“তেওঁলোকে মোক মাৰি পেলালেহেঁতেন...” ওচৰতে ছয় বছৰীয়া ছোৱালীজনীয়ে খেলি থকা চোৱা ২৮ বছৰীয়া অৰুণাই কয়। ‘‘সিহঁত’ অৰুণাৰ পৰিয়ালৰ সদস্য আছিল, আৰু তেওঁ কিয় তেনে আচৰণ কৰিছিল সেইটো তেওঁলোকে বুজিব পৰা নাছিল। “মই বস্তু দলিয়াইছিলো। ঘৰতে নাথাকিছিলো। আমাৰ ঘৰৰ ওচৰলৈ মানুহ নহা হৈছিল...”

প্ৰায়ে তেওঁ তামিলনাডুৰ কাঞ্চীপুৰম জিলাৰ তেওঁলোকৰ ঘৰৰ ওচৰৰ পাহাৰবোৰত ঘুৰি ফুৰিছিল। কিছুমানে তেওঁৰ পৰা আঘাত পাব বুলি পলাই ফুৰিছিল যদিও, আন কিছুমানে তেওঁৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল। তেওঁৰ দেউতাকে তেওঁক ঘৰলৈ উভতেওঁ আনিছিল আৰু কেতিয়াবা তেওঁক চকী এখনত বান্ধি থৈছিল যাতে তেওঁক বাহিৰলৈ ওলাই নাযায়।

স্কিজ’ফ্ৰেনিয়া ৰোগ ধৰা পৰা সময়ত অৰুণা (প্ৰকৃত নাম নহয়)ৰ বয়স ১৮ বছৰ আছিল। ৰোগবিধে তেওঁৰ চিন্তা, অনুভৱ আৰু আচৰণৰ ওপৰত প্ৰভাৱ পেলাইছিল।

কাঞ্চীপুৰমৰ চেংগলপট্টু তালুকত কন্দংগি গাঁৱৰ দলিত চুবুৰীটোত ঘৰৰ বাহিৰত বহি অৰুণাই সেই কষ্টকৰ দিনবোৰৰ কথা মনত পেলায়। তেওঁ হঠাতে আঁতৰি যায়। পিন্ধনত গোলাপী ৰঙৰ নাইটি, চুটি চুলিৰ অৰুণাই কুঁজা হৈ খোজ কাঢ়ে। তেওঁ নিজৰ এটা কোঠাৰ খেৰৰ জুপুৰিটোত সোমাই ডাক্তৰৰ প্ৰেছক্ৰিপচন আৰু দুটা টেবলেটৰ ষ্ট্ৰিপ লৈ উভতে। “এইটো খালে টোপনি আহে। আনটো হ’ল স্নায়ুজনিত সমস্যা ৰোধ কৰা টেবলেট,’ টেবলেটবোৰ দেখুৱাই তেওঁ কয়। “এতিয়া মোৰ টোপনি ভাল। ঔষধবোৰ ল’বলৈ মই প্ৰতিমাহে চেম্বাক্কাম [প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ]লৈ যাওঁ।”

শান্তি চেখা নহ’লে হয়তো অৰুণাৰ ৰোগবিধ নিৰ্ণয় নোহোৱাকৈয়ে থাকি গ’লহেঁতেন৷

Aruna and her little daughter in their home in the Dalit colony in Kondangi village, Kancheepuram district.
PHOTO • M. Palani Kumar
Shanthi Sesha, who was the first to spot Aruna's mental illness. Her three decades as a health worker with an NGO helped many like Aruna, even in the remotest areas of Chengalpattu taluk, get treatment and medicines
PHOTO • M. Palani Kumar

বাওঁফালে: কাঞ্চীপুৰম জিলাৰ কন্দংগি গাঁৱৰ দলিত চুবুৰীত নিজৰ ঘৰত অৰুণা আৰু তেওঁৰ কণমানি কন্যা। সোঁফালে: শান্তি চেখা, যিয়ে প্ৰথমে অৰুণাৰ মানসিক ৰোগ ধৰা পেলাইছিল। বেচৰকাৰী সংস্থাৰ স্বাস্থ্যকৰ্মী হিচাপে তেওঁৰ তিনিটা দশকে অৰুণাৰ দৰে বহুতকে আনকি চেংগলপট্টু তালুকৰ অতি দুৰ্গম অঞ্চলতো চিকিৎসা আৰু ঔষধ লাভ কৰাত সহায় কৰিছে

৬১ বছৰীয়া শান্তিয়ে কি ঘটি আছে, সেয়া স্বচক্ষে দেখিছিল, অনুভৱ কৰিছিল। স্কিজ’ফ্ৰেনিয়াৰ সৈতে মোকাবিলা কৰি থকা অৰুণাৰ দৰে শ শ মানুহক তেওঁ সহায় কৰিছিল। কেৱল ২০১৭-২০২২ চনত শান্তিয়ে চেংগালপট্টুত ৯৮ জন ৰোগীক চিনাক্ত কৰি চিকিৎসা সেৱা লাভ কৰাত সহায় কৰিছিল। স্কিজ’ফ্ৰেনিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যন চমুকৈ স্কাৰ্ফ (SCARF)ৰ সৈতে চুক্তিবদ্ধ হোৱা এগৰাকী সামূহিক স্বাস্থ্যকৰ্মী হিচাপে শান্তি মানসিকভাৱে বিচ্ছিন্ন ব্যক্তিৰ সৈতে কৰা কামৰ বাবে কন্দংগি গাঁৱত সুপৰিচিত আছিল।

