"ঘোৰাবোৰক আমি আমাৰ পৰিয়ালৰ সদস্যৰ দৰে মানো। প্ৰয়োজনত ময়ে সিহতৰ ডাক্তৰ হওঁ আৰু মুম্বাইৰ পৰা সিহতৰ বাবে দৰৱ ক্ৰয় কৰি আনো। সিহতৰ গা বেয়া হ'লে মই নিজে সিহতক বেজী দিওঁ।" মনোজ কাচুণ্ডে তেঁওৰ ঘোৰাবোৰক ভাল পায়। তেঁও সেই অনুজ্ঞাপত্ৰধাৰী সকলৰ মাজৰ এজন যিয়ে পৰ্যটকক ঘোৰাৰ পিঠিত উঠাই নিজে খোজ কাঢ়ি মাথেৰানৰ পাহাৰীয়া বাটত উঠা-নমা কৰি পেট পোহে।

কাচুণ্ডে অদৃশ্য লোক। আমি তেঁওলোকৰ বিষয়ে খুব কমেই জানো। বোধকৰো আমি নোসোধো বাবেই আমি নাজানো। মহাৰাষ্ট্ৰৰ মুম্বাই চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ নিলগৰ দক্ষিণত থকা ৰায়গড় জিলাৰ এই প্ৰসিদ্ধ পৰ্বতীয়া পৰ্যটনস্থলীত ৪৬০ টা মান ঘোৰাই কাম কৰে। ঘোৰাবোৰৰ চোৱাচিতা কৰাসকলে (সকলোবোৰ মালিক নহয়) কোৱামতে তেঁওলোকে প্ৰতিদিনে পাহাৰত ২০-২৫ কিলোমিটাৰ পৰ্যন্ত বগাব লাগে। আপুনি এই কথা ভাবি আচৰিত নহৈ নোৱাৰে যে বোজা কঢ়িওৱাজন কোন, ঘোৰাটো নে খোজকাঢ়ি পাহাৰ বগোৱা মালিকজন, নে দুয়ো।

PHOTO • Sinchita Maji

আমি ঘোৰাবোৰক আমাৰ পৰিয়ালৰ সদস্যৰ দৰে মানো, মনোজ কাচুণ্ডেয়ে কয়

হিল ষ্টেশ্যনটোৰ কেন্দ্ৰস্থললৈ বাহন চলাচলৰ অনুমতি নাই। বাহন ৰখোৱা স্থান দস্তুৰিৰ পৰা মূল ঠাইলৈ দুৰত্ব তিনি কিলোমিটাৰ। এখন 'পুতলা গাড়ী' (মিটাৰ গজ ৰেলগাড়ী) আটাইতকৈ নিকটৱৰ্তী এঘাৰ কিলোমিটাৰ দুৰৈৰ ষ্টেশ্যন আৰু বজাৰৰ মাজত চলাচল কৰিছিল। কিন্তু দুবাৰকৈ ৰেলগাড়ী লাইনচ্যুত হোৱাৰ পিছত সেই সেৱা ২০১৬ চনৰ মে' মাহত বন্ধ কৰি দিয়া হয়। গতিকে দস্তুৰিৰ পৰা আহিবলৈ পদব্ৰজে, অথবা হাতে টনা ৰিক্সাত উঠি নাইবা ঘোৰাৰ পিঠিত উঠি অহাৰ বাদে গত্যন্তৰ নাই। সেই কাৰণে ইয়াত এগালমান ঘোৰা, তেঁওলোকৰ ৰখীয়া, ৰিক্সা আৰু কুলীৰ ভিৰ দেখা যায়।

শিৱাজী কোকাড়েৰ তিনিটা ঘোৰা ৰাজা, জয়পাল আৰু চেতকৰ নিজা পৰিচয় পত্ৰ আছে। মালিকৰ অনুজ্ঞাপত্ৰত তিনিওটাৰে ফটোও আছে। স্থানীয় আৰক্ষীয়ে ঘোৰাৰ মালিকক সেই অনুজ্ঞাপত্ৰ জাৰি কৰে। কাৰ্ডৰ পিছফালে তেঁওলোকৰ পঞ্জীকৃত ঘোৰাৰ ফটো লগোৱা থাকে। তিনিটাকৈ ঘোৰা থকাবোৰৰ অনুজ্ঞাপত্ৰৰ পিছফালে তিনিওটা ঘোৰাৰ ফটো লগোৱা থাকে।

