তেওঁ এজন চিকাৰী, খেতিয়ক, বাস্কেট নির্মাতা তথা স্থানীয় পৰিষদৰ মুৰব্বীও। মাকো লিংগিয়ে কথাবোৰ বঢ়াই কোৱা নাই।| অৰুণাচল প্ৰদেশৰ ইদু মিচিমি জনজাতিৰ এই ব্যক্তিগৰাকীৰ সেয়াই দৈনন্দিন জীৱন, তেনেকৈয়ে জীয়াই আছে।

তেওঁৰ প্ৰজন্মৰ আন লোকসকলৰ দৰে তেৱো ভাৰতৰ একেবাৰে পূর্বদিশত অৱস্থিত অৰুণাচল প্ৰদেশৰ অতি দুর্গম অঞ্চল এটাত জীয়াই থাকিবলৈ বহুতো কামত দক্ষতা অর্জন কৰিব লগা হৈছিল।

গাঁৱত আমি একো বস্তু ক্ৰয় নকৰিছিলো। তেনে ব্যৱস্থাও নাছিল। প্ৰয়োজনীয় সকলো বস্তু নিজে উত্পাদন কৰি লব লগা হৈছিল। আমি খেতি কৰিছিলো, চিকাৰ কৰিছিলো আৰু বিভিন্ন বস্তু তৈয়াৰ কৰিছিলো। বর্তমাণ ৬০ ৰ উর্দ্ধ লিংগিয়ে কলে। কথা কোৱাৰ সময়তো তেওঁ হাতেৰে এটা নতুন বাস্কেটৰ কাম কৰি আছিল।

সমগ্র অৰুণাচল প্ৰদেশতে ইদু মিচিমি জনজাতিৰ লোক বিয়পি আছে। ক'ৰবাত দুটা বা তিনিটা পৰিয়ালৰ একোটা চুবুৰীতে বাস কৰে। আনিনি ৰাজহ চক্ৰৰ ওচৰৰ ডিবাং উপত্যকাত থকা গাওঁ আহুনলিত লিংগিয়ে বাস কৰে, গাওঁখনৰ মুঠ বাসিন্দাৰ সংখ্যা ১১ জন।

He points out where his fingers have marks from his years of weaving
PHOTO • Sweta Daga
Lingi using his dao to slice the bamboo
PHOTO • Sweta Daga

বাওফালেঃ মাকো লিংগিয়ে বছৰ বছৰ জুৰি বাঁহ-বেতৰ কাম কৰাৰ ফলত আঙুলিত হোৱা দাগবোৰ দেখুৱাইছে। সোফালেঃ বাস্কেট তৈয়াৰ কৰাৰ আগেয়ে তেঁও বাঁহবোৰ দাখনেৰে কাটি দৈ (বাঁহৰ চেপেটা পাত) তুলি লয়

তেওঁ বাঁহ-বেতৰ নানান বস্তু তৈয়াৰ কৰিব জানে। ইয়াৰ বাবে  হাত-ভৰি আৰু দা খনেই একমাত্র সম্বল। আন সজুঁলিৰ প্ৰয়োজন নাই। ইদু জনজাতিৰ লোকে ভিন ভিন ধৰণৰ বাস্কেট ব্যৱহাৰ কৰে।  লিংগিয়ে কয়। খোৱা বস্তু ভৰাবলৈ বা লৈ যাবলৈ, খৰি কঢ়িয়াবলৈ বা চিকাৰৰ সময়ত ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰতিটো প্ৰস্তুত শৈলী নির্দিষ্ট আৰু সুকীয়া। এই বস্তুবোৰ তৈয়াৰ কৰোতে প্ৰতিটোৰ বাবে বেলেগ বেলেগ বাঁহ-বেত ব্যৱহাৰ কৰো। জংঘললৈ গৈ বাঁহ-বেত কাটি ঘৰলৈ আনে। সেইবোৰ সৰু সৰুকৈ ফালি-ফঁহিয়াই বাস্কেট তৈয়াৰ কৰ। কিছুমান কেইঘন্টামানতে তৈয়াৰ কৰিব পাৰি, কিছুমান বনাবলৈ কেইবাদিনো লাগে আৰু কিছুমানৰ বাবে কেইবা সপ্তাহ সময়ৰ প্ৰযোজন হয় বুলি লিংগিয়ে কয়।