এটা দশকৰো আগেয়ে যেতিয়া শান্তিয়ে অৰুণাক লগ পাইছিল, “তেওঁ আছিল সৰু আৰু ক্ষীণ, বিয়া হোৱা নাছিল,” তেওঁ কয়। “তেওঁ কেৱল ঘূৰি ফুৰিছিল, কেতিয়াও নাখাইছিল। মই তেওঁৰ পৰিয়ালক তিৰুকালুকুন্দ্ৰম চিকিৎসা শিবিৰলৈ আনিবলৈ কৈছিলো।” স্কিজ’ফ্ৰেনিয়াত আক্ৰান্ত লোকৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে প্ৰতিমাহে স্কাৰ্ফে এই শিবিৰ আয়োজন কৰি আহিছিল।

অৰুণাৰ পৰিয়ালে যেতিয়া তেওঁক কন্দংগিৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈৰ তিৰুকালুকুন্দ্ৰমলৈ নিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ বহুত খং কৰিছিল আৰু কাকো ওচৰলৈ আহিবলৈ দিয়া নাছিল। তেওঁক হাত-ভৰি বান্ধি শিবিৰলৈ লৈ যোৱা হ’ল। শান্তিয়ে কয়, “মোক [মনোৰোগ বিশেষজ্ঞই] কৈছিল যে তেওঁক ১৫ দিনত এবাৰ বেজী দিব লাগে।

বেজী আৰু ঔষধৰ উপৰিও অৰুণাক শিবিৰত প্ৰতি পষেকতে কাউন্সেলিং দিয়া হৈছিল। শান্তিয়ে কয়, “কিছু বছৰৰ পাছত চিকিৎসা অব্যাহত ৰাখিবলৈ মই তেওঁক চেম্বাক্কাম প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ গ’লোঁ।” আন এটা বেচৰকাৰী (বেনয়ান) প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মানসিক স্বাস্থ্যৰ শিবিৰ চলাই আছিল। শান্তিয়ে কয়, “অৰুণা [এতিয়া] বহুত ভাল হৈছে। তেওঁ ভালকৈ কথা কয়।”

অৰুণাৰ ঘৰৰ পৰা কেইগজমান দূৰৈত কন্দংগি গাঁৱৰ কেন্দ্ৰস্থল। উচ্চ জাতিৰ পৰিয়াল – নাইডু আৰু নাইকাৰসকলে ইয়াত বাস কৰে। নাইডু শান্তিও তাতেই থাকে। শান্তিৰ মতে, “যিহেতু অৰুণা তেওঁলোকৰ জাতি [অনুসূচিত জাতি]ৰ, গতিকে তেওঁলোকে তেওঁক [দলিত চুবুৰীত] সোমাবলৈ দিছিল। চুবুৰীৰ বাসিন্দাসকল নাইডু-নাইকাৰ চুবুৰীলৈ নাহে, তেওঁ বুজাই দিয়ে। “অৰুণাই সাহস কৰি অহাহেঁতেন কাজিয়া এখন লাগিলহেঁতেন।”

চিকিৎসাৰ চাৰি বছৰৰ পাছত অৰুণা এজন লোকৰ লগত বিয়া দিয়া হ’ল, মানুহজনে তেওঁ গৰ্ভৱতী হোৱাৰ সময়ত তেওঁক এৰি থৈ গ’ল। তেতিয়াৰে পৰা তেওঁ পিতৃ-মাতৃৰ ঘৰলৈ উভতি আহি দেউতাক আৰু জ্যেষ্ঠ ভাতৃৰ লগত থাকিবলৈ লয়। চেন্নাইত বাস কৰা তেওঁৰ বিবাহিত ডাঙৰ ভনীয়েকে এতিয়া সন্তানৰ যত্ন লোৱাত সহায় কৰে আৰু অৰুণাই ঔষধেৰে নিজৰ চিকিৎসা কৰে।

শান্তি আক্কাৰ ওচৰত তেওঁ নিজৰ উন্নত স্বাস্থ্যৰ বাবে ঋণী, তেওঁ কয়।

Shanthi akka sitting outside her home in Kondangi. With her earnings from doing health work in the community, she was able to build a small one-room house. She was the only person in her family with a steady income until recently
PHOTO • M. Palani Kumar

শান্তি আক্কা কন্দংগিৰ ঘৰৰ বাহিৰত বহি আছে। সমাজত স্বাস্থ্যৰ কাম কৰি পোৱা উপাৰ্জনৰ সহায়ত তেওঁ এটা কোঠাৰ সৰু ঘৰ এটা সাজিবলৈ সক্ষম হৈছিল। কিছুদিন আগলৈকে তেওঁ তেওঁৰ পৰিয়ালত স্থিৰ উপাৰ্জনকাৰী একমাত্ৰ ব্যক্তি আছিল

A list of villages in Tamil Nadu's Chengalpattu taluk that Shanthi would visit to identify people suffering from schizophrenia
PHOTO • M. Palani Kumar
A list of villages in Tamil Nadu's Chengalpattu taluk that Shanthi would visit to identify people suffering from schizophrenia
PHOTO • M. Palani Kumar

তামিলনাডুৰ চেংগালপট্টু তালুকৰ গাঁৱৰ তালিকা, এই গাওঁবোৰত শান্তিয়ে স্কিজ’ফ্ৰেনিয়াত আক্ৰান্ত লোকক চিনাক্ত কৰিবলৈ ভ্ৰমণ কৰিব

