সন্দীপন ৱালবেৰ কাৰণে এয়া কোনো অস্বাভাৱিক অনুৰোধ নাছিল। মৃত মহিলাগৰাকীৰ পৰিয়ালে তেওঁৰ হাতত এখন সেউজীয়া চাদৰ তুলি দি কৈছিল, “চিতাত জুই দিয়াৰ আগেয়ে তেওঁৰ গাত এইখন মেৰিয়াই দিব।” সন্দীপনে কোৱামতে কৰিছিল।

মহাৰাষ্ট্ৰৰ ওচমানাবাদ চহৰৰ শ্মশানখনত ১৫ টা শৱ অন্ত্যোষ্টিক্ৰিয়াৰ বাবে সাজু কৰি থোৱা আছিল। ৱালবেয়ে তাৰে মাজৰে পৰা সেই মৃতদেহটো বিচাৰি উলিয়ালে, যিটোৰ বাবে অনুৰোধ আহিছিল। পিপিই কিট আৰু গ্লোভচ্ পিন্ধি থকা ৱালবেয়ে বতাহ সোমাব নোৱাৰা বগা বডিবেগত বান্ধি থোৱা শৱটোৰ ওপৰত চাদৰখন সাৱধানে মেৰিয়াই দিলে। তেওঁ কয়, “ভাইৰাছ গালৈ আহিব বুলি মৃতকৰ পৰিয়ালে ভয় খাইছিল।”

ওচমানাবাদৰ পৌৰনিগমৰ কৰ্মচাৰী ৪৫ বৰ্ষীয় ৱালবেয়ে যোৱা বছৰ মাৰ্চত মহামাৰী আৰম্ভ হোৱাৰে পৰা ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ অন্ত্যোষ্টিক্ৰিয়া কৰি আহিছে। তেওঁ এতিয়ালৈ ১০০ জনৰো অধিক লোকৰ অন্ত্যোষ্টিক্ৰিয়া কৰিছে। ক’ৰনাৰ দ্বিতীয় ঢৌ গ্ৰামাঞ্চলত আগৰ তুলনাত অধিক সংহাৰী ৰূপ লৈ আহিছে। তেওঁ কয় যে এই বছৰ এপ্ৰিলৰ আৰম্ভণিৰে পৰা প্ৰতিদিনে প্ৰায় ১৫-২০ টা মৃতদেহ শ্মশানলৈ আহে। এনে পৰিস্থিতিত ৱালবে আৰু তেওঁ সহকৰ্মীসকলৰ কামৰ বোজা বাঢ়ে আৰু মানুহবোৰৰ মাজত আতংকৰ সৃষ্টি হয়।

“ভাইৰাছলৈ ভয় কৰা কিছুমান মানুহে নিজৰেই পৰিয়ালৰ লোকৰ শেষকৃত্যত উপস্থিত নথকা হৈছে। তেওঁলোকে মৃতকৰ অন্ত্যোষ্টিক্ৰিয়াৰ নিয়ম-নীতিখিনি কৰাৰ বাবে আমাকে অনুৰোধ জনায়। এই সময় বৰ কঠিন। মৃতকক নিজৰ পৰিয়ালৰ অনুপস্থিতিত শেষকৃত্য কৰিবলগা হ’লে মনত দুখ পাওঁ। কিন্তু নিজকে এইবুলি সান্তনা দিওঁ যে ঢুকোৱাজনে নাজানে যে তেওঁৰ অন্তিম সৎকাৰ কেনেকৈ কৰা হ’ল।”

Every day since the start of April, 15-20 bodies are being brought to the crematorium in Osmanabad town
PHOTO • Parth M. N.
Every day since the start of April, 15-20 bodies are being brought to the crematorium in Osmanabad town
PHOTO • Parth M. N.

এপ্ৰিলৰ আৰম্ভণিৰে পৰা ওচমানাবাদ চহৰৰ শ্মশানখনত নিতৌ ১৫-২০ টা মৃতদেহ আহিবলৈ ধৰিলে

শেষকৃত্যত উপস্থিত থাকিব নোৱাৰাৰ কাৰণ কেৱল ভয়-সংকোচেই নহয়, নীতি-নিয়মো ইয়াৰ কাৰণ। ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সময়ত সংক্ৰমণৰ হাৰৰ অনুপাতে মৃতকৰ সংখ্যাও বাঢ়িছে। সাধাৰণতে কেৱল এজন আত্মীয়ক শ্মশানলৈ যোৱাৰ অনুমতি দিয়া হয়, বাকীসকলে সুযোগ নাপায়। শাৰীৰিক ব্যৱধান বজাই ৰাখি ইজনে আনজনক সান্তনা কেনেকৈ দিব, তাৰেই উপায় বিচাৰি তেওঁলোক হায়ৰাণ হৈ পৰে। বহুতো পৰিয়ালৰ বাবে আকৌ মৃতকৰ সসন্মানে অন্তিম সংস্কাৰ কৰাটোও এতিয়া প্ৰত্যাহ্বান হৈ পৰিছে।

