নৱেম্বৰৰ তিনিটা দিনৰ বাবে অসমৰ মাজুলী নদীদ্বীপৰ গড়মূৰ বজাৰখন ৰংচঙীয়া লাইট আৰু মাটিৰ চাকিৰ পোহৰেৰে উজলি উঠে। শীতকালৰ আগমন ঘটাৰ ঠিক আগৰ দিনকেইটাত সন্ধ্যা নামিলেই গড়মূৰৰ বিভিন্ন স্থানত মাইকৰ পৰা খোল-তালৰ শব্দ ভাঁহি আহে।
এয়াই ৰাস মহোৎসৱ আৰম্ভণি।
এই উৎসৱ আৰম্ভ হয় অসমীয়াৰ কাতি-আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখনৰ পৰা। ইংৰাজী কেলেণ্ডাৰৰ অক্টোবৰ-নৱেম্বৰ মাহত উদযাপিত এই তিনিদিনীয়া উৎসৱত ভাগ ল’বলৈ প্ৰতিবছৰে দ্বীপটোলৈ ভক্ত আৰু পৰ্য্যটকৰ সোঁত বয়।
“ৰাস নাথাকিলে আমি সাংঘাতিক কিবা এটা হেৰুওৱা যেন অনুভৱ কৰিম। এয়া (ৰাস মহোৎসৱ) আমাৰ সংস্কৃতি,” বৰুণ চিতাদাৰ চুক গাঁৱৰ ৰাস আয়োজক সমিতিৰ সম্পাদক ৰাজা পায়েঙে কয়। “মানুহে বৰ আগ্ৰহেৰে গোটেই বছৰটো এই উৎসৱলৈ বাট চায়,” তেওঁ লগতে কয়।
শ শ লোকে ভালৰো ভালযোৰ কাপোৰ এসাজ পিন্ধি সাজি-কাচি গড়মূৰ সত্ৰৰ সমীপত গোট খাইছে - এই সত্ৰখন অসমৰ আন আন সত্ৰৰ দৰে নৱবৈষ্ণৱ ধৰ্মৰ উপাসনাস্থলী।
ৰাস মহোৎসৱ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ নৃত্যোৎসৱ; তেৰাৰ জীৱনটো নৃত্য-গীত আৰু নাটৰ যোগেদি কৰা উদযাপন। এই উৎসৱত এদিনতে প্ৰায় ১০০ৰো অধিক চৰিত্ৰ ৰূপায়ণ কৰা হয়।
এই ৰাসত শ্ৰীকৃষ্ণই শৈশৱত বৃন্দাবনত উমলি-জামলি থকাৰ মাজতে লীলা দেখুওৱাৰ পৰা আৰম্ভ কৰি গোপিনীবোৰৰ লগত ৰাসলীলা কৰালৈকে মঞ্চস্থ কৰা হয়। ইয়াৰে কিছুমান নাট শংকৰদেৱ বিৰচিত অংকীয়া নাট ‘কেলি গোপাল’ আৰু তেৰাৰ শিষ্য মাধৱদেৱ বিৰচিত বুলি কোৱা ‘ৰাস ঝুমুৰা’ৰে ভিন্নৰূপ।
গড়মূৰ মহোৎসৱত বিষ্ণু দেৱতাৰ ভাও লোৱা মুক্তা দত্তই কয় যে চৰিত্ৰ ৰূপায়ণৰ দায়িত্ব মূৰপাতি লোৱাৰ পিছত কেতবোৰ ৰীতি অনুসৰণ কৰিব লাগে: “চৰিত্ৰ ৰূপায়ণৰ ভাৰ লোৱাৰ দিনা যিয়ে কৃষ্ণ, নাৰায়ন বা বিষ্ণুৰ ভূমিকা পায়, তেওঁলোকে সেইকেইদিন কেৱল নিৰামিষ ভোজন কৰিব লাগে। ৰাসৰ প্ৰথমদিনা আমি ব্ৰত ৰাখো। ৰাস পৰিৱেশন সামৰিহে আমি ব্ৰত ভাঙো।”
অসমৰ মাজেৰে প্ৰায় ৬৪০ কিলোমিটাৰ বৈ যোৱা ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত মাজুলী এক বৃহৎ নদীদ্বীপ। এই মাজুলীত থকা সত্ৰসমূহ অসমৰ একশৰণ নামধৰ্মৰ প্ৰাণকেন্দ্ৰ হোৱাৰ উপৰিও কলা-সংস্কৃতিৰো কেন্দ্ৰ। সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৫ শতিকাত স্থাপন কৰা এই সত্ৰসমূহে অসমত একশৰণ নামধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
এসময়ত ৬৫ খন সত্ৰ থকা মাজুলীত এতিয়া ২২ খন সত্ৰহে আছেগৈ। বিশ্বৰ অন্যতম বৃহৎ নদীব্যৱস্থা ব্ৰহ্মপুত্ৰৰ সঘন গৰাখহনীয়াৰ কবলত পৰি বাকীকেইখন সত্ৰ পানীত জাহ গ’ল। গ্ৰীষ্মকালত হিমালয় পৰ্বতমালাৰ পৰা নামি অহা বৰফগলা পানীয়ে নদীখনত প্ৰৱল সোঁতৰ সৃষ্টি কৰে। তাৰোপৰি বাৰিষাৰ দিনকেইটাত হোৱা মূষলধাৰ বৰষুণে মাজুলীত গৰাখহনীয়াৰ বাবে এক অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰে।