*****

হাতত দুপৰীয়াৰ আহাৰৰ টিফিন এটা লৈ শান্তিয়ে প্ৰতিদিনে পুৱা ৮ বজাত চেংগলপট্টু তালুকত জৰীপ কৰিবলৈ গাঁও আৰু ক্ষুদ্ৰ গাঁৱৰ তালিকা লৈ ঘৰৰ পৰা ওলাই যায়৷ মাদুৰন্তকমৰ বাছ আস্থান পাবলৈ তেওঁ প্ৰায় এঘণ্টামানৰ বাট, প্ৰায় ১৫ কিলোমিটাৰমান খোজ কাঢ়ি যায়। তেওঁ কয়, “ইয়াৰ পৰাই আমি আন গাওঁবোৰলৈ যোৱা বাছৰ সুবিধা পাওঁ।”

তেওঁৰ কাম আছিল গোটেই তালুকখন ভ্ৰমণ কৰা, মানসিক ৰোগত আক্ৰান্ত লোকক চিনাক্ত কৰা আৰু তেওঁলোকক চিকিৎসা সেৱা লাভ কৰাত সহায় কৰা।

“আমি প্ৰথমে সহজতে যাব পৰা গাঁওবোৰ ভ্ৰমণ কৰিছিলো আৰু পিছত দুৰ্গম ঠাইবোৰলৈ গৈছিলো। সেই অঞ্চললৈ বাছ নিৰ্দিষ্ট সময়তহে পায়। কেতিয়াবা আমি ৰাতিপুৱা আঠ বজাৰ পৰা দুপৰীয়ালৈকে, আনকি দুপৰীয়া এক বজালৈকে বাছ আস্থানত ৰৈ থাকিবলগীয়া হৈছিল,” শান্তিয়ে মনত পেলায়।

শান্তিয়ে গোটেই মাহটো কাম কৰিছিল, মাত্ৰ দেওবাৰে জিৰণি লৈছিল। সামূহিক স্বাস্থ্যকৰ্মী হিচাপে তেওঁৰ ৰুটিন তিনিটা দশক ধৰি একেই আছিল। তেওঁ যদিও নীৰৱে কাম কৰি গৈছে, তথাপি ভাৰতৰ প্ৰায় ১০.৬ শতাংশ প্ৰাপ্তবয়স্ক জনসংখ্যাক মানসিক বিকাৰে প্ৰভাৱিত কৰাৰ দিশৰ পৰা চালে তেওঁ কামৰ গুৰুত্ব অপৰিসীম। দেশখনৰ ১৩.৭ শতাংশ লোকে জীৱনৰ কোনো এটা সময়ত মানসিক ৰোগৰ সন্মুখীন হৈ পাইছে। কিন্তু চিকিৎসাৰ ব্যৱধান বহু বেছি: ৮৩ শতাংশ। স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত কমেও ৬০ শতাংশ ব্যক্তিয়ে প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ নকৰে।

শান্তিয়ে ১৯৮৬ চনৰ পৰাই সামূহিক স্বাস্থ্যকৰ্মী হিচাপে কাম আৰম্ভ কৰিছিল। সেই সময়ত ভাৰতৰ বহু ৰাজ্যত মানসিক স্বাস্থ্যৰ যত্নৰ বাবে পৰ্যাপ্ত পেছাদাৰী লোক নাছিল। প্ৰশিক্ষণ লোৱা কেইজনমান চহৰত আছিল; গ্ৰামাঞ্চলত নাছিল বুলিয়েই ক’ব পাৰি। এই সমস্যাটো সমাধানৰ বাবে ১৯৮২ চনত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী (এনএমএইচপি) প্ৰৱৰ্তন কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল সকলোৰে বাবে, বিশেষকৈ অতি দুৰ্বল আৰু অসুবিধাগ্ৰস্ত লোকসকলৰ বাবে “নূন্যতম মানসিক স্বাস্থ্যসেৱাৰ উপলব্ধতা আৰু সুলভতা” নিশ্চিত কৰা।

১৯৮৬ চনত শান্তি ৰেড ক্ৰছৰ সৈতে সমাজকৰ্মী হিচাপে জৰিত হয়। চেংগালপট্টুৰ ভিতৰুৱা অঞ্চললৈ গৈ শাৰীৰিকভাৱে অক্ষম লোকৰ সন্ধান উলিয়াই তেওঁলোকৰ তাৎক্ষণিক প্ৰয়োজনীয়তা সংস্থাটোক জনোৱা তেওঁৰ কাম আছিল।

A photograph from of a young Shanthi akka (wearing a white saree) performing Villu Paatu, a traditional form of musical storytelling, organised by Schizophrenia Research Foundation. She worked with SCARF for 30 years.
PHOTO • M. Palani Kumar
In the late 1980s in Chengalpattu , SCARF hosted performances to create awareness about mental health
PHOTO • M. Palani Kumar

বাওঁফালে: স্কিজ’ফ্ৰেনিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ উদ্যোগত ভিল্লু পাটু নামে পৰম্পৰাগত সাংগীতিক কাহিনীকথন অনুস্থান পৰিবেশন কৰা যুৱতী অৱস্থাৰ শান্তি আক্কাৰ (বগা শাৰী পিন্ধা)ৰ ফটো। ৩০ বছৰ ধৰি তেওঁ স্কাৰ্ফৰ সৈতে কাম কৰিছিল। সোঁফালে: ১৯৮০ৰ শেষৰ ফালে চেংগালপট্টুত, স্কাৰ্ফ-য়ে মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আয়োজন কৰা অনুষ্ঠান

