই থাকোতে যিমান টকাৰ বিয়েৰ গলাধকৰণ কৰে, সেইখিনি ইশ্বৰীৰ ১৭ জনীয় পৰিয়ালটোৱে গোটেই মাহটো খাটি উপাৰ্জন কৰে। মেৰুটৰ নিকটৱৰ্তী খেৰকী গাঁৱত পৰিয়ালটোৱে ফুটবল চিলাই মাহে কোনোমতে ১,০০০ টকা পায়। প্ৰতিদিন পুৱা সোনকালে উঠি ঘৰুৱা কাম-বন অটাই আৰু মতাবোৰে কামলৈ বুলি ওলাই যোৱাৰ পিছত ঘৰত মহিলা আৰু শিশুৰ ৭ ঘণ্টাৰ দিনজোৰা কাৰ্য্যসূচী আৰম্ভ হয়। ইশ্বৰী, যাৰ বয়স তিনিকুৰিৰ ওপৰত, তেওঁ কয় যে মতাবোৰে আমি এই কাম কৰিলে কোনোধৰণৰ আপত্তি নকৰে। কিয়নো এই কামৰ বাবে কেঁচামাল অনা আৰু প্ৰস্তুত কৰা সামগ্ৰী পঠিওৱাৰ সময়খিনিৰ বাদে এই কামত ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া নহয়। সম্পত্তি বুলিবলৈ পৰিয়ালৰ নিজা খেতিৰ এটুকুৰা মাটি আছে। ফুটবল চিলোৱা কামত জৰিত মেৰুটৰ আশে-পাশে প্ৰায় ৫০ খন গাঁৱৰ প্ৰায়ভাগ পৰিয়ালৰ আন কোনো অতিৰিক্ত উপাৰ্জনৰ বাট নাই।

ইশ্বৰীৰ পৰিয়ালটো দলিত সম্প্ৰদায়ৰ। মেৰুটৰ আশে-পাশে অৱস্থিত গাওঁবোৰৰ ফুটবল চিলোৱা অধিকাংশ পৰিয়াল হয়তো মুছলমান বা ভূমিহীন দলিত। তেওঁলোকে দিনহাজিৰা কৰি চলে। গঢ়ে সাত ঘণ্টা কাম কৰি এজন বয়স্কই ৩ টা ফুটবল বনাব পাৰে। সৰু ল’ৰাই খুব বেছি দুটা। যদি ফুটবলটো সৰু বা মধ্যমীয়া, তেতিয়া মাত্ৰ ৩ টকা পায়। ডাঙৰ ফুটবল হ’লে ৫ টকা দিয়া হয়। ছজন সদস্যই দিনে আঠটা ফুটবল বনায়, তেনেকৈ ৬০০ৰ পৰা ৯০০ টকাৰ অধিক উপাৰ্জনৰ আশা নকৰে। চাহিদা অনুসৰি এই পৰিমাণ কম-বেচ হৈ থাকে। এই ফুটবলৰ দাম স্থানীয় খুচুৰা বজাৰত ১০০ৰ পৰা ৩০০ টকা। চিলাই ওলাই গ’লে টাপলি মৰা কামটোৰ পইচা ঠিকাদাৰে যিটো পৰিয়ালে কামটো কৰিছিল, সেইটোৰ মজুৰিৰ পৰা কাটি লয়। ৱেল্ডাৰ পাঞ্চাৰ হৈ গ’লে গোটেই ফুটবলটোৰ দাম সেইটো বনোৱাজনৰ পৰা কাটি লোৱা হয়।

কোৱা হয় যে ফুটবল উৎপাদনত ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। পাকিস্তানৰ ঠিক পিছতে ভাৰত। পাকিস্তানৰ চিয়ালকোট আৰু ভাৰতৰ জলন্ধৰ আৰু মেৰুটত ফুটবল ঘাইকৈ উৎপাদন কৰা হয়। এইবাৰ বিশ্বকাপৰ বাবে চিয়ালকোটে প্ৰায় ৫.৫ কোটি সংখ্যক ফুটবল জাৰ্মানীৰ পৰা আমদানি কৰিছে। জলন্ধৰে ২০০২ত ষ্টাৰ কনট্ৰেক্ট পাইছিল। ফুটবল বিশ্বকাপত ফুটবলৰ চাহিদা যিমানেই ওপৰলৈ উঠিছে, সিমানেই ঠিকাদাৰৰ ওপৰত জোৰ পৰিছে, প্ৰতিদিন ২৫ হজাৰ ফুটবলৰ চাহিদা সৃষ্টি হৈছে। এই দুৰ্লভ সুযোগৰ সময়ত এটা ফুটবল বনোৱাৰ দৰ কেৱল ৫০ পইচা বাঢ়িছে। সংগঠিত হোৱাৰ অভাৱত দৰ-দাম কৰাৰ ক্ষমতা নথকা বাবে আৰু ভৰণ-পোষণৰ অন্য উপায় নথকাত গাঁৱৰ মানুহে এই দৰকেই নিৰ্বিবাদে মানি লৈছে। তেওঁলোকে যদি সেই দৰত কাম নকৰো বুলি কয়, তেন্তে আন কোনোবাই সেই দামতে কৰিবলৈ আগবাঢ়ি আহিব। একো নকৰাতকৈ তেওঁলোকে কমকৈ হ’লেও ‘কিবা এটা’ উপাৰ্জন কৰিব পাৰিছে।