গাওঁখনত থকা প্ৰতিজন ইদু বাস্কেট তৈয়াৰ কৰা কাষত জড়িত হয়। তদুপৰি তেওঁলোকে মজিয়াত পাৰিবলৈ ঢাৰি তৈয়াৰ কৰে। ইয়াৰ উপৰিও বাঁহ-বেতেৰে টুপী, ধনু-কাঁড় আৰু প্ৰয়োজনীয় সকলো বস্তু তৈয়াৰ কৰি লয়। ৰয়িঙত থকা জমিন্দ টায়েন্দ চৰকাৰী আদর্শ স্নাতক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা নিজেও এজন ইদু মিছিমি ড. ৰাজীৱ মিছোৱে এই কথা কয়। ইদু মিচিমিসকলৰ ওপৰত অধিক  গুৰুত্ব দি অৰুণাচল প্ৰদেশৰ নৃগোষ্ঠীয় ঐতিহাসিক দিশক আলোকিত কৰি তেঁও পি এইচ ডি লাভ কৰিছিল। কেৱল ব্যৱহাৰ কৰাৰ লক্ষ্য আগত ৰাখি বস্তুবোৰ তৈয়াৰ কৰা হয়- কিছুমান ঘৰত ব্যৱহাৰ কৰাৰ কাৰণে আৰু কিছুমান বস্তু বিনিময় কৰাৰ বাবে। জনজাতিটোৰ কিছুমান সদস্যই বংশানুক্ৰমিক জ্ঞান-দক্ষতা ৰক্ষা কৰি আহিছে। তেওঁলোকৰ বিশেষ জ্ঞান কামত ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে ঘৰ নির্মানৰ বাবে জোখ- মাপবোৰ তেওঁলোকে কৰে। এই কামৰ বাবে তেওঁলোকক একো দিব নালাগে। এইয়া সম্পূর্ণ স্বেচ্ছামূলক।

He measures each strip of bamboo
PHOTO • Sweta Daga
Lingi’s nimble fingers make his weave tight and strong
PHOTO • Sweta Daga

বাঁহৰ প্ৰতিডাল দৈ প্ৰথমতে বাহুৰে জোখ কৰি লোৱা হয় (বাওফালে)। লিংগিৰ পাকৈত হাতত পৰি সেইবোৰ নিৰহ-নিপানি আৰু মজবুত হৈ উঠে

পাৰিপর্শ্বিকতাৰ সৈতে ইদু মিছিমিসকলৰ নিবিড় সম্পর্ক আছে, আকৌ চিকাৰ কৰাৰ পিচত অনুশোচনা প্ৰকাশ কৰাৰ প্ৰথা দুর্বোধ্য। প্ৰতিকুল, দুর্গম অঞ্চলৰ জীৱন-যাত্রাৰ লগত তেওঁলোকৰ উত্সৱ আৰু আচাৰ-আচৰণ খাপ খুৱাই গঢ লৈ উঠিছে। কেনে ধৰণৰ জন্তু চিকাৰ কৰিব, নির্মাণ কৰিবলৈ লোৱা ঘৰটো কেনেধৰণৰ হব বা কেনেধৰণৰ বাঁহ ব্যৱহাৰ কৰিব সেইবোৰ নিজৰ অভিজ্ঞতাৰে ঠিৰাং কৰি আহিছে। ইয়াৰ জড়িয়তে তেওঁলোকৰ সামূহিক ধ্যান-ধাৰণাও সবল হয়। ইদু সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক সম্পর্ক অতি গুৰুত্বপূর্ণ দিশ। আমি ইজনে সিজনৰ লগত যিকোনো ধৰণেৰে সম্পর্কিত আৰু আমি সকলোৱে মিলি কাম কৰিবলৈ ভাল পাওঁ। লিংগিয়ে কয়। পুলিচ আহিবলগীয়া কোনো কামেই আমি নকৰো, আমাক কেতিয়াও পুলিচৰ দর্কাৰ নহয় বুলি লিংগিয়ে দোহাৰেঁ।