১৯৮৭ত যেতিয়া স্কাৰ্ফ-য়ে শান্তিৰ কাষ চাপিছিল, তেতিয়া সংস্থাটোৱে কাঞ্চীপুৰম জিলাৰ তিৰুপুৰুৰ ব্লকত মানসিক ৰোগীক পুনৰ্বাসনৰ বাবে এন এম এইচ পিৰ অধীনত কাৰ্যসূচী ৰূপায়ণ কৰি আছিল। ই তামিলনাডুৰ গ্ৰাম্য অঞ্চলত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰি সম্প্ৰদায়ভিত্তিক স্বেচ্ছাসেৱকৰ কেডাৰ গঢ়ি তুলিছিল। “স্কুল পৰ্যায়ৰ শিক্ষা সম্পূৰ্ণ কৰা সম্প্ৰদায়ৰ লোকসকলক নিযুক্তি দিয়া হৈছিল আৰু মানসিক বিকাৰগ্ৰস্ত ব্যক্তিক চিনাক্ত কৰা আৰু চিনাক্তকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল, আৰু তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল,” স্কাৰ্ফৰ সঞ্চালক ডাঃ আৰ পদ্মাৱতীয়ে কয়, তেওঁ ১৯৮৭ চনত সংস্থাটোত যোগদান কৰিছিল।

এই শিবিৰবোৰত শান্তিয়ে বিভিন্ন মানসিক বিকাৰৰ বিষয়ে আৰু সেইবোৰ কেনেকৈ ধৰা পেলাব লাগে সেই বিষয়ে শিকিছিল। মানসিক ৰোগত আক্ৰান্ত ব্যক্তিক চিকিৎসাৰ বাবে প্ৰেৰণা যোগোৱাৰ দক্ষতাও তাতেই তেওঁ আহৰণ কৰিছিল। তেওঁৰ আৰম্ভণিৰ দৰমহা আছিল প্ৰতিমাহে ২৫ টকা, তেওঁ কয়। মানসিক ৰোগীক বিচাৰি উলিয়াই চিকিৎসা শিবিৰলৈ অনা কাম তেওঁ কৰিছিল। “মোৰ লগত আৰু এজন ব্যক্তিক তিনিখন পঞ্চায়তত নিযুক্তি দিয়া হৈছিল – প্ৰতিখন পঞ্চায়ততে প্ৰায় ২-৪ খন গাঁও,” তেওঁ কয়। বছৰি তেওঁৰ উপাৰ্জন বাঢ়ি আহিল। ২০২২ চনত স্কাৰ্ফৰ কৰ্তব্যৰ পৰা অৱসৰ লোৱাৰ সময়ত তেওঁ মাহে ১০ হাজাৰ টকা (ভৱিষ্যনিধি আৰু বীমাৰ বাবে কৰ্তনৰ পিছত) পাইছিল।

তেওঁৰ কামে তেওঁক উপাৰ্জনৰ এক স্থিৰ উৎস দিছিল, যিয়ে তেওঁক অস্থিৰ জীৱনটো নিয়াবলৈ অৰিহণা যোগাইছিল। সুৰাসক্ত স্বামীয়ে পৰিয়ালটোৰ বাবে কেতিয়াবাহে চিন্তা কৰিছিল। শান্তিৰ ৩৭ বছৰীয়া পুত্ৰজন ইলেক্ট্ৰিচিয়ানে, দিনটোত প্ৰায় ৭০০ টকা উপাৰ্জন কৰে। কিন্তু তেওঁৰ উপাৰ্জন কেতিয়াবা হয়, কেতিয়াবা নহয়। মাহত মাত্ৰ ১০ দিন মানহে তেওঁ কাম পায়। পত্নী আৰু কন্যাক পোহপাল দিয়াৰ বাবে সেয়া পৰ্য্যাপ্ত নহয়৷ শান্তিৰ মাকো তেওঁলোকৰ লগত থাকে। ২০২২ চনত স্কাৰ্ফ-ৰ স্কিজ’ফ্ৰেনিয়া কাৰ্যসূচী শেষ হোৱাৰ পিছত শান্তিয়ে থাঞ্জাভুৰ পুতলা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে, ৫০ টা পুতলাৰ বিনিময়ত তেওঁ ৩০০০ টকা পাইছিল।

ডেৰ কুৰি বছৰ সমাজৰ হকে কাম কৰি শান্তি ভাগৰি পৰা নাছিল। বেচৰকাৰী সংস্থাটোত থকা যোৱা পাঁচ বছৰত চেংগালাট্টুৰ কমেও ১৮০ খন গাঁও আৰু ক্ষুদ্ৰ গাওঁ তেওঁ পৰিদৰ্শন কৰিছিল। তেওঁ কয়, “মোৰ বয়স বাঢ়িছে, কিন্তু কামটো কৰি থাকিলো। বহুত বেছি পইচা নাই পোৱা যদিও যিখিনি পাইছো, সেইখিনিৰে চলিব পাৰিছো। মানসিক সন্তুষ্টি পাইছো। সন্মান পাইছো।”

*****

৪৯ বছৰীয়া চেলভি ই-য়ে স্কিজ’ফ্ৰেনিয়া ৰোগীক বিচাৰি শান্তিৰ সৈতে সমগ্ৰ চেংগালপট্টু ভ্ৰমণ কৰিছিল। ২০১৭ৰ পৰা ২০২২ৰ ভিতৰত চেলভিয়ে ১১৭ খন গাঁৱলৈ গৈ তিনিটা ব্লক পঞ্চায়ত – উতিৰামেৰুৰ, কট্টাংকোলাত্তুৰ আৰু মাদুৰান্তকম – সামৰি ৫০০ৰো অধিক লোকক চিকিৎসা সেৱা লাভ কৰাত সহায় কৰিছিল। ২৫ বছৰতকৈও অধিক সময় ধৰি তেওঁ স্কাৰ্ফত কাম কৰি আহিছে, আৰু এতিয়া তেওঁ আন এটা প্ৰকল্প - ডিমেনচিয়া ৰোগীক চিনাক্ত কৰাত কামত জৰিত।