এয়া আমাৰ পাৰিবাৰিক ব্যৱসায়, কোকাড়ে কয়। ৰাজা, জয়পাল আৰু চেতক মোৰ ভাই গণেশৰ ঘোৰা, তেঁও মাথেৰানত থাকে।

ৰাজা, জয়পাল আৰু চেতকৰ সৈতে শিৱাজী কোকাড়ে

কোকাড়েৰ বয়স ২০ বছৰ। পৰ্যটকৰ ঘোৰাৰে ভ্ৰমণ কৰোৱাবলৈ তেঁও নিতৌ নেৰালৰ ধাংগড়ৱাড়াৰ পৰা দস্তুৰিৰ আস্থানলৈ আহে। তেঁও কোৱামতে প্ৰায় ৫ বছৰ ধৰি তেঁও এই কাম কৰি আহিছে। পৰ্যটকৰ সংখ্যা অনুসৰি কোকাড়ে ভায়েকৰ এই ঘোৰাকেইটাৰে সৈতে পাহাৰত এঢলীয়া বাটত উঠা-নমা কৰে। কেতিয়াবা ঘোৰাৰ সৈতে তেঁও নিজে দৌৰি দৌৰি ওপৰলৈ গৈ পৰ্যটকক বিভিন্ন স্থানলৈ লৈ যায় আৰু হিল ষ্টেশ্যনটোৰ ধূলিময় বাটত দিনটো কটায়। বাৰিষাকালত সেই ধূলিবোৰ বোকাত পৰিণত হয়।

কাম ভাল হ'লে আৰু সপ্তাহৰ শেষৰফালে কোকাড়ে দিনটোত ৩ ৰপৰা ৪ টালৈ পাক মাৰে। সপ্তাহৰ বাকীকেইটা দিনত পাকৰ সংখ্যা কমি আহে। দস্তুৰিত দৰৰ এখন নিৰিখ তালিকা আছে আৰু ঘোৰাৰে ভ্ৰমণত দুৰত্ব, সময় আৰু ঘুৰাৰ স্থানৰ ওপৰত ভিত্তি কৰি দৰ ভিন ভিন হয়। ভাল দিন পৰিলে এটা ঘোৰাই ১৫০০ টকা আনকি কেতিয়াবা তাতকৈ বেছি আয় দিয়ে। কিন্তু সেয়া মালিক, ৰখীয়া আৰু ঘোৰাৰ চোৱাচিতাৰ নামত ভাগ হয়।

ভিডিঅটো চাওকঃ কাচুণ্ডে, কোকাড়ে আৰু কাৱলেয়ে মাথেৰানত তেঁওলোকৰ ঘোৰাৰ চোৱাচিতাৰ বিষয়ে কথা পাতিছে

৪৬ বৰ্ষীয় মনোজ কাচুণ্ডে ঘোৰাৰ সৈতে ৩০ বছৰ কটাইছে। তেঁও দুটা ঘোৰাৰ মালিক। এটা হৈছে স্নোবয়, তাৰ ৰঙটো বগা আৰু ফ্লাফী, তাৰ ৰঙটো ধুসৰ। একেবাৰে বগা বা ক'লা ৰঙৰ ঘোৰা বৰ মহঙা। এনে ঘোৰাৰ দাম ১ ৰপৰা ১.২ লাখ পৰ্যন্ত উঠিব পাৰে, তেঁও কয়। কাচুণ্ডে এটা ঘোৰাৰ পৰা দিনে ১০০০ টকালৈ উপাৰ্জন কৰে। কিন্তু যেতিয়া স্নোবয় বা ফ্লাফি নৰিয়াত পৰে, তেঁও ৫ ৰপৰা ১৫ হাজাৰ পৰ্যন্ত টকা সিহতৰ চিকিত্সা আৰু আৰোগ্য লাভৰ বাবে ব্যয় কৰিবলগীয়া হয়। দুয়োটা ঘোৰাৰে চোৱাচিতাৰ খৰছ মাহে ১২ ৰপৰা ১৫ হাজাৰ টকামান হয়।