পিতৃৰ মৃতদেহ চিনাক্ত কৰিবলৈ সুনীল বদুৰকাৰ শ্মশানত সোমাই গৈ দেখিলে যে মৃতদেহবোৰ গেলিবলৈ ধৰিছে। “উৎকট দুৰ্গন্ধ নাকত লাগিছিল। মোৰ দেউতাৰ নিথৰ দেহটো আন বহু শৱৰ সৈতে একেলগে থোৱা আছিল, তাৰে কেইটামান গেলিছিল,” ওচমানাবাদৰ জিলা পৰিষদৰ অৱসৰপ্ৰাপ্ত ৫৮ বছৰ বয়সীয়া বিষয়াজনে কয়।

সুনীলৰ ৮১ বছৰীয়া পিতৃ মনোহৰ ১২ এপ্ৰিলৰ দিনা ক’ৰনা সংক্ৰমিত হোৱা বুলি জনাৰ পিছত তেওঁক হস্পিতালত ভৰ্ত্তি কৰোৱা হৈছিল। এদিন পিছতে তেওঁৰ মৃত্যু হয়। সুনীলে কয়, “সেইদিনা চহৰখনত বহু লোকৰ মৃত্যু হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ ইমানেই বাহিৰ হৈ গৈছিল যে আমি তেওঁৰ মৃত্যুৰ ২৪ ঘণ্টা পাছতহে অন্তিম সংস্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিলো। কোনো লোকৰ ব্যক্তিগত হস্পিতালত ক’ভিড-১৯ আক্ৰান্ত হৈ মৃত্যু হ’লে মৃতদেহ ওচমানাবাদৰ অসামৰিক হস্পিতালৰ মৰ্গলৈ লৈ যোৱা হয়, তাতে মৃতকৰ চিনাক্তকৰণ কৰিব লাগে, যিটো মোৰ দেউতাৰ ক্ষেত্ৰত কৰা হ’ল। তাৰপিছত তাৰপৰা মৃতদেহটো এম্বুলেঞ্চত তুলি শ্মশানলৈ পঠিয়াই দিয়া হয়।”

শ্মশানত চিতা ইতিমধ্যে সাজু কৰা থাকে। তাতে কাম কৰা কৰ্মচাৰীয়ে মৃতদেহবোৰ এটা দীঘল শাৰীত ১৫-২০ খন চিতাত তোলে। তাৰ পিছত একেবাৰতে আটাইবোৰ চিতাতে জুই দিয়া হয়। “এনে মৃত্যুৰ কোনো মৰ্য্যাদা নাই,” বদুৰকাৰে কয়।

মহাৰাষ্ট্ৰ চৰকাৰৰ অনুমান মতে ওচমানাবাদত এতিয়ালৈ ১,২৫০ৰো অধিক লোকে ক’ভিড-১৯ত প্ৰাণ হেৰুৱাইছে আৰু ২০২০ৰ মাৰ্চৰ পৰা এতিয়ালৈ ৫৬,০০০ৰো অধিক লোক সংক্ৰমিত হৈছে। ওচমানাবাদ মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলৰ এনে এখন জিলা যিয়ে বহুবছৰ জুৰি গ্ৰামীণ সংকট, পানীৰ সাংঘাটিক নাটনি আৰু কৃষকৰ আত্মহত্যাৰ সৈতে যুঁজ দি আহিছে। ঘাইকৈ কৃষিপ্ৰধান এই অঞ্চলটোত ক’ৰনাৰ মাৰাত্মক দ্বিতীয় ঢৌৱে ইতিমধ্যে ঋণৰ বোজাত ডুবি থকা আৰু স্বাস্থ্যসেৱাৰ নামত খৰছ কৰাৰ জোখাৰে ধন-বিত ৰাহি কৰিব নোৱাৰা শ্ৰেণীক মোক্ষম আঘাত কৰিছে।

Family members sometimes skip a deceased relative's funeral out of fear of the virus; they ask municipal workers to conduct the basic cremation rituals
PHOTO • Parth M. N.
Family members sometimes skip a deceased relative's funeral out of fear of the virus; they ask municipal workers to conduct the basic cremation rituals
PHOTO • Parth M. N.