চেলভিৰ জন্ম হৈছিল চেংগালপট্টুৰ চেম্বাক্কাম গাঁৱত। স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতেই তেওঁ সামূহিক স্বাস্থ্যকৰ্মী হিচাপে কাম আৰম্ভ কৰিছিল। তেওঁ চেংগুনডাৰ সম্প্ৰদায়ৰ। তামিলনাডুত অন্যান্য পিছপৰা শ্ৰেণী হিচাপে শ্ৰেণীভুক্ত এই সম্প্ৰদায়ৰ মূল বৃত্তি হৈছে বয়ন শিল্প। তেওঁ কয়, “মই দশম শ্ৰেণীৰ পিছত পঢ়া এৰিছিলো। “কলেজলৈ পঢ়িবলৈ হ’লে ঘৰৰ পৰা আঠ কিলোমিটাৰ দূৰৈত থকা তিৰুপুৰুৰলৈ যাবলগীয়া হ’লহেঁতেন। মই পঢ়িব বিচাৰিছিলো, কিন্তু ইমান দূৰলৈ যোৱাৰ বাবে মা-দেউতায়েও মোক অনুমতি নিদিলে,” তেওঁ কয়।

Selvi E. in her half-constructed house in Sembakkam village. She has travelled all over Chengalpattu taluk for more than 25 years, often with Shanthi, to help mentally ill people
PHOTO • M. Palani Kumar

চেম্বাক্কাম গাঁৱৰ নিজৰ অৰ্ধনিৰ্মিত ঘৰত চেলভি ই.। মানসিক ৰোগীক সহায় কৰিবলৈ প্ৰায়ে শান্তিৰ সৈতে চেংগালপট্টু তালুকত ২৫ বছৰতকৈও অধিক সময় তেওঁ ভ্ৰমণ কৰি আহিছে

২৬ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত চেলভি পৰিয়ালৰ একমাত্ৰ জীৱিকা উপাৰ্জনকাৰী হৈ পৰে। ইলেক্ট্ৰিচিয়ান হিচাপে স্বামীৰ উপাৰ্জনত ভৰসা কৰিব পৰা নগৈছিল। গতিকে সামান্য উপাৰ্জনৰে ঘৰৰ খৰচৰ উপৰিও তেওঁ দুই পুত্ৰৰ পঢ়া-শুনাও চাবলগীয়া হৈছিল। ২২ বছৰীয়া তেওঁৰ ডাঙৰ পুত্ৰই ছমাহ পূৰ্বে কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ২০ বছৰীয়া সৰুজন চেংগালপট্টুৰ চৰকাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে।

গাঁৱলৈ গৈ স্কিজ’ফ্ৰেনিয়া ৰোগীক চিকিৎসা বিচাৰিবলৈ প্ৰেৰণা দিয়াৰ আগতে চেলভিয়ে ৰোগীক পৰামৰ্শ দিয়া কাম কৰিছিল। তেওঁ তিনি বছৰ ধৰি ১০ জন ৰোগীৰ বাবে এই কাম কৰিছিল। তেওঁ কয়, “সপ্তাহত এবাৰ তেওঁলোকৰ ওচৰলৈ যাবলগীয়া হৈছিল। “এই চেচনবোৰৰ সময়ত আমি ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে চিকিৎসা, ফল’ আপ, খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে কথা পাতিছিলো।”

প্ৰথম অৱস্থাত চেলভিয়ে সমাজৰ পৰা যথেষ্ট প্ৰতিৰোধৰ সন্মুখীন হৈছিল। তেওঁ কয়, “তেওঁলোকে একেবাৰেই মানি নলৈছিল যে কিবা সমস্যা আছে। “আমি তেওঁলোকক কওঁ যে ই এটা ৰোগ আৰু ইয়াৰ চিকিৎসা কৰিব পাৰি। ৰোগীৰ পৰিয়ালৰ খং উঠিছিল। কিছুমানে চিকিৎসালয়তকৈ ধৰ্মীয় স্থানলৈ ৰোগীজনক লৈ যোৱাটো পছন্দ কৰিছিল। তেওঁলোকক চিকিৎসা শিবিৰলৈ আহিবলৈ পতিয়ন নিয়াবলৈ অধ্যবসায় কৰিবলগীয়া হৈছিল, আৰু কেইবাবাৰো তেওঁলোকৰ ঘৰলৈ যোৱাৰ প্ৰয়োজন হৈছিল। ৰোগীয়ে যাতায়ত কৰাত অসুবিধা পালে চিকিৎসক এজন নিজে তেওঁলোকৰ ঘৰলৈ আহিছিল।”

চেলভিয়ে এই সমস্যাৰ সমাধান নিজে বিচাৰি উলিয়ালে। তেওঁ গাওঁ এখনৰ প্ৰতিঘৰ মানুহৰ তালৈ গৈছিল, ঘূৰি ফুৰিছিল। তেওঁ চাহ দোকানলৈ গৈ – য’ত মানুহ গোট খায় – স্কুলৰ শিক্ষক আৰু পঞ্চায়তৰ নেতাৰ লগত কথা পাতিছিল৷ তেওঁলোকেই এনেকৈ তেওঁৰ যোগাযোগৰ মূল ব্যক্তি হৈ পৰে। চেলভিয়ে স্কিজ’ফ্ৰেনিয়াৰ লক্ষণসমূহ বৰ্ণনা কৰিছিল, চিকিৎসা সেৱাই কেনেদৰে সহায় কৰে সেই বিষয়ে বুজাই দিছিল আৰু তেওঁলোকৰ গাঁৱৰ মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ বিষয়ে তথ্য বিচাৰিছিল। চেলভিয়ে কয়, “কিছুমানে সংকোচ কৰিছিল, কিন্তু দুই এজনে আমাক কৈছিল, বা ৰোগীৰ ঘৰ দেখুৱাই দিছিল। তেওঁ লগতে কয়, “বহুতে সমস্যাটো আচলতে কি হৈছে, সেয়া নাজানে। তেওঁলোকে আমাক কয় যে এজন ব্যক্তিৰ ওপৰত সন্দেহ আছে, বা কিছুমানে দীৰ্ঘদিন ধৰি টোপনি যাব নোৱাৰাৰ কথা কয়।”