এজন সন্মানীয় জ্যেষ্ঠ হিচাপে আনসকলে তেওঁক নাবা (পিতৃ) বুলি কয়। তেওঁ ১০ বছৰৰ বাবে গাওঁ পঞ্চায়ত (স্থানীয় চৰকাৰ) ৰ সদস্য আছিল। ১৯৯৩ ত তেওঁৰ জিলা পৰিষদৰ অঞ্চল সমিতি (জিলা পর্য়য়ৰ প্ৰশাসনিক সমিতি) ৰ কাৰ্যকাল আৰম্ভ হয়। আমাৰ মানুহখিনিক সহায় কৰাৰ বাবে কাম কৰিব বিচৰিছিলো। আহুনলি গাৱঁৰ কৰিবপৰা সকলো কাম কৰিছিলো আৰু ওচৰৰ গাৱঁৰ বাবেও কাম কৰিছিলো, কিন্তু ভাল বাট-পথ বা বিদ্যালয় নির্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে আমাক প্ৰকৃত ক্ষমতা আৰু পূঁজি দিয়া নাছিল। মোৰ গোটেই কাৰ্যকালত ১ লাখ টকাৰহে পুঁজি আবন্টিত হৈছিল। সেই টকাৰে কি কাম কৰিম। আমাৰ নিজৰ কাৰণে আমিয়েই ভালকৈ পথ তৈয়াৰ কৰিব পাৰো। তেওঁ অলপ মূৰ জোকাৰি পুনৰ কয়, আমি বিদ্যালয় গৃহ এটা নিজেই তৈয়াৰ কৰিছিলো, কিন্তু ভূমিস্খলনত ভঙি গল।

আজিৰ তাৰিখত এই কাম মানুহে শিকিব লাগে, কিয়নো এয়া এক শিল্পকলা। লিংগিয়ে অন্য এক ধাৰণা তুলি ধৰিছে। "কেৱল কলাই নহয়, এয়া একপ্ৰকাৰৰ জীৱনেই।"

প্ৰশাসনীয় দায়িত্বৰ মাজত লিংগিয়ে ধান, গোমধান, মাহ আদিৰ খেতিৰ কামো নিজৰ মাটিত কৰি য়ায়| পাহাৰীয়া খলা-বমা ৰঙ্ম-ৰপ্ত একৰ মান মাটিত তেওঁ খেতি কৰে| তাৰ মাজতে চিকাৰ কৰে| জ্ঞ্রায় এক দশক মানৰ পূর্বে তেওঁ কথামপি বাঘৰ মূখৰ পৰা সাৰি আহিছিল| তেওঁ আগৰ কথাবোৰ মনত পেলালে, বাঘ এটাই মোৰ ভতিজা এটা আৰু  আন এটা  পৰিয়ালৰ সদস্যক আক্ৰমন কৰাৰ পিচত জংঘললৈ গৈ বাঘটোক উলিয়াই আনিবলৈ মোক কলে সোধাৰনতে ইয়াত খুব বেচিকৈ বাঘ নাথাকে) | মই য়েতিয়া জংঘল সোমালো, সেই বাঘটোৱে মোক থপিয়ালে, মোক আচুৰিলেও, কিন্তু মই তাক গুয়ালো আৰু মাৰিবলৈ স্রম হলেো-মই সাংঘাটিক ভয় খাইছিলো|

তেওঁ বনাই থকা বাস্কেটটোৰ আধাখিনি হৈছিল যদিও এইটো খুলি পেলাই নতুনকৈ আৰম্ভ কৰিবলৈ ঠিক কৰিলে। তেওঁ কলে, এইটো বলো সঁচা, কিন্তু আটিল নাই হোৱা, সোনকালে ভাঙি যাব। অলপ হাঁহিলে। তাৰপিছত চিন্তাক্লিষ্ট হৈ কলে, মই গোটেই সময়খিনি আনৰ বাবে দিলো, ফল স্বৰূপে মোৰ লোকচান হল। সিহঁতে ধন ঘটিবলৈ ইয়াত সময় খৰচ কৰিছে। প্ৰত্যেকৰে টকা আছে, কিন্তু মোৰ নাই।

4.	Mako Lingi’s grandson plays in his grandfather’s creations
PHOTO • Sweta Daga
Three generations of Lingi men
PHOTO • Sweta Daga

বাওফালেঃ লিংগিৰ সৰু নাতিলৰাই ককাকৰ লগত খেলিছে। সোফালেঃ মাকো লিংগিৰ পুতেকৰ ঘৰত ৰয়িং টাউনত তিনিটা প্ৰজন্ম