ফুটবল বনোৱাৰ ঘাটি বুলি জনজাত চিলৌলাৰ ঠেক গলি আৰু সৰু সৰু ঘৰবোৰত গ’লে যিকোনো দিনতে কেৱল কামৰ সামগ্ৰী আৰু হাউলি থকা ক্ষীণকায় মহিলা আৰু শিশুৰ পিঠি দেখা পাব। বেজীবোৰ ৰবৰৰ পাঁচকোণীয়া টুকুৰাবোৰৰ ইপাৰ-সিপাৰ হৈ থকা দেখিব। যিমানেই কুশলী নহওঁক কিয়, বেজীয়ে বিন্ধিবই, চিলাবলৈ ব্যৱহাৰ কৰা ৰেচমী সুতাই হাত কাটিবই। তাৰোপৰি বহুসময় এনেকৈ মণি মণি কাম কৰি থকাৰ ফলত দৃষ্টিশক্তি কম হোৱাটোও খাটাং। স্থানীয় সমাজকৰ্মী মহম্মদ খানে কয়, “কোনেও কেতিয়াও তেওঁলোকক সঠিককৈ বহাৰ প্ৰশিক্ষণ নিদিলে। পিছলৈ তেওঁলোকে পিঠিৰ বিষত ভোগে।” ওচৰত কোনো স্বাস্থ্যকেন্দ্ৰ নথকাৰ ফলত গাঁৱৰ মানুহে ঘৰুৱা দিহাৰেই উপশমৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয়। ডাক্তৰ থাকিলেও ফীজ দিবপৰা সামৰ্থ্য তেওঁলোকৰ নাই।

PHOTO • Shalini Singh

বিশ্বকাপৰ বতৰে স্কুলীয়া ল’ৰা-ছোৱালীক স্কুলৰ পৰা এৰুৱাই আনিলে। ফুটবলৰ বৰ্দ্ধিত চাহিদাই সিহঁতক ঘৰতে থাকি চিলোৱা কামত থকাটো জৰুৰী কৰি পেলালে। এনেকৈ পৰিয়ালটোৱে অতিৰিক্ত আয় পাব। খানে কয় যে গাঁৱত কেৱল এখনেই প্ৰাথমিক স্কুল আছে। প্ৰাইভেট স্কুলত মাহিলী খৰচ, কিতাপ আদি মিলাই এজনৰে ৫০০ টকা হয়। গাঁৱৰ কোনোৱে ইমান পইচা ভৰিব নোৱাৰে। গঢ়ে তিনিটাতকৈ বেছি ল’ৰা-ছোৱালী থকা পৰিয়ালে সিহঁতক স্কুললৈ পঠিয়াব নোৱাৰে। সেয়ে বেছিভাগ ল’ৰা-ছোৱালীৰ বাবে বিকল্প বাট হৈছে কাম কৰা।

ঠিকাদাৰে কোৱা কাহিনীটো অকণমান ভাল। চন্দ্ৰভান (৬০) হৈছে চিচৌলাৰ মুষ্টিমেয় ঠিকাদাৰৰ মাজৰ এজন। তেওঁ কয় যে ফুটবলৰ আকাৰ অনুসৰি মজুৰি নিৰ্ধাৰণ কৰা হয়। আটাইতকৈ সৰু আকাৰটোৰ বাবে ৪ টকা দাম। আটাইতকৈ ডাঙৰটোৰ বাবে ৫.৫ টকা। গাঁৱৰ মানুহে কোৱা দৰ তাতকৈ বেলেগ বুলি কোৱাত তেওঁ মুৰ জোকাৰি সেয়া অস্বীকাৰ কৰে। চন্দ্ৰভানৰ দৰে ঠিকাদাৰে চিন্থেটিক ফুটবল বনোৱাৰ সামগ্ৰী ৰবৰ ফেক্টৰিৰ পৰা শ্বীট হিচাপত প্ৰতিখন ২৬ টকাকৈ কিনে। পাছত সেই শ্বীটখন পাঁচকোণীয়া টুকুৰা কৰি কটা হয়। এখন শ্বীটৰ পৰা এটা ফুটবল তৈয়াৰ কৰিব পাৰি। ইয়াত প্ৰতিকিলোত ২২০ টকাকৈ সুতা আৰু ৩-৪ টকাৰ হাজিৰা যোগ হ’লে ফুটবলটো বনোৱাত মুঠ ৩১-৩২ টকা খৰচ হয়। চকু আঁতৰ কৰি চন্দ্ৰভানে কয় যে তেওঁ বিতৰকক ১ বা ২ টকা লাভত সেয়া বিক্ৰী কৰে। মজুৰিৰ হাৰ যোৱা ১০ বছৰে বঢ়া নাই। চন্দ্ৰভানে দাবী কৰি কয়, “এই দৰতে আমিও কাম কৰি আহিছো।” মুদ্ৰাস্ফীতিৰ প্ৰসংগ উলিয়াওতে তেওঁ কিবাকিবি ভোৰভোৰাই থাকিল।