সমগোত্ৰীয় বিবাহৰ নিয়ম কঠোৰভাৱে চৰ্চা কৰা পৰিয়ালত ডাঙৰ-দীঘল হোৱা চেলভিয়ে কেইবাটাও সন্তানক বোধশক্তিৰ অক্ষমতাৰ সৈতে জন্ম পোৱা দেখিছে। তেওঁ কয় যে ইয়াৰ ফলত তেওঁ মানসিক ৰোগ আৰু বোধশক্তিৰ অক্ষমতাৰ লক্ষণসমূহৰ মাজত পাৰ্থক্য বিচাৰ কৰিবলৈ সক্ষম হৈছে, যিটো তেওঁৰ কামৰ বাবে প্ৰয়োজনীয় এক গুৰুত্বপূৰ্ণ দক্ষতা।

ঔষধবোৰ ৰোগীৰ ঘৰলৈ গৈ পোৱাটো নিশ্চিত কৰাটো চেলভিৰ অন্যতম গুৰুত্বপূৰ্ণ কাম আছিল। মানসিক বিকাৰগ্ৰস্ত লোকৰ অধিকাংশই ভাৰতত প্ৰায় সম্পূৰ্ণ নিজৰ পৰাই স্বাস্থ্য সেৱা আৰু ঔষধৰ বাবে খৰচ কৰিবলগীয়া হয়। ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত প্ৰদান কৰা সেৱাৰ সুবিধা ল’বলৈ ৪০ শতাংশলৈকে ৰোগীয়ে ১০ কিলোমিটাৰতকৈ অধিক দূৰ বাট যাবলগীয়া হয়। দুৰ্গম গাঁৱৰ লোকসকলে প্ৰায়ে নিয়মিতভাৱে চিকিৎসাৰ সুবিধা লাভ কৰাত অসুবিধা পায়। আন এটা বাধা হ’ল ৰোগীসকলৰ প্ৰতি থকা সামাজিক বিৰূপ দৃষ্টিভংগী, তেওঁলোকে নিজৰ অসুস্থতাৰ লক্ষণসমূহৰ সৈতে যুঁজি সমাজত স্থান লাভ কৰাত অসমৰ্থ।

Selvi with a 28-year-old schizophrenia patient in Sembakkam whom she had counselled for treatment. Due to fear of ostracisation, this patient’s family had refused to continue medical care for her.
PHOTO • M. Palani Kumar
Another patient whom Selvi helped
PHOTO • M. Palani Kumar

বাওঁফালে: চেলভিৰ সৈতে চেম্বাকামৰ এগৰাকী ২৮ বছৰীয়া স্কিজ’ফ্ৰেনিয়া ৰোগী, যাক তেওঁ চিকিৎসাৰ বাবে পৰামৰ্শ দিছিল। এঘৰীয়া হোৱাৰ ভয়ত এই ৰোগীগৰাকীৰ পৰিয়ালে তেওঁৰ চিকিৎসা সেৱা আগবঢ়াই নিবলৈ অস্বীকাৰ কৰিছিল। সোঁফালে: চেলভিয়ে সহায় কৰা আন এজন ৰোগী

চেলভিয়ে কয়, “আজিকালি টিভি চোৱাৰ বাবে মানুহৰ চিন্তাৰ কিছু উন্নতি ঘটিছে। মানুহে ইমান ভয় নকৰা হৈছে। ৰক্তচাপ, মধুমেহৰ চিকিৎসা কৰাটো সহজ হৈ পৰিছে।” তেওঁ লগতে কয়, “ইয়াৰ পিছতো আমি যেতিয়া মানসিক ৰোগত আক্ৰান্তসকলৰ পৰিয়ালৰ ওচৰলৈ সহায়ৰ হাত আগবঢ়াওঁ, তেতিয়া তেওঁলোকে খং কৰে, আমাৰ লগত যুঁজিবলৈ আহে, কয় ‘আপুনি ইয়ালৈ কিয় আহিছে...কোনে কৈছিল যে ইয়াত এজন পগলা মানুহ আছে?”

*****

মানসিক স্বাস্থ্যৰ যত্নৰ সন্দৰ্ভত গ্ৰামাঞ্চলত থকা ভুল ধাৰণা সন্দৰ্ভত চেংগলপট্টু তালুকৰ মনমথী গাঁৱৰ ৪৪ বছৰীয়া সামূহিক স্বাস্থ্যকৰ্মী ডি লিলি পুষ্পম চেলভিৰ সৈতে একমত। তেওঁ কয়, “সমাজত অতিশয় সন্দেহ বিয়পি আছে। কিছুমানে ভাবে যে মনোৰোগ বিশেষজ্ঞই ৰোগীক অপহৰণ কৰি অত্যাচাৰ কৰিব। চিকিৎসাৰ বাবে আহিলেও তেওঁলোক ভীতিগ্ৰস্ত হৈ থাকে,” লিলিয়ে কয়। “আমি তেওঁলোকক আমাৰ পৰিচয় পত্ৰ দেখুৱাও। বুজাই দিওঁ যে আমি এখন চিকিৎসালয়ৰ পৰা আহিছো। কিন্তু তাৰ পাছতো সন্দেহৰ দৃষ্টিৰে আমাৰ ফালে চাই থাকে। আমি বহুত কষ্ট কৰিবলগীয়া হয়।”