কাচুণ্ডেৰ দিনটোৰ আৰম্ভণি কাহিলীপুৱাতে মাথেৰানৰ পঞ্চৱতী নগৰত হয়। পঞ্চৱতী ৪০-৫০ টামান ঘোৰাৰ এটা বস্তি। তাতেই তেঁওৰ পত্নি মনীষা, পিতৃ-মাতৃ আৰু ২১ বছৰীয়া জীয়ৰী থাকে যিয়ে অলপতে স্কুলীয়া শিক্ষা সাং কৰিছে, ল'ৰাজনৰ বয়স ১৯ বছৰ আৰু দ্বাদশ শ্ৰেণীত পঢ়ি আছে। ৭ বজাত তেঁও স্নোবয় আৰু ফ্লাফিক মূল বজাৰলৈ আনে আৰু ঘাঁহ আৰু বাজৰাৰ ৰুটি বা বগা আঁটা খুৱায়। সন্ধ্যা ৭ বজাত তেঁও সিহত দুটাক আস্তাবললৈ নিয়ে। আবেলি সিহতে ৰুটি বা বিস্কুট অথবা গাজৰ খায় আৰু শোৱে।

ঘোৰাৰ চোৱাচিতা কৰা ৰখীয়াসকলে ঘোৰাবোৰৰ কাৰণে মাথেৰানৰ দেওবৰীয়া বজাৰৰ পৰা সা-সামগ্ৰী কিনে। তাতে আদিবাসীসকলে ওচৰৰে পাহাৰৰ পৰা অনা ঘাঁহকে আদি কৰি বিভিন্ন খাদ্যবস্তু বিক্ৰী কৰে। নেৰালৰ দোকানীবোৰেও বিক্ৰীৰ কাৰণে ঘোৰাৰ দানা তালৈ পঠিয়ায়।

পোন্ধৰ বছৰ আগতে মাথেৰান এতিয়াতকৈ সুন্দৰ আছিল, কাচুণ্ডে কয়। তেতিয়া এটা ঘোৰাৰ পৰা ১০০ টকা উপাৰ্জন আহিছিল, কিন্তু ভাল আছিল।

মাথেৰানৰ হোটেলবোৰৰ পৰা চেক-আউট কৰাৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়ালৈ। এই সময়খিনিতেই ঘোৰাৰখীয়াসকলৰ লগতে মুৰত বোজাই কৰা কুলি আৰু ৰিক্সা টনাসকলৰ দিনটোৰ কামৰ সময়সীমা নিৰ্ভৰ কৰে। চেক-আউট কৰাৰ সময়ৰ পূৰ্বেই তেঁওলোকে দস্তুৰিলৈ উভতি যাবলৈ ওলোৱা গ্ৰাহকৰ আশাত হোটেলৰ গেটৰ বাহিৰত ভিৰ কৰে।

ৰাজাৰ সৈতে শান্তাৰাম কাৱলেঃ ঘৰত বহি কোনোৱে ধন ঘটিব নোৱাৰে, তেঁও কয়। তলত তেঁওৰ পৰিচয় পত্ৰ আৰু পিছফালে ৰাজাৰ আলোকচিত্ৰ

ঘোৰাৰখীয়াসকলৰ এজন হৈছে শান্তাৰাম কাৱলে, বয়স ৩৮ বছৰ। তেঁওৰ ঘৰ পুণে জিলাৰ কালাকাঢ়াই গাঁৱত। তেঁওৰ ঘোৰাটোৰ নাম ৰাজা। ৰাজাক দানা খুৱাবলৈ কাৱলে ঢলপুৱা চাৰে তিনিমান বজাতে উঠে। বুকিং যদি আগতীয়াকৈ কৰোৱা থাকে, তেন্তে তেঁও পুৱা ৫ বজাতে হোটেলৰ দুৱাৰমুখত উপস্থিত হয়। ইয়াৰ পিছতে ৰাজা আৰু কাৱলেৰ ১২ ঘণ্টীয়া দিন আৰম্ভ হয়। ঘৰত অকামিলা হৈ বহি থাকি কোনোৱে ধন ঘটিব নোৱাৰে, তেঁও কয়। বাহিৰলৈ ওলালেহে কাম পাব।

অনুবাদঃ পংকজ দাস

Sinchita Maji

Sinchita Maji is a Senior Video Editor at the People’s Archive of Rural India, and a freelance photographer and documentary filmmaker.

Other stories by Sinchita Maji
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das