ভাইৰাছবিধৰ ভয়ত কেতিয়াবা মৃতকৰ পৰিয়ালৰে সদস্যই শেষকৃত্যত উপস্থিত নাথাকে, থূলমুলকৈ শেষকৃত্যৰ নিয়মখিনি কৰিবলৈ পৌৰনিগমৰ কৰ্মচাৰীক অনুৰোধ জনায়

এনেকুৱাও হৈছে যে মৃতদেহ চমজি ল’বলৈ শ্মশানত কোনো উপস্থিত নাই, হস্পিতালৰ কৰ্তৃপক্ষৰ এজনে কয়। বহু পৰিয়ালৰ সংক্ৰমিত হোৱাৰ ভয় থাকে, কিয়নো সংক্ৰমিত হ’লে ইতিমধ্যে পানীত হাঁহ নচৰা অৱস্থা হোৱা পৰিয়ালে চিকিৎসাৰ নামত আৰু বেছি ঋণত পোত যাব।

কিছুমানে যি পাৰে সহায় কৰাৰ চেষ্টা চলাইছে। ওচমানাবাদৰ মুছলমান সমাজকৰ্মীৰ দল এটাই মৃত্যুৰ পিছত চমজি নোলোৱা শৱৰ যাতে আলাই-আথানি নহয়, তাৰে দায়িত্ব লৈছে। ৮-১০ জনীয়া স্বেচ্ছাসেৱকৰ দলটোৰ মাজৰে এজন, ৩৪ বছৰীয়া বিলাল টাম্বোলিয়ে কয়, “আমি দ্বিতীয় ঢৌৰ সময়ত প্ৰায় ৪০ৰো অধিক মৃতদেহ সৎকাৰ কৰিছো।” মহামাৰী আৰম্ভ হোৱাৰ দিন ধৰি এতিয়ালৈ তেওঁলোকে ১০০ টাৰো অধিক শৱৰ সৎকাৰ কৰিছে। “শৱ চমজি ল’বলৈ কোনো নোলালে আমাক হস্পিতালে খবৰ দিয়ে। মৃতক মুছলমান পৰিয়ালৰ হ’লে আমি মুছলমান ৰীতিৰে শেষকৃত্য কৰোঁ। হিন্দু হ’লে হিন্দু নিয়মত কৰো। মৃতকক অন্তিম যাত্ৰাত মৰ্য্যাদা দিয়াবলৈ আমি এয়া কৰো।”

বিলালে এই লৈ সচেতন যে তেওঁৰ গোটটোৱে যাতে প্ৰচাৰ বিচৰা যেন নহয়। তেওঁ সেয়া ভুল কৰা হ’ব বুলি ভাবে। এই স্বেচ্ছামূলক কামৰ পৰা হ’ব পৰা বিপদৰ কথাও তেওঁ জানে। “ঘৰৰ মানুহলৈ বেছি চিন্তা হয়,” অবিবাহিত বিলালে কয়। “মোৰ গাত ভাইৰাছ লাগিলে যিয়েই নহওক কিয়, মই অনুতাপ নকৰো। কিন্তু মই মোৰ মা-দেউতা আৰু ভাই-ভনীৰ লগত থাকো। শাৰীৰিক ব্যৱধান বজাই ৰাখিবপৰাকৈ আমাৰ ঘৰটো ইমান আহল-বহল নহয়। মই সকলো সাৱধানতা মানি চলো আৰু প্ৰতিটো শেষকৃত্যৰ আগত নীৰৱে নেদেখাজনক প্ৰাৰ্থনা জনাও।”

ক’ভিডৰ সময়ত শেষকৃত্য সমাপন কৰাৰ যি প্ৰক্ৰিয়াৰ মাজেৰে পৰিয়ালে পাৰ হ’ব লাগে, সিয়ে আপোনজনক হেৰুওৱাৰ দুখ দুগুণ কৰে। “পৰিয়ালৰ কাৰোবাৰ মৃত্যু মৰ্মন্তুদ,” ওচমানাবাদ চহৰৰ উপকণ্ঠ অঞ্চলত বাস কৰা ৩৬ বছৰীয়া দীপালী যাদৱে কয়। “আপুনি পৰিয়াল হিচাপে সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰে আৰু পৰিয়াল হিচাপে থাকিয়েই সেই শোক লাঘৱ হয়। মানুহ আহে, শোক ব্যক্ত কৰে। ইজনে সিজনৰ পৰা সাহস পায়। এতিয়া সেয়া নাই।”

Left: Bilal Tamboli (in yellow shirt) and his group of volunteers conduct funerals of unclaimed bodies. Centre and right: Dipali and Arvind Yadav say there was no time to grieve when Arvind's parents died
PHOTO • Parth M. N.
Left: Bilal Tamboli (in yellow shirt) and his group of volunteers conduct funerals of unclaimed bodies. Centre and right: Dipali and Arvind Yadav say there was no time to grieve when Arvind's parents died
PHOTO • Parth M. N.
Left: Bilal Tamboli (in yellow shirt) and his group of volunteers conduct funerals of unclaimed bodies. Centre and right: Dipali and Arvind Yadav say there was no time to grieve when Arvind's parents died
PHOTO • Parth M. N.