লিলি ডাঙৰ-দীঘল হৈছিল মনমথিৰ দলিত বস্তিত। এই কাৰণতে তেওঁ পথাৰত সন্মুখীন হোৱা বৈষম্যমূলক ব্যৱহাৰৰ প্ৰতি সচেতন। তেওঁৰ জাতৰ কাৰণে কেতিয়াবা তেওঁ কঠিন পৰিস্থিতিত পৰে। গতিকে তেওঁক ঘৰ ক’ত বুলি সুধিলে তেওঁ সঠিক স্থান নকয়। “মই যদি কওঁ, আৰু তেওঁলোকে যদি মোৰ জাত কি চিনি পায়, তেতিয়া তেওঁলোকে মোক বেলেগ আচৰণ কৰিব বুলি ভয় লাগে,” তেওঁ কয়। যদিও লিলি এগৰাকী দলিত খ্ৰীষ্টান, তেওঁ নিজকে কেৱল খ্ৰীষ্টান বুলিহে চিনাকি দিয়ে।

সামূহিক স্বাস্থ্যকৰ্মীসকলে কেনে আচৰণ লাভ কৰিব, সেয়া গাওঁভেদে ভিন্ন বুলি লিলিয়ে ব্যাখ্যা কৰে। “কিছুমান ঠাইত ধনী, উচ্চ জাতিৰ লোকে বাস কৰে, তেওঁলোকে আমাক পানী খাবলৈও নিদিয়ে,” তেওঁ কয়। “কেতিয়াবা আমি ইমানেই ভাগৰি পৰো যে মাত্ৰ কোনো এঠাইত বহি কিবা এটা খাব লাগে, কিন্তু তেওঁলোকে আমাক নিদিয়ে। আমাৰ বেয়া লাগে, খুবেই  বেয়া লাগে। তেতিয়া আমি বহি খাবলৈ ঠাই বিচাৰি কমেও ৩ বা ৪ কিলোমিটাৰ খোজ কাঢ়িবলগীয়া হয়। কিন্তু আন কিছুমান ঠাইত আকৌ তেওঁলোকে আমাক পানী খাবলৈ দিয়ে আৰু আনকি দুপৰীয়াৰ আহাৰ খাবলৈ বহিলে কিবা লাগে নেকি বুলিও সুধি পাইছে।”

লিলিক মাত্ৰ ১২ বছৰ বয়সতে জেঠীয়েকৰ ল’ৰালৈ বিয়া দিয়া হয়। ল’ৰাজন তেওঁতকৈ ১৬ বছৰ ডাঙৰ আছিল। তেওঁ কয়, “আমি চাৰিগৰাকী ছোৱালী আৰু মই ডাঙৰ। পৰিয়ালটোৰ ৩ চেণ্ট মাটি আছিল, য’ত তেওঁলোকে কেঁচা ঘৰ এটা সাজিছিল। “মোৰ দেউতাইও বিচাৰিছিল যে এজন মানুহে তেওঁৰ সম্পত্তিৰ যত্ন ল’ব আৰু তেওঁক খেতি কৰাত সহায় কৰিব। গতিকে তেওঁ মোক ডাঙৰ ভনীয়েকৰ ল’ৰাটোৰ লগত বিয়া পাতি দিলে।” বিয়াখন সুখৰ নাছিল৷ তেওঁৰ স্বামী বিশ্বাসী নাছিল আৰু মাহৰ পিছত মাহ ধৰি তেওঁৰ ওচৰলৈ নাহিল। আৰু আহিলে তেওঁক মাৰপিট কৰিছিল। ২০১৪ চনত বৃক্কৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ ১৮ আৰু ১৪ বছৰীয়া দুটা সন্তানৰ যত্ন ল’বলগীয়া হয়।

২০০৬ চনত স্কাৰ্ফ-য়ে তেওঁক সামূহিক স্বাস্থ্যকৰ্মীৰ চাকৰিৰ প্ৰস্তাৱ নিদিয়ালৈকে লিলিয়ে চিলাইৰ কাম কৰিছিল। তেওঁ সপ্তাহত ৪৫০-৫০০ টকা উপাৰ্জন কৰিছিল, কিন্তু সেয়া নিৰ্ভৰ কৰিছিল গ্ৰাহকৰ ওপৰত। তেওঁ কয় যে দৰমহা বেছি হোৱাৰ বাবেই তেওঁ স্বাস্থ্যকৰ্মীৰ পেচা বাছি লৈছিল। কিন্তু ক’ভিড-১৯ৰ প্ৰভাৱ তেওঁৰ মাহিলী আয় ১০ হাজাৰ টকাৰ ওপৰত পৰিল। মহামাৰীৰ আগতে তেওঁ বাছ ভাড়া আৰু ফোনৰ নামত হোৱা খৰচ ঘূৰাই পাইছিল। “কিন্তু ক’ৰোনাৰ বাবে দুবছৰ ধৰি মই মোৰ ফোন বিল আৰু যাতায়তৰ খৰচ সেই ১০ হাজাৰৰ পৰা দিবলগীয়া হৈছিল। বৰ কষ্টকৰ আছিল,’ তেওঁ কয়।

Lili Pushpam in her rented house in the Dalit colony in Manamathy village. A health worker, she says it is a difficult task to allay misconceptions about mental health care in rural areas. Lili is herself struggling to get the widow pension she is entitled to receive
PHOTO • M. Palani Kumar