কিবা খেলিমেলি হ’লে পইচা কাটি লোৱা আৰু প্ৰস্তাৱিত মজুৰি নিদি আন শ্ৰমিকৰ দ্বাৰা কাম কৰোৱাৰ ধমকি দিয়াক লৈ প্ৰশ্ন কৰাত চন্দ্ৰভানে কয় যে তেওঁলোকে লোকচান হ’লে নিজৰ পকেটৰ পৰাই দিয়ে। বাকী প্ৰশ্নবোৰৰ বাবে তেওঁৰ উত্তৰ আছিল বাস্তৱিক ধৰণৰ: “এই দেশত নিবনুৱাৰ সংখ্যা ইমান, অন্ততঃ নিজৰ খৰচ উলিয়াব পৰাকৈ কিবা এটা কাম দি থাকিব পাৰিছো।” চন্দ্ৰভানৰ সন্তান দুটা, তাৰে এটাই তেওঁৰ কামত সহায় কৰে। দ্বিতীয়টো কলেজত পঢ়ে। তেওঁ কয়, “মই মোৰ দ্বিতীয়টো সন্তানক চাপ্লায়াৰ (যোগানকৰ্তা) বা ডিষ্ট্ৰিবিউটৰ (বিতৰক) বনাম।”

ফুটবল উদ্যোগটোৰ পৰা শিশুশ্ৰমিক দূৰ কৰাৰ বাবে কাম কৰি অহা গ্লোবেল মাৰ্চ এগেইনষ্ট চাইল্ড লেবাৰ শীৰ্ষক অভিযান চলি আহিছে। ২০০২ চনত তেওঁলোকে ফিফাক ক্ৰীড়া সামগ্ৰী উদ্যোগটোৰ পৰা বিশেষকৈ ফুটবল নিৰ্মাণ উদ্যোগৰ পৰা শিশুশ্ৰমিক আঁতৰোৱাৰ কথা দাঙি ধৰাৰ বাবে আহ্বান জনাইছিল। এইমৰ্মে ৱৰ্ল্ড ফেডাৰেচন অৱ স্প’ৰ্টিং গুডচ্ ইণ্ডাষ্ট্ৰিৰ সহযোগত ফিফাই আচৰণবিধি এখন প্ৰস্তুত কৰিলে। গ্লোবেল মাৰ্চৰ অভিযোগ যে ফিফাই সেই আচৰণবিধি কাৰ্য্যকৰ কৰাত বিফল হৈছে আৰু শিশুশ্ৰমিক নিৰ্মূলৰ পণ লোৱা স্বত্ত্বেও আজিও ১০ হাজাৰ শিশু জলন্ধৰ আৰু মেৰুটত ফুটবল বনোৱা কামত নিয়োজিত হৈ আছে। গ্লোবেল মাৰ্চৰ অধ্যক্ষ কৈলাশ সত্যাৰ্থীয়ে কয় যে গোটটোৰ ভাৰতীয় শাখা, বছপন বচাও আন্দোলনে লগ লাগি মেৰুটৰ জানি কুৰ্দ ব্লকৰ ১০ খন গাঁৱৰ শিশু-অনুকূল গাওঁ হিচাপে গঢ়ি তোলা, য’ত প্ৰতিটো শিশুৱে স্কুললৈ যাব, তাৰ বাবে চিন্তা কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে দৌৰালা ব্লকৰ পহলি গাঁৱৰ উদাহৰণ দিয়া হৈছে।

ইয়াৰ মাজতে আপুনি যদি চিচৌলাৰ কণমানিহঁতক সোধে, আটাইতকৈ ভাল ফুটবল খেলুৱৈ কোন, সিহঁতে সমস্বৰে চিঞৰি উঠে, “ধোনী! শচীন!” আপুনি যদি সোধে বিশ্বকাপত কোন হাৰিব, সিহঁতে ততালিকে উত্তৰ দিয়ে, “পাকিস্তান!” খানে মিচিকিয়াই হাঁহি কয়, “ফুটবল বনোৱা এই শিশুহঁতে এটা খেলেই জানে - ক্ৰিকেট।”

এই ষ্ট’ৰিটো প্ৰথমে টেহেলকাত প্ৰকাশিত হৈছিল।

অনুবাদ: পংকজ দাস

Shalini Singh

Shalini Singh is a founding trustee of the CounterMedia Trust that publishes PARI. A journalist based in Delhi, she writes on environment, gender and culture, and was a Nieman fellow for journalism at Harvard University, 2017-2018.

Other stories by Shalini Singh
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das