বাওঁফালেঃ বিলাল টাম্বোলি (হালধীয়া চোলা পৰিহিত) আৰু কেও-কিছু নোহোৱা মৃতদেহৰ শেষকৃত্য কৰা তেওঁৰ স্বেচ্ছাসেৱকৰ দলটো মাজত আৰু সোঁফালেঃ দিপালী আৰু অৰবিন্দ যাদৱে কয় যে অৰবিন্দৰ মাক -দেউতাক ঢুকাওতে তেওঁলোকে শোক প্ৰকাশ কৰাৰ সুযোগ নাপালে

এপ্ৰিলৰ তৃতীয় সপ্তাহত যেতিয়া ২৪ ঘণ্টাৰ ভিতৰত দিপালীৰ শাহু-শহুৰৰ মৃত্যু হয়, তেতিয়া দিপালীৰ গোটেই পৰিয়ালটোৱে ক’ভিড-১৯ৰ কবলত পৰিছিল। তেওঁ কয়, “মোৰ স্বামী হস্পিতালত আছিল। আমাৰ তিনিটা সন্তান হ’ম আইচ’লেচনত আছিল। মই আন এটা কোঠাত কোৱাৰেইণ্টাইনত আছিলো। কিবা অদ্ভুত লাগিছিল। এফালে মই কম সময়তে পৰিয়ালৰ দুজনকৈ সদস্যৰ মৃত্যুৰ শোক পাতলোৱাৰ চেষ্টা কৰিছিলো। আনফালে আকৌ মোৰ স্বামীৰ চিন্তা। সেই কোঠাটোত অকলে অকলে নিজকে কিবা উন্মাদ যেন লাগিছিল।”

দিপালীৰ গিৰীয়েক অৰবিন্দ এগৰাকী কৃষক। মাক-দেউতাকৰ মৃত্যুৰ শেষৰ দিনকেইটাত মুখ চাবলৈ নোপোৱাক লৈ তেওঁ দুখ কৰে। তেওঁ কয়, “মই হস্পিতালত ভৰ্ত্তি হৈ থাকিলেও পিপিই কিট পিন্ধি শ্মশান ওলাইছিলো আৰু তেওঁলোকক জ্বলি থকা দেখিছিলো। সিমানখিনিয়েই মই কৰিব পাৰিছিলো।”

৪৫ বছৰীয়া অৰবিন্দে এই কথা ভাবি এতিয়াও মনত বেজাৰ পায় যে মাক-দেউতাকৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈও তেওঁ তেনেই কম সময় পালে। তেওঁ কয়, “মৃতদেহ দাবী কৰা, চিনাক্ত কৰা, উচিত নিয়মত শ্মশানলৈ নিয়া আৰু তাৰপিছত শেষকৃত্যৰ সময়ত প্ৰটকল অনুসৰণ কৰোতেই সময়বোৰ পাৰ হৈ যায়।”

“শেষকৃত্যৰ সময়খিনি বস্তু-বাহিনী যোগাৰ কৰোঁতেই যায়। আপুনি দুখ কৰিবলৈ সময় নাপায়। কান্দিবলৈ সময় নাপায়। আপোনজনৰ চিতাত জুই লাগিব ধৰিলেই আপোনাক শ্মশানৰ পৰা ওলাই যাবলৈ কোৱা হয়, কিয়নো আপোনাৰ পাছত আৰু কাৰোবাৰ পাল পৰিছে।”

অৰবিন্দৰ মাতৃ ৬৭ বছৰীয়া আশাৰ ১৬ এপ্ৰিলত বিয়োগ ঘটে। তাৰে পিছদিনা তেওঁ পিতৃ ৮০ বছৰীয়া বসন্ত ঢুকায়। দাহ কৰাৰ সময়ত শ্মশানৰ কৰ্মীয়ে দুয়োজনৰে চিতা একলগ কৰি দিলে, সেয়া আছিল হৃদয়স্পৰ্শী এক মুহূৰ্ত। “সেয়া দেখিয়েই মই মোৰ মনক প্ৰবোধ দিছিলো,” তেওঁ কয়। “মোৰ মা-দেউতাই একেলগে জীৱন কটালে আৰু একেলগে চিৰনিদ্ৰাত পৰিল। তেওঁলোক নিশ্চয় সুখত আছে।”

অনুবাদ: পংকজ দাস

Parth M. N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M. N.
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das