এই সত্ৰসমূহতে ৰাস মহোৎসৱ আয়োজন কৰা হয়। তাৰোপৰি দ্বীপটোৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে সামূহিকভাৱে সভাগৃহ, মুকলিতে পতা অস্থায়ী মঞ্চ আনকি স্কুলৰ প্ৰেক্ষাগৃহ আৰু ময়দানতো এই উৎসৱ আয়োজন কৰে।
গড়মূৰ সৰু সত্ৰত মহিলাসকলেও ৰাস পৰিৱেশনত অংশগ্ৰহণ কৰে যদিও উত্তৰ কমলাবাৰী সত্ৰত এই নিয়ম নাই। এইখন সত্ৰত ধৰ্ম-সংস্কৃতিৰ দীক্ষা লাভ কৰা কেৱল কেৱলীয়া ভকতসকলেহে ৰাস পৰিৱেশন কৰে। এই ৰাস সকলোৰে বাবে মুকলি।
গড়মূৰ সৰু সত্ৰত ৰাস মহোৎসৱ উদযাপনৰ অন্যতম বাটকটীয়া হৈছে ৮২ বছৰীয়া ইন্দ্ৰনীল দত্ত। তেখেতে সোঁৱৰে, কেনেকৈ ১৯৫০ত সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে কেৱল পুৰুষে অভিনয় কৰাৰ নিয়ম সলনি কৰি মহিলাকো ৰাস পৰিৱেশনত অংশগ্ৰহণৰ সুবিধা কৰি দিছিল।
“পীতাম্বৰ দেৱে নামঘৰৰ বাহিৰত নাট পৰিৱেশনৰ বাবে মঞ্চ পাতিছিল। নামঘৰটো উপাসনা থলী হোৱা হেতুকে আমি মঞ্চখন বাহিৰত আনি পাতিছিলো,” তেখেতে মনত পেলায়।
আজিও এই পৰম্পৰা চলি আছে। মাজুলীৰ ৬০ৰো অধিক মহোৎসৱ স্থলীৰ মাজৰে এখন এই গড়মূৰ। প্ৰদৰ্শনীৰ বাবে টিকট দিয়া হয় আৰু প্ৰেক্ষাগৃহত পৰিৱেশন কৰা হয়। তাত প্ৰায় হাজাৰজন দৰ্শক বহিব পৰা সুবিধা আছে।
মঞ্চত উপস্থাপিত নাটসমূহ শংকৰদেৱ আৰু বৈষ্ণৱ পৰম্পৰাৰ অনুগামী অভিজ্ঞ শিল্পীসকলে ৰচনা কৰা নাটসমূহৰ ন ৰূপ। “নাট লিখিলে মই তাত লোকসংস্কৃতিৰ উপাদানৰ সমাহাৰ ঘটোৱাৰ চেষ্টা কৰোঁ। আমি জাতিও জীয়াই ৰাখিব লাগিব আৰু সংস্কৃতিও জীয়াই ৰাখিব লাগিব,” ইন্দ্ৰনীল দত্তই কয়।
“মূল আখৰা আৰম্ভ হয় দেৱালীৰ পিছদিনাৰ পৰা,” মুক্তা দত্তই কয়। ভাৱৰীয়াসকলে সাজু হ’বলৈ কেৱল দুসপ্তাহ সময় পায়। “ভাও লোৱা লোকসকল বেলেগ বেলেগ ঠাইত থাকে, সেয়ে ভাও লোৱাৰ বাবে তেওঁলোকক একগোট কৰাটো বৰ টান হৈ পৰে,” এগৰাকী এমেচাৰ অভিনেতা হোৱাৰ উপৰিও দত্তই গড়মূৰ সংস্কৃত টোলত ইংৰাজী পঢ়ায়।
কলেজ-ইউনিভাৰ্চিটিৰ পৰীক্ষাবোৰ ৰাস মহোৎসৱৰ সময়তে পৰে। “তথাপি এদিনৰ বাবে হ’লেও তেওঁলোক আহে, ৰাসত অভিনয় কৰি পিছদিনা পৰীক্ষা দিবলৈ গুছি যায়,” মুক্তাই কয়।
উৎসৱ উদযাপনৰ খৰছ দিনে দিনে বাঢ়ি গৈছে। ২০২২ত গড়মূৰৰ সৰুসত্ৰত উৎসৱৰ আয়োজনত প্ৰায় ৪ লাখ টকা খৰছ হৈছিল। মুক্তাই কয়, “টেকনিচিয়ানসকলক পাৰিশ্ৰমিক দিয়া হয়। ভাৱৰীয়াসকল স্বেচ্ছাই আহে। প্ৰায় ১০০ৰ পৰা ১৫০ মানুহৰ আটাইখিনিয়ে কোনো মাননি নোলোৱাকৈ ভাও লয়।”
বৰুণ চিতাদাৰ চুকৰ অনুসূচিত জনজাতিৰ মিচিং লোকসকলে স্থানীয় স্কুল এখনত এই ৰাস মহোৎসৱ পাতে। বিগত কেইবছৰমান ধৰি মাজুলীৰ পৰা হোৱা অত্যধিক প্ৰব্ৰজন আৰু ডেকাচামৰ আগ্ৰহৰ অভাৱত ভাৱৰীয়াৰ সংখ্যা কমিছে। তথাপি তেওঁলোকে এই পৰম্পৰা অব্যাহত ৰাখিছে। “ৰাস আয়োজন নকৰিলে গাওঁখনত যেন কিবা অমংগল ঘটিব, এয়া গাঁৱৰ মানুহখিনিৰ বিশ্বাস,” ৰাজা পায়েঙে কয়।
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেচন চমুকৈ এম . এম . এফ . ৰ পৰা প্ৰাপ্ত ফেল ’ শ্বিপৰ অধীনত কৰা হৈছে ।
অনুবাদ: পংকজ দাস