টকাৰ বাসনা বা প্ৰয়োজনে বহুতো ইদু মিচিমিক তেওঁলোকৰ খেতিপথাৰ অথবা গাৱঁৰপৰা অপসাৰিত হবলৈ বাধ্য কৰাইছে। চৰকাৰী বা আন চাকৰি পোৱা বিদ্যা আহৰণে বাঁহ-বেতৰ নানান বস্তু তৈয়াৰ কৰাৰ পুৰণি পৰম্পৰাগত দক্ষতাৰ পৰা আতঁৰাই আনিছে। বহুতো লোক গাঁৱৰ পৰা ওলাই গৈছে, আনকি অৰুণাচলৰ বাহিৰতো কামৰ সন্ধান কৰিছে। ৰাজ্যখনৰ দুর্গম গাওঁবোৰত বহুতো বাট পথ আৰু দলং নির্মাণ কৰি যাতায়ত সুগম কৰা হৈছে, সাংস্কৃতিক পৰিৱর্তনো আহিছে।

সময় বাগৰাৰ লগে লগে ইদু মিচিমিসকলৰ জনসংখ্যাও হ্রাস পাইছে। ২০০১ ৰ লোকপিয়লৰ গণনাৰ হিচাপত ১০,০০০ মাত্ৰ ইদু মিচিমি নথিভুক্ত হৈছে (২০১১ ৰ লোকপিয়লত ইদু মিচিমি জনজাতিৰ বাবে পৃথক তালিকা প্ৰস্তুত কৰা নহল)। ড. মিছোৱে কয়, তালিকাৰ পৰা দেখা যায় যে আমাৰ জনজাতিটোৰ সংখ্যা টুটি আহিছে | আগতে একোটা পৰিয়ালৰ ৬-৭ টাকৈ লৰা-ছোৱালী আছিল আৰু এতিয়া একোটা পৰিয়ালৰ সন্তানৰ সংখ্যা ২-৩ টালৈ হ্ৰাস পাইছে। সেইদৰে আমাৰ ভাষা আৰু কৃষি  সংস্কৃতিৰ ওপৰত পৰা প্ৰভাবলৈও আমি লক্ষ্য কৰিব পাৰো।

মাকো লিংগিৰ পুত্র আৰু জীয়ৰীয়ে গাওঁ এৰিলে। এতিয়া দুয়ো নিজৰ নিজৰ পৰিয়াল লৈ ৰযিং টাউনত থাকে। আহুনলি গাঁৱৰ পৰা ৰয়িঙলৈ প্ৰায় ২৩০ কিলোমিটাৰ দূৰত্ব। লিংগিয়ে প্ৰায়ে ৰযিঙলৈ যায়, ১২ ঘন্টাৰো বেচি সময়ৰ আৱশ্যক হয়।

তেওঁৰ পৰিয়ালৰ কোনো সদস্যই বাঁহ-বেতৰ বস্তু বনাবলৈ নিশিকিলে। কাৰণ জীয়াই থকাৰ বাবে এই কামৰ প্ৰয়োজন সিহতৰ নাই। আজিও যদি এই হস্তশিল্প মানুহে শিকিলেহেতেঁন, কিয়নো ই এক শিল্পকলা। লিংগিয়ে আন এক ধাৰণা তুলি ধৰিছে। ইদু পৰিয়াল সমূহে এটা মাত্র হস্তবিদ্যাত সীমাবদ্ধ নহয়। সকলো ইদু হস্তশিপ্লী। আপুনিও হব পাৰে। এতিয়া আমাৰ লৰা-ছোৱালীয়ে দুই এবিধ বস্তু বনাব জানে বা কোনোবাই এটাও বনাব নাজানে। এয়া শিস্প কলা নহয়, এয়া আছিল মাথো জীৱন।

The bottom of the basket starts to come together
PHOTO • Sweta Daga
Lingi washes the finished basket
PHOTO • Sweta Daga
Lingi and all his baskets
PHOTO • Sweta Daga

পৰিয়ালৰ প্ৰয়োজন অনুসাৰে লিংগিয়ে ভিন্ন প্ৰকাৰৰ বাস্কেট সাজিব পাৰে। সাজু কৰাৰ পূৰ্বে সেইবোৰ ভালদৰে ধুই লোৱা হয় (মাজৰখন)

লেখকে লিংগি পৰিয়াল, দেৱৰাজ চলিহাৰ লগতে ফাৰ্দাৰ এণ্ড বিয়ণ্ড ফাউণ্ডেছনলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

Sweta Daga

Sweta Daga is a Bengaluru-based writer and photographer, and a 2015 PARI fellow. She works across multimedia platforms and writes on climate change, gender and social inequality.

Other stories by Sweta Daga