মনমথী গাঁৱৰ দলিত চুবুৰীত থকা ভাড়াঘৰত লিলি পুষ্পম। এগৰাকী স্বাস্থ্যকৰ্মী হিচাপে তেওঁ কয় যে গ্ৰামাঞ্চলত মানসিক স্বাস্থ্যসেৱাৰ বিষয়ে ভুল ধাৰণা দূৰ কৰাটো এটা কঠিন কাম। লিলিয়ে নিজেই বিধৱা পেঞ্চন লাভ কৰিবলৈ যুঁজি থাকিবলগীয়া হৈছে

এতিয়া যিহেতু এনএমএইচপিৰ অধীনত স্কাৰ্ফৰ সামূহিক প্ৰকল্পৰ কাম শেষ হৈছে, সেয়েহে ডিমেনচিয়া ৰোগীৰ ওপৰত সংস্থাটোৰ প্ৰকল্পৰ বাবে লিলিক লোৱা হৈছে। মাৰ্চ মাহত কাম আৰম্ভ হৈছিল, আৰু তেওঁ সপ্তাহত এবাৰ যায়। কিন্তু, স্কিজ’ফ্ৰেনিয়া ৰোগীসকলে যাতে চিকিৎসা লাভ কৰি থাকে, তাৰ বাবে তেওঁ তেওঁলোকক চেংগালপট্টু, কোভালাম আৰু চেম্বাকমৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা কাম অব্যাহত ৰাখিছে।

সামূহিক স্বাস্থ্য পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শান্তি, চেলভি আৰু লিলিৰ দৰে মহিলাই ৪-৫ বছৰৰ চুক্তিত কাম কৰিবলৈ বাধ্য হয়। স্কাৰ্ফৰ দৰে বেচৰকাৰী সংস্থাই টাৰ্ম ভিত্তিক প্ৰকল্পৰ বাবে লাভ কৰা ধনৰ ভিত্তিত তেওঁলোকৰ দৰে শ্ৰমিকক নিয়োগ কৰিব পাৰে। স্কাৰ্ফ-ৰ পদ্মাৱতীয়ে কয় যে, “ৰাজ্যিক পৰ্যায়ত এটা ব্যৱস্থা গ্ৰহণৰ বাবে আমি চৰকাৰৰ সৈতে কথা পাতি আছো।”

ভাৰতত মানসিক স্বাস্থ্যৰ শিতানত বাজেটৰ আবণ্টন ইমান কম নহ’লে কথাবোৰ হয়তো বেলেগ হ’লহেঁতেন। ২০২৩-২৪ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মানসিক স্বাস্থ্যৰ বাজেট ৯১৯ কোটি টকা – কেন্দ্ৰীয় চৰকাৰৰ মুঠ স্বাস্থ্য বাজেটৰ মাত্ৰ ১ শতাংশ। তাৰে বৃহৎ অংশ এটা, ৭২১ কোটি টকা ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠান, বাংগালুৰুৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। বাকীখিনি লোকপ্ৰিয় গোপীনাথ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান, তেজপুৰ (৬৪ কোটি) আৰু ৰাষ্ট্ৰীয় টেলি-মানসিক স্বাস্থ্য কাৰ্যসূচী (১৩৪ কোটি টকা) নামত যায়। ইয়াৰ উপৰিও আন্তঃগাঁথনি আৰু কৰ্মচাৰী উন্নয়নৰ ওপৰত চকু ৰখা মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীক এই বছৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ‘তৃতীয় পৰ্যায়ৰ কাৰ্য্যকলাপ’ৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে, তৃতীয় পৰ্যায়ৰ মানসিক যত্নৰ বাবে আবণ্টন নিৰ্ধাৰণ কৰিব নোৱাৰি।

ইফালে, মনমথিত লিলি পুষ্পমে এতিয়াও সামাজিক সুৰক্ষাৰ সুবিধা লাভৰ বাবে সংগ্ৰাম কৰি আছে যিটো পোৱাটো তেওঁৰ অধিকাৰ। ‘বিধৱা পেঞ্চনৰ বাবে আবেদন কৰিবলগীয়া হ’লে ঘোচ দিব লাগিব। তেনেকৈ দিবলৈ বুলি মোৰ হাতত ১,০০০ কি ৫০০ টকাও নাই,’ মহিলাগৰাকীয়ে কয়। ‘মই বেজী দিব পাৰো, টেবলেট দিব পাৰো আৰু ৰোগীৰ সৈতে কাউন্সেলিং আৰু ফ’ল’ আপ কৰিব পাৰো। কিন্তু এই অভিজ্ঞতাক স্কাৰ্ফৰ বাহিৰে ক’তো কামত অহা কৌশল বুলি গণ্য কৰা নহয়। মোৰ জীৱনৰ প্ৰতিটো দিন চকুলোৰে ভৰা। মোক সহায় কৰিবলৈ কোনো নাই বাবে দুখ লাগে।”

বেটুপাতৰ ফটো: যুৱতী অৱস্থাত শান্তি চেখা

অনুবাদ: পংকজ দাস

S. Senthalir

S. Senthalir is Senior Editor at People's Archive of Rural India and a 2020 PARI Fellow. She reports on the intersection of gender, caste and labour. Senthalir is a 2023 fellow of the Chevening South Asia Journalism Programme at University of Westminster.

Other stories by S. Senthalir
Photographs : M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Editor : Vinutha Mallya

Vinutha Mallya is a journalist and editor. She was formerly Editorial Chief at People's Archive of Rural India.

Other stories by Vinutha Mallya
Photo Editor : Riya Behl

Riya Behl is a multimedia journalist writing on gender and education. A former Senior Assistant Editor at People’s Archive of Rural India (PARI), Riya also worked closely with students and educators to bring PARI into the classroom.

Other stories by Riya Behl
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das